নিজৰা ৰাজকুমাৰী
সুখৰ বাতৰি সখী , আনন্দৰ কথা
বন্দী হৈ থ’ক ঘোঁৰা
নিদিও কদাচ এৰি
ক্ষত্ৰিয়ৰ দেশ এই ভদ্ৰাৱতীপুৰ।
ৰাজবধু লীলাৱতীৰ সংলাপ এয়া। পাণ্ডৱৰ অশ্বমেধৰ ঘোঁৰা অৱৰোধৰ কথা। লীলাৱতীৰ আদেশতে সেই ঘোঁৰা বন্দী কৰা হৈছিল। বুদ্ধিমতী লীলাৱতী সাহসী আৰু দায়িত্বশীলা অসমীয়া নাৰী। স্বদেশপ্ৰেমেৰে সিক্ত এই চৰিত্ৰ। লীলাৱতী, মালতী, যুতিকা, শ্ৰীকৃষ্ণ, অৰ্জুন,ভীম, সুধন্বা, সুৰথ, পুৰঞ্জয়, কাহীৰাম ঘাটৈ, গেৰ্জাই আদি চৰিত্ৰৰে সাহিত্যাচাৰ্য অতুলচন্দ্ৰ হাজৰিকাৰ পৌৰাণিক নাটক চম্পৱতী। চম্পাৱতী এখন নগৰৰ নাম। চম্পাৱতী ১৯৩৫ চনত প্ৰকাশ হৈ ওলাইছিল যদিও নাট্যকাৰে ইয়াৰে ভালেকেইবছৰ আগত কলেজীয়া জহৰ বন্ধৰ আহৰিতনাটকখন লিখি উলিয়াইছিল বুলি উল্লেখ কৰি গৈছে। সেইসময়ত পৌৰাণিক নাটকসমূহ জনপ্ৰিয় আছিল। এনে নাটকৰ মাজতে দৰ্শকে ৰস বিচাৰি পাইছিল। ৰামায়ণ-মহাভাৰত আদিৰ কাহানী মানুহে সহজে বুজিও পাইছিল আৰু ভক্তিভাৱেৰেও গ্ৰহণ কৰিছিল। বাংলা ভাষাৰ নাটক বা ইংৰাজী নাটকৰ অনুবাদে প্ৰাধান্য পোৱাৰ সময়ত (কাৰণ অসমীয়া নাটকৰ সংখ্যা আছিল কম) আমাৰ নিজৰ চিনাকি কাহানী বা চৰিত্ৰ সম্বলিত অসমীয়া পৌৰাণিক নাটকৰ ৰচনা সঁচাকৈয়ে এক লেখত ল’বলগীয়া কাম আছিল। অলৌকিক ঘটনা-পৰিঘটনাইও দৰ্শকক প্ৰভাৱিত কৰিছিল। নাটকৰ প্ৰতি ভালপোৱা, অসমীয়া নাটকৰ জগতখনলৈ কিছু বৰঙণি যোগোৱাৰ হেঁপাহ তথা দৰ্শকৰ আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি এনে নাটক ৰচিত হৈছিল। ওপৰত উল্লেখ কৰিছোৱেই যে সেইসময়ত অসমীয়া নাটকৰ সংখ্যা কম আছিল। এই নাটকসমূহ আমাৰ সম্পদ। তদুপৰি সেইসময়ৰ দৰ্শকৰ পছন্দ, নাট্যকাৰৰ চিন্তা, ৰচনাৰীতি আদিৰ বিষয়ে জানিবলৈ আমি এই নাটকসমূহ অধ্যয়ন কৰিব পাৰো। মই পূৰ্বতে আইনা জীৱনৰ পাততে অতুলচন্দ্ৰ হাজৰিকাৰ বিশেষভাৱে উল্লেখযোগ্য আন এখন পৌৰাণিক নাটক নৰকাসুৰৰ (১৯৩০) বিষয়ে লিখিছো। চম্পাৱতীও অসমীয়া নাট্যজগতৰ এখন উল্লেখনীয় নাটক। মহাভাৰতৰ অশ্বমেধ পৰ্বৰ আধাৰত ৰচিত চম্পাৱতীত ভক্তিৰসৰ পয়োভৰ ঘটাতো স্বাভাৱিক। দেশভক্ত হ’লেও নায়ক সুধন্বা কোঁৱৰৰ চৰিত্ৰটিও ভক্তিৰসত সিক্ত। অৱশ্যে চৰিত্ৰটিৰ বীৰত্বও নিৰ্ভেজাল। তেওঁ মাতৃক কৈছে—-
নাকান্দিবা আই
নোহে ইটো শোকৰ সময়
কৰ্তব্য কৰিব নিদি কিবা দৰে বাৰু
কুলাংগাৰ পুত্ৰক তোমাৰ
বুকুত সাৱটি ল’বা কোৱাচোন জননী?
আনন্দেৰে দিয়া মোক বিদায় আশীষ।।
হাস্য, বীৰ, ভক্তি, শৃংগাৰ আদি ৰসেৰে ভৰপূৰ চম্পাৱতীত নাট্যকাৰে কিছু সংস্কৃত ভাষাৰ লগতে গদ্য আৰু কাব্যধৰ্মী সংলাপো দিছে। ড° পোনা মহন্তই অতুল চন্দ্ৰ হাজৰিকাৰ নাটকৰ সংলাপৰ ভাষা সম্পৰ্কত কৈছে— সেইকালত প্ৰচলিত ৰীতি অনুসৰণ কৰি হাজৰিকাইও প্ৰধান বা উচ্চশ্ৰেণীৰ চৰিত্ৰৰ বচনত অমিত্ৰাক্ষৰ ছন্দ আৰু নিম্ন পৰ্যায়ৰ চৰিত্ৰৰ ক্ষেত্ৰত সাধাৰণ কথিত গদ্যৰ প্ৰয়োগ কৰিছে। কেতিয়াবা অৱশ্যে উচ্চ চৰিত্ৰইও হঠাতে কাব্যিক ছন্দোবদ্ধ ভাষণৰ পৰা গদ্যলৈ গতি কৰা দেখা যায়।
চম্পাৱতীৰ সুধন্বাৰ মুখত দিয়া এটি সংলাপ এনেধৰণৰ—-
বুৰ দিম তোমাৰ প্ৰেমত
চুমা দিম গোলাপী গালত
উৰি ফুৰিম তোমাৰ লগত
প্ৰণয়ৰ পুষ্পক ৰথত
দিয়া প্ৰিয়া। কৰা সুধা দান।
অসমৰ বিশিষ্ট নাট্যব্যক্তিত্ব সত্যপ্ৰসাদ বৰুৱাদেৱে চম্পাৱতী সম্পৰ্কত এইবুলি লিখি থৈ গৈছে—- অতীত অসমৰ নগাওঁ অঞ্চলৰ ৰজা হংসধ্বজৰ ৰাজ্য চম্পাৱতীত ভীম আৰু অৰ্জুনে পাণ্ডৱৰ অশ্বমেধৰ অশ্ব লৈ পদাৰ্পণ কৰা আৰু ৰাজ-বোৱাৰী কোঁৱৰ সুধন্বাৰ পত্নী বীৰাংগনা লীলাৱতীৰ আদেশত সেই অশ্ব বন্দী কৰি পাণ্ডৱৰ স’তে ৰণ আহ্বানৰ যোগে হাজৰিকা দেৱৰ চম্পাৱতী নাটখনিৰ কাহানীৰ সূত্ৰপাত হৈছে। চম্পাৱতীৰ অভিনয় চোৱাৰ সৌভাগ্য নাই হোৱা যদিও এই পৌৰাণিক নাটখন পঢ়ি ভালেই লাগিছে। কাহানীটো বব্ৰুবাহন চিত্ৰাংগদাৰ দৰে সকলোৱে জনা নহ’লেও নাটখনে মঞ্চত যথেষ্ঠ সমাদৰ পাইছে। নাটখনিৰ কাহানীক গতিশীল কৰিছে লীলাৱতীৰ স্বদেশপ্ৰেম আৰু খল চৰিত্ৰ ৰাজ পুৰোহিত মণিকৰ্ণেশ্বৰ আৰু সেনাপতি পুৰঞ্জয়ৰ ষড়যন্ত্ৰই। মৃতা মালতীক পুৰঞ্জয়ে চুমা খোৱা দৃশ্যই খন্তেকলৈ হ’লেও হত্যা কৰাৰ মূহুৰ্তত অ’থেলোই ডেছডিমনাক চুমা খোৱাৰ কথা সোঁৱৰাই দিয়ে।
উল্লেখ্য যে সত্যপ্ৰসাদ বৰুৱাই ছাত্ৰ অৱস্থাৰ পৰাই আৱাহন আদিৰ জড়িয়তে অতুল চন্দ্ৰ হাজৰিকা ৰচিত নাটকৰ সৈতে পৰিচিত হৈ আকৰ্ষণ অনুভৱ কৰিছিল আৰু সংলাপবোৰ আবৃত্তি কৰি থাকি ভালপাইছিল। পাছলৈ হাজৰিকাৰ নাটকত বৰুৱাদেৱে অভিনয়ো কৰিছিল।
মহাপুৰুষ দুজনাৰ বৰগীতৰ লগতে জয়দেৱৰ গীত, উমেশ চন্দ্ৰ চৌধুৰী আদিৰ গীতেৰে চম্পাৱতী নাটকখন সমৃদ্ধ। অতুল চন্দ্ৰ হাজৰিকাই লিখা দুটি গীতো নাটকখনত সন্নিবিষ্ট কৰা হৈছিল। গীতৰ সংযোগ সেইসময়ৰ দৰ্শকৰ বাবে আন এক আকৰ্ষণ বুলিব পাৰি। চম্পাৱতী নাটৰ জন্মকাহানী এটি প্ৰৱন্ধৰ লগতহে জড়িত। নাট্যকাৰে কৈছে—- তাহানি স্কুলত পঢ়োতেই বাঁহীৰ দ্বিতীয় বছৰ প্ৰথম সংখ্যাত নগাঁৱৰ মহীচন্দ্ৰ বৰাই লিখা হংসধ্বজ আৰু চম্পাৱতী শীৰ্ষক প্ৰৱন্ধ পঢ়ি আমাৰ পিতৃভূমি নগাওঁ জিলাৰ লগত জড়িত সেই পূণ্য কাহানীক অৱলম্বন কৰি এখনি নাট লিখাৰ হেঁপাহ জন্মিছিল।
নগাওঁৰ চাপানালা নামৰ ঠাইখন আমাৰ প্ৰায়বোৰ মানুহৰে চিনাকি। এই চাপানালাই হৈছে প্ৰাচীন চম্পাৱতী। (ক্ৰমশ:)…
Comments are closed, but trackbacks and pingbacks are open.