আইনাত ৰেচিপি

105

মিছামাছৰ পকৰী

উপকৰণঃ

ডাঙৰ মিছামাছ ১০ টা

কণী এটা

ময়দা ১/৩ কাপ

কৰ্ণফ্ল’ৰ ১/৩ কাপ

নেমুৰ ৰস দুই চামুচ

নিমখ জোখমতে

ব্ৰেড ক্ৰামছ একাপ

জালুকৰ গুৰি এক চামুচ

আদা-নহৰু পেষ্ট আধা চামুচ

জলকীয়া গুৰি আধা চামুচ

মিঠাতেল প্ৰয়োজনমতে

ঠাণ্ডা পানী অলপ (ফ্ৰীজত ৰখা)

প্ৰণালীঃ

প্ৰথমতে মিছামাছৰ বাকলি গুচাই ভালদৰে ধুই পানী টুকি ল’ব৷ তাৰপিছত মিছামাছকেইটাত জোখমতে নিমখ, জালুকৰ গুৰি আধা চামুচ, আদা-নহৰু পেষ্ট, জলকীয়া গুৰি আৰু নেমু ৰস দি ভালদৰে মিহলাই প্ৰায় আধাঘণ্টামান সময় ৰাখিব৷ এতিয়া আন এটা পাত্ৰত কণী আৰু তিনি টেবুল চামুচমান পানী দি ভালদৰে ফেটি ল’ব৷ আন এটা পাত্ৰত ময়দা, কৰ্নফ্ল’ৰ, আধা চামুচ জালুকৰ গুৰি আৰু জোখমতে নিমখ দি ভালদৰে মিহলাই ল’ব৷ এতিয়া মিছামাছখিনি ময়দা আৰু কৰ্নফ্ল’ৰৰ মিশ্ৰণখিনিত দি ভালদৰে মিহলাই ল’ব৷ তাৰপিছত মিছামাছখিনি কণীৰ মিশ্ৰণটোত লেটিয়াই আকৌ কৰ্নফ্ল’ৰৰ মিশ্ৰণখিনিত দি আকৌ কণীৰ মিশ্ৰণত লেটিয়াই লগে লগে ব্ৰেড ক্ৰামছখিনিৰ লগত মিহলাই প্লেটত ৰাখিব৷ এতিয়া গেছত কেৰাহীখন গৰম কৰি তাত জোখমতে মিঠাতেল দিব৷ তেল গৰম হ’লে তাত মিছামাছকেইটা জোখমতে দি মধ্যমীয়া জুইত ইলুটিসিলুটিকৈ অলপ সময় ভাজিব৷ মিছামাছকেইটা দুয়োফালে ৰঙচুৱা হোৱাকে ভজা হ’লে পেপাৰ নেপকিন পৰা প্লেটত নমাই গৰমে গৰমে টমেটো চ’চ বা নিজৰ পচন্দৰ চাটনিৰ লগত পৰিবেশন কৰক৷

চিকেন শামি কাবাব

উপকৰণঃ

চিকেন ছশ গ্ৰাম

বুট দাইল আধা বাতি

ডাঙৰ পিয়াঁজ দুটা

মানধনিয়া পাত অলপমান

নেমুৰ ৰস তিনি চাহ চামুচ

কণী এটা

কেঁচা জলকীয়া তিনিটা

পানী জোখমতে

মিঠাতেল প্ৰয়োজনমতে

নিমখ জোখমতে

হালধি আধা চাহ চামুচ

জলকীয়া গুৰি আধা চাহ চামুচ

আদা-নহৰুৰ পেষ্ট এক টেবুল চামুচ

তেজপাত দুখিলা

শুকান জলকীয়া তিনিটা

গোটা জিৰা আধা চাহ চামুচ

জালুক আধা চাহ চামুচ

লং পাঁচটা

ডাঙৰ ইলাচি এটা

দালচেনি এডোখৰ

প্ৰণালীঃ

প্ৰথমতে বুট দাইলখিনি প্ৰায় এক ঘন্টামান সময় পানীত তিয়াই ভালদৰে কোমল কৰি ধুই পানী টুকি ল’ব৷ চিকেনখিনি ধুই  হাঁড় গুচাই ল’ব৷ পিয়াঁজ এটা দীঘলীয়াকে কাটি ল’ব আৰু আনটো পিয়াঁজ সৰু সৰুকে কুটি ল’ব৷ কেঁচা জলকীয়া আৰু মানধনিয়া পাতিখিনিও সৰু সৰুকে কুটি ল’ব৷ কেৰাহীখন গেছত গৰম কৰি তাত শুকান জলকীয়া, তেজপাত, গোটা জিৰা, জালুক, লং, ইলাচি আৰু দালচেনি দি অলপ সময় ভাজিব৷ জিৰা ফুটি মচলাৰ গোন্ধ ওলাবলৈ ধৰিলে ভজা মচলাখিনি প্লেটত নমাই ঠাণ্ডা হ’বলৈ দিব৷ তাৰপিছত মচলাখিনি মিক্সীত গুৰি কৰি ল’ব৷ এতিয়া একেখন কেৰাহী জুইৰ ওপৰত ৰাখি তাত ধুই লোৱা বুট দাইল, চিকেন আৰু জোখমতে পানী, নিমখ, হালধি, জলকীয়া গুৰি, আদা-নহৰুৰ পেষ্ট আৰু দীঘলীয়াকে কটা পিয়াঁজখিনি দি লৰাই ঢাকি উতলিবলৈ দিব৷  দাইলখিনি অলপ সময় উতলোৱাৰ পিছত তাত মিক্সীত গুৰি কৰা মচলাখিনি দি লৰাই ঢাকি আকৌ উতলিবলৈ দিব৷ চিকেন আৰু বুট দাইলখিনি ভালদৰে সিজিবলৈ দিব৷ বুট দাইল আৰু চিকেন সিজোৱা পানী ভালদৰে শুকালে কেৰাহীখন জুইৰ ওপৰৰ পৰা নমাই ঠাণ্ডা হ’বলৈ দিব৷ তাৰপিছত তাত নেমুৰ ৰসখিনি দি ভালদৰে মিহলাই বুট দাইল আৰু চিকেনৰ মিশ্ৰণটো মিক্সীত পিচি পাত্ৰ এটাত উলিয়াই ল’ব৷ এতিয়া মিক্সীত পিচি লোৱা চিকেন আৰু বুট দাইলৰ মিশ্ৰণটোত  কুটি লোৱা পিয়াঁজ, কেঁচা জলকীয়া, মানধনিয়া পাত আৰু কণী এটা ভাঙি দি ভালদৰে  মিহলাই কাবাবৰ মিশ্ৰণটো বনাই ল’ব৷ এতিয়া হাতত সামান্য তেল সানি কাবাবৰ মিশ্ৰণ অলপ হাতত লৈ নিজৰ পচন্দৰ যিকোনো আকাৰ দি কাবাব কেইটা প্লেটত ৰাখিব৷ মই কাবাবৰ মিশ্ৰণ অলপ হাতত লৈ আঙুলিৰ দৰে  দীঘলীয়া আকাৰ দি তাৰ ভিতৰত আইচক্ৰীম ষ্টীক ভৰাই দিছোঁ৷ এতিয়া পেন এখন গৰম কৰি তাত জোখমতে মিঠাতেল দি গৰম হ’বলৈ দিব৷ তেলখিনি ভালদৰে গৰম হ’লে গেছৰ জুই সামান্য কম কৰি তাত কাবাব চাৰিটামান দি দুয়োফালে ৰঙচুৱা হোৱাকে ভাজিব৷ কাবাব কেইটা মচমচীয়াকে ভজা হ’লে পেপাৰ নেপকিন পৰা প্লেট এখনত নমাই থ’ব৷ এতিয়া বাকী থকা কাবাবখিনিও একেদৰে ভাজি ল’ব৷ গৰমে গৰমে নিজৰ পচন্দৰ যিকোনো চাটনি বা টমেটো চ’চৰ লগত চিকেন শামি কাবাব পৰিবেশন কৰক৷ এই কাবাববিধ খাবলৈ বৰ ভাল লাগে৷

খেচাৰি দাইলৰ পকৰী

উপকৰণঃ

খেচাৰি দাইল একাপ

চাউল দুই টেবুল চামুচ/এমুঠিমান

পিয়াঁজ দুটা

কেঁচা জলকীয়া প্ৰয়োজনমতে

নহৰু দহ কোঁহ

মিঠাতেল প্ৰয়োজনমতে

নিমখ আধা চাহ চামুচ

হালধি আধা চাহ চামুচ

ধনিয়াগুৰি আধা চাহ চামুচ

জলকীয়া গুৰি আধা চাহ চামুচ

মানধনিয়া পাত এমুঠি

নৰসিংহ পাত অলপমান

প্ৰণালীঃ

খেচাৰি দাইল আৰু চাউলখিনি পানীত তিয়াই কোমল কৰি ধুই ল’ব৷ তাৰপিছত চাউল আৰু খেচাৰি দাইলখিনি মিক্সীত অলপ খহটাকৈ পিচি ল’ব৷ পিয়াঁজ, কেঁচা জলকীয়া আৰু নহৰু সৰু সৰুকে কুটি ল’ব৷ আনহাতে, নৰসিংহ আৰু মানধনিয়া পাতখিনিও কুটি ল’ব৷  এতিয়া পাত্ৰ এটাত পিচি লোৱা খেচাৰি দাইল আৰু চাউলৰ মিশ্ৰণটো ঢালি তাৰ ওপৰত হালধি, নিমখ, ধনিয়াগুৰি, জলকীয়া গুৰি, কুটি লোৱা মানধনিয়া পাত, নৰসিংহ পাত, পিয়াঁজ, নহৰু আৰু কেঁচা জলকীয়াখিনি দি ভালদৰে মিহলাই ল’ব৷ এতিয়া কেৰাহীত প্ৰয়োজনমতে  তেল গৰম কৰি তাতে চামুচ এখনেৰে এচামুচকৈ খেচাৰি দাইলৰ মিশ্ৰণ কেৰাহীত দিব৷ পকৰীকেইটাৰ তলৰ ফালটো সিজি সামান্য ৰং সলনি হ’লে লুটিয়াই দিব৷ জুই কম কৰি পকৰীকেইটা মচমচীয়াকৈ ভাজি প্লেট এখনত নমাই থ’ব৷ গোটেইখিনি পকৰী একেধৰণেৰে বনাই গৰমে গৰমে পৰিবেশন কৰিব পাৰিব৷

পনিৰ ফিংগাৰ

উপকৰণঃ

পনিৰ ২৫০ গ্ৰাম

ময়দা চাৰি টেবুল চামুচ

কৰ্নফ্ল’ৰ দুই টেবুল চামুচ

চাট মচলা আধা চাহ চামুচ

জালুকৰ গুৰি আধা চাহ চামুচ

কাশ্মীৰী জলকীয়া গুৰি এক চাহ চামুচ

নিমখ স্বাদ অনুযায়ী

হালধি আধা চাহ চামুচ

নহৰু তিনি কোঁহ

পানী জোখমতে

ৰিফাইন তেল জোখমতে

ব্ৰেড ক্ৰামছ একাপ

প্ৰণালীঃ

প্ৰথমতে পনিৰখিনি দীঘলীয়াকে আঙুলিৰ জোখত কাটি ল’ব৷ নহৰু কেইফোটাও পিচি ল’ব৷ এতিয়া পাত্ৰ এটাত পনিৰখিনি লৈ তাত নিমখ, হালধি, কাশ্মীৰী জলকীয়া গুৰি, জালুকৰ গুৰি আৰু নহৰুৰ ৰস দি পনিৰৰ লগত ভালদৰে মিহলাই প্ৰায় দহ মিনিটমান সময় ৰাখিব৷ এতিয়া আন এটা পাত্ৰত ময়দা, কৰ্নফ্ল’ৰ আৰু জোখমতে নিমখ মিহলাই লৈ তাত প্ৰয়োজনমতে পানী দি এটা ঘোল তৈয়াৰ কৰি ল’ব৷ এতিয়া গেছত কেৰাহী এখন গৰম কৰি তাত জোখমতে ৰিফাইন তেল দি তেলখিনি গৰম হ’বলৈ দিব৷ তেলখিনি ভালদৰে গৰম হ’লে গেছৰ জুই মধ্যমীয়া কৰি ল’ব৷ এতিয়া মচলা সানি থোৱা পনিৰৰ টুকুৰা কেইটামান লৈ ময়দা আৰু কৰ্ণফ্ল’ৰৰ মিশ্ৰণটোত ডুবাই লগে লগে উঠাই ব্ৰেডৰ গুৰিত পনীৰৰ টুকুৰাবোৰ ভালদৰে লেটিয়াই ল’ব৷ তাৰপাছত গৰম তেলত পনিৰৰ টুকুৰাবোৰ দি দুয়োফালে ৰঙচুৱা আৰু মচমচীয়া হোৱাকে ভাজি পেপাৰ নেপকিন পাৰি লোৱা প্লেটত নমাই থ’ব৷ এনেদৰে বাকীখিনি পনিৰখিনিও ভাজি ল’ব৷ এতিয়া প্লেট এখনত ভাজি লোৱা পনিৰ ফিংগাৰখিনি লৈ তাৰ  ওপৰত চাট মচলা ছটিয়াই নিজৰ পচন্দৰ যিকোনো চাটনি বা টমেটো চ’চৰ লগত পনিৰ ফিংগাৰৰ জুতি লওক৷ খাবলৈ বৰ ভাল পাব৷

You might also like

Comments are closed, but trackbacks and pingbacks are open.