সাগৰীয় খাদ্যৰ জুতি  

কৰবী গগৈ শৰ্মা
সাগৰৰ নীলিম  সলিল ৰাশিয়ে  কেতিয়াবা আপোনাক আকৰ্ষিত কৰে নে? একোখন সাগৰে ক’ত ৰহস্য, ক’ত কাহিনী নিজৰ বুকুত সামৰি নীৰৱে বৈ থাকে। সাগৰৰ প্ৰতি,  বিশেষকৈ  সাগৰীয় খাদ্যৰ প্ৰতি এক  বিশেষ আকৰ্ষণ আছে বাবেই বাৰে  বাৰে যাওঁ  সাগৰীয় ঠাইলৈ।   সাগৰৰ উপকূলত বহি গৰম গৰম সতেজ  সাগৰীয় খাদ্যৰ জুতি লোৱাৰ  আমেজেই  সুকীয়া। টুনা, অক্টোপাছ, কেঁকোৰাকে আদি  কৰি অন্যান্য সাগৰীয় খাদ্যসমুহ ফ্ৰাই  কৰি গৰমে গৰমে পৰিবেশন কৰা প্ৰায়বোৰ বীচ্চতে দেখিবলৈ পাব। এনে ধৰণৰ ষ্টলবোৰত প্ৰায়েই  শাৰী শাৰী লাইন দেখিবলৈ পোৱা যায়। আপুনিও যদি সতেজ সাগৰীয়  খাদ্যৰ সোৱাদ লব বিচাৰে তেন্তে বেছি দূৰলৈ যাব নালাগে। আমাৰ নিচেই কাষতে থকা দীঘা, মন্দাৰমণি বা  পুৰীৰ  সাগৰীয় উপকূলত নানা তৰহৰ সাগৰীয় খাদ্যৰ জুতি লব পাৰে।
সাগৰৰ পৰা আহৰণ কৰা খাদ্য মাছ, কেঁকোৰা, মিছামাছ, অক্টোপাছ, চাৰ্ক, অয়েষ্টাৰ আদিকেই সাগৰীয় খাদ্যৰ তালিকাত অন্তৰ্ভূক্ত ‌কৰা হয় ।সাগৰৰ কাষত তৰপ তৰপকৈ অতি আকৰ্ষণীয় ভাৱে সজাই থোৱা মাছ, কেঁকোৰা আদি সাগৰীয় খাদ্য দেখিলে যিকোনো লোকৰে সাগৰীয় খাদ্য খোৱাৰ  প্ৰতি ইচ্ছা জাগি উঠিব। সাধাৰণতে সাগৰীয় খাদ্য বুলি কʼলেই  তেলত মচমচীয়াকৈ ভাজি থকা আমিষ খাদ্যৰ কথাই মনলৈ আহে যদিও কিছুমান  বিশেষ  উদ্ভিদ (sea weed ),  মʼছ  আদিৰ দৰে উদ্ভিদজাত সাগৰীয় খাদ্যও  বহু  জনপ্ৰিয় । খাদ্যৰ উপযোগী sea weed মডাৰ্ণ  কুলিনেৰীত ব্যাপক ৰূপত ব্যৱহৃত হয়। ফাইবাৰযুক্ত এই উদ্ভিদবোৰ হৈছে আচলতে কিছুমান এলগি (algae)। বৰ্তমান সাগৰীয় ‘এলগিʼ বাণিজ্যিক লাভালাভৰ বাবে কৃত্ৰিম ভাৱেও উৎপাদন কৰা আৰম্ভ কৰিছে। ʼএলগিʼ বা ʼকেল্পʼৰ পৰাই আমাৰ নিত্য ব্যৱহাৰ্য টুথপেষ্ট, চেম্পু , ফ্ৰʼজেন ফুড ,মেডিচিন প্ৰস্তুত কৰা হয় ।
সাগৰীয় খাদ্যই কিছুমান বিশেষ ঠাইত বিশেষ মৰ্য্যদা লাভ কৰিছে। কেৰিবিয়ান সাগৰত উপলব্ধ ʼআইৰিছ মʼছৰʼ দ্বাৰা তৈয়াৰ কৰা আইৰিছ মʼছ ডেজাৰ্ট আয়াৰলেণ্ড আৰু স্কটলেণ্ডৰ  পৰম্পৰাগত ডেজাৰ্ট।  দালচেনী  , ভেনিলা গাখীৰ আৰু ʼৰামʼ  ব্যৱহাৰ  কৰি ইয়াক প্ৰস্তুত কৰা হয়। এইবিধ পুডিং ইমানেই স্বাস্থ্যবৰ্ধক যে ইয়াক ৰোগীৰ পথ্য হিচাপেও দিয়া হয়। আন‌এবিধ চাকুলেন্ট প্ৰজাতিৰ ‘sea weed’ হৈছে ʼচেলিকৰ্ণিয়াʼ। উপকূলীয় তটত পোৱা প্ৰাকৃতিকভাৱে নিমখীয়া এইবিধ সাগৰীয় উদ্ভিদ চালাদ, ষ্টু আদি প্ৰস্তুত কৰোঁতে  ব্যৱহাৰ কৰা হয় । আটলান্টিক  আৰু পেচিফিক সাগৰত উপলব্ধ ‘ডʼলচʼ ক চালাদ আৰু চাইড ডিছ হিচাপে পৰিবেশন কৰা হয়। এইবিধ  এৰʼমেটিক সাগৰীয় উদ্ভিদক ড্ৰাই কৰিও সংৰক্ষণ কৰা হয় ।
ঠিক তেনেদৰে ʼনুৰিʼ জাপানীসকলৰ অতি প্ৰিয় সাগৰীয় উদ্ভিদ। প্ৰাণীজাত  সাগৰীয় খাদ্যৰ ভিতৰত টুনা মাছ, চলমন, প্ৰমফেট, লৱষ্টাৰ, কেঁকোৰা, মিছামাছ,কডফিছ, স্কোইড আদিৰ সোৱাদ অপূৰ্ব। টুনা মাছত উচ্চ হাৰত ভিটামিন ডি পোৱা যায়। টিনফিছ, ড্ৰাই,ফ্ৰজেন কৰি বিভিন্ন  ঠাইলৈ এইবিধ মাছ ৰপ্তানি কৰা হয়। আমেৰিকা‌ত আকৌ shrimps ৰ জনপ্ৰিয়তা  ইমানেই বেছি বছৰত  প্ৰায় বিলিয়ন পাউণ্ডৰ ঘৰত ইয়াৰ চাহিদা। shrimps দেখাত মিছামাছৰ দৰে যদিও লুণীয়া পানীত থকাৰ বাবে সোৱাদৰ ক্ষেত্ৰত দুয়োবিধৰে তাৰতম্য দেখা যায় ।অতীজৰে  পৰা  সাগৰীয় খাদ্য মানুহে  খাই আহিছে যদিও বিস্তাৰিতভাৱে ইয়াৰ আলোচনা হোৱা নাছিল। সাগৰীয় খাদ্য হৈছে ভৰপূৰ নিউট্টিয়েন্টযুক্ত খাদ্য। বৰ্তমান সাগৰীয় খাদ্যৰ ব্যৱহাৰিক আৰু গুণগত জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি সাগৰীয় ফুডৰ ওপৰত যথেষ্ট আলোচনা  হ’বলৈ  ধৰিছে। স্বাস্থ্য গত দিশটো  চালে দেখা যায় সাগৰীয় খাদ্য হাই প্ৰ’টিন কনটেন্টৰ লগতে মিনাৰেল আৰু  আয়ʼডিনযুক্ত। মাছত অমেগা-3 ফেটি এচিড আছে যি হাৰ্ট আৰু মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি কৰি সুস্থ সৱল থকাত সহায়ক হয় ।
You might also like

Comments are closed, but trackbacks and pingbacks are open.