পূৰবী বৰুৱা
এখন সুন্দৰ মনোমোহা বাগিছা,বিবিধ গছ-বন, লতিকাৰে ভৰা ৷গছবোৰো নানাৰঙী ফুল তথা মোক খা মোক খাকৈ জিলিকি থকা নানান ফলেৰে জাতিষ্কাৰ ৷এক অনন্য জ্যোতিৰে উজলি থকা বাগিছাখনৰ সৌন্দৰ্য দেখিলে স্বৰ্গপুৰী যেন হে লাগে ৷আহ!এইয়াতো স্বৰ্গপুৰীয়ে হয়,নাম যাৰ ইডেন গাৰ্ডেন বা নন্দনকানন৷এই কাননখনক দুহাতেৰে স্বয়ং সৃষ্টিকৰ্তাই সজাই-পৰাই তুলিছে৷সেই মায়াবী কাননৰ গছ-বিৰিখবোৰৰ মাজে মাজে স্বপ্নবিভোৰ হৈ দৌৰি ফুৰা সেই সুন্দৰীয়েই ইভ নেকি?সৌৱা,ফল বুটলি বুটলি পাহাৰৰ নামনি গৈ পোৱা সুপুৰুষ আদমে হাত জোকাৰি দেখুৱাইছে আৰু আগুৱাই গৈ থাকি পাহাৰৰ ভাজটোত নেদেখা হৈ গৈছে৷এই স্বৰ্গপুৰীৰ ভিতৰতে আদমে য’লৈকে মন যায় গুচি যাব পৰাৰ বিপৰীতে ইভৰ আছে অনেক বাধ্যবাধকতা৷বিশেষকৈ উদ্যানখনৰ মাজভাগতে থকা আটাইতকৈ আকৰ্ষণীয় আৰু লগতে লোভনীয় ফলেৰে ভৰা বৃক্ষজোপাৰ ওচৰলৈ যোৱা বা তাৰ ফল খোৱাটো তাহাঁতৰ বাবে একেবাৰে নিষিদ্ধ৷সেই ফল খালেই হেনো ভাল-বেয়াৰ জ্ঞানপ্ৰাপ্তি হৈ আদম-ইভ একেবাৰে গুচি যাব লাগিব এই নন্দন কানন এৰি৷ইভৰ কিন্তু মাজে মাজে ইয়াৰ বাহিৰৰ এখন দুনিয়া চাবলৈ মন নোযোৱা নহয়৷কিন্তু আদমৰ ভয় আৰু সতৰ্কবাণীয়ে তাইক বান্ধি ৰাখে ৷কেতিয়াবা কেতিয়াবাতো আদমকে তাই চিনি নোপোৱা যেন লাগে ৷আনমনা হৈ বাগিচাৰ মাজে মাজে অকলে ঘূৰি থাকোতে হঠাৎ যেন ইভৰ কাণত কোনোবাই ফুচফুচাই কৈ উঠে—
“ ব’লাচোন আজি সেই জ্ঞানবৃক্ষৰ সুস্বাদু ফল এটা খাই চাবা৷সদায় কিমান নিজৰ ইচ্ছাবোৰ বান্ধি ৰাখিবা আৰু আদমৰ কথামতে চলিবা৷আদম তোমাৰ কোন হয় ,তোমাক কিয় সৃষ্টি কৰিছে সেয়া জানিবলৈকেতো তুমি এই ফল খাব লাগিব৷” এনেদৰে লাহে লাহে সেই অজ্ঞাত কণ্ঠৰ গৰাকীয়ে কথাৰে মোহাচ্ছন্ন কৰি ইভক লৈ যায় জ্ঞানবৃক্ষৰ ওচৰলৈ ৷সকলো বাধা,চৰ্ত,বা আদমৰ হাকবচন পাহৰি জ্ঞানবৃক্ষৰ সেই বহু ইপ্সিত ফল ছিঙিবলৈ হাত মেলে ইভে…..
ক্ৰিং,ক্ৰিং,ক্ৰিং…হঠাতে সজোৰে বাজি উঠা এলাৰ্মৰ শব্দত খপজপাই বিচনাতে বহি পৰে বিস্মিতা ৷টোপনি আৰু আধৰুৱা সপোনটোৰ জালতে এলাৰ্মটো বন্ধ কৰি দীঘলীয়াকৈ উশাহ এটা টানি লয় ৷দিনটো আৰম্ভ হোৱাৰ লগে লগে যি এখন বিৰামহীন কামৰ ৰুটিন আৰম্ভ হয়,তাৰ মাজত এনেদৰে এটা উশাহ ল’বলৈও সময় পোৱাই নাযায় বুলিব পাৰি ৷বিচনাৰপৰা নামোতেও কিন্তু বিস্মিতাৰ মনত সপোনটোৱেই ভুমুকিয়াই থাকে৷আজিৰে সৈতে কেইবাদিনো দেখা এই সপোনটো সদায় একেখিনি ঠাইতে শেষ হৈ আধৰুৱা হৈ ৰয় ৷কিয়বা ইমানকৈ দেখিবলৈ লৈছে একেটা সপোনকে ,তাকো ইভৰ ঠাইত নিজৰ মুখখনো লাহে লাহে স্পষ্টকৈ দেখিবলৈ লৈছে৷সপোনবোৰে হেনো ব্যক্তিজনৰ মনৰ মাজত চলি থকা কিন্তু প্ৰকাশ কৰিব নোৱাৰা কথাবোৰেই দেখুৱাব বিচাৰে প্ৰায়ে৷তেন্তে তাইকো এই সপোনটোৰদ্বাৰা কিবা ইংগিত দিব বিচৰা হৈছে নেকি৷বাৰেবিংকৰা চিন্তাবোৰ মনৰপৰা জাৰি-জোকাৰি বিস্মিতা কামত জপিয়াই পৰিল ৷সপোন সপোনেই,দিঠকৰ লগত মিলাই থাকিলে জানো হ’ব৷বিক্ৰান্ত আৰু ল’ৰা-ছোৱালীহাল উঠে মানে বিস্মিতাই যিমান পাৰে কামবোৰ সোনকালে এফালৰপৰা সামৰি নিবলৈ চেষ্টা কৰিলে৷
“মিতা ,মোৰ কাপোৰযোৰ ওলিয়াই থবা৷”
“মা,মোক আজি দুটা টিফিন দিবা,ক্লাছৰ পিছত মেটচ্ আছে৷”
“বিস্মিতা,মোৰ দৰৱকেইটা শেষ হৈছে,আনি দিবাচোন৷”
“মা,আজি ৰুহী আৰু পংখী গধূলি একেলগে ষ্টাডি কৰিবলৈ আহিব,তোমাৰ স্পেচিয়েল চিকেন ৰোল বনাই দিবা হা৷”
“ বোৱাৰী আজি মাটিদাইলে-ঔটেঙাই বনাবা দেই, ,দেউতাৰে খাব খুজিছে৷ ”
ৰাতিপুৱাৰেপৰা ঘৰখনত সকলোৰে মুখত কেৱল বিস্মিতাৰ নাম আৰু হাজাৰটা আব্দাৰ ৷তাৰোপৰি দৈনন্দিন কৰিবলগীয়া দায়িত্ব আৰু কৰ্তব্যৰ লগতে সামাজিক অনুষ্ঠান ,বিয়া-সৱাহৰ লেঠাবোৰ আছেই ৷ঘৰৰ বাকী মানুহবোৰৰ যিহেতু সময় নাই ,প্ৰায় সকলোবোৰ বিস্মিতায়েই চম্ভালি থাকিব লাগে ৷কেতিয়াবা মানুহবোৰৰ সময় নাই বোলা কথাটোত তাইৰ মনে মনে হাঁহিও উঠে৷দিনে-ৰাতিয়ে সকলোৰে কামৰ লেঠা মাৰিও তাইৰ হে বোলে ঢেৰ সময় থাকে৷হওঁতে বিক্ৰান্তহঁতৰ অভিজাত,অট্টালিকাযেন ঘৰখনত কামৰ বাবে সহায়ক নথকা নহয়৷কিন্তু ঘৰৰ মানুহবোৰৰ তাই কৰিলেহে কামবোৰ পচন্দ হয়,তাই ৰান্ধিলেহে খোৱাবোৰ মুখত লাগে ,গাড়ী আৰু ড্ৰাইভাৰ থাকিলেও ল’ৰা -ছোৱালীক স্কুল ,টিউচনৰপৰা তাইহে আনিব লাগে আদিকে কৰি হাজাৰটা কথা ৷শাহুৱেকহঁতৰ মতে এইবোৰ তাইৰ দায়িত্ব যেতিয়া তাইয়েই কৰিব লাগিব,তাতে তাই একো কামো নকৰে ৷এনেকুৱা কথাবোৰ শুনিলে কেতিয়াবা তাইৰ ইভৰ দৰেই সকলো নিয়ম,চৰ্ত ভাঙি পৰিয়াল,বন্ধু-বান্ধৱৰ মতে তাই সুখত ডুবি বাস কৰি থকা এই স্বৰ্গপুৰীখনৰপৰা ওলাই যাব মন যায় ৷
মানুহৰ মনোজগত বা আভ্যন্তৰীণ সুখক জানো বাহিৰৰপৰা জুখিব পাৰি ৷সকলোফালে লাহ-বিলাহ,ঐশ্বৰ্যৰে ভৰি থাকিলেও বহু সংবেদনশীল বা নিজক বুজিব খোজা লোক সুখী হ’ব হয়তো নোৱাৰে ৷আদম আৰু ইভকো ভগৱানে এখন স্বৰ্গপুৰীৰ একছ্ত্ৰী সম্ৰাট- সম্ৰাজ্ঞী বনাই স্ৰজন কৰিছিল ৷কিন্তু লগতে দুয়ো সদায় তেওঁৰ মতেই চলিবলৈ বা ভাল-বেয়াৰ জ্ঞান নহ’বলৈ জ্ঞানবৃক্ষৰ ফল খোৱাতো বাধা আৰোপ কৰিছিল ৷সমস্ত প্ৰাচুৰ্য্যৰে ভৰা স্বৰ্গহেন ঠাইত থাকিব পাইয়ো তেন্তে কিহৰ তাড়নাত আদম-ইভে সেই নিষিদ্ধ ফল সেৱন কৰি মৰ্ত্যলৈ বিতাড়িত হোৱাৰ অভিশাপ পাইছিল!আজিকালি বিস্মিতাই প্ৰায়ে স্নাতক কৰোঁতে ইংৰাজী ক্লাছত পঢ়া তাইৰ প্ৰিয় কবিতা জন মিল্টনৰ ‘পেৰাডাইজ লষ্ট’ৰ এই ব্যাখ্যাখিনিৰ কথা মনত পেলায় ৷কিমান যে ইচ্ছা আছিল তাইৰ প্ৰিয় বিষয় ইংৰাজীত স্নাতকোত্তৰ কৰি এখন ভাল কলেজত চাকৰি কৰাৰ ,নহ’লেও নিজাকৈ কিবা এটা কৰাৰ ৷কিন্তু আঢ্যৱন্ত,সম্ভ্ৰান্ত ঘৰৰ বৰপুত্ৰৰ বাবে বিবাহৰ প্ৰস্তাৱ পোৱাৰ লগে লগেই চূৰমাৰ হৈ গৈছিল তাইৰ সকলো সপোন,এইখন ঘৰৰ ধন-সম্পত্তিৰ চমকত হেৰাই গৈছিল মধ্যবিত্ত ঘৰৰ তাইৰ সৰু সৰু আকাংক্ষাবোৰ ৷কোনোপধ্যে বিয়াৰ বাবে মান্তি হ’ব নোখোজা বিস্মিতাক সকলোৱে বুজালে,“ স্বৰ্গসুখত থাকিবি আই সেইখন ঘৰত,যি মন যায় কৰিবও পাৰিবি তাত৷কেৱল এনে এটা ভাল প্ৰস্তাৱ অগ্ৰাহ্য নকৰিবি৷” উপায়বিহীন হৈ বিয়াত মত দিয়া বিস্মিতা তেতিয়াৰপৰাই ইভৰ দৰে এই স্বৰ্গপুৰীৰ বাসিন্দা হ’লহি য’ত কৃত্ৰিম আদৰ,আব্দাৰ আৰু প্ৰাচুৰ্য্যৰ লগতে সকলোফালে ভৰি আছে নিষিদ্ধ ফলেৰে ৷
“ বিকি,তুমিতো জানাই মোৰ ইংৰাজীত এম.এ. কৰাৰ বহুত ইচ্ছা আছিল ৷তোমালোকৰ মায়ে মোক চাবলৈ যাওঁতে বিয়াৰ পিছতো পঢ়িব পাৰিম বুলি কৈছিল ,ফৰ্মখন লৈ আনো নেকি আজি?”
“মোৰ মতে তোমাৰ আৰু পঢ়াৰ কোনো দৰ্কাৰ নাই৷কি কৰিবা এই সাহিত্যবোৰ পঢ়ি?তথাপিও মাক সুধি ল’বা এবাৰ কি কয় ৷তুমিতো জানাই,দেউতাহঁতৰ ব্যৱসায়ৰেই চলি আছো বাবে মই তেওঁলোকৰ ওপৰত মাত মাতিব নোৱাৰোঁ৷”
বিক্ৰান্তৰ কথাখিনিয়ে মনত বহুত দুখ দিলেও সাহস কৰি তাই শাহুৱেকক সোধোতে একেবাৰতে নাকচ কৰি কৈ উঠিছিল—
“কোনো প্ৰয়োজন নাই তোমাৰ আৰু পঢ়াৰ। আমাৰ ঘৰত তুমি কিবা অসুবিধাই পাইছা নে অভাৱেই পাইছা কোৱাচোন ৷এনেও আমাৰ পৰিয়ালৰ বোৱাৰীবোৰে চাকৰি নকৰেই যেতিয়া আগলৈ পঢ়ি কিবা লাভ হ’ব জানো কোৱা ৷আমি তোমাক যিদৰে মৰমত ৰাখিছোঁ তুমিও আমাৰ ঘৰখনৰ চিন্তা কৰি সকলোকে আৱৰি ৰাখিবা,তাতকৈ বেছি আৰু কি লাগে৷এইবোৰ কথা বাদ দি এতিয়া তোমাৰ আৰু বিকিৰ সংসাৰখন থানথিত লগোৱাৰ হে চিন্তা কৰা৷”
মিহিকৈ আৰু আওপকীয়াকৈ কোৱা কথাকেইটাৰে শাহুৱেকে বুজাই দিলে যে এই স্বৰ্গখনত ভালদৰে থাকিবলৈ হ’লে এনে নিষিদ্ধ ফলবোৰৰপৰা আঁতৰি থাকিব লাগিব৷গতিকে পঢ়া বা চাকৰি কৰাৰ আশা বাদ দি বিস্মিতাইও নিজক ঘৰখনৰ নিয়ম মতে চলাই নি থাকিল ৷কিন্তু জিৰি অলপ ডাঙৰ হোৱাৰ পিছত আকৌ এবাৰ যেন তাইৰ সুপ্ত হৈ থকা বা হেচি থেলি মনৰ পেৰাত ভৰাই ৰখা ইচ্ছা এটা জাগ্ৰত হৈ উঠিল ৷অলস দুপৰীয়া এটাত সত্ৰীয়া নৃত্যৰ নিপুণ ডিগ্ৰীধাৰী বিস্মিতাই বিক্ৰান্তৰ বুকুত সোমাই কৈ উঠিল—
“শুনিছা,আমাৰ ৰাস্তাটোৰ মূৰত যে নতুনকৈ মিউজিক স্কুলখন খুলিছে,তাৰ প্ৰধান শিক্ষকজন মোৰ গুৰুৰ চিনাকি৷সেইদিনা জিৰিক স্কুলৰপৰা আনোতে লগ পাই মোক তেওঁলোকৰ বিদ্যালয়ত সত্ৰীয়া নৃত্য শিকোৱাৰ কথা কৈছে ৷কেৱল দেওবাৰে ৰাতিপুৱা এঘণ্টা সময়ৰ হে কাম,যাওঁ নেকি!”
বিস্মিতাই কথা নকৈ যেন বোমা হে পেলালে ঘৰত ৷
“তুমি ভাবিব যে পাৰিছা মিতা ৷মই তোমাক ভালদৰে নুখুওৱাকৈ ৰাখিছোঁ নে কিবা নিদিয়াকৈ আছো ,তুমি যে নাচিবলৈ ওলাইছা ৷ৰবিবাৰটোৱেই আমি সকলো ঘৰত থাকোঁ বা কিবা প্ৰগাম কৰোঁ ৷তাতে এই কণমানি ছোৱালীজনীক এৰি নাচ শিকাবলৈ যোৱাৰ কথা কেনেকৈ ভাবিলা তুমি। আৰু যেন কেতিয়াও মোৰ আগত এইবোৰ কথা নোকোৱা ৷”
নিজৰ ক’বলগীয়াখিনি কৈ গপগপাই কোঠাৰপৰা ওলাই গৈছিল বিক্ৰান্ত আৰু বহু সময় মূক হৈ বিচনাতে বহি ৰৈছিল বিস্মিতা ৷চাকৰি কৰাত আপত্তি ,নাচ শিকোৱাত আপত্তি,নিজৰ মতে ক’ৰবাত যোৱাত বা কিবা খোৱাত আপত্তি,মানে সকলোৰে মতে চলিলেহে প্ৰিয়ভাজন,নচলিলে অস্তিত্বহীন ৷আকৌ এবাৰ বুজি উঠিছিল তাই যে স্বৰ্গৰ বাসিন্দা হৈ থাকিবলৈ হ’লে নিষিদ্ধ ফল খোৱাটোতো দূৰৰে কথা,তাৰ ওচৰলৈও যাব নোৱাৰি ৷
গতিকে মানুহৰ চকুত সুন্দৰ স্বৰ্গপুৰীখনৰ চৰ্তবোৰ মানি চলিয়েই জীৱন পৰিক্ৰমা চলাই নি থাকে বিস্মিতাই।
সৃষ্টিকৰ্তাই সকলোকে স্ৰজন কৰাৰ কিবা নহয় কিবা অন্তৰ্নিহিত কাৰণ থাকে৷কিন্তু লগতে সকলোৰে বাবে কিছুমান পৰিৱেশ,পৰিস্থিতি বা বাধাৰো সৃষ্টি কৰে যিবোৰৰ মাজৰপৰা নিজক ওলিয়াই আনি বা সেইবোৰৰ সদব্যৱহাৰ কৰি সেই অন্তৰ্নিহিত কাৰণ বিচাৰি উলিওৱাটো কিন্তু নিজৰ কাম ৷জীৱনটো কোনোবাই চলাই নি থকাৰ দৰে গৈ থাকিব নে তাক কিছু হ’লেও অৰ্থপূৰ্ণ কৰি আগবঢ়াই নিয়া হ’ব ,সেই সিদ্ধান্ত লোৱা কিন্তু প্ৰত্যেক ব্যক্তিৰ নিজৰ দায়িত্ব৷যদি আদম আৰু ইভে কেৱল নন্দন কাননৰ ঐশ্বৰ্য-বিভূতিৰ মাজত জীৱন কটাই দিলেহেঁতেন,বা ভাল-বেয়া জানিব খুজি জীৱনটোক স্বাধীনভাৱে জীয়াবলৈ ইচ্ছা নকৰিলেহেঁতেন ,তেন্তে স্বৰ্গ এৰি মৰ্ত্ত্যলৈ গুচি অহাৰ শাস্তিও নাপালেহেতেন ৷কিন্তু সেই শাস্তি নোপোৱা হ’লে কেনেকৈ সৃষ্টি হ’লহেঁতেন সুখ-দুখ,লাজ-ভয় আদি ভিন্ন অনুভূতিৰে ভৰা বৈচিত্ৰ্যময় মানৱ জীৱনৰ!সৃষ্টি জানো তেতিয়া এটা স্তৰতে থমকি বা শেষ হৈ নগ’ল হয়? সেয়েহে হয়তো মিল্টনৰ সেই বিখ্যাত কবিতালানিয়ে মানুহক নিজ সত্ত্বাক স্বাধীন কৰি ,যিমান সংশয় থাকিলেও জীৱনত বিচৰাটো পাবলৈ আগবাঢ়ি যোৱাৰ পাঠ শিকায় ৷ইংৰাজী সাহিত্যৰ ছাত্ৰী বিস্মিতাক সেই সময়ত কবিতাটোৰ এই কথাখিনিয়ে খুব প্ৰভাৱিত কৰিলেও বাস্তৱত কিন্তু তাক সাৰোগত কৰি জীৱনটোত আগবাঢ়িব নোৱাৰা দুখটোৱে ভিতৰি কেতিয়াবা এক শূন্যতাৰ সৃষ্টি কৰে ৷এই ভাৱনাবোৰে আজি কিছুদিনৰপৰা বেছি আমনি কৰি থকা বাবেই হয়তো সেই সপোনটো তাই সঘনাই দেখিবলৈ লৈছে ৷তাতে দুদিন আগতে সুনয়নাৰ মুখৰপৰা তাহাঁতৰ মৰমৰ বান্ধৱী অপৰূপাৰ কথাবোৰ শুনি হয়তো তাইৰ মনত এই চিন্তাবোৰে বেছিকৈ ক্ৰিয়া কৰিছে ৷ৰূপে-গুণে অতুলনীয়,উচ্চশিক্ষিতা অপৰূপাই তাইৰ স্বামী আৰু তেওঁৰ ঘৰখনৰ বাবে নিজৰ চাকৰি,চখ সকলো বাদ দি বৰ সুন্দৰকৈ নিজৰ সংসাৰখন চলাই নি আছিল ৷বিস্মিতাহঁতক প্ৰায়েই তাই সুখী মনেৰে কৈছিল কিদৰে তাই ঘৰৰ সকলোৰে বাবে মৰমৰ আৰু তাই এদিন নহ’লেও ঘৰখন অসাৰ হৈ পৰাৰ লগতে ঘৰৰ মানুহবোৰৰ জীৱন স্হবিৰৰ দৰে হৈ পৰে ৷কেৰিয়াৰ বাদ দিলেও ঘৰখনৰ মানুহবোৰে তাইক দিয়া গুৰুত্বখিনিৰ বাবেই বহু কথাত আপোচ কৰি হ’লেও সুখী হৈ থাকিব চেষ্টা কৰিছিল অপৰূপাই৷সেই অপৰূপাই দুমাহ আগতে হঠাত গা বেয়া লাগি দুদিনৰ ভিতৰতে সকলোকে কন্দুৱাই আঁতৰি গৈছিল চিৰদিনৰ বাবে৷বিস্মিতাহঁতে খবৰ ল’বলৈ গৈ তাইৰ স্বামী আৰু শহুৰৰ ঘৰৰ মানুবোৰৰ দুখ দেখি ম্ৰিয়মাণ হৈ পৰিছিল আৰু ভাবিছিল তাই নহ’লে এদিনো চলিব নোৱাৰা মানুহখিনি এতিয়া কেনেকৈ চলিব ৷কিন্তু তাহাঁতৰ চিন্তাক আৰু অপৰূপাৰ জীয়াই থকা দিনকেইটাৰ ধাৰণাক ভুল প্ৰমাণিত কৰি মৃত্যুৰ দুমাহ সম্পূৰ্ণ হওঁতেই অপৰূপাৰ স্বামীয়ে আকৌ বিয়া পতাৰ লগতে ঘৰখনো সহজভাৱে চলি থকাৰ খবৰটো দিওঁতে সুনয়না উচুপি উঠিল আৰু কোনোবাখিনিত যেন বিস্মিতাকো ডাঙৰকৈ জোকাৰি গ’ল ৷যিখিনি মানুহৰ কাৰণে এজনী নাৰীয়ে সকলো ত্যাগ কৰি দিয়ে,সেই নাৰীৰ স্থান আন এগৰাকী নাৰীক ইমান সোনকালে দি দিয়াটো ইমান সহজ নে?তেন্তে কিয় এখন ঘৰৰ বা এখিনি মানুহৰ স্বাৰ্থত আমি নিজৰ ভাললগা,বেয়ালগা আনকি নিজকো পাহৰি যাওঁ ৷সকলোকে সন্তুষ্ট কৰি ৰাখিবলৈ বা ঘৰ এখন স্বৰ্গৰ দৰে ৰাখিবলৈ নিজে ভিতৰৰ হাজাৰটা ইচ্ছাক,সপোনক দবাই ৰাখোঁ বা মাৰি পেলাওঁ৷কিছুদিনৰপৰা এনে চিন্তাৰে মন-মগজু ভাৰাক্ৰান্ত হৈ থকা বিস্মিতাই বহুতদিনৰ মূৰত বিয়া হৈ অহাৰপৰা নোখোলাকৈ থকা তাইৰ সৰু বাকচটো ওলিয়াই ল’লে ৷
সৌৱা ইভ আকৌ দৌৰি দৌৰি জ্ঞানবৃক্ষৰ ওচৰ পাইছেগৈ আৰু কেৱল লুচিফাৰে কাণত দি থকা মন্ত্ৰণামতে নহয়,বৰণ্চ নিজৰ মনৰ ইচ্ছা মতে সেই বৃক্ষৰ ফল ছিঙি আনিছে৷ফলটো খাবলৈ লওঁতেই আদম দৌৰি আহি বাধা দিছে যদিও আজি একোৱেই ইভক সেই নিষিদ্ধ ফল খোৱাৰপৰা ৰখাব পৰা নাই৷নিজৰ মুখত এটা ফল ভৰাই ইভে আদমলৈও এটা হাঁহিমুখে আগবঢ়াই দিছে …
সপোনটো শেষ হ’লত বিস্মিতা সাৰ পাই কিছু সময় বিচনাতে বহি ৰয়৷অলপ পিছতে যিহেতু পোহৰ হ’বই আৰু তাইৰ কৰিবলগীয়া বহুত কাম আছে,সেয়েহে বিস্মিতা লাহেকৈ বিচনাৰপৰা নামি আহে৷আজি দেওবাৰ কাৰণে সকলোৱে অলপ দেৰিলৈকেই শুব ৷তথাপিও সকলোৰে বাবে পুৱাৰ আহাৰ বনোৱাৰপৰা আৰম্ভ কৰি প্ৰয়োজনীয় কামখিনি সোনকালে কৰি থব লাগিব,যিবোৰ তাই নিজৰ কৰণীয় বা দায়িত্ব বুলিভাবে৷কিছু সময় ব্যায়াম কৰি বিস্মিতাই গান এটা গুণগুণাই কামত লাগে আৰু সকলো উঠে মানে সাজি-কাচি মিউজিক স্কুললৈ যাবলৈ সাজু হয়।
বহুত ভাবি -চিন্তি তাই জীৱনটো আকৌ নতুনকৈ আৰম্ভ কৰিবলৈ সাহস কৰি এই স্বৰ্গপুৰীৰ চৰ্তবোৰ ভাঙি পেলাইছে৷যোৱা ছয়মাহৰপৰা প্ৰতি দেওবাৰে কণ কণ ল’ৰাছোৱালীবোৰক সত্ৰীয়া নৃত্য শিকোৱাৰ লগতে দুদিন আগত দূৰ শিক্ষাৰ পাঠ্যক্ৰম এটাত ইংৰাজী স্নাতকোত্তৰৰ বাবে নামভৰ্ত্তিও কৰি আহিছে৷ঘৰৰ মানুহৰ হাজাৰটা কটাক্ষ চাৱনি ,ভাবুকি ওফৰাই বহুত দেৰিকৈ হ’লেও তাই নিজৰ কাৰণে ভাললগাখিনি কৰিবলৈ আগবাঢ়িছে৷তাৰবাবে যদি ইমান বছৰে এই স্বৰ্গপুৰীৰ সকলো চৰ্ত মানি চলাৰ পিছতো তাইক ইভৰ দৰে ইয়াৰপৰা বিতাড়িত কৰে তাত তাইৰ কোনো খেদ নাথাকিব ৷দেৰিকৈ হ’লেও তাই বুজি উঠিছে যে স্বৰ্গ,নৰক বুলি কথা নাই,যদিহে মানুহে নিজৰ মনটোক বুজিব নোৱাৰে৷কাৰণ মানুহৰ মনৰ আৰু বুজাবুজিৰ ওপৰতে নিৰ্ভৰ কৰে স্বৰ্গখন নৰক হ’ব নে নৰকখনে স্বৰ্গৰ ৰূপ ল’ব ৷নৃত্যৰ ক্লাছলৈ আগবাঢ়ি গৈ থাকোতে বিস্মিতাই মনতে আওৰাই থাকে ‘পেৰাডাইজ লষ্ট’ কবিতাটোৰ সেই বিখ্যাত পংক্তি—
The mind is
its own place,
and in itself
can make
a heaven of hell
a hell of heaven.
ফোন —৭৯০৮৬৫২৭৪৫
Comments are closed, but trackbacks and pingbacks are open.