এণ্টি–অক্সিডেণ্টৰ সুৰক্ষাকৱচ 

122

মালা মহন্ত

সূর্যৰ ৰশ্মিৰ প্রখৰতা, ধোঁৱা–ধূলি, প্রদূষণ, কেমিকেলযুক্ত প্রসাধন আদিয়ে ছাল–চুলিৰ সৌন্দর্য হানি কৰে৷ তদুপৰি বর্তমানৰ জীৱনধাৰাত হোৱা মানসিক চাপ দেহ–মনলৈ বিষণ্ণতা আনে৷ ইয়াৰ প্রভাৱত চকুৰ তলত কলা দাগ পৰা, ছানবার্ন, বলিৰেখা, কলা দাগ আৰু অনুজ্জ্বল ছাল আদি বিভিন্ন সমস্যাৰ সৃষ্টি হয়৷ এনেবোৰ সমস্যাৰ পৰা মুক্ত হবলৈ এণ্টি–অক্সিডেণ্ট সুফলদায়ক৷ ছালত বয়সৰ ছাপ পৰা, অত্যধিক তেলেতীয়া ছালৰ সমস্যা, অনুজ্জ্বল ক্লান্ত ছাল আদিৰ সমস্যা নাইকিয়া কৰিবলৈ এণ্টি–অক্সিডেণ্টৰ প্রয়োগ কৰিব পাৰি৷

এণ্টি–ইক্সিডেণ্ট হল এবিধ নিউড্রিয়েণ্ট–ভিটামিন্, মিনাৰেলছ আৰু এনজাইমৰ সংমিশ্রণ৷ ই শৰীৰৰ বিভিন্ন কোষৰ ক্ষয় প্রতিৰোধ কৰি ফ্রী ৰেডিকেলৰ প্রভাৱ হ্রাস কৰে৷ ফ্রী ৰেডিকেলৰ প্রভাৱত শৰীৰত অক্সিডেচন হয়, যিয়ে কোষৰ কার্যক্ষমতা কমায় আৰু ক্ষয় কৰে৷ এণ্টি–অক্সিডেণ্ট ফ্রী ৰেডিকেলছৰ ক্ষতিকৰ প্রভাৱ কমাই অক্সিডেচন প্রতিৰোধ কৰে৷ ইয়াৰ ফলত কোষবোৰ সুৰক্ষিত হয়৷ সেয়ে এণ্টি–অক্সিডেচন ছালৰ বাবে যথেষ্ট উপকাৰী– এক সুৰক্ষা কৱচ৷ ধূলি–বালি, সূর্যৰ অতি বেঙুনীয়া ৰশ্মিৰ প্রভাৱ, কম্পিউটাৰত বেছি সময় কাম কৰা, টিভি চোৱা, ৰন্ধা–বঢ়াৰ সময়ত তাপ তৈয়াৰ হোৱা আদিয়ে শৰীৰত ফ্রী ৰেডিকেলছৰ সৃষ্টি কৰে৷ তদুপৰি মাত্রাধিক মানসিক ছাপ, ধূমপান, মদ্যপান আদিয়ে আমাৰ ছালৰ তেজ চলাচলত বাধাৰ সৃষ্টি কৰে আৰু ফ্রী ৰেডিকেলছ তৈয়াৰ হয়৷ ফ্রী ৰেডিকেলছে ছালৰ ছানবার্ন, অত্যধিক তেলেতীয়া ভাব, নির্জীৱতাৰ দৰে বিভিন্ন সমস্যাৰ সৃষ্টি কৰে৷ এনেবোৰ সমস্যাৰ পৰা মুক্ত হবলৈ এণ্টি–অক্সিডেণ্টৰ প্রয়োজন হয়৷ এণ্টি–অক্সিডেণ্টে ছালৰ নতুন কোষ সৃষ্টি কৰে আৰু পুৰণি কোষ মেৰামতি কৰে৷ ফলত বলিৰেখা, ছালৰ কলা দাগ, ছাল ওলমি পৰা আদি লক্ষণ দূৰ হয়৷

প্রকৃতিৰ বুকুত ভিটামিন–এ, ভিটামিন–চি, ভিটামিন–ই, বিটা কেৰটিনৰ দৰে কেইবাহাজাৰ এণ্টি–অক্সিডেণ্টৰ উৎস আছে৷ বিভিন্ন ফল, শাক–পাচলি, চি–ফুডত পর্যাপ্ত পৰিমাণে এণ্টি–অক্সিডেণ্ট থাকে৷ এণ্টি–অক্সিডেণ্টসমৃদ্ধ্ ফল আৰু শাক–পাচলিৰ অন্যতম হৈছে ডালিম, আপেল, আঙুৰ, বিভিন্ন বগৰীজাতীয় ফল, বিলাহী, গাজৰ, এভকেড আদি৷ তদুপৰি গ্রীন–টীত প্রচুৰ পৰিমাণে এণ্টি–অক্সিডেণ্ট থাকে৷ সুন্দৰ, উজ্জ্বল সমস্যাহীন ছাল পাবলৈ এণ্টি–অক্সিডেণ্টসমৃদ্ধ্ সুষম আহাৰ গ্রহণ কৰাৰ উপৰি ইয়াৰ বাহ্যিক প্রয়োগৰ প্রয়োজন হয়৷ সঠিক ৰূপচর্চা, এণ্টি–অক্সিডেণ্টযুক্ত আহাৰ গ্রহণ আৰু জীৱনশৈলীৰ বিশুদ্ধিকৰণ এই তিনিবিধৰ ভাৰসাম্য ৰক্ষা হলে, ইয়াৰ ইতিবাচক প্রভাৱ সৌন্দর্যত প্রতিফলিত হয়৷ ঘৰুৱা পদ্ধতিত এণ্টি–অক্সিডেণ্টযুক্ত উপাদানেৰে কিদৰে ৰূপচর্চা কৰিব।

ডালিম

ডালিমত এণ্টি–এজিং আৰু এণ্টি–অক্সিডেণ্ট গুণ আছে, যি ছালৰ বাবে উপযোগী৷ ডালিমত ভিটামিন–চি, বি ফাইফ, পটাছিয়াম আৰু এণ্টি–অক্সিডেণ্ট আছে৷ প্রথমে, ভালদৰে ছালখন ক্লীনজিং কৰি লব৷ দুচামুচ ডালিমৰ ৰস কপাহেৰে মুখ আৰু ডিঙিৰ ছালত লগাব৷ ২০ মিনিটৰ পিছত ধুই পেলাব৷ ছালৰ অত্যধিক তেলেতীয়া ভাব কমিব, বলিৰেখা নাইকিয়া হব আৰু ছালৰ উজ্জ্বলতা বাঢ়িব৷

বিলাহী

বিলাহীত যথেষ্ট পৰিমাণে এণ্টি–অক্সিডেণ্ট আছে৷ তেলেতীয়া ছালৰ বাবে ই বিশেষভাৱে উপযোগী৷ এফাল বিলাহীৰ ৰস, কেইটোপালমান মৌ আৰু নেমুৰ ৰস একেলগে মিহলাব৷ মুখ আৰু ডিঙিৰ ছালত লগাব৷ শুকোৱাৰ পিছত ধুই পেলাব৷ সপ্তাহত এবাৰকৈ কৰিলেও ছালৰ সুন্দৰতা বৃদ্ধি হব৷

গাজৰ

গাজৰত যথেষ্ট পৰিমাণে এণ্টি–অক্সিডেণ্ট থাকে৷ ফেচপেক হিচাপে ব্যৱহাৰ কৰি ইয়াৰ সুফল পাব পাৰি৷ এটা গাজৰ ৰুকি লৈ মুখ আৰু ডিঙিৰ ছালত লগাব৷ ১৫ মিনিটৰ পিছত ধুই পেলাব৷

আপেল

ছালখন বয়সৰ ছাপ পৰা সমস্যাৰ পৰা মুক্ত কৰিবলৈ আপেলৰ এণ্টি–অক্সিডেণ্ট, এণ্টি–এজিং গুণ যথেষ্ট সুফলদায়ক৷ এফাল আপেল মিক্সিত পেষ্ট কৰি লব৷ ইয়াৰ লগত এচামুচ গাখীৰ, এটা কণীৰ হালধীয়া অংশ, এচামুচ অটমিল পাউডাৰ, এচামুচ মৌ আৰু নেমুৰ ৰস মিহলাব৷ এই মিশ্রণ মুখ আৰু ডিঙিৰ ছালত লগাব৷ ১৫ মিনিটৰ পিছত ধুই পেলাব৷ বলিৰেখাৰ সমস্যা নাইকিয়া হোৱাৰ উপৰি ছাল সতেজ আৰু উজ্জ্বল হৈ পৰিব৷

গ্রীন–টী

সেউজীয়া চাহপাতত যথেষ্ট পৰিমাণে পলিফেনলছ থাকে৷ ই এণ্টি–অক্সিডেণ্ট ধৰি ৰখাত সহায় কৰে৷ একাপ গ্রীন টীত ৪০ মিলিগ্রাম পলিফেনলছ থাকে৷ সেউজীয়া চাহত কেফেইন নাথাকে৷ সেয়ে দৈনিক তিনিৰ পৰা চাৰি কাপ এণ্টি–অক্সিডেণ্টসমৃদ্ধ্ গ্রীন টী খোৱাটো শৰীৰৰ পক্ষে উপযোগী৷

প্রতিমাহত অন্ততঃ এবাৰ অভিজ্ঞ সৌন্দর্য বিশেষজ্ঞৰ দ্বাৰা পৰিচালিত বিউটী ক্লিনিকলৈ গৈ এণ্টি–অক্সিডেণ্ট ফেচিয়েল কৰাব পাৰে৷ প্রশিক্ষণপ্রাপ্ত বিউটিচিয়ানৰ হতুৱাই ফেচিয়েল মালিচ কৰালে ইয়াৰ সুফলসমূহ পাব পাৰি৷ এনে ফেচিয়েলৰ দ্বাৰা ছালৰ মৃতকোষ দূৰ হোৱাৰ লগতে ছালৰ তেজ চলাচল ভাল হোৱাৰ বাবে ছালৰ উজ্জ্বলতা বাঢ়ে৷ ছালৰ কলা দাগ, বয়সৰ ছাপ পৰা, ছাল অত্যধিক তেলেতীয়া হোৱা আদি সমস্যাৰ পৰা মুক্তিৰ বাবে এণ্টি–অক্সিডেণ্ট ফেচিয়েল ফলপ্রসূ৷

You might also like

Comments are closed, but trackbacks and pingbacks are open.