অজন্তা উপমন্যু
আমাৰ শৰীৰৰ অন্যান্য অংগৰ লগতে ছালখনে এক মূখ্য ভুমিকা গ্ৰহণ কৰে। ই আমাৰ শৰীৰৰ মুঠ ওজনৰ এক সপ্তাংশ গঠন কৰে। এক কথাত ক’বলৈ হ’লে ছালখন হ’ল আমাৰ শৰীৰৰ ৰক্ষা কৱচ। ৰ’দ, ঠাণ্ডা, নানান বিজাণু আৰু অন্যান্য ক্ষতিকাৰক পদাৰ্থৰ পৰা ৰক্ষা কৰে।
ছালত ব্যৱহাৰ কৰা নানান পদাৰ্থ বা ছান ব্লগ ক্ৰীমকে আদি কৰি সকলোবোৰ দ্ৰব্যই ছালখনৰ সৌন্দৰ্য ধৰি ৰখাত সহায় কৰে যদিও অতিকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল স্বাস্থ্যসন্মত খাদ্য প্ৰণালী যি উজ্বল ছালৰ বাবে অনি প্ৰয়োজন ।
ছেলেছিয়াম, জিং , ওমেগা 3 ফেটি এচিড, ভিটামিন A,C,E আদি পুষ্টিকৰ উপাদানে ছালখনৰ উত্তম খাদ্য । ছাল শুকান হোৱা , ছালত বলিৰেখা পৰা, আৰু ৰ’দৰ পৰা হ’ব পৰা ক্ষতি সমূহ ৰোধ কৰে ।
জিলিকি থকা ছাল পাবলৈ হলে আমি এই বিষয়ে বিশদ ভাৱে জনা দৰকাৰ। প্ৰথমতেই আহোঁ খাদ্যৰ বিষয়ে – কোনবোৰ খাদ্য খালে সহজতে উজ্বল ছাল পাব পাৰি।
চৰ্বি যুক্ত মাছঃ আমাৰ ঠলুৱা মাছৰ লগতে ছালমন, মেকৰেল ইত্যাদি মাছ ছালৰ বাবে অতি উত্তম খাদ্য । প্ৰচুৰ পৰিমাণে ওমেগা 3 ফেটি এচিডযুক্ত এইবোৰ মাছে ছালৰ ক’লাজেন ৰক্ষা কৰে লগতে ছালৰ আদ্ৰতা বজাই ৰখাত সহায় কৰে , ই সূৰ্যৰ UV ৰশ্মিৰ পৰাও ৰক্ষা কৰে। ভিটামিন E ৰ নিৰ্ভৰযোগ্য উৎস যিয়ে ছালখনত অক্সিডেটিভ চাপৰ পৰা ৰক্ষা কৰিব পাৰে। ইয়াত থকা জিং কে ছালৰ স্বাস্থ্য আৰু নতুন ছালৰ কোষ বৃদ্ধি নিয়ন্ত্ৰণ কৰে।
মিঠা আলুঃ উজ্বল ছালৰ বাবে উত্তম খাদ্য মিঠা আলু। পুষ্টিকৰ উপাদান বিটা কেৰাটিন প্ৰচুৰ পৰিমাণে থকা মিঠা আলু ছালৰ স্বাস্থ্য বৃদ্ধিৰ ক্ষেত্ৰত বিশেষ কাম দিয়ে।
ব্ৰকলিঃ অতি সহজতে উপলব্ধ ব্ৰকলি এবিধ মাত্ৰ পাচলি য়ে নহয় ই উজ্বল ছালৰ বাবে এক প্ৰকাৰৰ মহৌষধ। অত্যাৱশ্যকীয় ভিটামিন A আৰু C লগতে জিং ৰ দৰে খনিজ পদাৰ্থৰে ভৰপূৰ ব্ৰকলি ছালৰ বাবে শক্তিস্বৰূপ পুষ্টিকৰ উপাদান। ইয়াত লুটিন আৰু ছালফ’ৰাফেন থাকে যিয়ে ছালৰ কেঞ্চাৰ প্ৰতিৰোধী হিচাপে কাম কৰে।
সৰিয়হঃ ছালৰ পুষ্টিকৰ উপাদান হিচাপে সৰিয়হ বিশেষ হিচাপে ল’ব পাৰি। ইষ্টজেন নিয়ন্ত্ৰণৰ বাবে উপকাৰী সৰিয়হত থকা আইছ’ফ্লেভনে ছালৰ বলিৰেখা হ্ৰাস কৰাৰ লগতে ছালৰ ইলাষ্টিচিটি বৃদ্ধি কৰে। মহিলাৰ মেন’পজৰ পাছত সাধাৰণতে হোৱা শুকান ছালত কলাজেন বৃদ্ধি কৰি ছালখন আটিল কৰি ৰখাত সহায় কৰে। সৰিয়হ খোৱাৰ লগতে সৰিয়হৰ তেলেৰে ছাল নিয়মীয়াকৈ মালিচ কৰিব লাগে।
বিলাহীঃ দৈনিক এটা বিলাহী খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰিব লাগে। পুৱাৰ আহাৰৰ লগত যিকোনো প্ৰকাৰে এটা বিলাহী খালে দিনটোলৈ শৰীৰ সতেজ আৰু তজবজীয়া হৈ থাকে। বিলাহীত ভিটামিন C , লাইকোপিন, লুটিন আৰু বিটা কেৰাটিন থাকে যিয়ে ছালখন বয়সৰ লগতে ৰ’দৰ তাপৰ পৰা ৰক্ষা কৰে।
গ্ৰীন টিঃ কেটেচিন যুক্ত গ্ৰীণ টি খালে বলি ৰেখা কম হোৱাৰ লগতে ছালৰ আদ্ৰতা বজাই ৰাখে।
ডাৰ্ক চকলেটঃ মিঠা সোৱাদ যুক্ত চকলেট সকলো বয়সৰ লোকৰে প্ৰিয় খাদ্য। ইয়াত থকা ক’ক এবিধ এন্টিঅক্সিডেন্ট পদাৰ্থ যিয়ে ছালখন যৌৱনমতী কৰি ৰাখে।
তৰমুজঃ ৯০% পানীৰে ভৰপুৰ এই ফল ছালৰ বাবে অতি উত্তম। সহজলভ্য তৰমুজত ভিটামিন C, লাইকোপেন আৰু বিটাকেৰাটিন থকা এই ফল খাৰে ছাল জীপাল আৰু সজীৱ হৈ থাকে লগতে ছালৰ কোষসমূহে পুষ্টি লাভ কৰে।
এইবোৰৰ উপৰিও আৰু অনেক খাদ্য দ্ৰব্য আছে যিয়ে ছালৰ বাবে অতি ভাল । সকলোবোৰ উল্লেখ কৰা সম্ভৱ নহয় যদিও কিছুমান খাদ্য যেনে জামু, কচু, বন্ধাকবি, নানান সেউজীয়া শাক, বাদাম আদি ছালৰ বাবে উৎকৃষ্ট খাদ্য। পৰ্যাপ্ত পানী খাব লাগে। পানী খালে শৰীৰৰ অলাগতীয়াল পদাৰ্থ বা টক্সিন সমূহ বাহিৰ হৈ ছালৰ স্থিতিস্থাপকতা ৰক্ষা কৰে।
ছাল ক্ষতি হোৱাৰ প্ৰধান কাৰণসমূহ
প্ৰদূষণঃ বায়ুত থকা প্ৰদূষক পদাৰ্থ সমূহে ফ্ৰী ৰেডিকেল নামৰ ক্ষতিকাৰক অণুৰ সৃষ্টি কৰে যিয়েঢ়ছালৰ কোষ সমূহক আক্ৰমণ কৰি ছালৰ সজীৱতা নোহোৱা কৰে লগে লগে ছালৰ বয়স বৃদ্ধি কৰে।
দ্বিতীয়তে ছালত থকা নোমকূপ সমূহ বন্ধ কৰি ব্ৰুণ বা একনে বৃদ্ধি কৰে।
সূৰ্যৰ অতি বেঙুনীয়া তাপঃ সূৰ্যৰ পোহৰত থকা UV ৰশ্মিয়ে ছাল পুৰি পেলায় ফলত ছালত ক’লা দাগ পৰে আৰু বলিৰেখা পৰে । দীৰ্ঘদিন ধৰি প্ৰত্যক্ষ ভাৱে ৰ’দৰ তাপ লাগিলে ছালৰ কোষৰ ডি.এন.এ ক্ষতি কৰি ছালৰ কেঞ্চাৰ পৰ্যন্ত হ’ব পাৰে। UV ৰশ্মিয়ে ছালৰ ক’লাজেন আৰু ইলাষ্টিচিটি আঁহ ভাঙি পেলায় যাৰ ফলত অকাল বৃদ্ধৰ লক্ষণ দেখা দিব পাৰে।
মানসিক চাপঃ মানসিক চাপ ছালৰ প্ৰধান শত্ৰু। মানসিক চাপত থকা ব্যক্তিৰ ছাল সদায় অনুজ্বল, শেতা আৰু ভাগৰুৱা দেখা যায়। কোৱা হয় সুখী মনৰ ব্যক্তিৰ ছাল সদায় জিকমিকাই থাকে। বেছি মানসিক চাপত থাকিলে হ’ৰমন তেল উৎপাদন হয় আৰু ছালৰ উপৰিভাগত ব্ৰুণ হোৱাৰ সম্ভাৱনা বেছি থাকে।
টোপনিৰ অভাৱঃ প্ৰয়োজনীয় টোপনি আৰু আৰামৰ অভাৱত ছাল ভাগৰুৱা, নিষ্টজ আৰু কেতিয়াবা অধিক শালমনৰ স্বীকাৰ হ’ব পাৰে।
ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰঃ বিজ্ঞাপধ চাই যিকোনো ক্ৰীম, লোচন আদি ব্যৱহাৰ কৰা অনুচিত। এজন ব্যক্তিয়ে ব্যৱহাৰ কৰা যিকোনো ক্ৰীম অন্য এজনৰ বাবে উপযুক্ত নহ’বও পাৰে। বহুতো লোকক দেখা যায় বিজ্ঞাপন চাই বা কাৰোবাৰ পৰামৰ্শ মতে জধে-মধে যিকোনো বস্তু ছালত ব্যৱহাৰ কৰি ছালৰ ক্ষতি কৰে। সদায় নিজৰ ছালৰ প্ৰকৃতি জানি লৈ কোনো অভিজ্ঞ সৌন্দৰ্য বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি ক্ৰীম বা লোচন ব্যৱহাৰ কৰিব লাগে।
এতিয়া ক’ব পাৰি যে সন্তোলীত আহাৰ আৰু পৰিপাটি জীৱন শৈলী ব্যক্তিৰ স্বাস্থ্য আৰু ছালৰ বাবে অতি প্ৰয়োজন। সময়মতে খোৱা, নিয়মীত আৰাম, টোপনিৰ লগতে অতি দৰকাৰী কথাটো হ’ল শাৰীৰিক পৰিশ্ৰম। পৰিশ্ৰম বিনা শৰীৰে গ্ৰহণ কৰা আহাৰে বিৰূপ প্ৰতিক্ৰিয়া কৰিব পাৰে যেনে অবেচিটি , ডায়েবেটিচ, হাইপাৰটেনচন আদি হোৱাৰ সম্ভাৱনা থাকে। লগতে প্ৰাৰ্থনা, প্ৰাণায়াম, যোগাসন আদিয়ে শাৰিৰীক আৰু মানসিক স্বাস্থ্য ভালে ৰাখে।
ফোনঃ ৯৯৫৪২-৪৬২১৬
Comments are closed, but trackbacks and pingbacks are open.