কৰবী দেৱী
জকমকাই ফুলি থকা বকুলজোপাই হঠাতে সাগৰৰ দৃষ্টি আকৰ্ষণ কৰিলে।তাৰ খোজবোৰ স্থবিৰ হৈ পৰিল ।তাৰ দুচকুত তন্ময় ।মনত উৎসুকতা। বকুল ফুলৰ মিঠা সুবাসটো চৌপাশে আমোলমোলাই পৰিছে ।সংমিশ্ৰণ হৈ বৈ পৰিছে তাৰ উশাহটিৰ লগতো।এইবাৰ সি গছডালতে আঁউজি এক অভিনৱ আৱেশত দুচকু মুদি দিয়ে । পাৰ্যমানে সুবাসটো উজাই লয়। উশাহত বিলীন হৈ পৰা সুবাসটো বৈ পৰে তাৰ আভ্যন্তৰীণলৈ। কুঁহিপাতৰ সুৰুঙাৰে বিচ্ছুৰিত আবেলিৰ হেঙুল বৰণ এচমকাই সাগৰৰ দুচকুৰ পতাত স্পৰ্শ কৰাত তাৰ তন্ময়তাৰ অন্ত পৰে। এইবাৰ সাগৰে লক্ষ্য কৰে সন্মুখৰ জয়াল ঠাইখিনিলৈ।যেন বৰ্ণময় অতীত সাৱটি পৰিত্যক্ত হৈ ৰোৱা এখনি জীৱন্ত তৈলচিত্ৰ। য’ত সিঁচৰিত হৈ আছে এজাক সমনীয়াৰ লগত সাগৰৰ শৈশৱৰ এখিনি নিৰ্ভেজাল কোলাহল ।মিশ্ৰিত হৈ আছে য’ত বহু মতলীয়া আবেলিৰ এখিনি ৰঙীন হাঁহি আৰু এসোপামান কিৰিলী। আনন্দৰ। উলাহৰ।
বিশেষকৈ এই বকুলজোপাই সেই বৰ্ণময় অতীতৰ সাক্ষী। বকুলজোপাৰ প্ৰতিখিলা পাততেই যেন লিপিবদ্ধ হৈ আছে একোটিকৈ বিষাদৰঞ্জিত কাহিনী। স্মৃতিৰ দস্তাবেজবোৰ চকামকাকৈ উজলি উঠাত তাৰ দুচকু সিক্ত হৈ পৰিল। এইবাৰ সি মন্থৰ গতিৰে কিছুদূৰ আগবাঢ়ি গ’ল।
ওখ ঢিপটোৰ কাষত ৰৈ সি নীৰৱ ভাষাৰেই ৰিঙিয়াই মাতিলে , ” বিন্দিয়া। বিন্দিয়া ।”
যদিও সাগৰৰ জ্ঞাত, এয়া যে তাৰ বৃথা প্ৰয়াস। মনৰ ভ্ৰম। হাজাৰবাৰ ৰিঙিয়াই মাতিলেও বিন্দিয়াৰ পৰা যে কোনোধৰনৰ সঁহাৰি নাপায় এয়া এক অসহনীয় সত্য। তথাপি ৰিঙিয়ালে সি, মনৰ অদম্য হেঁপাহৰ তাড়নাত। কাৰণ, এয়াওতো সত্য, এদিন এইখিনি স্থানতে বিন্দিয়া নামৰ কিশোৰীজনীৰ খিলখিল হাঁহিয়ে ৰং চৰাইছিল। এই স্থানতে আছিল আটোমটোকাৰিকৈ গঢ়ি উঠা এখনি শুৱনি ঘৰ।যিখন ঘৰলৈ সাগৰ আৰু তাৰ সমনীয়াবোৰৰ অবাধ বিচৰণ আছিল। বিন্দিয়াৰ মাকে প্ৰায়ে সিহঁতক ৰিঙিয়াই মাতিছিল। নিজহাতে তৈয়াৰ কৰা বিভিন্ন খোৱাবস্তুবোৰ মৰম আৰু হেঁপাহেৰে যাচিছিল। বৰ্তমান সেই সকলোবোৰ এটি বিষাদভৰা অতীত মাথোন। গছ – লতিকাৰে আবৃত ঠাইটুকুৰা দেখিলে অনুমানেই নহয় যে ইয়াতো এসময়ত কোনোবাই বসতি কৰিছিল। বিশ্বাসেই নহয় যে সেই ঘৰখনত হাঁহি মাতি এটা পৰিয়ালে সৰগ সুন্দৰ জীৱন কটাইছিল, যদিও তেওঁলোকৰ জীৱনটো সংগ্ৰামেৰে ভৰা আছিল, সুখনিদ্ৰাৰ স্থান কিন্তু এই ঠাই টুকুৰাতে আছিল। মন্থৰ গতিৰে কিছুদূৰ আগবাঢ়ি গৈ দেখিলে সাগৰে, বাৰীখন এতিয়াও অজস্ৰ ফল- মূলেৰে পৰিপূৰ্ণ। হয়তো জংঘলৰ প্ৰকোপৰ বাবেই ফল – মূলবোৰ মানুহৰ দৃষ্টিগোচৰ নহয়। তদুপৰি দৃষ্টিগোচৰ হ’ল বুলিয়েই জানো আম-জাম লিচু আদি হাকুটিয়াই থকা দিন বৰ্তমান আছে? আজিকালি শিশুবোৰ আগৰদৰে যি তি সময়ত উনৈশত বা বলাই নুফুৰে। ফুটবল, ভলীবল খেলিবলৈ গৈ বেলেগৰ বাৰীৰ ৰবাব টেঙা বিচাৰি চলাথ নকৰে। আজিকালি শিশুৰ প্ৰায়বোৰ খেলা – ধূলা মোবাইলতে সংৰক্ষিত । সেয়ে সিহঁতো আৱদ্ধ মোবাইলৰ ভিতৰতে। কংক্ৰিটৰ সাজেৰে সজ্জিত কৃত্ৰিম পৃথিৱীখনত যেন সিহঁত একো একোটা ৰবট।
এইবাৰ সাগৰৰ দৃষ্টিত ৰিণি ৰিণি ভাহি উঠিল নাতিদূৰৈত থকা ৰেল আলিটো।মুহূৰ্ততে তাৰ মানস পটত উদ্ভাসিত হৈ পৰিল আনন্দত ৰঙীয়াল এজাক কণমানি। য’ত সাগৰৰ হাঁহি – আনন্দৰ কিৰীলাবোৰো সংপৃক্ত হৈ পৰিছে। সৰ্পিল আকৃতিৰে পৰি থকা ৰেল আলিটোৰ চিৰিবোৰত হাতে হাত ধৰি খুপি খুপি খোজেৰে যেন আগবাঢ়িছে সিহঁত।সিহঁতৰ ভৰিকেইখন কোনোবা সময়ত পিছল খাই পৰিব ধৰে, পুনৰ নিজকে সন্তুলন কৰে । কিছু দূৰ গৈ সিহঁতজাক যেন উপস্থিত হ’লগৈ সৰু ষ্টেচনটোত। য’ত অণুৰনিত হৈ আছে এজাক মানুহৰ জীৱন জীয়নৰ অনেক কথকতা। এজাক পৰিশ্ৰমী মানুহ। যি সংগ্ৰামমুখী। ৰাজনীতি, অৰ্থনীতি, মুদ্ৰাস্ফীতিৰ লগত যাৰ কোনো সম্পৰ্ক নাই। নাই য’ত জাতিভেদৰ বিভেদ । আছে মাথোঁ একতা। মিলন প্ৰীতি। আছে মাথোঁ সংগ্ৰামমুখী জীৱনৰ অনেক কাহিনী। প্ৰতি পুৱাই আৰম্ভ হয় তেওঁলোকৰ যাত্ৰা শুকুলা ঘোঁৰাৰ চেকুৰাৰে , নৈশৰ বুকুত যেন একো একোজন ক্লান্ত পথিক । পুনৰ আৰম্ভ হয় একেই পুৱা, আগমন হয় একেই ক্লান্ত নিশা। একেই ৰুটিন জীৱন সংগ্ৰামৰ।অথচ তেওলোক সুখী। সুখী জীৱনৰ জোখাৰে।জীৱনৰ ওচৰত সামান্যতমো অভিযোগ নোহোৱাকৈ সুখী। হাজাৰ ধুমুহাইও তেওলোকক ৰুধিব নোৱাৰাকৈ সুখী। ভিন্ন ধৰ্মালম্বী, ভিন্ন জাতি – জনজাতিৰ বসতি এই ঠাইটুকুৰাত এবাৰ যিয়ে ভৰি থয় তেওঁ নিশ্চয়কৈ অনুভৱ কৰিব, বস্তুবাদী আৰু কংক্ৰিটৰ পৃথিবীৰ সিপাৰেও যে আছে অন্য এখন পৃথিৱী, যি এখনি উজ্জ্বল স্থিৰচিত্ৰ। য’ত মানুহৰ ভাবানুবেগৰ শ্ৰদ্ধা অপৰিসীম। য’ত বাহ্যিকতাৰ পৰিবৰ্তে উজলি উঠে আভ্যন্তৰীণ জ্যোতি। মুচী, নাপিত, চানাৱালা,জাল মুড়িৱালা, চব্জিৱালা, বাদামৱালা আদি বিভিন্ন বৃত্তিৰে স্বনিৰ্ভৰশীল ব্যক্তিসকলে আত্মসন্মানেৰে জীৱিকা নিৰ্বাহ কৰা অনেক মনভৰা কাহিনী এই ষ্টেচনটোৰ প্ৰান্তৰে প্ৰান্তৰে সিঁচৰিত হৈ আছে। প্ৰান্তীয় খাদ্য সম্ভাৰে মলমলাই গোন্ধাই থকা সৰু সৰু গুমটিবোৰে সাগৰক যেন আজিও ৰিঙিয়াই মাতিছে।স্মৃতিৰ তৰপবোৰে সাঁফৰ খুলি খুলি তাৰ দুচকুত স্বপনাকৃতিৰে দুলিবলৈ ধৰিলে। কৰ্ণগোচৰ হয় সাগৰৰ সেই ব্যস্তময় মানুহবোৰৰ কোলাহলসমূহ। স্ফটিকৰে জিলিকি পৰিল এটা এটা দৃশ্য।
: এ, বাদাম ।বাদাম ।
ৰেল’খনৰ অপেক্ষাত অধীৰ আগ্ৰহেৰে বাট চাই থকা বাদাম বেপাৰীটোৱে কণমানিজাকক দেখা মাত্ৰকে উশাহ নসলোৱাকৈ চিঞৰিবলৈ ধৰিলে। উদ্দেশ্য তাৰ এটাই, এই চেগতে কণমানিজাকক লোভ লগাই বাদামৰ টোপোলা কেইটামান বিক্ৰী কৰাৰ।
একেদৰে চানপাপৰিৰ বেপাৰীটোৱেও হাতত থকা সৰু ডম্বৰুটোৱে জাননী দিলে তাৰ উপস্থিতিৰ।
: কি খাবি তঁহতে? মনফুলি নে চানপাপৰি?
ৰহিমে হঠাতে প্ৰশ্ন কৰিলে।
: খাবলৈ মন থাকিলেই হব জানো? পইচাৰ কথাও আছেতো?
মফিজুলে মনটো শুকুৱাই ক’বলৈ ধৰে। জয়া, বীৰেণ, ৰাহুলহঁতৰো মনবোৰ সেমেকি উঠিছিল। মুখবোৰ নৈৰাশ্যই ছানি ধৰিলে।
: হাৰে, তহঁত ইয়াতেই ৰৈ থাক না। সৌৱা মোৰ আব্বা – আম্মা। মই এতিয়াই পইচা লৈ আহি আছো।
: ৰহিম। ৰাখিবি না, ময়ো যাওঁ। মোৰ মা- বাপুৰ গুমটিৰ পৰা পইচা লৈ আহিম। মুঠতে আজি আমি বাদাম আৰু চান পাপৰি খামেই।
ৰহিম আৰু বিন্দিয়াই হাতত ধৰাধৰিকৈ দৌৰিবলৈ ধৰিলে। কণমানিকেইটাৰ মনত জেউতি চৰে। লোভৰ পানী এসোঁতা বৈ আহে।
পঢ়াশালিতো সিহঁতৰ মাজত বিভিন্ন আলোচনাই স্থান পাইছিল । আবেলি কাৰ চোতালত খেলিব?কাৰ বাৰীৰ আম জাম, লেতেকু পনীয়ল আদি পাৰি আনিব। বিশেষকৈ টেঙা ফলবোৰ ক’ত পোৱা যাব? সেইবোৰ পাৰি আনি কাৰ চোতালত বহি আগলতি কলপাতত চকলিয়াই ক’লা জলকীয়া মোহাৰি স্বাদযুক্ত কৰি তুলিব, মন পছন্দৰ খেলবোৰ ক’ত খেলিব আদি এশ এবুৰি আলোচনা।
কিন্তু সিহঁতৰ শৈশৱৰ সেই চিন্তাবোৰ নিমিষতে দূৰ কৰিব পৰাকৈ, সমস্যাবোৰ মুহূৰ্ততে সমাধান কৰিব পৰাকৈ বিন্দিয়াহঁতৰ বিশাল ফল- মূলৰ বাৰীখন আৰু সন্মুখৰ বিশালাকাৰ চোতালখেই আছিল শ্ৰেষ্ঠ।
বিন্দিয়াৰ মাকেও বৰ হেঁপাহেৰে সিহঁতক সহযোগিতা কৰিছিল। মানুহগৰাকীৰ এটা সুকীয়া ব্যক্তিত্ব আছিল, সেয়া হ’ল সকলোকে মুহূৰ্ততে আপোন কৰি লব পৰা গুণ। তেখেত কিন্তু খেলে- সমাজে বৰকৈ নগৈছিল। কাৰণ এটাই, মাউৰা বিহাৰী যুৱক এজনৰ লগত পতি – পত্নীৰ আগ্ৰন্থৰে বান্ধ খালে। যুৱকজন চপনীয়া হৈ থকাৰ বাবেই এচামৰ ঠাট্ৰা ইতিকিং। অৱশ্যে বিন্দিয়াৰ বিধবা মাকে চপনীয়া জোৱায়েকক পাই ভালেই পাইছিল। সুখী হৈছিল তেওঁ। কাৰণ সন্তান বুলিবলৈ বিন্দিয়াৰ মাকেই। চলিব পৰাকৈ ডাঙৰ ফল-মূলৰ বাৰীখনৰ লগতে পথৰুৱা মাটিও আছে কেইবা বিঘাও। তাতে বিন্দিয়াৰ দেউতাকো কৰ্মী। দিনটো পথাৰত খেতি – বাতিৰ কামত ব্যস্ত হৈ থকাৰ মাজতে আবেলি নাতিদূৰৈত থকা ৰেল ষ্টেচনটোতে গুমটি এখনো খুলি লৈছিল। পকোৰা, পিঁয়াজী, গৰম গৰম চিঙৰাৰ গোন্ধবোৰ মিলি পৰিছিল আবেলিৰ নিৰিবিলি বতাহৰ বোকোচাত। ক্ৰমশঃ দোকানত কাষ্টমাৰৰ ভিৰ ইমানেই বাঢ়িছিল যে, আবেলি গৰু- গাই বন্ধা দায়িত্বভাগো বিন্দিয়াৰ মাকৰ মূৰৰ ওপৰত । ইফালে তাঁতশালখন আছেই। সন্ধিয়াৰ আগে আগে সমূহ দায়িত্ব সামৰি-সুতৰি বিন্দিয়াৰ মাকেও গুমটিখনত সহায় কৰিবলৈ যোৱা হ’ল। বিন্দিয়াই আইতাকৰ কাষতে ঢাৰি এখন পাৰি নিজেই জুকিয়াই জুকিয়াই পঢ়িছিল। সাগৰে কথাবোৰ প্ৰায় আইতাকৰ মুখত শুনিছিল। সাগৰহঁতৰ ঘৰখন শিক্ষিত, সংস্কাৰী। গতিকে বিন্দিয়াৰ মাকে হিন্দীভাষী যুৱক এজনৰ লগত বিয়া হৈ ঘৰ সংসাৰ কৰা কথাটো তেনেই সাধাৰণভাৱে লৈছিল। মানুহ মানুহেই। প্ৰতিটো জাতিৰ, প্ৰতিটো ধৰ্মৰ মূল মন্ত্ৰ একেই। পাৰ্থক্য মাথোঁ কিছু নীতি নিয়মৰ। কিছু উৎসৱৰ। কিন্তু বান্ধোনবোৰ একেই । শান্তি সম্প্ৰীতিৰ। মিলা – প্ৰীতিৰ আৰু ঐক্যতাৰ। যি আপোচবিহীন । সেয়ে সাগৰক কোনেও মানা কৰা নাছিল বিন্দিয়া, ৰহিম, মফিজুলহঁতৰ ঘৰলৈ যোৱাত। মানা কৰা নাছিল সিহঁতৰ লগত হাঁহি – স্ফূৰ্তি কৰি আবেলিবোৰ ৰঙীন কৰি তোলাত।
আজিও মনত আছে সাগৰৰ, কাতি বিহুৰ দিনা আবেলি বিস্তাৰিত সেউজীয়া ধাননিৰ মাজৰ সৰু সৰু আলিবোৰত বহি যেতিয়া সিহঁতে আগলতি কলপাতত ৰবাৱ টেঙা কাটি লৈছিল, ৰহিম আৰু মফিজুলে বহু কষ্টৰে গোটাই অনা নাৰিকল কেইটা কটাত ব্যস্ত হৈ পৰিছিল। টেঙাৰ বাকলিবোৰ ধাননিৰ মাজলৈ ছটিয়াই সিহঁত আটায়ে দুহাত যুৰি লখিমীক প্ৰাৰ্থনা কৰিছিল।
একেদৰে ঈদৰ দিনটোত সাগৰ গৈছিল, মফিজুল আৰু ৰহিমৰ মাকে কিমান যে মৰমেৰে বিভিন্ন মিঠাই যতনাই দিছিল। আৰু চট পূজাৰ দিনটোত বিন্দিয়াৰ মাকৰ আপ্যায়ন। মুঠতে সিহঁত কণমানিজাকৰ মাজত গঢ় লৈ উঠিছিল এখন নিৰ্ভেজাল পৃথিৱী। যি নিষ্পাপ। য’ত কুমলীয়া মনৰ মৰমবোৰ প্ৰসাৰ হৈছিল মাথোন।
কিন্তু এদিন সেই সোণসেৰীয়া ঠাইটুকুৰালৈ নামি আহিল বিষাদৰ অমানিশা। সেইবাৰ বছেৰেকীয়া পৰীক্ষাৰ পিছত সাগৰ চহৰত থকা মোমায়েকৰ ঘৰলৈ গৈছিল কেইদিনমান থকাকৈ। সি চহৰীয়া পৰিবেশত বৰ অসহজ হৈছিল। বিশেষকৈ আবেলিবোৰ কটাবলৈ বৰ কষ্ট পাইছিল। আইতাকে তাৰ অস্বস্তিৰ কাৰণবোৰ অপ্ৰকাশিত ভাষাৰেই বুজি উঠিছিল আৰু মূৰে গালে হাত ফুৰাই কৈছিল, ” তোমাৰ দেউতাৰায়েও চহৰত মাটি কিনি থৈছে নহয় সোণ। কিছুদিনৰ পিছত ঘৰেই সাজিব । তেতিয়া দেখোন তুমি ইয়াতেই থাকিব লাগিব।”
সাগৰৰ দুচকু চিপচিপীয়া হৈ পৰিছিল। সি কেনেকৈ গাঁৱৰ সেই মুকলিমুৰীয়া পৰিবেশৰ পৰা আঁতৰি চহৰত থাকিব? তাৰ চিন্তা বাঢ়ে। পেটে পেটে ভোৰভোৰাই উঠিল। ” দেউতাই কিয় নো বাৰু চহৰত মাটি কিনিব লাগে? ” তাৰ কণমানি মনটোত অযুত প্ৰশ্নৰ উদ্ৰেক হবলৈ ধৰে। সি মাজে মাজে দেখিছিল অৱশ্যে, দেউতাকৰ লগত মাকে যুক্তি – তৰ্কত লিপ্ত হোৱা । কৈছিল মাকে” সোণৰ ভবিষ্যতৰ কথা চিন্তা কৰিয়েই পাৰিলে মাটি এটুকুৰা চহৰত কিনক। তদুপৰি তাৰ শৈক্ষিক দিশটোৰ কথাও আছে। ইয়াত সি কেনেকৈ জীৱন গঢ়িব। যাতায়তৰ অসুবিধা, বিজুলী বাতিৰো সমস্যা। মই বহু কষ্টত যেনিবা মিলিবলৈ যত্ন কৰিছো, কিন্তু সোণক কেনেকৈ কষ্ট দিওঁ?
: হেৰা সোণে নো কিটো কষ্ট পাইছে। পুৱাৰ পৰা আবেলিলৈকে সি দেখোন ৰঙীয়াল মন এটাৰে ঘূৰি ফুৰে।
: সেইবোৰ ভাৱিয়েইতো মোৰ চিন্তা হৈছে। পুৱা শুই উঠিয়েই লৰ মাৰিব কাৰ বাৰীৰ পিছফালে শিলিখা, আমলখি সৰিছে, কাৰ চন কৰা মাটিত শেলেকুবোৰ থুপ খাই আছে! পঢ়াশালিৰ পৰা অহাৰ পিছত ৰেলৰ আলিৰ কাষত চিঞৰ বাখৰ। ৰহিম, মফিজুল, বিন্দিয়া, জয়া সিহঁতক লগ পালে সি ইমানেই উতনুৱা হৈ পৰে, মোৰ ভয়েই হয়।
: ভয়? কিন্তু কিয়? কেনেবাকৈ সিহঁতৰ মাক দেউতাকৰ বৃত্তিবোৰে তোমাক চিন্তিত কৰিছে নেকি? যদি তেনেকুৱাই হয়, তেন্তে মনবোৰ বহল কৰা। কাৰণ সেই মানুহখিনি সঁচাকৈ চহকী। তেওঁলোক আত্মসন্মানৰ চহকী। আত্মসন্মান আছে বাবেই তেওঁলোক বৃত্তিমুখী। কামৰ সৰু বৰ নিচিনি কেৱল নিজৰ কৰ্তব্য পালন কৰি গৈছে। সংগ্ৰামৰ অৰ্থ তেওলোকে খুব ভালকৈ বুজে। আৰু তেনে ব্যক্তিক মই সদায় শ্ৰদ্ধা কৰোঁ। আমাৰ সোণৰ ক্ষেত্ৰত মই ইমানেই কওঁ, সি যি বৃত্তিতেই আগলৈ ব্যস্ত নহওঁক কিয়, কিন্তু তাৰ আগতে এজন প্ৰকৃত নাগৰিক হওক। মানৱীয়তা গুণেৰে পৰিপুষ্ট হওক। অন্ততঃ দহজনৰ হৈ কিবা এটা উপকাৰ কৰক।
—-এনে বহু যুক্তিৰে দেউতাকে মাকৰ যুক্তিক তল পেলাইছিল।
কিন্তু সাগৰে জনা নাছিল যে দেউতাকে পুনৰ মাকৰ কথাত সহমত প্ৰকাশ কৰি চহৰত মাটি কিনি ঘৰ বনোৱাৰ কথা ভাৱিছে। দেউতাকে কি চিন্তা কৰি, কি উদ্দেশ্যৰে তেনে সিদ্ধান্ত ললে সাগৰৰ কৈশোৰ মনটোৱে সেইবোৰ ঢুকি পোৱা নাছিল। মাথোঁ তাৰ মনটো শোকে খুন্দা মাৰি ধৰিছিল। সি পিছদিনাখন পুৱাই গাঁৱৰ ঘৰত থৈ আহিবলৈ আইতাকক খাটনি ধৰিছিল। আইতাকে তাৰ কণমানি মনটোক প্ৰবোধ দিব খুজিয়েই বোধকৰোঁ সঁহাৰি জনাইছিল। কিন্তু পিছদিনা পুৱাই তাক আচৰিত কৰি মাক- দেউতাক আৰু আইতাক চহৰলৈ আহিছিল। কিবা হেনো সাম্প্ৰদায়িক সংঘৰ্ষৰ আৰম্ভ হৈছে, যাৰ ফলত সাধাৰণ মানুহৰ জীৱনধাৰণৰ পদ্ধতিয়ে জটিল হৈ পৰিছে। কণমানি সাগৰে সাম্প্ৰদায়িক সংঘৰ্ষৰ অৰ্থ কি বুজা দূৰৰে। সি কোনোদিনে শুনাই নাছিল সেই জটিল শব্দটো। নিশা ভাগৰতে সম্ভৱতঃ বিচনাত পৰাৰ লগতেই তাৰ মাক ঘোৰ টোপনিত লালকাল হৈ পৰিছিল । সি আইতাকৰ বুকুৰ মাজত সোমাই প্ৰশ্ন কৰিছিল “সাম্প্ৰদায়িক সংঘৰ্ষ মানে কি আইতা”?
: এইবোৰ বহুত কথা সোণ। তুমি এতিয়া এইবোৰ বুজিব নোৱাৰিবা। এতিয়া তোমাৰ সাধু শুনাৰ বয়সহে। কোৱাচোন আজি কোনটো সাধু শুনিবা? আকাশত যে ওলাই ধ্ৰুব তৰা, সেই তৰাটোৰ সাধুটোকে কও শুনা। “
সাগৰক পুনৰাই কোনো প্ৰশ্ন কৰাৰ সুযোগ নিদি আইতাকে কৈ গৈছিল ধ্ৰুব তৰাৰ জন্মৰ কাহিনী।
কেইদিনমানৰ পিছত সি শুনিছিল, বিন্দিয়াহঁতৰ ঘৰটো হেনো কোনোবা দুষ্ট চক্ৰই জ্বলাই দিলে। সমানেই জ্বলি উঠিছিল ষ্টেচনৰ কাষৰ সেই সৰু সৰু গুমটিবোৰ। জ্বলি উঠিছিল সৰু সৰু জুপুৰিবোৰ। য’ত জীৱন সংগ্ৰামৰ কৱচ পিন্ধি হাঁহিমুখেই পাৰ কৰিছিল একো একোটা পৰিয়াল। সাগৰৰ দুচকুত ভাঁহি উঠিছিল জয়া, বীৰেণ, ৰহিম, মফিজুল, বিন্দিয়াৰ সৰলমনা মুখকেইখন। ভাঁহি উঠিছিল সিহঁতৰ পৰিয়ালৰ আটাইৰে মুখবোৰ। নিশ্চিতকৈ যদিও কোনেও কব পৰা নাছিল মানুহবোৰ পলাই কোনোবাদিশে গুচি গ’ল নে সেই জুইতে দগ্ধিত হ’ল, সঠিক খবৰো কিন্তু কোনোদিনে সংগ্ৰহ কৰিব নোৱাৰিলে। নিজম পৰি গ’ল ষ্টেচনটো।
সেইকেইদিন সাগৰক টেলিভিচনৰ কাষতো বহিব দিয়া নাছিল, হয়তো মাক – দেউতাকৰ ভয়- সংশয় হৈছিল জানোচা অভাৱনীয় কিবা দৃশ্য পৰিলক্ষিত হয়, জানোচা তাৰ সমনীয়া কাৰোবাৰ ভয়াবহ মৃতদেহ টেলিভিচনৰ পৰ্দাত ভাঁহি উঠে। বিন্দিয়াহঁতৰ ঘৰটোৰ ভেটিত হেনো কাঁচৰ খাৰুৰ ভগ্ন টুকুৰা কিছুমান উদ্ধাৰ হৈছিল। সেয়ে বহুতৰে সন্দেহ, পৰিয়ালটো ছাগে পলাবলৈ নাপালেই, জুইতে দগ্ধিত হ’ল ।
কণমানি সাগৰ টোপনি যোৱা বুলি ভাৱি বোধকৰো মাক আৰু আইতাকে কথাবোৰ আলোচনা কৰি আছিল বিনাদ্বিধাই। যিবোৰ শুনি সি শিয়ৰি উঠিছিল। বৈ আহিছিল দুগালে দুধাৰি চকুলো নীৰবে। সি ভগবান, আল্লা সকলোৰে নাম উচ্চাৰণ কৰি প্ৰাৰ্থনা কৰিছিল, তাৰ সমনীয়াবোৰ যেন জীয়াই থাকে কুশলে। বিন্দিয়াহঁতৰ খবৰবোৰ যেন মিছা হয়। সঁচা এয়ে হয় যেন, টেলিভিচনৰ পৰ্দাত নহলেও ভগবানৰ দৃষ্টিত সিহঁতে কোনো নিৰাপদ স্থানত সুৰক্ষিত হৈ থাকক।
গতিশীল সময়ে বাগৰ সলায়। ৰং সলায় জীৱনে। ৰং সলায় মানুহৰ ভাৱনাই। চিন্তাই। সময়ৰ লগে লগে সকলো সহজ হৈ পৰে। এদিন সাগৰো সহজ হৈ পৰিল নতুন পৰিবেশত। খাপ খাই পৰিল নতুন ৰীতি – নীতিৰ লগত। বন্ধুত্ব গঢ়িল নতুন এচামৰ লগত। কাৰণ সেই ঘটনাটোৰ কিছুদিন পিছতেই সাগৰৰ আইতাক ঢুকাল। আৰু তাৰ কিছুদিন পিছতেই চহৰত সাগৰহঁতৰ এখন আটকধুনীয়া ঘৰ গঢ়ি উঠিল। আইতাকৰ আদ্যশ্ৰাদ্ধৰ পিছত এদিন সি ভয়ে ভয়ে তাৰ বন্ধু কপিলৰ লগত গৈছিল বিন্দিয়াহঁতৰ পদূলি মুখলৈকে। ধ্বংসস্তুপত পৰিণত হোৱা ছাঁইৰঙী ঠাইখিনিত বিষাদৰ ডাৱৰবোৰ যেন সৰি পৰিছিল। যিয়ে সিহঁতৰ দুচকুও ধূসৰ কৰি তুলিছিল। দুয়োটাই ঘৰটোলৈ চাই ফেঁকুৰি উঠিছিল। সিহঁতৰ কাণত লাগি ধৰিছিল বিন্দিয়াৰ মাতষাৰ, ঐ সাগৰ, ঐ ৰহিম, ঐ জয়া শুনচোন, মায়ে গোমধান সেকিছে নহয়। আহ তহঁত আটাইকে মাতিছে আকৌ। “
কিছুদেৰিৰ পিছত সিহঁত ষ্টেচনটোৰ ওচৰলৈ দৌৰিবলৈ ধৰিলে। তাত নতুন নতুন গুমটি কিছুমান খুলিছে। পাতলকৈ হলেও পাণ তামোল, জাল মুড়ি আদি প্ৰায়বোৰ দোকানেই খুলিছে। কিন্তু তাত সিহঁতে বিচাৰি নাপালে চিনাকি এখনো মুখ।
: এ,বাদাম ।বাদাম ।
মাতষাৰে সাগৰৰ মনত লহৰ তোলে, অন্ততঃ চিনাকি এজন মানুহটো আছে। কিন্তু মানুহজনৰ সন্মুখত ৰৈ’হে পৰিলক্ষিত হয়, সেইজন আগৰ সেই বাদামৱালাজন নহয়। এটি বিমৰ্ষ মনেৰে সিহঁত উভতি আহে।আৰু সেই ৰাতি ঘৰত হুলস্থুল। কাৰণ সৰল সহজ সাগৰে কান্দি কান্দি কৈছিল সি বন্ধু কপিলৰ লগত সেইফালে ওলাই যোৱাৰ কথা। মাক দেউতাকক সুধি নোযোৱাৰ অপৰাধত প্ৰথমে মাকে তাৰ পিঠিত দুটামান বাঘঢকাই লগালে। দেউতাকে অৱশ্যে উপলব্ধি কৰিছিল সাগৰৰ কণমানি মনটোৰ ভিতৰত তৰংগায়িত ঢৌবোৰৰ কথা। সেয়ে মাকক একপ্ৰকাৰ খঙেই কৰিছিল দেউতাকে। অনেক যুক্তি প্ৰদৰ্শন কৰি পুনৰ সাগৰৰ লগত তেনে নিষ্ঠুৰ ব্যৱহাৰ কৰিবলৈ মানা কৰিছিল । সেইনিশা সি দেউতাকৰ বুকুৰ মাজতেই শুইছিল। অৱশ্যে সাগৰৰ মাকে যে তাৰ দুখবোৰ অনুভৱ কৰিব পৰা নাছিল তেনে নহয়, হয়তো মাকৰ মনত সংশয় হৈছিল, জানোচা সেই স্মৃতিবোৰ তাৰ কণমানি মন মগজুত দ’কৈ বহি যায়। জানোচা সেইবোৰে পিছলৈ তাৰ মানসিক বিকাশত ক্ষতি কৰে। পিছদিনা পুৱাই স-পৰিয়ালে গুচি আহিছিল চহৰলৈ। ঘৰখন নিৰ্মাণ হৈ নুঠালৈকে আইতাকৰ ঘৰতেই আছিল সিহঁত।
সময়বোৰ শুকুলা মেঘৰ দৰেই গতি কৰে। অতীতবোৰ ৰৈ যায় স্মৃতিৰ সঁফুৰাত, বৰ্তমানবোৰে গতি কৰে ভবিষ্যতৰ সন্ধানত।নিৰ্দিষ্ট লক্ষ্যত উপনীত হৈ মাক দেউতাকৰ সপোন পূৰণৰ স্বাৰ্থৰ লগতে নিজকে প্ৰতিষ্ঠিত কৰাৰ প্ৰচেষ্টাত ধ্যানস্থ হৈ পৰে সাগৰ। ঈশ্বৰে এদিন কঢ়িয়াই আনে সুদিন। কঢ়িয়াই আনে অযুত শুভবাৰ্তা। সাগৰ বৰুৱা বৰ্তমান এগৰাকী আগশাৰীৰ অভিযন্ত্ৰা। সুদীৰ্ঘ বছৰৰ অন্তত আজি দেউতাকৰ সৈতে আহিছে তাৰ স্মৃতি বিজড়িত এই মনোৰম ঠাই টুকুৰালৈ। উদ্দেশ্য দুটা, প্ৰথম, দেউতাকে তেওঁৰ পৈত্তিক মাটি টুকুৰা এখন বিদ্যালয়ৰ নামত দান কৰিছে। তাৰেই অভ্যৰ্থনা অনুষ্ঠান। আৰু দ্বিতীয়তে বিন্দিয়াহঁতৰ ঘৰৰ পৰা ষ্টেচনৰ কাষলৈকে এই ঠাই টুকুৰাত এটা প্ৰজেক্ট ইছ্যু হৈছে। অৰ্থাৎ এই ঠাই টুকুৰাত এটা বিশালাকাৰ গুডাম ঘৰ নিৰ্মিত হ’ব। সেই দায়িত্ব সাগৰ বৰুৱাৰ ওপৰত। তাৰ স্মৃতিৰ মানস পটত প্ৰতিনিয়ত অবাধ বিচৰণ এই ঠাই টুকুৰা। যদিও দায়িত্ববোধ আৰু ব্যস্ততাৰ খাতিৰত এইদিশে অহা হোৱা নাছিল, সাগৰৰ কৰ্ণকুহৰত অহৰহ লাগি থাকে শৈশৱৰ সেই সুমিষ্ট কিৰিলীবোৰ। হাঁহি আনন্দৰ আবেলিবোৰ ।
: ছাৰ, এনেকৈ বকুলজোপাৰ ফালেই তন্ময় হৈ চাই ৰ’ল যে? বকুলজোপাওতো কটাই যাব নহয়নে?
জুনিয়ৰ অভিযন্ত্ৰা অসীম শইকীয়াৰ প্ৰশ্নত শিয়ৰি উঠিল সাগৰ বৰুৱা।
” নাই। এই বকুুলজোপা অন্ততঃ কাটিব নোৱাৰি। কাৰণ এই বকুলজোপাৰ গুৰিত আজিও আছে কেইবাখনো হাতৰ স্পৰ্শ।”
বিশ্ব পৰিবেশ দিৱস আছিল সেইদিনা। স্কুলত গছপুলি ৰুই আহি সিহঁত আটায়ে ঠিৰাং কৰিছিল কাৰোবাৰ পদূলিত এটা গছপুলি ৰুব। প্ৰতিদিনে সিহঁতে পুলিটোৰ যতন লব। বিন্দিয়াৰ মাকে তাঁতশালত বহি ৰঙা আঁচু সূতাৰে ফুল বছাত মগ্ন হৈ আছিল। সূৰ্যৰ হেঙুলীয়া ৰশ্মিয়ে মানুহ গৰাকীৰ দুগালত ৰং সিঁচিছিল। হেঙুল বেলি আৰু ৰঙা আঁচু সূতাৰ ৰঙেৰে ৰঙীয়াল হৈ পৰা মানুহ গৰাকীয়ে সিহঁতৰ কথাত মিচিকিয়া হাঁহি এটা মাৰি পিছফালৰ বাৰীৰ পৰা বকুল ফুলৰ পুলি এটা উভালি আনি কৈছিল, ” মই কোৰেৰে গাঁতটো খান্দি দিম। তোমালোকে সেই গাঁতটোত এই বকুল ফুলৰ পুলিটোকে ৰুই দিবা দেই। মোৰ ঘৰৰ পিছফালৰ বাৰীখনত আম – জাম – লিচুৰ অভাৱ নাই। কিন্তু পদূলি মুখত এজোপা বকুলৰ প্ৰয়োজন আছে। বকুলজোপা ডাঙৰ হ’লে ইয়াৰ তলতেই এখন বাঁহৰ চাং সাজি তোমালোকে জিৰাব পাৰিবা। কোনোবা ভাগৰুৱা পথিকেও জিৰাব পাৰিব। বকুলজোপা যেতিয়া ফুলিব, সেই ফুলৰ সুগন্ধই চৌপাশ আমোলমোলাই তুলিব। যি সুগন্ধই লেতেৰা বাতাবৰণ, দূষিত বায়ুবোৰৰ পৰা আমাক মুক্ত কৰি ৰাখিব “।
সাগৰে সেইদিনা তন্ময় হৈ চাই আছিল সেই মানুহ গৰাকীৰ ৰঙীয়াল মুখখন। তাৰ মাকৰ দৰেই লাগিছিল বিন্দিয়াৰ মাকক। যিয়ে সপোন সিঁচিব জানে বুকুত। সপোন ৰুব জানে। প্ৰতিপালিত কৰাৰ সংজ্ঞাও শিকাব পাৰে আৰু সেই সপোনৰ ফল কিমান সুন্দৰ, মধুময় হব পাৰে সেয়াও যুক্তি প্ৰদৰ্শন কৰিব জানে।
বিন্দিয়াৰ মাকৰ দিহামতেই সিহঁতে গাতটোত বকুলৰ পুলিটো ৰোপন কৰিছিল। জাপি দিছিল এঁকাজলিকৈ মাটি। সিঁচি দিছিল গোৱৰৰ সাৰ আৰু পানী।
সেই পুলিটো আজি স্বগুণে এডাল বিশালাকাৰ ৰূপ লৈ চমকি উঠিছে। বকুলজোপাৰ ছাঁত ৰৈ সি অনুভৱ কৰিলে সেইকেইখন হাতৰ স্পৰ্শ। ঈদৰ দিনটোত ৰহিম আৰু মফিজুলৰ মাক দেউতাকক প্ৰণাম জনাওঁতে তাৰ মূৰত হাত থৈ যচা স্পৰ্শ। ছট পূজাৰ দিনা বিন্দিয়াৰ মাক দেউতাকে তাৰ সেৱাৰ প্ৰতিদানত শিৰত হাত থৈ যচা আৰ্শীবাদৰ স্পৰ্শ। দুৰ্গা পূজাত ৰাহুলৰ মাকে যচা আৰ্শীবাদ, সি নাজানে সঠিককৈ তাৰ সমনীয়াবোৰ, তেওঁলোকৰ পৰিয়ালবোৰ সেই সাম্প্ৰদায়িক সংঘৰ্ষৰ বলী হ’ল নে অন্য কৰবাত নিৰাপদে আছে। কিন্তু এই মুহূৰ্তত সি এক বিৰল প্ৰশান্তি অনুভৱ কৰিছে। অনুভৱ কৰিছে বকুলডালৰ গুৰিত থকা সিহঁতৰ হাতকেইখনৰ সুকোমল স্পৰ্শ। সি সিদ্ধান্ত লয়, এই বকুলজোপা সুৰক্ষিত কৰিব। কিছু সময়ৰ আগলৈকে তাৰ উশাহত সোমাই আহিছিল এটা কেঁচেমা গোন্ধ। এখন ধূসৰ অতীতৰ কৰাল মৰা তেজৰ কেঁচেমা গোন্ধ। ক্ৰমশঃ সেই অসহনীয় গোন্ধটো হেৰাই গৈছে। এইবাৰ তাৰ উশাহত আভ্যন্তৰীণলৈকে সোমাই গৈছে এছাতি নিৰ্মল বতাহ। যাৰ বোকোচাত বৈ পৰিছে বকুল ফুলৰ আমোলমোল সুবাস।
সি পুনৰবাৰ সুবাসটো উজাই ললে।
ফোনঃ ৯৩৬৫৫৫০৩৮৪
Comments are closed, but trackbacks and pingbacks are open.