জীৱন এক কেলিডোস্কোপ

পূৰবী বৰুৱা
“সকলো যাত্ৰীকে সুপ্ৰভাত জনাই ঘোষণা কৰা হৈছে যে কলকাতা অভিমুখী এয়াৰ ইন্ডিয়াৰ AI638 বিমানখনত ২০মিনিটৰ পিছত বোৰ্ডিং আৰম্ভ হ’ব৷গতিকে বিমানখনৰ  সকলো যাত্ৰীক দুই নং গেটৰ ওচৰত উপস্থিত হ’বলৈ অনুৰোধ জনোৱা হ’ল৷“
       কাহিলি পুৱাতে ওলাই আহি দুঘণ্টা ধৰি প্ৰতীক্ষা কৰি থকা আৰোহীয়ে নিজৰ বিমান সংক্ৰান্তীয় ঘোষণাটো শুনি খৰধৰ লগায়৷হাতত থকা বেগটো কান্ধত লৈ এবাৰ এনেই অভ্যাসবশতঃ  বাহিৰৰফালে ঘূৰি চাই পঠিয়ায়৷বহুতো যাত্ৰীক বিদায় জনাবলৈ তেতিয়াও লাউণ্জৰ বাহিৰত ৰৈ থকা আপোনসকলৰ মাজেৰে এনেই এবাৰ চকু ফুৰাই চায়,যদিও জানে তাইৰ বাবে তাত কোনো ৰৈ থকা নাই৷ওঁঠৰ কোণেৰে নিজে নিজে ওলাই অহা হাঁহিটো সামৰি আৰোহী আগবাঢ়ে গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ দুই নম্বৰ বোৰ্ডিং গেটৰ দিশে৷ খিৰিকীৰ কাষৰ আসনত বহি দেখা যায় শুকুলা ডাৱৰৰ মাজে মাজে সূৰুযৰ ৰশ্মিয়ে বিকিৰণ কৰা অপূৰ্ব ৰঙৰ খেলা ৷ পোহৰৰ সেই খেলাই সোঁৱৰাই দিয়ে তাইৰ বেগত সোমাই থকা খেলনাটোলৈ,যিটো তাই আবিৰলৈ লৈ আনিছে ৷সেই খেলনাৰূপী বস্তুটোৰ আৰ্হিতেইতো প্ৰিয়বন্ধুৱে তাইক গভীৰ নিৰাশাৰ জীৱনৰপৰা ওলিয়াই আনি বিচাৰিব শিকাইছে পোহৰৰ বাট,যি বাটত খোজ দিয়েই আৰম্ভ কৰিছে আজিৰ এই যাত্ৰা৷
“তোমালোকে পোহৰ,আইনা,লেন্সৰ বিষয়ে ভালদৰে পঢ়ি আহিছাই৷ কিন্তু এই গোটেইকেইটা বস্তু সামৰি পোহৰৰ খেলাৰে নতুন নতুন ৰঙবিৰঙৰ চানেকি সৃষ্টি কৰা ডিভাইচটোৰ নাম কি জানানে৷”—পদাৰ্থ বিজ্ঞানক সন্মানীয় বিষয় হিচাপে লৈ স্নাতক পঢ়িবলৈ যোৱা আৰোহীহঁতক গোস্বামী ছাৰে এদিন ক্লাছত সোধে৷
             উত্তৰ বিচাৰি ইটোৱে-সিটোৰ মুখলৈ চাই থকাৰ মাজতে পিছফালৰপৰা গহীন মাতেৰে উত্তৰ আহে—
             “ছাৰ,মই জনাত পোহৰৰ নানাৰঙী ৰূপ আৰু আৰ্হি দেখুওৱা ডিভাইচটোৰ নাম কেলিডোস্কোপ৷”
             শুদ্ধ উত্তৰ পাই সুখী হৈ উঠা গোস্বামী ছাৰৰ মুখখন চাই আৰোহীয়ে লাহেকৈ আঁৰচকুৰে চাই পঠিয়ায় শেষৰফালে অকলে বহি থকা গহীন,অন্তৰ্মুখী ল’ৰাটোলৈ৷ কি জানো কৈছিল ল’ৰাটোৰ নামটো চিনাকি পৰ্বৰ অনুষ্ঠানত? বহুত চেষ্টা কৰি নামটো মনত পৰে তাইৰ অভিবোধ বৰা বুলি৷ খুব কম কথা পতা আৰু ক্লাছ শেষ হ’লেই গুচি যোৱা ল’ৰাটোৰ লগত আজিলৈকে চিনাকি হোৱাৰ সুযোগেই পোৱা নাই তাই৷ কথাখিনি ভাবি আকৌ এবাৰ ঘূৰি চাওঁতে অভিবোধৰ লগত চকুৱে চকুৱে পৰাত অপ্ৰস্তুত হৈ মুখখন ঘূৰাই লয় আৰোহীয়ে৷
             “অ’কে, কেলিডোস্কোপৰ বিষয়ে তুমি কি জানা অলপ কোৱাচোন ডেকাল’ৰা৷”
ছাত্ৰ-ছাত্ৰীৰ মাজত খুব প্ৰিয় আৰু ৰসালকৈ কথা কোৱা গোস্বামী ছাৰে অভিবোধক পুনৰ সুধিলে৷
             “ছাৰ, কেলিডোস্কোপ এটা অপ্টিকেল ডিভাইচ য’ত দুখনতকৈ বেছি আইনাই ভিন ভিন কোণত নানাৰঙী প্ৰতিবিম্ব আৰু পেটাৰ্ণ প্ৰস্তুত কৰে৷পোহৰৰ পোলাৰাইজেচন তথা বিচ্ছুৰণৰ ভিত্তিত ইয়াক বনোৱা হয় ৷টেকনিকেলি,ইয়াৰ অৰ্থ হৈছে “অৱজাৰ্ৱেছন অৱ বিউটিফুল ফৰ্মছ”৷
             “বঢ়িয়া,তুমি দেখিছানে ইয়াক ভালকৈ?”
             “দেখিছো ছাৰ৷কলকাতাৰ ‘চাইন্স চিটি’ত তিনিবাৰমান দেখিছো ৷ তাৰোপৰি এবাৰ ঢাকাৰ সংগ্ৰহালয়ত প্ৰাচীন কালৰ জমিদাৰবাৰীত থকাৰ দৰে কেলিডোস্কোপিক আৰ্হিৰ এটা কোঠাতো সোমাইছো৷ তাত সোমালে প্ৰতিবাৰ স্থান বদলিৰ লগতে দৃশ্যমান হয় নতুন নতুন ৰঙীন প্ৰতিবিম্বৰ৷”
             “ৱাহ!! তোমাৰ দেখোন এই বিষয়ে ভাল অভিজ্ঞতা আছে৷ কিপ্ ইট আপ ৷ যাহওক,তোমালোকক আমাৰ লেবৰেটৰীতে মই অভিবোধে দেখাৰ দৰে কেলিডোস্কোপৰ ইফেক্ট দেখুওৱাম দেই৷”
             এনেদৰে কৈ গোস্বামী ছাৰ ক্লাছ সামৰি ওলাই গ’ল৷আনহাতে ইমান সময় অভিবোধলৈ আশ্চৰ্যৰে চাই থকা আৰোহীকে ধৰি বাকী মেজৰমেট কিজনে সম্বিত ঘূৰাই পোৱাৰ দৰে ছাৰক থিয় হৈ বিদায় জনায়৷ ক্লাছৰ আটাইতকৈ সাধাৰণ,অন্তৰ্মুখী,বন্ধু-বান্ধৱ নোহোৱা ল’ৰাটোৱে যে ইমান কথা জানে,তাহাঁতে ভাবিবই পৰা নাছিল৷ যাহওক,ছাৰ যোৱাৰ পিছত প্ৰথমবাৰৰ বাবে তাহাঁতে অভিবোধক মাতিবলৈ আগ্ৰহ প্ৰকাশ কৰিলে৷আৰোহীয়েও তালৈ চাই মিচিকিয়াই হাঁহি চিনাকি হ’বলৈ আগবাঢ়ি আহিল ৷ এনেদৰে অকলশৰে থাকি ভাল পোৱা ল’ৰাটোৰ পদাৰ্থ বিজ্ঞান বিভাগত এজন দুজনকৈ প্ৰায় সকলোৰে লগত বন্ধুত্ব গঢ়ি উঠে,যদিও আৰোহীৰ প্ৰতি যেন সদায়েই এক বেলেগ আকৰ্ষণ অনুভৱ কৰে ৷ আৰোহীয়েও কিছু পৰিমাণে হ’লেও আকৰ্ষণ অনুভৱ নকৰা নহয় অভিবোধৰ প্ৰতি৷ কিন্তু সেই আকৰ্ষণ তাৰ প্ৰজ্ঞাৰ প্ৰতি,সকলোৰে প্ৰতি নিঃস্বাৰ্থ, সৰল ব্যৱহাৰৰ বাবেহে যেন গঢ়ি উঠিছিল৷ তাৰোপৰি অদৃশ্য এক বান্ধোনেৰে বান্ধ খাই থকা আৰোহীও স্বল্পভাষী স্বভাৱৰে আছিল৷ আকৰ্ষণৰ কাৰণ যিয়েই নহওক,দুই ব্যক্তিত্বৰ মাজত বন্ধুত্ব হ’বলৈ সিয়েই জানো যথেষ্ট নহয়৷ এনেদৰে এবছৰ পাৰ হৈ যায় চকুৰ পচাৰতে ৷ আজিকালি আৰোহী আৰু অভিবোধে নিসংকোচে কথা পাতিব পাৰে পৰস্পৰৰ লগত ,ভগাই ল’ব পাৰে সুখ-দুখৰ বতৰা৷ অন্তৰ্মুখী বা অহংকাৰী বুলি ভবা ল’ৰাটো যে খুব সংবেদনশীলো, সেই কথাও লাহে লাহে বুজি উঠেে আৰোহীয়ে ৷লেবৰেটৰীত প্ৰেক্টিকেল কৰি থকাৰ সময়তে এদিন কেলিডোস্কোপটো চাই আৰোহীয়ে সোধে—
             “গোস্বামী ছাৰৰ ক্লাছত যে তুমি কৈছিলা কেলিডোস্কোপ কলকাতা আৰু ঢাকাত চোৱা বুলি,তুমি চাগৈ বহুত ফুৰা ন?
  অলপ সময় আৰোহীৰ মুখলৈ চাই অভিবোধে কৈ উঠে—
             “কথাটো ঠিক তেনেকুৱাও নহয়৷ মোৰ দেউতাৰ ঘৰ কলকাতাত আৰু তেওঁ এজন বেংগলী লোক৷ সেইসূত্ৰে জীৱনৰ এছোৱা সময় মই তাতেই পাৰ কৰা আৰু দেউতাৰ পেহীয়েক ঢাকাত থকাৰ কাৰণে তালৈও যাবলৈ সুবিধা পাইছিলো৷
             “কি, তুমি বাঙালী! তেন্তে তুমি বৰা উপাধি লিখা যে৷—আশ্চৰ্য্যত চকু ডাঙৰ কৰি সোধা আৰোহীৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ অভিবোধ যেন ক্ষন্তেক ৰৈ যায় ৷
             “এইবোৰ কথা মই কেতিয়াও কাকো কোৱা নাই আৰোহী৷ কিন্তু আজি তোমাক ক’বলৈ মন গৈছে ৷ মোৰ দেউতা বেংগলী যদিও মা অসমীয়া আৰু জন্মসূত্ৰে মোৰ উপাধি মজুমদাৰ৷ কিন্তু দশম শ্ৰেণীত থাকোতেই আমাৰ সুখৰ সংসাৰখন ভাঙি থানবান হৈ গৈছিল দেউতাৰ অফিচত কাম কৰা এগৰাকী বঙালী মহিলাৰ বাবেই৷ দেউতাৰ লগত সংসাৰ কৰিবলৈ সকলো এৰি যোৱা মা আকৌ উভতি আহিছিল মোক লৈ মেট্ৰিক পাছ কৰাৰ পিছতেই৷আনহাতে, দেউতাইও তাত নতুনকৈ সেইগৰাকীৰ লগত ঘৰ বান্ধিছিল৷ এই কথাবোৰে মোক খুবেই হতাশ কৰি তোলাত নিজকে এটা খোলাত সুমুৱাই লৈছিলোঁ৷ কোনো লগ-বন্ধু নোহোৱাকৈ কেৱল কিতাপতে ডুবি সময় পাৰ কৰিছিলো আৰু লগতে দেউতাৰটো ত্যাগ কৰি মাৰ উপাধি লৈ এতিয়া  নতুনকৈ জীৱনটো আৰম্ভ কৰাৰ প্ৰয়াস কৰিছো৷”
             ইমান সময় ধৰি অভিবোধৰ কথা শুনি থকা আৰোহী আচৰিত হোৱাৰ লগতে দুখীও হৈছিল সহজ-সৰল ল’ৰাটোৰ অতীত জানি৷তাৰ হাতৰ ওপৰত নিজৰ হাত থৈ জনাইছিল সমবেদনা৷
             “তুমি যে পাৰিছা, মই হ’লেতো কেতিয়াও নোৱাৰিলোহেতেন ইমান ডাঙৰ আঘাত পাই নিজক তুলি ধৰিবলৈ৷ বহু সময়ত মই নিজকে বৰ দুৰ্বল যেন অনুভৱ কৰো অভিবোধ৷”৷
             আৰোহীৰ মনতো যে এখন ডাঙৰ যুঁজ চলি আছে,অভিবোধে যেন ভালকৈয়ে অনুমান কৰিব পাৰিছিল৷তথাপিও সহজকৈ হাঁহি কেলিডোস্কোপটো দেখুৱাই কৈ উঠিছিল—
             : মই যদি কওঁ,এই কেলিডোস্কোপটোৱেও মোক বহু পৰিস্থিতিৰ লগত সহজ হ’বলৈ শিকাইছে, তুমি হাঁহিবা নেকি?ইন্ ফেক্ট ,এই সাধাৰণ যেন লগা যন্ত্ৰটোৰপৰাই তুমিও শিকিব পাৰা যিকোনো কঠিন পৰিস্থিতিৰপৰা ওলাই জীৱনটো সলনি কৰাৰ মন্ত্ৰ৷
             : কেনেকৈ!!কোৱা মোক অভিবোধ৷
আৰোহী যেন কথাৰ মাজেৰেই অন্য এক পৃথিৱীলৈ গৈ আছিল৷
             : কেলিডোস্কোপে যিদৰে নিজৰ মাজেৰে পোহৰ যাব দি ৰঙীন,ধুনীয়া ঠাঁচ বা আৰ্হি গঢ় দিয়ে, আমিও তেনেকৈ জীৱনৰ দুখ-যন্ত্ৰণাময় অন্ধকাৰ জীৱনৰ মাজেৰে যদি অলপ হ’লেও আশাৰ পোহৰ সোমাব দিওঁ,জীৱনটো ৰঙীন আৰু ধুনীয়া নহ’বনে?আমাৰ অতীতে আমি আজি কি হয় বা কি হ’ব বিচাৰো তাক মীমাংসা নকৰে৷বৰন্চ আমি কেনেদৰে নিজৰ ইচ্ছা আৰু শক্তিক একত্ৰিত কৰি আগবাঢ়িব পাৰোঁ তাৰ ওপৰতহে নিৰ্ভৰ কৰে৷ মন কৰিবা,এই কেলিডোস্কোপে এটা সাধাৰণ বস্তুৰ প্ৰতিবিম্বকো নতুন ৰূপেৰে অসাধাৰণভাৱে সজাই তোলে৷ গতিকে আমিও আমাৰ সাধাৰণ ৰংহীন জীৱনটোক নিজ কৰ্মৰে অসাধাৰণ কৰি সজাই তুলিব নোৱাৰোনে? মই এনে এক দৃষ্টিভংগীৰেই নিজৰ লগতে মাঁৰ জীৱনটোও পুনৰ ৰঙেৰে সজাব খোজোঁ আৰু সেইবাবেই কষ্ট কৰি পঢ়োঁ ৷
       অভিবোধৰ প্ৰেৰণাদায়ক কথাখিনিয়ে কোনোবাখিনিত যেন আৰোহীকো ভিতৰৰপৰা জোকাৰি গ’ল৷ লগতে অভিবোধ যে জ্ঞানবোধৰ লগতে প্ৰচুৰ জীৱনবোধেৰেও পৰিপূৰ্ণ সেই কথাও অনুভৱ কৰিলে ৷
             : তুমি দেখিছো পদাৰ্থবিজ্ঞান নপঢ়ি দৰ্শনশাস্ত্ৰহে পঢ়িব লাগিছিল ৷
গহীন হৈ যোৱা পৰিৱেশটো পাতল কৰিবলৈকে আৰোহীয়ে বিশেষ ভংগীমাৰে কোৱা কথাষাৰত দুয়ো একেলগে জোৰেৰে হাঁহি উঠিল ৷
                                                                                   ————————
         বিমানৰ ভিতৰত ইমান সময়ে ডাৱৰ আৰু পোহৰৰ খেলা চাই চাই  অতীতত বিচৰণ কৰি থকা আৰোহী বিমান অৱতৰণৰ বাবে কৰা ঘোষণাটো শুনি বাস্তৱলৈ ঘূৰি আহিল ৷ কিমান যে ডাঙৰ এখন যুঁজ সামৰি আজি তাই জীৱনটো নিজৰ মতে জীয়াবলৈ সাহস কৰি গুচি আহিছে৷ সৰুতেই মাকক হেৰুওৱা আৰোহীয়ে জনা হোৱাৰেপৰা দেউতাকৰ বন্ধু আৰু ব্যৱসায়িক অংশীদাৰৰ পুত্ৰ অনিত্যৰ লগতে তাইৰ ভৱিষ্যত বান্ধ খাই আছে বুলি জানিছিল আৰু মানিছিল৷ দেউতাক আৰু ককায়েকৰ সুখতে তাইৰ সুখ বিচাৰি লৈছিল আৰু তাতকৈ বেছি একো নাভাবিছিল৷ দুয়োঘৰে উচ্চতৰ মাধ্যমিকৰ পিছতে বিয়াখন পাতিব খুজিছিল যদিও আৰোহীৰ যথেষ্ট ভাল ফলাফল আৰু আগশাৰীৰ কলেজত স্নাতক কৰিবলৈ সুযোগ পোৱাটোৱে তাইৰ আগলৈ পঢ়াৰ ইচ্ছাটো পূৰণ কৰাত সহায় কৰিছিল ৷ লগতে অনিত্যৰ সকলো সময়তে তাইক ব্যক্তিগত সম্পত্তিৰ দৰে কৰা বিৰক্তিদায়ক ব্যৱহাৰৰপৰাও কিছুদিনৰ বাবে হ’লেও যেন ৰক্ষা পৰিছিল তাই৷ কিন্তু নিজৰ বাবে একো সপোন নেদেখা ছোৱালীজনীক অভিবোধৰ যোগাত্মক জীৱনবোধে জীৱনটো ন-কৈ চাবলৈ শিকাইছিল ৷ অভিবোধৰ প্ৰতি হৃদয়ত এক বিশেষ স্থান গঢ়ি উঠাৰ সমান্তৰালকৈ নিজৰ জীৱনটোও ৰঙীন আৰু অৰ্থৱহকৈ গঢ়ি তুলিবলৈও এক তীব্ৰ হাবিয়াস জাগি উঠিছিল ৷ অভিবোধৰ মতে শিক্ষা তথা প্ৰজ্ঞাৰ সহায়ত আমি অলপ মাত্ৰ সুযোগ দি জীৱনটো যিকোনো মূহূৰ্তত গভীৰ অন্ধকাৰৰপৰা পোহৰ আৰু ৰঙৰ সহায়ত সজাই তুলিব পৰা মেজিকটোৰ নামেই হৈছে ‘ কেলিডোস্কোপিক মেজিক অৱ লাইফ’৷ পদাৰ্থবিজ্ঞানত প্ৰথম শ্ৰেণীৰ চতুৰ্থ স্থান পোৱা আৰোহীয়ে ভৱিষ্যতে আৰু পঢ়িব খোজাত ঘৰৰপৰা তীব্ৰ বিৰোধিতা কৰাৰ লগতে অনিত্যৰপৰা আহিল বিয়া ভাঙি দিয়াৰ ভাবুকি ৷ কিন্তু নতুনকৈ জীৱনক ভাল পাবলৈ শিকা আৰোহীক একোৱে টলাব নোৱাৰিলে৷ অভিবোধ আৰু ডিপাৰ্টমেণ্টৰ শিক্ষকসকলৰ সহযোগত  তাই আগুৱাই গ’ল ,যদিও তাৰ মাজতে অভিবোধ একেবাৰে কলকাতালৈ গুচি গ’ল ৷ তাৰ দেউতাকৰ দ্বিতীয় পত্নী পাঁচবছৰীয়া পুত্ৰ সন্তানক এৰি স্বৰ্গগামী হোৱাৰ পিছত দেউতাকো শাৰীৰিক,মানসিকভাৱে ভাঙি পৰে আৰু শেষ সময়ত অভিবোধ আৰু মাকক বহু কাকূতি-মিনতি কৰি মাতি পঠিয়ায় ৷ সৰু পুত্ৰৰ সমস্ত দায়িত্ব  অভিবোধৰ কান্ধত দি তাহাঁতক ক্ষমা খুজি দেউতাকেও পৃথিৱীৰপৰা বিদায় মাগে ৷ তাতেই পদাৰ্থবিজ্ঞানৰ উচ্চশিক্ষা গ্ৰহণ কৰি অভিবোধে বৰ্তমান কলকাতা চাইন্স চিটিৰ কিউৰেটৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে ৷ আনহাতে, অনিত্যৰ লগত সম্পৰ্ক ভঙাৰ খঙত দেউতাক আৰু ককায়েকে প্ৰায় সম্পৰ্ক এৰি দিয়া আৰোহীয়ে জুনিয়ৰ কলেজত চাকৰিৰ সমান্তৰালকৈ  উচ্চশিক্ষা গ্ৰহণো সম্পূৰ্ণ কৰি আজি কলকাতা ৰাজ্যিক প্লেনেটৰিয়ামৰ কিউৰেটৰ হিচাপে যোগদান দিবলৈ আহিছে ৷ এই পদটোৰ বাবে আৱেদন কৰিবলৈ অভিবোধেই তাইক খবৰ দিছিল ৷ এটা সন্মানৰ চাকৰি পোৱাৰ লগতে নিজৰ পচন্দৰ কামেৰে জীৱনটো সজাবলৈ পাই আৰোহী আজি বহুত সুখী ৷ অনিত্যৰ লগত বিয়া হোৱা হ’লে তাইক যে  কেৱল শ্বকেচত বস্তু সজোৱাদি সজাই থলে হয়,তাই ভালদৰেই জানে ৷ নিজে লোৱা সিদ্ধান্তত তাইৰ আজি অলপো আফচোচ নাই আৰু দেউতাকহঁতেও এই কথা সোনকালেই বুজিব বুলি তাইৰ বিশ্বাস আছে ।  এয়াৰপৰ্টৰ বাহিৰত তাইলৈ ৰৈ থকা অভিবোধ আৰু আবিৰে তাইক স্বাগতম জনালে ৷অভিবোধে যে সকলো পাহৰি আবিৰক নিজৰ সন্তানৰ দৰে ডাঙৰ কৰিছে ,সেই কথাইও আৰোহীৰ মন ভৰাই তুলিলে ৷ অৱশ্যে এইক্ষেত্ৰত আৰোহীৰো অৱদান নথকা নহয়,যিহেতু তাক কলকতালৈ ঘূৰি যাবলৈ তাইহে বুজাই সৈমান কৰাইছিল ৷ গাড়ীত বহি লৈ আৰোহীয়ে দহবছৰীয়া আবিৰৰ হাতত তুলি দিলে কেলিডোস্কোপৰ খেলনাটো আৰু অভিবোধে তাকে দেখি তাইলৈ চাই মিচিকিয়াই হাঁহিলে ৷
           সন্মুখত ফেনিল ঢৌ সামৰি গম্ভীৰ,পাৰাপাৰহীন সমুদ্ৰ আৰু ওপৰত বিশাল নীলাভ আকাশ ৷ দীঘাৰ সাগৰ তীৰত দুভৰিত লুণীয়া শীতল পানীয়ে চুই যোৱা চাই বহি আছে অলেখ অব্যক্ত কথাৰে ভৰি থকা দুখন হৃদয়ৰ গৰাকী ৷ ইমানবছৰে বন্ধুত্ব আৰু সহমৰ্মিতাৰ সম্পৰ্কৰে দুয়ো বান্ধ খাই আছে যদিও কেতিয়াও সেই সম্পৰ্কক কোনো নাম দিয়া নাই ৷ সুখে-দুখে পৰস্পৰক লগ আৰু সাহস দিলেও মুখেৰে কেতিয়াও ব্যক্ত কৰা নাই হৃদয়ৰ আৱেগ ৷ সেইসময়ত লাহে লাহে ডুবিব ধৰা বেলিটোৱে সমুদ্ৰ আৰু আকাশৰ সীমনাত ছটিয়াই দিয়া বৰ্ণিল আভা চাই সন্মোহিত হৈ থকা আৰোহীক অভিবোধে সোধে—
             “জীৱনৰ কেলিডোস্কোপৰ লেন্সখন ঘূৰাই আকৌ এবাৰ ৰং সজাবলৈ সাজু হ’বানে তুমি, যদি কওঁ এইবাৰ তাত তোমাৰ লগতে মোৰো ৰঙীন প্ৰতিবিম্ব একেলগে চাব খোজোঁ ৷”
             অভিবোধৰ কথাত লাহেকৈ হাঁহি তাৰ হাতৰ ওপৰত হাত থৈ কৈ উঠেে আৰোহীয়ে—
“নিশ্চয়, মই সাজু অভিবোধ ৷ লেটচ ষ্টাৰ্ট কেলিডোস্কোপিক মেজিক অৱ লাইফ টুগেদাৰ ৷”
             হাতত হাত থৈ দুয়ো লাহে লাহে আগবাঢ়ে কেলিডোস্কোপ লৈ ৰঙৰ পৃথিৱীত ডুবি থকা আবিৰৰ দিশে,নতুন এক ৰঙৰ আৰ্হিৰে জীৱন গঢ়িবলৈ৷
ফোন : ৭৯০৮৬-৫২৭৪৫
You might also like

Comments are closed, but trackbacks and pingbacks are open.