অ’হ’ ৱাটাৰ  বল : আধুনিক জীৱনৰ নতুন সংযোজন

2

কৰবী গগৈ শৰ্মা

ভৱিষ্যতে  বাৰু আমি পানী পি খাম নে চোবাই খাম ? কেতিয়াবা আপোনালোকৰ জানিবলৈ মন যায় নে ভৱিষ্যতৰ পৃথিৱীখন বসবাসৰ বাবে কেনেকুৱা হব? বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই নিত্য  নতুন নতুন চমক সদায়েই আমাক  দি আহিছে। সময়ৰ  পৰিৱৰ্তন ইমানেই দ্ৰুতগতিত হৈছে যে এই সোঁতত ভাৰসাম্য ৰখাই টান হৈ পৰিছে। আমাৰ চাৰিওকাষৰ পাৰিপাৰ্শ্বিক অৱস্থাৰো ভীষণ পৰিবৰ্তন হৈছে। এই পাৰিপাৰ্শ্বিক বাতাবৰণৰ সন্তোলনৰ বাবে আমি ইকʼফ্ৰেন্ডলী সামগ্ৰীৰ ব্যৱহাৰ কৰা অতি জৰুৰী হৈ পৰিছে। আমি প্ৰায়েই দেখো যে কিছুমান  সামগ্ৰী পৰিবেশ/ বাতাবৰণৰ বাবে ক্ষতিকাৰক। বিশেষকৈ পানী খোৱাৰ পিছত  সদায়েই প্লাষ্টিকৰ বটলবোৰ পেলাই দিয়া হয় আৰু ই প্ৰকৃতিৰ ওপৰত এক বিৰূপ প্ৰভাৱ পেলায়। প্লাষ্টিকৰ বটলৰ  অপকাৰিতাৰ কথা জানি পানীৰ  বটলৰ ঠাইত খোৱাৰ উপযোগী আৱৰণ ব্যৱহাৰ কৰি লণ্ডনৰ ইম্পেৰিয়েল কলেজৰ দুই ছাত্ৰ Rodrigo Garcia Gonzales আৰু  Pierre Paslier  এবিধ অত্যাধুনিক  খোৱাৰ উপযোগী পানীৰ বটল বা পানী বল তৈয়াৰ কৰি উলিয়ায়।  হাতৰ টিপাতে ৰাখি খাব পৰা এই বটল অৰ্থাৎ পানীবলটোৰ নাম দিয়ে অ’হ Ooho.  । কিয়নো তেওঁলোকে পৰীক্ষামূলক ভাৱে যাকেই এই পানীবটলটো খাব দিছিল তেওঁ লোকৰ মুখতেই উচ্চাৰণ হৈছিল অ’হ’। সৰু সৰু অ’হ’ বটলবোৰ দেখাত অতি  ধুনীয়া আৰু অ’হ’ নামটোৰ জনপ্ৰিয়তালৈ চাই এই পানীবটলটোৰ নাম ৰখা হয় অ’হ’ (Ooho’)  ৱাটাৰ বটল বা বল। বহুতে আকৌ ইয়াক পানী বটল কোৱাতকৈ ইয়াক ৱাটাৰ কেপছুল বুলিও কব খোজে। একোটা  অ’হ’ পানী বটলৰ আকাৰ  ৩৫ ছে. মি×২০ ছে,মি হয়। ইয়াৰ ওজন প্ৰয় ৫০  গ্ৰামমান হব।  অ’হ’ দেখাত এটা সৰু পানীবেলুনৰ দৰে।

প্লাষ্টিকৰ ভয়াবহতাৰ কথা জানি ইয়াক ৰোধ কৰি পাৰিপাৰ্শ্বিক অৱস্থাৰ সন্তোলন কৰাৰ উদ্দেশ্যেই এই এডিবল  অ’হ’ বটলৰ আৱিষ্কাৰ হৈছে। অ’হ’ পানীৰ বটলবোৰৰ আকাৰ অতি সৰু আৰু মুখত দিলে পমি মুখতে ফুটি যায় । এই পানীৰ বটলটো   sea weed  (algae)  আৰু সামুদ্ৰিক উদ্ভিদৰ পৰা প্ৰস্তুত কৰা হয়। এই পানীবটলটো প্ৰস্তুত কৰিবলৈ মূখ্য ৰূপত ব্যৱহাৰ হোৱা দুবিধ সামগ্ৰী হৈছে ছডিয়াম এল্গিনেট আৰ কেলছিয়াম ক্ল’ৰাইড। এই দুয়োবিধ  সামগ্ৰী সোৱাদহীন আৰু পানীয় হিচাপে গ্ৰহণ কৰাত সম্পূৰ্ণ সুৰক্ষিত। ইয়াৰ কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া নাই যাৰ বাবে সকলো বয়সৰ সকলো লোকে অনায়াসে এইবিধ এডিবল পানীৰ বটল খাব পাৰে । অ’হ’ পানীবটল খুউব পাতল আৱৰণেৰে কৰা পেকেজিংত  প্ৰস্তুত কৰা হয়। খোৱাৰ সময়ত এটা সৰু ছিদ্ৰ কৰি অথবা গোটেই বটলটোৱেই মুখত ভৰাই চোৱাই গিলি দিব পাৰি। সম্পূৰ্ণ প্ৰাকৃতিক উপাদানেৰে অ’হ’ পানীবটল  পেকেজিং কৰা হয় বাবে প্ৰকৃতিৰ ওপৰত ইয়াৰ  কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। অ’হ’ দৰাচলতেই এটি খুউব সুন্দৰ  পদক্ষেপ বিশ্বক প্লাষ্টিক মুক্ত কৰি প্ৰকৃতিক সুৰক্ষিত কৰাৰ। এই অভাৱনীয় আৱিষ্কাৰৰ বাবে Rodrigo Garcia Goonzels আৰু Pierre pasleirক বহুকেইটা সন্মান আৰু পুৰস্কাৰেৰেও সন্মানিত কৰা হৈছে। ই দুই ছাত্ৰই কালক্ৰমত বহু পৰীক্ষা-নিৰীক্ষাৰ অন্তত  অ’হ’ পানীবটল বাণিজ্যিক ভাৱে  প্ৰস্তুত কৰা আৰম্ভ কৰে।

তেওঁলোকে এই ক্ষেত্ৰত আৰু এখোজ আগবাঢ়ি ‘Notpla’ নামেৰে এটা খাদ্য আৰু নিত্য বৱহায সামগ্ৰী পেকেজিংৰ কোম্পানী লণ্ডনত স্থাপন কৰে। এই কোম্পানীটোৱে সম্পূৰ্ণ মালিকীস্বত্বৰে অ’হ’ পানীবটল Skipping  Rocks labt বাণিজ্যিক ভাৱে প্ৰস্তুত কৰা আৰম্ভ কৰা হয়। অ’হ’ পানীবটল প্ৰস্তুত প্ৰক্ৰিয়াটো অতি সহজ আৰু ইয়াক অতি কম খৰছত প্ৰস্তুত কৰি উলিয়াব পাৰি। তদুপৰি ‘Notpla’ কোম্পানীটোৰ বিশেষত্ব হৈছে যে এই কোম্পানীটোৱে প্ৰাকৃতিক উপাদানেৰে পেকেজিং কৰি প্ৰকৃতিক ৰক্ষণাবেক্ষণ দিয়াত গুৰুত্ব দিছে। Notpla ই বায়োডিগ্ৰেডেবল আৰু প্লাষ্টিকমুক্ত পেকেজি্ংত গুৰুত্ব দিয়ে যি প্ৰকৃতিৰ সুৰক্ষাত অৰিহণা যোগায়। বৰ্তমান বিশ্বৰ বহুকেইখন দেশত অ’হ’ পানীবটল প্ৰচলন হোৱা দেখিবলৈ পোৱা গৈছে। বহু  দেশৰ আগশাৰীৰ হোটেলত অ’হ’ পানীবটলেৰে অতিথিক আপ্যায়িত কৰে । ডুবাইৰ ভোজ আৰৱৰ পৰা আৰম্ভ কৰি যুক্তৰাষ্ট্ৰৰ  পঞ্চতাৰকা হোটেল লৈকে অ’হ’ পানী বটলৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। ভাৰতত তাজৰ দৰে হোটেলতো অতিথিক  আপ্যায়ন কৰিবলৈ অ’হ’ পানীবটলক অগ্ৰাধিকাৰ দিয়া দেখা যায়। অ’হ’ৰ (ooho) জনপ্ৰিয়তালৈ  চাই অবিশ্বাস্য যেন লাগিলেও অতি সোনকালেই হয়তো সকলো  লোকেই প্লাষ্টিকৰ বটলৰ ঠাইত অ’হ’  পানীবটল খাবলৈ অধিক পছন্দ কৰিব ।

ফোনঃ ৭০০২১-৫৩৮৩০

You might also like

Comments are closed, but trackbacks and pingbacks are open.