সুস্বাদু আৰু স্বাস্থ্য উপকাৰী বগৰী চাহ

11

স্বপ্না দাস

বগৰী আমাৰ তেনেই চিনাকি এবিধ ফল। এতিয়া বিভিন্ন জাত আৰু নানা সোৱাদৰ বগৰী আমি সহজেই পাওঁ যদিও বগৰী বুলিলে আমাৰ বাৰীয়ে-বননিয়ে গজা বগৰীবিধৰ কথা প্ৰথমতে মনলৈ আহে। সামান্য টেঙাৰে পৰিচিত বগৰীৰ সোৱাদ সুকীয়া। বাস্তৱত সামগ্ৰিকভাৱে ই মিঠা আৰু অলপ টেঙাৰ এক মনোমোহা মিশ্ৰণসম্পন্ন বগৰীৰে বিভিন্ন চাহ প্ৰস্তুত কৰিব পাৰি। সোৱাদ অনন্য; স্বাস্থ্য উপকাৰীও। তেনে কেইবিধমান বগৰীৰ চাহৰ প্ৰস্তুত প্ৰণালী—

বগৰীৰ ক্লাচিক চাহ

প্ৰয়োজনীয় সম্ভাৰ :

# ৫-৬টা শুকান বগৰী

# ২ কাপ পানী

# আদাৰ টুকুৰা বা অলপ মৌ

প্ৰস্তুত প্ৰণালী: 

প্ৰথমতে শুকান বগৰীকেইটা টুকুৰা-টুকুৰকৈ কাটি লওক; অথবা গোটে গোটেই ৰাখক। এটা চচপেনত ২ কাপ পানী উতলিবলৈ দি পানীখিনি উতলিলে তাত শুকান বগৰীখিনি দি দিয়ক। সোৱাদৰ ভিন্নতা বিচাৰিলে আদাৰ টুকুৰা বা সামান্য পৰিমাণে মৌ দিব পাৰে। আটাইখিনি ১০-১৫ মিনিটমান উতলিবলৈ দিয়ক।  ইয়াৰ পিছত চেকনিৰে চাহখিনি গৰমে গৰমে সেৱন কৰক। অনন্য সোৱাদ নহয়নে!

বগৰী-নেমু চাহ

 প্ৰয়োজনীয় সম্ভাৰ :

 # ৫-৬টা শুকান জুজুব

 # ২ কাপ পানী

 # আধা চামুচ নেমুৰ ৰস

 # সোৱাদ অনুসৰি মৌ

প্ৰস্তুত প্ৰণালী :

উল্লিখিত পৰিমাণৰ পানীখিনি উতলাই তাত শুকান বগৰীখিনি দি দিয়ক। তাৰ পিছত ৫ৰ পৰা সৰ্বাধিক ১০ মিনিট সময় বগৰী মিশ্ৰিত পানীখিনি পুনৰ জুইত ৰাখিব। ইয়াৰ পিছত চাহখিনি কাপত চেকি লওক। তাৰ পিছত তাত নেমুৰ ৰস আৰু মৌ দিয়ক। আটাইখিনি ভালদৰে লৰাই সতেজ সোৱাদৰ বগৰী-নেমু চাহ উপভোগ কৰক।

মচলাযুক্ত বগৰী চাহ

 প্ৰয়োজনীয় সম্ভাৰ :

 # ৫-৬টা শুকান বগৰী

 # ২ কাপ পানী

 # এটা বা দুটা লং

 # প্ৰয়োজন অনুসৰি দালচেনিৰ

 # মিঠাৰ বাবে মৌ

প্ৰস্তুত প্ৰণালী :

চচপেনত প্ৰয়োজন অনুসৰি পানী ৰাখি পানীখিনি উতলাই তাত একেলগে শুকান বগৰী, লং আৰু দালচেনি দিয়ক। আটাইখিনি প্ৰায় ১০-১৫ মিনিটমান সময় জুইত উতলিবলৈ দিয়ক। তাৰ পিছত ভালদৰে চেকি তাত সোৱাদৰ বাবে মৌ দিয়ক। হৈ গ’ল মচলাযুক্ত বগৰী চাহ।

ডায়েচু চ্চা (কোৰিয়ান বগৰী চাহ)

প্ৰয়োজনীয় সম্ভাৰ : 

# ১০-১২টা শুকান বগৰী

# ৪ কাপ পানী

# ২ চামুচ মৌ (ঐচ্ছিক)

# এটা দালচেনি (ঐচ্ছিক)

প্ৰস্তুত প্ৰণালী :

পানী আৰু শুকান বগৰীখিনি একেলগে জুইত উতলিবলৈ দিয়ক। ভালদৰে উতলাৰ পিছত জুই কমাই ২০-৩০ মিনিটমান ষ্টিমত ৰাখক। এনেদৰে ৰাখি পানী শুহি যাবলৈ দিয়ক। নিৰ্দিষ্ট সময় হোৱাৰ লগে লগে তাত দালচেনি দি পুনৰ ২-৩ মিনিটমান কম জুইত ৰাখক। তাৰ পিছত চাহখিনি চেকি পাঁচ মিনিটৰ বিৰতিত তাত প্ৰয়োজন অনুসৰি সোৱাদমতে মৌ দি পৰিবেশন কৰক।

বগৰীৰ পৰা প্ৰস্তুত কৰা এইধৰণৰ চাহৰ সুকীয়া সোৱাদ থকাৰ উপৰি ই হজম শক্তিত সহায় কৰা, কোষ্ঠকাঠিন্য দূৰ কৰা, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা, মানসিক চাপ হ্ৰাস কৰা, শৰীৰত এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী যৌগ প্ৰদান কৰা আদিৰ দৰে উপকাৰ সাধে।

ফোন : ৭০০২০২৫০৪৩

You might also like

Comments are closed, but trackbacks and pingbacks are open.