কৰবী গগৈ শৰ্মা
ভাৰতৰ বিভিন্ন অঞ্চলৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ নেপালতো অতি উলহ মালহেৰে উদযাপন কৰা এটি পবিত্ৰ উৎসৱ হৈছে মকৰ সংক্ৰান্তি। হিন্দু ধৰ্মৰ অন্যান্য উৎসৱসমূহৰ দৰে মকৰ সংক্ৰান্তিও এটি অতি গুৰুত্বপূৰ্ণ উৎসৱ। হিন্দু ধৰ্ম অনুসৰি সূৰ্য ই ধনু ৰাশি এৰি মকৰ ৰাশিত প্ৰৱেশ কৰাৰ লগে লগেই মকৰ সংক্ৰান্তি উৎসৱ উদযাপন কৰা হয়। এইখিনি সময়তে সূৰ্যৰ উত্তৰায়ণ গতিৰো আৰম্ভণি হয়। পুৰণি ধৰ্মগ্ৰন্থ অনুসৰি সূৰ্য উত্তৰায়ণ হোৱাৰ লগে লগে দেৱতাসকলৰ আলোকময় সময় তথা সুখ- সমৃদ্ধিৰে ভৰা সময় আৰম্ভণি হয় বুলি গণ্য কৰা হয়। সেয়েহে যিকোনো শুভ কাৰ্য্যাদি সূৰ্যৰ উত্তৰায়ণৰ সময়ছোৱাত কৰিলে সুফল পোৱাৰ লগতে মকৰ সংক্ৰান্তিৰ এই সময়ছোৱাত তীৰ্থস্থান দৰ্শন আৰু পৱিত্ৰ নদীত স্নান কৰিলে সকলো কলুষতা নিকা হোৱাৰ লগতে পূণ্য প্ৰাপ্তি হয়। মহাভাৰতৰ আখ্যানটো ইচ্ছামৃত্যুৰে আশীৰ্বাদপুষ্ট পিতামহ ভীষ্মও নিজৰ শৰীৰ ত্যাগ কৰিবলৈ সূৰ্যৰ উত্তৰায়ণ গতিৰ সময়লৈকে অপেক্ষা কৰিছিল। গতিকে অশুভ ক বিনাশ কৰি শুভক প্ৰতিষ্ঠাৰ বাবেই যেন সূৰ্যৰ এই উত্তৰায়ণী গতি।
মকৰ সংক্ৰান্তি ভাৰতৰভিন্ন প্ৰান্তৰতভিন্ন নামেৰে অতি উলহ মালহেৰে উদযাপন কৰা হয়। ভিন্ন অঞ্চলত ইয়াকউদযাপন কৰা পদ্ধতিও সুকীয়া সুকীয়া।ভাৰতীয় লোকসকল সততে উৎসৱ প্ৰিয় লোক। সকলো উৎসৱৰেএকো একোটা বিশেষ মহত্ব আছে। কিয়নো উৎসৱেই হৈছে জীৱনলৈ উল্লাহ আৰু উৎসাহ অনাৰ এটি সাধন। ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ হিচাপে প্ৰায় ভাগ উৎসৱেই কৃষিৰ লগত সম্পৰ্কিত। কৃষি কাৰ্যৰ দীঘলীয়া সময়ছোৱাতশাৰীৰিক অৱসাদদূৰ কৰি মনক প্ৰফুল্লিতৰাখে এই উৎসৱবোৰে। ৰীতি নীতিৰে পালন কৰা হয় যদিও মকৰ সংক্ৰান্তি মূলতঃ এটি কৃষিভিত্তিক উৎসৱৰূপেই পৰিচিত ।
যিকোনো এটি সম্প্ৰদায়ৰ জীৱন-জীৱিকাৰ সৈতে একো একোটা উৎসৱ বিশেষভাৱে সম্পৰ্কীত। এটা জাতিৰ প্ৰকৃত পৰিচয় পোৱা যায় সেই জাতিৰস্বকীয় সংস্কৃতিৰ জৰিয়তে। মানুহৰ ৰীতি নীতি, আচাৰ- ব্যৱহাৰ, উৎসৱ- পাৰ্বণ, খাদ্য, সাজপাৰ আদি হ’ল সংস্কৃতিৰ একো একোটা উপাদান। বিভিন্নসময়ত যুগে যুগে স্বকীয়সংস্কৃতি লৈ বিভিন্নজাতি উপজাতি ভাৰতলৈ আহিছিল, কিন্তু কোনেও কেৱল নিজৰটোকে ধৰি ৰাখিব পৰা নাই। পূৰ্বৰে পৰা ভাৰতবৰ্ষত চলিথকা বিৰাট সংস্কৃতিৰ প্ৰৱাহত তেওঁলোকৰ সংস্কৃতি মিলি গল , সমন্বয় সাধন হ’ল। সংস্কৃতিক অগ্ৰগতি দিয়াত খাদ্যইসদায় বিশেষ গুৰুত্ব লাভ কৰি আহিছে।মকৰ সংক্ৰান্তিৰ সময়ছোৱাত পথাৰৰ শস্যৰে ভৰাঁলঘৰ নদন-বদন হৈ পৰে। সকলো ফালেই খাদ্যৰ উভৈনদী। এই উৎসৱত দেশৰ ভিন ভিন প্ৰান্তৰতভিন্ন প্ৰকাৰৰ সুস্বাদু খাদ্য প্ৰকৰণ তৈয়াৰ কৰা হয়।এই উৎসৱত প্ৰস্তুত কৰা খাদ্য সমূহ ভাৰতৰ এটা প্ৰান্তৰৰ লগত আনটো প্ৰান্তৰৰ কিছু ক্ষেত্ৰত সাদৃশ্য আছে যদিও প্ৰস্তুত প্ৰণালীসম্পূৰ্ণ পৃথক ।
কৰ্ণাটকৰ ব্যঞ্জন
ভাৰতৰ দক্ষিণ পশ্চিম অঞ্চলত অৱস্থিত কৰ্ণাটকত মকৰ সংক্ৰান্তিক ‘চুগ্গী- হাব্বা’ নামেৰে দুদিন ধৰি অতি আনন্দ উল্লাসেৰে উদযাপন কৰে। ‘ইল্লু- বেলা’ নামৰ এবিধ শুকান ব্যঞ্জন এইউৎসৱত মূখ্য ৰূপত লোকপ্ৰিয় ব্যঞ্জন। তিল, গুৰ, ভজা বাদাম আৰু চানা দাইলৰ মিশ্ৰণেৰে এইবিধখাদ্য তৈয়াৰ কৰা হয়। উৎসৱৰ বতৰত এইবিধ খাদ্য প্ৰথমে অগ্নি দেৱতাক অৰ্পণ কৰি তাৰ পিছত ঘৰৰ প্ৰতিজন সদস্যইগ্ৰহণ কৰে লগতে ওচৰ চুবুৰীয়া আৰু সম্বন্ধীয় লোকলৈকো উপহাৰ হিচাপে প্ৰেৰণ কৰা হয়।
চক্কৰা পোংগালী- চক্কৰা পোংগালীতৈয়াৰ কৰিবলৈ অতি কম সময়ৰ প্ৰয়োজন। চাউলৰ গুৰি ,গুড়, নাৰিকৰৰোকা, গাখীৰ, চানা দাইল আৰু শুকান মেৱা দি তৈয়াৰ কৰা হয়। উৎসৱৰ দিনকেইটাত প্ৰায় প্ৰতি ঘৰতে এইবিধ মিঠা ব্যঞ্জন তৈয়াৰ কৰা হয়।
তিলচিক্কী-বগা তিল আৰু গুড়েৰে তৈয়াৰী তিল চিক্কী, মিঠাইৰ বিকল্প হিচাপে সৰুৰ পৰা বৃদ্ধলৈকে সকলোৰে অতি পচন্দৰ। এইবিধ ব্যঞ্জন বহু দিনলৈকে সংৰক্ষণ কৰিও ৰাখিব পাৰি।
ইম্ লি পুলিয়োগৰে- এইবিধ ব্যঞ্জনক ‘ইমলী চাৱল’ নামেৰেও জনা যায়।উৎসৱৰ বতৰত এইবিধ ব্যঞ্জনেৰে আলহীকদুপৰীয়া খাদ্য হিচাপে আপ্যায়িত কৰা হয়। পাপৰ আৰু ৰাইটাৰ সৈতে পৰিবেশন কৰা ই এবিধ অতি জনপ্ৰিয় ব্যঞ্জন।
চাবুদানা বড়া-চাগু, বাদাম আৰু আলু লগতে কিছু পৰিমানে মছলাসংযোগ কৰি এইবিধ বড়া প্ৰস্তুত কৰা হয়। তেলত ভজা গৰম গৰম চাবুদানাৰ বড়া বিভিন্ন প্ৰকাৰৰ চাটনিৰ লগত পৰিবেশন কৰা হয়। শীতৰ পুৱাৰ চাহকাপৰ সৈতে চাবুদানাৰবড়া খাবলৈ অত্যন্ত সুস্বাদু। উৎসৱৰ সময়ত ঘৰলৈ অহা অতিথিক চাবুদানাৰ বড়াৰে আপ্যায়িত কৰা হয়।
পাঞ্জাব আৰু হাৰিয়ানাৰ ব্যঞ্জ
স্বাভাৱিকতে পাঞ্জাব এখন খাদ্য বিলাসী ৰাজ্য। পাঞ্জাব আৰু হাৰিয়ানাত মকৰ সংক্ৰান্তিক ‘লহৰী’ নামেৰে জনা যায়। ই এটা অন্যতম কৃষিভিত্তিক প্ৰধান উৎসৱ। মাকৈৰ ৰুটী আৰু সৰিয়হৰ শাক উৎসৱৰ এটি অবিচ্ছেদ্য অংগ। ইয়াৰোপৰি বহু কেইবিধ ব্যঞ্জনেৰেলহৰী উৎসৱ পালন কৰা হয়। লহৰীৰ আটাইতকৈ আকৰ্ষণীয় খাদ্যসম্ভাৰ হৈছে পাৰম্পৰিক ‘ভোজ’ ।যাক ‘লহৰী কী থালি’ নামেৰে জনা যায়। এক সুস্বাদু ব্যঞ্জনৰ সমাহাৰ হৈছে ‘লহৰী কী থালি’। ইয়াক একতা আৰু সমৃদ্ধিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। লহৰীৰ এই বিশেষ দিনটোত পাঞ্জাব আৰু হাৰিয়ানাৰ কেইবিধমান পাৰম্পৰিক খাদ্য হৈছে–
গজক আৰু ৰাবৰি-শীতৰ সময়ছোৱাতশৰীৰৰ তাপমাত্ৰাক সঠিক ৰূপত ধৰি ৰাখিবলৈ তিল, গুড়,বাদামেৰে তৈয়াৰী ‘গজক’ নামৰ মিঠাইবিধ তৈয়াৰ কৰি খোৱা হয়।এইবিধ মচমচীয়া মিঠাই পৰম্পৰাগতভাৱে ৰাৱৰিৰ লগত পৰিবেশন কৰা হয়। এইবিধ মিঠাই ‘লহৰী’ উৎসৱৰ মূখ্য মিঠাই হিচাপে অত্যন্ত জনপ্ৰিয়।
দহী ভল্লে— উৎসৱৰ বিভিন্নব্যঞ্জনৰ ভিতৰত দহী ভল্লে পাঞ্জাবী সকলৰ অত্যন্ত প্ৰিয়।শীতৰ সময়তো এইবিধ ব্যঞ্জন ঠাণ্ডাকৈ পৰিবেশন কৰা হয়। দহী ভল্লেই ‘লহৰী’ উৎসৱতআয়োজন কৰা বিভিন্ন খাদ্যসম্ভাৰক সন্তোলিত কৰাত সহায়ক হয়। মাটিদাইল, দৈ, তেতেলীৰ পানী আৰু ভিন্ন মছলাৰে তৈয়াৰীদহী ভল্লে খাবলৈ অত্যন্ত সুস্বাদু হয়। সেয়েহে এইবিধব্যঞ্জন ‘লহৰী কে থালি’ ৰ এবিধ আকৰ্ষনীয় ব্যঞ্জন।
লচ্চী— লহৰী উৎসৱৰ ৰং ৰহইচ আধৰুৱা হৈ ৰব যদিহে লচ্চীখাদ্য তালিকাত নাথাকে। হাতত লচ্চীৰ গিলাচ লৈ লহৰী গীত গাই নাচি–বাগি ফূৰ্টী কৰাএই উৎসৱৰমূখ্য আকৰ্ষণ। দৈৰ পৰা তৈয়াৰ কৰা লচ্চী পুষ্টিকৰে ভৰা আৰু শক্তিবধক। ইয়াৰ উপৰিও ‘লহৰী’ উৎসৱততিল, মাকৈ, গুড়, গাখীৰ, বাজৰা, ঘেহু আদিৰে বহু বিধ ব্যঞ্জন তৈয়াৰ কৰিপাঞ্জাবী সকলে নিজেও খায় আৰু ওচৰ চুবুৰীয়া, মিটিৰ- কুটুম্বকোযাচে।
তামিলনাডুৰ ব্যঞ্জন
দক্ষিণৰ ৰাজ্য তামিলনাডুত মকৰ সংক্ৰান্তিৰ উৎসৱ টো ‘পোংগল’ নামেৰে অতি ধুমধামেৰে প্ৰায় চাৰিদিন ধৰি উদযাপন কৰে।উৎসৱৰ দিনা ঘৰে ঘৰে আল্পনা অঁকাৰ লগতে সুস্বাদু ব্যঞ্জন তৈয়াৰ কৰে। তামিল নাডুৰখাদ্য প্ৰস্তুত প্ৰণালী অন্য ৰাজ্যৰ তুলনাত কিছু পৃথক।মকৰ সংক্ৰান্তিৰ উৎসৱত ‘পোংগল’ নামৰ এবিধ বিশেষ ক্ষীৰতৈয়াৰ কৰি খোৱা হয়। নতুন ধানৰ পৰাওলোৱা চাউলেৰে এইবিধ ক্ষীৰমাটিৰ পাত্ৰতঅতি ভক্তিভাৱেৰে তৈয়াৰ কৰা হয়। চাউল, মগুদাইল আৰু গুৰেৰেপোংগল তৈয়াৰ কৰি সূৰ্য দেৱতাক প্ৰসাদৰূপে অৰ্পণ কৰা হয় আৰু নতুন শস্য প্ৰদান কৰাৰ বাবে সূৰ্য দেৱতাক কৃতজ্ঞতা প্ৰদান কৰা হয়। ‘পোংগল ‘ কেইবাপ্ৰকাৰেৰে তৈয়াৰ কৰি উৎসৱৰ আনন্দ লোৱা হয়।
গুজৰাটৰ ব্যঞ্জন
ভাৰতৰ পশ্চিমত থকা গুজৰাটত মকৰ সংক্ৰান্তিৰক ‘উত্তৰায়ণ’ নামেৰে জনা যায়। উত্তৰায়ণৰ সময়ছোৱাত গুজৰাটত মূখ্য ৰূপত মেঠি শাকৰ মুঠিয়াৰে ‘উন্ধিয়ু’ নামৰ একপ্ৰকাৰৰ পাৰম্পৰিক ব্যঞ্জন তৈয়াৰ কৰি খোৱা হয়। এই ব্যঞ্জন বিধত শীতকালীন সকলো পাচলি আৰু সোৱাদৰ বাবে কিছু মছলা দি প্ৰস্তুত কৰা হয়। ‘উন্ধিয়ু’ গুজৰাটৰ পাকশালসংস্কৃতিত একমহত্বপূৰ্ণ ভূমিকা পালন কৰে। গুজৰাটী সকল পৃথিৱীৰ যি ঠাইতে নাথাকক লাগিলেউত্তৰায়ণৰ সময়ছোৱাত ‘উন্ধিয়ু’ প্ৰস্তুত কৰি গ্ৰহণ কৰিলে তেওঁলোকে ঈশ্বৰৰ আশীৰ্বাদ পোৱা বুলি গণ্য কৰে।তেওঁলোকে ‘উন্ধিয়ু’ক প্ৰেম আৰু প্ৰেৰণাৰব্যঞ্জন বুলি অভিহিত কৰে। উন্ধিয়ু সাধাৰণতে বেচনৰ পৰঠা আৰু ঘেঁহুৰ ৰুটীৰ সৈতে পৰিবেশন কৰা হয়। গুজৰাটৰ আন এবিধ পাৰম্পৰিক খাদ্য হৈছে ‘ধোকলা’। চাউলৰ গুৰিফাৰমেন্টেড কৰি বেচনেৰে সৈতে এটা ঘোল তৈয়াৰ কৰি ধোকলা প্ৰস্তুতকৰা হয়। সৰিয়হ আৰু নৰসিংহৰ পাতেৰে চাম্বাৰ দি নাৰিকলৰ চাটনিৰ সৈতে পৰিবেশন কৰা হয়। ইয়াৰ উপৰি গুজৰাটত ‘খাখৰা’ নামেৰেএবিধ অতি পাতল আৰু মচমচীয়া ৰুটি তৈয়াৰ কৰি খোৱা হয়। দেখাত পাপৰৰ দৰে এই ৰুটী বিধগুজৰাটত অতি জনপ্ৰিয়। ইয়াৰোপৰি তিল, গুড়ৰ পৰা তৈয়াৰী তিল চিক্কী, তিলৰ লাড্ডু উত্তৰায়ণৰ সময়ছোৱাত ঘৰে ঘৰে প্ৰস্তুত কৰা হয়।জেলেপী আৰুমিঠা কচুৰী উত্তৰায়ণৰ মূখ্য মিঠাই।
ভোগালীৰ ভোগজৰা
মকৰ সংক্ৰান্তিৰ সময়ছোৱাত অসমতো অতি উলহ মালহেৰে পালন কৰা হয় ভোগালী বিহু বা মাঘ বিহু। এই সময়ছোৱাত ভোগালী বিহুঅসমীয়া লোকৰ লগতেবিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে ভিন্ন ৰীতি–নীতি আৰু পৰম্পৰাৰে পালন কৰি আহিছে। এই বিহুত খোৱা বোৱাত বিশেষ গুৰুত্ব দিয়া হয়। পথাৰৰ মেটমৰা শস্যৰে ভঁৰালঘৰ চহকী হৈ থাকে। ঢেঁকী চাৱত গাৱে- ভূঞে প্ৰতিঘৰ অসমীয়াৰ ঘৰ মুখৰিত হৈ থাকে।কোমল চাউল ভজা, চিৰা খুন্দা, মুড়ী, আখৈ, হুৰুম,সান্দহ ইত্যাদি অসমীয়া বোৱাৰী জীয়ৰীয়ে লগ হৈ মিলিজুলি ঘৰতে তৈয়াৰ কৰে। তিল পিঠা, জেং পিঠা, সুতুলী পিঠা, পানী পিঠা, হেঁচা পিঠা, ঘিলা পিঠা, তেল পিঠা, ভুৰভুৰী পিঠা, আঙুলি পিঠা , টেকেলী মুখত দিয়া পিঠা এইদৰে ভিন্ন প্ৰকাৰৰ পিঠাৰে আলহীক আপ্যায়িত কৰা হয়। ভোগালী বিহুৰ মূখ্য পিঠা হৈছেবৰাচাউলৰ পৰা তৈয়াৰী তিল পিঠা আৰু চুঙা পিঠা। লগতে টেকেলী দৈ, চুঙা দৈ, মিঠা দৈ, ম’হৰ দৈ, ক্ৰীম, মাখন, জুলীয়া গুড়হৈছে ভোগালী বিহুৰ মূখ্য আকৰ্ষণ। মাহ কৰাই ,নাৰিকলৰ লাড়ু, তিলৰ লাড়ু , চিৰাৰ লাড়ু, মুড়িৰলাড়ু ,নাৰিকল ৰুকি তৈয়াৰ কৰা নাৰিকলৰ চিৰাআদি ঘৰতে তৈয়াৰ কৰি সকলোৱে লগে ভাগে খাই বিহুৰ আনন্দ উপভোগ কৰে ।উজনি অসমত হাঁহৰ মাংস কোমোৰাৰেৰান্ধিপৰম তৃপ্তিৰে ভোজ-ভাতখায়। তদুপৰি মাঘৰ বিহুৰ উৰুকাৰ নিশা আনৰ বাৰীৰ পাচলি, জেওৰা চুৰ কৰাৰ এক পৰম্পৰাও আছে। নামনি অসমত গাঁৱৰ গৰখীয়া লৰাই ঘৰে ঘৰে গৈ গীতগাই উৰুকাৰ বাবে অৰ্থ সংগ্ৰহ কৰি পৰিয়ালটোক বছৰদিয়েকলৈ একোজলা আৰ্শীবাদ দি আহা এক পৰম্পৰা আছে আৰু গৃহস্থয়োভোজ-ভাত খবলৈ চাউল , কণী, তেল , পাচলি যি পাৰেসাধ্যানুসৰিদিয়ে।
উৰুকাতমাছ মৰা পৰম্পৰ
অসমত মাঘ বিহুৰ উৰুকাৰ দিনা বিল, নদী, পুখুৰী,জান, জলাশয় আদিত একোটা চুবুৰী বা একোখন গাৱৰ ৰাইজে সমূহীয়াকৈ মাছ ধৰে।এই প্ৰথা অনুসৰি বিল, নদী, পুখুৰীত জাল, প’ল’, জুলুকীৰেমাছ মাৰি ৰাইজে সেই মাছেৰে উৰুকাৰ ভোজ-ভাত খায়। ৰৌ, বৰালি , শাল শিঙি, মাগুৰ, কাৱৈ, নাৰ, কৰতি বটীয়া ভেচেলি, আৰি, চিতলমাছেৰে অসমৰ নৈ বিল বোৰ ভৰপূৰ। স্বাভাৱিকতে মাছ অসমৰ সকলোজনগোষ্ঠীৰে অতি প্ৰিয়।অসমৰ প্ৰতিটোজনগোষ্ঠীয়ে মাঘৰ বিহুত মাছ খায়।
অসমৰ অন্যতম পুৰণি জনগোষ্ঠী বড়োসকলে মাঘবিহুত মাছ পুৰি, বিভিন্ন শাকৰ সৈতে আঞ্জা ৰান্ধি খাই ভাল পায়। তেওঁ লোকেমাঘ বিহুক মাগৌ দোমাচী বোলে। মাগৌ দোমাচীত মেজিৰ কাষত লগ-ভাত খায়। মূখ্য ব্যঞ্জনৰ ভিতৰতঘৰতে তৈয়াৰী সুৰা, চাউলৰ গুৰি দি ৰন্ধা কুকুৰাৰ মাংস, গাহৰিৰমাংস, শুকান মাছৰ আঞ্জা,শামুকআৰু বনজালুকেৰে ৰন্ধা বিশেষ ব্যঞ্জনখায়।
ৰাভা জনগোষ্ঠীৰ লোকসকলে দোমাচীৰ দিনা, মদ, গাহৰিৰ মাংস, কুকুৰাৰ মাংস, পোৰা মাছ , লেটা পলু ভজা আদিৰে সকলোৱে মিলি ভোজ-ভাত খায়। পুৱা মেজি জ্বলায় অগ্নিকতিল ,চাউল অৰ্পণ কৰি পিঠা -পনাৰে ৰাতিপুৱাৰ জলপান খায়।
কোচ ৰাজবংশীসকলে মাঘৰ বিহুক পুষুণা বুলি কয়। পুষুণাৰ দিনা আটকৰাই খোৱা তেওঁলোকৰ এটা বিশেষ পৰম্পৰা।আটকৰাই হৈছেবৰাচাউল, মাটিমাহ, তিল, বুট, ক’লা মাহ, আদা আৰু নিমখৰমিশ্ৰণেৰে তৈয়াৰী ব্যঞ্জন। প্ৰচণ্ড জাৰত এই মিশ্ৰণে হজম শক্তিৰ সহায়ক হয় বুলি তেওঁলোকৰ বিশ্বাস আছে ।
মাঘ বিহুত আলু পুৰি খোৱাৰো এক পৰম্পৰা আছে। মেজিৰ জুইত নতুনকৈ হোৱা আলু পুৰি সকলোৱে মিলি জুলি খায়। আলু পুৰি নাখালে পিছৰ জনমত গাহৰি হৈ জনম লয় বুলি এক জনবিশ্বাস আছে। কাঠ আলু, মোৱা আলু , মিঠা আলু ভিন্ন প্ৰকাৰৰ আলু পোৰা খাই সকলোৱে পৰম তৃপ্তি লাভ কৰে।
মকৰ সংক্ৰান্তিয়েই হওক বা ভোগালী বিহুৱে হওক বিবিধ খাদ্য সম্ভাৰে ভাৰতৰ চহা জীৱনৰ লোকাচাৰক সদায়েই সমৃদ্ধিশালী কৰি ৰাখিছে ।
Comments are closed, but trackbacks and pingbacks are open.