গায়ত্ৰী প্ৰান্তিক শৰ্মা
শোৱাকোঠাৰ কিং চাইজ বিচনাখনৰ সোঁমাজতে ওপৰলৈ মুখ কৰি শুই আছে পৰিধি। ডিচেম্বৰ মাহ। তাতে দিল্লীৰ প্ৰচণ্ড ঠাণ্ডা। তথাপি মুখত বিন্দু বিন্দু ঘাম বিৰিঙি উঠিল তাইৰ। শুবলৈ লওঁতেই ফেনখন চলাই লৈছিল। মিউজিক প্লেয়াৰটোত বজাই দিছিল অৰিজিত সিঙৰ এটা কোমল গীত। গীত শুনাৰ ইচ্ছা অথবা মুড এটাও নাছিল পৰিধিৰ। কিন্তু বাহিৰৰ কাৰোবাৰ ঘৰৰ পৰা ভাঁহি অহা ইংৰাজী গীতৰ কাণ তাল মৰা শব্দ কাণত নপৰিবৰ বাবেই দুৱাৰবোৰ বন্ধ কৰি গানটো লগাই দিছিল তাই।
ৰাতিপুৱা ন বাজিছে। সাত বজাতে সহায়িকাগৰাকীয়ে কাম কৰি ওলাই যোৱাৰ পিছত কাম বুলিবলৈ বৰ বিশেষ নাথাকেই পৰিধিৰ। প্ৰয়াগ থাকিলে ৰাতিপুৱাৰ ৰন্ধা বঢ়াৰ কামখিনি থাকে। আজি প্ৰয়াগো ঘৰত নাই। অফিচিয়েল বিশেষ কিছু কামৰ বাবে তাৎক্ষণিকভাৱে বাংগালোৰলৈ যাবলগীয়া হ’ল তেওঁ। কথাটো ভাবিয়েই বেঁকা হাঁহি এটা ওঁঠেৰে বাগৰি আহিল পৰিধিৰ। আজিকালি সকলো কথা বৰ তাৎক্ষণিকভাবেই কৰে প্ৰয়াগে। অফিচৰ ট্ৰিপত বাহিৰলৈ যোৱা,ঘৰত ভাত ৰান্ধি থোৱাৰ পিছতো বন্ধুৰ ঘৰত হঠাৎ ভাত খাবলৈ বুলি ওলাই যোৱা, বজাৰৰ পৰা হঠাৎ কিবা এটা আনিবলৈ মনত পৰা এই সকলোবোৰ কামেই বৰ তাৎক্ষণিকভাবে কৰি পেলাবলৈ লৈছে প্ৰয়াগে। কেইবাৰমান তাই আগৰ দৰে কৈছিল ‘ ৰ’বাচোন প্ৰয়াগ অকণমান ময়ো ওলাই যাওঁ, দিনটো ঘৰত সোমাই বৰ আমনি লাগিছে।’ কিন্তু আজি অলপদিনৰ পৰা তাইক সেয়া কোৱাৰ সুযোগো নিদিয়া হৈছে প্ৰয়াগে। যেন তাই লগত নাথাকিলেই উশাহ পায় সি। প্ৰথমতে বুজি পোৱা নাছিল পৰিধিয়ে। কিন্তু যেতিয়াৰ পৰা এই কথা অনুভৱ কৰিবলৈ ল’লে তেতিয়াৰ পৰা তাই প্ৰয়াগৰ সৈতে ওলাই যোৱাৰ আব্দাৰ নোজোৰা হ’ল।
এই স্বভাৱ পৰিধিৰ সৰুৰে। কোনোবাই কিবা এটা কথাৰ বাবে অসুবিধা পাইছে বুলি অনুভৱ কৰিলেই সেই ঠাইৰ পৰা নিঃশব্দে আঁতৰি আহে তাই। কিন্তু প্ৰয়াগৰ ক্ষেত্ৰত যেন সেই কাম কৰিবলৈ অকণমান অসুবিধা হৈছিল। বাৰে বাৰে মনলৈ আহিছিল- ‘ প্ৰয়াগতো আৰু কোনোবা নহয়, প্ৰয়াগ নিজৰ…’ কিন্তু এই ধাৰণাও লাহে লাহে যেন নোহোৱা হৈ আহিছিল পৰিধিৰ।
মোবাইলটোত বাৰটো চালে তাই। আজি দেওবাৰ। দিন বাৰ তাৰিখৰ একো হিচাপেই নাইকিয়া হৈ গ’ল পৰিধিৰ। এটা সময় আছিল দেওবাৰটোৰ বাবে গোটেই সপ্তাহটো বৰ আশাৰে বাট চাইছিল তাই। সেইদিনা প্ৰয়াগৰ অফিচ বন্ধ থাকে। সেইদিনা তাইৰ লগত থাকে প্ৰয়াগ। অৱশ্যে
দেওবাৰটো আগৰে পৰাই ভীষণ প্রিয় পৰিধিৰ। মনত থকাৰ পৰাই গোটেই সপ্তাহটো তাই এই দেওবাৰটো লৈকে বাট চাই থাকে। দেওবাৰটোত কোনোবাই ক’ৰবালৈ লগ ধৰিলেও যেন বেয়া পায় তাই।
বিয়াৰ আগতেও তাইৰ এই কথাটো লৈ ঘৰৰ প্ৰতিজন মানুহ বৰ সচেতন আছিল। দেওবাৰটোত বিশেষ কিছুমান কাম কৰিবলৈ তাই গোটেই সপ্তাহটো ভাবি থৈছিল। যেনে; হেনা অলপ গুলি চুলিকোচাত লগোৱা, গোটেই সপ্তাহটো পিন্ধিবলৈ সাতযোৰ কাপোৰ ধুই ইস্ত্রি কৰি ভাগে ভাগে সজাই থোৱা, নিজৰ তথা পৰিয়ালৰ সকলোৰে মনৰ পছন্দৰ এসাজ ভাত ৰন্ধা এই কামবোৰ দেওবাৰটোত কৰি বৰ ভাল পাইছিল তাই। বিয়াৰ আগতে প্ৰয়াগে তাইক এবাৰ সুধিছিল -‘ কি ভালপোৱা তুমি পৰিধি আৰু কিহে তোমাক বিৰক্তি দিয়ে’? এক মুহূৰ্তও নভবাকৈ তাই উত্তৰ দিছিল-
: দেওবাৰটো। দেওবাৰটো ভালপাওঁ মই। ভীষণ ভালপাওঁ। বিশেষকৈ দেওবাৰৰ অলস দুপৰিয়াবোৰ অকলে বিছনাত পৰি থাকি বৰ ভালপাওঁ । আৰু দেওবাৰটোত কোনোবাই ক’ৰবালৈ লগ ধৰিলে ভীষণ অস্বস্তি আৰু বিৰক্তি পাওঁ মই।
হাঁহিছিল প্ৰয়াগে। হাঁহি হাঁহিয়েই কৈছিল
: কোনো দেওবাৰে ক’লৈকো ওলাই নাযাওঁ দিয়া। দৰকাৰ হ’লে অফিচৰ পৰা আহি আবেলি অথবা অফিচ ছুটি কৰি হ’লেও তোমাক লৈ ওলাই যাম তথাপি দেওবাৰে ক’তো নাযাওঁ। কথা দিছোঁ।
কথা দিছোঁ! কথা দিছোঁ… কাণত বাৰে বাৰে আকৌ এবাৰ ভাঁহি উঠিল প্ৰয়াগৰ কথাষাৰ। কোনটো কথা দিনো কথা ৰাখিলে প্ৰয়াগে! বাকী বাৰু বাদেই, এই যে হোমৰ গুৰিত পুৰোহিতৰ মন্ত্ৰোচ্চাৰণৰ সৈতে কিছুমান কথা দিছিল, সেই কথাবোৰো জানো ৰাখিব পাৰিলে প্ৰয়াগে!
বিয়াও সিহঁতৰ হৈছিল দেওবাৰ এটাতেই। বিয়াখন ঠিক কৰোঁতে প্ৰথমতে মৃদু আপত্তি কৰিছিল তাই
: দেওবাৰটো বাদ দিয়া না দেউতা। বেলেগ বাৰ এটা ঠিক কৰাচোন।
: তোৰ এটা দেওবাৰ বাদ দে আৰু আইজনী। তই ভালহে পাব লাগে ইমান ভালপোৱা বাৰ এটাত জীৱনৰ আটাইতকৈ ডাঙৰ দিনটো হ’ব। চাবিচোন আৰু ভালপোৱা হৈ উঠিব দেওবাৰটো- সেইবুলি আলফুলে তাইৰ মূৰত হাত ফুৰাইছিল দেউতাকে।
বিচনাখনতে বাগৰ সলালে তাই। প্ৰয়াগ শোৱা ঠাইডোখৰত আলফুলে হাতখন বুলাই দিলে। সঁচাকৈয়ে। ঠিকেই কৈছিল দেউতাকে। তাইৰ জীৱনৰ ডাঙৰ দিনবোৰ দেওবাৰেই যে হয়! কিন্তু প্ৰতিটো দেওবাৰ যে ভাললগা হ’ব নোৱাৰে সেয়া প্ৰথমবাৰ অনুভৱ কৰিছিল এটা দেওবাৰৰ দুপৰিয়াতেই। সেইদিনা অফিচ বন্ধ আছিল প্ৰয়াগৰ। তেওঁ ভালপোৱা নাৰিকলেৰে মিছামাছ আৰু বাসন্তী পোলাও ৰান্ধিছিল পৰিধিয়ে। খাই উঠি অকণমান টোপনি যাওঁতেই বাজি উঠিছিল প্ৰয়াগৰ মোবাইলটো। একেজাপে বিছনাৰ পৰা নামি গৈ ফুচফুচাই কাৰোবাৰ সৈতে কথা পাতি গাড়ীৰ চাবি লৈ ঘৰৰ পৰা ওলাই গৈছিল প্ৰয়াগ। সেইদিনাৰ দৰে তেনেকৈ আগতেও কেইবাৰমান ক’ৰবালৈ ওলাই গৈছে প্ৰয়াগ। কিয় জানোঁ পৰিধিৰ সেইদিনা খুব জানিবৰ মন গৈছিল এনেকৈ ক’লৈ ওলাই যায় প্ৰয়াগ, কাৰ লগত কথা পাতে ইমান ফুচফুচাই! কিন্তু জনাৰ কোনো উপায়েই নাছিল। উপায় নাপাই তাই ফোন কৰিছিল অত্ৰেয়ীলৈ। শৈশৱৰ বান্ধৱী অত্ৰেয়ী। একেখন চহৰতে থাকে। বহুদিনৰ পিছত তেনেকৈ বহুদেৰি কথা পাতিছিল সিহঁতে। পৰিধিয়ে তাইক কৈছিল প্ৰয়াগ তেনেকৈ প্ৰায়েই ওলাই যোৱাৰ কথা।
তাৰ কেইদিনমানৰ পিছতে অত্ৰেয়ীয়ে পৰিধিক কথাই কথাই কৈছিল-
: বুজিছ পৰিধি, এই যে তহঁত ঘৰ সংসাৰ থকা মানুহবোৰ, এজন মৰমিয়াল, বন্ধুৰ দৰে স্বামী থকা মানুহবোৰলৈ মোৰ বৰ ঈর্ষা হয়! কি নাই ক মোৰ! কিন্তু সকলো থাকিও ক’ৰবাত দেখোন একোৱেই নাই। আচলতে এখন ধুনীয়া সংসাৰ পৃথিৱীৰ প্ৰতিজনী ছোৱালীয়ে কামনা কৰে জাননে! প্ৰয়াগ বৰ ভাল । তথাপি কওঁ তই বৰ আজলী। বৰ সহজ সৰল। সাৱধানে থাকিবি পৰিধি। এই পুৰুষ জাতিটোৰ অকণো বিশ্বাস নাই। পৃথিৱীত ভাল পুৰুষ, লয়েল পুৰুষৰ ধাৰণাটোৰ প্ৰতি মোৰ যে অকণো বিশ্বাস নাই।
কৈয়েই খিলখিলকৈ হাঁহি উঠিছিল অত্ৰেয়ীয়ে। হাঁহিয়েই আছিল। যেন কেতিয়াও বন্ধই নহ’ব এই হাঁহিৰ ফোৱাৰা। অত্ৰেয়ীক তাই কমেও বিশ বছৰৰ পৰা জানে। কিন্তু এই হাঁহি তাইৰ বাবে বৰ নতুন আছিল। সমান্তৰালকৈ আচৰিতো হৈছিল পৰিধি। কি কয় এই ছোৱালীজনীয়ে! কেতিয়াও সংসাৰ কৰি নোপোৱা এজনী মানুহ, কেতিয়াও পুৰুষৰ সৈতে থাকি নোপোৱা মানুহ এজনীৰ মনলৈ কেনেকৈ আহিল ইমান পুৰুষ বিদ্বেষ! কোন পুৰুষেনো তাইক এনেকুৱা মনোভাব লবলৈ বাধ্য কৰিলে।
দুখ লাগিছিল পৰিধিৰ। প্ৰয়াগৰ দৰে বন্ধুসম এজন স্বামী, এজন জীৱনসংগী তাইনো কিয় পাব নোৱাৰে! তাৰ পিছৰ পৰা কেইটামান মাহ অত্ৰেয়ীৰ বাবে এজন উপযুক্ত পাত্ৰৰ সন্ধান কৰাতেই ব্যস্ত থাকিল পৰিধি। চাদি ডট কমত এটা প্ৰফাইল খুলিছিল তাইৰ। একেআষাৰেই ধুনীয়া, কথা পতাৰ সাংঘাতিক আৰ্ট জনা, স্মাৰ্ট অত্ৰেয়ীলৈ পাত্ৰ নোলোৱাৰ কথাই নাছিল। কিন্তু কোনো অজ্ঞাত কাৰণত সকলোকে অপচন্দ কৰি গৈছিল অত্ৰেয়ীয়ে।
আৰু তাৰ অলপ দিনৰ পিছতে কিবা বিশেষ কামত দিল্লীৰ বাহিৰলৈ যাও বুলি ওলাই যোৱা প্ৰয়াগৰ ক’লা ৰঙৰ স্কৰপিঅ’ গাড়ীখন পৰিধিয়ে ধৰা পেলাইছিল অত্ৰেয়ীৰ ঘৰৰ সন্মুখত। সেইদিনা প্ৰয়াগ ওলাই যোৱাৰ পিছতেই অত্ৰেয়ীৰ লগত অকণমান সময় কটাবলৈ বুলি আহিছিল পৰিধি। নিজৰ চকুকে বিশ্বাস কৰিব নোৱাৰি সেইঠাইতে ৰৈ গৈছিল পৰিধি আৰু তাইৰ চকুৰ সন্মুখেৰেই হাঁহি হাঁহি ক’ৰবালৈ ওলাই গৈছিল প্ৰয়াগ আৰু অত্ৰেয়ী।
সেইবাৰ প্ৰথমবাৰলৈ মনে মনে প্ৰয়াগৰ মোবাইলৰ মেছেজ পঢ়িছিল তাই। অত্ৰেয়ীৰ অসংখ্য প্ৰেমময় মেছেজ আৰু ফটোৰে ভৰি আছিল প্ৰয়াগৰ মোবাইল। থৰথৰকৈ কপিছিল পৰিধি। কোনোবা অচিনাকী মানুহে এনেকুৱা কৰা হ’লেও এবাৰলৈ মানি ল’লেহেঁতেন তাই। কিন্তু এই দুয়োজন মানুহেই যে তাইৰ প্ৰাণৰো আপোন।
কি কৰে! কাক কয়! কোনে ক’ব তাই কি কৰা উচিত!
কাকো একো সুধিবও নোৱাৰিলে পৰিধিয়ে। প্ৰায় এসপ্তাহ কাৰো লগত এটাও কথা নপতাকৈয়ে পাৰ কৰি দিলে তাই। নিতান্তই কৰিবলগীয়া কামবোৰৰ বাদে বিশেষ একো নকৰাকৈয়ে পাৰ কৰি দিলে তাই সমস্ত সময়। এসপ্তাহৰ পিছত এদিন সন্ধ্যা প্ৰয়াগক কিবা এটা সুধিবলৈ তাইৰ বৰ মন গ’ল। বাৰাণ্ডাতে বহি চিগাৰেট এটা হুপি একান্তমনে মোবাইলত মেছেজ কৰি থকা প্ৰয়াগৰ ওচৰলৈ গৈ তাই থিয় দিলেগৈ । তাইক দেখিয়ে তেওঁ খপজপাই লুকুৱাই পেলালে মোবাইল আৰু জোৰকৈ ওঁঠত এটি হাঁহি ফুটাই সুধিলে
: কিবা ক’বা ৰিদ্ধি…
: মই কিয় তোমাৰ সৈতে আছোঁ প্ৰয়াগ! ভালপোৱাৰ বাবে নে কেৱল থাকিব লাগে বাবেই! এজনী মানুহ বিয়া কৰাই অনাৰ পিছত খেদি দিব যে নোৱাৰি সেইবাবেই নেকি!
কোনো কথাৰ অৱতাৰণা নকৰাকৈয়ে সুধি পেলালে তাই। অলপপৰ তাইৰ মুখলৈ এনেয়ে চাই থাকি সেইখিনিৰ পৰা উঠি গুচি গৈছিল প্ৰয়াগ। তাইৰ মন গৈছিল পিছে পিছে দৌৰি যাবলৈ, বলিয়াৰ দৰে সুধিবলৈ যে কিয় উত্তৰ নিদিলা প্ৰয়াগ! মোক ভালপাওঁ বুলিবলৈকো তোমাৰ ওচৰত উত্তৰ নাইকিয়া হৈ গ’ল নে! কোৱা প্ৰয়াগ কোৱা। কিন্তু সেয়াও যে কৰিব নোৱাৰিলে তাই… প্ৰচণ্ড এক আত্মসন্মানে আগুৰি ধৰিলে তাইক। কিয় সুধিব! কিয় ভিক্ষা কৰিব ভালপোৱাৰ!
হঠাৎ বেৰৰ ঘড়ীটোৱে বাৰ বজাৰ সংকেত দিলে। মিউজিক প্লেয়াৰটোত বাজি থকা গানটোও কেতিয়াবাই সলনি হ’ল। ধহমহাই উঠি বহিল পৰিধি। নিজক শেষ কৰি দিয়াৰ কিবা এক তীব্ৰ বাসনাই এইকেইদিন তাইক এক মুহূৰ্তও শান্তিত থাকিবলৈ দিয়া নাই। কিন্তু মৰিবলৈকো যে ইমান কঠিন সেয়া পৰিধিয়ে যেন প্ৰথমবাৰলৈ বুজি উঠিছে। কিন্তু জীয়াই থাকিবলৈকো মানুহক এটা কাৰণ নালাগে জানোঁ! কি কাৰণ আছে যাৰ বাবে পৰিধি জীয়াই থাকিব! সকলো এৰি যাৰ সৈতে আজীৱন কটাম বুলি আহিছিল তেৱেঁই যেতিয়া নিজৰ হৈ নাথাকিল তাৰ পিছত কি আশা বুকুত লৈ জীয়াই থকা যায়!
এইবাৰ বিছনাখনৰ পৰা নামি আহিল তাই। মোবাইলৰ ডাটা অন কৰি বিচাৰিলে আত্মহত্যাৰ বিভিন্ন কিটিপ। বিচাৰিলে বিশেষ ধৰফৰাই থাকিবলগীয়া নোহোৱাকৈ কেনেকৈ শেষ কৰি দিব পাৰি নিজক! প্ৰয়াগ নাথাকোঁতেই এই সুযোগ ল’ব লাগিব পৰিধিয়ে। কাৰণ তাই জানে যিমানেই যি নহওক প্ৰয়াগে তাইক অন্ততঃ মৰি যাবলৈ কেতিয়াও নিদিয়ে। যিখন বুকুৰ ধপঢপনি শুনি এটা সময়ত তেওঁ জীয়াই আছিল সেই উশাহ বন্ধ হৈ যোৱা চাব কেতিয়াও নোৱাৰিব তেওঁ। আৰু মৃত্যুৰ মুখৰ পৰা ঘূৰি আহিবলৈ কেতিয়াও নিবিচাৰে তাই। শেষ হৈ যাওক এই জীৱন। শেষ হৈ যাওক সকলো।
ক’ত জানোঁ তাই শুনিছিল মানুহ মৰাৰ আগমুহূৰ্তত যিমান ভালপোৱা মানুহ আছে প্ৰত্যেকৰে মুখবোৰ মনলৈ আহে। কেতিয়াবা কোনোবাই এবাৰলৈকো যদি জীয়াই থকাৰ এটা বাট দেখুৱাইছিল সেই মুখবোৰ মনলৈ আহে। মাক দেউতাক ভায়েকৰ পিছতে তাইৰ তীব্ৰভাৱে মনলৈ আহিল কেৱল অত্ৰেয়ীৰ নাম। যি নাম শৈশৱ কৈশোৰৰ যিকোনো বিপদত সঘনে উচ্চাৰিছিল তাই। যাৰ কাষলৈ এবাৰ গ’লেই, যাৰ মাতটো এবাৰ শুনিলেই অদম্য সাহস পাইছিল তাই। মাক দেউতাক তাইৰ পৰা বহু দূৰত। কিন্তু অত্ৰেয়ী! তাইক কিয় জানো এবাৰ লগ কৰিবৰ পৰিধিৰ বৰকৈ ইচ্ছা হ’ল। তাইৰ মুখৰ পৰা শুনিবৰ মন গ’ল কিয় এনে কৰিলে তাই! পৰিধিৰ জানিবৰ মন গ’ল তাই যদি মৰি যায় কেনে লাগিব অত্ৰেয়ীৰ!
ঘড়ীলৈ চালে তাই। হাতত বেছি সময় নাই। দিনৰ এক বাজিল। ৰাতিলৈ প্ৰয়াগ আহি পাবহি। তাৰ আগতেই তাই মৰিব লাগিব। উদ্বিগ্নতাৰে অত্ৰেয়ীৰ নম্বৰ ডায়েল কৰিলে তাই
: হাই চুইটহাৰ্ট। ক। ইমান দিনৰ পিছত ফোন কৰিলি। ভালে আছ?
সদাপৰিছিত উৎফুল্লিত মাতেৰে কৈ উঠিল অত্ৰেয়ীয়ে। সঁচাকৈ! তাইক ফোন নকৰাৰ, তাইৰ সৈতে কথা নপতাও যে কিমান দিন পাৰ হৈ গ’ল।
: আহিব পাৰিবি?
লাহেকৈ সুধিলে তাই।
: এতিয়া? কিয়? অফিচৰ পিছত গ’লে নহ’ব?
: নহ’ব অত্ৰেয়ী। এতিয়াই আহ।
কি ভাবি জানোঁ ক্ষন্তেক ৰৈ কৈ উঠিল অত্ৰেয়ীয়ে
: আধা ঘন্টা দে। গৈ আছোঁ।
ফোনটো ৰখাৰ কিছুসময়ৰ পিছতে বতাহৰ গতিৰে ওলালহি অত্ৰেয়ী। এনেকুৱাই তাই। য’লৈকে যায় এজাক ধুমুহা যেন লৈ যেন সেই ঠাইখণ্ডলৈ। তাৰ বিপৰীতে পৰিধি এজাক শান্ত শীতল বতাহ। তথাপি সিহঁতৰ বন্ধুত্ব আছিল বৰ কটকটীয়া। সোমায়েই পাকঘৰৰ পৰা নিজেই এগিলাচ পানী লৈ কোটকোটকৈ পি খাই তাই পৰিধিক সুধিলে
: এতিয়া ক। কিয় ইমান সোনকালে এনেকৈ মাতি পঠিয়ালি! কিবা বিপদ…
: তয়েই বিয়পাই আনিলি সেই বিপদ অত্ৰেয়ী।
পানী খাই বটলটো পাকঘৰত থ’বলৈ বুলি গৈছিল অত্ৰেয়ী। পৰিধিৰ কথাত ঠাইতে ৰৈ গ’ল তাই। প্ৰয়োজনতকৈও অধিক শান্ত হৈ ছ’ফাখনতে কুচি মুচি বহি থাকিল পৰিধি। এইবাৰ অত্ৰেয়ীৰ চকুলৈ পোনকৈ চাই সুধি পেলালে
: কিয় কৰিলি এনেকুৱা…?
এইবাৰ পাকঘৰৰ পৰা লাহে লাহে ওলাই আহিল তাই। এবাৰো পৰিধিৰ চকুলৈ নোচোৱাকৈ তাই বহি থকা ছ’ফাখনৰ কাষতে মাটিত লেপেটা কাঢ়ি বহি পৰিল। হাত থ’লে পৰিধিৰ কোলাত আৰু নীৰৱ হৈ তেনেকৈয়ে বহি থাকিল কিছুপৰ। এবাৰত কৈ উঠিল
: ইমান দিনে কিয় একো নুসুধিলি পৰী? তোক কথাবোৰ ক’বলৈ, জনাবলৈ নাপাই কেনেকৈ জীয়াই আছিলোঁ কেৱল মইহে জানোঁ। কিন্তু নিজে উপযাচি ক’বলৈকো তোৰ সন্মুখীন হ’বলৈ মই এদিনো সাহসেই দেখোন গোটাব নোৱাৰিলোঁ।
হুকহুকাই কান্দি উঠিল অত্ৰেয়ীয়ে -‘ মই ভুল কৰিছোঁ। বহুত ডাঙৰ পাপ কৰিলোঁ পৰিধি। মোক ক্ষমা কৰি দে অ’।
অত্ৰেয়ীলৈ একেথৰে চাই থাকিল পৰিধিয়ে। কিয় জানোঁ পৰিধিৰ জানিবৰ মন গ’ল প্ৰয়াগৰ প্ৰেম পাই তাই সুখীনে! প্ৰয়াগৰ স্পৰ্শত জীৱন ফুলি উঠিছিল নে তাইৰ!
বুজিবৰ মন গ’ল এদিন যে তাই কৈছিল এনে প্ৰেমলৈ ঈর্ষা জগাৰ কথা, এনে প্ৰেম জীৱনত এতিয়া পাই তাই সম্পূৰ্ন হৈ উঠিছে নে! কথা কৈ গৈছে অত্ৰেয়ীয়ে। উচুপি উচুপিয়েই কৈ গৈছে অনেক কথা। পৰিধিয়ে জনা, অথচ অত্ৰেয়ীয়ে তাই নাজানে বুলি ভবা সকলো কথাই কৈ গৈছে। কেনেকৈ পৰিধি অসমলৈ যাওঁতে কোনো এক বিশেষ মুহূৰ্তত দুৰ্বল হৈ পৰিছিল দুয়ো, কেনেকৈ লাহে লাহে কাষ চাপি গৈছিল প্ৰয়াগ আৰু অত্ৰেয়ী। দূৰ হৈ গৈছিল প্ৰয়াগৰ জীৱনৰ পৰা পৰিধি। সলনি হৈ গৈছিল সকলো
: আমি কথা পাতিছিলোঁ তই অসমৰ পৰা ঘূৰি অহাৰ লগে লগেই আমি পাহৰি পেলাম সকলো, প্ৰয়াগ হ’ব কেৱল তোৰ। কিন্তু নোৱাৰিলোঁ পৰিধি, সেয়া কোনোদিনেই হৈ নুঠিল।
এবাৰ উচুপি, একোবাৰ হুকহুকাই কান্দি কথা কৈ গৈছে অত্ৰেয়ীয়ে। এটা সময়ত লাহে লাহে অত্ৰেয়ীৰ কথাবোৰ কাণেৰে যেন নুশুনা হৈ আহিল তাই আৰু চকুৰ সন্মুখত ভাহি থাকিল কেৱল প্ৰয়াগৰ মুখ। তাইৰ পিছে পিছে মধুকৰৰ দৰে ঘূৰি ফুৰা এজন প্ৰেমিক স্বামী, দিনটোৰ প্ৰতিটো কথাই তাইক কোৱা তাইৰ মানুহটো…অত্ৰেয়ীয়ে ঈর্ষা কৰা তাইৰ প্ৰাণৰ মানুহটো…
অত্ৰেয়ীয়ে কথা কৈ থকাৰ সময়খিনি পৰিধিৰ দুচকুয়ে চাই ফুৰিল বেৰত আঁৰি থোৱা তাইৰ আৰু প্ৰয়াগৰ ফটোবোৰ। কোনোবাখন হাতত হাত ধৰি গংগাৰ তীৰত তোলা। সেইখন ফটো তুলিবলৈ প্ৰয়াগে ক’ৰপৰা যে মানুহ এজন বিচাৰি আনিছিল। কোনোবাখন ফটো সিহঁতৰ বিয়াৰ কেইদিনমানৰ পিছতে তোলা। প্ৰয়াগৰ এখন হাতে মেৰিয়াই ধৰি আছে তাইৰ কান্ধ আৰু তাই লাজ লাজকৈ চাই আছে প্ৰয়াগৰ দুচকুলৈ। বহুদিনলৈকে এই ফটোখন দেখুৱাই দেখুৱাই তেওঁ কম জোকাইছিল নে তাইক। তাৰ কাষতে এখন পেইণ্টিং। প্ৰয়াগে অঁকা। এজাক পাৰ চৰাইৰ পিছে পিছে দৌৰি ফুৰা এজনী লং স্কাৰ্ট আৰু এথনিক টপ পৰিহিতা নাৰী। অকণমানি ক্লিপ এডালেৰে চুলিখিনি বন্ধা। সেয়া তাইকে আঁকিছিল প্ৰয়াগে। দিল্লীৰ ঠায়ে ঠায়ে এনেকুৱা শ শ পাৰ চৰাইৰ জাক কিছুমান থাকে। কাষতে বিভিন্ন পোহাৰীয়ে বিক্ৰী কৰা চিৰা মুৰীৰ প্লেট কিনি পাৰ চৰাইক খুৱাই ফটো উঠে মানুহবোৰে। বিয়াৰ অলপদিনৰ পিছতে পূজাত ঘৰলৈ যাব নোৱাৰি মন বেয়া কৰি বহি আছিল তাই আৰু তাইৰ মনটো ভাল লগাবলৈকে সেয়া দেখুৱাবলৈ তাইক লৈ গৈছিল প্ৰয়াগে আৰু আহিয়েই সি আঁকি পেলাইছিল এই ফটোখন। আজি প্ৰথমবাৰহে যেন এই ঘৰখন, এই বস্তুবোৰ দেখিছে এনেকৈ থৰ লাগি চাই ফুৰিল পৰিধিয়ে। প্ৰতিটো কোণত এতিয়াও বিৰাজমান প্ৰয়াগ আৰু তাইৰ প্ৰেমৰ স্বাক্ষৰ।
হঠাৎ অত্ৰেয়ীয়ে কন্দা বন্ধ কৰি পৰিধিৰ গাৰ পৰা হাত আঁতৰালে আৰু লাহে লাহে কৈ উঠিল
: তোৰ প্ৰয়াগ সদায় তোৰেই পৰিধি। প্ৰয়াগ মোৰ প্ৰেম কেতিয়াও নাছিল। প্ৰয়াগক নিজৰ কৰি পোৱাৰ কোনো আকাংক্ষা মোৰ কেতিয়াও নাছিল। মোৰ অকলশৰীয়া সময়বোৰৰ মাথোঁ লগৰী আছিল প্ৰয়াগ। আৰু আছিল শৰীৰৰ প্ৰয়োজন পুৰোৱাৰ এক সহজ মাধ্যম। তইতো মোক জানই মই কোনো কথাই কেতিয়াও চিৰিয়াছলি লৈয়েই পোৱা নাই। তই মোৰ সৈতে এনেকৈ কথা পতা, ফোন কৰা বন্ধ কৰি দিলি যে মোৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰটো দিবলৈও তই মোৰ কাষত নাছিলি। মোৰ বিয়া ঠিক হৈছে পৰিধি। একেলগেই চাকৰি কৰোঁ আমি। আৰু তিনিমাহৰ পিছত তেওঁৰ সৈতে মই চুইডেনলৈ গুচি যাম। যি কথা প্ৰয়াগে আজিও গম নাপায় কাৰণ প্ৰয়াগ মোৰ প্ৰেমত এনেকৈ বন্দী হৈ গ’ল যে মই যদি এই কথা তেওঁক কওঁ তেওঁ চাগৈ কোনোদিনেই মানি ল’ব নোৱাৰিব।
অনর্গল কথা কৈ গৈছে অত্ৰেয়ীয়ে। স্থবিৰ হৈ ৰৈ গৈছে মাথোঁ পৰিধি। কেৱল তায়েই ৰৈ গৈছে নে! গোটেই পৃথিৱীয়ে যে ৰৈ গৈছে তাইৰ…
মোবাইলটোৰ মেছেজ ট’নত হঠাৎ সম্বিত ঘূৰি আহিল পৰিধিৰ। ৱাটছ এপটো নোখোলাকৈয়ে ওপৰতে মেছেজটো পঢ়িলে তাই। প্ৰয়াগৰ মেছেজ -‘ ফ্লাইট লেণ্ড কৰিলে। মই আহি আছো’… কাষতে চ’ফাত পেলাই থোৱা অত্ৰেয়ীৰ মোবাইলটোতো জিলিকি উঠিল একেটাই মেছেজ- ‘ ফ্লাইট লেণ্ড কৰিলে অত্ৰি। মই ঘৰলৈ গৈ আছোঁ’।
অত্ৰেয়ীয়ে বেগৰ পৰা এখন ৱেট টিছু উলিয়াই মুখখন মচিছে। প্ৰয়াগৰ মেছেজ তাইৰ চকুত পৰা নাই। হাতত তাইৰ জিলিকি আছে নতুনকৈ কৰা এটা টেটু- ‘ Love me for who i am’…
: একাপ তোৰ হাতৰ কফি খুৱাবি পৰিধি?
হঠাৎ কৈ উঠিল অত্ৰেয়ীয়ে। উচপ খাই উঠিল পৰিধি। এয়া অত্ৰেয়ীৰ পুৰণি স্বভাৱ। যিকোনো আৱেগ মুহূৰ্ততে সলনি হৈ যায় তাইৰ। কিন্তু পাৰে নে! পাৰেনে কোনোবাই ঘৰখন শেষ কৰি দিয়া এজনী মানুহক একাপ কফি কৰি খুৱাব! কিন্তু পিছ মুহূৰ্ততে ভাবিলে পৰিধিয়ে – ‘কিয় নোৱাৰিব। ঘৰ কেৱল অত্ৰেয়ীয়েই ভাঙিছে নে! প্ৰয়াগৰ দোষ নাই? সকলো জানি বুজিওতো সদায় প্ৰয়াগলৈ ৰৈয়েই আছিল তাই। ৰান্ধি খুৱাইছিল প্ৰয়াগে ভালপোৱা বিভিন্ন ব্যঞ্জন…’
পৰিধিয়ে কৰি দিয়া কফিকাপ খাই এবাৰ তাইক সদায় ধৰাৰ দৰে সাবটি ধৰি ধুমুহাৰ গতিত ওলাই গ’লগৈ অত্ৰেয়ী। অত্ৰেয়ী নামৰ তীব্ৰবেগী ধুমুহাই তছনছ কৰি থৈ গ’ল পৰিধি নামৰ এজোপা শান্ত সেউজীয়া গছক।
আৰু হয়তো ডেৰ ঘণ্টা মানৰ ভিতৰত প্ৰয়াগ আহি পাবহি। এইখিনিয়ে সময় পৰিধিৰ হাতত নিজকে শেষ কৰি দিয়াৰ। ভীষণ কষ্ট পাইছে পৰিধিয়ে। বুকুখন যেন কিহবাই আছুৰি নিছে। টোপাটোপে তেজ সৰিছে বুকুৰ পৰা। নিজ হাতেৰে এটা এটা বস্তুৰে সজোৱা এই ঘৰখন, চৰায়ে কূটা কঢ়িওৱাদি আনি সযতনে সজাই থোৱা এই বস্তুবোৰ, আটাইতকৈ ডাঙৰ কথা তাইৰ মানুহটো! এই সকলোবোৰ এৰি আজি তাই নিজকে শেষ কৰি দিব। এৰি গুচি যাব প্ৰয়াগকো।
‘প্ৰয়াগক এৰি’- বাক্যটো আকৌ এবাৰ গুণগুণাই চালে পৰিধিয়ে। তাইকতো কেতিয়াবাই এৰি দিছে প্ৰয়াগে। ধৰি আছিল কেৱল তাই। ভালপোৱা কাৰোবাক এৰি দিবলৈ বৰ কষ্ট দেখোন। কেনেকৈ ইমান সহজে পাৰিলে প্ৰয়াগে! হঠাৎ যেন সিদিনা তাই প্ৰয়াগক সোধা প্ৰশ্নটোৰ উত্তৰ পাই গ’ল। ভালপোৱা আচলতে শেষ হৈ গৈছিল কেতিয়াবাই। কিমান যে কথা মনত পৰিল পৰিধিৰ। এবাৰ বিয়াৰ পিছত ঘৰলৈ যাওঁতে গৈ পোৱাৰ মুহুৰ্তৰ পৰাই ‘কেতিয়া আহিবা ৰিদ্ধি! তুমি নথকাত বৰ অকলশৰীয়া লাগিছে’- বুলি কৈ কৈ আমনি লগাই দিছিল তেওঁ, কেতিয়াবা অফিচৰ পৰাও বাৰে বাৰে মেছেজ কৰিছিল তাইলৈ মনত পৰা বুলি। আৰু সেই প্ৰয়াগেই পিছৰবাৰ তাই ঘৰলৈ যাওঁতেই অত্ৰেয়ীৰ লগত…
হঠাৎ ভাৱনাৰ আঁত হেৰাল তাইৰ। যেন ক’ৰবাৰ পৰা এটা কান্দোনৰ শব্দ ভাঁহি আহিছে। কান্দি কান্দি ফুলি থকা চকুহাল তুলি চৌপাশে চালে তাই। দেখিলে, বেৰৰ ফটোবোৰে কান্দিছে, তাই বৰ সযতনে সজাই ৰখা ফুলদানীটোৱে উচুপিছে …. সিহঁতে যেন জানিছে পৰিধি নামৰ সিহঁতক মৰম কৰা মানুহজনী আৰু নাথাকে। সিহঁতৰ কান্দোনটো যেন উজাই আহিল তাইৰ বুকুলৈকো।
তাই আৰু নোৱাৰিলে। এটা প্ৰচণ্ড চিঞৰ ওলাই আহিল ডিঙিৰ পৰা। চিঞৰি চিঞৰি কান্দিয়েই থাকিল তাই…সকলো যেন ধূসৰ হৈ গৈছে তাইৰ চকুৰ সন্মুখত।
প্ৰয়াগৰ কেবখন বাহিৰত ৰৈছিলহি। কেবচালকজনক ভাড়াটো দি পৰিধিলৈ আকৌ এটা ফোন এটা লগালে সি। আহোঁতে গোটেই ৰাস্তাটোত প্ৰায় সাতবাৰৰ ওপৰ ফোন কৰিছে প্ৰয়াগে। কিন্তু এবাৰো ফোন ধৰা নাই পৰিধিয়ে। আনহাতে তাৰ এটাও ফোন, মেছেজৰ উত্তৰ দিয়া নাই অত্ৰেয়ীয়েও। এনেকুৱা কেতিয়াও হোৱা নাই। কিবা এক অজান শংকা উপজিল প্ৰয়াগৰ। খুব ধৰধৰকৈ খোজ দিলে সি। লিফ্টৰ পৰা ওলায়েই প্ৰায় দৌৰি যোৱাদিয়েই গৈ হাত দিলেগৈ কলিং বেলত। প্ৰথমতে এবাৰ, তাৰ অকণমান পিছত আকৌ এবাৰ, লাহে লাহে অকণমান জোৰকৈ বেলটো বজাই উঠিল প্ৰয়াগে। তাৰ লগে লগে চিঞৰি চিঞৰি মাতিও থাকিল- ‘পৰিধি, অপেন দ্য দ’ৰ…., দুৱাৰ খোলা না’। এপাকত হঠাৎ দুৱাৰৰ খিলিৰ ফালে চাই দেখে দুৱাৰখন বন্ধ হৈ থকা নাই, এনেয়েহে জপাই থোৱা আছে।
উদভ্ৰান্তৰ দৰে দুৱাৰখন খুলি ভিতৰলৈ সোমাই আহিল প্ৰয়াগ। গোটেই ঘৰখনত চিঞৰি চিঞৰি মাতি ফুৰিল পৰিধিক। ৱাশ্বৰূম, পাকঘৰ সকলোতে চাই বাহিৰলৈ ওলাই আহোতেই দেখে এখন কাগজ ডাইনিং টেবুলখনৰ ওপৰত পেপাৰৱেইট এটাৰে ভৰ দি থোৱা আছে। উৰি যোৱাৰ দৰে গৈ কাগজখনত হাত দিলেগৈ প্ৰয়াগে।
প্ৰয়াগ,
তোমাৰ জীৱনলৈ অহাৰ পৰা কেৱল তোমাক ভালেই পালোঁ। হাজাৰটা জীৱন, হাজাৰটা দেওবাৰ যে মই তোমাৰ সৈতেই কটাব খুজিছিলোঁ। কেৱল তোমাৰ সৈতে, কেৱল তুমি আৰু মই। মোৰপৰা সেইকণ অধিকাৰো তুমি কাঢ়ি নিলা প্ৰয়াগ! আমাৰ মাজলৈ অত্ৰেয়ীনো কেতিয়া আহি তোমাক মোৰ পৰা লৈ গুচি গ’ল মই দেখোন ক’বই নোৱাৰিলোঁ।
আচৰিত হৈছা নহয়, কেনেকৈ গম পালোঁ মই। জানা প্ৰয়াগ, এগৰাকী স্বামীক আটাইতকৈ ভালকৈ বুজি পায় তেওঁৰ পত্নীয়ে। তেওঁৰ দোষ, তেওঁৰ ভুল সকলো কোনেও নোকোৱাকৈয়ে ধৰিব পাৰে সেই মানুহজনীয়ে। সকলো জানিও মই নীৰৱে ৰৈছিলোঁ এই ভাবিয়েই যে কিজানি মই ভবা কথাবোৰ মিছা, সকলো মানিও ক’ৰবাত মনে যেন কৈ উঠিছিল ‘মোৰ প্ৰয়াগ এনে হ’ব নোৱাৰে,কেতিয়াও নোৱাৰে।
কথাবোৰ প্ৰথমে গম পোৱাৰ পিছত এনে লাগিছিল মোৰ যেন গোটেই পৃথিৱীখনেই শেষ হৈ গ’ল। ভাবিছিলোঁ মৰি যাম। শেষ কৰি দিম নিজক। কি লৈ জীয়াই থাকিম!
আজি নিজকে শেষ কৰি দিব খুজিছিলো। কিন্তু ক’ৰবাত শুনিছিলোঁ মৰিবলৈ বিচৰা প্ৰতিজন মানুহৰে বোলে মৃত্যুৰ আগমুহূৰ্তত নিজলৈ বৰ মৰম জাগে। য’ৰপৰা উভতি অহাৰ কোনো বাটেই নাথাকে মানুহৰ কাষত। কিন্তু মই মৰিব নোৱাৰিলোঁ, উভতি আহিলোঁ প্ৰয়াগ। ভাবি উঠিলো, কি দোষৰ বাবে মই মৰি যাম! কিয় শেষ কৰি দিম নিজক! তোমাক ভালপোৱাটোৱেই মোৰতো আৰু দোষ হ’ব নোৱাৰে… আজি মৰাৰ সকলো যো-জা কৰিও এবাৰ অত্ৰেয়ীক মাতি পঠিয়াইছিলো, জানোচা তাই কয় ‘তই ভবা কোনো কথাই সঁচা নহয় পৰিধি। প্ৰয়াগে কেৱল তোক ভালপায়’। কিন্তু এনে নহ’ল।
অত্ৰেয়ী গুচি যোৱাৰ পিছত মোৰ নিজলৈ বৰ দুখ লাগিল প্ৰয়াগ। শেষ মুহূৰ্তত মোৰ বাৰে বাৰে এটা কথাই মনলৈ আহিল- ‘মোক তুমি বাৰু ভাল নাপালা, কিন্তু মোক মই নিজেও ভালপাব নোৱাৰিলোঁ নে!’ এনেকুৱা এজন মানুহৰ বাবে মই মৰিবলৈ ওলাইছোঁ যি মোৰ নহয়েই।
মই জীয়াই থাকিম প্ৰয়াগ। মোক মই নিজেই ভালপাই মই জীয়াই থাকিম। আজি নিজলৈ এক অবুজ মৰমত গলি গলি শেষ হৈ গৈছোঁ মই। কাৰো নোহোৱাকৈ মোৰ মাথোঁ মোৰ হৈ জীয়াই থাকিবলৈ বৰ মন গৈছে।
নিজক এই সজাৰ পৰা আজি মুক্তি দিলোঁ প্ৰয়াগ। তুমিতো জানাই দেওবাৰ মোৰ কিমান প্রিয়। নিজক জীয়ন দিবলৈ, নিজক নতুনকৈ ভালপাবলৈ এই দেওবাৰৰ দিনটোৱেই মই বাছি ল’লো। ৱাটছ এপত এটা ভইচ মেছেজ দিছোঁ শুনিবা।
পৰিধি…
কঁপা কঁপা হাতেৰে মোবাইলৰ নেট অন কৰি পৰিধিৰ মেছেজ খুলিলে প্ৰয়াগে। এটা ৰেকৰ্ডিং পঠিয়াইছে তাই।অত্ৰেয়ীৰ মাত। মাতত অকণো জড়তা নোহোৱাকৈ বৰ স্পষ্টভাৱে কৈ গৈছে তাই…
‘প্ৰয়াগক নিজৰ কৰি পোৱাৰ কোনো আকাংক্ষা মোৰ কেতিয়াও নাছিল। মোৰ অকলশৰীয়া সময়বোৰৰ লগৰী আছিল প্ৰয়াগ। আছিল শৰীৰৰ প্ৰয়োজন পুৰোৱাৰ এক সহজ মাধ্যম। তইতো জানই মই কোনো কথাই কেতিয়াও চিৰিয়াছলি লৈ পোৱাই নাই।
..আৰু তিনিমাহৰ পিছত তেওঁৰ সৈতে চুইডেনলৈ গুচি যামগৈ মই…
ফোনঃ ৯৫৯৯৭৪৯৮৫৭
Comments are closed, but trackbacks and pingbacks are open.