কন্টিনেন্টেল খাদ্যৰ বিষয়ে কিছু কথা…

2

পিংকি বৰুৱা

আমাৰ জীৱন ধাৰক খাদ্যঃ
মানুহৰ তিনিটা প্ৰয়োজনীয় মৌলিক আহিলাৰ ভিতৰত খাদ্যই হৈছে মুখ্য৷ খাদ্য শৰীৰৰ বাবে আৱশ্যকেই নহয়, ই অপৰিহাৰ্য। স্বাস্থ্যসন্মত সুস্বাদু খাদ্য গ্ৰহনে আমাৰ শৰীৰ আৰু মন তৃপ্ত কৰাৰ লগতে সুস্বাস্থ্য নিশ্চিত কৰে৷ মানুহ জীয়াই থাকিবলৈ খাদ্য অপৰিহাৰ্য৷ জুইৰ আৱিষ্কাৰৰ পূৰ্বে খাদ্যাভ্যাস আৰু জীৱন-ধাৰণ প্ৰণালীৰ ক্ষেত্ৰত ইতৰ প্রাণী আৰু মানুহৰ মাজত বৰ বিশেষ পার্থক্য নাছিল৷ ভোক নিবাৰণৰ বাবে ফলমূল , জীৱ-জন্তুৰ মঙহ , পােক-পৰুৱা আদি কেঁচাই ভক্ষণ কৰা আদিম মানৱে জুই ধৰাৰ কৌশলটো আয়ত্ত কৰাৰ পাছৰে পৰা জীৱন যাত্ৰাৰ ভালেখিনি উন্নতি হয়৷ বহু বিবৰ্তনৰ পিছতহে মানুহে সু-পৰিকল্পিতভাবে জীৱন-যাপন আৰু আহাৰ গ্ৰহণ কৰিবলৈ শিকিছে৷ আমি গ্ৰহণ কৰা খাদ্যসমূহ কেনেকৈ অধিক স্বাস্থ্যসন্মত আৰু সুস্বাদু কৰিব পাৰি তাৰ ওপৰত অতীজৰে পৰা বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলি আহিছে আৰু নিতৌ নতুন নতুন খাদ্যৰ উদ্ভাৱন হৈ আহিছে৷ প্ৰতিবিধ ব্যঞ্জন উদ্ভাৱনৰ একো একোটা ইতিহাস থাকে৷ আনহাতে প্ৰতিবিধ ব্যঞ্জনত নিজৰ ভৌগোলিক অৱস্থিতি আৰু সংস্কৃতিৰ  প্ৰভাৱ পৰিলক্ষিত হয়৷ ভাৰতীয় খাদ্য হ’ল ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত প্ৰচলিত বিভিন্ন ধৰণৰ খাদ্যৰ সংহতি। এই খাদ্যত তাৰ স্থানীয় উপাদান, মছলা, ৰন্ধন পদ্ধতিৰ এক বৈচিত্ৰ্যপূৰ্ণতা বিদ্যমান। কৰ্মসূত্ৰে ভাৰতৰ ভিন ভিন ঠাইত বসবাস কৰা লোকসকল অথবা বিয়া বাৰুৰ জৰিয়তে ইখন ঠাইৰ খাদ্যই সিখন ঠাইত প্ৰসাৰ লাভ কৰাত সহায় হৈছে৷ ইয়াৰ ফলত মানুহৰ মাজত সু-সম্পৰ্কও গঢ়ি উঠিছে৷ সময়ৰ লগে লগে মানুহৰ আহাৰ খোৱাৰ ৰুচিবোধৰো পৰিবৰ্তন হৈছে৷ জীয়াই থাকিবলৈ খাদ্য গ্ৰহণ কৰাটোৱে মুখ্য কাৰণ হৈ পৰা নাই বৰঞ্চ খাদ্য গ্ৰহণ কৰাটো এক কলাত পৰিণত হৈ পৰিছে৷

এতিয়া মানুহে নিজৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত থকা খাদ্যৰ জুতি লৈয়েই সন্তুষ্ট নাথাকে৷ সুবিধা পালেই দেশী-বিদেশী বিভিন্ন খাদ্যৰ সোৱাদ ল’বলৈ আগ্ৰহ প্ৰকাশ কৰে৷ আজিকালি মানুহে বিদেশী খাদ্যৰ সোৱাদ ল’বলৈ বিদেশলৈ যাব নালাগে৷ বৰঞ্চ ষ্টাৰযুক্ত বিভিন্ন হোটেল, ৰেস্তোৰা আদিত দেশী-বিদেশী বিভিন্ন খাদ্য সহজে উপলব্ধ৷ হোটেল, ৰেস্তোৰা নগ’লেও পৃথিৱীৰ যিকোনো দেশ এখনৰ খাদ্য খাবলৈ মন গ’লে ইন্টাৰনেটত ৰেচিপি চাৰ্চ কৰি ঘৰতে খাদ্যবিধ ৰান্ধি খাব পাৰি৷ আনহাতে সকলোৰে হাতত থকা স্মাৰ্টফোনটো টিপিয়ে অনলাইন অৰ্ডাৰ কৰি পিজ্জা, বাৰ্গাৰ, কেএফচি আদিৰ দৰে বিদেশী খাদ্যৰ সোৱাদ ঘৰতে ল’ব পাৰি৷

সাধাৰণতে যিকোনো খাদ্য প্ৰস্তুত কৰিবলৈ সেই ঠাইখিনিত সহজতে উপলব্ধ কেঁচা সামগ্ৰীৰ প্ৰয়োজন হয় আৰু সেই কেঁচা সামগ্ৰীৰ পৰাই তাত থকা স্থানীয় লোকসকলে খাদ্য ৰান্ধিবলৈ প্ৰয়াস কৰে৷ উদাহৰণস্বৰূপে সমুদ্ৰ তীৰত বাস কৰা লোকসকলে মাছ আৰু অন্য সামুদ্ৰিক প্ৰাণী ব্যৱহাৰ কৰি ব্যঞ্জন ৰান্ধিবলৈ প্ৰয়াস কৰাৰ দৰে পাহাৰীযা লোকসকলে তাত সহজতে উপলব্ধ সতেজ ফলমূল, শাক-পাচলি, গাখীৰৰ প্ৰডাক্ট আৰু শস্য ব্যৱহাৰ কৰি ব্যঞ্জন ৰান্ধিবলৈ প্ৰয়াস কৰে৷ খাদ্য সামগ্ৰী উপলব্ধ হ’লেই যে সেই ৰন্ধনে স্বীকৃতি পাইছে তেনে নহয়৷ বংশানুক্ৰমে চলি অহা পৰম্পৰা আৰু সাংস্কৃতিক কাৰণৰ বাবেও কিছুমান ব্যঞ্জন মানুহৰ মাজত বিশেষভাৱে জনপ্ৰিয়৷ ইটালী, চীন, ভাৰত, জাপান আদি দেশৰ ব্যঞ্জন তাৰ নিজস্ব স্বাদৰ বাবে জনা যায়৷

কন্টিনেন্টেল ফুড মানে কি?
পৃথিৱীৰ বিভিন্ন ঠাইৰ নিজস্ব সম্পদ আৰু ঐতিহ্য বহন কৰা বিভিন্ন খাদ্যৰ মাজত কন্টিনেন্টেল ফুড এক বিশেষ গৰিমাৰে খাদ্যৰসিকসকলৰ মাজত সমাদৃত হৈছে৷ “কন্টিনেন্টেল” শব্দটো প্ৰথমে বৃটিছসকলে ব্যৱহাৰ কৰিছিল আৰু লক্ষনীয় ভাবে বৃটিছসকলৰ ইংলিছ খাদ্য (English cuisine) কন্টিনেন্টেল ফুডৰ অন্তৰ্গত নহয়৷ মূলত পশ্চিম আৰু মধ্য ইউৰোপৰ কেইখনমান দেশ যেনে ফ্ৰান্স, ইটালী, জাৰ্মানী, স্পেইন, ছুইডেন আদি দেশৰ খাদ্য-সম্ভাৰসমূহ সামৰি “কন্টিনেন্টেল ফুড” নাম লৈ পৃথিৱীৰ চৌপাশে বিখ্যাত হৈ পৰে৷ কন্টিনেন্টেল ফুডৰ ওপৰি বিশ্বত জনপ্ৰিয় আন খাদ্যসমূহ হৈছে অৰিয়েণ্টেল ফুড ( জাপান, মালেয়েছিয়া, থাইলেণ্ড আদি দেশৰ খাদ্য), আইলেণ্ড কুইজিন (কেৰিবিয়ান দ্বীপপূঞ্জ, ভূমধ্যসাগৰীয় আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ খাদ্য), ইংলিছ কুইজিন (গ্ৰেট বৃটেইন), ইণ্ডিয়ান কুইজিন, চাইনিজ কুইজিন আদি৷ বেলেগ বেলেগ বেলেগ কুইজিনৰ নিজস্ব ইতিহাস আৰু স্বাদ থাকে৷ এই ব্যতিক্ৰমী স্বাদ সেই ঠাইৰ স্থানীয় কেঁচা খাদ্য সামগ্ৰী আৰু পৰম্পৰাগতভাবে চলি অহা ব্যঞ্জনৰ ৰেচিপিৰ পৰা আহে৷ ঠিক তেনেদৰে কন্টিনেন্টেল কুইজিন নিজৰ ভৌগোলিক অৱস্থান, সংস্কৃতি আৰু পৰম্পৰাৰ বাবে অদ্বিতীয়৷ এই খাদ্যসমূহ আকৰ্ষণীয় প্ৰস্তুতি, নিজস্ব সুস্বাদু ফ্লেভাৰ আৰু উচ্চ গুণসম্পন্ন সামগ্ৰীৰ বাবে বিখ্যাত৷ কন্টিনেন্টেল খাদ্য সুস্বাদু কৰিবলৈ বিভিন্ন ধৰণৰ হাৰ্ব আৰু চ’চৰ প্ৰয়োগ কৰা হয় আৰু অতি কম সময়তে ৰান্ধিব পাৰি৷ সাধাৰণতে এই খাদ্যসমূহ গ্ৰীল, বেক, ফ্ৰাই অথবা ৰোষ্ট কৰি ৰন্ধা হয়৷ কন্টিনেন্টেল খাদ্য ৰান্ধিবলৈ ব্যৱহাৰ কৰা মুখ্য সামগ্ৰী হৈছে অলিভ অইল, নহৰু, ৱাইন, বাটাৰ, চীজ আৰু বিভিন্ন ধৰণৰ হাৰ্ব (thyme, basil, parsley, rosemary, mint, oregano, dill, sage etc.) যিয়ে নেকি এই ব্যঞ্জনসমূহ সুস্বাদু কৰি তোলাত সহায় কৰে৷ কন্টিনেন্টেল খাদ্য সাধাৰণতে সঠিক জোখত কটা মাছ, মাংস আৰু সতেজ শাক-পাচলি, ফলমূল আদি ব্যৱহাৰ কৰি ৰন্ধা হয়৷ ভাৰতীয় বা এচিয়ান খাদ্যৰ দৰে ইয়াত অতিৰিক্ত তেল, মচলাৰ ব্যৱহাৰ নহয়৷ কন্টিনেন্টেল খাদ্য বিভিন্ন ধৰণৰ হ’লেও  কিন্তু ই স্বাস্থ্যকৰ খাদ্য হিচাপে পৰিচিত৷ এই ব্যঞ্জনসমূহত ব্যৱহৃত সামগ্ৰীসমূহ একেই হ’লেও কিন্তু সোৱাদত পাৰ্থক্য পৰিলক্ষিত হয়৷ কাৰণ সামগ্ৰীসমূহ একে হ’লেও  সেই ঠাইৰ পৰম্পৰা আৰু সংস্কৃতিয়ে ৰন্ধনত প্ৰভাৱ পেলায়৷

এইখিনিতে আমাৰ মনত প্ৰশ্ন জাগে কন্টিনেন্টেল খাদ্য আৰু অৰিয়েণ্টেল খাদ্যৰ মাজত পাৰ্থক্য কি? কন্টিনেন্টেল আৰু অৰিয়েণ্টেল খাদ্য একে নহয়৷ দুয়োটা বেলেগ বেলেগ পাক শৈলী৷ কন্টিনেন্টেল খাদ্য  বুলিলে মুখ্যত ইউৰোপীয় পাক শৈলীৰ বিভিন্ন সমৃদ্ধিশালী ব্যঞ্জনক বুজা যায়৷ আনহাতে অৰিয়েণ্টেল খাদ্য বুলিলে পূৱ এছিয়াৰ বিভিন্ন সুস্বাদু মুখৰোচক খাদ্যৰ কথা বুজা যায়৷ পূৱ এছিয়াৰ দেশবোৰৰ ভিতৰত থাইলেণ্ড, চীন, জাপান, কোৰিয়া আদি দেশৰ নাম ল’ব লাগিব৷ অৰিয়েণ্টেল খাদ্যত চাউল, দাইল, ঘেঁহু, চিকেন, মাটন, মাছ, বিভিন্ন চ’চ, নুডলছ, সতেজ শাকপাচলি আদিৰ ব্যৱহাৰ হয়৷  নুডলছ কন্টিনেন্টেল খাদ্যত পৰে নেকি বুলিও কিছুমান মানুহৰ মনত প্ৰশ্ন জাগিব পাৰে৷ কিন্তু নুডলছ কন্টিনেন্টেল খাদ্যত নপৰে৷ এছিয়াৰ দেশতহে নুডলছৰ জন্ম হৈছে বুলি জনা যায়৷ সাধাৰণতে আমাৰ মনত প্ৰশ্ন জাগে কন্টিনেন্টেল ব্ৰেকফাষ্ট আৰু বৃটিছ ব্ৰেকফাষ্ট একেইনে? ইয়াৰ উত্তৰত ক’ব বিছাৰোঁ কন্টিনেন্টেল ব্ৰেকফাষ্ট আৰু বৃটিছ ব্ৰেকফাষ্ট একে নহয়৷ কন্টিনেন্টেল ব্ৰেকফাষ্ট সহজতে প্ৰস্তুত কৰিব পৰা পাতলীয়া আহাৰ হয়৷  আনহাতে বৃটিছ ব্ৰেকফাষ্ট অলপ গধুৰ আৰু সৰহ পৰিমাণে থকা হয়৷ কন্টিনেন্টেল ব্ৰেকফাষ্টত কি কি খাদ্য পৰিবেশন কৰা হয় বুলি ক’লে আমি টোষ্ট, মাফিন, পেষ্ট্ৰী, ক্ৰ’ছন্ট, ব্ৰেড, চিৰিয়েল (cereal), ফল, ফলৰ ৰস, দৈ, চাহ, কফী আৰু অন্য বেক কৰা খাদ্য অন্তৰ্ভুক্ত হয়৷ লগত জাম, জেলী, বাটাৰ, চুগাৰ কিউব, গাখীৰ আদি থাকিব আৰু বুফে চিষ্টে’মত পৰিবেশন কৰা হয়৷ ষ্টাৰযুক্ত হোটেলসমূহত সাধাৰণতে ভাৰতীয় জলপানৰ লগতে কন্টিনেন্টেল ব্ৰেকফাষ্টো পৰিবেশন কৰা হয়৷ আনহাতে বৃটিছ ব্ৰেকফাষ্টত কণী, চ’চেজ, বেক বেকন, মাশ্বৰুম, বিলাহী, বীন, আলু, ব্ৰেড টোষ্ট, ক’লা বা বগা পুডিং আদি পৰিবেশন কৰা হয়৷ মাখন লগোৱা গৰম ব্ৰেডৰ লগত চাহ বা কফিৰ লগত এই ব্ৰেকফাষ্ট পৰিবেশন কৰা হয়৷

কন্টিনেন্টেল ফুড এনেকুৱা এটা শব্দ যাৰ ব্যৱহাৰ সাধাৰণতে ইউৰোপীয় খাদ্যৰ বিস্তাৰিত শৃংখলাৰ বৰ্ণনা দিবলৈ ব্যৱহাৰ কৰা হয়৷ যি নেকি বৰ্তমান পৃথিৱীৰ বিভিন্ন প্ৰান্তত থকা ৰেষ্টোৰাবিলাকৰ মুখ্য খাদ্য হৈ পৰিছে৷ ইয়াৰ ৰন্ধন কৌশল নিজৰ সুস্বাদু গুণ, আকৰ্ষণীয় প্ৰস্তুতি, সতেজ আৰু উচ্চ গুণসম্পন্ন সামগ্ৰীৰ ব্যৱহাৰৰ বাবে বিখ্যাত৷

কন্টিনেন্টেল ব্যঞ্জন ৰন্ধা কৌশলসমূহঃ
১) বেকিং (Backing)— সাধাৰণতে কেক, পেষ্ট্ৰী, পাই আদি প্ৰস্তুত কৰিবলৈ বেকিংৰ দৰকাৰ হয়৷
২)গ্ৰীলিং (Grilling)— মাছ, মাংস আৰু বিভিন্ন পাচলি আদি স্ম’কী আৰু ক্ৰীচপি ফ্লেভাৰৰ বাবে গ্ৰীলত দি প্ৰস্তুত কৰা হয়৷
৩)ষ্টুইং (Stewing)— মাংস, পাচলি তথা অন্য সামগ্ৰী একেলগে লৈ চচপেন বা প্ৰেচাৰ কুকাৰত দি লাহে ধীৰে দীঘলীয়া সময় লৈ ৰন্ধা হয় আৰু উচ্চ গুণসম্পন্ন টেষ্টী ব্যঞ্জন প্ৰস্তুত হয়৷
৪)ৰ’ষ্টিং (Roasting)— মাছ, মাংস আৰু বিভিন্ন পাচলি গ্ৰীল বা অভেনত দি ৰ’ষ্ট কৰা হয়৷

মানুহৰ মাজত বিশেষভাবে জনপ্ৰিয় কেইখনমান দেশৰ কেইবিধমান কন্টিনেন্টেল খাদ্যৰ উদাহৰণঃ—
ফ্ৰান্সঃ ৰটেটুই (Ratatouille), ক্ৰ’ছন্ট (Croissants), ষ্টেইক ফ্ৰিটচ্‌ (Steak frites), বাগেট (Baguette), অনিয়ন চুপ (Onion soup), ফ্ৰেন্স চ’চেজ (French sausage) আদি৷

ইটালীঃ পিজ্জা মাৰ্ঘেৰিটা (Pizza margherita), ৰিচ’টো (Risotto), লাচাংগা (Lasagna), টিৰামিচু (Tiramisu), ব্ৰুচকেটা (Bruschetta), পাস্তা কাৰ্ব’নাৰা (Pasta carbonara),স্পেগেটি বৌল’গ্নিজ (Spaghetti bolognese) আদি৷

স্পেইনঃ পায়েলা (Paella), টাপেচ (Tapas), গাজপাচ’ (Gazpacho), ট’ৰটিয়া এচপেনৌলা (Tortilla española), ছুৰ’জ কন চকলেট (Churros con chocolate), পাটাটাচ ব্ৰাভাচ (Patatas bravas)আদি৷

জাৰ্মানীঃ ব্লেক ফৰেষ্ট কেক ( Black forest gateau/Schwarzwälder kirschtorte), চাউৱাহক্ৰাউট (Sauerkraut), স্নিটজেল (Schnitzel), কাৰীৱস্ত (Currywurst), চৌৰব্ৰাটন (Sauerbraten), স্পেটজ্লা (Spätzle) আদি৷

ইন্টাৰনেটত ৰেচিপি চাৰ্চ কৰি ঘৰত সহজতে প্ৰস্তুত কৰি খাব পৰা কেইবিধমান জনপ্ৰিয় কন্টিনেন্টেল ব্যঞ্জনৰ বিষয়ে তলত উল্লেখ কৰা হ’লঃ—

*ফ্ৰেন্স ট’ষ্ট (French toast)— ফ্ৰেন্স ট’ষ্ট ইউৰোপীয় দেশ আৰু আমেৰিকাৰ লোকসকলৰ জনপ্ৰিয় ব্ৰেকফাষ্ট বা জলপান বুলি ক’ব পাৰি৷ ব্ৰেডৰ টুকুৰা অলপ লৈ ফেটি লোৱা কণী আৰু গাখীৰৰ মিশ্ৰণত ডুবাই পেনত ভজা হয়৷ তাৰপিছত ভাজি লোৱা ব্ৰেডৰ টুকুৰাবোৰৰ ওপৰত মেপল চিৰাপ, হুইপ ক্ৰীম, চেনিৰ গুৰি, পচন্দৰ বেৰী ফলৰ টুকুৰা বা কলৰ টুকুৰা আদি মিহলাই পৰিবেশন কৰা হয়৷

*চীজাৰ চালাড (Caesar Salad)— কন্টিনেন্টেল ব্যঞ্জনত সুন্দৰকৈ কাটি ধুনীয়াকে সজাই  পৰিবেশন কৰা সেউজীয়া চালাডৰ গুৰুত্ব আছে৷ চীজাৰ চালাডৰ আৱিষ্কাৰ ইটালীৰ বিখ্যাত চেফ চীজাৰ কাৰ্ডিনীয়ে কৰিছিল৷  চীজাৰ চালাডত ব্ৰেড ক্ৰুটন, লেক্টুছ, অলিভ অইল, পাৰ্চমেন চীজ, নেমু ৰস, নহৰু আৰু কণী ব্যৱহাৰ কৰা হয়৷

*পেনকেক (Pancake)— পেনকেক প্ৰস্তুত কৰিবলৈ ময়দাৰ লগত কণী, গাখীৰ আৰু মাখনৰ প্ৰয়োজন হয়৷ পেনকেকৰ লগত মেপল চিৰাপ, হুইপ ক্ৰীম আৰু  বেৰী ফলৰ টুকুৰাৰে সজাই পৰিবেশন কৰা হয়৷ গ্ৰীচ আৰু ৰোম দেশৰ পৰা উৎপত্তি হোৱা এই ব্যঞ্জনবিধ বিশেষভাবে জনপ্ৰিয়৷

*চীজ পিজ্জা (Cheese pizza)— শাকপাচলি খাই ভাল নোপোৱাসকলৰ বাবে ইটালীৰ চীজ পিজ্জা নামৰ ব্যঞ্জনবিধ উত্তম বুলি ক’ব পাৰি৷ এই পিজ্জাবিধত ৰং বিৰঙি বিভিন্ন পাচলি নথকাৰ বাবে দেখিবলৈ আকৰ্ষণীয় নহয় যদিও ইয়াত থকা অতিৰিক্ত চীজ, চ’চ আৰু মচলাৰ সংমিশ্ৰণৰ বাবে খাবলৈ সুস্বাদু হৈ পৰে৷

*ফ্ৰেন্স ফ্ৰাই (French fries)— ফ্ৰেন্স ফ্ৰাই আটাইতকৈ বেছি লোকপ্ৰিয় কন্টিনেন্টেল খাদ্য হয় বুলি ক’ব পাৰি৷ আলু গৰম তেলত মচমচীয়াকে ভাজি ফ্ৰেন্স ফ্ৰাই প্ৰস্তুত কৰা হয়৷ অৱশ্যে তেলত ভজাৰ আগতে আলুখিনি নিৰ্দিষ্ট জোখত কাটি  গৰম তেলত ভাজিব পৰাকে কিছু কৌশল অৱলম্বন কৰিব লগা হয়৷ ক্লাছিক  ফ্ৰেন্স ফ্ৰাইৰ পৰা মেক্সিকান চালচা ফ্ৰাইলৈকে ফ্ৰেন্স ফ্ৰাইয়ে বহু বাট অতিক্ৰম কৰিছে৷ এসময়ত বাৰ্গাৰ বা পিজ্জাৰ লগত চাইড ডিশ্ব হিচাপে থকা ফ্ৰেন্স ফ্ৰাইয়ে ইয়াৰ নিজস্ব স্বাদৰ বাবে বিখ্যাত হৈ পৰিছে৷

*ক্ৰিস্পী কেলামাৰী ৰিং (Crispy calamari rings)— খুউব সহজতে প্ৰস্তুত কৰিব পৰা ইটালীৰ এই ব্যঞ্জনবিধত স্কুইড (Squid) ময়দা, কৰ্ণফ্ল’ৰ, জালুক আদিৰ মিশ্ৰণত ডুবাই ফ্ৰাই কৰি থাই চিলি চ’চ আৰু পাৰ্চলেৰ লগত পৰিবেশন কৰা হয়৷

*হেচলবেক পটেট’ (Hasselback potatoes)— ছুইডেননৰ এই ব্যঞ্জনবিধত পাতলকৈ স্লাইচ কৰা আলুৰ  লগত অলিভ অইল/মাখন, নহৰু, হাৰ্ব, চীজ আদি মিহলাই প্ৰস্তুত কৰা হয়৷ ছুইডেনৰ খাদ্যও কন্টিনেন্টেল খাদ্যৰ তালিকাত আহে৷

*পৌম ডৌচেচ (Pommes duchesse)— এবিধ ক্লাছিক ফ্ৰেন্স চাইড ডিশ্ব হয়৷ সিজোৱা আলু পিটিকা কৰি তাত কণী, মাখন আৰু অন্যান্য মচলা মিহলাই পাইপিং বেগত ভৰাই বিভিন্ন আকাৰ দি অভেনত সোণোৱালী ৰং হোৱাকে বেক কৰা হয়৷

কন্টিনেন্টেল ব্যঞ্জন ৰন্ধনত চ’চৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ বিভিন্ন ধৰণৰ চ’চৰ ব্যৱহাৰে খাদ্যসমূহক সুস্বাদু কৰাৰ লগতে খাদ্যৰ গুণাগুণ বৃদ্ধি কৰে৷ কন্টিনেন্টেল ব্যঞ্জনত ব্যৱহাৰ হোৱা পাঁচবিধ মাডাৰ  চ’চৰ বিষয়ে উল্লেখ কৰা হ’লঃ—

ভেলৌটে চ’চ (Velouté)— মাছ, মাংসৰ ষ্টকেৰে প্ৰস্তত কৰা পাতল ক্ৰীমি চ’চ৷

বেচামেল চ’চ (Béchamel)— গাখীৰ, মাখন আৰু আটা/ময়দাৰে মিশ্ৰণেৰে তৈয়াৰী ডাঠ ক্ৰীমি চ’চ৷

ট’মেটো চ’চ (Tomato Sauce)— বিলাহী, পিয়াঁজ, নহৰু আদিৰে প্ৰস্তুত কৰা এবিধ চ’চ৷

এচপ্যানল (Espagnole)— বীফ, ব্ৰাউন ষ্টক, বিলাহী পেষ্ট আদিৰে প্ৰস্তুত কৰা এবিধ ব্ৰাউন চ’চ৷

আলফ্রেডো চ’চ (Alfredo)— বাটাৰ আৰু চীজেৰে তৈয়াৰী এবিধ চ’চ৷

হ’লেণ্ডডেইজ চ’চ (Hollandaise)— কণী, বাটাৰ, নেমু ৰস আদিৰে প্ৰস্তুত কৰা এবিধ চ’চ৷

পাৰম্পৰিক কন্টিনেন্টেল কুইজিনৰ মেনু বহুত সাৱধানেৰে মিলাই প্ৰস্তুত কৰা হয়৷ ইয়াত এটাৰ লগত আনটো ব্যঞ্জন মিলাকৈ বিভিন্ন ধৰণৰ সুস্বাদু ব্যঞ্জন আছে৷ যিয়ে কন্টিনেন্টেল খাদ্যৰ ভিন্ন স্বাদ আৰু ফ্লেভাৰৰ আনন্দ দিয়ে৷ সেইবাবে কন্টিনেন্টেল খাদ্য গ্ৰহণ আনন্দদায়ক আৰু স্মৰণীয় হৈ পৰে৷ প্ৰথমতে,  ষ্টাৰ্টাৰ (Appetizer) ত চুপ, চালাড, ফ্ৰাইজাতীয় পাতল আহাৰ লোৱা হয়৷ যিয়ে নেকি ভোক বঢ়োৱাত সহায় কৰে৷ দ্বিতীয়তে, মুখ্য আহাৰ (Main course)ত প্ৰ’টিনযুক্ত খাদ্য যেনে বিভিন্ন কৌশলেৰে ৰন্ধা মাছ-মাংস, পাচলি আৰু ভাত বা সিজোৱা আলুৰ ব্যঞ্জন পৰিবেশন কৰা হয়৷ শেষত, মিঠা ব্যঞ্জন (Dessert) ত কেক, পেষ্ট্ৰী, পুডিং, টাৰ্ট আদিৰ দৰে নিজৰ পচন্দৰ মিঠা ব্যঞ্জনেৰে খাদ্য সমাপ্ত কৰা হয়৷

সাধাৰণতে মানুহৰ মনত প্ৰশ্ন জাগে কন্টিনেন্টেল খাদ্য স্বাস্থ্যৰ কাৰণে ভাল হয়নে? ইয়াৰ উত্তৰত ইয়াকে ক’ব পাৰি যে যিকোনো খাদ্য কোনোবা বিশেষ ব্যক্তিৰ বাবে উপকাৰী নে  অপকাৰী হ’ব সেইটো সেই বিশেষ ব্যক্তিজনৰ খাদ্যৰ চাহিদা তথা তেখেতৰ স্বাস্থ্যৰ ওপৰত নিৰ্ভৰ কৰে৷ কন্টিনেন্টেল ফুডত অধিক মাত্ৰাত প্ৰ’টিন আৰু কম পৰিমাণে কেলৰি থাকে৷ কিন্তু পেষ্ট্ৰী, মাফিন আদিৰ দৰে ব্যঞ্জনত শৰ্কৰাযুক্ত কাৰ্বহাইড্ৰেট অধিক পৰিমাণে থাকে৷ সেয়ে ইয়াক নিয়মিতভাবে গ্ৰহণ কৰিলে স্বাস্থ্যত বিৰূপ প্ৰভাৱ পৰিব৷ কন্টিনেন্টেল খাদ্যত প্ৰচুৰ পৰিমাণে শাক-পাচলি, মাছ, মাংস, চৰ্বিহীন প্ৰ’টিন অৰ্থাৎ স্বাস্থ্যকৰ প্ৰ’টিন থাকে৷ সেয়ে  কন্টিনেন্টেল খাদ্যক স্বাস্থ্যসন্মত খাদ্য হিচাপে বিবেচনা কৰা হয়৷ উদাহৰণস্বৰূপে মাছ বা পনিৰৰ লগত তৈয়াৰ কৰা কিছুমান খাদ্য বাটাৰ বা ক্ৰীমৰ পৰিবৰ্তে স্বাস্থ্যকৰ তেলত  ৰন্ধা হয়৷ আনহাতে কিছুমান কন্টিনেন্টেল খাদ্যত বাটাৰ বা ক্ৰীমৰ পয়োভৰ বেছি৷ সেইবোৰ খাদ্য স্বাস্থ্যসন্মত নহবও পাৰে৷ সেয়ে কন্টিনেন্টেল খাদ্য স্বাস্থ্যসন্মত হয়নে নহয় জানিবলৈ সেই খাদ্যবিধ খোৱাৰ আগতে কোনবিধ স্বাস্থ্যসন্মত খাদ্য আপুনি গ্ৰহণ কৰিছে বা খাদ্যবিধ কেনেকৈ ৰন্ধা হৈছে বা আপোনাৰ শৰীৰক কিমান কেলৰিৰ খাদ্যৰ প্ৰয়োজন সেই অনুপাতে কিমান খাদ্য গ্ৰহণ কৰিব লাগিব সেই বিষয়ে জনাটো প্ৰয়োজন৷ তথাপি মুখৰ ৰুচিৰ বাবে কেতিয়াবা নিজৰ পচন্দৰ এসাঁজ খাব পাৰি৷

You might also like

Comments are closed, but trackbacks and pingbacks are open.