বিশ্বব্যাপী প্রচলিত ৰোমাঞ্চকৰ পৰম্পৰাত এভুমুকি
স্বপ্না দাস
বসন্ত ঋতু সৃষ্টিৰ এক অন্য নাম ৷ সৃষ্টিৰ পথাৰত হেঁপাহৰ বীজ সিঁচি পূর্ণতাৰ প্রতিশ্রুতি কঢ়িয়াই বসন্ত আহে ৷ প্রকৃতিক নৱ ৰূপত সজাই–পৰাই তুলিবলৈ ধূলিয়ৰি ফাগুনৰ ৰুক্ষ আৱৰণ খহাই বৰষুণৰ সৈতে দেও দি দি বসন্ত আহে ৷ বসন্তৰ আগমনত সেউজী কোমল কুঁহিপাতৰ ন–সাজ পিন্ধি প্রকৃতি হৈ পৰে সাইলাখ নৱপৰিণীত ! প্রকৃতিৰ এই নৱ ৰূপত মুগ্ধ হৈ কুলি, কেতেকীয়ে গীত জুুৰে , গীতৰ তালত তাল মিলাই নাহৰ, কপৌকে ধৰি বৰণীয়া ফুলবোৰে হাঁহে, নাচে ৷ প্রকৃতিৰ এই উল্লাস দেখি প্রকৃতিৰে অভিন্ন মানৱেও পাতে আনন্দোৎসৱ ৷ কেৱল এটি ঋতু নহয়, বসন্ত যে মানৱ জাতিৰ মহা উৎস ! বসন্তোৎসৱ পূর্ণতাপ্রাপ্তিৰ উৎস ! প্রকৃতিৰ সৈতে জড়িত মানৱে প্রকৃতিৰ বুকুতে মহা আনন্দেৰে বসন্তোৎসৱ উদ্যাপন কৰি নৱজীৱন আৰম্ভ কৰে ৷ বিশ্বৰ বিভিন্ন দেশত বসন্ত ঋতুত অনেক উৎসৱ পালন কৰা দেখা যায় ৷
অসমীয়াৰ হিয়াৰ আমঠু ৰঙালী বিহু বা বহাগ বিহু বসন্ত উৎসৱৰ এক অবিচ্ছেদ্য অংগ ৷ প্রতিগৰাকী অসমীয়াৰ প্রাণৰ উৎসৱ এহ বহাগ বিহু ৷ লিখিত ইতিহাসে ঢুকি নোপোৱা দিনৰে পৰা নানা পৰম্পৰাগত ৰীতি–নীতি, লোক–বিশ্বাস অনুসৰি চতৰ সংক্রান্তিৰ দিনাৰ পৰা আৰম্ভ কৰি বহাগৰ ৬ তাৰিখলৈ একেৰাহে সাত দিন ধৰি বহাগ বা ৰঙালী বিহু উদ্যাপন কৰা হয় ৷ অসম কৃষিপ্রধান ৰাজ্য বাবে হয়াৰ প্রতিটো উৎসৱৰ কিছু পৰম্পৰা কৃষিৰ সৈতে জড়িত৷ ৰঙালী বিহুৰ ক্ষেত্রতো কথাটো একেই ৷ চতৰ সংক্রান্তিৰ দিনা কৃষিকার্যৰ লগত জড়িত গৰুৰ গোহালি চাফ–চিকুণ কৰি গৰুক গা ধুৱাই পুৰণি পঘা সলাই নতুন পঘাৰে বান্ধে আৰু গধূলি পৰত গোহালিত ধোঁৱা দি মহ–ডাহ খেদি গৰু বিহু পালন কৰা হয় ৷ বহাগৰ প্রথমটো দিনত অসমীয়া নৱবর্ষক আদৰণি জনোৱাৰ উপৰি সেইদিনা মানুহ বিহু পালন কৰা হয় ৷ গোসাঁই সেৱাৰ পিছত জ্যেষ্ঠসকলক ভক্তিপূর্ণ সেৱা জনাহ আৰু সৰুক মৰম যাচি বিহুৱান দিয়াৰ পৰম্পৰা প্রচলিত ৷ তাৰ পিছতে ক্রমে গোসাঁহ বিহু, তাঁত বিহু, নাঙল বিহু, জীয়ৰী বা চেনেহী বিহু আৰু চেৰা বিহু নামেৰে সাত দিনত সাত বিহু উদ্যাপন কৰা হয় ৷ বহাগ বিহু ৰঙৰ বিহু সেয়ে চত মাহৰ পৰাই আনন্দত আত্মহাৰা হয় প্রতিগৰাকী অসমীয়াৰ হূদয় ৷ বিহুনাম, বিহুগীত, হুঁচৰি, বিহুনাচ, ঢোল–পেঁপাৰ শব্দত আনন্দত আত্মহাৰা হৈ থাকে প্রত্যেকৰে হূদয় ৷
অনেক জাতি–জনজাতিৰ মিলনভূমি ভাৰতবর্ষৰ উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ বিভিন্ন অঞ্চলৰ সংসৃক্তি আৰু পৰম্পৰাৰ স্বকীয়তাই এক সুকীয়া পৰিচয় বহন কৰি আছে ৷ উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহ মূলতঃ কৃষিভিত্তিক ৷ গতিকে ঋতু পৰিৱর্তনৰ লগে লগেই কৃষিকার্যৰে জড়িত বিভিন্ন ধর্মীয় অনুষ্ঠান, পৰম্পৰা আদি এক উৎসৱমুখৰ পৰিৱেশৰ মাজেৰে পালন কৰা হয় ৷ বসন্তৰ আগমনৰ পৰা আৰম্ভ কৰি কৃষি চক্র অনুসৰি নিজৰ ধর্মৰ লগত জড়িত বিভিন্ন উৎসৱ পালন কৰে উত্তৰ–পূর্বাঞ্চলৰ প্রতিখন ৰাজ্যৰ প্রায়বোৰ জাতি–জনগোষ্ঠীৰ লোকে ৷ বসন্ত ঋতুতো উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন জাতিৰ লোকে বর্ণাঢ্য উৎসৱ উদ্যাপন কৰে ৷ এপ্রিল মাহৰ মাজভাগত, অসমীয়া নৱবর্ষৰ আগমনৰ সময়ত বৈশাগু উৎসৱ উদ্যাপন কৰে বডোসকলে ৷ তেওঁলোকৰ পৰম আৰাধ্য দেৱতা বাথৌ ভগৱান শিৱক বসন্ত অধিৱেশনত পূজা কৰা হয় ৷ দেউৰীসকলেও বহাগীয়া বিষু উৎসৱ উদ্যাপন কৰে ৷ বিষুৱৰ আগত থান পূজা কৰে ৷ দেওধনী নৃত্য আৰু হুঁচৰি এই মহোৎসৱৰ গুৰুত্বপূর্ণ আৰু উল্লেখযোগ্য অংশ ৷ ডিমাছাসকলে বছৰি ৰজনী গাবৰা আৰু হৰিণী গাবৰা পালন কৰে ৷ মিচিংসকলে প্রতিবছৰে ফাগুন মাহৰ প্রথম বুধবাৰে আলি–আয়ে–লৃগাং উদ্যাপন কৰে ৷ কার্বিসকলে বসন্ত ঋতুতেই সর্বশক্তিমানজনক প্রার্থনা কৰি ৰংকাৰ উৎসৱ উদ্যাপন কৰে ৷ নৱবর্ষক আদৰণি জনোৱাৰ উদ্দেশ্যে ৰংকাৰ আৰু হাচা কিকান এই দুয়োটা উৎসৱ উদ্যাপন কৰা হয় ৷ তিৱা আৰু লালুংসকলে ছগ্রা–মিছাৱা–ৱানছাৱ্ আৰু হাঘুম উদ্যাপন কৰে ৷
ৰাভাসকলে বাইখা আৰু ফৰকান্তি উৎসৱৰে বসন্ত ঋতু উদ্যাপন কৰে ৷ মিজো, খাছী, মনপা, নগা, ৱানচু, ডিগাৰু, নিশি, কুকি আৰু মণিপুৰী আদি জনগোষ্ঠীৰ মাজতো পৰম্পৰাগতভাৱে বসন্তোৎসৱ উদ্যাপন কৰা হয় ৷ মিজোৰামত উত্তৰ–পূব ভাৰতত জনপ্রিয় বসন্ত উৎসৱ চাপচৰ কুট প্রতিবছৰে মার্চ মাহৰ প্রথম সপ্তাহত উদ্যাপন কৰা হয় ৷ বাঁহ চপোৱাৰ কাম সম্পূর্ণ হোৱাত এই উৎসৱ পালন কৰি মিজোসকলে চেৰাউ নামৰ এটা নিপুণ বাঁহৰ নৃত্য কৰে, যিটো মহিলাসকলে বাঁহৰ লাঠীৰ লগত সংলগ্ন স্পন্দনত পৰিৱেশন কৰে ৷ আন আন আকর্ষণসমূহৰ ভিতৰত বিভিন্ন শৈলীৰ জনজাতীয় নৃত্য, পৰম্পৰাগত সাজ–পোছাক, হস্তশিল্প আৰু খাদ্যৰ সৈতে মেলা আদিও আছে ৷ ইয়াৰ উপৰি মিন্ কুট আৰু পাউল কুট নামেৰে আন দুটা কুট উৎসৱো উদ্যাপন কৰে৷ আনহাতে, মেঘালয়ত খাচীসকলেও এপ্রিল মাহত সর্বশক্তিমানক ধন্যবাদ জ্ঞাপন কৰি শদ–শুক–মিনছিয়েম নামৰ এবিধ বসন্ত উৎসৱ পালন কৰে ৷ অৰুণাচল প্রদেশতো বিভিন্ন জনগোষ্ঠীয় লোকে ভিন্ন পৰম্পৰাৰে বসন্ত উৎসৱ পালন কৰে ৷ মনপাসকলে লেজাৰ উৎসৱ উদ্যাপনেৰে নৱবর্ষক আদৰে ৷ হদু মিচিমিসকলে ৰেহ উৎসৱ আৰু ৱানচুসকলে অজিয়ালা উৎসৱ ১২ দিন ধৰি উদ্যাপন কৰে ৷ ১৬টা জনগোষ্ঠীয়ে বাস কৰা নাগালেণ্ডক উৎসৱৰ ৰাজ্য বুলি কব পাৰি ৷ আংগামীসকলৰ ছাক্রেনি উৎসৱ আৰু ফম জনগোষ্ঠীৰ ফাম–মন্যু উৎসৱ নগাসকলৰ মাজত অন্যতম জনপ্রিয় উৎসৱ যদিও নগা জনজাতিসকলে লুই–নগী–নি উৎসৱ পালন কৰাৰ বাদেও মোৱাটছু নামৰ এনিথাৰ উৎসৱো পালন কৰে ৷ মণিপুৰত মার্চ–এপ্রিল মাহত য়াছাং আৰু চেহৰৌবা নামেৰে বসন্ত উৎসৱ উদ্যাপন কৰে ৷ মণিপুৰৰ আন এটা জনগোষ্ঠী কুকিসকলে লন চেই নেই নামেৰে তেওঁলোকৰ বাসন্তী উৎসৱ পালন কৰে ৷
বসন্ত ঋতুত উদ্যাপন কৰা আন এটা অন্যতম জনপ্রিয় উৎসৱ হল হোলী ৷ অসমৰ বাদেও ভাৰতবর্ষৰ বিভিন্ন ঠাইৰ ভিন ভিন সম্প্রদায়ৰ লোকে এই হোলী উৎসৱ উদযাপন কৰে ৷ পশ্চিম মহাৰাষ্ট্রত হোলীক ৰংগ্ পঞ্চমীৰ বিপৰীতে উত্তৰ প্রদেশ, হাৰিয়ানা, দিল্লী আদিত লাথমাৰ হোলী আৰু হোলী মিলন নামেৰে উদ্যাপন কৰা হয় ৷ অন্ধ্রপ্রদেশত মেডুৰু হোলী , উত্তৰাখণ্ডৰ কুমানী হোলী আদিৰ উপৰি পষ্চিমবংগ, পঞ্জাব, গুজৰাট আদিতো ভিন্ন নামেৰে ৰঙৰ উৎসৱ অতি আডম্বৰপূর্ণভাৱে উদ্যাপিত বসন্ত উৎসৱৰ অন্তর্গত ৷
গোৱাৰ বসন্ত উৎসৱৰ নাম শিগ্মো বা শিশিৰোৎসৱ ৷ এই উৎসৱ হোলীৰ পিছদিনা আৰম্ভ হৈ গুড়ী পদৱা গোৱাৰ হিন্দু নৱবর্ষৰ প্রথম দিনৰ দিনা সামৰণি পৰে ৷ দুসপ্তাহ ধৰি উদ্যাপিত এই উৎসৱত বিতোপন সাজসজ্জা, পেৰেড, গায়ন–বায়ন, নৃত্য আদিৰে ৰাজপথ মানুহৰ সমাগমেৰে ভৰি থাকে ৷ গোৱাৰ বিভিন্ন ঠাইত বিভিন্ন তাৰিখত এঅ পেৰেড অনুষ্ঠিত হয় ৷ গোৱাত বহুলভাৱে প্রদর্শিত এটা পৰম্পৰাগত নৃত্য হৈছে ঘোডে মোডনী যি যুদ্ধকলাৰ একধৰণৰ ঘোঁৰা নৃত্য ৷ গোৱা এখন উপকূলীয় ৰাজ্য বাবে ইয়াৰ প্রধান বৃত্তি হৈছে মাছ ধৰা সেয়েহে মাছমৰীয়াৰ নাওবোৰ ধর্মীয় আৰু পৌৰাণিক বিষয়বস্তুৰ আধাৰত সজীৱভাৱে সজাই তোলা হয় এই উৎসৱত ৷ শিগ্মো উদ্যাপনৰ দুটা প্রথা আছে ধকটো শিগ্মো আৰু ভাদলো শিগ্মো ৷ ধকটো শিগ্মো মানে সৰু শিগ্মো আৰু ভাদলো শিগ্মো মানে ডাঙৰ শিগ্মো ৷ আনহাতে, উগাড়ী হৈছে বসন্ত নৱমীৰ প্রথম দিনটোত উদ্যাপন কৰা এক নৱবর্ষৰ উৎসৱ৷ ভাৰতৰ ডেক্কান অঞ্চল বিশেষকৈ অন্ধ্রপ্রদেশ আৰু কর্ণাটকত নতুন বছৰৰ আৰম্ভণিত এই বসন্তোৎসৱ পালন কৰা হয় ৷ নিমৰ কলি, গুড়, সেউজীয়া মৰিচা, নিমখ, অমিতাৰ ৰস আৰু কেঁচা আমেৰে তৈয়াৰী খাদ্য খোৱাৰ পৰম্পৰা এই উছৱৰে প্রচলিত ৷ খাদ্যৰ প্রতিটো উপাদানক মানুহে অনুভৱ কৰিব পৰা ছটা আৱেগক বুজায় ৷ ৰাজস্থানৰ এক গুৰুত্বপূর্ণ বসন্ত উৎসৱ হল গংগাউৰ ৷ ৰাজ্যখনৰ ঘেঁহু চপোৱা কার্যৰ সৈতে জড়িত এই উৎসৱ গৌৰী দেৱী ভগৱান শিৱৰ পত্নী পার্বতীৰ অৱতাৰক আৰাধনা কৰাৰ উদ্দেশ্যে অনুষ্ঠিত হয় ৷ হোলীৰ পিছদিনা আৰম্ভ হোৱা এহ উৎসৱত হোলীকা দাহনৰ জুইৰ পৰা গোট খোৱা ছাই খেতিপথাৰত বীজ সিঁচাৰ সময়ত ব্যৱহাৰ কৰা হয় ৷ ১৮ দিন ধৰি চলা এই উৎসৱত মহিলাসকলে দেৱীৰ সজ্জিত প্রতিমূর্তিত পূজা কৰে আৰু শেষৰ দিনটোত বিসর্জন দিবলৈ শোভাযাত্রা কৰি লৈ যায় ৷ সর্ববৃহৎ শোভাযাত্রা জয়পুৰ আৰু উদয়পুৰত অনুষ্ঠিত হয় ৷ আপুনি জানেনে বার্ষিক টিউলিপ মহোৎসৱ যে কাশ্মীৰৰ বসন্ত উছৱৰ এক অন্যতম বৈশিষ্ট! অর্ধশতাধিক প্রজাতিৰ টিউলিপ ফুলেৰে ভৰপূৰ এছিয়াৰ আটাইতকৈ ডাঙৰ টিউলিপ বাগিচা হিচাপে খ্যাত শ্রীনগৰত থকা ইন্দিৰা গান্ধী টিউলিপ গার্ডেনত অনুষ্ঠিত হয় এহ উৎসৱ ৷ টিউলিপ ফুলৰ সৌন্দর্য উপভোগ কৰাৰ উপৰি দৈনিক সাংসৃক্তিক অনুষ্ঠান, কাশ্মীৰী লোকগীত, পৰম্পৰাগত খাদ্য, হস্তশিল্পজাত সামগ্রী আদি বিক্রী তথা প্রদর্শিত হয় উছৱলানিত৷ প্রতিবছৰে এপ্রিল মাহৰ প্রথম দুসপ্তাহত টিউলিপ উৎসৱ অনুষ্ঠিত হয় ৷
প্রাকৃতিক পৰিৱর্তন কেৱল কোনো এখন বিশেষ ঠাহ বা মাথোন এখন দেশতেই সীমাবদ্ধ হৈ নাথাকে ৷ সমগ্র বিশ্বতে প্রাকৃতিক পৰিৱর্তন ঘটে ৷ সেয়েহে বিশ্বৰ সর্বত্র বাস কৰা লোকে এই পৰিৱর্তনক অন্তঃকৰণে স্বীকাৰ কৰি তাৰ লগত সংগতি ৰাখি পালন কৰে নানা পৰম্পৰাৰে নানা উৎসৱ ৷ ঋতুৰাজ বসন্তক আদৰিবলৈও পৃথিৱীৰ বিভিন্ন প্রান্তত উদ্যাপন কৰা হয় বসন্ত উৎসৱ ৷ কানাডাৰ বসন্তকালীন অতি মনোৰঞ্জক উৎসৱ টিউলিপ উৎসৱ ৷ কানাডাৰ জাতীয় ফুল টিউলিপৰ সুন্দৰ প্রদর্শন দর্শকে উপভোগ কৰিব পাৰে এই উৎসৱত ৷ কর্মশালা আৰু শিক্ষামূলক কার্যসূচীত অংশগ্রহণ কৰিব পাৰে আৰু সুস্বাদু টিউলিপ থীমৰ খাদ্যৰ জুতি লব পাৰে ৷ এই উৎসৱত কনচার্ট, ৰাজপথৰ পৰিৱেশক আৰু বহুতো মনোৰঞ্জক অনুষ্ঠান অনুষ্ঠিত হয় ৷ জাপানত বসন্ত কালত উদ্যাপিত হানামি হৈছে চেৰীফুলক কেন্দ্র কৰি পালন কৰা শতিকা পুৰণি পৰম্পৰা ৷ চেৰীয় ফুল বা ছাকুৰা জাপানৰ জাতীয় ফুল ৷ এই সময়ত জাপানৰ অলিয়ে–গলিয়ে ফুলি থকা চেৰী ফুলবোৰে শীতকালৰ অন্ত আৰু বসন্তৰ আগমনৰ বতৰা বিলায় ৷ এনে সময়ত জনগণে প্রায়েই চেৰী গছৰ তলত গোট খাই পিকনিক খাবলৈ যায় আৰু বহু চহৰত পেৰেড, সংগীত আৰু অন্যান্য মনোৰঞ্জনৰ অনুষ্ঠান অনুষ্ঠিত হয় ৷
কোৰিয়া আৰু চীনতো হানামি উদ্যাপনৰ প্রথা খুব জনপ্রিয়, যত সাধাৰণতে প্লাম বা পীচ গছৰ প্রস্ফুটিত ফুলৰ সৌন্দর্য উপভোগ কৰিবলৈহে যেন এহ উৎসৱ পালন কৰা হয় ৷ শেহতীয়া বছৰবোৰত বিশ্বৰ আন আন ঠাহতো হানামি উৎসৱৰ প্রচলন হবলৈ আৰম্ভ কৰিছে ৷ কানাডা, আমেৰিকা, অষ্ট্রেলিয়া, ইউৰোপ সকলোৱে এই মনোমোহা বসন্ত উৎসৱক আঁকোৱালি লোৱা দেখা যায় ৷ আনহাতে, প্রতিবছৰে এপ্রিল মাহত ইংলেণ্ডত ছংক্রান উৎসৱ উদ্যাপনেৰে বৌদ্ধ নৱবর্ষ আৰু বসন্তৰ আৰম্ভণি কৰে থাই লোকসকলে ৷ এয়া একধৰণৰ পানী নিক্ষেপৰ উৎসৱ বুলিব পাৰি, যত ৰাজহুৱাভাৱে মানুহ গোট খাই এগৰাকীয়ে আনগৰাকীলৈ পানী ছটিয়াই পৰম্পৰাগত নৱবর্ষ ছংক্রান উদ্যাপন কৰে ৷ লোক–বিশ্বাস মতে ইয়ে পুৰণি বছৰটোক ধুই পেলায় আৰু নতুন বর্ষৰ স্নান কৰায় ৷ এই উৎসৱক জল উৎসৱ বুলিও জনা যায় ৷ ছংক্রান হৈছে নবীকৰণ আৰু সজীৱতাৰ প্রতীকী বসন্ত উৎসৱ ৷ সাধাৰণতে এপ্রিল মাহত এই উৎসৱ অনুষ্ঠিত হয় আৰু ছদিন ধৰি সমগ্র দেশতে মানুহে ইয়াক বহু ধৰণে পালন কৰে ৷ এই উৎসৱৰ প্রথম দিনা জনগণে মন্দিৰলৈ গৈ প্রার্থনা কৰে ৷ উৎসৱৰ প্রতিদিনে থাইলেণ্ডৰ পৰিয়াল আৰু বন্ধু –বান্ধৱীয়ে একত্রিত হৈ বয়োজ্যেষ্ঠসকলক সন্মান জনাই পানীৰে নতুন বছৰক সমৃদ্ধিৰ স্বলৈ আদৰণি জনায় ৷ ছংক্রান থাইলেণ্ডবাসীৰ এক বহু প্রত্যাশিত অনুষ্ঠান, যিটোৰ বাবে হেনো সকলোৱে বর্ষজুৰি অধীৰ আগ্রহেৰে বাট চাহ থাকে ৷ ছুইজাৰলেণ্ডৰ জুৰিখত প্রচলিত চেচচেলাউটেন শীর্ষক বসন্তোৎসৱ শতিকাজুৰি চলি অহা এক পৰম্পৰাগত উছৱ ৷ শীতকালক প্রতিনিধিত্ব কৰি বগ নামৰ জীৱন্ত আকৃতি এই উৎসৱত বিস্ফোৰকেৰে তৈয়াৰ কৰা হয় ৷ ৱেহজেল সাজ–পোছাক পিন্ধা এজন মানুহে ভৰি থকা বগক ৰাজপথৰ মাজেৰে শোভাযাত্রা কৰি লৈ যায় আৰু শেষত বগক চিটি হলৰ সন্মুখত জুই লগাই দিয়া হয় ৷ বগ লোৱাৰ ফলত শীতকালৰ অন্ত আৰু বসন্তৰ আৰম্ভণিৰ সংকেত পোৱা যায় বুলি স্থানীয় লোক–বিশ্বাস প্রচলিত ৷ প্রতিবছৰে ইষ্টাৰৰ পিছৰ সোমবাৰে চেচচেলাউটেন উদ্যাপন কৰা হয় ৷ সমগ্র ছুইজাৰলেণ্ডৰ পৰা লাখ লাখ লোক জুৰিখলৈ আহি এই উৎসৱত অংশগ্রহণ কৰে , যত সংগীত, খাদ্য, নৃত্য আদিও উপভোগ কৰিবলৈ মানুহৰ সমাগম ঘটে ৷ বগ প্র্বলন এই উৎসৱৰ অন্যতম আকর্ষণীয় দিশ ৷ বগৰ মূৰটো যদি বিস্ফোৰণ ঘটে তেন্তে বসন্ত সোনকালে আৰম্ভ হয় বুলিও প্রবাদ আছে ৷
প্রতিটো উৎসৱ জনসাধাৰণৰ জীৱনৰ অবিচ্ছেদ্য অংগ ৷ সাত সাগৰ তেৰ নদীৰ ইপাৰ সিপাৰৰ জাতি, ধর্ম, অঞ্চল আৰু উৎসৱৰ নামৰ ভিন্নতা, উদ্যাপনৰ নিয়ম আৰু পৰম্পৰাত ভিন্নতা থাকিলেও উৎসৱৰ মনোভাৱ সদায়েই একে প্রেম, আনন্দ, আৰু সুখ বিয়পাই দিয়া আৰু ঋতুৰাজ বসন্তক আদৰণি জনোৱা আৰু আগমনত আনন্দ প্রকাশত উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰা ৷ বিশ্বব্যাপী প্রচলিত পৰম্পৰাগত বাসন্তী উছৱৰ উছাহেও তাৰেহ বহিঃপ্রকাশ ঘটায়৷
ফোন ঃ ৭০০২০-২৫০৪৩
Comments are closed, but trackbacks and pingbacks are open.