ড° ৰীতা মণি বৰা
গেটখন ঘটংকৈ খুলি দৌৰি দৌৰি সোমাই অহা ল’ৰাটোলৈ চাই ধৰণী বৰ্মন অবাক হ’ল। তেওঁ তেতিয়া পুৱাৰ ৰ’দ লৈ আগফালৰ বাৰান্দাতে পেপাৰ পঢ়ি আছিল। সি উশাহটো ঘূৰাব পৰা নাই।চকুপানীৰে তাৰ নাকমুখ একাকাৰ। তেওঁৰে ল’ৰা সেইটো, বাবু,- অলপ আগতে পৰীক্ষা দিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল। এনেকৈ, হুচ নোহোৱাকৈ ঘূৰি আহিল কিয়? তেওঁ কি হ’ল বুলি সোধাৰ লগে লগে সি ৰাউচি জুৰিলে –” তাই আৰু নাই অ’ দেউতা,তাইক জ্বলাই দিলে সিহঁতে” –কান্দোনৰ হেঁচাত মাত হেৰুৱা ল’ৰাটোৰ পাছৰ কথাবোৰ অস্পষ্ট হৈ গ’ল,তথাপি ধৰণী বৰ্মনে ঠিকেই বুজিলে। এইখন ঘৰত ‘তাই ‘ মানে তেওঁৰ একমাত্ৰ ছোৱালী মধুছন্দা – মৰমতে মধু বুলি যাক মতা হয়। তেওঁ পৰি যাব খুজিলে – চকুৰ সমুখৰ চোতাল,ফুলনি, গেট,গছ বন সকলো চক্ৰাকাৰে ঘূৰিছে — তেওঁ স্থিৰ হৈ থাকিব পৰা নাই। চকীখনৰ হাতলত ধৰি তেওঁ পোন হৈ ৰ’ব খুজিলে, কিন্তু নোৱাৰিলে। মজিয়াত বাগৰি পৰাৰ আগ মূহূৰ্তত তেওঁ অস্পষ্টকৈ শুনিলে মাকজনীৰ বুকু কঁপোৱা চিঞৰটো।
তেওঁ যেতিয়া চেতনা পালে, তেতিয়া তেওঁৰ পত্নীৰ কান্দোন শাম কাটিছে। মানুহজনীৰ ধৈৰ্য তেওঁতকৈ বেছি। তেওঁ বিভ্ৰান্ত হ’ল, ইফালে সিফালে চালে, ওচৰৰে ভতিজা ল’ৰাটো আগবাঢ়ি আহিল আৰু তেওঁক সাৱটি ধৰিলে –” এবাৰ তাইৰ মুখখন চাবলৈ মন গৈছে নেকি খুৰা? এতিয়া হস্পিটেলতে আছে। যাব নেকি?”
তেওঁ যেন কথাবোৰ বুজিব পৰা নাই, তেওঁৰ অবাক মুখলৈ চাই ভতিজাকে দোহাৰিলে –” যাওঁ বলক এবাৰ”–। তেওঁ কোনোমতে মুৰ দুপিয়ালে। ভতিজাকৰ দুবাহুত বন্দী হৈয়েই তেওঁ গাড়ীত উঠিলহি। ইতিমধ্যে বাবুক লৈ কোনোবা কোনোবা হস্পিটেল পালেগৈ। এবাৰ ভাবিলে- মাকজনীৰ ওচৰত কোন আছে বা?
ৰাতি একবজাৰ অলপ পাছতে মধুছন্দা নব্বৈ শতাংশ দগ্ধ শৰীৰ লৈ হস্পিটেললৈ আহিছিল। ৰাতিপুৱা ছয়টা মান বজাত তাইৰ অকণমানি ব্যাথাতুৰ প্ৰাণটো শৰীৰ দেও দি ওলাই গৈছিল। এতিয়াও পোষ্টমৰ্টেমৰ কাৰণে নিয়া হোৱা নাই। হস্পিটেলৰ কঠিন আৰু চেঁচা মজিয়াত,বগা কাপোৰৰ তলত তাই শুই আছে।
ধৰণী বৰ্মনক তালৈকে ভতিজাকে লৈ গ’ল। তেওঁ চালে তাইক, জুইত পোৰা বেঙেনাৰ দৰে গোটেই শৰীৰ ক’লা। তেওঁ খুঁটিয়াই খুঁটিয়াই চালে তাইক – বোধহীন দৃষ্টিৰে তেওঁ দেখিলে– জুইয়ে ছানি ধৰা সমগ্ৰ শৰীৰৰ আন্ধাৰৰ দৰে ৰঙৰ মাজত জিলিকি আছে তাইৰ সোঁভৰিৰ কেঞা আঙুলিটো। জুইয়ে চেলেকি গৈছে, আঙুলিৰ চক্চকীয়া বগা ৰঙটো ধূসৰ হৈ গৈছে আৰু সেইটো আঙুলিত তেতিয়াও জিলিকি আছে টিক্টিকিয়া ৰঙা ৰঙৰ অকণমান নেইল পলিচ। তেওঁ কেতিয়াও ঢকা এটাও নমৰা ছোৱালীজনীয়ে কিমান যাতনা লৈ গুচি গ’ল- সেইকথাটো মনলৈ আহিল- তেওঁৰ গাৰ মঙহ এটুকুৰাৰ এই ক’লা শৰীৰৰ দৃশ্য বেছি সময় চাই থাকিবলৈ শৰীৰে আৰু সহযোগ নকৰিলে। ভতিজাকৰ দুবাহুত তেওঁ আকৌ বন্দী হৈ গ’ল।
ঘৰলৈ আহি তেওঁ দেখিলেহি – বহুত মানুহ। বহুতৰ বহুত কথা – থানালৈ যাব লাগে, এফ আৰ আই দিব লাগে – তাই নিজে মৰা নাই – জ্বলাই দিছে তাইক। তেওঁৰ এতিয়া থানা পুলিছ কৰিবলৈ শক্তি নাই – যায় যদি বাবু যাওক,মাক গ’লেও যাওক। তেওঁক এতিয়া অকণমান অকলে থাকিবলৈ লাগে। তেওঁৰ লগত থাকিব তাই — মধু।
পাছদিনা পোষ্টমৰ্টেম ৰিপ’ৰ্ট আহিল। অন্যান্য আনুষাংগিক পৰিস্থিতিয়েও প্ৰমাণ কৰি দিলে — এয়া আত্মহত্যা। অসহায় মানুহ এহাল আৰু ভায়েক এটাৰ বুকুত জুই একুৰা জ্বলাই তাই সঁচাকৈ নিজে জ্বলি মৰিল। ডেডবডীৰ কাষ্টডী তেওঁলোকে নাপালে। সিপক্ষই তাইক নিয়ম নীতিৰে বোৱাৰী কৰি লৈছিল।
মধুছন্দাৰ ঘটনাতো আৰু ব্যতিক্ৰম নহয়। ভালকৈ খবৰ ল’লে দিনটোত দুজনী মধুছন্দাই নিজৰ শৰীৰত কেৰাচিন ঢলাৰ কথা জানিব পাৰি। কিন্তু এইখন ঘৰত মধুছন্দা ৰৈ গ’ল। সৌৱা — দ্ৰয়িং ৰুমৰ বেৰত তাই -, দেউতাকৰ কোলাত উঠি দূৰলৈ কিবা আঙুলিয়াই আছে – কপাল ঢাকি তাইৰ কেঁকোৰা চুলি,- সৌৱা নধৰ-নপৰকৈ ভায়েকক কোলাত লৈ আগদাঁত দুটা সৰা, খোলা মুখৰ হাঁহিৰে তাই,– সৌৱা ষ্টুডিঅ’ত তোলা চাৰিওটা মানুহৰ গ্ৰুপ ফটো। আৰু মাকজনীৰ হেৰোৱা মাতত তাই কলকলাই থাকেহি দেখোন। খোজৰ শব্দ হ’লেও উচপ খাই উঠা ভায়েকটোৱে কিতাপ মেলি চাই থাকে আখৰবোৰ, ক’তা- আখৰতো নহয়, এয়া দেখোন বায়েকজনী – আহোঁতে যাওতে পঢ়া টেবুলত বহি থকা ভায়েকটোৰ চুলি টানি থৈ যোৱা বায়েকৰ হাঁহি ভৰা মুখ!
আৰু দেউতাক ধৰণী বৰ্মন? তেওঁ এতিয়া বহি বহি অনুতাপৰ জুইত হৃদয় সেকি সেকি দিনবোৰ পাৰ কৰে। তেওঁৰ ডিঙিলৈ ভাত নেযায়, তেওঁৰ ডিঙিত মাতটোৱে বাট হেৰুৱায় —
ছোৱালীজনীক মৰম কৰি কৰি , লাই দি দি নষ্ট কৰাৰ কথাটো আগতে তেওঁৰ ফালেই আহে। মাকৰ সদায় একেষাৰ কথাই। কিন্তু তেওঁ হাঁহে — ‘ইস, তেওঁৰ ডাঙৰ সন্তান, তেওঁৰ সপোন এটা তাই। কিমান জল্পনা কল্পনা!’
পত্নী চাৰুৱে প্ৰথম সন্তান ল’ৰা হ’লে ভাল বুলি কৈছিল। তেওঁ মনে মনে প্ৰাৰ্থনা কৰে-‘ এজনী ছোৱালী হওক। এজনী ফুটফুটীয়া ছোৱালী– কল্কলাই তাই ঘৰখন ভৰাই ৰাখিব।’ ঈশ্বৰে তেওঁৰ কথাকে শুনিলে- এজনী ছোৱালী হ’ল চাৰুৰ। তেওঁ যেন উৰিয়েই ফুৰিব। তেওঁ ছোৱালীৰ বাপেক- আৰু কি লাগে তেওঁক?
দিনবোৰ কি দ্ৰুত গতিত পাৰ হৈ গ’ল– তেওঁৰ মটহা আঙুলিত ধৰিয়েই তাই টোপনি গ’ল, তাই টোপনিতে হাঁহিলে–দেখি তেওঁ আচৰিত হ’ল — চাৰুৱে বোলে সেয়া ধাইয়ে হঁহুৱাইছে – মাক মৰিল বুলি ক’লে হাঁহে , কেঁচুৱাই বোলে কয় -“এতিয়া, এইমাত্ৰ মাৰ গাখীৰ খাই আহিছোঁ — মিছা কথা,নাহাঁহি পাৰোনে?”
কেতিয়াবা টোপনিতে তাই ফেঁকুৰে — তেতিয়াও চাৰুৱে কয় – ধাইৰ কাম। “বাপেৰ মৰিল বুলি ধেমালি কৰিলেও নকন্দাকৈ থাকিব পাৰিনে,সেই কাৰণে কান্দে”–
এইবোৰৰ পাছত এদিন তাই উবুৰি হ’ল,নিজৰ হাতকেইটা মুখৰ আগলৈ আনি পিট্পিটকৈ চাই থাকিবলৈ ল’লে, ভৰিকেইটা দাঙি বুঢ়া আঙুলিকেইটা মুখত সোমাৱলৈ চেষ্টা কৰা হ’ল। আৰু এদিন তাই খোজ কাঢ়িবলৈ ল’লে।
এদিন খোজ কাঢ়ি ঘৰৰ চৌহদ পাৰ হৈ তাই স্কুললৈ ওলাই গ’ল। অৱশ্যেই তেওঁৰ হাতত ধৰি। ইতিমধ্যে চাৰুৰ আকৌ ওকালি আহিবলৈ লৈছে। ভৰুণ শৰীৰেৰে ছোৱালীজনীৰ আলপৈচান ধৰিবলৈ অসুবিধা হয়। গতিকে মধু তেওঁৰ বিছনালৈ আহিল আৰু তেওঁৰ বুকুত মুৰ গুজি টোপনি যোৱা হ’ল।
এদিন চাৰু হস্পিটেলৰ পৰা উভতি আহিল । মাকৰ কোলাত অকণমান ভায়েকক দেখি তাই কিৰিলিয়ালে। ঘৰখন ভৰি পৰিল। টকা-পইচাৰ উভৈনদী নহয় , কিন্তু দুটা ল’ৰা ছোৱালীয়ে তেওঁৰ ঘৰত সুখৰ মুঠি মুঠি ফাকুগুৰি সিঁচি দিছে। চাৰু আৰু তেওঁৰ সংসাৰৰ পৰা দুখ কষ্টই অধোমুখে উভতি গৈছে।
মেট্ৰিক পাছ কৰাৰ পিছত তাই আৰ্টছ পঢ়িবলৈ সিদ্ধান্ত ল’লে। তেওঁৰ ইচ্ছা – তাই চায়েন্স পঢ়ক,পঢ়ি নীট ক্লিয়েৰ কৰি মেডিকেল পঢ়ক। কলেজলৈ ওলাই যোৱা ছোৱালীজনীক পাছ ফালৰ পৰা তেওঁ কেতিয়াবা এপ্ৰন পিন্ধি স্মাৰ্ট ডাক্তৰণী এজনীৰ দৰে দেখে। সেইটো কথা চাৰুক ক’লে হাঁহে –” জীয়েৰক আৰু কি নবনাইনো? ডাক্তৰ, কল্পনা চাওলা, শ্ৰেয়া ঘোষাল, একেবাৰে দীঘল লিষ্ট।”
তেওঁ আঁতৰি আহে – মুখত তাইৰ প্ৰতি অকুণ্ঠ মৰমৰ হাঁহি এটাৰে তেওঁ উজলি থাকে।বি এ পৰীক্ষাৰ কেইবামাহ আগৰ পৰাই তাই যেন অলপ বেলেগ হ’বলৈ লৈছিল। ভায়েকৰ লগত চকলেট চিপচ্ৰ বাবে কাজিয়া কৰি হুলস্থূল কৰা ছোৱালীজনী গহীন হৈ গ’ল, অকলে থাকি ভাল পোৱা হ’ল।পঢ়াৰ বোজা বুলি ভাবি তেওঁলোকে আঁতৰৰ পৰাই তাইক চাই থাকিল। এবাৰো নুসুধিলে তাইৰ হৈছে কি?
আৰু পৰীক্ষাৰ শেষৰ দিনা এটা অচিনাকি নাম্বাৰৰ পৰা তেওঁলৈ নহয়,মাকলৈ ফোন আহিল –” মধুছন্দাক মই লৈ আহিলোঁ।”
চাৰুৱে কঁপা হাতেৰে আগবঢ়াই দিয়া ফোনটোত সেইটো তাইৰ মাত তেতিয়া -” দেউতাক ক’বা মা, মোক ক্ষমা কৰি দিয়ে যেন। মই সুবীৰৰ লগত একেবাৰে গুচি আহিছোঁ”–
সেইদিনাও তেওঁ চকুৰ সমুখৰ সকলো বস্তু চক্ৰাকাৰে ঘূৰিছিল। অ’ত ত’ত ধৰি ধৰি তেওঁ বিছনাত পৰিছিলগৈ।
তাৰ পিছত সকলো পৰিষ্কাৰ হ’ল। সুবীৰৰ কিবা বিজনেছ আছে, ঘৰখন অৱশ্যে অৱস্থাপন্ন। সুবীৰৰ সম্প্ৰদ্ৰায় বেলেগ। আগতে হোৱা হ’লে সুবীৰহঁতৰ দৰে মানুহ আহিলে তেওঁৰ ঘৰলৈ খোৱা কাঁহী বাতি ধুই থৈ যাবলগীয়া হ’লহেতেঁন। তেওঁৰ মাক জীয়াই থকালৈকে নিজেই দেখিছে। কিন্তু তেওঁ শিক্ষিত মানুহ, মাষ্টৰ মানুহ।তেওঁ এইবোৰ কুসংস্কাৰ কেতিয়াবাই পাহৰিলে।
তাই এনেকৈ গুচি যোৱাত ধৰণী বৰ্মনে বৰ কষ্ট পালে। শেহতীয়াকৈ তেওঁ কল্পনা কৰি থকা এটা সুদৃশ্য কোঠাৰ ভিতৰত সপ্ৰতিভ ভাৱে জিলা এখনৰ মুৰব্বী হৈ বহি থকা এজনী ছোৱালীৰ ছবি মনৰ পৰা উৰি উৰি গুচি গ’ল। তাই কি ভাবি কি কৰিলে? এয়া বয়সৰ দোষ? এয়া প্ৰেমৰ নামত অত্যধিক আবেগৰ ফল? ভাবি তেওঁ উত্তৰ নাপালে। কিন্তু তেওঁৰ অনুতাপ – এবাৰ যদি তেওঁ তাইক সুধিলেহেঁতেন – কি হৈছে মাজনী? কিয় এনেকৈ আছ?”
বহুত দিনলৈ সেইটো কথাই তেওঁৰ বুকুখন খুলি খুলি খালে। তদুপৰি আন এটা কথাইও তেওঁক কষ্ট দি থাকিল। তাইৰ প্ৰতি অপত্য স্নেহত ডুবি থাকোতে ল’ৰাটোৰ প্ৰতি তেওঁৰ দায়িত্ব সঠিক নহ’ল। মাকেই তাৰ সকলো দায়িত্ব পালন কৰি গ’ল।
আৰু এদিন,ঘৰতে ফোন এৰি থৈ যোৱা ছোৱালীজনীলৈ তেওঁ খবৰ দিয়ালে –” আৰু কোনো দিন যেন তাই ঘৰৰ লগত সম্পৰ্ক ৰক্ষা কৰিবলৈ চেষ্টা নকৰে। নহ’লে তাই মোৰ মৰা মুখ চাব লাগিব “–
সেইটো সময়ত তেওঁৰ তাইৰ ওপৰত তীব্ৰ অভিমান হৈছিল।খঙ উঠিছিল – নিজলৈ। তাইক সংস্কাৰ দিয়াৰ ব্যৰ্থতা তেওঁৰ নিজৰ।
সত্তৰ মাইল আতঁৰত থকা ছোৱালীজনীৰ খবৰ ল’বলৈ তেওঁৰ ইচ্ছা নকৰিলে। তাই মৰিল বুলি তেওঁ ভাবি ল’বলৈও তেওঁৰ বৰ দুখ লাগিল।
আৰু এতিয়া তাই সঁচাকৈয়ে মৰি থাকিল? কি বা কষ্টত আছিল তাই? তেওঁৰ মৰমত জেদী হৈ উঠা ছোৱালীজনীৰ অভিধানত সহ্য বোলা শব্দটো নায়েই – তেওঁ ভালকৈ জানে। অন্যায় তাই নকৰেও,নসহেও।তথাপি তাই যদি এবাৰ হ’লেও যেনে-তেনে দেউতাকক ক’লেহেঁতেন। তেওঁ নিশ্চিত ভাৱে গ’লহেতেঁন। কিবা এটা সমাধান নিশ্চয় হ’লহেতেঁন। কিন্তু তাই যে দুখত আছিল -সেই কথা সত্য।
এতিয়া এইখন ঘৰ শূন্য আৰু নিজান হৈ গ’ল। কোনেও কাৰো ওচৰত ৰৈ এষাৰ কথা নপতা হ’ল। একেলগে একেখন টেবুলতে ভাত খাই থাকিলেও কোনেও এবাৰো মুৰ ডাঙি নোচোৱা হ’ল। ঘৰটোৰ বতাহজাক থমকি থমকি গধূৰ হৈ গ’ল।
বাহিৰৰ পৃথিৱীখন স্বাভাৱিক হৈ গ’ল। দেখাত মধুৰ মাক চাৰু নামৰ মানুহজনীয়ে, তাইৰ ভায়েকটোৱে নিজক সামৰি লৈ নিজৰ নিজৰ কামবোৰ কৰি গ’ল। কিন্তু প্ৰথম সন্তান ছোৱালী হোৱাৰ আনন্দত এদিন আত্মহাৰা হোৱা দেউতাক এজনে আগফালৰ বাৰান্দাত বহি থাকে, বাটলৈ চাই থাকে, মাজে মাজে চকুত হাত দিয়ে, চকুপানী ওলালে তেওঁৰ অসুবিধা হয়। তেওঁৰ চকুৰ সমুখত অনবৰত জিলিকি থকা এটা ক’লা চানেকীয়া ধূসৰ কেঞা আঙুলি ,সেই আঙুলিত অকণমান নেইল পলিচ -একেবাৰে টিক্টিকিয়া ৰঙা। তেওঁ তাকেই চাই থাকিব খোজে- চকুত চকুপানী ওলালে সেয়া অস্পষ্ট হৈ যায়।
Comments are closed, but trackbacks and pingbacks are open.