ইলামণি শইকীয়া
আজি ১ মে’, শ্ৰমিক দিৱস৷ অৱসৰী বিনোদনৰ বাবে এটা দিন৷ আজি নিজৰ সৈতে নিজে কথা পতাৰ এটা সুযোগ. . .
ওহো আজি নয়নাই শ্ৰমিকৰ কথা পাতিব খোজা নাই কাৰো লগত৷ ইতিহাস খুঁচৰি উলিয়াই আনিব খোজা নাই লাঞ্ছনা-বঞ্ছনাৰ দীৰ্ঘম্যাদী লক্ষ্মণৰেখা অতিক্ৰমি উদয় হোৱা এটা বিপ্লৱী দিনৰ অতীত গাথা৷ আজি তাইৰ কলেজ বন্ধ শ্ৰমিক দিৱসৰ বাবে৷সেয়ে আজি তাই নিজৰ সৈতে উদ্যাপন কৰিব খুজিছে এটা দিন৷ এই মুহূৰ্তত শ্ৰমিক দিৱসক তাই মুখ্য স্থান দিয়া নাই৷ আজি তায়ে তাইৰ বাবে এক মুখ্য চৰিত্ৰ৷ কালিলৈকে কথাবোৰ কিমান ৰঙীন আছিল, সহজ আছিল, বৈধ আছিল! আজি ফেচবুক, ৱাটচ এপ, মেচেনজাৰ, ইনষ্টাগাম একাষৰীয়াকৈ থৈছে তাই৷ ম’বাইলৰ ডাটা অফ৷ নাই ম’বাইলৰ চুইটচ্ অফ কৰি থোৱাই ভাল৷
… … …
পুৱা ৯-৩০ বজাত সাৰ পাইছে আজি নয়নাই৷ ৰাতি ৩টা লৈকে ফোনত ৰঙীণ বাৰ্তালাপত মজি আছিল তাই আৰু প্ৰিন্স৷ যিহেতু কলেজ বন্ধ সিহঁতৰ৷ পলমকৈ উঠিব পাৰিব৷ ৰাতিপুৱা ভাগলৈ অহা গভীৰ টোপনিত তাই এটা সপোন দেখিছিল৷ খোজকাঢ়িলে আগলৈ হাওলি যোৱা এজন মানুহ… এজন শ্ৰমিক দিৱস বুজি নোপোৱা শ্ৰমিক৷ দেউতাকৰ পিছে পিছে নৈৰ পাৰত কঁচু-ঢেঁকীয়া বুটলি ফুৰা এজনী ৰঙা-বগা জাপৰী ছোৱালী৷ দেউতাকৰ হিয়াৰ আমঠু…দেউতাকৰ সহায়কাৰী৷
ব’ল তোক আজি নামদাঙত সাঁতোৰ শিকাম…
টুপুংকৈ পানীৰ তলত বুৰ গৈ ভুটুংকৈ অলপ আঁতৰত ওলোৱা ছোৱালীকণক দেউতাকে কোনোদিন আৰু সাঁতোৰ নিশিকালে৷ আস্! জলকুৱঁৰীয়ে টানি লৈ যোৱা হ’লে কলিজাকণক তেওঁ কাৰ মুখ চাই জীয়াই থাকিল হয়!সেই মানুহজনৰ দুচকুৱেদি নিগৰি অহা চকুপানীয়ে তাইৰ দুগাল তিয়াই পেলাইছিল সপোনতে৷ দেউতাকৰ হিয়াৰ আমঠু ছোৱালীজনী এতিয়া ডাঙৰ হ’ল৷ বহু সিদ্ধান্ত নিজে ল’ব পৰা হ’ল৷ অথচ সকলো সিদ্ধান্ত জানো তাই শুদ্ধকৈ ল’ব পাৰিছে বা পাৰিব! ভালপোৱাজনক(?) একাত্মকৈ পোৱাৰ হেঁপাহে ইতিমধ্যে প্ৰিন্স আৰু তাই দুয়োটাকে কাবু কৰি আনিছে৷ বন্ধনহীন জীৱনৰ পাৰভঙা যৌৱনৰ উপভোগ সিহঁতেও কৰিব বিচাৰে লগৰবোৰৰ দৰে৷ “জীৱন দুদিনীয়া” এই আপ্তবাক্যশাৰী নিতৌ আওৰাই এই দুদিনীয়া জীৱনটো অকণো নষ্ট নকৰাকৈ পকা আমৰ গুটিটোত লাগি থকা শেষৰকণ ৰসো চুহি চুহি খোৱাৰ দৰে জীৱনৰ সমস্ত ৰস সিহঁতে পিব বিচাৰে৷
… … .. .
যোৱা এসপ্তাহ মানৰ আগত তাই আৰু প্ৰিন্সে প্ৰায় অপমান কৰি অহা, তাইৰ মাকৰ বয়সৰ মানুহগৰাকীৰ কথাবোৰ যিবোৰ তাই আৰু প্ৰিন্সে ইতিমধ্যে পাহৰিবলৈ আৰম্ভ কৰিছিল আকৌ হঠাতে বিজুলী চমকাৰ দৰে তাই মনত ভুমুকি মাৰিলে৷
বুজিছা ভাইটি-ভণ্টিহঁত, তোমালোক আলট্ৰা মডাৰ্ণ বুজি পাইছোঁ৷ আৰু তোমালোকে কোৱাৰ দৰে নিজৰ জীৱন তোমালোকৰ নিজৰ কথা৷ কিন্তু সকলো ভাৰাঘৰৰ মালিককে তোমালোকে বিবেকহীন,নৈতিকতাবিহীন, লুভীয়া বুলি নাভাৱিবা৷ লাগিলে ঘৰ বছৰ বছৰ ধৰি এনেয়ে পৰি থাকিব৷ কিন্তু ’লিভ ইন’ৰ দৰে অসমীয়া সনাতন সংস্কৃতিৰ পৰিপন্থী দুস্কৃতি, ব্যভিচাৰ মোৰ তেজ-ঘাম মিহলি হৈ থকা ঘৰৰ চাৰিসীমাত প্ৰৱেশ কৰিবলৈ নিদিওঁ…”
প্ৰিন্সে মানুহগৰাকীৰ লগত সমানে তৰ্ক কৰিছিল৷(কিন্তু যুক্তিবোৰ কিমান যে দুৰ্বল আছিল তাৰ তাইৰ আজিহে ভালকৈ বোধগম্য হ’ল৷) নয়নাই তাক ৰখাই মানুহগৰাকীক কৈছিল-
আপুনি কোন যুগত বাস কৰিছে বাৰু…আমি এতিয়া সাবালক৷ এতিয়া আইনৰ মতেও আমি একেলগে থাকিব পাৰো, যি মন যায় কৰিব পাৰোঁ…”
মানুহগৰাকীয়ে সিহঁতলৈ শান্ত দৃষ্টি দি কৈ উঠিছিল…
বুজিছা মইনাজনী, আইন আৰু আৱেগ একে নহয়৷ যৌৱনৰ এচোৱা সময় আমিও কটাই আহিছোঁ৷ বয়সৰ চঞ্চলতাই আমাকো চুইছিল৷ তথাপি আমি মা,দেউতাৰ সন্মানৰ কথা ভাৱিছিলোঁ৷ সমাজৰ প্ৰতি থকা আমাৰ দায়িত্বৰ কথা ভাৱিছিলোঁ৷ জন্ম দি, লালন-পালন কৰি,আমাক লৈ সপোন দেখা মা-দেউতাক কষ্ট দি ক্ষণিকৰ সুখৰ বাবে আমি লালায়িত হোৱা নাছিলোঁ৷ আৰু তুমিটো ছোৱালী ৷ ভৱিষ্যতৰ এখন ঘৰৰ দায়িত্ব তোমাৰ ওপৰত থাকিব৷ এখন সমাজৰ সুস্থিৰতা তুমি সংস্কাৰ দি ডাঙৰ কৰা সন্তানে নিৰ্ধাৰণ কৰিব৷ শুনিবলৈ বেয়া যদিও কওঁ যাক, তোমালোকে মৰ্ডাণ ৰূপত ‘লিভ ইন’ নাম দিছা সেয়া আগতেও আছিল৷ নামটো এইমুহূৰ্তত তোমালোকৰ আগত মই ল’ব বিচৰা নাই৷ তেতিয়া মাত্ৰ বেলেগ নাম আছিল তাৰ৷ সেই কু-প্ৰথাই আকৌ নতুন ৰূপত ভুমুকি মাৰিছেহি৷ প্ৰথমতে প্ৰেম কি শিকি-বুজি লোৱা, প্ৰেমৰ মাজেৰে ইজনে সিজনক আগবঢ়াই নিয়া৷ বাকীবোৰ সময়ে নিজে দি যাব৷ মানুহক সদায় বেয়া কাম, বেয়া পথে প্ৰলোভিত কৰে৷তাক জয় কৰিব পৰাটোহে আচল কথা৷ আধুনিকতা মানে উশৃঙ্খলতা নহয়, আধুনিকতাই আমাক কুসংস্কাৰমুক্ত কৰে, সত্যক ন ৰূপত চাবলৈ শিকায়৷ তোমালোক তথাকথিত মৰ্ডাণ ল’ৰা-ছোৱালীবোৰ ইমান নিজস্বতাবিহীন যে ক্ষণিকৰ উত্তেজনা,সুখকে পৰম প্ৰাপ্তি বুলি ধৰি লৈছা ৷ মই এগৰাকী শিক্ষয়িত্ৰী৷ সদায় ছাত্ৰ-ছাত্ৰীক পোহৰৰ বাট দেখুৱাবলৈ যত্ন কৰি আহিছোঁ৷ গতিকে সমাজ পৰিৱৰ্তনৰ ধামখুমীয়াত উটি গ’লেও মই মোৰ সিদ্ধান্ত উটি যাবলৈ নিদিওঁ…”
মানুগৰাকীৰ ওচৰত একপ্ৰকাৰ বাকৰুদ্ধ হৈ পৰিছিল সিহঁত৷ গেটৰ বাহিৰ হৈয়ে…মাই ফুট এডভাইচ, ননচেন্স মেণ্টেলিটি…আদি বিভিন্ন কথা কৈ প্ৰিন্সে ওৰে বাটটো ভোৰভোৰাই আহিছিল৷ তাৰ পাছত ব্যস্ততাৰ অজুহাতত সিহঁতে কথাবোৰ পাহৰিবলৈ যত্ন কৰিছিল৷ সেই কথাবোৰে নয়নাৰ বুকুৰ ক’ৰবাত আজি আকৌ খুন্দিয়াইছে৷মৃত দেউতাকৰ মুখখন
মন চক্ষুৰ আগেদি অহা-যোৱা কৰি আছে৷
… … …
প্ৰিন্সে অভিমান কৰিব আজি নয়নাৰ ওপৰত৷ তাৰ সৈতে তাই আজি চেণ্ট্ৰেল মললৈ যোৱাৰ কথা আছিল৷ শেহতীয়া ডিজাইনৰ ফ্ৰকটো আগৰবাৰ লগৰ নিহাৰিকাৰ সৈতে পচন্দ কৰি আহিছে নয়নাই৷ ওহো তাই এইবোৰ কথা আৰু বেছি ভাৱি নাথাকে৷ আজি তাই ভাৱিব নিজৰ কথা, পাতিব নিজৰ সৈতে কথা৷ ফেচবুকৰ লাইক, কমেণ্ট, মেচেনজাৰত গুপ্ত কথাৰ সৰৱ চৰ্চা কৰিবলৈ সদা উন্মুখ প্ৰেমিকবোৰ, ৱাটচ এপৰ নিৰন্তৰ শুভাকাংক্ষী…আজি কাৰোলৈ তাইৰ বুকুত বেথা বা আগ্ৰহ নাই৷
চাইক্লনৰ দৰে দুৰ্বাৰ গতিৰে অতদিনে শুই থকা অতীত এটাই তাইক বিবশ কৰি আনিছে…দামুৰি হেৰুওৱা মুনিচুনি বেলিকাৰ সৌজনী মামন, সৌটো বাবুল৷ তেলৌকন দ’তিৰ চোতালত এজাক ল’ৰা-ছোৱালীৰ আনন্দ, উল্লাস, কিৰিলি…কেতিয়াবা সন্ধিয়া ভাঙে খেলি থাকোঁতে৷ মাকৰ হাতৰ সাৰৌপ সাৰৌপ এচাৰিৰ কোব৷ আস! তাই আকৌ কেনেকৈ পালেগৈ সেই ল’ৰালিৰ পদুলি…
নয়না গধুলি নামঘৰৰ চোতাললৈ আহিবি৷ আজিৰ পৰা বিহুৰ আখৰা হ’ব…“ সেয়া দেখোন হেমকাইৰ মাত…
উস! নাকান্দিবি উঠচোন উঠ৷ চাইকেলৰ পৰা পৰিলে ইমান দুখ নাপায় দে৷ ৰাতি ৰাতি মোক তই দুখৰ যিখন ভৰা নৈত উটুৱাই দিছ…তাতকৈ তোৰ এই পৰাৰ দুখ, মুগাৰ মেখেলাখন ফটাৰ দুখ বহুত কম …
সেইটো নৱ…তাইৰ যৌৱনৰ প্ৰথম শিহৰণ৷
আস্! নিজৰ সৈতে কিছু ক্ষণ কটাব খুজিলেই ক’ৰপৰা ইমানবোৰ চৰিত্ৰ, ইমানবোৰ এন্ধাৰ, ইমানবোৰ পোহৰ তাইৰ কাষ পায়হি! নিজৰ সৈতে অলপ হাঁহিব খুজিলে, অলপ কান্দিব খুজিলেও মামন, বাবুল, বুুবু,অকণি, সমতল বুকুৰ আইজনী, নুমাব খোজা চাকিটোৰ শেষ উজ্জ্বল পোহৰকণ,এহাল বিষাদভৰা চকু আৰু এজনী সপোন দেখি ভালপোৱা চঞ্চলা কিশোৰী তাইৰ সন্মুখত অগাদেৱা কৰেহি৷ তাইক লৈ টনা-আঁজোৰা কৰেহি…৷
আজি ছাগে প্ৰিন্সে তাইক বহুত বেয়া পাব৷ তাইক ভাড়াঘৰৰ ৰূমৰ পৰা সি পিক আপ কৰাৰ কথা ১টা মান বজাত৷ প্ৰথম চেণ্ট্ৰেল মল৷ তাৰ পাছত চালে চকুৰোৱা সুন্দৰী,তাৰ প্ৰেয়সীৰ একছত্ৰী গৰাকী হোৱাৰ গৌৰৱত ফুলি উঠা বুকুৰ সৈতে উজ্জ্বলি উঠা মুখেৰে সিহঁত প্ৰায়ে যোৱা ডিক্স’ত যাব৷
কি সুন্দৰ জীৱন…কি মায়াময় যৌৱন…কি অবাধ স্বাধীনতা…!
… … …
আজি যেন নয়নাই ক’ৰবাত হেৰাই যাবলৈ ধৰা তাইজনীক বিচাৰি পাবলৈ আৰম্ভ কৰিছে৷ শিপাৰ খামোছন এৰি আকাশলৈ হাত মেলা তাইৰ হাতখনে জানো আকাশ ঢুকি পাবগৈ কেতিয়াবা! যদি তাই আকাশ চুবগৈ নোৱাৰে তেন্তে ক’লৈ উভতি আহিব তাই! না তাই মাটিৰ হ’ব পাৰিব নাই আকাশৰ৷
অথচ তাইতো তেনে হোৱাৰ কথা নাছিল৷ কি সুতীব্ৰ আছিল তাইৰ জীৱনবোধ! কি দূৰন্ত আছিল তাইৰ চিন্তন-মননৰ গতি! আগলৈ হাওলি যোৱা মানুহজনেতো তাইক কেৱল বাটেৰে যাবলৈ কৈছিল…ক’ৰবাত তাই বাট এৰি অবাটে খোজ দিয়া নাইতো!
ইতিমধ্যে প্ৰায় ৬ বাৰমান ৰৈ ৰৈ বাজি উঠিল কলিংবেলটো৷ আস্ কোন বাৰু…এই সময়ত যম আহিলেও মাত দিব নোৱাৰে তাই আজি৷
…নেনা নেনা…
খিৰিকীৰে তাই দেখিলে সেয়া প্ৰিন্স৷ তাইৰ ম’বাইলটো যে অফ সেয়ে, সি অস্থিৰভাৱে কলিংবেল বজাইছে৷ মুখখন চিন্তা আৰু বিৰক্তিত ৰঙা পৰিছে৷ খুলিবনে দৰ্জাখন তাই! আৰু কি ক’ব তাক
…মই মোৰ সৈতে কটাইছো আজি দিনটো…তুমি যোৱাগৈ…৷
তাইক হাফ্ পাগল বুলি ভৱা প্ৰিন্সে ফুল পাগল হ‘ল বুলি জবৰদস্তি তাইক বাহিৰলৈ উলিয়াই নিব খুজিব৷ তায়ো মৰমৰ আব্দাৰত তাৰ গলি যাব…ওহো তাই আজি কেৱল নিজৰ …৷
প্ৰিন্স…মই এতিয়া ক’তো যাব নোৱাৰিম৷
দৰজাখন সামান্য খুলি তাই কৈ উঠিল৷
কি হ’ল তোমাৰ? আমি ইমান প্লেনিং কৰিলোঁ৷ হাজাৰ কাম এৰি ধপলিয়াই আহিছোঁ আৰু তুমি হঠাতে সিদ্ধান্ত সলনি কৰি পেলাইছা৷ আৰু আমাৰ বস্তু বহুত কিনিব লগা আছে দেখোন৷ ডিক্স’ও যাম ব’লা৷ ভাড়াঘৰ নিবিচাৰো এইবাৰ আমি ফ্লেট এটা ল’ম৷”
ছ’ৰী প্ৰিন্স৷ আই এম এক্সট্ৰিমলি ছ’ৰী৷ কিন্তু মই আজি সঁচাকৈ ওলাই যাব নোৱাৰোঁ৷ বৰঞ্চ তুমিও উভতি যোৱা নিজৰ ৰূমলৈ৷নিজৰ লগত অলপ কথা পাতা৷ নিজকো এবাৰ ভালপাই চোৱা , অলপ সময় দিয়া…
উস্ নেনা ব’ৰ নকৰিবা প্লিজ৷ আহানা …ব’লা ওলাই যাওঁ৷
আৰু শুনা প্ৰিন্স, তোমাতকৈ মোক বেছি ভাল নাপাবা৷ ময়ো আচলতে তোমাতকৈ নিজকহে বেছি ভালপাওঁ…
ধ ৰ ম্
দৰজাখন জোৰকৈ বন্ধ কৰি দিলে নয়নাই৷ কেতিয়াবা ভাল কিবা এটাৰ আৰম্ভণিৰ বাবে মানুহে কিছু এৰিব লগা হয়৷ তায়ো সেই ত্যাগৰ বাবে সাজু৷ তাই যৌৱনৰ আদি অনুৰাগ নৱ এতিয়া বেলেগৰ৷ সেই অতীত খুঁচৰিবলৈ তাই নাযায় এতিয়া৷ চহৰত ডাঙৰ হোৱা অভাৱ আৰু জীৱন কি নুবুজা প্ৰিন্সক জীৱনৰ আন এক সমৃদ্ধিশালী দিশৰ কথা ক’ব নয়নাই৷ আগবঢ়াই নিবলৈ যত্ন কৰিব সেই পোহৰময় পথেৰে৷ যদি ভাগ্যত আছে প্ৰিন্স তাইৰ,যদি ভাগ্যত নাই তেন্তে তাই অকলে তাইৰ…৷
ফোনঃ ৮০১১৯৫৮৩১১
Comments are closed, but trackbacks and pingbacks are open.