ধীৰাজ কাশ্যপৰ তথ্যচিত্র বিৰুবালা দ্য ফিয়াৰলেছ ক্রুচেদাৰ

দর্শনা বৰুৱা

সদ্যপ্রয়াত বিৰুবালা ৰাভাক লগ পাইছিলোঁ অলপতে ৷ গুৱাহাটীত আয়োজন কৰা ভাৰতীয় কান্ড্রি উইমেন এছচিয়েচনৰ ৰাষ্ট্রীয় সন্মিলনত বিৰুবালা ৰাভা বাইদেউক এটি বঁটা প্রদান কৰা হৈছিল ৷ তাতেই বিৰুবালা ৰাভাৰ লগত আমাৰ সাক্ষাৎ হৈছিল আৰু বিৰুবালা ৰাভাই অসুস্থ গাৰেই বহি থাকি নিজৰ  কর্মজীৱনৰ আলোকপাত কৰা এখন তথ্যচিত্র উপভোগ কৰিছিল ৷

প্রকৃততেই সন্মানৰ যোগ্য এগৰাকী নাৰী৷ এইগৰাকী নাৰী আজি আমাৰ মাজত নাই ৷ তথাপিও তেওঁৰ কর্মৰাজি আমাৰ মনত চিৰদিন সজীৱ হৈ থাকিব ৷ এই লেখাৰেই আজি আমি সোঁৱৰণ কৰিছোঁ এইগৰাকী মহীয়সী নাৰীক ৷ কলমৰ যোগেদি কবলৈ বিচাৰিছোঁ তথ্যচিত্রখনৰ কিছু কথা ৷

পদ্মশ্রী বঁটাপ্রাপক এক সংগ্রামী নাৰী বিৰুবালা ৰাভাৰ কথাৰে  পৰিচালক ধীৰাজ কাশ্যপে নির্মাণ কৰা এখন নতুন তথ্যচিত্রহ আমাৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে ৷ অলপতে তথ্যচিত্রখন চোৱাৰ সুযোগ পালোঁ ৷ বিৰুবালা দ্য ফিয়াৰলেছ ক্রুচেডাৰ(Birubala the fearless crusader) নামৰ এই তথ্যচিত্রখন সঁচাকৈকে এক সুন্দৰ সৃষ্টি ৷ তথ্যচিত্রখন ইতিমধ্যেই মুম্বাইত অনুষ্ঠিত নর্থ হষ্ট ফিল্ম ফেষ্টিভেলত শ্রেষ্ঠ পৰিচালকৰ ব্রঞ্জৰ পদক লাভ কৰে৷ আনহাতে নিৰিশ্রী আন্তর্জাতিক চলচিচত্র মহোৎসৱ শ্রেষ্ঠ তথ্যচিত্রৰ বঁটা লাভ কৰিছে ৷ ইয়াৰ উপৰি চেন্নাই আন্তর্জাতিক তথ্যচিত্র আৰু চুটি ছবি মহোৎসৱ, চম্বল আন্তর্জাতিক চলচিচত্র মহোৎসৱ, মেলবর্নৰ ভাৰতীয় চলচিচত্র মহোৎসৱ, ষ্ট্রীমিং প্লেটফর্মকে ধৰি প্রায় পঁচিশটাকৈ  আন্তর্জাতিক চলচিচত্র মহোৎসৱত প্রদর্শিত হৈছে বুলি পৰিচালক ধীৰাজ কাশ্যপে জানিবলৈ দিছে ৷ তথ্যচিত্রখনৰ সংগীত পৰিচালনা প্রিয়ম গগৈৰ ৷ সম্পাদনা  কৰিছে ভাস্ক্ৰজ্যোতি ভূঞাই ৷ শব্দ সংযোজন আৰু মিশ্রণ স্বপ্ণীল শহকীয়াৰ ৷ চিত্রগ্রহণ কৰিছে অমৰ কলিতাই ৷ ধাৰা বিৱৰণী আগবঢ়াইছে  বিভূতি ভূষণ হাজৰিকাই ৷  প্রযোজনা ৰিকী দৌলাৰ ৷

তথ্যচিত্রখনত বিৰুবালা ৰাভাৰ সংগ্রামী সত্তা আৰু সংঘাতময় জীৱনৰ টুকুৰা টুকুৰি ছবি কিছুমান সুন্দৰকৈ উপস্থাপন কৰা হৈছে ৷ অসম তথা উত্তৰপূর্বাঞ্চলত চলি অহা নাৰী নির্যাতন আৰু ডাইনী হত্যাৰ বিৰুদ্ধে কেনেদৰে সত্তৰৰ ঊধর্বৰ এগৰাকী জনজাতীয় মহিলাই এখন বিৰামহীন সংগ্রাম চলাই গৈছে, তাকেই তথ্য ভিত্তিক উপস্থাপনেৰে দর্শকক দেখুওৱা হৈছে ৷ গোৱালপাৰা জিলাৰ অসমমেঘালয়ৰ সীমান্তৱর্তী অঞ্চলৰ অতি ভিতৰুৱা ঠাকুৰবিলা গাঁৱত বাস কৰা বিৰুবালাই সৰুৰে পৰাই নানা ঘাতপ্রতিঘাতৰ মুখামুখি হৈছিল ৷ অজ্ঞতাৰ আন্ধাৰ আৰু কুসংস্কাৰে আৱৰি থকা এই অঞ্চলৰ বাসিন্দাসকলে ১৫ বছৰ  বয়সতে বিয়া হোৱা বিৰুবালাৰ ওপৰত চলাইছিল নানান শাৰীৰিক আৰু মানসিক অত্যাচাৰ ৷ আনকি স্বামীৰ মৃত্যুৰ পিছত পৰিয়ালৰ লোকে কুভিসন্ধি ৰচনা কৰি তেওঁক ডাইনী সজাইছিল ৷ কিন্তু দৃমনা বিৰুবালাক সমাজৰ দুষ্টচক্রৰ চক্রান্তই হাৰ মনাব পৰা নাছিল ৷ সেয়েহে ২০০১ চনৰ ১৪ ছেপ্টেম্বৰ তাৰিখে দদান মন্দিৰত ডাইনী হত্যাৰ বিৰুদ্ধে অনুষ্ঠিত সজাগতামূলক সভাত ডাইনী বুলি সন্দেহ কৰা অহন পাঁচগৰাকী মহিলাই ৰাহজৰ ভয়ত নীৰৱে থকাৰ সময়ত বিৰুবালাহ ডাইনী হত্যাৰ বিৰুদ্ধে দৃভাৱে নিজৰ বক্তব্য আগবঢ়াই সাহসিকতাৰ পৰিচয় দিছিল ৷ তাৰ পিছত আৰু বিৰুবালা থমকি ৰোৱা নাছিল ৷ নাৰী নির্যাতন, কুসংস্কাৰ, অন্ধবিশ্বাস আৰু ডাইনী হত্যাৰ বিৰুদ্ধে সজাগতামূলক সভাৰ জৰিয়তে সমগ্র অসমত আৰু মেঘালয়লৈও তেওঁৰ সংগ্রাম অব্যাহত ৰাখিলে ৷ কৰবাত ডাইনী বুলি সন্দেহ কৰা পুৰুষমহিলাক হত্যাৰ পৰিকল্পনাৰ খবৰ পালে নিজৰ জীৱনটোকো তুচ্ছ কৰি তেওঁ দৌৰি গৈছিল ৷ তেওঁৰ এনে কার্যই বহুতো নির্যাতিত ব্যক্তিৰ প্রাণ বচাইছিল ৷ ২০১১  চনত তেওঁ কিছুসংখ্যক নির্যাতিত মহিলাক লগত লৈ মিছন বিৰুবালা নামৰ স্বেচ্ছাসেৱী সংগঠন এটাৰ জন্ম দি মানুহক বিজ্ঞানসন্মত শিক্ষাৰ প্রতি অনুপ্রেৰণা যোগাই এক অবিৰত সংগ্রাম আৰম্ভ কৰে৷ ত্যাগ আৰু সংগ্রামৰ প্রতীক বিৰুবালা দুৰাৰোগ্য ব্যাধিত আক্রান্ত হৈয়ো নিজৰ সকলো স্বার্থ জলাঞ্জলি দি দিনেনিশাহ কেৱল নাৰী কল্যাণ আৰু অন্ধবিশ্বাস, কুসংস্কাৰৰ বিৰুদ্ধে সাহসেৰে যুঁজ দি গৈছে ৷ তেওঁ আগবঢ়োৱা কর্মৰ বাবে ২০০৫ চনত শান্তিৰ নবেল বঁটাৰ বাবে মনোনয়ন লাভ কৰিছিল ৷ ২০১৫ চনত বিৰুবালা ৰাভাক গুৱাহাটী বিশ্ববিদ্যালয়ে সন্মানীয় ডক্টৰেট উপাধি প্রদান কৰে ৷ ২০১৮ চনত তেওঁক ভাৰত চৰকাৰে পদ্মশ্রী সন্মানেৰে বিভূষিত কৰে ৷ এই গোটেইবোৰ কথা সামৰি তথ্যচিত্রখনৰ মাধ্যমৰে পৰিচালকে এগৰাকী সংগ্রামী নাৰীসত্তাৰ যি অৱলোকন আগবঢ়াইছে, সেয়া সঁচাকৈয়ে প্রশংসাৰ যোগ্য ৷ আমি আশাবাদী তথ্যচিত্রখনে বর্তমানৰ দৰে ভৱিষ্যতেও এক সুন্দৰ জনজাগৰণৰ সৃষ্টি কৰিব ৷

ফোনঃ  ৭০৮৬৫-২১৩০৭

You might also like

Comments are closed, but trackbacks and pingbacks are open.