নৰকাসুৰ!

নৰকাসুৰ!

 নিজৰা ৰাজকুমাৰী

ৰূপৰ বঠা সোণৰ নাও

নাচিবাগি বলা উটি যাওঁ

নমো নমো জাহ্ণৱী মাৱ

হাঁহিমাতি সৱে গাওঁ গীত

মনপ্রাণ কেনে হৰষিত

উঠিছে উলাহে উতলি চিত !

ব্রহ্মমুহূর্তত গংগাৰ বুকুত এই গীত গাই গাই জলকুঁৱৰীসকলে নাও বাই যোৱা দৃশ্য অতুল চন্দ্র হাজৰিকাৰ পৌৰাণিক নাট নৰকাসুৰৰ৷ অতুল চন্দ্র হাজৰিকা কুৰি শতিকাৰ এজন লেখত লবলগীয়া নাট্যকাৰ ৷ অসমীয়া মঞ্চক বাহিৰা প্রভাৱৰ পৰা মুক্ত কৰি অসমীয়া নাটকেৰে ৰসজীপ দিবলৈ তেওঁ কৰা প্রচেষ্টা সদা স্মৰণীয় হৈ ৰব ৷ দুকুৰিৰো অধিক নাটক ৰচনা কৰা এইজন নাট্যকাৰৰ অসমীয়া পৌৰাণিক আখ্যানমূলক নাটৰ ক্ষেত্রখনলৈ আগবঢ়োৱা অৱদানো মন কৰিবলগীয়া ৷ নৰকাসুৰখন তেখেতৰ এখন উল্লেখযোগ্য নাটক ৷ নাটকখন আৰম্ভ হৈছে নৰক আৰু কাত্যায়নীৰ কথোপকথনেৰে ৷ বসুমতী কাত্যায়নীয়ে নৰকৰ জন্মৰহস্য উন্মোচিত কৰিছে বসুন্ধৰা মই, পুত্র ৷ জননী তোমাৰ ৷ কাত্যায়নী ছদ্মবেশী ধাত্রী ৰূপ লৈ, কৰিছিলো তোমাকেই লালনপালন, অপত্য স্নেহত আৰু বিগলিতা হৈ, দিছিলো যে অধৰত সহস্র চুম্বন ৷ মাতৃ পৰিচয় পোৱাৰ পিছত নৰকে স্বাভাৱিকভাৱেই বসুমতীৰ পৰা পিতৃ পৰিচয়ো জানিবলৈ হচ্ছা কৰিলে ৷ এইখিনিতে বসুমতীয়ে কিছু সংকোচ কৰিলে ৷ নাট্যকাৰে বসুমতীৰ দীঘলীয়া সংলাপেৰে যেন নৰকৰ ধৈর্য পৰীক্ষাহে কৰিলে ৷  নৰকৰ সংলাপ আই, বাৰেপতি অবান্তৰ বকি কিয় মোৰ বেোৱা পিয়াহ বাৰেপতি প্রহেলিকাময় গহ্বৰত কিয় মোক পেলোৱা জননী কোৱা আহ৷ কোৱা শীঘ্রে, কোন তব স্বামী ভাগ্যৱান, কোন তেওঁ পিতৃদেৱ মোৰ

এসময়ত বসুমতীয়ে স্বীকাৰ কৰিলে বৰাহৰূপী বিষুৰ ঔৰসত নৰকৰ জন্মৰ কথা৷ লগতে কাত্যায়নীয়ে হয়াকো জনালে দেৱতা বিধাতা যক্ষ বক্ষ ৰক্ষ গন্ধর্ব কিন্নৰ সকলোৱে নৰকলৈ চাহ ঘৃণাভাৱে মুখ লুকুৱাৰ কথা ৷ নাটকখনত আকাশবাণীৰ উল্লেখো আছে ৷ পাশ্চাত্য নাট্যৰীতিত গুৰুত্ব আৰোপ কৰিলেও আকাশবাণী আদিৰ সংযোজনেৰে হাজৰিকাই তেওঁৰ নাটকসমূহক প্রাচ্য নাট্যৰীতিৰে সমৃদ্ধ কৰিছে ৷ নৰকাসুৰ সম্পর্কত ডঃ ৰমেশ পাঠকে লিখিছে অতুল চন্দ্র হাজৰিকাৰ নাটকৰ মতে বসুমতীয়ে নৰকক প্রাগজ্যোতিষলৈ নিছে ৷ কালিকা পুৰাণৰ মতে বসুমতীয়ে স্মৰণ কৰাত বিষু উপস্থিত হৈছে, তিনিও গংগাত ডুব দি লগে লগে প্রাগজ্যোতিষ পাইছে আৰু বিষুৱে নিজে নৰকৰ ৰাজ্যৰ সীমা নির্ধাৰণ কৰি দিছে আৰু কামাখ্যাত বাদে আনক পূজিবলৈ বাধা দিছে ৷ ইফালে নাটকৰ মতে নৰক দেৱতা বিদ্বেষী হোৱাৰ মূলতে মাকৰ প্রৰোচনা ৷ কালিকা পুৰাণৰ মতে বাণ ৰজাৰ সংস্পর্শত পৰিহে নৰক অত্যাচাৰী হৈছিল ৷

নাট্যকাৰে নৰকাসুৰৰ উপস্থাপনত স্বাভাৱিকভাৱেই কল্পনাৰ আশ্রয় লৈছে, নতুনত্বৰ সংযোজন কৰিছে, চৰিত্র সৃষ্টি তথা কাহিনী বিকাশত গুৰুত্ব দিছে, নৰকাসুৰক প্রতিবাদী ৰূপ এটা দিছে ৷ কিন্তু অহংকাৰত মত্ত হৈ নৰক প্রতিশোধপৰায়ণো হৈ উঠিছে ৷ এঠাইত সেনাপতি দেৱজিতৰ নেতৃত্বত অসুৰ সৈন্যবিলাকে গীত গাই প্রৱেশ কৰাৰ পাছত নৰকে কৈছে

ওলোৱা ওলোৱা সৱে সাজপাৰ কৰি,

মাভৈ মাভৈ ৰবে,

থৰহৰি ব্রহ্মাণ্ড কঁপাই ৷

দেৱতাৰ অভিমান বিশ্বৰ গণ্ডপ

ধূলিত মিহলি কৰি

হব লাগে অসুৰৰ বিক্রম প্রকাশ

নৰকৰ প্রতিহিংসা পূৰ ৷

সন্মুখত মৰণৰ ভীষণ হুংকাৰ

প্রলয়ৰ লন্ত অগনি ৷

নির্ভয়েৰে মৰণক আঁকোৱালি ধৰি

পাৰিবা নে জাঁপ দিব তাত

মাতৃনিন্দাপ্রতিশোধ পূৰাবৰ হেতু নৰকে যুদ্ধৰ আয়োজন কৰিছে ৷ নাটকখনৰ চৰিত্রও বহুকেহটা বসুমতী, নৰকাসুৰ, শ্রীকৃষ, সত্যভামা, মায়া, হন্দ্র, বৃহস্পতি, বৰুণ, পৱন, বিশ্বকর্মা, কার্তিক, সাত্যকি, বশিষ্ঠ, বাটৰুৱা, ময় দানৱ, ভগদত্ত, দেৱজিৎ, মালভোগ দেউ, জলকুঁৱৰী, লিগিৰী, প্রহৰী, যাদৱবিলাক, হন্দুমতী আদি ৷ সমালোচকৰ মতে নৰকাসুৰত হাজৰিকাৰ ভিতৰৰ পৌৰাণিক নাটৰ নাট্যকাৰজনে আনকেইখন পৌৰাণিক নাটৰ তুলনাত অধিক সফলভাৱে আত্মপ্রকাশ কৰিছে ৷ ১৯৬০ চনৰ নাটক নৰকাসুৰ ৷ তেখেতৰ প্রথমখন পৌৰাণিক নাটক হল ১৯৩৩ চনত ৰচিত বেউলা ৷ সেই সময়ত এনেবোৰ পৌৰাণিক আখ্যান চাহ মানুহে খুব ভাল পাইছিল ৷ এইজন নাট্যকাৰৰ অন্যান্য পৌৰাণিক নাটকসমূহ নন্দদুলাল, কুৰুক্ষেত্র, ৰামচন্দ্র, সাৱিত্রী, দাতাকর্ণ, চম্পাৱতী, ৰুক্মিণীহৰণ, নির্যাতিতা আদি ৰচিত হৈছিল ১৯৩৩ৰ পৰা ১৯৫২ চনৰ ভিতৰত ৷ অসমীয়া নাটকৰ ইতিহাসে কয় সেই সময়ত মৌলিক অসমীয়া নাটকৰ সংখ্যা আছিল একেবাৰে কম ৷ এই সম্পর্কত ডঃ পোনা মহন্তই কৈছিল সেই সময়ত বাঙালী নাট্যকাৰ গিৰীশ চন্দ্র ঘোষ আৰু দ্বিজেন্দ্রলাল ৰয়ৰ নাটকে অসমৰ মঞ্চত যথেষ্ট ঠাই দখল কৰিছিল ৷ তদুপৰি অসমীয়া দর্শকৰ মাজত বংগদেশৰ যাত্রাভিনয়ো সাংঘাতিক জনপ্রিয় আছিল৷ সেয়ে হাজৰিকাই পোনতে নাটক ৰচনাত হাত দিয়ে ঘাইকৈ অসমীয়া নাটকৰ অভাৱ দূৰ কৰাৰ উদ্দেশ্যে ৷

হাজৰিকাই বুৰঞ্জীমূলক নাটকেৰেও অসমীয়া নাটকক সমৃদ্ধ কৰিছিল ৷ সাহিত্য অকাডেমি বঁটাপ্রাপক পদ্মশ্রী অতুল চন্দ্র হাজৰিকাৰ অন্যান্য নাটসমূহ হল কনৌজ কুঁৱৰী, কুৰুক্ষেত্র, আহুতি, শকুন্তলা, কল্যাণী, টিকেন্দ্রজিৎ, নতুন যুগ, শেষ অর্ঘ্য, ছত্রপতি শিৱাজী, বণিজ কোঁৱৰ, অশ্রুতীর্থ আদি ৷ অসম সাহিত্য সভাই সাহিত্যাচার্য সন্মান প্রদান কৰা কবিনাট্যকাৰগৰাকী সভাৰ সভাপতিৰ আসনো অলংকৃত কৰিছিল ৷

You might also like

Comments are closed, but trackbacks and pingbacks are open.