আইনাত ৰেচিপি

52

পল্লৱী শৰ্মা গোস্বামী

ৰাজমাহৰ মিঠাই

উপকৰণ-
১) ৰাজমাহ -২৫০ গ্ৰাম
২) পনীৰ -৫০ গ্ৰাম
৩) চেনী -৫০ গ্ৰাম
৪) চুজি -৫০ গ্ৰাম
৫) আমুল পাউদাৰ গাখীৰ -৫০ গ্ৰাম
৬) ব্ৰেডৰ গুৰি -৫০ গ্ৰাম
৭) চেৱৈ – আধা পেকেট
৮) ৰিফাইন তেল -১/২ লিটাৰ

প্ৰণালী-
প্ৰথমে ৰাজমাহ খিনি আগদিনা খন তিয়াই থব। পিছদিনা কুকাৰত কম পৰিমানে পানী দি পাচটামান চিতি মাৰি সিজাই লব। তাৰপাছত পানী খিনি টুকি জৰজৰীয়া হবলৈ অলপ সময় থৈ দিব। এটা বাউলত ৰাজমাহ খিনি লৈ হাতেৰে মিহিকৈ পিটিকি লব। তাৰপিছত মিক্সিত মিহি কৰি লোৱা পনীৰ, আমুল পাউদাৰ গাখীৰ, ঘিউত ভাজি লোৱা চুজিখিনি লগতে মিক্সিত মিহি কৰি লোৱা ব্ৰেডখিনি একেলগে মিলাই লৈ খুব কোমলকে মাৰি লব। আনফালে এখন কেৰাহীত একাপ পানী গৰম কৰি চেনি দি উতলাই মিশ্ৰণটো যেতিয়া আঠা হব তেতিয়া নমাই থব। কেৰাহীত ৰিফাইন তেল গৰম হবলৈ দি ৰাজমাৰ সৈতে সানি লোৱা মিশ্ৰনখিনি এটা এটাকৈ গোল কৰি লাড়ু বনাই লব। এখন প্লেটত আধা পেকেট চেৱৈ মিহিকৈ ভাঙি লব। তাৰ পাছত কম জুইত এটা এটাকৈ লাড়ুকেইটা ভাজিব। লাহেকৈ ইলুটি সিলুটি কৰি অকনমান ৰঙচুৱা হোৱাত নমাই থব। অলপ মান ঠাণ্ডা হোৱাত গোটেই কেইটা চেনি ৰসত দি প্ৰায় দুঘণ্টা মান থৈ উঠাই দুয়োফালে চেৱৈখিনিত লেতিয়াই কলা প্লেটত সুন্দৰকৈ পৰিবেশন কৰিব।

মগু দাইল, বীট আৰু মটৰৰ বৰফি

উপকৰণ-
১) মগু দাইল – ১ কাপ (সৰু বাটিৰে)
২) বীট – ১ টা
৩) মিল্কমেইড – ২০০ গ্ৰাম
৪)পনীৰ – ৫০ গ্ৰাম
৫) সেউজীয়া মটৰ – ৫০ গ্ৰাম
৬) ঘিউ – ৩ টেবল চামুচ
৭) লং – ২/৩ টা
৮) ইলাচি- ৩/৪ টা
৯) ডালচেনি – ১ টুকুৰা
১০) কাজু বাদাম – ৬ টা
১১) এলমণ্ড – ৬ টা
১২) তেজপাত -২ খিলা

প্ৰণালী-
প্ৰথমতে মগু দাইলখিনি ধুই ২/৩ ঘন্টা তিয়াই থব। তাৰ পিছত এখন চেকণিৰে চেকি অলপ মেলি শুকাবলৈ দিব। এটা মিক্সিৰ জাৰত দাইলখিনি গ্ৰাইণ্ড কৰি লব। পনীৰ খিনি আৰু মটৰ খিনিও বেলেগে বেলেগে গ্ৰাইণ্ড কৰি লব। বীটটো মিক্সিত দি ৰস উলিয়াই লব। এতিয়া এখন পেনত এক চামুচ ঘিউ দি মগু দাইলখিনি ভালদৰে ভাজি লব। এখন ট্ৰেত ফইল পেপাৰ পাৰি সামান্য ঘিউ লেটিয়াই মগু দাইলখিনি বহলকৈ মেলি এঘন্টা ফ্ৰীজত থব। একেদৰেই পেন খনত এক চামুচ ঘি গৰম কৰি লং, ডালচেনি, ইলাচি দি পনীৰ খিনি ভাজিব। তাতে বীটৰ ৰসখিনি দি লগতে দুই চামুচ মিল্কমেইড মিহলাই এখন প্লেটত থৈ লব। আকৌ কেৰাহীখনত এক চামুচ ঘি দি গ্ৰাইণ্ড কৰি লোৱা মটৰ খিনি ভাজি তাতে এক চামুচ মিল্কমেইড মিহলাই নমাই থব। কাজু আৰু এলমণ্ড খিনি ৰোষ্ট কৰি গ্ৰাইণ্ড কৰি লব। এতিয়া ফ্ৰীজত থোৱা মগু দাইলখিনি উলিয়াই তাৰ ওপৰত বীটৰ ৰস মিহলোৱা পনীৰ খিনি দি চেট কৰি দিব। তাৰ ওপৰত আকৌ গ্ৰাইণ্ড কৰি লোৱা মটৰ খিনি চেট কৰি লব। গোটেই খিনিৰ ওপৰত গ্ৰাইণ্ড কৰি লোৱা কাজু-এলমণ্ড খিনি দি দিব। এতিয়া খুব সাৱধানে দুই হাতেৰে গোটেই তৰপ কেইটা একেলগে ফইল পেপাৰৰ সৈতে ৩/৪ ঘন্টাৰ বাবে ফ্ৰীজত থব। ঠাণ্ডা হোৱাত উলিয়াই আনি চাৰিচুকীয়াকৈ কাটি পৰিবেশন কৰিব।

চেৱৈৰ বাতিত বাদাম flavourৰে ব্ৰেডৰ ৰসমলাই

উপকৰণ-
১) গাখীৰ – আধা লিটাৰ
২) স্লাইচ ব্ৰেড (গোলকৈ কটা)- ৬ ডোখৰ
৩) চেৱৈ – ১ পেকেট
৪) মিল্ক মেইড – আধা টিন
৫) কাষ্টাৰ্ড পাউদাৰ – ৩ চামুচ
৬) পাউদাৰ গাখীৰ – ৩ চামুচ
৮) বাদামৰ পেষ্ট – ৩ চামুচ
৯) কাজু – ৫ টা
১০) এলমণ্ড – ৫ টা
১১) ইলাচি – ৫ টা

ৰেচিপি-
প্ৰথমতে মলাই বনাবলৈ গাখীৰ আধালিটাৰ ভালদৰে চেকি এখন বহল পেনত এচামুচ ঘি দি কম জুইত বহাই দিব। তাৰ পাছত লাহে লাহে গাখীৰখিনি কাষৰ পৰা সৰখিনি লৈ একেৰাহে লৰাই থাকিব ডাঠ নোহোৱালৈকে। এতিয়া তাতে ইলাচী কেইটা বাকলি গুচাই অকণমান খুন্দি গাখীৰত দি পুনৰ ভালকৈ লৰাই থাকিব। কাষ্টাৰ্ড পাউদাৰ দুচামুচ এটা বাতিত লৈ কুহুমীয়া গাখীৰত গুলি মলাইখিনিত মিলাই দিব। বাদামখিনিও শুকান কেৰাহীত অকণমান সময় ভাজি মচমচিয়া কৰি বাকলি গুচাই মিক্সিত গুৰা কৰি লব। তাৰ পিছত মলাই খিনিত মিলাই দিব। এতিয়া চেৱৈ ১ পেকেট এখন প্লেটত লৈ হাতেৰে মোহাৰি গুৰি কৰি লব। এতিয়া এখন পেনত ঘি আধাচামুচ দি লৰাই অকনমান সময় ভাজি তাতে Milk maid চাৰি চামুচ দি লৰাই থাকিব। লগে লগে বাতি দুটাত অকনমান ঘি সানি লব। তাৰ পাছত তাতে চেৱৈখিনি দি এখন চামুচেৰে মিলাই চেট কৰি লৈ দুঘণ্টা ফ্ৰীজত থৈ দিব। ইফালে ব্ৰেডখিনি এখন বেলনাত লৈ কাষৰ অংশখিনি কাটি গোল গোলকৈ গোটেইখিনি ব্ৰেড কাটি লব। এতিয়া এটা বাতিত পাউদাৰ গাখীৰ দুচামুচ কুহুমীয়া পানীত ডাঠকৈ গুলি এখন চামুচেৰে গোল গোলকৈ কটা তিনিতৰপীয়াকৈ সজোৱা ব্ৰেডৰ মাজত ধুনীয়াকৈ লগাই দিব। এতিয়া ফ্ৰীজৰ পৰা ছেৱৈ বাতিকেইটা উলিয়াই এখন চামুচেৰে লাহেকৈ এখন প্লেটত বাতিৰপৰা উলিয়াই লব। তাৰ পাছত ব্ৰেডৰ গোল পিচকেইটা তাত দি ওপৰত লাহে লাহে মলাইখিনি অলপ অলপকৈ ঢালি তাৰ ওপৰত গুৰিকৰা কাজুবাদাম আৰু এলমণ্ডখিনি দি তিনিচামুচ Milkmaid দি আকৌ এঘণ্টা ফ্ৰীজত থৈ উলিয়াই ওপৰত অকনমান চেৰী সজাই এখন প্লেটত লৈ ছেৱৈ বাতিত দিয়া ব্ৰেডৰ মলাই পৰিবেশন কৰিব।

বীটৰুট ষ্টাফিঙেৰে মাখানা, চুজি, মচুৰ দাইল, নাৰিকলৰ মোদক

উপকৰণ-
১) চুজি (ডাঙৰ) – ১০০ গ্ৰাম
২) নাৰিকল – ১০০ গ্ৰাম (ৰুকি লোৱা)
৩) মাখানা – ১০০ গ্ৰাম (গুৰি কৰি লোৱা)
৪) মচুৰ দাইল – ১০০ গ্ৰাম (ভাপত দিয়া)
৫) পনীৰ – ৫০ গ্ৰাম (গুৰি কৰি লোৱা)
৬) মিল্ক মেইড – আধা টিন
৭) পাউদাৰ গাখীৰ – ৫০ গ্ৰাম
৮) গৰু ঘি – ৫ চামুচ
৯) বীট – ১টা (ৰুকি লোৱা)
১০) ইলাচি – ৫ টা (থেতালি লোৱা)
১১) এলমন্ড – ৫ টা (মিহিকৈ কাটি লোৱা)
১২) কাজু বাদাম – ১টা (ৰুকি লোৱা)

প্ৰণালী-
প্ৰথমতে ওপৰত দিয়া আটাইখিনি বস্তু খুব ধুনীয়াকৈ যোগাৰ কৰি লব। মচুৰ দাইলখিনি ভালদৰে ধুই দুই তিনি ঘণ্টামান তিয়াই থৈ টুকি লৈ এটা ঢাকোন থকা টিফিন বাটিত দি ভাপত সিজাই লব। তাৰ পাছত নাৰিকল খিনি মিহিকৈ ৰুকি লব। চুজিখিনি অকনমান ঘি দি ভাজি লব। পনীৰ খিনি মিক্সিত গুৰি কৰি লব আৰু নাৰিকলখিনি ৰুকি লব। এতিয়া এখন ননষ্টিক কেৰাহীত অলপ ঘি দি প্ৰথমে মচুৰ দাইল অলপ সময় ভাজি থাকিব। তাৰ পাছত চুজি, নাৰিকল, মাখানা, পনীৰ, গাখীৰ এই আটাইখিনি ভালদৰে লৰাই লৰাই কম জুইত অলপ সময় বান্ধ খোৱালৈকে ভাজি থাকিব। শেষত Milkmaid আৰু ইলাচি গুৰিখিনি দি নমাই থব। তাৰ পাছত বীটৰুটখিনিও এচামুচ ঘি দি কম জুইত ভাজি থাকিব। তাৰ পাছত যেতিয়া সিজিব তেতিয়া দেৰ চামুচ Milkmaid দি নমাই ঠাণ্ডা হবলৈ দিব। এতিয়া মোদকৰ খাচকেইটাত অকনমান যি সানি লব। তাৰ পাছত অলপ অলপকৈ বগা মিশ্ৰণখিনি হাতেৰে ধুনীয়াকৈ তিপি তিপি মিহিকৈ লগাই যাব। তাৰ পাছত মোদকৰ খাচটো বন্ধ কৰি মাজত বীটৰুটৰ মিশ্ৰণখিনি সৰু সৰু লাড়ু কৰি ভৰাই দিব। আকৌ তাৰ ওপৰত বগা মিশ্ৰণৰে টিপি টিপি লগাই দিব। এনেদৰে আটাইকেইটা মোদক তৈয়াৰ কৰি লব। তাৰ পাছত মোদককেইটা অলপ টান হবৰ বাবে এঘণ্টামানৰ বাবে ফ্ৰিজত থৈ দিব। তাৰ পাছত মোদককেইটাৰ ওপৰত চিলভাৰ ফইল লগাই সুন্দৰকৈ পৰিবেশন কৰিব।

তালৰ ক্ষীৰ

উপকৰণ-
১) গাখীৰ – ৫০০ মি.লি.
২) তাল – ৫০ গ্ৰাম
৩) নাৰিকল – ৫০ গ্ৰাম
৪) চুজি – ৫০ গ্ৰাম
৫) ঘি – ৩ চামুচ
৬) খিচমিচ- ১০ টা
৭) এলমন্ড – ৫ টা
৮) চেনি- ৩ চামুচ
৯) আমুল পাউদাৰ- ৫ চামুচ

প্ৰণালী-
প্ৰথমতে তালটো বাকলি গুচাই এক ৰাতি পানীত তিয়াই থব। তাৰপাছত হাতেৰে মঠি মঠি তালৰ ৰসখিনি উলিয়াই এখন পাতল কাপোৰত বান্ধি ওলোমাই থৈ দিব তিতা পানীখিনি যাবৰ বাবে। তাৰপাছত কাপোৰখন চেপি তালখিনি উলিয়াই লব। এতিয়া পেন এখনত অনমান ঘিউ দি তালখিনি তাতে দি লৰাই লৰাই তালৰ পানীখিনি শুকুৱাই লব। বেলেগ এখন ননষ্টিক পেনত তিনিচামুচ ঘিউ দি প্ৰথমে চুজিখিনি অলপ সময় ৰঙচুৱা হোৱালৈকে কম জুইত ভাজি থাকিব। তাৰ পাছত তাতে ৰুকি লোৱা নাৰিকলখিনি দি জমি যোৱালৈকে ভাজি থাকিব। এতিয়া তাতে গুৰিকৰি থোৱা মাখানাখিনিও দিব, লগতে চেনি দুচামুচ দি পুনৰ ভালদৰে লৰাই থাকিব। তাৰপাছত গোটেইখিনি এখন কাহীত নমাই থব। এতিয়া চেনি দুচামুচ দি গাখীৰখিনি ভালদৰে উতলাই ডাঠ কৰি তাতে ভাজি থোৱা চুজি, নাৰিকল, মাখানাৰ মিশ্ৰণখিনি ঢালি কম জুইত একেৰাহে লৰাই থাকিব। যেতিয়া গোটেইখিনি উতলি আহিব তেতিয়া তাতে লাহে লাহে অলপ অলপকৈ তালখিনি দি লৰাই থাকিব। যেতিয়া গোটেইখিনি উতলি ডাঠ হৈ আহিব তেতিয়া খিচমিচ আৰু এলমণ্ড দি নমাই থব। যিহেতু তালৰ ক্ষীৰখিনি ঠাণ্ডা হলে ডাঠ হৈ যায় সেয়ে কম পৰিমাণে তাল দিব লাগে। এতিয়া এটা আইনাৰ বাটিত পৰিবেশন কৰি ওপৰত ৰুকা নাৰিকল আৰু এলমণ্ডেৰে সজাই পৰিবেশন কৰিব।

ফোন – ৬০০১৫২১৭৩০

You might also like

Comments are closed, but trackbacks and pingbacks are open.