মেঘালী দত্ত ঠাকুৰীয়া
খিৰিকীখন খুলি দিলোঁ, বহাগৰ প্রথম কাঁচিয়লি ৰদৰ উমাল পৰশৰ হেঁপাহত৷ সুখ বা দুখৰ সময় বুলি কথা নাই৷ বহাগ যে আহিবই, সময়ত৷ গছ–বিৰিখ, নৈ, আকাশ, বতাহ সকলোতে আহে বহাগ৷ মোৰ আলসুৱা আৰু অবাধ্য হূদয়খনত তুমি নাথাকিলেও যে বহাগ আহে৷ এই ভালপোৱাবোৰ বাৰু কেনেকৈ নোহোৱা হব৷ কপৌ ফুল, ঢোল–পেঁপা, গগনাৰ মাত, মুগাৰ ৰিহা–মেখেলাযোৰ, জুবিনৰ বিহুসুৰীয়া গীতবোৰ, সকলোতে বহাগ আহে৷ বহাগক ভাল নাপাওঁ বুলি জানো কোনোবাই কব পাে! নোৱাৰে৷ তায়ো নোৱাৰে৷ বহাগ ভাল নালাগে বুলি কোনোবাই কলেও সেয়া মিছা কোৱা হব৷ বুকুখন হেঁচা মাৰি কান্দোন এটা ওলাই আহিব খোজে তাইৰ৷
তাই সেইদিনা ড্রয়িংৰুমত থকা পেনাছনিক মিউজিক ছিষ্টেমটোত বিহুগীত এটা বজাইছিল আৰু ছোফাখনত বহি শুনি আছিল৷ কাষেৰে পাৰ হৈ যোৱা বৰজনাই গম্ভীৰ মুখখনৰ সৈতে এক অদ্ভুত চাৱনিত মোৰ ফালে চোৱা চাৱনিটো, যেন খঙৰ আছিল৷ মোৰ সহ্য হোৱা নাছিল, সেয়ে ভলিউমটো কমাহ দিছিলোঁ৷ যদিও মোৰ ডাঙৰকৈ বজাবলৈ মন গৈছিল৷ তেতিয়াহ মোৰ মনত এটা খং আৰু বিৰাগ ভাব জাগিছিল, সকলোৰে ওপৰত, নিয়তিৰ ওপৰত৷ সকলোৰে যেন মোৰ ওপৰত নজৰ৷ কি পিন্ধিছোঁ, কি খাহছোঁ, কত গৈছোঁ ইত্যাদি৷ আজিকালি মই বুজিও নুবুজাৰ এক অভিনয় কৰি যাওঁ৷ আগতকৈ বেছিকৈ হাঁহিতো দেখুৱায়৷ হাঁহিৰ আঁৰৰ কথাবোৰ কোনেও নেদেখে৷
সুৰ ভঙা বাঁহীটো মই উলিয়াই লৈছোঁ, বিহু বুলি৷ পৰিষ্কাৰ কৰি সুন্দৰকৈ মুখলৈ নি ফুক এটা দি চালোঁ৷ ভালেই আছে৷ বাঁহীটো জোনাকৰ আছিল৷ সি বজাইছিল৷ মোকো বজাবলৈ শিকাইছিল৷ আমি কেতিয়াবা বহাগত, গাঁৱৰ ফালে ফুৰিবলৈ ওলাই গলে, সি বাঁহীটো লৈ গৈছিল আৰু বজাইছিল নৈৰ ঘাটত৷ জোনাক নাই, এতিয়া কোন সতে মই বাঁহীটো বেয়া পাব পাৰো! কেনেকৈ বাঁহীৰ সুৰ ভাল নোপোৱাকৈ থাকিব পাৰোঁ, এয়া যে সম্ভৱ নহয়৷ বাঁহীত চুমা এটা দি টেবুলখনতে থলোঁ৷ বুকু ভাঙি কান্দোন এটি উজাই আহিল নীলাৰ৷
নীলা কি কৰি আছ, আহচোন৷
নীলাই শাহুৱেকৰ মাতত পাকঘৰলৈ আহিল৷
আজি প্রথম বহাগ নহয়, আজি কোনেও ভাত নাখায়৷ চিৰা, দৈ অকণ যোগাৰ কৰচোন৷
তাই শাহুমাকে কোৱামতে কামখিনি কৰিলে৷ নিজেও খালে৷ বিহুত আগৰে পৰা সিহঁতেও ভাত নাখাইছিল৷ ঘৰত থকা আটাইকে তাই জলপান খাবলৈ দিলে৷
নীলাই আগফালৰ চোতাললৈ আহি আমগছজোপালৈ চালে৷ আচলতে তাই আমগছজোপাত থকা কপৌজোপা চাবলৈহে আগচোতাললৈ আহিছিল৷ কপৌ দুপাহি ধুনীয়াকৈ ফুলি যেন হাঁহি আছে৷ সদায় এহখিনি সময়ত দুপাহ কপৌ ফুলে, পিছলৈ আকৌ ফুলে৷ হয়াৰে এপাহ জোনাকে তাইক সদায় পিন্ধাই দিয়ে৷ আজি দুবছৰে তাহ কপৌফুলেৰে নিজকে সজোৱা নাই৷ নীলাই আমগছজোপাৰ ওচৰলৈ গৈ কপৌপাহ চুই চালে, বৰ হেঁপাহেৰে৷ চকু মুদি কপৌপাহ মুখত লগাই চুমা এটি আঁকি দিলে৷ কপৌপাহে বুজিলে, তাইৰ বহাগৰ বিষাদৰ কথা৷ মানুহে নুবুজিলেও গছ–ফুলবোৰে যেন, বুজি পায় তাইৰ কথা৷ সেয়ে তাই এতিয়া বেছিকৈ একাত্ম হৈ থাকে, সিহঁতৰ লগত৷
কিছুমান কথাই মনত বৰ আঘাত দিয়ে৷ যি আঘাতৰ গভীৰতা আনে উপলব্ধি কৰিব নোৱাৰে৷ আপোন বুলি ভবা মানুহবোৰো তেতিয়া, অচিনাকি যেন লাগে৷ ননদ ৰিমি বিহু বুলি ঘৰলৈ আহোঁতে তাই কোৱা কথাবোৰে নীলাক আঘাত দিছিল৷ সেয়া তাই মোক আঘাত দিবলৈ কৈছিল নে, নিজৰ লাভৰ বাবে কৈছিল সেয়া ৰিমিয়ে জানিব৷ তাই কিন্তু সঁচাকৈয়ে আঘাত পাইছিল৷ বিছনাত দেখা মুগাৰ কাপোৰযোৰ দেখি তাই কৈছিল-
নীলা বৌ, তুমিতো মুগাৰ কাপোৰ যোৰ পিন্ধিব নোৱাৰা, মোকে দিয়া মই পিন্ধিম৷ বৰ মৰম লগা৷
নীলাই কি কব, থতমত খাইছিল, আৰু পিছত দিম বুলি কৈ থৈছিল৷
যেতিয়া বিহু নাচিম বুলি কথাখিনি নীলাই কৈছিল, লগে লগে শাহুমাক আৰু ৰিমিৰ মুখৰ ৰং সলনি হৈছিল আৰু কোঠাৰ পৰা ওলাই গুচি গৈছিল৷ তাই বুজি পাহছিল, কঠোৰ নিয়মেৰে বন্ধা বিধৱা এগৰাকীয়ে কোৱা কথাখিনি যেন, মানি লব পৰা নাছিল কোনেও৷ এয়া জানো, আধুনিক আৰু কুৰি শতিকাৰ বিজ্ঞানৰ যুগৰ সমাজ হব পাে! নিজকে প্রশ্ন কৰে নীলাই৷ আচলতে একো যেন, সলনি হোৱা নাই৷ সকলোৱে অভিনয় কৰে সলনি হোৱাৰ৷ ভাষণ দিয়ে সমাজ সলনি কৰাৰ৷
মাক–দেউতাকৰ লগত ঘৰলৈ আহি নীলাৰ অলপ মুকলি যেন লাগিছিল মনটো৷ জোনাক থাকোতেও সদায় এবাৰ হলেও বিহু বুলি ঘৰলৈ আহি মাক–দেউতাকক সেৱা জনাই গৈছিল৷ মাকে কথাফাঁকি মনত পেলাহ কওঁতে সেমেকি উঠিছিল মাক আৰু তাইৰ দুচকু৷ সঁচাকৈয়ে জোনাক জোনাকৰ দৰে জিলিকি আছে হূদয়ত আৰু থাকিব৷
সন্ধিয়া নামি আহিছে৷ এহ পকি সৰি পৰোঁ পৰোঁ, পকা সুমথিৰা যেন বেলিটিয়ে সন্ধিয়া হোৱাৰ বাতৰি দিছে৷ কি যে এক বিস্ময় লুকাই আছে, এই ৰঙা বেলিটিত৷
অস্তবেলিৰ ৰাঙলী কিৰণে আকাশখন ঠিক পকা সুমথিৰাৰ ৰং সানিছে৷ জোনাক নথকাৰ পৰা তাহ ব্রহ্মপুত্রৰ বেলিমাৰ যোৱা দৃশ্য চাবলৈ নৈৰ ঘাটলৈ যোৱা নাই৷ যাবলৈ মন নাযায়৷ স্মৃতিবোৰে আমনি কৰে৷ ভাল লগা বস্তুবোৰো কেতিয়াবা মন নাযায় কৰিবলৈ৷
ৰাতি নীলাই ভাত বাঢ়ি সকলোকে খাবলৈ দিলে৷ শাহুমাকে ৰাতি ৰুটী খায় বাবে, ভালকৈ মিক্স তৰকাৰী এখন ৰান্ধিলে৷ চাট্নি, আচাৰ লৈ খোৱা–বোৱা শেষ কৰিলে৷ দিনত আজি ভাত খোৱা নহয় বাবে, ৰাতি নিৰামিষ খোৱা যায়৷
বিছনাখনতে এনেই অকণ বাগৰি তাহ মবাহলটো চোৱাত লাগিল৷ ফেচবুক, হোৱাটছএপ সকলোতে ৰঙালীৰ পয়োভৰ৷ কিছুমানৰ মুগাৰ, কাৰোবাৰ কপাহী কাপোৰ পিন্ধি, বিভিন্নজনৰ পোষ্টেৰে ভৰি পৰিছে মবাহলটো৷ নীলাই লাহেকৈ উঠি গৈ তাহৰ মুগাৰ কাপোৰসাজ উলিয়াই আনিলে৷ ৰঙা, সেউজীয়া আৰু হালধীয়া ফুলেৰে কাপোৰসাজ বৰ ধুনীয়া হৈ আছে৷ আলফুলে লিৰিকি–বিদাৰি চালে তাহ৷ কাপোৰযোৰ কেইদিন পিন্ধিছিল তাইৰ মনত নাই৷ নাকৰ ওচৰলৈ নি কাপোৰযোৰৰ গোন্ধটো উশাহত নি তাহ এৰি দিলে৷ দুবছৰ হৈ গল কাপোৰযোৰ নিপিন্ধা৷ এক কৰুণ স্মৃতিয়ে চুই গল তাহৰ দৰদী হিয়া৷
হঠাৎ ফোনটো বাজি উঠাত তাই উঠি গৈ চালে, মাকে ফোন কৰিছে৷
হেল্লো, মাজনী ভালে আছনে ভাত খালি জানো এবাৰো বিহু বুলি ফোন কৰা নাই যে তোৰ ফোনলৈ বাট চাই নিশা হোৱা বাবে, ময়ে ফোন কৰিলোঁ৷ কিবা হৈছে নেকি মনত চিন্তাই হৈছিল মোৰ৷
নাই মা, একো হোৱা নাই সকলো ঠিকেই আছে৷ তুমি মিছাকে চিন্তা কৰিছা৷ কামৰ কাৰণে পাহৰিয়ে আছিলোঁ ফোন কৰিবলৈ৷
জানো মই, বহাগ বিহু আহিলে তোৰ মন কি হয়, মহ মাক হৈ নাজানিম জানে! তোৰ বহাগৰ বিষাদৰ কথা৷
মাকে কথাবোৰ কৈ গৈছে, তাই শুনি গৈছে৷ সঁচাকৈয়ে মাকে নোকোৱাকৈয়ে ধৰি পেলায়, তাইৰ মনৰ কথা৷ আকৌ কৈ গল মাকে নীলাই ফোনটো এহবাৰ বিছনালৈ লৈ গৈ ফোনটো৷ স্পীকাৰত দি শুই শুই শুনি গৈছে মাজে মাজে দুই–এটা সঁহাৰি দিছে৷
এটা ভাল খবৰ আছে নহয়, আমাৰ ঘৰৰ ওচৰৰ স্কুখনৰ ফিল্ডত এহবাৰ বিহু পাতিছে৷ মই তোৰ নাম দি থৈছোঁ, ব্রজেনকো কৈছোঁ৷ তই নাচিব লাগিব৷ দেউতাৰে আৰু মই যাম দুদিন পিছত৷ ওলাই থাকিবি৷
অনামী এক শিহৰণে চুই গল তাইৰ মন৷ মনতে তাই আওৰালে নাচিম মই৷
জোনাকে দিয়া মুগাৰ সাজযোৰ পিন্ধি তাই আইনাখনৰ ওচৰলৈ গল৷ সঁচাকৈয়ে কাপোৰযোৰে তাহক বৰ শুৱায়৷ অলপ পিছতে লগৰ মৰমী, বর্ণালীৰ লগত বিহু নাচিবলৈ ওলাই গল নীলা৷ মাক–দেউতাকো ওলাল বিহু চাবলৈ৷ বিহুতলীত বহুতে আচৰিত হৈ তাইৰ ফালে চোৱা তাই দেখিছিল৷ কিয় চাইছিল সেয়াও তাই জানে৷ গাঁওখনত যে তাই নিয়ম ভাঙিব ওলাইছে৷ হাবি–জংঘলেৰে ভৰা ঠাই এখনৰ মাজেৰে যাবলৈ হলে কোনোবা এজনেতো বাট উলিয়াই দিব লাগিব, সেয়া তাই জানে৷
নিশা মাক আৰু নীলা শুই শুই বহুত কথা পাতিলে৷ তাই নিজে আচৰিত হল৷ ইমান কথা মনত হেঁচা মাৰি ৰাখিছিল নে তাই!
নীলাই মিছাৰ মাজত জী থাকিব নোৱাৰে৷ মিছা অভিনয় কৰি নিজে জীয়াহ থাকিব পাৰি নে, আনক জীয়াই ৰাখিব পাৰি! জোনাকৰ প্রেমো মিছা নাছিল৷ তায়ো সঁচা হৈ জীয়াই থাকিব৷ বহাগক ভাল পায় তাই, সদায় ভাল পাই থাকিব৷ অভিনয় কৰি নহয়৷
হেডফোনটো কাণত লগাহ তাই জুবিনৰ বিহুগীত এটা শুনি থাকিল৷ ৰাতিৰ বিহু নাচৰ ভিডিঅটো চাহ তাই ভাবিলে, অনুশীলন নকৰিলেও তাইৰ বিহুনাচ বেয়া হোৱা নাছিল৷
মবাইলৰ স্ক্রীনত থকা তাহৰ আৰু জোনাকৰ হাঁহি থকা ফটোখনৰ পৰা জোনাকে যেন কলে নীলা তুমি অভিনয় কৰি নহয়, সঁচা হৈ জীয়াহ থাকা, আগৰ দৰে মোৰ বাবে৷
দুটোপাল অশ্রু সৰি বৈ থাকিল নীৰৱে৷
ফোনঃ ৮৭২০৯-০২৫০৩
Comments are closed, but trackbacks and pingbacks are open.