চুটিগল্প : “খনিকৰ”

10

তৰালী ঘৰফলীয়া

“ছাৰ, মই বৰ আশাৰে আপোনাৰ ওচৰলৈ আহিছোঁ। যেনে-তেনে ল’ৰাটোৰ গতি এটা লগাৱকচোন। সি মোৰ কোনো কথাই নুশুনে। লাগ বুলি কোৱা প্ৰতিটো বস্তু দিবই লাগে। হাজিৰা কৰি পোৱা এধানমান টকাকেইটাৰে মই কেনেকৈ তাৰ অতবোৰ ‘ফৰমাইছ’ পূৰণ কৰোঁ কওকচোন। অকণমানতো বুজিব লাগে। নোৱৰাত পৰিহে ইয়ালৈ আহিছোঁ জানে। আপোনালোকে যদি তাক সুমতি দি‌য়াব পাৰে, মই আজীৱন ধৰুৱা হৈ ৰ’ম ছাৰ। তাক মানুহ কৰাৰ স্বাৰ্থত যি শাস্তি দিয়ে দিয়ক। মই অকণমানো আপত্তি নকৰোঁ। আৰু…”

মানুহজনৰ কথাকেইটা বৰ মনোযোগেৰে শুনিলে প্ৰিয়ব্ৰত চলিহাই। এনেধৰণৰ অভিযোগ সঘনাই আহি থাকে যদিও আজিৰ কথাবোৰ যেন কিছু বেলেগ। উদঙীয়া গৰু ৰখিবলৈকে সহজ যদিও এনেবোৰ ওজৰ-আপত্তিৰ গতি লগোৱাটো আচলতে টান। তথাপি, হাতত বাঘজৰীডাল আছে যেতিয়া বান্ধিবলৈ চেষ্টা কৰিবতো লাগিবই। তেওঁ আশ্বাস দি পঠিয়াই দিলে ল’ৰাটোৰ দেউতাকক। আৰু ভাবিবলৈ ধৰিলে এইকণ বয়সতে সি বাৰু সঁচাই ইমান অবাধ্য হ’লনে?

দুবছৰৰ আগত ষষ্ঠ শ্ৰেণীত নামভৰ্তি কৰা উৎপল নামৰ ল’ৰাটোৰ মুখখন তেওঁৰ মনলৈ আহিল। শ্ৰেণীত দেখোন সি বৰ বিশেষ মাতবোল নকৰে। কাজিয়া-পেচাল কৰাকেইটাৰ তালিকাখনটো তাৰ নাম নাই। তেনেহ’লে…!

দেউতাকৰ কথাবোৰ বিশ্বাসৰ যোগ্য নে? বিশ্বাসযোগ্য নহ’লে জানো তেওঁ ছাৰৰ ওচৰত ইমানখন কাবৌ-কাকুলি কৰেহি? কেনেবাকৈ তেওঁ মিছা মতা নাইতো। তেওঁ বিবুধিত পৰিল। কি আছে আচলতে এই অকণমানি ল’ৰাটোৰ মনৰ ভিতৰত? যাৰবাবে ইমান বিক্ষোভ তাৰ দেউতাকৰ প্ৰতি?

সাধাৰণতে উৎপলহঁতৰ দৰে মুখবোৰ সহজতে পঢ়ি পেলাব পাৰে তেওঁলোকে। দিনটোৰ বেছিভাগ সময় দেখোন সিহঁতৰ লগতে যায়। কিন্তু, উৎপলক দেখিলেতো উদণ্ড যেন নালাগে। তেনেহ’লে…! সকলোৰে বাবে সহজ যেন লগা কথাবোৰো আচলতে অসহজ হয় কাৰোবাৰ বাবে। দুখে ঘৰ সজা বুকুৰ কোনোবা কোণত অজানিতে এধানি এধানিকৈ পোখা মেলে বিক্ষোভ নামধাৰী দানৱে। বুকুখন ভাঙি-ছিঙি থানবান হ’ব খোজে। অথচ, সেই ভাঙোনৰ খবৰ আনক দিয়া নাযায়। দিব পৰাৰ শকতি নাথাকে সকলোৰে।

উৎপলৰ দেউতাকে মদ খায়। নে মদে খায় তেওঁক? বাহিৰৰ জগতখনত বেলেগ এটা ৰূপ ধাৰণ কৰি আটাইৰে সহমৰ্মিতা বিচাৰি ফুৰা মানুহজনলৈ পুতৌ জন্মে উৎপলৰ। কি কৰিছে তেওঁ ঘৰখন চলাবৰ বাবে? আগতেই বা কি কৰিছিল…! হাজিৰা কৰিছিল আনৰ ঘৰত। আজিও কৰে। কিন্তু সেই টকাকেইটাৰে তেওঁ নিজৰ ডিঙিটো তিয়াই টেটু ফালি চিঞৰাৰ বাহিৰে আন একো নকৰে। অৱশ্যে আজিকালি সিহঁত দুটা পেটৰ জোখাৰে বজাৰ-সমাৰ কৰে। তাৰ মাজতে যেনিবা সি কিবা এটা বিচাৰিলে মহাভাৰতখন অশুদ্ধ হোৱাৰ দৰে গালি-গালাজ আৰম্ভ কৰি দিয়ে।

” ঐ লাটচাহাবৰ পুতেক, স্কুললৈ গৈ পঢ়ি ফলাব নালাগে। আৰু যদি পঢ়িবলৈ ইমানেই মন নিজৰ বস্তুৰ যোগাৰ নিজে কৰি ল’বি। মোৰ টকালৈ চকু নিদিবি কৈ থ’লোঁ।”

মাত্ৰ এদিনেই চাগে’ সি দেউতাকৰ মুখত মাতিছিল –

“মই তোমাক যধে-মধে যা-তা বস্তু কেতিয়াও নিবিচাৰোঁ দেউতা। কিন্তু অতি দৰকাৰী বস্তুকেইটা তোমাৰ বাহিৰে মইনো আৰু কাক বিচাৰিম?”

“কাক খোজ খোজগৈ যা। মই তোক একো দিব নোৱাৰোঁ। মিছামিছি মোৰ গলগ্ৰহ হৈ থাকি অশান্তি নকৰিবি।”

মাতৰ তিতাই ডিঙিলৈকে সোপা মাৰি ধৰিছিল উৎপলৰ। যাৰ আশ্ৰয়ত সি জী আছে, তেওঁৰ মুখতে এনে অভব্য কথা? পাৰিনে সহিব ইমান যাতনা? মাকলৈ বৰকৈ মনত পৰে তাৰ। জুইশালত বহি পিঠা ভাজি খুওৱা দিনবোৰলৈ মনত পৰে। ক’ৰবালৈ গ’লে হাতৰ টিপতে লৈ অহা মৰ্টনটোলৈ মনত পৰে। আৰু বহুত কিবাকিবিয়েই মনত পৰে তাৰ আৰু হুমুনিয়াহ হৈ বৈ আহে দুধাৰি লোতক। তালৈ বাৰু মনত পৰেনে মাকৰ? নে তাৰ নামৰ অস্তিত্বকে তেওঁ হেৰুৱাই পেলালে কালৰ কুটিল পৰিহাসত? একোৱেই নাজানে সি। জানিবলৈ মন গ’লেও ‘মাক’ নামৰ মানুহজনীক তাৰ মনে ঢুকি নাপায়গৈ।

সি পিছে মাকক বৰ ভাল পাইছিল। এতিয়াও পায়।  যদিওবা সি তেওঁৰ বৰ্তমান অৱস্থান সম্পৰ্কে একোৱেই নাজানে, নুবুজেও। তাৰ একমাত্ৰ সাৰথি দেউতাক। পিছে, দেউতাকে জানো ভাবে সিও তেওঁৰ সাৰথি হৈ ৰওক আজীৱন। কেৱল ককৰ্থনাই কিয় কৰে তেওঁ উৎপলক? ‘মৰম’ নামৰ শব্দটোৰ লগত কোনো সম্পৰ্কই নাই নেকি দেউতাকৰ? ভাবি থাকে সি? পাৰপাৰহীন ভাবৰ সাগৰত ডুব গৈ থাকে…

উৎপলৰ মনত নাই দেউতাকেনো তাক কেতিয়া মৰমেৰে মাতিছিল। কোলাত উঠি থকা দিনবোৰত তেওঁ বাৰু সাৱটি লৈছিলনে তাক? নে তেতিয়াও তেওঁ দয়া-মায়াহীন এজন কঠোৰ মানুহ হৈয়ে ৰৈ গৈছিল। অহুকানে পহুকানে এদিন শুনিছিল উৎপলে, তাৰ দেউতাক হেনো পঢ়া-শুনাত খুব চোকা আছিল। সপোনবোৰ উচ্চ আছিল। অথচ, সুবিধা আছিল তেনেই সীমিত। তথাপি তেওঁ আগুৱাইছিল দোপতদোপে। এজন সুদক্ষ প্ৰশাসনিক বিষয়া হোৱাৰ লক্ষ্যই ঘৰ সাজিছিল বুকুত। কিন্তু, হঠাৎ যেন খহি পৰিছিল তেওঁৰ সপোনৰ নিলয়। একেটা বছৰতে অগা-পিছাকৈ মাক-দেউতাক দুয়োজনেই ঢুকাইছিল উৎপলৰ দেউতাকৰ। ‘ক’ৰ চুককেইটাও চিনি নোপোৱা মানুহহালে নিজৰ একমাত্ৰ ল’ৰাটোৰ সপোনটো কিন্তু একেবাৰেই নিচিনিছিল। তথাপি, তাৰ আশা পূৰণেই আছিল তেওঁলোকৰো পূৰ্ণতা। পিছে, ঠুনুকা কাঁচৰ টুকুৰা ভঙাদি নিমিষতে ভাঙি পৰিছিল উৎপলৰ দেউতাকৰ সপোনৰ ভেঁটি। পেটত ভোক পুহি সপোন দেখাৰ অধিকাৰ নেদেখাজনে তেওঁলোকৰ দৰে মানুহক দিয়া নাছিল। যাৰবাবে হয়তো বিশ্বাস হেৰাইছিল তেওঁৰ জীৱনৰ ওপৰত। বৰ কষ্টেৰে তেওঁ কিতাপখিনি সামৰি পেলাইছিল চিৰদিনলৈ। জীৱন পৰিৱৰ্তিত হৈছিল সংগ্ৰামলৈ। কলম ধৰা হাতখনেনো কেতিয়া দাখন ধৰি পেলাইছিল সেই কথা জনাৰ অৱকাশ হেৰাইছিল। গাঁওখনত টকাৰ ধনী মানুহ বহুত আছিল। কিন্তু, উৎপলৰ দেউতাকৰ সপোনটো পূৰণ কৰিব পৰা মনৰ ধনী কিন্তু এজনো নোলাল সেই সময়ত। অথচ, সকলোৱে জানিছিল তেওঁৰ দক্ষতা।

জীৱনে বৰ বেয়াকৈ নিঃসংগ কৰি পেলাইছিল উৎপলৰ দেউতাকক। সপোনহে হেৰাইছিল তেওঁৰ। লগ-বন্ধু কিন্তু বাঢ়িছিল। বাঢ়িছিল মনৰ দুখ পাতলোৱাৰো অজুহাত। এদিন তেওঁৰে কোনোবা এজন বন্ধুৱে হাতত ৰঙীণ পানীয়ৰ গিলাছ তুলি দি ঢোক ঢোককৈ পি খাবলৈ শিকাইছিল তেওঁৰ সমস্ত দুখ। কিন্তু, দুখেহে যেন গোটে গোটে গিলি পেলাব খুজিছিল মানুহজনক। তেওঁ গম নোপোৱাকৈয়ে।

কোনো সম্ভাৱনা আৰু আকাংক্ষা নথকা স্বত্তেও এদিন তেওঁৰ এখন সংসাৰ হৈছিল। এসময়ত উৎপলো আহিছিল তেওঁলোকৰ জীৱনলৈ। সি অহাৰ দিনা সোঁৱে-বাঁৱে ভিৰ কৰি থকা বন্ধুবৰ্গক ‘পাৰ্টি’ খুৱাবলগীয়া হৈছিল তেওঁলোকৰ চাহিদা অনুসৰি। অনবৰতে ৰঙীন পানীয়ৰ পৃথিৱীখনত ডুব গৈ থকা মানুহজন উৎপল অহাৰ পাছত সলনি হ’ব বুলি বৰ আশা কৰিছিল তেওঁৰ পত্নীয়ে। পিছে, আশা পূৰণ কৰিব পৰা মানুহ জানো তেওঁ আছিল? সংসাৰ বঢ়াৰ পাছতো ‘সাংসাৰিক’ নহ’ল তেওঁ। পত্নীৰ কাকুতি, মিনতি একোৱেই টলাব নোৱাৰিলে উৎপলৰ দেউতাকক। মদ খাই মাতলামি কৰাতো যেন তেওঁৰ বাবে ভাতৰ লগত পানী খোৱাৰ দৰে হৈ পৰিল আৰু ঘৰখন চলোৱাত তেওঁ হৈ পৰিল চৰম ব্যৰ্থ।

মানুহগৰাকীয়েনো কিমান জোৰা-টাপলি মাৰিব? প্ৰথম অৱস্থাত তেওঁ সংসাৰখনৰ চাৰিওফালে কেৱল অন্ধকাৰ দেখিছিল। তাৰপাছত এচটা এচটাকৈ বুকুত শিল জাপিছিল আৰু নিজ ইচ্ছাৰে পৃথিৱীলৈ আমন্ত্ৰণ কৰি অনা একমাত্ৰ সন্তানটিৰ স্বাৰ্থতে ‘কাম’ বিচাৰিবলৈ লৈছিল ঘৰৰ বাহিৰত। টকা পোৱা কাম। তেওঁক ওলাই যোৱা দেখি প্ৰথমে তভক মাৰিছিল উৎপলৰ দেউতাক। তাৰপাছত হাঁহে গা কোটালি দিয়াৰ দৰে গাৰপৰা যেন জাৰি জোকাৰি পেলাইছিল সমস্ত চিন্তা। “যা, নিজৰ খোৰাকি নিজেই যোগাৰ কৰি ল। মোৰ কি আহে যায়। এনেও তহঁতৰ দুটা পেট পুহিবলৈ মোৰ টকাই নাটে।”

মানুহজনৰ মনোভাৱ যেন ভালকৈয়ে বুজিছিল উৎপলৰ মাকে। দুখৰ হুমুনিয়াহ এটা বুকুতে সাঁচি হাঁহি এটা পিন্ধি লৈছিল ওঁঠত আৰু ওলাই গৈছিল নিতৌ। কাম তেওঁ পাইছিল। প্ৰথমতে উৎপলক লগতে লৈ যাবলগীয়া হৈছিল যদিও পাছলৈ তাক ঘৰতে এৰিছিল। এনেও তেতিয়ালৈ সি স্কুললৈ যাব পৰা হৈছিলেই। মাকে হাতত ধৰি এদিন তাক গাঁৱৰে প্ৰাথমিক বিদ্যালয়খনত নাম লগাই থৈ আহিছিলগৈ।

হাতখন যে এৰিছিল স্কুলত, এৰাতে থাকিল। তাক আলফুলকৈ সাবটি ফুৰা মাকজনী কামলৈ বুলি ঘৰৰপৰা ওলাই যাওঁতে যাওঁতে ক’ৰবাতে হেৰাই থাকিল। আৰু দেউতাকৰ দৰে তেৱোঁ লাহে লাহে  অচিনাকী হৈ আহিবলৈ ধৰিলে। কৰ্কশ মাতষাৰৰ বাহিৰে দেউতাকৰপৰা একোৱেই নোপোৱা উৎপলক বাৰু মাকেও অৱজ্ঞা কৰিবলৈ ধৰিলে নেকি! সুমেৰু আৰু কুমেৰুৰ মাজত অৱস্থান কৰাৰ দৰে দুয়োৰে মাজত ৰৈ গ’ল নেকি সি বব নোৱৰা এক বোজা হৈ?

হয়তো হয়। নহ’লেনো তাৰ মাক-দেউতাকৰ মাজত দিনে দিনে ইমানকৈ বাঢ়িবলৈ ধৰেনে সংঘাত? বুজা-নুবুজাৰ মাজত হ’লেওতো সি বহু কথাই বুজে। তেওঁলোকেহে চাগে’ নুবুজে বুজিব লগাবোৰো। নহ’লেনো থুনুকা কাঁচ ভঙাদি ভাঙি পৰেনে সম্পৰ্কৰ বান্ধোন? আনে নেদেখিলেও কণমানি উৎপলে দেখিছিল সম্পৰ্কৰ বান্ধোন কিদৰে সুলকি পৰে। কিদৰে, ‘ঘৰ’ নামৰ আৱৰণ এটাৰ মাজত মনৰ মিল হেৰাই যাব খোজা মানুহবোৰ সোমাই থাকে। প্ৰয়োজন অবিহনে য’ত এটা শব্দৰো আদান-প্ৰদান নহয়। পাৰি জানো তেনে এক বৃত্তৰ মাজত অৱস্থান কৰি মুকলি উশাহ এসোঁতা উজাই ল’ব?

ঘৰখন সেইদিনাই শেষ হৈছিল, যিদিনা উৎপলৰ মাকে সম্বন্ধক নেওচা দি কোনোবা অচিনাকী মানুহ এটাৰ হাতত ধৰি গুচি গৈছিল দেউতাকৰ চকুৰ সন্মুখতে। বুজা-নুবুজা চাকনৈয়াৰ পাকত পৰি বাৰাণ্ডাৰ চুকৰ খুটাটোত আউজি সি মাথোঁ চাই লৈছিল মাকলৈ। দেউতাকৰ মুখৰপৰা নিগৰিছিল অকথ্য গালি-গালাজ। সেই গালিত তাৰ মাকজনী ‘মাক’হৈ থকা নাছিল। তেৱোঁ হৈ পৰিছিল সেই হাতত ধৰি গুচি যোৱা মানুহটোৰ দৰেই অচিনাকী। কিয় জানো এনে লাগিছিল উৎপলৰ, দেউতাকো যেন মাকৰ সমানেই জগৰীয়া। ইচ্ছা কৰা হ’লে তেওঁ জানো মাকক ধৰি ৰাখিব নোৱাৰিলেহেঁতেন। অথবা, ঘৰখন “ঘৰ” কৰি ৰাখিব নোৱাৰিলেহেঁতেন?

পাৰিলেহেঁতেন। কিন্তু তেনেকুৱা নহ’ল। যাৰবাবে মৰম নামৰ অস্তিত্বটো উৎপলৰ জীৱনৰপৰা আঁতৰি গ’ল তিলতিলকৈ। কাকোৱেই তাৰ ভাল নলগা হ’ল। সি ভাবি ল’লে দেউতাকেও সেই একেই শাস্তি পাওক, যি শাস্তি সি মনত থকাৰেপৰা ভোগ কৰি আহিছে। কিন্তু, ভাবিলেইতো সকলো নহয়। শাস্তি পাওক বুলি ভাবিলেও সি কিন্তু দেউতাকৰ অবাধ্য কেতিয়াও হ’ব নোৱাৰে। তেওঁতো আজিকালি তাৰ একেবাৰেই খবৰ নাৰাখে। সময়ত ঘৰৰপৰা ওলাই যায়, অসময়ত আহে। তাৰ মাজতে উৎপলে ভাত ৰান্ধে, পঢ়ে, ঘৰৰ অন্যান্য কাম কৰাৰ লগতে স্কুললৈও যায়। কেইবাদিনৰ মূৰত দেউতাকে বজাৰ-সমাৰ দুটামান কৰে। তাকে সি টুকটাককৈ চলায়। দেউতাককো ৰান্ধি-বাঢ়ি খুৱায়। পিছে, তেওঁ কেতিয়াবা খায়, কেতিয়াবা নাখায়। দিনবোৰ চলে এনেকৈয়ে। তেওঁ যে আনৰ পুতৌৰ পাত্ৰ হৈ ৰৈ যায়। সেই কথা চাগে’ গমকে নাপায়। নহ’লে জানো নিজৰ ল’ৰাটোৰ গাত দোষ জাপি দি নিজে মহান হৈ থকাৰ কচৰৎ চলাই থাকিব পাৰে নে?

কথাবোৰৰ উমান পালে প্ৰিয়ব্ৰত চলিহাই। উৎপলে নিজেই ক’লে তেওঁক। এই কণমানিতে ল’ৰাটোক জীৱনে তাৰমানে বহুত কিবাকিবিয়েই শিকালে। তালৈ তেওঁৰ বৰ দৰদ ওপজিল। দোষ তেওঁ কাকো দিব নিবিচাৰিলে। কি ঠিক! দোষ কিজানি পৰিস্থিতিৰে! উৎপলৰ দেউতাকক এবাৰ মাতি পঠোৱাৰ সিদ্ধান্ত ল’লে তেওঁ। শেষ চেষ্টা এটা কৰি চাবলৈ। জীৱনৰ ওপৰত ক্ষোভ উজাৰি নিজকে শেষ কৰি পেলাব খোজা মানুহজনে তেওঁৰ কথামতে নতুনকৈ জীৱনটোক এবাৰ ভাল পাবলৈ শিকেইবা। উৎপলৰ হাতত ধৰি। যদি তেওঁ তাৰ হাতখন এৰিও পেলায়, তথাপি সেই হাতত খামুচি ধৰি তাক “মানুহ” কৰাৰ সংকল্প বুকুত বান্ধে প্ৰিয়ব্ৰত চলিহাই। দেউতাকৰ দৰে উৎপলক অন্ততঃ তেওঁ হেৰাই যাবলৈ দিব নোৱাৰে জীৱনৰ চাকনৈয়াত। কাৰণ, তেওঁ যে মানৱ সম্পদ গঢ়া খনিকৰ।

ফোন – ৯৮৬৪৯৫৩৫৯১

You might also like

Comments are closed, but trackbacks and pingbacks are open.