ৰসাল-সুমিষ্ট ৰহদৈ

37

আইমণি গোহাঁই  দিহিঙীয়া

“ৰহদৈ” নামটোৱে যাৰ পৰিচয় ! অসমীয়া লোক সাহিত্য,উপন্যাস, থলুৱা গীত-মাতত “ৰহদৈ” নামেৰে একছত্ৰী আসন দখল কৰি থকা ফলবিধৰ নামটোৱেই হ’ল “ৰহদৈ” উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ “ৰহদৈ লিগিৰী”ত ৰহদৈ আৰু দয়াৰামৰ প্ৰেম কাহিনীৰে সমৃদ্ধ উপন্যাসখনৰ কথা সৰ্বজনবিদিত। ঠিক সেইদৰে বুৰঞ্জী প্ৰসিদ্ধ ঠাই “তিপাম “স’তে জড়িত গীতটিটো “ৰহদৈ” ৰ নামটোৰ স্থান উল্লেখনীয়। “ৰহাৰ ৰহদৈ ,তিপামৰ ভাদৈ, শলগুৰিৰ আঘোণী বাই” … আমাৰ সকলোৰে পৰিচিত শ্ৰদ্ধাৰ বীণা ভাগৱতী  বাইদেৱে “ৰহদৈ অ… এয়া নিৰ্মলা নদীৰে ঘাট” বুলি  আৰম্ভ কৰা সুৰীয়া গীতটো আজিও আমাৰ কৰ্ণকোঁহৰত গুঞ্জৰিত হৈ আছে।  বিভিন্ন সময়ত আমাৰ মন-প্ৰাণ সমৃদ্ধ কৰা “ৰহদৈ” নামেৰে থকা ফলবিধৰ স্থান তথা   আমাৰ জীৱনত  ইয়াৰ প্ৰভাৱৰ বিষয়ে কিছু কথা  অৱগত কৰিব বিচাৰিছোঁ।

এই থলুৱা ফলবিধ “কৰদৈ” টেঙাৰ স’তে দেখাত একে যদিও সোৱাদত সম্পূৰ্ণ বিপৰীত। কৰদৈ সোৱাদত টেঙা চানেকীয়া কিন্তু ৰহদৈ অলপ  পূৰঠ হোৱাৰ পৰাই মিঠা বুলিব  পাৰি। গতিকে ইয়াৰ  সোৱাদ একক আৰু অনন্য। অসমত আমি টেঙা ফলবিধক কৰদৈ আৰু মিঠা  ফলবিধক ৰহদৈ বুলি কওঁ।  ইয়াক ইংৰাজীত  star fruit  বোলা হয়। ফলবিধৰ বৈজ্ঞানিক নাম Averrhoa Arambola .ৰহদৈ এজোপা মজলীয়া আকাৰৰ ডাল-পাতৰে উপচি থকা চিৰসেউজীয়া গছ।  মে’ মাহৰ মাজভাগৰ পৰাই ৰহদৈ গছজোপাত  ফুল ফুলা দেখিবলৈ পাইছোঁ। যিহেতু ঘৰৰ বাগিচাতে  ৰহদৈ ফলৰ গছজোপা আছে সেয়ে  গছ জোপা নিৰীক্ষণ কৰিবলৈ সুবিধা হৈছে।প্ৰথমে ৰহদৈৰ পুলিটো মাটিৰে তৈয়াৰী টাবতে ৰুৱা হৈছিল। এবছৰমান টাবতে থকাৰ পাচত  পুলিটো অলপ ডাঙৰ হোৱাত পাচত টাবেৰে সৈতে  ঘৰৰ বাগিচাতে ৰুই দিয়া হল।  পুলিটো ৰুৱাৰ অলপ দিনৰ পাচতে গা-গছ ডালতে ফুল- ফুলি গছৰ একেবাৰে তলৰ  অংশৰ পৰাই ফল লাগিবলৈ আৰম্ভ কৰিছিল। এতিয়া গছজোপা জোপোহা হৈ  ডালে -ডালে ফল লাগিবলৈ ধৰিলে। ৰহদৈ ফলবোৰ কলিতে সেউজীয়া  আৰু পকিলে পাতল হালধীয়া  ৰঙৰ হয়। ফুলবোৰ প্ৰধান ডালবোৰতে থুপা-থুপে ফুলে। ফুলবোৰ দেখাত পাতল আৰু ডাঠ গুলপীয়া ৰঙৰ সংমিশ্ৰণ। ফুল ফুলাৰ সময়ত গছজোপাৰ পাতবোৰ সেউজীয়া ,ফুলবোৰ গুলপীয়াৰ সমাহাৰেৰে ৰহদৈ গছজোপাই সকলোৰে দৃষ্টিত সোণত সুৱগা চৰায়। অৱশ্যে কিছুমান ৰহদৈ গছত গোটেই বছৰে এটা -দুটাকৈ ৰহদৈ লাগি থকা দেখা যায়।  বতৰৰ পৰিবৰ্তনও ইয়াৰ এটা কাৰণ হ’ব পাৰে বুলি অনুভৱ হয়।

পৃথিৱীৰ বিভিন্ন ঠাইত এই ৰহদৈ  ফলবোৰ উপলব্ধ। দক্ষিণ এছিয়া, দক্ষিণ-পূৱ এছিয়া, শ্ৰীলংকা, ভাৰত মালয়েচিয়া,ইন্দোনেচিয়া, ফিলিপাইনছ, হাৱাই, ফ্ল’ৰিডাৰ কিছু,কিছু অংশত, কেলিফৰ্ণিয়া আৰু উত্তৰপূৰ্বাঞ্চলৰ পাহাৰীয়া অঞ্চলসমূহৰ লগতে অসম, মেঘালয়, মণিপুৰ আৰু হিমালয় অঞ্চল ইত্যাদি ঠাইবোৰত জলবায়ু সাপেক্ষে ৰহদৈ ফলৰ গছবোৰ সহজতে হোৱা  দেখিবলৈ পোৱা যায়।

ৰহদৈ ফলবিধৰ উপকাৰিতাৰ কথা কৈ শেষ কৰিব নোৱাৰি। ভিটামিন  বি,চি, কেলচিয়াম,  ছডিয়াম,আইৰণ ইত্যাদি পুষ্টি বিদ্যমান। তদুপৰি ই এন্টিঅক্সিডেন্টযুক্ত হোৱাৰ লগতে আঁহযুক্ত। জানিব পৰা মতে শৰীৰৰ ওজন কমোৱাত এই ফল অতি লাভদায়ক। আয়ুৰ্বেদশাস্ত্ৰত  ৰহদৈ বা কৰদৈ দুয়োবিধ ফলেই আমাৰ শৰীৰৰ বাবে মহৌষধ হিচাবে গন্য কৰা হয়। বিশেষকৈ জণ্ডিচ ৰোগৰ বাবে ই এবিধ সুপথ্য   বুলি বিজ্ঞ আৰু অভিজ্ঞ লোক সকলে কয়।

অসমীয়া পৰম্পৰাগত ৰন্ধন প্ৰক্ৰিয়াত ৰহদৈৰ স্থান অতি সুকীয়া। বৰ্তমান বিশ্ব দৰবাৰত স্থান পোৱা অসমৰ  মাছৰ টেঙা এতিয়া সৰ্বতে চৰ্চিত  এখন ব্যঞ্জন। ৰহদৈ বা কৰদৈ টেঙাৰ স’তে ৰন্ধা মাছৰ ব্যঞ্জনখন নাখালে  ইয়াৰ সোৱাদ অনুমান কৰিব নোৱাৰি। ৰহদৈৰ আচাৰ ,জাম ,জেলি ইত্যাদি সকলো বিলাক বস্তুৱেই অতি সুন্দৰ আৰু সোৱাদভৰা হয়।   যোৱাবছৰ মই  বগা মূলাৰ স’তে বনোৱা ৰহদৈৰ আচাৰ  বিভিন্ন লোকক জুতি লবলৈ দিওঁতে তেওঁলোকে দিয়া সুন্দৰ মন্তব্যত আপ্লুত হৈছিলোঁ। তাৰোপৰি ৰহদৈ ফলৰ শীতল পানীয়ৰ কথা কেনেকৈ নোকোৱাকৈ থাকো !!  উৎকট গৰমত এগিলাছ ৰহদৈৰ শীতল পানীয়ই  দেহ,মন-প্ৰাণ সতেজ কৰি তোলে।

অসমৰ জলবায়ু ৰহদৈ গছৰ বাবে সুবিধাজক। সেয়েহে  ব্যৱসায়ৰ প্ৰতি অনুৰাগ থকা লোকসকলে অতি সহজতে হোৱা এই উপকাৰি গছজোপাক ভালদৰে ৰোপন কৰি ব্যৱসায়ীকক্ষেত্ৰখনত লাভাম্বিত হ’ব পাৰ। এই ক্ষেত্ৰত নৱপ্ৰজন্মক আমি সকলোৱে উৎসাহিত  কৰা প্ৰয়োজন।  ইয়াৰ পৰা তৈয়াৰি জাম,জেলি আচাৰ আৰু শীতল পানীয়ৰ  প্ৰস্তুতিৰে বহুতো নিৱনুৱাই ক্ষুদ্ৰ উদ্যোগৰ জৰিয়তে নিজে লাভবান হোৱাৰ  লগতে আন বহুজনক কৰ্মসংস্থাপৰ বাট দেখুৱাব পাৰে। এই ক্ষেত্ৰত চৰকাৰী প্ৰশিক্ষণে আগ্ৰহী লোকসকলক অনেক সাহস আৰু সহায়ৰ হাত আগবঢ়াব পাৰে।

ৰহদৈ আৰু বগা মূলাৰ যুগলবন্দী
ৰহদৈ আৰু বগামূলা দুয়োবিধেই আমাৰ স্বাস্থ্যৰ উপযোগী। আজি  মোৰ আখলৰপৰা দুয়োবিধৰ সানমিহলি মুখৰোচক আচাৰ…

উপকৰণ…
১/ বগা মূলা ১ কেজি
২/ৰহদৈ  ১০/১৫ টা মান
৩/ জিৰা, পাঁচফুৰণ ,আজুৱাইন সমপৰিমানত ৩ টেবুল চামুচ কৈ (গোটা মচলা)
৪/ চফ্ ৪/৫ টেবুল চামুচ
৫/ ৰং জলকীয়াৰ গুৰি ২ চাহ চামুচ
৫/ কেঁচা জলকীয়া নিজৰ সোৱাদ অনুযায়ী।
৬/ নিমখ,  হালধি জোখমতে
৭/ মিঠাতেল জোখমতে
প্ৰস্তুত প্ৰণালী…
প্ৰথমে মূলাখিনি ধুই পাতলকৈ বাকলি গুচাই মজলীয়া আকাৰত ৰোকনাত ৰোকি ল’ব। তাৰ পাচত ৰহদৈ কেইটাও ভালকৈ ধুই সমান আকাৰত টুকুৰাকৈ কাটি লব। এতিয়া ৰোকি লোৱা মূলা আৰু ৰহদৈ আৰু ফালি লোৱা কেঁচা জলকীয়া খিনি একেলগে মিহলাই অলপ নিমখ আৰু জোখত হালধি সানি টান ৰ’দ হ’লে এৰ’দ ৰ’দত দিব।  নহলে দুদিন দিলেও হ’ব।চাব যাতে মূলা আৰু ৰহদৈবোৰ বেছিকৈ শুকাই নাযায়। তাৰ পাচত গোটেই গোটা মচলাখিনি কেৰাহিত অলপ গৰম কৰি মিস্কি নাইবা চিলপটাত আধা গুৰি কৰি লব। এতিয়া ৰ’দত শুকোৱাই লোৱা মূলা আৰু ৰহদৈ খিনি এটা ষ্টীল নাইবা কাচৰ  পাত্ৰত থৈ তাত গুৰি কৰি লোৱা মচলা, কেঁচা মিঠাতেল খিনি একেলগে সানি ফুটা থকা খৰাহীৰে ঢাকি ৪/ ৫ দিন পুনৰ ৰ’দাব। আচাৰখিনিত  কেঁচা মিঠাতেলৰ এটা মোহনীয়া গোন্ধ ওলাব। নিমখৰ স্বাদটো ভালকৈ চাই কম হলে অলপ আচাৰ খিনি ৰ’দাওটেই দি দিব। তাৰ পাচত  এটা কাচৰ বৈয়ামত আচাৰ খিনি ভৰাই থৈ দুসপ্তাহ মানৰ পাচত খালে খাবলৈ অতি ভাল লগা হয়।  মিঠাতেল খিনিত আচাৰখিনি একেবাৰে ডুবাই থ’ব নালাগে। নাইবা ৰ’দত দিয়াৰ পাচত কেনেবাকৈ বৰষুণ আহিলে কেৰাহিত তেল গৰম কৰি অন্য আচাৰ বনোৱাৰ দৰেও আপোনালোকে বনাব পাৰে। কিন্তু কেঁচাতেল দি বনোৱা আচাৰৰ সোৱাদ অনন্য। এই আচাৰ আপোনালোকে ভাত,ৰুটি, লুচি পাৰাঠা, পোলাও সকলোবোৰ খাদ্যৰ লগতে পৰিবেশন কৰিব পাৰে।  আপোনালোকে এই মূলা আৰু ৰহদৈৰ যুগলবন্দী আচাৰ বনাই নিজেও খাওক আৰু আলহী আহিলেও পৰিবেশন কৰিবলৈ নাপাহৰিব।
ফোনঃ ৭০৮৬৮৮৬৬৪৮
You might also like

Comments are closed, but trackbacks and pingbacks are open.