আইনাত খাদ্য সম্ভাৰ

164

গায়ত্ৰী দেৱী বৰঠাকুৰ

আটা- আলু ম’ম

কি কি লাগিব
¤আটা তিনিকাপ
¤আলু তিনিটা
¤চীজ
¤জিৰা গুৰি
¤জলকীয়া গুৰি
¤ নিমখ
আটাখিনি নিমখ দি মঠি ল’ব। আলুকেইটা সিজাই লৈ বাকলি গুচাই জিৰা,জলকীয়া গুৰি আৰু নিমখ দি ভালকৈ সানি ল’ব।সৰু – সৰুকৈ লুচিৰ আকাৰত অলপ ডাঠকৈ বেলি লৈ তাত আলু সনা অলপ দিব।অলপ চীজ ভৰাই ম’মৰ চেপ দি মুখখন বন্ধ কৰি দিব। কাটাচামোচেৰে কাষত ডিজাইন কৰি দিব।এনেদৰেই বাকীখিনি আটাৰে ম’ম তৈয়াৰ কৰি ইডলী ষ্টেণ্ডত দিব।সহজতে এনেদৰে ঘৰতে ল’ব পাৰে স্বাস্থ্যসন্মত ম’মৰ সোৱাদ।

মচুৰ দাইল, আলু আৰু পনীৰৰ বৰ

কি কি লাগিব
¤অলপ মচুৰ দাইল
¤এটা সিজোৱা আলু
¤অলপ পনীৰ
¤গোটা জিৰা
¤ভজা বাদাম
‍¤অলপ বেচন
¤আদা
¤জলকীয়া
¤নিমখ

তৈয়াৰ কৰা প্ৰণালী
মচুৰ দাইল খিনি ভালদৰে ধুই অলপ সময় তিয়াই থৈ কুমলিলে নামমাত্ৰ পানী দি পনীৰ, জলকীয়া আৰু অকণমান আদাৰ সতে মিক্সিত পিহি ল’ব।এতিয়া সিজোৱা আলুটো পিহি লোৱা মচুৰ দাইলৰ মিশ্ৰণটোৰ সতে অলপ বেচন দি ভালদৰে সানি ল’ব।ভজা বাদাম অলপ গুৰি কৰি মিশ্ৰণটোত দিব ।অলপ গোটা জিৰা আৰু সোৱাদ অনুসৰি নিমখ দি মিশ্ৰণটো আটাইকেইটা উপকৰণৰ সতে ভালদৰে সানি ল’ব।টাৱা গৰম কৰি অকণমান ঘিঁউ লেটিয়াই বৰৰ আকাৰত চেপেটা আকাৰত দি কম জুইত ঢাকনি দি দুয়োটা ফাল ভালদৰে সেকা হ’লে ওপৰত চীজ দি ঢাকনি দিব।এই অৱস্থাত গেছটো বন্ধ কৰি দিব। চীজখিনি গলিলে গৰমে গৰমে নৰসিংহৰ চাটনি সতে আৰু বাকীসকলক ট’মেট চ’চ ৰ সতে সুন্দৰকৈ পৰিবেশন কৰিব।

চুজি আৰু আলুৰ ফিঙ্গাৰ ৰিং

কি কি লাগিব
¤আলু দুটা
¤চুজি একাপ
¤জিৰা গুৰি
¤নিমখ
প্ৰথমতে আলু দুটাৰ বাকলি গুচাই পিহনাত পিহি ল’ব। পিহি লোৱা আলুখিনি ডাঙৰ বাটি এটাত লৈ ভালকৈ চাফা পানী ওলোৱালৈকে ধুই ল’ব। তাৰপিছত চেপি পানীখিনি আঁতৰাই তাত চুজি কাপৰ সতে জিৰা গুৰি আৰু সোৱাদ মতে নিমখ দিব। ভালকৈ আটাইকেইটাই উপকৰণ সানি ল’ব।সানি হোৱাৰ পাছত আপোনাৰ মনপচন্দৰ আকাৰ দি ক’ম জুইত ভাজিব। অলপ ৰঙচুৱা যেন হ’লে পিনাট বাটাৰৰ সতে পৰিবেশন কৰিব।.ঘৰৰ বাকীসকলে ট’মেট চ’চৰ সতেও এই টেষ্টি ৰিঙৰ সোৱাদ ল’ব পাৰে।

ব্ৰেড আনবেকড

কি কি লাগিব
¤ব্ৰেড চাৰিখন
¤গাখীৰ এপোৱা
¤চেনি দুচামুচ
¤কাচটাৰ্ড পাউডাৰ দুচামোচ
¤আইচিং ক্ৰীম একাপ
¤চান পাপৰি বা পিষ্টা অলপ
প্ৰথমতে ব্ৰেডৰ চাৰিকাষ কাটি সমান কৰি ল’ব।গেছত গাখীৰ খিনি কম জুইত গৰম হ’বলৈ দি তাত চেনিখিনি দি অলপ লৰাব । গাখীৰখিনি অলপ ডাঠ হ’লে তাত (দুচামোচ মান পানীত গুলি) কাচটাৰ্ড পাউডাৰখিনি দি ডাঠ হোৱালৈকে লৰাই থাকিব। আইচিং ক্ৰীমখিনি আগতেই ভালদৰে ফেটি লৈ ফ্ৰীজত এঘন্টামান থৈ দিব।এতিয়া এখন প্লেটত প্ৰথমতে দুখন ব্ৰেড থৈ ওপৰত গাখীৰ আৰু কাচটাৰ্ড অলপ সানি লৈ পাতলৈকে আইচিং ক্ৰীম লগাই তাৰ ওপৰত আৰু দুখন ব্ৰেড দি আকৌ গাখীৰ- কাচটাৰ্ডৰ লেপ দিব। তাৰপিছত এইবাৰ বাকী থকা আইচিং ক্ৰীমখিনি ডাঠকৈ লগাব।গাৰনিচিঙৰ বাবে ওপৰত চান পাপৰি অলপ ছটিয়াই দিব।চান পাপৰিৰ ঠাইত পিষ্টাৰেও গাৰনিচিং কৰিব পাৰে।গাৰনিচ কৰি পাঁচ ঘন্টা মানৰ বাবে ফ্ৰীজত থৈ সুন্দৰকৈ আবেলি সময়ত পৰিবেশন কৰিব।সন্ধিয়াটো সুন্দৰ হৈ পৰিব।

ফোনঃ ৮৮২২৯-৪৩০৬৪

You might also like

Comments are closed, but trackbacks and pingbacks are open.