ডেজাৰ্ট সকলোৰে ইমান প্ৰিয় কিয় ?

8

কৰবী গগৈ শৰ্মা 

এখন সুন্দৰ  থালি খোৱাৰ  পিছত এটা কোমল আৰু  ৰসাল গোলাবজামুন  খাবলৈ কিমান ভাল লাগিব বাৰু?  খাদ্য খোৱাৰ সন্তুষ্টি  দুগুণ বৃদ্ধি কৰি নুতুলিব  নে এই মিঠা আহাৰে ? দৰাচলতে  ভোজন পৰ্ব  সমাপন কৰাৰ অন্তত পৰিবেশন কৰা মধুৰ আৰু মিষ্টান্ন ব্যঞ্জণেই  হৈছে ডেজাৰ্ট। ডেজাৰ্ট শিশুৰ পৰা বয়োজ্যেষ্ট সকলোৰে  অতি প্ৰিয়। ডেজাৰ্টত মূখ্য ৰূপত বিভিন্ন পুডিং, পাই, কুকিজ, কেক , প্ৰেষ্ট্ৰিজ ,আইচক্ৰীম, গাখীৰেৰে তৈয়াৰী খাদ্য, ৱাফাৰ , টাৰ্ট , কাষ্টাৰ্ড , জিলেটিন, মিঠাই, মেৰিংগো  আদি পৰিবেশন কৰা হয়।  ‘ডেজাৰ্ট’ এই  শব্দটো আহিছে  ফ্ৰেন্স শব্দ ‘Desservir’  পৰা ।যাৰ অৰ্থ হৈছে ‘ টেবুলখন শেষ  কৰা লৈকে’ ( To clear the table) অৰ্থাৎ টেবুলখনৰ খাদ্য বস্তু শেষ কৰাৰ পিচতহে মিঠা আহাৰ (ডেজাৰ্ট) পৰিবেশন কৰা হব । পূৰ্বতে ডেজাৰ্টৰ দুই ধৰণৰ এটা কোৰ্চ আছিল য’ত  প্ৰথম কোৰ্চত মিঠা কেক আৰু ফল অন্তৰ্ভুক্ত কৰা হৈছিল আৰু দ্বিতীয়টো ক’ৰ্চত ফ্ৰুমেন্টি আৰু হৰিণৰ মাংস অন্তৰ্ভুক্ত কৰা হৈছিল আৰু এই দুই ধৰণৰ খাদ্যই ভোজনৰ মাজে মাজে নিৰ্দিষ্ট সময়ৰ অন্তৰত পৰিবেশন কৰা হৈছিল।কিন্তু তেৰশ শতিকাৰ  পিছৰ পৰাই  গধুৰ খাদ্য খোৱাৰ অন্ততঃহে  মিঠা খাদ্য পৰিবেশন কৰা হৈছিল যি পাছলৈ ডেজাৰ্ট নামেৰে জনপ্ৰিয় হৈছিল।

  ‘ডেজাৰ্ট’ খোৱাৰ পৰম্পৰা কেতিয়াৰ পৰা আৰম্ভ হ’ল  তাক সঠিককৈ কোৱা টান । খ্ৰীষ্টপূৰ্ব পাঁচশ শতিকাত গ্ৰীচ আৰু ৰোমত  মিঠাইৰ বহুল প্ৰচলন আছিল। ৰোমান সকলে প্ৰায়ে  শুকান ফল , ক্ৰীম আৰু মৌৰে তৈয়াৰী মিঠাই খাবলৈ পচন্দ কৰিছিল। শুকান ফল  আৰু মৌ  হৈছে পৃথিৱীৰ অধিকাংশ ঠাইত উপলব্ধ প্ৰথম মিঠা  খাদ্য। কিন্তু ডেজাৰ্টৰ বিকাশ হৈছিল কুঁহিয়াৰৰ পৰা  গুৰ আৰু চেনীৰ প্ৰস্তুত কৰা প্ৰক্ৰিয়াটো প্ৰচলিত হোৱাৰ ঠিক পিছৰ পৰা । মধ্য যুগত মিঠা আহাৰৰ জনপ্ৰিয়তা  ইউৰোপত  যথেষ্ট পৰিমাণে বৃদ্ধি পায়  । প্ৰায় বাৰশ  শতাব্দীলৈকে কুঁহিয়াৰ আৰু চেনীৰ প্ৰচলন ইউৰোপৰ দেশসমূহত নামমাত্ৰ  আছিল।  ক্ৰুসেডাচ আৰু  উপনিবেশবাদৰ জৰিয়তে মিঠা ব্যঞ্জনৰ জনপ্ৰিয়তা ইউৰোপৰ দেশসমূহত  বৃদ্ধি পাবলৈ ধৰে । মধ্য  যুগতে  ইউৰোপত চেনী প্ৰস্তুত পদ্ধতিটো আয়ত্ব কৰি চেনী প্ৰস্তুত  কৰা  আৰম্ভ কৰে আৰু লগে লগে ভিন্ন প্ৰকাৰৰ মিঠা ব্যঞ্জনৰ জনপ্ৰিয়তা বৃদ্ধি পায় ।  কিন্তু চেনীৰ দাম অতি উচ্চ হোৱাৰ বাবে কেৱল ধনীক শ্ৰেণীৰ লোকসকলে বিশেষ উৎসৱতহে  ভিন্ন প্ৰকাৰৰ মিঠা আহাৰ প্ৰস্তুত কৰিছিল।  কিন্তু ইউৰোপ আৰু শেষত আমেৰিকাত হোৱা ঔদ্যোগিক বিপ্লৱে খাদ্য বস্তুৰ  প্ৰসাৰতা আৰু বিস্তাৰত যথেষ্ট অৰিহণা যোগাইছিল। এই সময়ছোৱাতে খাদ্যৰ সংৰক্ষণ আৰু পেকেজিংৰ জৰিয়তে  মিঠাই , কেক আদিৰ  আদান প্ৰদান চলিল ফলত বিংশ শতাব্দীৰ আগছোৱাতে  মিঠা আহাৰৰ  লোকপ্ৰিয়তাই  পৃথিৱীব্যাপী  জনপ্ৰিয়তা লাভ কৰে । এই সময়ছোৱাত খাদ্যশৈলীৰ পৰিভাষাকে সলনি  কৰি ‘ডেজাৰ্ট’  খোৱাৰ  এক পৰম্পৰা  আৰম্ভ হয়। পৃথিৱীৰ সকলো ঠাইতে এই পৰম্পৰা নাই যদিও ভিন ভিন  মিঠা আহাৰৰ প্ৰচলন বৰ্তমান পৃথিৱীব্যাপী জনপ্ৰিয় ।

 ভাৰতীয়  ডেজাৰ্ট

ভাৰতৰ দৰে উপমহাদেশীয় দেশবোৰত মিঠা আহাৰৰ প্ৰচলন অতি প্ৰাচীন ।  চেনীৰ ব্যৱহাৰ কৰি মিঠা আহাৰ প্ৰস্তুত কৰিবলৈ ভাৰতীয়সকলে হাজাৰ বছৰ আগতেই জানিছিল। ভাৰতবৰ্ষ এখন সমৃদ্ধিশালী সাংস্কৃতিক ইতিহাস বহনকাৰী দেশেই নহয় বৰঞ্চ এই দেশৰ খাদ্য সম্ভাৰো যথেষ্ট চহকী। খ্ৰীষ্টপূৰ্ব পাঁচশ বছৰৰো আগতে ভাৰতীয় ‌লোকসকলে চেনী শুদ্ধিকৰণ কৰা প্ৰক্ৰিয়া আয়ত্ত্ব কৰিছিল। যি পৰবৰ্তী সময়ত  মিঠা আহাৰ প্ৰস্তুত কৰাত মূখ্য উপাদান হৈ পৰিছিল । যিকোনো মিষ্টান্ন ভোজন ভাৰতীয় সকলৰ প্ৰাণ। ভাৰতীয় উৎসৱ – পাৰ্বণ মিঠা আহাৰৰ অবিহনে আধৰুৱা। ইউৰোপ আৰু আমেৰিকাৰ দৰে দেশবোৰৰ তুলনাত ভাৰতীয় লোকসকলে অধিক পৰিমানে মিঠা আহাৰ খাবলৈ পছন্দ কৰে।  ভাৰতীয় ডেজাৰ্ট অৰ্থাৎ মিঠা ব্যঞ্জন সমূহ অঞ্চল বিশেষে সামান্য পৃথক যদিও ভিন্ন প্ৰকাৰৰ বাদাম , দালচেনী, জালুকৰ গুৰি,লং আদিৰ ব্যৱহাৰে ভাৰতীয় ডেজাৰ্টসমূহক  সদায়েই এক বিশেষ সোৱাদ প্ৰদান কৰি আহিছে। ব্যতিক্ৰমী খাদ্য প্ৰকৰণ আৰু নিত্য নতুন খাদ্য উদ্ভাৱনৰ ক্ষেত্ৰত  ভাৰতীয় চেফসকলে সদায়েই আগৰণুৱা । কেইবিধমান জনপ্ৰিয় ভাৰতীয়  ডেজাৰ্ট হৈছে –গোলাবজামুন,কুলফি,চকৰপাৰা,ৰাইচপুডিং,গাজৰৰ হালোৱা, আপেলৰ হালোৱা, বৰফি, ৰসমলাই, জেলেপী, ফালোডা, চমচম, মাইচোৰ পাক, মালপোৱা, ঘেৱৰকে আদি কৰি ভিন্ন প্ৰকাৰৰ  মিঠাই ভাৰতীয় ডেজাৰ্টসমূহৰ অন্তৰ্ভুক্ত।

আমেৰিকা আৰু ইউৰোপৰ ডিজাৰ্ট

ডেজাৰ্টে জনপ্ৰিয়তা লাভ কৰে ইউৰোপ আৰু আমেৰিকাত। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকান সৈন্যসকলে নিজৰ মাক আৰু ‘আপেল পাই’ ৰ অভাৱ  অনুভৱ কৰিছিল বুলি মন্তব্য  দিছিল আৰু এই বিষয়ে কেইবাখনো জাৰ্ণেলত উল্লেখ আছে। ইয়াৰ দ্বাৰাই  অনুমান কৰিব পাৰি  ডেজাৰ্ট সেইসময়ত যথেষ্ট  জনপ্ৰিয় আছিল। আমেৰিকাৰ নেচনেল ডিজাৰ্ট হৈছে ‘আপেল পাই’। আমেৰিকান ডেলিকেচিত ‘আপেল পাই’ য়ে সদায়েই বিশেষ স্থান পাই আহিছে। আনহাতে ভাৰতীয় মিঠাইৰ ফিউজন কৰি পশ্চিমৰ দেশসমূহে বহুকেইবিধ ডেজাৰ্ট তৈয়াৰ কৰি ইতিমধ্যে জনপ্ৰিয়তা লাভ কৰিছে। পানা কোটা, পাৰফেইট, ক্ৰীম পাফ, টিৰামিচু,ভিন্ন প্ৰকাৰৰ ফলৰ পাই,পুডিং,পেস্টি, চিজকেক, ব্ৰাউনি হট চকলেট ,পেনকেক, চকলেট মোজ,আইচক্ৰীম ,  কাপকেক  আদি অতি আকৰ্ষণীয় ডেজাৰ্টসমূহ পশ্চিমৰ দেশসমূহত উপলব্ধ।

কেইবিধমান ভিন্ন প্ৰকাৰৰ ডেজাৰ্ট

বেকড ডেজাৰ্ট (baked dessert)— এইধৰণৰ ডেজাৰ্ট অভেন বা অন্য কুকিং পাত্ৰত  উচ্চ তাপমাত্ৰাত  বেক কৰি তৈয়াৰ কৰা হয় ।বেকড ডেজাৰ্টৰ ভিতৰত কেক, মাফিনচ,, মিঠা ব্ৰেড, কুকিজ বেছ জনপ্ৰিয়। কেৰামেল কাষ্টাৰ্ড, ছেম’লিনা পুডিং  আদিও বেক কৰি অতি সোৱাদপূৰ্ণ ভাৱে তৈয়াৰ কৰা হয় ।

ফ্ৰ’জেন ডেজাৰ্ট (Frozen dessert)  ফ্ৰজেন ডেজাৰ্ট প্ৰস্তুত কৰিবলৈ উপকৰণ সমূহ ব্লেন্ড কৰি ডীপ ফ্ৰিজাৰত চেট হ’বলৈ  ৰখা হয়  । এনেধৰণৰ  ডেজাৰ্টসমূহ প্ৰস্তুত কৰিবলৈ বহু সময়ৰ প্ৰয়োজন। ফ্ৰজেন ডেজাৰ্টসমূহৰ ভিতৰত আইচক্ৰীম অতি  জনপ্ৰিয় ডেজাৰ্ট। গাখীৰ , ফ্লেভাৰ আৰু ক্ৰীমৰ সংমিশ্ৰণেৰে সহজতেই সোৱাদেৰে ভৰা আইচক্ৰীম তৈয়াৰ কৰিব পাৰি।

চিলড ডেজাৰ্ট (chilled dessert) কিছুমান ডেজাৰ্ট প্ৰস্তুত কৰিবলৈ উপকৰণ সমূহ মিস্ক কৰি ফ্ৰীজত ঠাণ্ডা হবলৈ দি পৰিবেশন কৰা হয় । এনেধৰণৰ ইঞ্চটেন্ট  ডেজাৰ্টসমূহৰ  প্ৰস্তুত প্ৰণালী অতি সহজ আৰু খাবলৈকো অতি সোৱাদযুক্ত হয় । বিস্কুট, হুইপড ক্ৰীম,চকলেট চিৰাপৰ দৰে উপকৰণেৰেই এইধৰণৰ ডিজাৰ্টসমূহ তৈয়াৰ কৰিব পাৰি। অন্যান্য সাধাৰণ আৰু  সহজতেই উপলব্ধ সামগ্ৰীৰেও এই ধৰণৰ ডিজাৰ্ট সমূহ প্ৰস্তুত কৰা হয়।

ফ্ৰাইড ডেজাৰ্ট (Fried dessert)  ফ্ৰাইড ডেজাৰ্টসমূহ গৰম তেলত ডীপ ফ্ৰাই কৰি প্ৰস্তুত কৰা হয় । ভিন্ন প্ৰকাৰৰ পেনকেক, ড’নাট সমূহ  হৈছে ফ্ৰাই কৰি প্ৰস্তুত কৰা ডেজাৰ্ট। এনেদৰে তৈয়াৰ কৰা ডেজাৰ্টসমূহ চকলেট, পাৰ্ল ,ফলৰ টুকুৰা আদিৰে গাৰ্নিচ কৰি  পৰিবেশন কৰা হয় ।

যি কি নহওক, খাদ্যই মনলৈ   প্ৰশান্তি কঢ়িয়াই আনে। পৃথিৱীৰ ভিন ভিন ঠাইত উপলব্ধ ভিন্ন প্ৰকাৰৰ ডিজাৰ্টে খাদ্য সংস্কৃতিক সদায়েই এক গতিশীলতা প্ৰদান কৰি আহিছে।

You might also like

Comments are closed, but trackbacks and pingbacks are open.