নাট্যকথা : শংকৰ গুৰু আমাৰে

85

অৰূপ ৰাজ কলিতা

‘মঞ্চ সৰুপেটা’ৰ ৰাষ্ট্ৰীয় নাট সমাৰোহত হিল্লোল কুমাৰ পাঠকৰ ৰচনাৰে প্ৰসিদ্ধ পৰিচালক ৰণহাং চৌধুৰী আৰু সহ পৰিচালক অভিজিৎ চুতীয়াৰ নাটক ‘শংকৰ গুৰু আমাৰে’ চোৱাৰ সুযোগ মিলিল।

সাম্প্ৰতিক সময়ৰ সামাজিক- ৰাজনৈতিক প্ৰেক্ষাপটত ধৰ্মীয় মেৰুকৰণৰ যি প্ৰৱল প্ৰভাৱ,গুৰুজনাক লৈ হোৱা জাকজমকতা,হৈ ছৈ লগতে গুৰু জনাৰ সকলো আদৰ্শ সকলো চিন্তাক একাষৰীয়া কৰি অকল ব্যক্তি লাভৰ স্বাৰ্থতে কৰা চল চাতুৰীক মূল উপজীৱ্য হিচাপে লৈ নাটকখনৰ মূল কাহিনী ভাগ আগবাঢ়িছে। নামনি অসমৰ বিশেষকৈ বৰপেটা,ভৱানীপুৰ, সৰুপেটাক কেন্দ্ৰ কৰি প্ৰচলিত জনপ্ৰিয় বীৰনামক এক সুকীয়া মাধ্যম হিচাপে লৈ মঞ্চ সৰুপেটাই পৰিৱেশন কৰিছে শংকৰ গুৰু আমাৰে শীৰ্ষক নাটক খনৰ।

নামঘৰত অনুষ্ঠিত এখন ভাওনাত প্ৰতাপ নামৰ এজন শিল্পীয়ে মদ্যপান কৰি ভাওনাত অংশগ্ৰহণ কৰিছে। নিচাৰ ভমকত প্ৰতাপে ভাওনাৰ বচন পাহৰি যিহকে আহিছে মুখত তাকেই গাইছে। তাকে দেখি নাটকখনৰ মুখ্য চৰিত্ৰ ৰুদ্ৰই খুব সন্তৰ্পনে তাক বুজাইছে এইয়া আখৰা নহয়, আজি মূল ভাওনাখনেই অনুষ্ঠিত হৈ আছে। ভালকৈ বচনবোৰ গা। তেতিয়ালৈকে ৰুদ্ৰই অনুমানেই কৰিব পৰা নাই যে প্ৰতাপে মদ খাই আহিছে,ইতিমধ্যে তেওঁ নিচাৰ কোবত পৰি গৈছে মাটিতে আৰু যেতিয়া ৰুদ্ৰই অনুমান কৰিব পাৰিলে তেওঁৰ সহযোগী চৰিত্ৰটোৱে মদ্যপান কৰি নামঘৰলৈ আহিছে ৰুদ্ৰ গৰজি উঠিল। গৰজি উঠিল তাৰ ভিতৰত লালিত হোৱা শংকৰদেৱৰ আদৰ্শ,চিন্তা, নীতিক বিশ্বাস কৰা ভিতৰৰ অন্য চৰিত্ৰ এটাই আৰু নামঘৰৰ মজিয়াতে তেওঁ গৰজি উঠিল কু সংস্কাৰী ধ্বংসাৱশেষ সমাজৰ বিপৰীতে। ৰুদ্ৰ নামৰ সেই বিশেষ চৰিত্ৰটোক কেন্দ্ৰ কৰি নাটকখনৰ প্ৰস্তাৱনাৰ দৃশ্যটো খুব আকৰ্ষণীয়কৈ উপস্থাপন কৰা হৈছে। শংকৰদেৱৰ আদৰ্শক মনে প্ৰাণে ধাৰণ কৰা, তেওঁৰ সৃষ্টিক ,তেওঁৰ বৈজ্ঞানিক মনঃস্তত্ত্বক অনুধাৱন কৰি নিজৰ কৰ্ম,সংস্কৃতি,আদৰ্শত উজ্জীৱিত কৰিব খোজা এটা গাঁৱলীয়া সাধাৰণ চৰিত্ৰ। কিন্তু, এই চৰিত্ৰটোৰ মাজেৰে গোটেই নাটকখনতে তিনিচোৱা বেলেগ বেলেগ সময়ৰ কেইটামান বিশেষ চৰিত্ৰক নাটকখনত মাজেৰে উপস্থাপন কৰা হৈছে। যি চৰিত্ৰ সমূহ শ্ৰীমন্ত শংকৰদেৱৰ সৈতে আজিও প্ৰাসংগিক।

ৰুদ্ৰৰ মাজেৰে নাটক খনত সেইজন অসমীয়াক উপস্থাপন কৰা হৈছে।

এটা বিশেষ দৃশ্যত প্ৰৱল বানপানীয়ে উটুৱাই নিছে গাঁওখনৰ ঘৰ দুৱাৰ, গাই-গৰু,গাঁৱৰ মানুহ বোৰ ঘৰ বাৰী এৰি ওখ ঠাইত আশ্ৰয় লৈছে। সেই বানপানীয়ে ৰুদ্ৰৰ মাক দেউতাককো উটুৱাই লৈ গৈছে। ৰুদ্ৰৰ কিন্তু কোনো ভ্ৰূক্ষেপ নাই। মাথো গুৰুআসনখনক বুকুত বান্ধি সি ৰৈ গৈছে। গুৰু আসনখন কিবা কৈ উটি যাব লাগিলে গোটেই জাতিটো যেন উটি যাব, সেই ভয়ে তেওঁক খুলি খাইছে। সেই গুৰু আসনৰ সন্মুখত কোনোবাই মদ্যপান কৰি ভাওনাৰ বচন গাব, সি চাই থাকিব এইয়া কি সম্ভৱ! যিজনা গুৰুৱে জাতিটোক ঢাপে ঢাপে সংস্কাৰ,সংস্কৃতিৰ পাঠ শিকাই গ’ল সেইজন গুৰুক ৰক্ষণাবেক্ষণ দিবলৈ সি অতীজৰ গোবিন্দ চান্দ নাইবা নাৰায়ণ দাস ঠাকুৰ হ’বলৈ সাজু।

কোন গোবিন্দ চান্দ নাইবা নাৰায়ণ দাস ঠাকুৰ ?

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৈতে সংপিত্ত হৈ থকা অথচ ইতিহাসৰ পৃষ্ঠাতো বিশেষভাবে আলোচনা নোহোৱা দুটা বিশেষ চৰিত্ৰ গোবিন্দ চান্দ আৰু নাৰায়ণ দাস ঠাকুৰক নাটক খনৰ মাজেৰে সাৱলীলভাৱে দৰ্শকৰ মাজত চিনাকি কৰাই দিছে নাট্যকাৰে। এয়া নাট্যকাৰৰ শংকৰদেৱ সম্পৰ্কে অধিক অধ্যয়ন উজ্বল প্ৰতিফলন বুলি ক’ব লাগিব।

উজনি অসমৰ পৰা নামি আহি আজিৰ বৰপেটা তাহানিৰ তাতিকুচিত থাকি একশৰণ নাম ধৰ্মক একাণপতীয়াকৈ প্ৰচাৰ কৰাৰ সময়তে কোঁচ ৰাজ্যৰ ৰজা নৰনাৰায়ণৰ ৰাজপণ্ডিত বিদ্যাবাগীশ চক্ৰৱৰ্তী ৰজাৰ আগত শংকৰদেৱৰ বিপক্ষে নানা কথাৰে চক্ৰান্তৰ জাল তৰে। শংকৰদেৱ ব্ৰাহ্মণ বিদ্বেষী। যি ৰাজ্যত ব্ৰাহ্মণৰ আদৰ নাই সেই ৰাজ্য অধপতনে যাব, সেয়ে শংকৰক বন্দী কৰিব লাগে। বিদ্যাবাগীশ চক্ৰৱৰ্তীৰ কথাকে বিশ্বাস কৰি ৰজাই তাতিকুচিলৈ চন্তৰী পঠিয়াই শংকৰদেৱৱ নিঃশেষ কৰিবলৈ।

 ৰজাৰ চন্তৰীৰ পৰা শংকৰদেৱক নিলগাই ৰাখি তেওঁৰ আদৰ্শ চিন্তাক অসমীয়া সমাজত জীয়াই ৰখাৰ স্বাৰ্থত গোবিন্দ চান্দ আৰু নাৰায়ণ দাস ঠাকুৰ নামৰ দুটা সেই সময়ৰ বাস্তৱ চৰিত্ৰই চন্তৰীৰ হাতত মৃত্যু বৰণ কৰে। তথাপিও শংকৰদেৱৰ বতৰা নিদিয়ে। নামঘৰৰ মণিকুট ধ্বংস কৰিব নিদিয়ে ৰুদ্ৰই। সেই গোবিন্দ চান্দ আৰু নাৰায়ণ দাস ঠাকুৰ হৈ আজিৰ সময়ত থিয় হ’ব খোজে। নিজৰ পত্নীৰ আগত এই কথাকে তেওঁ চিঞৰি চিঞৰি কয়। তেওঁ থাকোতে গুৰুজনাক কোনেও অপমান কৰিব নোৱাৰিব,কোনেও। যিদৰে গোবিন্দ চান্দ আৰু নাৰায়ণ দাস ঠাকুৰ থিয় হৈছিল তাহানিতে শংকৰদেৱক নিঃশেষ কৰিব খোজা চন্তৰীৰ সন্মুখত। আজি ৰুদ্ৰ থিয় হৈ থাকিব শংকৰদেৱৰ আদৰ্শ সংস্কৃতিক মষিমূৰ কৰিব খোজা অপশক্তিৰ বিপক্ষত।

নাটকখনত চিলাৰায়ৰ চৰিত্ৰটোক বৰ কৌশলগত পৰিকল্পনাৰে উপস্থাপন কৰা হৈছে।

এদিন সন্ধিয়া চিলাৰায়ৰ পত্নী কমলাপ্ৰিয়াই মনমেৰি ৰাম শীৰ্ষক বৰগীতটো গুণগুণাই সন্ধিয়াৰ চাকি জ্বলাই থাকে। সেই বৰগীতৰ সুৰে চিলাৰায়ক এনেদৰে মোহাচন্ন কৰে যে পত্নীয়ে ক’ৰ পৰা তুলি আনিছে এই সুৰ জানিবলৈ উদগ্ৰীৱ হৈ পৰে। কমলাপ্ৰিয়াই এই সুৰ,সুৰকাৰৰ কথা ক’বলৈ গৈ কৈ পেলাই এয়া মোৰ বৰপিতা শংকৰৰ সুৰ,কথা। যিজন শংকৰক তেওঁৰ ৰজা নৰনাৰায়ণে বন্দী কৰিব খোজে। পত্নীৰ মুখত শংকৰদেৱৰ গুণগৰিমা শুনি চিলাৰায় তেওঁৰ প্ৰতি প্ৰভাৱিত হয় আৰু নৰনাৰায়ণৰ বিপক্ষে থিয় হৈ শঙ্কৰদেৱেৱক সুৰক্ষা প্ৰদান কৰি তেওঁৰ সৃষ্টিক দশোদিশে বিয়পাবলৈ সংকল্পবদ্ধ হয়। ইতিহাসৰ এনে বহুকেইটা চৰিত্ৰৰ মাজেৰে সাম্প্ৰতিক সময়ত শংকৰদেৱৰ নাম চলচতুৰ ৰাজনৈতিক যুঁজ,শংকৰক লৈ হোৱা সমাজৰ বিভ্ৰান্তিকৰ চিন্তা তেওঁৰ সকলো আদৰ্শক মচিব খোজা তেওঁক লৈ চক্ৰান্ত কৰা সকলৰ বিপৰীতে আজিৰ সময়ৰ গোবিন্দ চান্দ, নাৰায়ণ দাস নাইবা চিলাৰায় হৈ ৰুদ্ৰ থিয় হ’ব,তাকেই নাটকখনত সাৱলীলভাৱে উপস্থাপন কৰা হৈছে।

শংকৰ গুৰু আমাৰ ভৈলা অৱতাৰ,ইবাৰ কৰিও গুৰু জগত উদ্ধাৰ….

শীৰ্ষক নাম ফাঁকি গাই গাই গোবিন্দ চান্দ আৰু নাৰায়ন দাস ঠাকুৰে গোটেই নাটকৰ বেলেগ বেলেগ সময় খিনিক বান্ধি ৰাখিছে। যি দুটা চৰিত্ৰৰ মাজেৰে গোটেই নাটকখনৰ আঁতডাল ধৰি ৰখা হৈছে সময়ৰ সোঁতত গুৰুজনাৰ প্ৰতি হোৱা অহেতুক চিন্তা,বিভ্ৰান্তিৰ আলোচনা নাইবা তেওঁৰ আদৰ্শক মচি দিব খোঁজা কুটিদ চৰিত্ৰবোৰৰ বিপৰীতে প্ৰতিজন সাধাৰণ অসমীয়াৰ মনৰ মাজত যে এজন এজন গোবিন্দ চান্দ নাইবা নাৰায়ণ দাস ঠাকুৰ সজীৱ হৈ আছে তাকেই নাটকখনৰ মাজেৰে মানুহক বুজাই দিব খোজা হৈছে। নাটকখনক খুব কঠিন শৈলী এটাৰে এনেদৰে উপস্থাপন কৰা হৈছে যৈ খুব সুক্ষ্মভাৱে পৰ্যবেক্ষণ নকৰিলে এই কথা অনুধাৱন কৰিব নোৱাৰি আজিৰ এই ভংগুৰ সমাজ ব্যৱস্থাত নিঃশেষ হৈ যাব খোজা জাতিটোক অকল শংকৰদেৱৰ আদৰ্শ ,চিন্তা নাইবা তেওঁৰ সৃষ্টিয়ে ধৰি ৰাখিব পাৰিব। খুব বাস্তৱধৰ্মী অভিনয় আৰু সংগীতৰ সমাহাৰেৰে নাটকখনক মনোগ্ৰাহীকৈ উপস্থাপন কৰা হৈছ। ৰুদ্ৰ শীৰ্ষক চৰিত্ৰটোক প্ৰতিবাদৰ যি কলাত্মক ৰূপত উপস্থাপন কৰা হৈছে তাক শলাগ ল’বলগীয়া।

গোটেই নাটকখন নাট্যকাৰ পৰিচালক নাইবা অভিনয় শিল্পীসকলকৰো শংকৰদেৱৰ ওপৰত বাস্তৱ সন্মত এক গৱেষণা। শংকৰদেৱৰ আদৰ্শ ,দৰ্শন ,চিন্তা চেতনাক মানুহৰ মাজত জাগ্ৰত কৰি ৰখাৰ আৰু তেওঁৰ সৃষ্টিক বহুলভাবে প্ৰচাৰ প্ৰসাৰ কৰাৰ লগতে বিকৃত নকৰাকৈ জনমানসত বিয়পাই দিয়াৰ আৰু তেওঁৰ বৈজ্ঞান সন্মত মনঃস্তাত্ত্বিক চিন্তাক উৰ্বৰ কৰি ৰখাৰ এয়া এক মুকলি আহ্বান শংকৰ গুৰু আমাৰে শীৰ্ষক নাটকখন।

ৰাজনৈতিক পাশা খেলত সহজ সৰল গাঁওবাসীৰ মনত হোৱা বিভাজন নামঘৰ ভাঙি বেলেগ এঠাইত ডাঙৰকৈ ভাল নামঘৰ এটা সজাই দিয়াৰ চতুৰ ৰাজনীতিৰ বিপক্ষে ৰুদ্ৰহঁতৰ যি প্ৰতিবাদ সেই প্ৰতিবাদ যেন গোবিন্দ চান্দ আৰু নাৰায়ণ দাস ঠাকুৰৰ। সেই প্ৰতিবাদ যেন প্ৰতিজন স্বাভিমানী অসমীয়াৰ নাটক খনৰ মাজেৰে তাকেই সোঁৱৰাই দিয়া হৈছে।

প্ৰতিটো চৰিত্ৰক খুব নিখুঁতভাবে উপস্থাপন কৰা নাটকখনৰ অভিনয় দেখি সহজে চকুত ধৰা পৰে অভিনেতা কলা কুশলী সকলে কৰা অপৰিসীম পৰিশ্ৰমৰ কথা। মঞ্চ সৰুপেটাৰ প্ৰায়বোৰ নাটকেই সুকীয়া। তাৰ ভিতৰত শংকৰ গুৰু আমাৰে শীৰ্ষক নাটকখন অন্যতম। নাগাৰা আৰু বৰ তালৰ চেৱেৰে গোটেই নাটকখনৰ সংগীত ব্যৱস্থাপনা কৰা দিনটো প্ৰশংসনীয়। প্ৰথম দৰ্শনী হিচাপে যদিওবা কৰবাত সৰু সুৰা আঁসোৱাহ ৰৈ গৈছে,তথাপি প্ৰেক্ষাগৃহ ভৰ্তী দৰ্শকৰ জাউৰি জাউৰি হাত চাপৰিয়ে এই কথাকে প্ৰমাণ কৰিছে মঞ্চ সৰুপেটাৰ শংকৰ গুৰু আমাৰে এক সফল মঞ্চায়ন।

ফোনঃ ৯৩৬৫৬৬২৭২৩

You might also like

Comments are closed, but trackbacks and pingbacks are open.