হিমাংশু দত্ত
ৰাতিপুৱাৰেপৰা বাৰাণ্ডাৰ চকীখনত বহি ৰাস্তাৰে অহা-যোৱা কৰা মানুহৰ অলেখ-লেখ চোৱাই মোৰ দৈনন্দিন জীৱনপঞ্জী এতিয়া। ভাল লাগে মানুহবোৰৰ ব্যস্ততা দেখি, কিন্তু কেতিয়াবা কাৰণবিহীনভাৱে বিৰক্তও হৈ পৰো এই ব্যস্ততাৰ আও-ভাওত। মাজে মাজে এই ব্যস্ততাৰ মাজৰ পৰাই বুটলি আনো মোৰ সৃষ্টিৰ সমল, মগজুত পিচি লৈ ৰূপ দিও গল্প অথবা কবিতাৰ। পাঠকবোৰ সুখী হয়, নিজকে বিচাৰি পাই যায় হঠাতে কোনোবাটো গল্পৰ পৃষ্ঠা অথবা কবিতাৰ স্তৱকত, জাপে জাপে চিঠি পঠায় মোলৈ, ব্যক্ত কৰে মোক লগ পোৱাৰ আন্তৰিক হাবিয়াস। মই প্ৰতিখন চিঠিয়েই একান্তমনে পঢ়ো, অনুভৱ কৰিবলৈ চেষ্টা কৰো তেওঁলোকৰ আৱেগবোৰ, চিঠিৰ প্ৰতিটো শব্দত সিঁচৰতি হৈ থকা তেওঁলোকৰ মৰমবোৰ। প্ৰতিখন চিঠিয়েই মই সযতনে সাঁচি থও মোৰ আলমিৰাটোত; আৰু যেতিয়াই মই ক্লান্ত হৈ পৰো, বিচাৰি নাপাও জীয়াই থকাৰ কোনো উদ্দেশ্য, তেতিয়া চিঠিবোৰ উলিয়াই দুনাই পঢ়ো, যিয়ে মোক দিয়ে জীয়াই থকাৰ লক্ষ্য, আকৌ কলম তুলি লোৱাৰ সাহস। মই অন্তৰেৰে কৃতজ্ঞ হৈ ৰওঁ প্ৰতিজন পাঠকৰ ওচৰত, কিন্তু কেতিয়াও মই তেওঁলোকৰ চিঠিবোৰৰ উত্তৰ নিদিও। মোৰ শাৰীৰিক অৱস্থিতি পাঠকসকলৰ বাবে অপৰিহাৰ্য নহয়, অন্ততঃ মোৰ লেখাবোৰৰ তুলনাত। কাৰণ মোৰ প্ৰতি পাঠকৰ হৃদয়ত যি অমলিন ভালপোৱা আছে, মোক লগ পোৱাৰ পিছত যদি সেয়া পুতৌলৈ পৰ্যৱসিত হয়, মোৰ বাবে সেয়া হ’ব চূড়ান্ত পৰাজয়।
যোৱা ছবছৰ ধৰি এই চকীখনেই মোৰ বিশ্বস্ত সংগী। পুৱাৰ পৰা সন্ধিয়ালৈ তাৰ কোলাতেই পাৰ হৈ গৈ আছে মোৰ এই বৈচিত্ৰ্যহীন জীৱন। অথৰ্ব, অসহায়, পঙ্গু মই। মা-দেউতাৰ চকুলৈ চাব টান লাগে। যি সময়ত মই তেওঁলোকৰ লাখুটি হ’ব লাগিছিল, সেই সময়ত তেওঁলোক মোৰ লাখুটি হ’ব লগা হৈছে। দুবছৰ আগলৈকে তেওঁলোকৰ বাবে মই জীয়াই আছিলো, এতিয়া মোৰ বাবে তেওঁলোক জীয়াই আছে। দূৰ্ঘটনাটোৱে গোটেই ঘৰখনকে সৰলৰৈখিক কোণত ঘূৰাই দিলে। হাস্পতালৰ বিছনাত যেতিয়া নিজকে আৱিষ্কাৰ কৰো, তেতিয়া মোৰ ভৰি দুখন নাছিল। মোৰ জীৱন বচাবলৈ আঠুৰ ওপৰতেই ভৰি দুখন কাটি পেলাবলগীয়া হৈছিল। হুইল চেয়াৰত বহি ঘৰলৈ আহিলোঁ, এটা নতুন জীৱন আৰম্ভ হ’ল। প্ৰথম অৱস্থাত ওচৰ-চুবুৰীয়া, আত্মীয়-স্বজন খবৰ ল’বলৈ আহিছিল, ডেকা ল’ৰা এটাৰ এনে হোৱা বাবে দুখ প্ৰকাশ কৰিছিল। লাহে লাহে খবৰ ল’বলৈ অহা মানুহৰ সংখ্যা কমি কমি এতিয়া প্ৰায় নাইকিয়াই হ’ল। কাচিৎ কোনোবা আহিলেও মোৰ লগত কথা নাপাতে, ময়ো বেয়া নাপাও, মোৰ নিজৰ চিন্তাৰ সাগৰত বুৰ গৈ থাকো। সময়ে অকুণ্ঠভাৱে খুব সুন্দৰকৈ বুজাই দিছে যে এই যোগ্য-ভোগ্যৰ বসুন্ধৰাত মই এটা হাৰমাল মাত্ৰ। মা-দেউতা নাথাকিলে হয়তো অন্য সিদ্ধান্তই ললো হয়। কিন্তু নিয়তিৰ অৱগাহনত মই অদ্যাপি জীৱনৰ এজন উদ্যমহীন পৰিভ্ৰামক।
শাৰীৰিক অক্ষমতাই মোক জীৱনটো নতুনকৈ চাবলৈ শিকালে। প্ৰায়ে চাই ৰও শূন্য আকাশলৈ, বিচাৰিবলৈ চেষ্টা কৰো ঈশ্বৰ নামৰ অশৰীৰীৰ অস্তিত্ব। জুকিয়াই চাও এৰি অহা দিনবোৰ, আঙুলিৰ মূৰত গণিবলৈ চেষ্টা কৰোঁ পোৱা-নোপোৱাৰ হিচাপবোৰ। জীৱনৰ সংখ্যাৰেখাৰ একেবাৰে মধ্যম বিন্দুত বিচাৰি পাও নিজকে, গণিতৰ ভাষাত যাৰ নাম শূন্য। তাইলৈ মনত পৰে সঘনে, মনৰ মাজত তীব্ৰ হৈ উঠে কিবা এক অবুজ আকুলতা। কোনেও নুবুজা, কোনেও নেদেখা, মাথোঁ অনুভৱত জীপাল তাইৰ সত্ত্বাই নাজানো মোক মৃত সঞ্জীৱনী হৈ মেৰাই ৰাখিছে নে মোৰ প্ৰাণসুধা শুহি শুহি মোৰ শৰীৰৰ জড়তা মোৰ হৃদয়লৈ বিয়পাই আনিছে! দুৰ্বিসহ আছিল বিচ্ছেদৰ সেই অধ্যায়, উদভ্ৰান্তৰ দৰে হৈ পৰিছিলোঁ তাইক হেৰুৱাই। শূন্যতা কি বস্তু সেয়া খুব ভালদৰেই উপলব্ধি কৰিছিলোঁ। সেয়ে তাৰ কিছুদিন পিছতেই দূৰ্ঘটনাটোত পতিত হৈ পঙ্গুত্বক আকোঁৱালি ল’বলগা হওতে হয়তোবা তুলনামূলকভাৱে কিছু সহজেই মানি ল’ব পাৰিছিলোঁ। মেজাজ ভালে থাকিলে ভগৱানক ধন্যবাদ জনাও যে তাইক আগতেই মোৰ পৰা আঁতৰাই লৈ গ’ল, নহ’লে মোৰ সৈতে তাইৰ জীৱনটোও বিৱৰ্ণ হৈ গ’ল হয়।
: কি ভাবি আছ?- চাহকাপ কাষৰ সৰু মেজখনত থৈ মায়ে সুধিলে।
: নাই, এনেয়ে ৰাস্তাৰ মানুহ চাই আছো। কি কৰিবি আৰু!
: হুমম্!- হুমুনিয়াহ এটা কাঢ়ি মা পুনৰ ভিতৰলৈ গ’ল।
: মিয়াও, মিয়াও …..- মেকুৰীটো ওচৰ চাপি আহিল।
বিস্কুট এখন টুকুৰা-টুকুৰকৈ ভাঙি তাক খাবলৈ দিলো। দিনটো সি প্ৰায় মোৰ কাষতে শুই থাকে। কেতিয়াবাহে ইচ্ছা গ’লে দুই-এটা নিগনি চিকাৰ কৰে আৰু দাঁতেৰে কামুৰি ওলোমাই সগৰ্বে আমাক দেখুৱাবলৈ লৈ আনে। নিঃসংগতাৰ এই জীৱনত সি মোৰ অভিন্ন বন্ধু।
জীৱনটো একঘেয়ামী হ’লে মানুহ তীব্ৰ মানসিক অস্থিৰতাত ভোগে, উদাসীন হৈ পৰে। ময়ো ব্যতিক্ৰম নহয়। আগতে চিনেমা চোৱাৰ খুব নিচা আছিল। হাজাৰ ব্যস্ততাৰ মাজতো বন্ধৰ দিনটোত চিনেমা এখন চাবলৈ নাপালে দিনটো বা সপ্তাহটো আধৰুৱা যেন লাগিছিল। এতিয়া হাতত অফুৰন্ত সময়; কিন্তু এদিনত কিয়, এমাহতো হয়তো এখনো চিনেমা চোৱা নহয়। কিতাপ পঢ়া, গান শুনা নিচাও আৰু আগৰ দৰে নাই। দিনৰ দিনটো ৰাস্তাৰে অহা-যোৱা কৰা মানুহৰ ৰেহ-ৰূপ নিৰীক্ষণ কৰাই যেন এতিয়া মোৰ একমাত্ৰ নিচা।
“ৰাজ্য চৰকাৰ হায় হায়”, “এই জুই জ্বলিছে, জ্বলিবই”, “আমাৰ দাবী মানিবই লাগিব”, উদাত্ত কণ্ঠেৰে শ্লোগান দি দি প্ৰতিবাদী সমদল এটা আগবাঢ়ি গ’ল। কি বিষয়ক সমদল জানিবলৈ মনত উৎসুকতা নাজাগিল। প্ৰতিবাদী সমদল বাহিৰ কৰাটো আজিকালি দৈনন্দিন কাৰ্যসূচী। আগতে কিছু অনুসন্ধিৎসু হৈছিলোঁ, এতিয়া নহও। ক্ৰমাৎ অভ্যস্ত হৈ পৰিছো এই দৃশ্যৰ সৈতে এতিয়া।
ৰাস্তাটোৰ সিটোপাৰে থকা ডাঙৰ ডাষ্টবিনটোত উৱলি যোৱা হাফপেণ্ট আৰু শতচ্ছিন্ন গেঞ্জি পিন্ধা সাত-আঠ বছৰীয়া ল’ৰাটোৱে কিবা বিচাৰি আছে। কাষত জপৰা চুলিৰে সৈতে সেয়া তাৰ ভনীয়েকেই হ’ব নিশ্চয়। হয়তোবা পেলনীয়া বটলৰ সন্ধান কৰিছে সি। কাষতে থকা ভনীয়েক সামান্য আঁতৰি আহিছে তাৰ অমনোযোগিতাৰ সুযোগত। ফুলকুমলীয়া ছোৱালী, পাঁচবছৰমান হোৱাই নাই কিজানি!
হঠাতে দেখিলো, সমদল কৰি যোৱা মানুহবোৰ বিপৰীত দিশত দৌৰি পলাবলৈ লৈছে, নিশ্চয়কৈ আৰক্ষীয়ে ছত্ৰভংগ দিয়াইছে। মানুহবোৰে কোনোফালে চোৱা নাই, মাথোঁ দৌৰিছে। অকস্মাৎ চকুত পৰিল, পলোৱা মানুহৰ খুন্দাত ৰাস্তালৈ আগুৱাই অহা সৰু ছোৱালীজনী চিটিকি পৰিছে। কপালৰ কোমল ছাল ফাটি তেজ ওলাবলৈ ধৰিছে। তাইৰ কান্দোন শুনি তাইৰ ককায়েক আগবাঢ়ি আহিব খুজিছে, সিও খুন্দা খাই পৰি গৈছে। তথাপি আগুৱাইছে সি। আহি ভনীয়েকক সাৱটি ধৰিছে, পিঠি পাতি লৈছে শত-সহস্ৰ পদাঘাত। আৰু সিহঁতৰ গাৰ কাষেৰে, ওপৰেৰে পাৰ হৈ গৈছে শত-শত প্ৰতিবাদী জনতা, ভোক আৰু অধিকাৰৰ শ্লোগান আওৰোৱা সজাগ, সচেতন জনতা।
ফোনঃ ৮৮৭৬৪০১৬৯২
Comments are closed, but trackbacks and pingbacks are open.