সেউজ সোণ এভ’কাডো এবিধ সুস্বাদু ফল আৰু সু-স্বাস্থ্যৰ গুপ্ত ধন

25

পিংকি বৰুৱা

স্বাস্থ্যৰ বাবে ফলমূলৰ ভূমিকা অত্যন্ত গুৰুত্বপূর্ণ। ফলমূলত প্ৰচুৰ পৰিমাণে ভিটামিন, খনিজ, আঁহ, মিনাৰেল আদি থাকে, যিয়ে আমাৰ শৰীৰ সুস্থ ৰখাত সহায় কৰে। বতৰৰ ফল যেনে আম, কল, কমলা, আঙুৰ, অমিতা, আপেল, মধুৰিআম, বেৰীজাতীয় ফল, কিৱি আদি শৰীৰৰ বাবে খুবেই উপকাৰী৷ সেয়ে আমাৰ দৈনন্দিন জীৱনৰ খাদ্য তালিকাত ফলমূল অন্তৰ্ভুক্ত কৰা উচিত৷ পুষ্টি আৰু উপকাৰিতাৰ বাবে বিশ্বজুৰি ইতিমধ্যে বিশেষভাৱে প্ৰচণ্ড জনপ্ৰিয়তা লাভ কৰা আন এবিধ পুষ্টিকৰ ফল হৈছে “এভ’কাডো” (Avocado)৷ ইয়াৰ সোৱাদ বাটাৰৰ দৰে হোৱাৰ বাবে ইয়াক বহুতে “বাটাৰ ফল” বুলিও কয়৷ জাত অনুসৰি এভ’কাডোৰ বাহ্যিক ৰং সেউজীয়া, বেঙুনীয়া বা ক’লা হ’ব পাৰে৷ ইয়াৰ আকাৰ নাচপতিৰ দৰে, ডিম্বাকৃতি বা গোলাকাৰ হ’ব পাৰে। ফলবোৰ কেঁচা অৱস্থাত সংগ্ৰহ কৰা হয় আৰু পিছত পকিবলৈ দিয়া হয়। এভ’কাডোৰ উচ্চ পুষ্টি গুণ আৰু ইয়াৰ তেলৰ বাবে ইয়াক নিৰামিষভোজী খাদ্যত বিশেষ ভাবে উপযোগী বুলি ধৰা হয়।

এভ’কাডো মূলতে মেক্সিকো আৰু দক্ষিণ আমেৰিকাৰ ফল, ইয়াৰ পুষ্টি গুণৰ বাবে ইয়াক চুপাৰ ফুড (Superfood) বুলিও কোৱা হয়। ইয়াত থকা স্বাস্থ্যকৰ চর্বি, আঁহ, ভিটামিন আৰু খনিজে আমাৰ শৰীৰৰ বহু প্ৰয়োজনীয় কামত সহায় কৰে। বৰ্তমান সময়ত এই ফলবিধ বিশ্বজুৰি সুস্বাস্থ্যৰ প্রতীক হিচাপে গণ্য  কৰা হয়। এভ’কাডোৰ উচ্চ চাহিদা আৰু বৰ্ধিত মূল্যৰ বাবে ইয়াক “সেউজ সোণ” (Green gold)  নামেৰেও জনা যায়৷ এভ’কাডোৰ বৈজ্ঞানিক নাম হৈছে Persea americana, যাক কেতিয়াবা এলিগেটৰ নাচপতি (Alligator pear) বা এভ’কাডো নাচপতি বুলিও কোৱা হয়৷ এভ’কাডো নাচপতি ল’ৰেচি (Lauraceae) পৰিয়ালৰ এবিধ চিৰসেউজ গছ৷ এই গছবিধ আমেৰিকাৰ স্থানীয় আৰু মেচ’ আমেৰিকাত (Mesoamerica) প্ৰায় ৫০০০ বছৰ পূৰ্বে খেতি কৰা হৈছিল। এই গছৰ ডাঙৰ আৰু তেলীয়া ফলবিধৰ বাবে ইয়াক বিশেষ ভাৱে মূল্যবান বুলি ধৰা হয়। এই গছবিধৰ সম্ভাৱ্য উৎপত্তি দক্ষিণ-মধ্য মেক্সিকো আৰু গোৱাটেমালাৰ পাহাৰীয়া অঞ্চলত হৈছিল৷ এভ’কাডোৰ খেতি উষ্ণমণ্ডলীয় আৰু ভূমধ্যসাগৰীয় জলবায়ু থকা দেশসমূহত ব্যাপকভাৱে কৰা হয়৷ মেক্সিকোৱে পৃথিৱীৰ এভ’কাডো যোগানৰ এক-তৃতীয়াংশতকৈও অধিক উৎপাদন কৰে, অৰ্থাৎ মেক্সিকো হৈছে বিশ্বৰ সৰ্ববৃহৎ এভ’কাডো উৎপাদক। মেক্সিকোৰ প্ৰায় সকলো অঞ্চলতে বিভিন্ন ধৰণৰ এভ’কাডো উৎপাদন কৰা হয় যদিও মিচোৱাকান (Michoacán) ৰাজ্যই আটাইতকৈ বেছি উৎপাদন কৰে। মিচোৱাকানক প্ৰায়ে “The Avocado Capital of the World” বুলি কোৱা হয়। মেক্সিকোত উৎপাদিত প্ৰায় ৮০% এভ’কাডো এই মিচোৱাকান ৰাজ্যতে উৎপন্ন হয়। মেক্সিকোৰ পিছতে এভ’কাডো উৎপাদনত দ্বিতীয় স্থানত কলম্বিয়া, তৃতীয়ত পেৰু, চতুৰ্থত ইন্দোনেছিয়া আৰু পঞ্চমত কেনিয়া আছে৷ অন্য মুখ্য এভ’কাডো উৎপাদক দেশসমূহৰ ভিতৰত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ, ডমিনিকান ৰিপাব্লিক, চিলি, ব্ৰাজিল, ভিয়েটনাম আদি। বৃটেইনত, এভ’কাডো ১৯৬০ চনত এভ’কাডো নাচপতি (Avocado pear) নামত ছেইন্সবৰি (Sainsbury) দ্বাৰা পৰিচিত হৈছিল৷ ১৯৯৫ চনত দক্ষিণ আফ্ৰিকাৰ খেতিয়কসকলে আৰম্ভ কৰা এটা প্ৰচাৰ অভিযানৰ ফলস্বৰূপে ব্ৰিটেইনত এভ’কাডো জনপ্ৰিয় হ’ল। চিলিৰ দৰে কিছুমান দেশে মূলত ৰপ্তানিমুখী উদ্দেশ্যেৰে এভ’কাডো উৎপাদন কৰে৷ আনহাতে. আন কিছুমান দেশে আকৌ প্ৰধানকৈ নিজৰ দেশৰ অভ্যন্তৰীণ ভোজনৰ বাবে উৎপাদন কৰে। মেক্সিকান এভ’কাডোৰ বিশেষকৈ “হাছ” প্ৰজাতিটো, অতি সমৃদ্ধ, মসৃণ আৰু সোৱাদযুক্ত। কিয়নো এই এভ’কাডোৰ প্ৰজাতিটো আগ্নেয় মাটিত (Volcanic soil) খেতি কৰা হয়৷ আগ্নেয় মাটি হৈছে আগ্নেয়গিৰিৰ উদ্গিৰণৰ ফলত সৃষ্টি হোৱা মাটি। আগ্নেয় মাটিত খনিজ পদাৰ্থ আৰু পুষ্টি বহুত পোৱা যায়, যাৰ ফলত এই মাটি কৃষিৰ বাবে বিশেষকৈ এভ’কাডোৰ দৰে গছৰ বাবে অতি উৰ্বৰ আৰু উপযোগী।

মেক্সিকো আৰু মধ্য আমেৰিকাত, এভ’কাডোক ভাত, চুপ, চালাড, বিভিন্ন মাংসৰ লগত পৰিৱেশন কৰা হয়। পেৰুত, এই ফল টেকেনিয়’চৰ (Tequeños) লগত অৰ্থাৎ চীজ ৰোল বা চীজ ৰেপৰ লগত মেয়’নিজৰ দৰে খোৱা হয়৷ চালাড বা চেণ্ডউইচত ব্যৱহাৰ কৰা হয়৷ কেতিয়াবা ইয়াক মাছ-মাংসৰ ভিতৰত ভৰাই মুখ্য আহাৰ হিচাপে পৰিবেশন কৰা হয়৷ চিলিত, ইয়াক চিকেন, হট ডগ আৰু হেমবাৰ্গাৰৰ লগত এবিধ চ’চ হিচাপে ব্যৱহাৰ কৰা হয় আৰু চেলাৰী বা লেটুচৰ চালাডত এভ’কাডোৰ  টুকুৰা (Slice) যোগ কৰা হয়। অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত, ইয়াক সাধাৰণতে চেণ্ডউইচ, ছুচি, ট’ষ্ট বা চিকেনৰ সৈতে পৰিৱেশন কৰা হয়। কেনিয়া আৰু নাইজেৰিয়াত, এভ’কাডোক অকল ফল হিচাপে, সানমিহলি ফল বা পাচলিৰ চালাডত মিশ্ৰণ কৰি খোৱা হয়। ঘানাত, ইয়াক প্ৰায়ে ব্ৰেডৰ লগত চেণ্ডউইচ হিচাপে খোৱা হয়। শ্ৰীলঙ্কাত, ভালকৈ পকা এভ’কাডোৰ লগত গাখীৰ আৰু কিতুল গুড়ৰ (গুড় সদৃশ মিঠা চিৰাপ) মিশ্ৰণেৰে এবিধ মিঠা খাদ্য  প্ৰস্তুত কৰি পৰিৱেশন কৰা হয়। হেইটিত, ইয়াক প্ৰায়ে ৰুটীৰ সৈতে নাস্তা হিচাপে খোৱা হয়। মৰক্কোত, এভ’কাডোৰ লগত গাখীৰ, বৰফ আৰু চেনিৰ মিশ্ৰণ কৰি এবিধ শীতল পানীয় তৈয়াৰ কৰি পৰিৱেশন কৰা হয়। ইথিঅ’পিয়াত, এভ’কাডোৰ লগত গাখীৰ বা পানী আৰু চেনিৰ  মিশ্ৰণ কৰি জুচ  বনোৱা হয়। ব্ৰাজিলত, আকৌ নিমখীয়া ব্যঞ্জনত এভ’কাডোৰ ব্যৱহাৰ নতুন আৰু বিদেশী ধৰণৰ বুলি গণ্য কৰা হয়। তাত পৰম্পৰাগতভাৱে এইটো নেমু ৰস আৰু চেনিৰ লগত  মিহলি কৰি মিঠা খাদ্য বা নাস্তাৰ ৰূপত খোৱা হয়। আনহাতে, মেক্সিকো, চিলি বা আৰ্জেন্টিনা আদি দেশত মিঠা খাদ্যত এভ’কাডোৰ ব্যৱহাৰ খুবেই বিৰল। আকৌ ফিলিপিনছত মিঠা খাদ্যত এভ’কাডোৰ ব্যৱহাৰ পৰম্পৰাগত আৰু নিমখীয়া খাদ্যত ইয়াৰ ব্যৱহাৰ বিদেশী বুলি গণ্য কৰা হয়। ফিলিপিনছ, ব্ৰাজিল, ইণ্ডোনেছিয়া, ভিয়েটনাম আৰু ভাৰতৰ দক্ষিণ অংশত বিশেষকৈ কেৰেলা, তামিলনাডু আৰু কৰ্ণাটকত এভ’কাডোৰ ব্যৱহাৰ প্ৰায়ে মিল্কশ্বেক, আইচক্ৰীম আৰু মিঠাইত কৰা হয়।

এভ’কাডোৰ খেতি ভাৰতত অতি বেছি পৰিমাণত নহ’লেও কিছু নিৰ্দিষ্ট অঞ্চলত কৰা হয়। ই এক উষ্ণ-উপউষ্ণ জলবায়ু প্ৰিয় ফল৷ বিশেষকৈ দক্ষিণ ভাৰতত ইয়াৰ খেতি সম্ভৱ হয়। ভাৰতৰ ভিতৰত কৰ্ণাটকৰ কোডাগু (Coorg), চিকমাগলুৰ (Chikmagalur), চামৰাজনগৰ (Chamarajanagar) জিলাসমূহত এভ’কাডোৰ ভাল খেতি হয়। তামিলনাডুৰ নীলগিৰি পাহাৰ অঞ্চল (Nilgiris), কোদাইকানাল (kodaikanal), কুনূৰ (Coonoor), ঊটি (Ooty) আদি অঞ্চলত এভ’কাডোৰ ভাল খেতি হয়। কেৰেলাৰ ইদুক্কি (Idukki), ৱয়নাড (Wayanad) আদি অঞ্চলত এভ’কাডোৰ ভাল খেতি হয়৷ মহাৰাষ্ট্ৰৰ কিছু অঞ্চলত পৰীক্ষামূলকভাৱে এভ’কাডোৰ খেতি চলিছে। আনহাতে, উত্তৰ-পূব ভাৰতত (North East India) এভ’কাডোৰ খেতি এতিয়াও সীমিত পৰিসৰত হ’লেও অত্যন্ত সম্ভাৱনাময়। এই অঞ্চলৰ  জলবায়ু, পাহাৰীয়া ভূ-প্রকৃতি আৰু জৈৱ খেতিৰ উপযোগী পৰিৱেশৰ বাবে এভ’কাডো খেতি উপযুক্ত। বিশেষকৈ ছিক্কিম, অসম, মেঘালয়, অৰুণাচল প্ৰদেশ আদি ৰাজ্যৰ কিছুমান অঞ্চলত কৃষকে সৰু পৰিসৰত ইতিমধ্যে এভ’কাডো খেতি আৰম্ভ কৰিছে।

এভ’কাডো এবিধ অত্যন্ত পুষ্টিকৰ আৰু বহুমুখী ফল, যাৰ বিভিন্ন ধৰণৰ স্বাদ ল’ব পাৰি। ই মাখনৰ দৰে কোমল, ক্ৰীমযুক্ত আৰু সুস্বাদু হোৱাৰ বাবে ইয়াক সাধাৰণভাৱে খোৱাৰ লগতে বিভিন্ন স্বাস্থ্যকৰ ৰেচিপিতো ব্যৱহাৰ কৰা হয়। এভ’কাডো বিভিন্ন ধৰণেৰে খাব পাৰি৷ সহজতে খাবলৈ হ’লে খোৱাৰ আগতে এভ’কাডোটো ভালদৰে ধুই ল’ব লাগে৷ এভ’কাডোটো দুফাল কৰি ছুৰি বা চামুচ ব্যৱহাৰ কৰি এভ’কাডোৰ গুটিটো আতৰাই ল’ব লাগে৷ পিছত ভিতৰৰ কোমল অংশখিনি উলিয়াই জোখত কাটি তাত পৰিমাণমতে নিমখ, নেমু ৰস আৰু জালুকৰ গুৰি ছটিয়াই পৰিবেশন কৰিব পাৰে৷ আনহাতে, এভ’কাডোৰ ভিতৰৰ কোমল অংশখিনি পিটিকি তাৰ লগত সৰু সৰুকে কুটা  পিয়াঁজ, বিলাহী, ধনিয়া পাত, নিমখ আৰু নেমুৰ ৰস মিশ্ৰণ কৰি এটা সোৱাদযুক্ত চাটনি বা ডিপ তৈয়াৰ কৰিব পাৰি৷ এই চাটনি ৰুটি বা ব্ৰেডত লগাই স্বাস্থ্যকৰ আৰু সোৱাদযুক্ত নাস্তাৰূপে খাব পাৰি৷ ফলমূল বা পাচলিৰ চালাডত বিভিন্ন চাইজত টুকুৰা কৰা এভ’কাডো যোগ কৰি চালাডৰ সোৱাদ বঢ়োৱাৰ লগতে স্বাস্থ্যকৰ চালাড প্ৰস্তুত কৰি খাব পাৰি। এভ’কাডোৰ লগত বিভিন্ন ধৰণৰ ফলমূল, দৈ আৰু অন্য উপাদান মিহলাই মিক্সীত ব্লেণ্ড কৰি এবিধ ক্ৰীমযুক্ত আৰু পুষ্টিকৰ স্মুথী প্ৰস্তুত কৰিব খাব পাৰি৷

সুস্বাস্থ্যত এভ’কাডোৰ ভূমিকাঃ

১) হৃদযন্ত্ৰ উন্নত কৰেঃ এভ’কাডোত আছে মনো-আনস্যাচুৰেটেড চর্বি (Monounsaturated fat), যাক নেকি স্বাস্থ্যকৰ চর্বি হিচাপে জনা যায়। ই ৰক্তত বেয়া কলেষ্ট্ৰল (LDL) কমায় আৰু ভাল কলেষ্ট্ৰল (HDL) বৃদ্ধি কৰে৷ কলেষ্ট্ৰলৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি হৃদৰোগৰ আশংকা হ্ৰাস কৰে৷

২) চকুৰ যত্নঃ ইয়াত থকা লুটেইন (Lutein) আৰু জেক্সানথিন (Zeaxanthin) নামৰ এণ্টিঅক্সিডেণ্টে চকুৰ দৃষ্টিশক্তি ভালে ৰাখে আৰু চকুৰ কোষবোৰক ক্ষয় হোৱা পৰা ৰক্ষা কৰে। এই এণ্টিঅক্সিডেণ্টে কনিষ্ঠ আৰু বৃদ্ধ লোক সকলৰ চকুৰ স্বাস্থ্য ভালে ৰাখে।

৩) ওজন নিয়ন্ত্ৰণত সহায় কৰেঃ এভ’কাডো ফল কম কেল’ৰিযুক্ত অথচ পুষ্টিকৰ হয়৷ এভ’কাডোত থকা ভিটামিন B কমপ্লেক্স আৰু পটেচিয়ামে শৰীৰৰ মেটাবলিক ক্ৰিয়া সক্ৰিয় কৰি ৰাখে, যিয়ে নেকি চর্বি দহনৰ প্ৰক্ৰিয়া বঢ়াই তোলে। এভ’কাডোত বহু পৰিমাণত আঁহ থাকে৷ আঁহ থকা খাদ্য খালে সহজে বেছিকে খাদ্য খোৱা নাযায় আৰু আঁহ পাকস্থলীত বেছি সময় থাকে বাবে সোনকালে ভোক নালাগে৷ সেয়ে ই ওজন নিয়ন্ত্ৰণত সহায় কৰে৷ আঁহে শৰীৰত চেনিৰ নিয়ন্ত্ৰণ কৰে, যাৰ ফলত ব্লাড চুগাৰ বেছি নাবাঢ়ে আৰু শৰীৰ সুস্থ ৰাখে।

৪) ছালৰ বাবে ভালঃ ছালৰ বাবে এভ’কাডো অতি উপকাৰী৷ এভ’কাডোত থকা ভিটামিন E ছালৰ কোষক ৰক্ষা কৰে আৰু অক্সিডেটিভ ক্ষতি হ্ৰাস কৰে। ভিটামিন C ক’লাজেন উৎপাদনত সহায় কৰে, যি ছালৰ বয়সৰ চাপ আৰু বলিৰেখা হ্ৰাস কৰে। এভ’কাডোত থকা পটেচিয়াম, ভিটামিন K, B5 আৰু B6 য়ে ছালৰ কোষ মজবুত কৰে আৰু ছালৰ স্বাভাৱিক উজ্জ্বলতাক পুনৰুদ্ধাৰ কৰে। এভ’কাডোৰ স্বাস্থ্যকৰ চৰ্বিয়ে ছালত আর্দ্ৰতা যোগাই  শুকান ছাল নৰম আৰু মসৃণ কৰি তোলে। এভ’কাডোত থকা প্ৰাকৃতিক এণ্টিঅক্সিডেণ্টে ছালৰ কোষবোৰ সজীৱ কৰি ৰখাৰ ওপৰি সূৰ্যৰ ক্ষতিকাৰক ৰশ্মিৰ পৰা ছালক ৰক্ষা কৰে।

৫) চুলিৰ বাবে ভালঃ এভ’কাডোত থকা স্বাস্থ্যকৰ চর্বিয়ে চুলিক আর্দ্ৰতা দিয়াৰ ফলত শুকান আৰু নিস্তেজ চুলিও মসৃণ আৰু কোমল হৈ উঠে। ভিটামিন E আৰু B কমপ্লেক্সে চুলিক শক্তি দিয়ে আৰু চুলি সৰা সমস্যা কমায়। এভ’কাডোৰ প্ৰাকৃতিক এণ্টিঅক্সিডেণ্টবোৰে চুলিক দীপ্তিময় আৰু জীৱন্ত কৰি তোলে। আনহাতে, পটেচিয়াম, ভিটামিন K আৰু অন্যান্য খনিজ উপাদানে মূৰৰ ছালৰ ৰক্তসঞ্চালন উন্নত কৰাৰ ফলত চুলি সুস্থভাৱে গজে।

৬) মগজুৰ বাবে ভালঃ এভ’কাডোত পোৱা স্বাস্থ্যকৰ চর্বিয়ে মগজুৰ কোষৰ গঠন সুস্থভাৱে বজাই ৰাখে আৰু মগজুৰ ৰক্তপ্ৰবাহ উন্নত কৰে৷ যাৰ ফলত অক্সিজেন আৰু গ্লু’কজ মগজুলৈ সহজে পৰিবহণ হয়। এভ’কাডোত থকা ভিটামিন B9 য়ে স্নায়ুতন্ত্ৰৰ সঠিক বিকাশ আৰু সুৰক্ষাত সহায় কৰে। আনহাতে, Vitamin E য়ে অক্সিডেটিভ চাপৰ পৰা মগজুৰ কোষসমূহ ৰক্ষা কৰে আৰু  বয়সজনিত স্মৃতি হেৰুৱা সমস্যাৰ পৰা ৰক্ষা কৰে৷

৭) অন্য উপকাৰিতাঃ এভ’কাডো হাঁড়ৰ বাবে খুবেই উপকাৰী৷ এভ’কাডোত মেগনেছিয়াম, ফচফৰাচ, মেংগানিজ আদি থকা বাবে আৰ্থাইটিছ আৰু অ’ষ্টিঅ’প’ৰ’চিছ ৰোগ নিয়ন্ত্ৰণত সহায় কৰে আৰু হাঁড় মজবুত কৰাত সহায় কৰে৷ আনহাতে ই ৰক্তচাপ নিয়ন্ত্ৰণ কৰাটো সহায় কৰে৷

যদিও এভ’কাডো খুবেই পুষ্টিকৰ ফল, তথাপি এভ’কাডো খোৱাৰ আগতে কিছুমান কথা আমি মনত ৰাখিব লাগিবঃ

— সীমিত পৰিমাণত খাব লাগে৷ এজন মানুহৰ বাবে দৈনিক এটা বা এফাল এভ’কাডো  যথেষ্ট।

— ওজন নিয়ন্ত্ৰণৰ কথা ভাবিলে এভ’কাডো খোৱাৰ পৰিমাণত লক্ষ্য ৰাখিব লাগে৷

— এভ’কাডো খোৱাৰ আগতে ভালকৈ ধুই লোৱা অত্যাৱশ্যক৷

— এভ’কাডো খোৱাৰ পিছত দেহৰ প্ৰতিক্ৰিয়া লক্ষ্য কৰিব লাগে৷  যদি কিবা অস্বাভাবিক অনুভৱ হয় তেন্তে লগে লগে খোৱা বন্ধ কৰিব লাগে।

— ঔষধ খাই থকা বা কিডনীৰ সমস্যা থকা ব্যক্তিয়ে পুষ্টিবিদ বা চিকিৎসকৰ পৰামৰ্শ লৈহে এভ’কাডো খাব লাগে৷

— এভ’কাডো গৰ্ভৱতী মহিলাৰ বাবে এক পুষ্টিকৰ আৰু নিৰাপদ খাদ্য। হিচাপত খালে মাতৃ-শিশু উভয়ৰে স্বাস্থ্যৰ বাবে উপকাৰী। প্ৰতিদিনে এটা বা এফাল খাব লাগে৷ যদি কোনো ধৰণৰ এলাৰ্জী বা কিডনীৰ সমস্যা থাকে, তেতিয়া চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

শেষত ইয়াকে ক’ব বিছাৰোঁ যে আপুনি যদি  স্বাস্থ্যৰ বিষয়ে সজাগ, আৰু দৈনিক আহাৰত সুস্থ বিকল্প বিচাৰি থাকে তেনেহ’লে এভ’কাডো আপোনাৰ খাদ্যৰ তালিকাত এটি অপৰিহাৰ্য সংযোজন হ’ব পাৰে। এভ’কাডো কেৱল এবিধ ফল নহয়, ই হৈছে আপোনাৰ স্বাস্থ্যৰ সঁচা বন্ধু। সহজে ব্যৱহাৰযোগ্য আৰু ৰন্ধনশৈলীৰ লগত খাপ খোৱাকৈ, এভ’কাডোক আহাৰ অভ্যাসত অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰা উচিত৷ অৱশ্যে অন্য খাদ্যৰ দৰেই প্ৰয়োজনতকৈ অধিক মাত্ৰাত খালে  কেতিয়াবা সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেয়ে ইয়াক সীমিতভাৱে খোৱা, শুদ্ধতা বজাই ৰখা আৰু এই খাদ্য খোৱাৰ ফলত দেখা দিয়া দেহৰ প্ৰতিক্ৰিয়াৰ ক্ষেত্ৰত সাৱধান থকাৰ লগতে বিশেষ অৱস্থাত বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত। পৃথিৱীৰ এটা অংশত জন্ম হোৱা এভ’কাডো নামৰ এই সেউজীয়া সোণবিধে নিজস্ব গৰিমাৰে আমাৰ খাদ্য সংস্কৃতিৰ লগত এক সুকীয়া স্থান দখল কৰিব পাৰিছে৷

You might also like

Comments are closed, but trackbacks and pingbacks are open.