মালা মহন্ত
সময়ৰ লগে লগে আমাৰ প্রত্যেকৰে বয়স বাঢ়ে, ঠিক তেনেদৰে ছালখনৰো বয়স হয়৷ সাধাৰণতে ২৫ বছৰ বয়সৰ পৰাহ ছালৰ এজিং প্রক্রিয়া আৰম্ভ হয়৷ সঠিক পৰিচর্যাৰ দ্বাৰা বয়স ধৰি ৰাখিব পাৰি৷ ইয়াৰ অভাৱ হলেই ছালত বয়সৰ ছাপ পৰে আৰু এই সমস্যা বাঢ়ি গৈ থাকে৷ কিন্তু প্রয়োজনীয় যতনেৰে বয়স বাঢ়িলেও নিজকে ধুনীয়াকৈ ৰখাকে কোৱা হয় এজিং গ্রেচফুলী৷ আমাৰ ছালৰ পুৰণি কোষ নাইকিয়া কৰি নতুন কোষ সৃষ্টিৰ এক নিজস্ব ক্ষমতা থাকে৷ কিন্তু ২৫ বছৰ বয়সৰ পৰা এই প্রক্রিয়াৰ গতি লেহেমীয়া হয়৷ লাহে লাহে ছালৰ বিভিন্ন পৰিৱর্তন চকুত পৰে৷ বয়স বাঢ়ি অহাৰ লগে লগে স্বাভাৱিক আর্দ্রতা কমি গৈ ছালখন শুকান হৈ পৰে৷ অনুজ্জ্বলতা, বলিৰেখা, চকুৰ তলৰ কলা দাগ, পিগমেণ্টেচন, আনইভেন স্কিন টন আদি সমস্যা আৰম্ভ হয়৷ মুখৰ ছালৰ মাংসপেশী ঢিলা হৈ পৰে৷ ছালত বয়সৰ ছাপ পৰা সমস্যা দুই ধৰণে আৰম্ভ হয়৷ আভ্যন্তৰীণ আৰু বাহ্যিক৷ আভ্যন্তৰীণ প্রক্রিয়াত ছালখন ক্রমান্বয়ে পাতল হৈ শুকান হৈ পৰে৷ ছালৰ কলাজনৰ পৰিমাণ কমি যোৱা বাবে ছালৰ ইলাষ্টিচিটী নাহকিয়া হবলৈ আৰম্ভ কৰে আৰু ছালত বলিৰেখা পৰে৷ বাহ্যিক কাৰণসমূহ হৈছে ধূলি, ধোঁৱা, প্রদূষণ, সূর্যৰ ৰশ্মিৰ ক্ষতিকৰ প্রভাৱ, মানসিক চাপ, টোপনিৰ অভাৱ আৰু ধূমপান আদি৷ বহুতৰে এটা ভুল ধাৰণা আছে যে ৩৫-৪০ বছৰ বয়সৰ পূর্বে ছালত বয়সৰ ছাপ নপৰে৷ ৩০ বছৰ বয়সৰ পৰাই আপোনাৰ অজ্ঞাতেহ ছালত বয়সৰ ছাপ পৰা আৰম্ভ হয়৷ আপুনি যদি ভাবি আছে ৩৫-৪০ বছৰ বয়সৰ পৰাহে ছালৰ যতন লব, তেন্তে বিশেষ সুফল নাপাবও পাৰে৷ সেয়ে আৰম্ভণিৰ পৰাই ছালৰ প্রয়োজনীয় যতন লওক৷ বয়স ধৰি ৰাখিবলৈ সক্ষম হব৷
সুস্থ–সুন্দৰ ছাল হৈছে সৌন্দর্যৰ মূল কথা৷ নিয়মিত পৰিচর্যাৰ জৰিয়তে ছাল সতেজ আৰু সুন্দৰ কৰি ৰাখিব পাৰি৷ দীর্ঘদিন ধৰি ছালৰ যতন নললে বয়সৰ বহু পূর্বেই ছালত বয়সৰ ছাপ পৰা আৰু এজিঙৰ বিভিন্ন লক্ষণসমূহ আৰম্ভ হয়৷ ছালখন বয়সৰ ছাপ পৰা সমস্যাৰ পৰা মুক্ত কৰি ৰাখিবলৈ কিদৰে যতন লব৷ এই বিষয়ে আগবঢ়োৱা হৈছে কিছু তথ্য
ক্লীনজিং, টোনিং, মইশ্বৰাইজিং
ছালত জমা হোৱা ধূলি–বালি, ঘাম, তেল আদিয়ে ছালৰ ক্ষতি কৰে৷ ছাল ক্লীনজিং নকৰিলে নোমৰ গুৰিৰ মুখ বন্ধ হৈ পৰে৷ ইয়াৰ ফলত ছালৰ স্বাভাৱিক নতুন কোষ গঠন আৰু ৰিপেয়াৰিং প্রক্রিয়াত ব্যাঘাত ঘটে৷ ছাল অনুজ্জ্বল আৰু নির্জীৱ হৈ পৰে৷ সেয়ে ছালৰ ধৰণ যিয়েহ নহওক পুৱা আৰু ৰাতি শোৱাৰ পূর্বে ছালখন ফেচৱাছ নাহবা ক্লীনজিং মিল্কেৰে পৰিষ্কাৰ কৰিব৷ ক্লীনজিং কৰাৰ পিছত এটুকুৰা কপাহত টোনাৰ লৈ ছালখনত বুলাই লব৷ টোনাৰে আপোনাৰ ছালখন টাইটনিং কৰি ৰাখিব৷ ইয়াৰ পিছত ছালত মইশ্বৰাইজাৰ লগাব৷ বয়সৰ লগে লগে ছাল ক্রমান্বয়ে শুকান হৈ পৰে, বলিৰেখাৰ সমস্যাও বাঢ়ে৷ সেয়ে ক্লীনজিং, টোনিঙৰ পিছত ভাল ব্রেণ্ডৰ মইশ্বৰাইজাৰ ছালত লগাব৷
স্ক্রাবিং
বয়সৰ লক্ষণসমূহ প্রতিৰোধ কৰি নিমজ সুন্দৰ ছালৰ গৰাকী হবলৈ ছালৰ এক্সফলিয়েচন কৰাটো জৰুৰী৷ সপ্তাহত দুবাৰ ছালৰ উপযোগী স্ক্রাব ব্যৱহাৰ কৰিব৷ মুখ আৰু ডিঙিৰ ছালত লগাহ আঙুলিৰ মূৰেৰে লাহে লাহে চার্কুলাৰ মুভমেণ্টৰে দুই–তিনি মিনিট মালিচ কৰি পানীৰে দুই পেলাব৷ মৃতকোষ নাইকিয়া হৈ নতুন কোষ গঠন হৈ ছাল উজ্জ্বল আৰু নিমজ হৈ পৰিব৷ ঘৰুৱা উপাদানেৰে স্ক্রাবিং কৰিবলৈ চাউলৰ গুৰি, অটমিল পাউডাৰ, দৈ আৰু মৌ একেলগে মিহলাই ব্যৱহাৰ কৰিব পাৰে৷
সূর্যৰ ৰশ্মিৰ পৰা সুৰক্ষা
ছালৰ কলা দাগ, হাইপাৰ লিগমেণ্টেচন, বলিৰেখা– ছালৰ এনে সমস্যাসমূহ সূর্যৰ ক্ষতিকৰ আলট্ৰাভায়লেট ৰশ্মিৰ প্রভাৱত হয়৷ এই ৰশ্মি ছালৰ ভিতৰলৈ প্রৱেশ কৰি কলাজনৰ ক্ষতি কৰে৷ ইয়াৰ ফলত ছালৰ টাইটনিং নাইকিয়া হৈ বলিৰেখাৰ সমস্যা বহুগুণে বাঢ়ি যায়৷ কম বয়সতে ছালত বয়সৰ ছাপ পৰা সমস্যাৰ বাবে সূর্য ৰশ্মিৰ ক্ষতিকৰ প্রভাৱ আশী শতাংশ জগৰীয়া বুলি গৱেষণাত প্রমাণিত হৈছে৷ সেয়ে ৰদলৈ ওলোৱাৰ বিশ মিনিটৰ পূর্বে মুখ, ডিঙি আৰু দেহৰ উন্মুক্ত অংশত ভাল ব্রেণ্ডৰ ছানস্ক্রীন লগাব৷ ছানস্ক্রীনৰ ব্যৱহাৰে যে কেৱল সূর্য ৰশ্মিৰ পৰাই ছালখনক সুৰক্ষিত কৰে তেনে নহয়, ই ছালৰ আভ্যন্তৰীণ ভাগত কলাজন গঠনতো সহায় কৰে৷ ছালৰ ধৰণ অনুযায়ী উন্নত ব্রেণ্ডৰ ছানস্ক্রীন ব্যৱহাৰে ছালখন সূর্য ৰশ্মিৰ ক্ষতিকৰ প্রভাৱৰ পৰা সুৰক্ষিত কৰি ৰাখিব৷
ৰাতি শোৱাৰ পূর্বে
ৰাতি শোৱাৰ পূর্বে ছাল ক্লীনজিং কৰিব৷ ভাল ব্রেণ্ডৰ এণ্টি–এজিং নাহট চিৰাম আৰু নাইট ক্রীম ছালত লগাব৷ ছালখনে পৰিপুষ্টি লাভ কৰিব৷ বলিৰেখা পিগমেণ্টেচন, ফাইন লাইনছৰ সমস্যা কমিব৷ ছালৰ উজ্জ্বলতা বাঢ়িব৷
এণ্টি–এজিং ফেচ পেক
প্রতি সপ্তাহত অন্ততঃ এবাৰ সময় উলিয়াই ফেচপেক ব্যৱহাৰ কৰিব৷ ছালৰ ৰক্ত সঞ্চালন বৃদ্ধি, মৃতকোষ নাহকিয়া কৰা, ৰং উজ্জ্বল কৰা, ছাল নিমজ আৰু উজ্জ্বল কৰা, যৌৱনোদীপ্ত ছালৰ গৰাকী হোৱা এনেবোৰ সুফল লাভ কৰিবলৈ সক্ষম হব৷ অতি সহজলভ্য প্রাকৃতিক উপাদানেৰে তৈয়াৰ কৰি লাভ কৰা ফেচ পেকৰ বিষয়ে উল্লেখ কৰিছোঁ
🛑এটা পকা কল পিটিকি লব, দুচামুচ মৌ, দুচামুচ গ্লিচাৰিন, এটা কণীৰ বগা অংশ একেলগে মিহলাহ লব৷ ২৫-৩০ মিনিটৰ পিছত কুহুমীয়া পানীৰে ধুহ পেলাব৷ কলত ভিটামিন–এ, ভিটামিন–ই, মেগনেছিয়াম, পটাছিয়াম, আয়ডিন আৰু আইৰন আছে৷ যিয়ে ছালত বয়সৰ ছাপ পৰাত বাধা দিব৷
🛑এটুকুৰা তিয়ঁহ ৰুকি লব৷ চাৰি চামুচ সতেজ টেঙা দৈ, চাৰি চামুচ অটমিল পাউডাৰ একেলগে মিহলাই মুখ আৰু ডিঙিৰ ছালত লগাব৷ শুকোৱাৰ পিছত ধুই পেলাব৷ তিয়ঁহত চিলিকা আছে৷ যিয়ে ছালৰ কোষসমূহ টাইট কৰি ৰখাত সহায় কৰে৷ অটমিল পাউডাৰ এবিধ ভাল স্ক্রাব৷ দৈয়ে মইশ্বৰাইজাৰৰ কাম কৰি ছালখনক পুষ্টি যোগান ধৰিব৷
🛑দুচামুচ মাকৈৰ গুডি, এফাল ৰুকি লোৱা আপেল, দুচামুচ, সতেজ টেঙা দৈ, এচামুচ মৌ, এচামুচ নেমুৰ ৰস, এটা কণীৰ বগা অংশ একেলগে মিহলাই লব৷ মুখ আৰু ডিঙিৰ ছালত লগাব৷ শুকোৱাৰ পিছত ধুই পেলাব৷ ছালৰ ৰং উজ্জ্বল আৰু সতেজ হৈ পৰিব৷
🛑বলিৰেখাৰ সমস্যা নাহকিয়া কৰাৰ মৌৰ এক যাদুকৰী গুণ আছে৷ মৌ মইশ্বৰাইজাৰ ৰূপে অতি উপযোগী৷ ছালখন সতেজ আৰু আর্দ্রতাপূর্ণ কৰি তুলিবলৈ মৌ মুখ আৰু ডিঙিৰ ছালত লগাহ ১৫-২০ মিনিটৰ পিছত ধুই পেলাব৷ বয়স বাঢ়ি অহাৰ লগে লগে ছাল অত্যধিক শুকান হৈ পৰে৷ হয়াৰ ফলত লিগমেণ্টেচন আৰু বয়সৰ ছাপ পৰা সমস্যা বাঢ়ি আহে৷ এনে সমস্যাৰ পৰা মুক্তি পাবলৈ ফেচ পেক ব্যৱহাৰ কৰিব লাগে৷
🛑কণীৰ হালধীয়া অংশ, গোলাপ ফুলৰ পাহিৰ পেষ্ট, কাঠবাদামৰ গুড়ি আৰু কেঁচা গাখীৰ একেলগে মিহলাই ছালত লগাব৷ বিশ মিনিটৰ পিছত ধুই পেলাব৷ ছালৰ শুকান ভাব নাইকিয়া হৈ ছালখন যৌৱনোদীপ্ত হৈ পৰিব৷ সপ্তাহত দুবাৰকৈ ব্যৱহাৰ কৰিলে যথেষ্ট সুফল পাব৷
ফোনঃ ৯৬৭৮২-৫৭৫১৪
Comments are closed, but trackbacks and pingbacks are open.