পল্লৱী কৌশিক শৰ্মা
সম্ভৱতঃ ঘড়ীৰ কাটাই তেতিয়া নিশা দুই বজাৰ সংকেত দিছিল। অফিচৰ পেণ্ডিঙ কাম দুটামানৰ অন্ত পেলাই, লেপট’পটো সামৰি বিছনাত পৰিছিলোঁহে মই, হঠাতে নিস্তব্ধতাত ব্যাঘাত জন্মাই ম’বাইলৰ ৰিঙট’নটো বাজি উঠিল। সমান্তৰালকৈ পোহৰৰ এটি স্ফুলিংগই ফোনটোৰ স্ক্ৰীনখনো উজ্জ্বলাই তুলিলে। কোঠাটোৰ এমূৰে ষ্টাডি টেবুলত বহি, শ্ৰীলেখা তেতিয়াও ভাব সাগৰত নিমগ্ন। লিখি থকা আধৰুৱা উপন্যাসখনৰ কাহিনীটোক আগুৱাই নিয়াৰ স্বাৰ্থতে খেলিমেলি হৈ পৰা শব্দবোৰ শৃংখলাকৰে সজোৱাত ব্যস্ত তাই।
কৌতুহলেৰে ফোনটো হাতত তুলি ল’লোঁ। পিছে ক’লটো সংযোগ বিছিন্ন হৈ পৰিল। আচলতে, ইথাৰৰ সিপাৰৰ ব্যক্তিজনে ইচ্ছা কৰিয়েই মাত্ৰ কেইটামান চেকেণ্ডৰ ভিতৰতে ক’লটো কাটি দিলে । ট্ৰুক’লাৰত তেওঁৰ বিষয়ে একো তথ্য নেদেখি , শব্দকেইটাই শ্ৰীলেখাৰ কান দুখনকো স্পৰ্শ কৰক বুলিয়েই অলপ উচ্চস্বৰে কৈ উঠিলোঁ মই – ‘আন নৌউন নম্বৰ’ আৰু বেড ব’ক্সৰ ওপৰত ম’বাইলটো থৈ পুনৰ শুই পৰিলোঁ। আঁৰ চকুৰে লেখালৈ চালোঁ। মোৰ কথাকেইটাই যে তাইক সম্পূৰ্ণকৈ আশ্বস্ত কৰিব পৰা নাই, বুজাত অসুবিধা নহ’ল মোৰ। ক্ষন্তেক মোলৈকে দৰক লাগি চাই ৰৈ, তায়ো বহী-কাগজবোৰ সামৰাত লাগিল।
এইবাৰ অলপ দীঘলীয়া সময়ৰ ব্যৱধানত পুনৰ মোৰ হোৱাটছএপলৈ উক্ত নম্বৰটোৰ পৰাই এটা মেছেজ আহিল। হয়তো তন্দ্ৰালসতাই সেই সময়ত দুচকু জাপ খুৱাই আনিছিল মোৰ ! খপজপকৈ মেছেজটো অ’পেন কৰি কিছুপৰ সাৰ-সিকটি নথকা মানুহৰ দৰে ঠাইতে জলকা লাগিলোঁ ।
জুৰীস্মিতাৰ মেছেজ ।
আচৰিত হ’লোঁ । আজি ইমান বছৰৰ মূৰত , এই দোভাগ ৰাতি মোলৈ কিয় বা মেছেজ কৰিছে তাই ! মেছেজটোৰ কথাবোৰো ইমান অসংযত যেন অনুভৱ হৈছে ! ক’ত বা আছে , কিবা বিপদত পৰিছে নেকি – মুঠতে একেসময়তে ওপৰা-ওপৰিকৈ অজস্ৰ প্ৰশ্নই মগজুত ক্ৰিয়া কৰিলেহি । শ্ৰীলেখাৰ উপস্থিতিকো আওকাণ কৰি এইবাৰ বেলকনিলৈ ওলাই আহিলোঁ আৰু জুৰীস্মিতাৰ কনটেক্ট নম্বৰটো ডায়েল কৰিলোঁ। ভবাৰ দৰেই ৰিং হোৱাৰ লগে-লগে ক’লটো ৰিচিভ কৰিলে তাই।
: ছ’ৰি , ইমান ৰাতি দিগদাৰ দিলোঁ তোমাক। আচলতে এই মুহূৰ্তত মোৰ মনলৈ অহা একমাত্ৰ মানুহজনেই ‘তুমি’ । নিজকে নিজৰ ওচৰত বহুবাৰ জৱাবদিহি কৰিলোঁ, সকলো যুক্তি-অযুক্তিক নস্যাত কৰিলোঁ । পৰিশেষত কেৱল তোমাৰ নামতে স্থিৰ হৈ ৰ’ল সকাহ নামৰ চেতনাবিধ। তোমাক এবাৰ লগ পাব লাগিছিল অঙ্গীম।
মই কিবা এষাৰ কোৱাৰ আগতেই অনৰ্গল কৈ গ’ল জুৰীয়ে । মই তাইৰ কণ্ঠৰ অকুলতাখিনি আৰু তাইৰ দ্বাৰা উচ্ছাৰিত শব্দবোৰৰ লগতে তাইৰ উশাহৰ উঠা-নমাক হৃদয়েৰে অনুভৱ কৰিলোঁ। খুব দুৰ্বল যেন অনুভৱ হ’ল তাইক । এখিনি বিষাদে যেন মাৰি-মোহাৰি আনিছে মানুহজনীক ! তাইক লগ পাবলৈ উদ্বাউল হৈ উঠিলোঁ। বুজিলোঁ, অসহায়তাৰ চৰম বিন্দুত উপৱিষ্ট হৈহে মোক কাষত বিচাৰিছে জুৰীয়ে। নহ’লে …(!)
: ক’ত আছা তুমি ?
: মুম্বাই টাটা মেম’ৰিয়েল হস্পিটাল । মোৰ ট্ৰিটমেন্ট চলি আছে।
দ্ৰুতগতিৰে ঢপঢপাই থকা মোৰ কলিজাটোত প্ৰচণ্ড হাতুৰীৰ কোব এটাহে পৰিল যেন ! ফোনটো মোৰ হাতৰ মুঠিৰ পৰা ধমহকৈ মজিয়াত সৰি পৰিল। মাত্ৰ কেইটামান মুহূৰ্তৰ ভিতৰতে হৰ্ষ, বিষাদ আৰু আশ্চৰ্যৰ মিশ্ৰিত অনুভূতিত হৃদয়ৰ অন্তঃস্থলত তীব্ৰ জোকাৰণিৰ অনুভৱ কৰিলোঁ মই । শ্ৰীলেখা উধাতু খাই মোৰ ওচৰ পালেহি।
: কি হৈছে অঙ্গীম ? কোনে ফোন কৰিছে ?
এইদৰে মই বিচলিত হৈ পৰাত এসোপা উত্তৰহীন প্ৰশ্নই শ্ৰীলেখাকো চিন্তাম্বিত কৰি তুলিলে।
: জুৰীয়ে । মই কাইলৈকে মুম্বাইলৈ যাব লাগিব লেখা।
: জুৰী ! কোন জুৰী , যাৰবাবে তুমি ইমান সোনকালেই এনে এটা ডিচিচ’ন লৈ পেলালা ? কি হৈছে তেওঁৰ ?
কোন হয় জুৰী !
প্ৰশ্নটোয়ে দুৰ্বিধাত পেলালে মোক। আচলতে, কোনটো সম্পৰ্কৰ আওতাৰে শ্ৰীলেখাৰ সন্মুখত জুৰীৰ পৰিচয় দাঙি ধৰোঁ মই ! সম্পৰ্কৰ নিৰ্দিষ্ট সূত্ৰেৰে বান্ধি ৰখা নহ’ল যদিও এক অদৃশ্য সূতাৰে বান্ধ খাই থকা আমাৰ আত্মিক সম্পৰ্কটো যে বন্ধুত্বৰো উৰ্দ্ধত সেই কথা শ্ৰীলেখাই বুজি পাবনে চাগৈ !
: সময়ৰ সোঁতত হেৰাই যোৱা, জুৰী মোৰ শৈশৱৰ বান্ধৱী। বৰ্তমান মুম্বাইত তাইৰ কেন্সাৰৰ ট্ৰিটমেণ্ট চলি আছে ।
নাজানো, শ্ৰীলেখাই কথাবোৰ কি ধৰণে বুজিলে। মোৰ বন্ধুমণ্ডলৰ প্ৰায় গৰিষ্ঠ সংখ্যকেই তাইৰ দ্বাৰা পৰিচিত যদিও , জুৰীস্মিতাহে একেবাৰে অচিনাকি। আচলতে হেৰাই যোৱা কাৰোবাক বুকুৰ ভিতৰত খামুচি ধৰি ৰখা সহজ। পিছে তেওঁৰ বিষয়ে আলোচনা কৰি কলিজাৰ কেঁচা ঘাঁটুকুৰাক খুচৰাৰ যাতনাহে বৰ কষ্টকৰ। জুৰীস্মিতাকো সেয়েহে স্মৃতিৰ দস্তাবেজত আটোলটোলকৈ সামৰি ৰাখিছোঁ মই । এটি সাঁথৰৰ দৰে হঠাতে হেৰাই যোৱা মানুহজনীক প্ৰায় প্ৰতিদিনেই কিবা এটা অজুহাত লৈ মনত পেলোৱাটো মোৰ এক অভ্যাসত পৰিণত হৈছে। পুৱাৰ কোমল ৰ’দ হৈ, তাই যদি কেতিয়াবা মোৰ দুগাল স্পৰ্শ কৰিছেহি , কেতিয়াবা হয়তো বাৰিষাৰ বৰষুণজাক হৈ মোক জুৰুলি-জুপুৰিকৈ তিয়াইছে। কেতিয়াবা যদি হেমন্তৰ কুঁৱলীয়ে ঘোপাল কৰা লুঙলুঙীয়া পাহাৰীয়া বাট এটাৰে মোৰ হাতখন খামুচি ধৰি উদ্দেশ্যহীনভাৱে ঘূৰি ফুৰিছে, কেতিয়াবা হয়তো গ্ৰীষ্মৰ উত্তাপত ৰঙা, হালধীয়া পানী বৰফকেইটা কিনি দিবলৈ আব্দাৰ কৰিছে । মুঠৰ ওপৰত শৈশৱ আৰু কৈশোৰৰ এখন ভ্ৰমজালে যেন প্ৰতি মুহূৰ্ততে আচ্ছন্ন কৰি ৰাখিছে মোক !
স্মৃতিকাতৰতাই বিব্ৰত কৰিলে, কেতিয়াবা নিজকে প্ৰশ্নও কৰিছোঁ মই – পৰিছোঁনে বাৰু শ্ৰীলেখাক হৃদয়ৰ সমগ্ৰতাৰে আঁকোৱালি ল’ব ! মোৰ দুবাহুত আশ্বস্ত হ’ব পৰাকৈ নিৰাপত্তা অনুভৱ কৰেনে লেখাই !
জুৰীস্মিতাৰ প্ৰত্যাগমনে কথাবোৰ নতুনকৈ ভাবি চোৱাৰ বাট এটা কাটি দিলে যেন ! সেই বাটেটোৰে আগুৱাই যাওঁতে শ্ৰীলেখাৰ সান্নিধ্যত পাৰ কৰা সময়বোৰে কৃত্রিমতাৰ সাজ এযোৰ পিন্ধি ,এটি কুটিল হাঁহিৰে মোক তাচ্ছিল্য কৰা যেন অনুভৱ হ’ল।
ফ্লাইটৰ টিকটৰ অনলাইন বুকিঙৰ বাবে লেপট’পটো উলিয়াই ল’লোঁ মই ।
———————–
কিছু সময়ৰ আগতে ৰেডিয়েছন লৈ হস্পিটালৰ বেডত নিস্তেজ হৈ পৰি আছে জুৰীস্মিতা। খবৰ লৈ গম পালোঁ, অপাৰেশ্যন কৰিব পৰা নগ’ল। লাষ্ট ষ্টেজ। তাইৰ চুলি নোহোৱা মূৰটো আৰু গাতত পোত খোৱা চকু দুটাই বুকুখন মুচৰি পেলালে মোৰ। ইমান দীঘলীয়া সময়ৰ বিৰতিত আমিনো বাৰু এইদৰেহে লগ হ’ব লাগেনে !
জুৰীস্মিতাৰ কাষতে বহি পৰিলোঁ আৰু তাইৰ শীৰ্ণকায় হাত এখন আলফুলে মোৰ দুই হাতৰ মাজত তুলি ধৰিলোঁ। মঙহবোৰ শুকাই কংকালৰ ৰূপ লোৱা মানুহজনী যে জীয়াই আছে , সেয়া উশাহ লোৱাৰ প্ৰক্ৰিয়াটোত এক নিৰ্দিষ্ট সময়ৰ মূৰে-মূৰে তাইৰ বুকুখনে কৰা উঠা-নমাতহে বুজিব পৰা গৈছে। মোৰ হাতৰ পৰশত সাৰ পাই উঠিল জুৰী আৰু দুচকু মেলি মলিন হাঁহি এটি ওঁঠযুৰিত পিন্ধি ল’লে। শৰীৰৰ সমস্ত যন্ত্ৰনাক আওকাণ কৰি সুখী হোৱাৰ যেন ব্যৰ্থ প্ৰয়াস এয়া !
: আহিলা অঙ্গীম ? তোমাৰ বাবেই বাট চাই আছিলোঁ মই।দেখিছা মোৰ লগত এয়া কি হ’ল ?
: তুমি সুস্থ হৈ উঠিবা জুৰী। মই তোমাৰ সু-চিকিৎসাৰ ব্যৱস্থা কৰিম। বেষ্ট অফ দ্যা বেষ্ট ট্ৰিটমেণ্ট দিম ।
: হাঃ হাঃ হাঃ ..সত্যক জানিও মিছা প্ৰলোভনৰে কিয় আশ্বস্ত কৰিব বিচাৰিছা অঙ্গীম ? মাত্ৰ কেইটামান দিনৰ আলহী মই।
সৰসৰাই চকুপানীবোৰ সৰি পৰিল মোৰ। তাইৰ ওপৰত থকা সকলো অভিমান , অনুযোগ একত্ৰিত হৈ হৃদয়ৰ অন্তঃস্থলত পাহাৰৰ ৰূপ ল’লে। কিন্তু সময়ে এনে দোদুল্যমান স্থিতিত আহি থিয় কৰালে যে, ইচ্ছা কৰিও সেইখিনিৰ বহিঃপ্ৰকাশৰ পৰা বিৰত থাকিব লগা হ’ল মই।
: মোক অলপ মুকলিলৈ উলিয়াই নিবা অঙ্গীম ? ব’লাচোন মানুহৰ ভিৰৰ পৰা আঁতৰি ক’ৰবাত নিৰিবিলি ঠাই এডোখৰত বহোঁগৈ। বহু কথা ক’ব লগা আছে তোমাক। এতিয়াই নক’লে আৰু কেতিয়াও কোৱা নহ’ব।
: তোমাৰ লগত ইয়াত কোন আছে জুৰী ?
হস্পিটালৰ পৰা এইদৰে তাইক বাহিৰলৈ উলিয়াই নিয়াটো উচিত হ’বনে নহয় বিমোৰত পৰিলোঁ মই।
: কোনো নাই। সকলো ক’ম । প্ৰথমে প্লিজ, ইয়াৰ পৰা লৈ যোৱা মোক অঙ্গীম। বেমাৰীৰৰ যন্ত্ৰণা, বুকুভেদা চিৎকাৰ, মেডিচিনৰ গোন্ধ… ! উস, বৰ কষ্ট ইয়াত।
: ব’লা , ঘৰলৈ যাওঁ।
মুহূৰ্ততে সিদ্ধান্ত এটা লৈ পেলালোঁ । কাৰণ, চিকিৎস্যকৰ লগত কথা হৈ ইতিমধ্যে মই জানিছিলোঁ যে – মোৰ হাজাৰ প্ৰাৰ্থনা, আকূতি ,আৰু উন্নত চিকিৎসায়ো জুৰীৰ উশাহটো বেছি দিনলৈ ধৰি ৰাখিব নোৱাৰে।
: ঘৰ ? কোনখন ঘৰ মোৰ ?
জুৰীৰ দুচকুত বিস্ময় ।
: মোৰ ঘৰলৈ ব’লা। নালাগে ইয়াত থাকিব।
এইটোৱেই হয়তো মই জীৱনত লোৱা আটাইতকৈ খৰতকীয়া সিদ্ধান্ত। আচলতে চিন্তা হৈছে সংজ্ঞাত্মক দিশৰ এক মানসিক ক্ৰিয়া, য’ত এক অন্তৰ্নিহিত লক্ষ্য বা উদ্দেশ্য থাকে। মোৰ উদ্দেশ্য হ’ল – অনাথ ছোৱালী এজনীয়ে, জীৱনৰ শেষ দিনকেইটা অন্ততঃ ঘৰ এখনত কটাওক।
আধৰুৱা হৈ ৰোৱা হেঁপাহটোয়ে পূৰ্ণতা লভাৰ সুখে বাকৰুদ্ধ কৰি তুলিলে জুৰীক। সেমেকা দুচকুৰে থৰ লাগি চাই ৰ’ল মোলৈ।
: কেনেকৈ পঢ়ি পেলালা মোৰ মনটোক ? ইমান বছৰৰ মূৰত তোমাক বিচৰাৰ কাৰণো সেইটোৱেই অঙ্গীম। অনাথ আশ্ৰমৰ আশ্রয়ত জীৱনটোক গঢ়ি-পিটি ল’লোঁ যদিও , হৃদয়ৰ কোনোবা এটা চুকত আপোন ঘৰ এখনৰ মোহ সদায়ে থাকি গ’ল। ভাবিছিলোঁ, ইমান বছৰে যিমানখিনি টকা উপাৰ্জন কৰিলোঁ, সেই টকাৰে ঘৰ এখন সাজি উলিয়াম । নিজৰ ঘৰ এখন। আৰু মোৰ দৰে গৃহহীন কাৰোবাক আশ্ৰয় দিম। পিছে …
: কিয় আঁতৰি গৈছিলা কাকো একো নজনোৱাকৈ ? ঘৰ এখন তুমিয়ে ময়ে একেলগে সাজি উলিয়ালোঁ হয় !
: তুমি জানো ৰ’বলৈ কৈছিলা কেতিয়াবা ?
এৰা, কথাবোৰ ক’ম ক’ম বুলিও নোকোৱাকৈয়ে থাকি গ’ল। জুৰীস্মিতাৰ প্ৰতি মোৰ মনত জাগি উঠা গোপন অনুভূতিবোৰ আধা লিখায়েই হৈ ৰ’ল জীৱনৰ দস্তাবেজত । দেউতাৰ ইচ্ছা পূৰাবলৈ কানাডালৈ ইঞ্জিনীয়াৰিঙ পঢ়িবলৈ যাওঁতেই, জুৰীও এদিন সকলোৰে অজানিতে ক’ৰবালৈ গুচি গৈছিল। উভতি আহি বহুত বিচাৰ-খোচাৰ কৰিও তাইৰ সম্ভেদ নাপালোঁ মই । গতিকে কেইবছৰ মানৰ পিছত , মা-দেউতাৰ কথা ৰাখিয়েই শ্ৰীলেখাক মোৰ জীৱনলৈ আদৰি ল’লোঁ। আৰু আজি এয়া … মোৰ হেৰুৱা প্ৰেম , মোৰ নিচেই কাষতে।
: আচ্ছা , মোৰ ফোন নম্বৰ ?
উৎসুকতাৰে সুধিলোঁ মই।
: তুমি মোৰ পেইণ্টিং এখন কিনিছিলা। কানাডাত। ক্রেতাৰ লিষ্টত তোমাৰ এড্ৰেচ আৰু কনটেক্ট নম্বৰ পাইছিলোঁ মই। সেইদিনা মোৰ বিৰাট ফুৰ্তি লাগিছিল অঙ্গীম।
: মানে , তুমি পেইণ্টিং কৰা ? ৰ’বা , কানাডাত মই কোনোবা দেৱাহুতি চক্ৰৱৰ্তীৰ পেইণ্টিং এখন কিনাৰ কথাহে মনত পৰে দেখোন। ৰঙ-তুলিকাৰ অপূৰ্ব সংমিশ্ৰণৰে , বৰ আৰ্টিষ্টক আছিল পেইণ্টিঙখন।
: দেৱাহুতি মোৰেই ছদ্মনাম। সেইখন এখন এবস্ট্রেক্ট পেইণ্টিং আছিল। মই বৰ কষ্টেৰে কৰি উলিয়াইছিলোঁ। আচলতে তুমি কানাডালৈ যোৱাৰ পিছত, ময়ো কলিকতাৰ শান্তিনিকতনলৈ গুচি গৈছিলোঁ। তাতে পেইণ্টিং শিকিলোঁ আৰু পেইন্টিং মোৰ উপাৰ্জনৰ পথ হৈ পৰিল। দেশে-বিদেশে, বহুতে মোৰ পেইন্টিং ক্ৰয় কৰিছে। সেই ধনৰাশি মই ভৱিষ্যতে ঘৰখন সজাৰ কামত ব্যৱহাৰ কৰিম বুলি পাঙি থৈছিলোঁ। পিছে, ঈশ্বৰে বেলেগ অংকহে কৰি পেলালে। এতিয়া সেই দায়িত্ব তোমাক দিব বিচাৰোঁ মই অঙ্গীম।
—————————–
শ্ৰীলেখাই জুৰীস্মিতাৰ শুশ্ৰূষাত অলপো গাফিলতি কৰা নাই। যেন মৃত্যুৰ শয্যাত পৰি ৰোৱা এয়া তেওঁৰ আপোন কোনোবাজনহে ! অথচ ইমান বছৰে জুৰীক মোৰ হৃদয়ত থাপি ৰখাৰ বিষয়টো তাইৰ বাবে এতিয়া অনাচ্ছাদিত সত্য। মোৰ প্ৰতি হাজাৰ অভিযোগেৰে ভাৰাক্ৰান্ত শ্ৰীলেখাৰ মনটোক অনুধাৱন কৰিবলৈ যত্ন কৰিলোঁ মই। সুধিলোঁ তাইক – ‘ কিয় অলপো আপত্তি নোহোৱাকৈ জুৰীক এইখন ঘৰলৈ আনিবলৈ অনুমতি দিলা মোক ? জুৰীৰ প্রতি জাগি উঠা ক্ষোভখিনিক কিয় বুকুৰ গভীৰ খাদ এটাত পুতি ৰাখিছা ?
প্ৰত্যুত্তৰত যথাসম্ভৱ নিম্নস্বৰত কৈ উঠিল তাই ।
: মৃত্যুমুখী মানুহ এগৰাকীৰ ওপৰত কিহৰ অভিযোগ অঙ্গীম ? যুক্তি আছে জানো কিবা ! যদি কেনেবাকৈ জানিলোঁ হয়, তোমাৰ হৃদয় স্পৰ্শ কৰা নাৰীগৰাকী মই নহয় ; তেতিয়া তোমাৰ জীৱনত মোৰ অনাধিকাৰ প্ৰৱেশ সম্ভৱ নহ’ল হয় ! অভিযোগ তোমাৰ ওপৰতো নাই। কেৱল এখন ভ্ৰমজালে ইমান বছৰে আমাৰ সম্পৰ্কটোক আৱৰি ৰাখিলে – তাৰ দুখতহে দহি-পুৰি মৰিছোঁ। তেনে এক সম্পর্কক জীয়ন দি ৰখা সম্ভৱ জানো অঙ্গীম !
শ্ৰীলেখাৰ চকুৰ কোণত দুটোপাল চকুলো বিৰিঙি উঠিল।
উশাহটো কিহবাই চেপি ধৰা যেন লাগিল মোৰ। যেতিয়া মন আৰু বিবেচনাৰ মাজত বিৰাট তফাৎ আহি পৰে, আৰু চিন্তাবোৰে গতি কৰিবলৈ এটা সুচল পথৰ সন্ধান কৰিব লগা হয় , তেতিয়াই হয়তো মানুহ এক অদৃশ্যমান পৰিবেশত নিমজ্জিত হ’ব লগা হয়। কাৰোবাৰ ত্যাগক মষিমূৰ কৰি সপোন সাৰ্থক কৰাৰ যাত্ৰাত অগ্ৰসৰ হ’লে মানুহ আচলতে মোৰ দৰেই সংগীবিহীন হৈ পৰে।
কিন্তু মই নিৰূপায়।
এগৰাকী নাৰীৰ সান্নিধ্যৰ পৰা মুক্ত হোৱাৰ পথটো বৰ দুৰ্গম। তাতে সম্পৰ্কটো যেতিয়া মানসিক সম্পৰ্কলৈ ৰূপান্তৰিত হয় , তেতিয়া ই অত্যন্ত জটিল আৰু মনস্তাত্বিক হৈ পৰে। জুৰীক মোৰ মন-মগজুত অহৰহ ধাৰণ কৰি ৰাখিছোঁ মই । তাৰপৰা উত্তীৰ্ন হোৱাৰ শক্তি আছে জানো মোৰ !
হাঃ হাঃ হাঃ.. সময়ৰ কি বিচিত্ৰ খেলা ! এফালে মোৰ জীৱনসঙ্গী শ্ৰীলেখা আৰু আনফালে প্ৰেয়সী জুৰীস্মিতা। দুয়ো মোক আৱৰি ৰাখিছে। অথচ দুয়োৰে মাজত স্থিতিহীন হৈ ডুলি আছোঁ মই।
মৌন হৈ ৰ’লোঁ । নিজকে প্ৰশ্ন কৰিলোঁ – শ্ৰীলেখাৰ শৰীৰটো খেপিয়াই ফুৰোঁতে কোনোবা দিনা তাইৰ আত্মাৰ খবৰ লৈছিলোঁ জানো ! আত্মাৰ অবিহনেও শৰীৰে কেনেকৈ বাট বোলে বাৰু ! তাইৰ ভৰি দুখনতে পৰি চিঞৰি চিঞৰি কান্দিবলৈ মন গ’ল মোৰ। সুধিবলৈ মন গ’ল তাইক – মই ক্ষমাৰ যোগ্য নে লেখা !
মৌনতাৰ অন্ত পেলাই শ্ৰীলেখাই কৈ উঠিল।
: ব’লা , জুৰীৰ সপোনটোক পূৰ্ণতা দিওঁ। চহৰৰ উপকণ্ঠত যে মাটি অলপ লৈ থোৱা আছে , তাতে জুৰীৰ নামত ঘৰ এখন সাজি উলিয়াও।
: সেইখিনি মাটিত তুমি লাইব্ৰেৰী এটা খোলাৰ কথাহে ভাবিছিলা দেখোন লেখা। নালাগে, মোক আৰু দোষবোধত জুৰুলা নকৰিবা।
: একো নাই। জুৰীৰ সপোনটোৱেই সঁচা হওক। কেতিয়াবালৈ তাতে এটা লাইব্ৰেৰীও সাজিম দিয়া। কি জানা, এই যে মানুহে মনতে ভাবি লয় – ‘ হ’ব , মূৰৰ ওপৰত আকাশখন আছে নহয় , মই কেনেকৈ আশ্রয়হীন ! ‘
আচলতে এইটো মানুহে নিজকে দিয়া এটা চূড়ান্ত ফাঁকি।ইটা-বালিৰে হওক বা বাঁহ-খেৰেৰে হওক ; মূৰৰ ওপৰত চালি এখন সকলোকে লাগে। আৰু সেই চালিখনক ঘৰ কৰি তুলিবলৈ আপোন হাত এখনৰো প্ৰয়োজন হয়। জুৰীয়েও সেইখিনি নিৰাপত্তাৰে জীৱনৰ শেষ উশাহটোৰ অন্ত পেলাওক দিয়া । তোমাৰ হাতত হাত থৈ চিৰদিনলৈ চকু মুদক – তাকে কামনা কৰোঁ মই।
হুকহুকাই কান্দি উঠিলোঁ মই।
পূজাৰ বেদীত এয়া যেন সাক্ষাৎ দেৱী !
মোৰ মন মন্দিৰৰ প্ৰতিমা।
কি লাভ ? সময়ৰ ঘূৰ্ণাৱৰ্তত , এৰি অহা সময় এছোৱাক খামুচি ধৰি ৰাখি কি লাভ আচলতে ! হৃদয়ৰ পৰা হৃদয়লৈ নতুন বাট এটা কাটি ল’ব পৰা নাযাব জানো !
অজানিতে মোৰ বুকু ভেদি হুমুনিয়াহ এটা সৰি পৰিল।
ফোন : ৯১০১২০৩৫৫৪
Comments are closed, but trackbacks and pingbacks are open.