চুটিগল্প : দোমোজা

36

তৰালী ঘৰফলীয়া

লাজটো ক্রমান্বয়ে বাঢ়িছে তাইৰ। যিমানে গা গধুৰ হৈ আহিছে, সিমানে অলস অলস ভাবটোৱেও যেন হেঁচা মাৰি ধৰিব খুজিছে। আৰুনো কিমান দিন? কাতি সোমালেই যেতিয়া মাজত আঘোণৰ মাহটোহে আছেগৈ। পুহৰ মাজমানতে চাগে’ গা পাতলিব। তাই মনে-প্রাণে কামনা কৰিছে এইবাৰ বৰকৈ ঠেটুৱৈ নালাগিলেই হয়। নহ’লে কমখন কষ্ট ভুগিব লাগিবনে? কানি-কাপোৰ বুলিবলৈ নায়েই দেখোন তেনেকৈ। যি এপদ পুৰণি কাপোৰ আছে, তাৰেই জোৰা-টাপলি মাৰি কিবা দুপদমান সিদিনা সী থৈ গৈছেহি মাকে। তাই হেনো এই সময়ত বেজী চুব নাপায়। আৰু যে কত কি “নাপায়”ৰ লগত নকৈ পৰিচিত হৈ উঠিছে তাই।

       এইকেইদিন মানুহটোৰ গাতো তত্ নাই। বিধে বিধে যতনাইছে তাইলৈ বুলি। আনদিনা পাকঘৰৰ চাৰি চুকটোকে দেখি নোপোৱা মানুহটো আজিকালি পাকৈত ৰান্ধনি। তাই পাকঘৰত সোমাব নোৱৰাৰ দিন ধৰি সিয়েই প্রায়খিনি চম্ভালিছে। তালৈ মৰম অকণমান বাঢ়িছে তাইৰ। আজি আঠটা বছৰে সিহঁতৰ মৰমৰ গ্ৰাফডাল প্রায় উঠা-নমাই হৈ আহিছে। বিয়াৰ প্ৰথম দুবছৰ পাৰ হওঁ কি নহওঁতেই আচলতে অঘটনটো ঘটিছিল। মাহচেৰেক পাৰ নহওঁতেই গাঁৱৰ ন-বোৱাৰীৰ “ভাল খবৰ” আহে। তাইৰহে সেইবোৰৰ উমঘাম নাই। ইকাণে-সিকাণে বাগৰিছিল কথাবোৰ। বোলে অমুকৰ ঘৈণীয়েকজনীৰ মুখ চাবই নাপায়। বিয়া হৈ অহা দুবছৰ হ’ল। আজিলৈকে ঘৰখনত কু কু-কা কা মাত এষাৰ নাই। শাহুৱেকজনীয়ে কি বুলি ৰাখিছে জানো সেইজনীক। কথাবোৰে অজানিতে তাইকো খুঁচিছিল। কাঁইটতকৈ কম আছিল জানো সেই কথাৰ খোঁচ? পিছে, ইমানৰ পাছতো নির্লিপ্ত হৈ ৰৈছিল তাইৰ গিৰিয়েক। দুবছৰতে কথাৰ কাঁইটে শালি পেলোৱা মৌচুমী নামৰ মানুহজনীৰ অনন্ত নামৰ গিৰিয়েকটো সঁচাই কি ইমান নিৰ্জু? নে শব্দৰ শেলে শালি নেপেলায় পুৰুষৰ হৃদয়? নে সহ্য কৰিব পৰাকৈ তেওঁলোকৰ থাকে অপাৰ শক্তি? প্রশ্নবোৰৰ উত্তৰ নিবিচাৰে মৌচুমীয়ে। পাগুলিহে থাকে মনে মনে।

        অনন্তই তেনেই কম কথা কয়। তাইক চাবলৈ যাওঁতে লগত যোৱা পুতুলেহে কথাৰ মূৰৰ কথাষাৰ উলিয়াইছিল। চাহ দিবলৈ যাওঁতে তাইৰ খোজবোৰ থৰক-বৰক হৈছিল। এনেয়ে ঘৰলৈ আলহী আহিলে তায়েই সোধা-পোছা কৰে। কিন্তু আনদিনাৰ দৰে সিদিনা কথাবোৰ একে নাছিল। সিদিনা আলহীয়ে তাইক চাবলৈ আহিছিল। তাকো বিয়া পাতিবলৈ। ‘বিয়া’ নামৰ শব্দটোৰ প্ৰতি আকৰ্ষিত হ’বলৈ আৰম্ভ কৰাৰ বয়স হৈছিলহে তাইৰ। ভাৱনাৰ সাগৰত বুৰ দিবলৈ শিকাৰ বয়স হওঁ কি নহওঁতেই জেঠায়েকে প্রস্তাৱটো আনিছিল। মাক-দেউতাকে ভালেই পাইছিল। তলত দুজনীকৈ ভনীয়েক থকা ঘৰখনৰ ডাঙৰ জীয়ৰীৰ কপাললৈ বিয়াৰ যোগ নামিছিল যেতিয়া ৰৈ থকাৰ অৱকাশ নাছিল তেওঁলোকৰ। তাতে প্রথম অহা দৰা। যোৰা ভাঙিব নাপায়। কইনাৰ ইচ্ছা থাকক বা নাথাকক- সেই বিষয় লৈ মূৰ ঘমোৱাৰ প্রয়োজনেই বা ক’ত? মৌচুমীকো সাজু কৰা হৈছিল বিয়াত বহিবলৈ। চাবলৈ অহা দৰাৰ আগত খোজবোৰ থৰক-বৰক নহ’বই বা কিয়?

       অনন্তৰ দেউতাক নাই। মাকৰো বয়স বাঢ়িছে। ককায়েক দুটায়ো নিজাকৈ ঘৰ বন্ধা বছৰচেৰেক পাৰ হ’ল। গতিকে, অকলশৰীয়া মাকজনীক লগ এটা লাগে। তাতে সৰু পুত্ৰৰ ঘৰ এখন নোহোৱালৈকে জানো তেওঁ শান্তিত থাকিব পাবে? গতিকে, ঘৰ এখন পতাৰ কথা আগবাঢ়িল। ছোৱালী বিচৰাৰ পৰ্বও আৰম্ভ হ’ল। অৱশেষত মৌচুমীক চাবলৈ অনন্ত সিহঁতৰ ঘৰ পালেগৈ। আগ্রহ থাকক বা নাথাকক মাকক সুখী কৰাৰ স্বাৰ্থতে বিয়াৰ দিন-বাৰো গণনা কৰা হ’ল। য’ত মৌচুমীৰ ইচ্ছা বা অনিচ্ছাই তিলমানো প্রাধান্য নাপালে।

“ঐ, তোৰ হেনো বিয়া? সঁচাই যাবিগৈ ন?”

“নগ’লে জানো হ’ব? মা-দেউতাইহে সকলো ঠিক কৰিছে।”

“আৰু তই? তোৰ কোনো মতামত নাই?”

“নাই।”

“পাৰিবি মোৰপৰা আঁতৰি থাকিব?”

“তই?”

“মই তোক সুধিছোঁ মৌ। মোৰ কথা বাদ দে।”

“কিয় বাদ দিব লাগে পৱন? মই যদি তোক পাহৰিব পাৰোঁ, তয়ো পাৰিব লাগিব। ইয়াতকৈ আৰু বেছি মোক একো নুসুধিবি।”

“মই অকলশৰীয়া হৈ যাম মৌ। এবাৰ ক-না ঘৰত।”

“ভালকৈ থাকিবি। মই তোৰ বাবে এক সপোন আছিলোঁ বুলি ভাবি ল’বি। দেখিছই নহয়, মোৰ তলত দুজনীকৈ ভনী। বিয়াখনত সন্মতি নিদি মোৰ উপায় নাছিল। মোৰ কষ্টখিনিৰ কথা জানো নতুনকৈ বুজাব লাগিব তোক?”

         তাই নুবুজোৱাকৈয়ে সকলো বুজিছিল পৱনে। নে বুজিবলৈ চেষ্টা কৰিছিল? আচলতে কিছুমান কথা অজানিতেই বুজি পেলোৱা হয়। কোনোবাই বুজোৱাৰ কথা তাত নাহে। স্থানুৰ দৰে ৰৈ যোৱা পৱনৰ কাষৰপৰা আঁতৰি যাওঁতে মৌচুমীৰ হৃদয় ভাগিছিল। ভগা হৃদয়ৰ টুকুৰাবোৰ জোৰা লগাবলৈ অদূৰত ৰৈ থকা অনন্তৰ কাষলৈ যাবলৈ ক্রমান্বয়ে সাজু হৈছিল তাই। পৱনে মাত্র কৈছিল- “তই মোৰ বাবে সপোন নহয় মৌ। জীৱন তই মোৰ। জীৱন যেতিয়া হেৰাই যায়, জীয়াই থকা যায় জানো? যাবলৈ ওলালিয়ে যেতিয়া যাগৈ যা। বৈধতাৰ সিপাৰৰ পৃথিৱীখনতো মই তোলৈকে অপেক্ষা কৰিম। পিছে, জীৱন নথকা দেহাটো চোঁচৰাই ফুৰিবলৈহে বৰ কষ্ট হ’ব জান?”

মৌচুমীৰ হাতখন কঁপিছিল। কেৱল হাতখনেইনে? আচলতে তাই গোটেই মানুহজনীয়ে কঁপি উঠিছিল। কোনোদিন তাইৰ আঙুলি এটাও স্পৰ্শ কৰি নোপোৱা পৱনে সিদিনা কেতিয়া জানো তাইক সাবটি ধৰিছিল। স্পৰ্শৰ আকুলতাই যেন উটুৱাইহে নিব খুজিছিল। কিন্তু হঠাতে দুয়োৰে সম্বিৎ ফিৰিছিল। এখোজ দুখোজকৈ আঁতৰি গৈছিল মৌচুমী। শব্দহীনতাত বুৰ গৈ থকা সময়বোৰক সাৰথি কৰি পৱনে একান্তমনে চাই ৰৈছিল তাইলৈ। তাৰ মৰমৰ, প্ৰাণৰ মৌজনীলৈ।

       সেই যে গুচি গৈছিল তাই, একান্তমনে চাই ৰোৱাৰ বাহিৰে একোৱেই কৰিব পৰা নাছিল পৱনে। তাইক জোৰ কৰি ৰাখি থ’ব পৰাৰ শক্তি তথা সামর্থ্য এটাও নাছিল তাৰ। কুশল কামনা কৰাৰ বাহিৰে আন উপায় নাছিল তাৰ হাতত। মৌচুমীক বোৱাৰী সজাই অনন্তৰ হাতত গতাই দিয়া হৈছিল। পিছে, কথাবোৰ ভবাৰ দৰে ইমান সহজ নাছিল। এখন সংগ্ৰাম পাৰ হৈ আন এখন সংগ্ৰামতহে ভৰি দিছিল যেন তাই। সৰুকৈ পাচলিৰ দোকান এখন দি চলি থকা অনন্তই খাৱৰীয়াহে বঢ়াইছিল। উপার্জন বঢ়া নাছিল। অৱশ্যে, টানিটুনি চলাৰ অভ্যাস সৰুৰেপৰা থকাৰ বাবে বিশেষ কষ্ট হোৱা নাছিল মৌচুমীৰ। তথাপি মাজে মাজে ধিক্কাৰ জন্মিছিল নিজৰ ওপৰত, ভাগ্য নামৰ চকৰিটোৰ ওপৰত। আৰু…? আৰু অনন্ত নামৰ তাইৰে গিৰিয়েকটোৰ ওপৰত। যিয়ে সৰহখিনি সময় নির্লিপ্ত হৈয়ে কটাই দিবলৈ ভাল পাইছিল। তেজ- মঙহেৰে গঢ়া মানুহ এজনীয়ে সঁচাই সহিব পাৰেনে সেই নির্লিপ্ততা?

       পাৰিছিল মৌচুমীয়ে। সকলো পাৰিছিল। ঘৰখন ধৰি ৰাখিব পাৰিছিল, দায়িত্ববোৰ সুচাৰুৰূপে পালন কৰিব পাৰিছিল। কিন্তু…। শব্দৰ নামত শেল হৈ অহা বাক্যবোৰ সহিবলৈহে তাইৰ কষ্ট হৈছিল। বৰ কষ্ট। কথাবোৰ বুজিছিলনে অনন্তই? সেই খবৰ জনা নাছিল মৌচুমীয়ে। জানিব খুজিছিল যদিও সেই সুবিধা তাই পোৱা নাছিল। নে অনন্তই দিয়া নাছিল জনাৰ সুবিধা দুয়োটা কথা যেন সমান্তৰাল হৈ পৰিছিল। শাহুৱেকেহে মাজে মাজে কৈছিল- “আই অ’। মানুহবোৰৰ বুবু বা বাবোৰ শুনিছই। তহঁতি সঁচাই একো ভবা নাইনে? মোৰনো মৰিবলৈ কেইটা দিন আছে? শেষ আশাটোও জানো লগতে যাবলৈ দিবি?”

“মা, মোৰ হাতত একো উপায় নাই। কিবা এষাৰ ক’লে তেওঁ দেখোন নিমাত হৈয়ে থাকে। মই কি কৰিম কওক?”

       শেষলৈ তাইৰ কথাখিনি থোকাথুকি হৈ আহিছিল। পাৰ ভঙা বানে উটুৱাই নিব খুজিছিল ক’ৰবালৈ। য’ৰপৰা উভতি অহাৰ পথটো হেৰুৱাই পেলালেই যেন তাই হৈ পৰিব পৃথিৱীৰ আটাইতকৈ সুখী মানুহ। আছিল নেকি তাহানিতে কোনোবা অনন্তৰ বুকুৰ কোনোবা কোণত। যিদৰে তাইৰ বুকুত আছিল পৱন? আছিল নে আছে!কেৱল আছিল বুলি ক’লেই তাইৰ বুকুৰপৰা হেৰাই যাব জানো পৱনৰ অস্তিত্ব। অথচ, যি অস্তিত্বক এদিন তাই বিসর্জন দি কেৱল অনন্তৰ অস্তিত্বৰ মাজত নিজকে লীন যোৱাবলৈকে গুচি আহিছিল। আজি অতবছৰে সেই কথাষাৰকে বুজিলে জানো অনন্তই? তাইক সুখী নাৰীৰ পৰিপূৰ্ণতাৰে পৰিপূৰ্ণ কৰি তুলিবলৈ সক্ষম আছিলনে সি? যদি আছিল, তেনেহ’লে ক’ত ৰৈ গৈছিল অকণমানি সুৰুঙা এটা? যদি নাছিল, তেনেহ’লে ইমানদিনে কাৰ ভৰসাত আনৰ অতবোৰ কথা গিলি পেলাইছে তাই?

       কথাবোৰৰ আঁত হেৰাইছিল। কেৱল কথাৰে কিয়- লাহে লাহে জীৱনটোৰে যেন আঁত হেৰুৱাবলৈ আৰম্ভ কৰিছিল মৌচুমীয়ে। জট বান্ধিছিল সম্পৰ্কত। অনন্ত আৰু তাইৰ একান্তই আপোন সম্পর্কত। যেতিয়া বুজিব লগা কথাবোৰো হৈ পৰিছিল এক ভাঙিব নোৱৰা জটিল সাঁথৰ। ককবকাবলৈ আৰম্ভ কৰিছিল মৌচুমীয়ে। চলি আছিল দুয়োৰে সংসাৰ। অথচ, সাংসাৰিক বান্ধোনেহে যেন বান্ধি ৰাখিব পৰা নাছিল দুয়োকে। উপায় বিচাৰি চলাথ কৰাৰ সময়তে ক’ৰপৰা জানো সুৰ এটা হৈ ভাহি আহিছিল- “মই আছোঁ মৌ। আজিও কেৱল তোৰেই হৈ আছোঁ। তই কষ্টত থাকিলে মই জানো সুখত থাকিব পাৰোঁ?”

“তই মোৰ হৈ থাকিলেও মই এতিয়া তোৰ হৈ থকা নাই পৱন। ভ্ৰমৰ পৃথিৱী এখনত ঘূৰি নুফুৰিবিচোন।”

“তোক ভালপোৱাটো কি মোৰ ভ্ৰম?”

“নহয়। কিন্তু, তোৰ উপস্থিতিত আন এজনৰ হাতত ধৰি আঁতৰি যোৱা মানুহ এজনীৰ বাবে এনেদৰে ৰৈ থকাটো কেৱল ভ্রমেই নহয়, পাগলামিও।”

“তোৰ বাবে মই যুগে যুগে পাগলামি কৰি যাবলৈ সাজু আছোঁ। তোৰ কি হৈছে এবাৰ ক মোক। গোটেই পৃথিৱীখনক ফাঁকি দিলেও তই মোক কাহানিও ফাঁকি দিব নোৱাৰ মৌ। কথাবোৰ খুলি ক। ইমান কষ্টত নাথাকিবি প্লীজ।”

      পৱনৰ আকুলতাই গলাই পেলাইছিল মৌচুমীক। চকুৰ আগত ভাহি  উঠা তুলাচনীখনৰ এফালে অনন্তক বহুৱাই আনফালে পৱনক ৰাখোঁতে কেনেকৈ জানো অনন্ত উঠি গৈছিল ওপৰলৈ। কৈ পেলাইছিল তাই। সকলো কৈ পেলাইছিল। শেল হৈ বিন্ধা কথাবোৰ, শাহুৱেকৰ হা-হুতাশ, ভাঙিব নোৱৰা সামাজিক বান্ধোনৰপৰা অনন্তৰ নির্লিপ্ততালৈকে সকলোবোৰ। শুনিছিল পৱনে। বছৰচেৰেক আগতে কেৱল তাৰ হোৱাৰ কথা থকা মৰমৰ মৌজনীৰ বুকুৰ আৰ্তনাদে দহি পেলাইছিল পৱনৰ বুকু। যাৰ লগে লগে গলি গলি ৰ’দৰ বুকুত হেৰাই যোৱা হিমপ্রবাহৰ দৰে সময়বোৰো যেন গলিব ধৰিছিল।

       সেই একেই আকুলতা, সেই একেই হেঁপাহ, সেই একেই স্পর্শই আজি অতবছৰৰ পাছতো জীয়াই তুলিলে মৌচুমীক। তথাকথিত বৈধতাৰ পৃথিৱীখনৰ ইপাৰে থকা সম্পর্ক এটায়ো যে মানুহক জীয়ন দিব পাৰে, সেই কথা বুজিবলৈ সিহঁতৰ বেছি সময় নালাগিল। অৱশেষত উভতনি দুটা বিপৰীতমুখী বাটেদি উজাই গ’ল দুয়ো। যাৰ পৰিণতিত অনন্ত এক নতুন পৰিচয়েৰে পৰিচিত হ’বলৈ আগবাঢ়িল। শামুকে খোলাত সুমুৱাই থকাৰ দৰে কুচিমুচি সোমাই থাকিল পৱন। অনন্তৰ নির্লিপ্ততাৰ সাজযোৰ যেন এইবাৰ মেৰিয়াই পেলালে মৌচুমীয়ে। কাতিৰপৰা আঘোণ পাৰ হৈ পুহ সোমোৱাৰ লগে লগে মৌচুমী ন-কৈ জী উঠিব। অনন্তৰ চকুতো তাই এতিয়ালৈকে কোনো বিষাদ দেখা নাই। সিও যেন ৰং সলাইছে ন-কৈ।

কত ব’হাগ, কত বাৰিষা, কত শীতৰ অন্তত অনন্ত আৰু মৌচুমীৰ সংসাৰখনে ৰং ছটিয়াব। তাত জানো পৱনৰ স্থান আছে? কোনেও নাজানিলেও মৌচুমীয়েতো জানে আজীৱন একেলগে থাকিম বুলি সংকল্প লোৱা পৱন সিহঁতৰ সংসাৰৰ কোনটো সুৰুঙাত সোমাই আছে। যাক লৈ তাই আজি সুখী। হয়তো অনাগত দিনবোৰতো সুখী হৈয়ে থাকিব। আনফালে অনন্ত? সিও যেন কাণে কাণে কৈ আছে মৌচুমীক- “মই সকলো জানো মৌচুমী। মই দিব নোৱৰা সুখ অকণ তুমি মোৰ বাবে কঢ়িয়াই আনিলা। পৰিচয়বিহীনৰ বেহু ফালি এক নতুন পৰিচয়েৰে বান্ধিলা। ইমানৰ পাছত জানো মই তোমাক দোষী সজাব পাৰোঁ? সকলো বিসর্জন দিও তুমি যেন জীৱনৰ শ্রেষ্ঠতম সম্পদটিহে আহৰণ কৰি আনিলা। গতিকে, সেই সম্পদটি মই অকলশৰীয়া কৰিব নোখোজোঁ। তাক “আমাৰ” কৰি ৰাখিবলৈকে মই ধৃতৰাষ্ট্ৰৰ চকুযোৰ পিন্ধি পেলাইছোঁ মৌচুমী। তুমি সঁচাই নাজানা সেই কথা?”

     অনন্তৰ চাল-চলনে সঁচাই একো জনাৰ সুবিধা দিয়া নাছিল মৌচুমীক। যি কথাই তাইক ভিতৰৰপৰা দহি আনিবলৈ ধৰিছিল ক্ৰমান্বয়ে। আঠটা বছৰে বুজি অহা মানুহটো যেন দুদিনতে নুবুজা হৈ পৰিছিল। তায়ো মনৰ ভিতৰৰপৰাই কে উঠিছিল অনন্তক- “পাৰিলে মোক ক্ষমা কৰি দিবা অনন্ত। উপায়ন্তৰ হৈহে মই এই সিদ্ধান্ত ল’লোঁ। এতিয়াৰপৰা আৰু আমি কাহানিও দুখী নহওঁ। কাৰণ, আমাক সুখেৰে বুৰাই ৰাখিবলৈকে এক নতুন আলহী আহিব আমাৰ মাজলৈ। যদিও, তাৰ দেহত ‘তুমি’ নামৰ ৰক্ত নাই, তথাপি সি আমাৰ ‘পৰিচয়’ হ’ব। তুমিও পাবা সেই পৰিচয়, যাক অতবছৰে আঁজুৰি আনিবলৈ তুমি সক্ষম নহ’লা।”

     সুখনো কি? যিয়ে যেনেকৈ গঢ় দিব খোজে, সেইমতেইতো সি গঢ় লয়। গতিকে, অনন্ত আৰু মৌচুমীয়েও সিহঁতৰমতে ‘সুখ’ গঢ়ি ল’বলৈ সাজু হ’ল। কথাৰ আঁৰৰ কথাবোৰ বুকুতে ওলমি থাকিল এক অদৃশ্য শিকলি হৈ। জনা-নজনাৰ দোমোজাতে।

ফোন – ৯৮৬৪৯৫৩৫৯১

You might also like

Comments are closed, but trackbacks and pingbacks are open.