সুদৰ্শন চাহু
: তোমাক যে হঠাৎ লগ পাম ভবাই নাছিলো।
: আপুনি আজিকালি তেজপুৰত থাকে নেকি?
: ও………. দুব্ছৰ হ‘ল । বহুঠাইত ফুৰিলো। এতিয়া তেজপুৰত থিতাপি লৈছো। তোমাক এদিন লগ পোৱাৰ বাসনা পুহি ৰাখিছিলো । আজি নভবাকৈয়ে হঠাৎ লগ পাই গ‘লো।
: আজি আপুনি বৰ ফ্ৰি। আগতে মোৰ লগত কথাই নাপাতিছিল।
: মই সদাই ফ্ৰি। তোমাৰ লগতহে ৰিজাৰ্ভ হৈ আছিলো। আচলতে ভিতৰত কিবা থাকিলে ৰিজাৰ্ভ ভাৱটো আহি যায়।
: ভিতৰত কি থাকিলে?
সামান্য হাহি বিৰিঙি উঠিল শুভ্ৰৰ মুখত। গৰিমাৰ মুখলৈ চালে। গৰিমাই যেন শলঠেকত পেলাব বিছাৰিছে।
: তুমি ইমান স্মাৰ্ট কেতিয়াৰ পৰা হ’লা ? আগতে কিবা লাজ লাজ ভাৱত থাকিছিলা।
গৰিমাই কোনো উত্তৰ নিদিলে। কেৱল শুভ্ৰৰ ফালে চাই হাঁহিলে।
: মিছা কৈ কিনো লাভ হ’ব! তুমিতো জানাই, তোমাক প্ৰথম দেখাৰে পৰা মই আকৰ্ষিত হৈছিলো। তোমাৰ প্ৰেমত যাতে পৰি নাযাও , তাৰ বাবে তোমাৰ পৰা আতৰি থাকিছিলো। সেইকাৰনে তুমি কোৱা ৰিজাৰ্ভ ভাৱ টো আহি পৰিছিল। হু…….. মই তেতিয়া ৰিজাৰ্ভ নোহোৱা হলে কি হ’লহেতেন ?
শুভ্ৰৰ প্ৰশ্নত হঠাৎ থমকি ৰল গৰিমা। আগত গৰু এহাল থকা বাবে শুভ্ৰই গাড়ীখনৰ গতি একেবাৰে কমাই দিলে। গৰিমাৰ আগৰ সেই লাজ লাজ ভাৱ টো নাই। তাই যেন মুক্তভাবে শুভ্ৰৰ লগত কথা পাতি গৈ আছে। গাড়ী খন আকৌ সাধাৰণ গতিত আগবাঢ়িল।
: শুভ্ৰদা, আচলতে কি জানে ? আপোনাৰ টাইমিং ঠিক হোৱা নাছিল।
মিছিকিয়া হাঁহি এটা মাৰি গৰিমাই ক’লে।
: টাইমিং……? টাইমিং বোলা কিবা বস্তু থাকে নেকি প্ৰেমত ? মই তো আজি প্ৰথম শুনিলো।
কেচাঁ ৰ’দ পৰি প্ৰকৃতি যেন বেচি উজ্জল হৈ পৰিছে। শুভ্ৰই যিমান পাৰে লাহে লাহে গাড়ী চলাইছে । মাথো দুই কিলোমিটাৰ পথ। গৰিমাই ঘৰ পায় মানে ৰোমান্টিক মূহুৰ্তটো শেষ হৈ যাব ।আকৌ জীৱনত এনে মূহুৰ্ত হয়তো কেতিয়াও নাহিব । গৰিমাও যেন বেয়া পোৱা নাই।
: টাইমিং মানে কি জানে শুভ্ৰদা। আপুনি যেতিয়া আমাৰ ঘৰৰ লগত খুওঁব ক্ল’জ হৈ গৈছিল, ময়ো অনুমান কৰিছিলো আপুনি মোক ভাল পায় বুলি। মোক প্ৰেমৰ প্ৰস্তাব দিব বুলি আশাৰে বাট চাই আছিলো। পিছে তিনিমাহ পাৰ হৈ গল কিন্তু আপুনি আগ নাবাঢ়িল।
শুভ্ৰই মিউজিক চিস্টেমৰ ভলিউম টো কমাই দিলে। বৰ আকৰ্ষনীয় বাৰ্তালাপ চলি আছে। এতিয়াও কম ভলিওমত বাজি আছে , -“ চল’ দিলদাৰ চল’ চান্দ কে পাৰ চল’ ….“ সি গৰিমালৈ চালে। আজি যেন বিছ বছৰে লুকুৱাই বখা কোমল অনুভূতিৰ বহিপ্ৰকাশ।
: তাৰ পিছত ?
: আপুনি যেতিয়া চিঠিখন দিছিল তাৰ কিছুদিন আগতে বিনয়ে মোলৈ যাচিলে প্ৰেমৰ প্ৰস্তাব। মাক বিনয়ৰ কথা কৈছিলো। মায়েও কোনো আপত্তি কৰা নাছিল। কিন্তু মোৰ ভুল হৈছিল। বিনয়ক মই বুজিব পৰা নাছিলো। সি প্ৰেমত মুঠেও চিৰিয়াচ নাছিল। সি যেন ধেমালিতে মোক প্ৰেমৰ প্ৰস্তাব দিছিল। বিনয় লৰাটো ভালেই আছিল। কিন্তু তাৰ অন্তৰত আবেগ কম আছিল । কিবা এটা কাৰণত মায়েও তাক পচন্দ কৰিছিল ।
গৰিমা ৰৈ গল। তাই যেন সকলো কথা বিনাদিদ্ধাই শুভ্ৰক জনাই দিব বিছাৰিছে। শুভ্ৰই বটলৰ সাফৰটো খুলি এঢোক পানী খাই ললে। ৰাস্তাৰ দুয়োপাৰে সেউজীয়া ধাননি পথাৰ। দুৰ দুৰলৈ কেৱল সেউজীয়া আৰু সেউজীয়া।
: তাৰপিছ্ত…..?
: তাৰপিছত মই এটা সঁচা প্ৰেম হেৰুৱাই পেলালো।
কিছুসময় নিৰবতা। এই নিৰবতাত আছে যেন বহু আবেগৰ সমাহাৰ। গৰিমাই সঁচা প্ৰেম হেৰুওৱাৰ যি স্বীকাৰোক্তি দিলে সিয়ে শুভ্ৰৰ অন্তৰখন আন্দোলিত কৰি তুলিলে। গাড়ীখনত মাথো সিহঁত দুয়ো। ক্ষীণকৈ বাজি থকা গীতৰ মাজতো সি যেন শুনা পাইছে গৰিমাৰ স্বাস-প্ৰস্বাসৰ শব্দ ।
: কিন্তু তুমি মোৰ চিঠিখনৰ উত্তৰ কিয় দিয়া নাছিলা ?
বিছ বছৰে বাকী থকা প্ৰশ্নটো আজি শুধি পেলালে শুভ্ৰই। তাৰ মুখত ফুট ফুট কৈ ঘামৰ বিন্দুবোৰ উজ্লি উঠিল। এ চি টো অলপ বঢ়াই দি গৰিমালৈ চালে। তাইৰ চাৱনিয়ে বুজাই দিলে, কোনো অসুবিধা নাই।
: কিয় উত্তৰ দিয়া নাছিলো নাজানো। কিন্তু …… আপুনি বৰ আবেগিক । মনোকষ্ট দিব খোজা নাছিলো ।
শুভ্ৰ ৰৈ গল এক মূহুৰ্ত্তৰ বাবে। শুভ্ৰৰ বাবে হয় আৰু নহয়ৰ মাজৰ অৱস্থাটো বেছি আমনিদায়ক আছিল। তাৰ মনত পৰিল– চিঠিখন লিখি দহদিনমান লগতেই ৰাখিছিল। কেনেকৈ দিব, দিব নে নিদিব, কোনোবাই দেখিলে কি হ’ব ইত্যাদি ইত্যাদি চিন্তাই জুমুৰি ধৰিছিল। চিঠিখন দিয়াৰ আগদিনা মন্দিৰত চাকি জলাই প্ৰাৰ্থনা কৰিছিল। ভগৱানৰ পৰা বিছাৰিছিল সি যাতে কোনো ধৰণৰ ঋণাত্মক শব্দ শুনিব লগীয়া নহয়। চিঠিখন সাবধানে গুজি লৈছিল পেন্টৰ পকেটত। চিঠিখন দিব পাৰিব নে নোৱাৰে সি নিশ্চিত নাছিল। চাইকেল খন লৈ ভৰ দুপৰীয়া গৈ আছিল একান্তমনে। মনলৈ আহি আছিল ভবিষ্যতৰ সপোনবোৰ। গৰিমাক লৈ সাঁজি উলিউৱা নক্সা এখন। গৰিমাক লৈ যেন এখন নতুন জগতলৈ ধাবমান হ’ব। গৰিমাৰ ঘৰলৈ সোমাই গল তাৰ চাইকেলখন। ঈশ্বৰ প্ৰসন্ন আজি। গৰিমা ঘৰত অকলে আছে। সি ইফালে সিফালে চালে। ৰাস্তাৰ সিপাৰৰ পৰা গৰিমাৰ মাকে তালৈ চাই হাত জোকাৰিলে। আহি আছে , ৰবলৈ কৈছে। সি পলম নকৰি পকেটৰ পৰা চিঠিখন উলিয়ালে। গৰিমাই চাইছে তাৰ হাত খনলৈ। তাই চাপি গল দেৱালৰ কাষলৈ। সি চিঠিখন গৰিমাৰ হাতত গুজি দিলে। গৰিমাই চাই ৰ’ল শুভ্ৰলৈ। সেই মৰমৰ চাৱনিটো পঞ্জিভূত হৈ ৰ’ল শুভ্ৰৰ কোমল অন্তৰত। কেতিয়াও পাহৰিব নোৱাৰে সি সেই মূহুৰ্তটো।
: কি হ‘ল ? মনে মনে থাকিল যে ?
: নাই একো নাই ।
শুভ্ৰৰ অন্তৰত পেন্ডোলাম বাজিব ধৰিলে। বিছ বছৰ আগতে তাৰ অন্তৰত জাগি উঠা আবেগবোৰ জীৱন্ত হৈ উঠিল। গৰিমাৰ অন্তৰত ফৰকাল ভাব। কথাখিনি কৈ সন্তোষ অনুভব কৰিছে তাই।
: আপোনাৰ গাড়ীখন কেতিয়া কিনিলে ?
গৰিমাই কথা সলাবলৈ চেষ্টা কৰিলে। তাইৰ ইংগিত– আমি বাৰু যি কোনো ক’থা সহজ ভাৱত পাতিব নোৱাৰো নে? এয়া এক নতুনকৈ বন্ধুত্বৰ প্ৰস্তাব নেকি? শুভ্ৰ তাইৰ নতুন প্ৰস্তাৱত সন্মত। বিছ বছৰ আগৰ দিনবোৰ মনলৈ আনি কিনো লাভ। শুভ্ৰই আজি নিচ্ছিত হ’ল যে বিছ বছৰ আগতে তাৰ অন্তৰত যি প্ৰেমৰ বীজ অন্কুৰিত হৈছিল তাৰ প্ৰতিদান আছিল কেৱল এক সহানুভুতি। গৰিমাই তাৰ চিঠিখন সজতনে ৰাখি থৈছিল। কেতিয়াবা অতিত ৰোমন্থন কৰি আত্মসন্তোষ্টি লভিবৰ বাবে। গৰিমাই কোৱা শব্দটো মনলৈ আহিল,- টাইমিঙ। শুভ্ৰৰ টাইমিঙ ঠিক হোৱা হ’লে হয়তো গৰিমা হৈ পৰিল হেতেন শুভ্ৰৰ প্ৰেমিকা । কিন্তু তেনে প্ৰেমৰ সন্ধানত নাছিল শুভ্ৰৰ অন্তৰখন। তাক এনে প্ৰেম নালাগে যি প্ৰেমৰ দিশ টাইমিং নামৰ শব্দটোৱে নিৰূপন কৰে। এটা দীঘলীয়া উশাহ ললে শুভ্ৰই । শুভ্ৰৰ আবেগৰ নৈ খন সাগৰৰ দিশে বৈ যাব ধৰিছে । সাৰৰৰ সৈতে মিলি অস্তিস্বহীন হৈ পৰিব খোঁজে এই আবেগবোৰ । শুভ্ৰৰ মনত পৰিল ল’ৰালিতে লোৱা এক সংকল্প লৈ– “ জীৱনত যদি কাৰোবাৰ প্ৰেমত পৰো বিনিময়ত লাগিব সমানে পৰিমানৰ ভালপোৱা ।“ এয়া বাস্তব নহয় নেকি বাৰু ? নে এনেই মিছা হৈ ৰ’ল তাৰ কল্পনা। সি গৰিমালৈ চালে। তাই শুভ্ৰৰ উত্তৰৰ অপেক্ষাত ৰৈছে।
: অ’ গাড়ীখন আঠ মাহ মান আগতে কিনিছিলো । ভাল লাগিছেনে ?
তাই মুখৰ ভংগীৰে উত্তৰ দিলে- ভাল লাগিছে। গৰিমা ঘৰ পালেহি। বেগটো লৈ তাই ঘৰলৈ সোমাই গ’ল । শুভ্ৰ আগুৱাই গৈ থাকিল। মুৰটো দোৱাই আগফালৰ গ্লাছ খনেদি আকাশলৈ চাবলৈ চেষ্টা কৰিলে। তাৰ সংকল্পটো ডাৱৰৰ মাজে মাজে নাচি ফুৰিছে। হঠাতে প্ৰকান্ড ডাৱৰৰ টুকুৰাবোৰৰ মাজতে হেৰাই যাব খোজে তাৰ নিমাখিত সংকল্প। আকাশখন লাহে লাহে কলা হৈ আহিব ধৰিছে । শুভ্ৰই মনে মনে ঈশ্বৰক প্ৰাৰ্থনা জনালে । অহা জনমত মোক আকৌ দিবা সেই একেই সংকল্প । কেৱল নিদিবা টাইমিং ৰ কোপদৃষ্টি।
ফোনঃ ৯৪৩৫৩-০১৯৫৭
Comments are closed, but trackbacks and pingbacks are open.