ঢেকীয়াখোৱা বৰ নামঘৰ অসমৰ এক ঐতিহাসিক নামঘৰ

5

যোৰহাট নগৰৰ পৰা প্ৰায় ১২ কি.মি পূবত,৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় ৩.৫ কি.মি দূৰৰ ঢেকীয়াখোৱা গাঁৱত ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰ অৱস্থিত।

প্ৰবাদ অনুসৰি বৈষ্ণৱধৰ্ম প্ৰচাৰ কৰি থকাৰ সময়তে, অবৈষ্ণৱ সকলৰ প্ৰৰোচনাত পৰি ৰজাই মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱক বন্দী কৰিব খোজোত, শংকৰ গুৰুক শিষ্যসকলে আত্মগোপন কৰোৱায়। ৰজাই মাধৱদেৱক জোঁৱায়েকৰ সৈতে বন্দী কৰে, পাছত বিচাৰত জোঁৱায়েকক মৃত্যুদণ্ড দিয়ে আৰু মাধৱদেৱক মুক্তি দিয়ে।

আহোম ৰজা ছুহুংমুঙৰ ৰাজবন্দীত্বৰ পৰা মুক্ত হোৱাৰ পাছত নিজ গুৰু ঈশ্বৰ পু্ৰুষ শংকৰদেৱৰ দৰ্শন কৰাৰ অভিলাসত মাধৱদেৱৰ হৃদয় ব্যাকুল হৈ উঠিছিল আৰু তাৰেই মানসেৰে ধুৱাঁইলৈ পদব্ৰজে ৰাওনা হৈছিল ।

এই যাত্ৰাৰ সময়ত  বৰ্তমানৰ ঢেঁকীয়াখোৱা বৰনামঘৰ থকা ঠাইত, এটা ভগা পজাঁত থকা এহাল বুঢ়া-বুঢ়ীৰ ঘৰত দুখে-ভাগৰে মাধৱদেৱে আশ্ৰয় ল’লে ৷ ৰাতিৰ ভাত সাঁজৰ বাবে ঢেঁকীয়া শাকেৰে ব্যঞ্জন বনাই বুঢ়ীয়ে নিজেই নাখায় মাধৱদেৱক খুৱাইছিল ৷

বুঢ়া-বুঢ়ীৰ বাবে খাবলৈ একো নথকাৰ উমান পাই মাধৱপুৰুষে নিজৰ ভাগৰে খাবলৈ মাতিছিল কিন্তু দ্ৰব্য কমিব বুলি ভাৱি বুঢ়া-বুঢ়ী মান্তি হোৱা নাছিল যদিও মাধৱদেৱৰ অনুৰোধ পেলাব নোৱাৰি খাবলৈ বহিছিল। খাবলৈ বহি তেওঁলোকে আচৰিত হৈছিল কাৰণ এজনৰ জোখাৰে হোৱা চাউলেৰে আটাইকেইজনৰ জোখাৰে অন্নসিদ্ধ হৈছিল আৰু তেতিয়াই তেওঁলোকে ঈশ্বৰৰ মহিমাৰ প্ৰমাণ পাইছিল ।

আহাৰ গ্ৰহণ কৰাৰ পাছত, বুঢ়াৰ সহযোগত গাঁৱৰ কেইজনমান লোক লগ হৈ সেই ঠাইত এটা নামঘৰ স্থাপনৰ কথা কয় আৰু গুৰুজনাই নিজৰ পৰিচয় দিয়ে ৷ ৰাইজে গুৰুজনাৰ ওচৰত মূৰ দোঁৱাই সন্মতি প্ৰকাশ কৰে ৷ যি ঠাইত গুৰুজনাই ভোজন কৰিছিল, সেই ঠাইত বৰগছৰ তলত খুটি মাৰি বন্তি প্ৰজ্বলন কৰি নামঘৰ ভাগ স্থাপন কৰে ৷

মাধৱদেৱে যিডোখৰ ঠাইত ৰন্ধন কাৰ্য সমাপন কৰিছিল সেই ঠাইত এগছি বন্তি প্ৰজ্জ্বলন কৰিছিল আৰু সেই বন্তিগছি অনন্ত কাললৈ তেল-শলিতা দি প্ৰজ্জ্বলিত কৰি ৰখাৰ বাবে মত প্ৰকাশ কৰিছিল ।

ঢেকীয়াখোৱা বৰ নামঘৰ প্ৰতিষ্ঠা কৰাৰ সময়ত মহাপুৰুষ মাধৱদেৱে এগছি বন্তি জ্বলাইছিল আৰু তেতিয়াৰ পৰা বন্তিগছি সুদীৰ্ঘ চাৰে চাৰিশ বছৰ ধৰ্মপ্ৰাণ ৰাইজে এতিয়াও জ্বলাই ৰাখিছে। যোৱা ৪৮৫ বছৰ ধৰি ঢেকীয়াখোৱা বৰ নামঘৰ এইগছি বন্তি জ্বলি আছে।এই বন্তি গছা এছিয়া বুক অফ ৰেকৰ্ডছ আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ-এ “দীৰ্ঘতম সময়ৰ বাবে প্ৰজ্বলিত বন্তি” বুলি স্বীকৃতি প্ৰদান কৰিছে।

ঢেকীয়াখোৱা বৰনামঘৰ বৈষ্ণৱবৃন্দৰ বাবে এক পৱিত্ৰ স্থান আৰু এটা জনপ্ৰিয় পৰ্যটন স্থলী নামঘৰটোৱে আত্তিজৰে পৰা এক মূল্যৱান ঐতিহাসিক গৰিমা বহন কৰি আহিছ। ভক্তিৰসেৰে পৰিপূৰ্ণ এই ঠাইত প্ৰত‍্যেক বছৰে ভক্তপ্ৰাণ ৰাইজৰ ভিৰ পৰিলক্ষিত হয় । বিশেষকৈ ভাদ মাহত ভক্তৰ ভীৰ অধিক হয়।

বিশ্বৰ বিভিন্ন প্ৰান্তৰ দৰ্শনাৰ্থীয়ে এই ঐতিহাসিক বন্তিগছি চাবলৈ ঢেকীয়াখোৱালৈ আহে যাব পৰিপ্ৰেক্ষিতত এই নামঘৰে এতিয়া সমগ্র বিশ্বতে এক সুকীয়া স্থান অধিকাৰ কৰিছে।

You might also like

Comments are closed, but trackbacks and pingbacks are open.