প্ৰীতি উপহাৰ

29

ৰূপাঞ্জলি চেতিয়া

আবেলি পৰত আগফালৰ বাৰাণ্ডাত থকা কাঠৰ চকী এখনত বহি পদূলিৰ পিনে চাই থকাটো অনুপমাৰ বহু পুৰণি অভ্যাস৷ আগতে গিৰিয়েক পৰেশ অ’ফিচৰ পৰা আহিবৰ সময়ত তাতে বহি তেওঁলৈ কৰা অপেক্ষাৰ অভ্যাসটো পিছলৈ উৰ্মিমালা আৰু আকাশৰ স্কুল-কলেজৰ পৰা উভতাৰ সময়লৈ সলনি হৈছিল৷ আচলতে মানুহৰ স্বভাৱ, অভ্যাস সকলো একেই থাকে, সলনি হয় কেৱল ভিত্তি আৰু মাধ্যম৷ পিছে ভিত্তি বা মাধ্যম যিয়েই নহওক, এই কামটো অনুপমাৰ বাবে আবেলিৰ বিলাসৰ দৰে৷

মাক-দেউতাকৰ মৃত্যৰ পিছত গাঁৱৰ সকলো মাটি-সম্পত্তি বিক্ৰী কৰি পৰেশে চাকৰিসূত্ৰে থাকিবলৈ লোৱা সৰু চহৰখনতে মাটি এটুকুৰা নিজৰ নামত কৰি লৈছিল৷ বছৰচেৰেক পিছত লোণ এটা লৈ আটোমটোকাৰীকৈ বাটাম দিয়া পাঁচকোঠলীয়া ঘৰটো বান্ধিছিল৷ এই মাটি কিনা-বেচা কৰা, ঘৰ বন্ধা, এইবোৰ কোনো কামতেই অনুপমাৰ সামান্যতমো অৰিহণা নাই বুলিলেও চাগে ভুল কোৱা নহ’ব৷ পৰেশৰ ওপৰত সকলো বিষয়ত সদা নিৰ্ভৰশীল অনুপমাই এই সন্দৰ্ভত মাত্ৰ দুটা কামেই কৰিছিল৷ প্ৰথমটো, ঘৰখনৰ আচুতীয়া আলহী বহা কোঠাটো তাই নিজ হাতেৰে ফুল, লতা, আখৰ আদি কাপোৰত এম্ব্ৰইডাৰী কৰি ফ্ৰেমত বন্ধাই ইচ্ছামতে সজাইছিল৷ আৰু দ্বিতীয়টো, আগফালৰ বহল বাৰাণ্ডাখন গিৰিয়েকক কুটুৰি চটা চটা কাঠেৰে কঁকালৰ সমান জোখলৈ বেৰা দিয়াই লৈছিল আৰু তাতেই কাঠৰ চকী এখন থৈ দিছিল, য’ত বহি আবেলিৰ আজৰি সময়খিনিত ইখন-সিখন হাতৰ কাম কৰাৰ লগতে পৰেশ আৰু ল’ৰা-ছোৱালীহাল অহালৈ বাট চাইছিল৷

পিছে যোৱা কেইবামাহো ধৰি এই বিলাসৰ পৰা বঞ্চিত হৈ আছে অনুপমা৷ ইয়াৰ কাৰণ পুতেক আকাশে ঘৰৰ আগফালৰ মুকলি ঠাইখিনিত নতুনকৈ বান্ধিবলৈ লোৱা ঘৰটো৷ ঘৰটো সাজিবলৈ আৰম্ভ কৰাৰ পিছতো অনুপমা আবেলি সময়ত সেই নিৰ্দিষ্ট ঠাইখিনিত বহে ঠিকেই, কিন্তু তাইৰ দৃষ্টিয়ে ঘৰ বন্ধাত ব্যস্ত শ্ৰমিকৰ হাই-উৰুমিৰ জম্‌জমাৎ পৰিবেশটো চেৰাই পদূলি পাবগৈ নোৱাৰে প্ৰায়ে৷ আৰু তেনেবোৰ সময়ত সাম্ভাৱ্য কিছুমান চিন্তা-দুঃশ্চিন্তাৰ চাকনৈয়াত পৰি ছাটিফুটি কৰি থাকে তাই৷

চাৰিবছৰ আগতে তেল কোম্পানীৰ চাকৰিত সোমোৱা আকাশে নিজৰ উপাৰ্জনৰ লগতে দেউতাকৰ অৱসৰৰ পিছত পোৱা টকাখিনিৰে এই ঘৰটো বান্ধিবলৈ আৰম্ভ কৰা ডেৰবছৰ হ’বৰ হ’লহি৷ চাবলৈ গ’লে ইমান প্ৰকাণ্ড দুমহলীয়া ঘৰটো বনাওতে ডেৰটা বছৰ খুব কমেই সময়৷ কিন্তু এই ডেৰটা বছৰ অনুপমাৰ বাবে নাযায় নুপুৱাই যেন লগা একোটা যুগ৷ ইয়াৰ কাৰণ পিছে তেওঁৰ নতুন ঘৰৰ প্ৰতি উপজা মোহ নাইবা আকৰ্ষণ কোনোটোৱেই নহয়৷ আচলতে তাইক আবেলিৰ বিলাসকণৰ পৰা বঞ্চিত কৰি ৰখা এই ডেৰটা বছৰ হয়তো জীৱনৰ আটাইতকৈ বেয়ালগা সময় বুলি গণ্য কৰে অনুপমাই৷ আৰু এইটো কাৰণতে তাই যিমান পাৰি সোনকালে এই ঘৰ বনোৱা পৰ্বটোৰ ইতি পৰাটো বিচাৰিছিল৷

~~~

আজি দেওবাৰ৷ ইমানদিনৰ পৰা চলি থকা হাই-উৰুমি, চিঞৰ-বাখৰ, হাতুৰী-বটালীৰ শব্দ, এই সকলোবোৰ নিজম পৰি আছে আজিৰ দিনটোত৷ এই হুলস্থূলবোৰ বন্ধ হোৱাত অনুপমাই নিয়মমতে ভাল পাব লাগিছিল, সুখী হ’ব লাগিছিল৷ কিন্তু তাৰ সলনি তেওঁ অনুভৱ কৰিছে এক অদ্ভুত কোলাহল৷ দেওবাৰ বাবেহে যে ঘৰৰ কাম বন্ধ হৈ আছে আজি, সেয়া নহয়৷ আচলতে সকলোবোৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে তেওঁলোকৰ নতুন ঘৰটোত৷ কেৱল দুৱাৰ-খিৰিকীবোৰত ৰঙৰ আৰু এটা প্ৰলেপ দিবলৈহে বাকী৷ সেয়াও বতৰ অনুকূলে থাকিলে আৰু পোন্ধৰটা দিনো নালাগে৷ তাৰপিছত লাহে লাহে এইটো ঘৰ নিজে জহি-খহি যোৱাৰ আগতে ভাঙি পেলাব হয়তো৷ আৰু অনুপমাৰ বুকুত উঠা কোলাহলৰ উৎসও সেয়াই৷

সেই কোলাহল নীৰৱে বুকুুুত সামৰিয়েই দেওবৰীয়া বিশেষ খোৱা বোৱাৰ পৰ্ব সমাপ্ত কৰিলে তাই৷ তাৰপিছত পাকঘৰৰ কাম সামৰি শেষ হয়মানে সকলো নিজৰ নিজৰ কোঠাত ভাতঘুমটিৰ আমেজ লোৱাত ব্যস্ত৷ সকলো মানে কেৱল গিৰিয়েক পৰেশ আৰু জীয়েক উৰ্মিমালাহে বাৰু৷ পুতেক আকাশে কিবাকিবি কাম কেইটামান লৈ দহমান বজাতে ওলাই গৈ এতিয়ালৈকে উভতাই নাই৷ আহোঁতে ৰাতি হ’ব বুলি ভনীয়েকক ৰিঙিয়াই কৈ যোৱা অনুপমাই পাকঘৰৰ পৰাই শুনা পাইছিল৷

আচলতে আজিকালি উৰ্মিমালাই হওক বা আকাশেই হওক পোনপটীয়াকৈ কথাবোৰ কোৱাতকৈ বতাহত মেলি দিহে বেছি ভাল পায় যেন বুলি ভাবে অনুপমাই৷ সেই বতাহত মেলি দিয়া কথাখিনি কেনেকৈ কাৰ কাণত পৰে, কি বুজে সেয়া গ্ৰহণ কৰাৰ দায়িত্ব নিজৰ৷ কলেজৰ কিবা কাম নাইবা প্ৰয়োজন থাকিলে উৰ্মিমালায়ো তেনেকৈয়ে কাণত পেলায়৷ অনুপমাই ভাবে এইটো স্বভাৱ দুয়োটাই দেউতাকৰ পৰাই পালে৷ এই লৈ পৰেশক তাই কেইবাদিনো অভিযোগ কৰাৰ দৰেও কৰিছে৷ কিন্তু সঁহাৰিত পৰেশৰ ঢেক্‌ঢেকীয়া হাঁহিৰ বাদে আন একোৱেই পোৱা নাই আজিলৈকে৷ পিছে পৰেশে যিয়েই নাভাবক কিয়, অনুপমাই আজিকালি অনুভৱ কৰে যে তাই উৰণীয়া চৰাই এহালৰ অকলশৰীয়া মাক৷ ল’ৰা-ছোৱালীহাল সঁচাই ডাঙৰ হ’ল৷ আৰু ডাঙৰ হৈ সিহঁত তাইৰ বুকুৰ মাজৰ পৰা একেবাৰে আঁতৰি গ’ল৷

আগতে ভাবি থকা কথাবোৰকে আকৌ এবাৰ ভাবিলে অনুপমাই৷ ভাবি ভাবিয়েই পিছ চোতালৰ দমকলৰ পাৰত মুখ-হাত ধুই বাহিৰত মেলি থোৱা কাপোৰখিনি সামৰি ভিতৰ সোমাল৷ পৰেশ বিচনাত নাই তেতিয়ালৈ৷ সামৰি অনা কাপোৰখিনি বিচনাতে থৈ তাই পিন্ধি থকা কাপোৰসাজ সলালে, মূৰটো আঁচুৰিলে, সেন্দুৰকণ ভালকৈ লগালে৷ তাৰপাছত কাপোৰখিনি ভাগে ভাগে জাপি উৰ্মিমালা আৰু আকাশৰ কোঠাত থ’বলৈ গ’ল৷ উৰ্মিমালাও দেখোন নিজৰ কোঠাত নাই৷ এইবাৰ অলপ আচৰিত হ’ল অনুপমা৷ দেওবাৰৰ দিনা দুপৰীয়াৰ ভাতসাঁজ খোৱাৰ পিছত টোপনি মৰাটো তাইৰ বাহিৰে ঘৰখনৰ সকলোৰে বহুদিনৰ অভ্যাস৷ আজি ইয়াৰ ব্যতিক্ৰম পৰেশ আৰু উৰ্মিমালা দুয়ো৷ আকাশৰ কথা বেলেগ বাৰু৷ সি তো ঘৰত নায়েই!

দুয়োকে বিচাৰি আলহী বহা কোঠাটোত সোমালগৈ অনুপমা৷ নাই দেখোন ইয়াতো৷ তাতো দুয়োকে নেদেখি  ঘূৰিবলৈ লওঁতেই বেৰলৈ চকু গ’ল৷ খালী হৈ থকা বেৰখন দেখি বুকুখনো যেন খালী হৈ গ’ল মুহূৰ্ততে৷ কি হ’ল বেৰখনৰ? আজি পুৱা ঘৰ সৰা-মোচা কৰা সময়লৈকে ভৰি থকা বেৰখনে যেন দাঁত নিকতাই তাইক উপহাস কৰি আছে এতিয়া৷

“উৰ্মি, উৰ্মি! এইবোৰ কি হ’ল? কোনে আঁতৰালে?” তাইৰ আটাহত উধাতু খাই নতুন ঘৰটোৰ পৰা ওলাই তাইৰ ওচৰ পালেহি উৰ্মিমালা আৰু পৰেশ৷

“কি হ’ল মা? কিয় চিঞৰিছা এনেকৈ?”

“কি হ’ল হয়নে?” জীয়েকৰ পিছে পিছে সোমাই অহা পৰেশৰ মাততো বেৰখনৰ পৰা চকু নাতৰিল তাইৰ৷

“নোকোৱা কিয়?” অনুপমাই থৰ লাগি চাই থকা বেৰখনত দৃষ্টি ৰাখিলে পৰেশেও৷ দুয়োৰে দৃষ্টি অনুসৰণ কৰিলে উৰ্মিমালায়ো৷ চূণ দিয়া বেৰখনৰ গাত বৰ্গ আৰু চতুৰ্ভুজ আকৃতিৰ কেইটামান চিন৷ আচলতে সেয়া বহুবছৰ ধৰি তাত ওলোমাই ৰখা ফ’টোৰ চিন৷ ফ’টো কেইখনে আলফুলে বাহিৰৰ পৰা ৰ’দ-বতাহ আৰু বৰষুণে নষ্ট কৰিব নোৱাৰাকৈ সুৰক্ষা দি ৰাখিছিল বেৰখনৰ সেইটো অংশক৷

যেতিয়া কাৰোবাৰ কথা বুকুত সামৰি ৰখা যায় বছৰ বছৰ ধৰি, তাৰপাছত সেই কথাবোৰ উলিয়াই পঠিয়ালেও বুকুৰ মাজত পৰা সাঁচটো আঁতৰোৱা বৰ কঠিন৷ কোনো কোনো ক্ষেত্ৰত ই অসম্ভৱো৷ চূণলিপা বেৰখনৰ পৰা ফ’টোকেইখন আঁতৰাই দিয়াৰ পাছতো তাত নিজৰ সাঁচ অধিকাৰৰ দৰেই বহুৱাই থৈ গ’ল ফ’টোকেইখনে৷ খালী ঠাইকেইটুকুৰালৈ চাই হাহাকাৰ কৰি উঠিল অনুপমাৰ অন্তৰখনে৷ সেই হাহাকাৰত তাইৰ মাতটো চিৎকাৰৰ দৰে ওলাল৷

“এই, এই ফ’টোকেইখন কোনে আঁতৰালে? কিয় আঁতৰালে?” তাইৰ কথাত যিমান বেছি উৎকণ্ঠা আছিল, তাতকৈ বহু বেছি কৌতুক চকুৱে-মুখে সানি পৰেশে জীয়েকৰ পিনে চালে৷

“ইস্! তুমি যিমানহে চটফটাই আছা, মানুহে ভাবিব বৰ এক্সপেন্চিভ্‌ কিবা বস্তু হেৰাল বুলি৷” কথাষাৰ কৈ মুখখন ভেঙুচাই দিলে উৰ্মিমালাই৷ তাৰপাছত অহাৰ দৰেই দপ্‌দপাই আকৌ নতুন ঘৰটোত সোমালগৈ৷

“তুমিওযে! কেইদিনমান পিছত দেখোন আঁতৰাবলগীয়া হ’লেইহেঁতেন৷ কোনোবাই আগতীয়াকৈ আঁতৰাই থ’লে যেনিবা৷ ভালহে হ’ল! তোমাৰ কাম এটা কমিল!” সহজভাৱে কথাষাৰ কৈ পৰেশো জীয়েকৰ পিছে পিছে গ’ল৷ যাওঁতে ৰিঙিয়াই কৈ গ’ল আকৌ, “আঁহাচোন, উৰ্মিয়ে কি কৰি আছে চোৱাহি৷”

অনুপমা ঠাইতে থৰ লাগিল৷ বুকুৰ মাজত কিবা যেন এক পোৰণিৰ অনুভৱ৷ নতুনক আদৰিবলৈ গৈ পুৰণিক অনাদৰ কৰাটো কিমান যুক্তিসংগত! তাই যে কিমান যতন আৰু হেঁপাহেৰে সজাই ৰাখিছিল সেই ফ্ৰেমত বন্ধোৱা কাপোৰকেইখন! বেৰখনৰ ফালে কৰুণভাৱে এবাৰ চাই এখোজ দুখোজকৈ তায়ো নতুন ঘৰটোৰ পিনে গ’ল৷

পিছফালৰ ডাইনিং হল হিচাপে ৰখা মুকলি কোঠাটোতে মজিয়াত বহি আছে উৰ্মিমালা৷ তাইৰ কাষতে মূঢ়া এটাত বহি ইটো সিটো যোগাৰ দি পৰেশ৷ চেৰামিক্‌ পট কেইটামানত ইনড’ৰ প্লাণ্ট লগাবলৈ সাজু কৰি আছে তাই৷ নতুন ঘৰখন সজাবলৈ ককায়েকক কুটুৰি পইছা লৈ এইবোৰ নিজে যোগাৰ কৰিছে৷ সকলোৰে নিজৰ ঘৰখন সজাই লোৱাৰ হেঁপাহ থাকেই, ছোৱালীমানুহৰ এইবোৰ হেঁপাহ হয়তো আৰু বেছি৷ তায়োতো সজাইছিল সাধ্যানুসাৰে৷ আকৌ কথাষাৰ মনত পৰি ভাবুক হৈ ৰৈ গ’ল অনুপমা৷

“ই বাবু কেতিয়া আহি পাবনো? ইমান দেৰি কৰিছে আজি! দুপৰীয়া খাবলৈও নাহিল৷” স্বগতোক্তি কৰাৰ দৰে কথাখিনি কৈ সঁহাৰিৰ আশাৰে উৰ্মিমালালৈ চালে অনুপমাই৷ অনুপমাৰ অন্তৰৰ অৱস্থা দাগকেইটামান বুকুত সামৰি থিয় দি থকা উকা বেৰখনৰ দৰেই!

“দাদাই আজি দেৰিকৈ উভতিব বুলি দেখোন কৈয়েই গৈছে৷ ইমান টেনশ্যনত থকাতকৈ ফোন এটা কৰিয়েই সুধিব পাৰা দেখোন মা৷ কিজানিবা সিয়েই আঁতৰালে ফ’টোকেইখন৷” মাকক জোখতকৈ বেছি চিন্তাত থকা দেখি উৰ্মিমালাই উপায় দিলে৷

ইমান গুৰুত্বপূৰ্ণ কথাটো ফোনত সুধিবলৈ মন নগ’ল পিছে অনুপমাৰ৷ যদিহে কৈ দিয়ে, সিয়েই আঁতৰালে সেইবোৰ, আৱৰ্জনা আঁতৰোৱাদি! তেতিয়া কি কৰিব তাই! কেতিয়াবা জানি-বুজিও সত্যৰ সন্মুখীন হোৱাৰ সাহস দেখুৱাবৰ মন নাযায়৷ তাই লাহেকৈ গৈ আগফালৰ চকীখনতে বহি পৰিল৷ তেনেকৈ থাকিল গোটেই আবেলিটো৷ গধূলি গোঁসাই ঘৰৰ পৰা ওলাই উমান ল’লে; নাই সি অহাই নাই৷ বুকুখনত উঠা পোৰণিটো বাঢ়ি অহা যেন লাগিল৷ সন্ধিয়াৰ অলপ পিছতে লাহেকৈ বিছনাত বাগৰ দিলেগৈ৷ ভাগৰ এটাই যেন হেঁচি ধৰিছে তাইক৷ অলস হৈ আহিব ধৰিছে হাত-ভৰি৷ চিলমিলীয়া টোপনি এটাই জোকালে নে অৱচেতন মনটো অচেতন অৱস্থালৈ গতি কৰিব ধৰিছে ঠিক ধৰিব নোৱাৰিলে৷ তেনে অৱস্থাতে সপোন-দিঠকৰ সীমনাত ৰৈ অতীতটোৱে যেন মূৰ দাঙি উঠিব খুজিলে৷

~~~

পৰেশে অনুপমাক প্ৰথম চাবলৈ যোৱাৰ দিনা অনুপমাৰ চেহেৰাত বা চকু-মুখত দৃষ্টি নিবদ্ধ হোৱাতকৈ পৰেশৰ বেছিকৈ চকু গৈছিল কোঠাটোৰ চূণ লিপা বেৰখনত ফ্ৰেমত বন্ধাই আঁৰি থোৱা হাতে কৰা এম্ব্ৰইডাৰীৰ আখৰ কেইটামানৰ পিনে৷ বগা কাপোৰ এখনত দুটা ভাটৌ চৰাইৰ ঠোঁটৰ মাজত ৰঙাকৈ ‘নমস্কাৰ’ শব্দটো সুন্দৰকৈ এম্ব্ৰইডেৰী কৰি থোৱা অতি মিহি সেই কামটো দেখাৰে পৰা পৰেশে অনুপমাক কল্পনা কৰি লৈছিল মনৰ মাজতে৷ তেনে সময়তে তামোলৰ বঁটাখন লৈ অনুপমা  সোমাইছিলহি কোঠাটোত৷ সজাই থোৱা ফ্ৰেমখনৰ পৰা চিধাই তেওঁৰ চকু পৰিছিল অনুপমাৰ লাহি লাহি আঙুলিৰে মিহি হাতখনত৷ মুহূৰ্ততে যেন কিবা এক মায়াপাশত বন্দী হৈ পৰিছিল পৰেশ৷ আনকি বিদায় লৈ আহিবৰ সময়ত তাইৰ আগত এই কথাষাৰ স্বীকাৰ কৰি থৈ আহিছিল৷

তাৰপিছত ইজনে-সিজনক পচন্দ কৰি বিয়াৰ দিন ঠিক কৰালৈকে এক বেলেগ ধৰণৰ অনুভৱত ডুবি আছিল অনুপমা৷ তেনেবোৰ সময়তে মাহীয়েকৰ ছোৱালী, পেহীয়েকৰ ছোৱালী এইবোৰৰ পৰা শিকি কাপোৰত ফুল তুলিবলৈ লৈছিল তাই৷ চাদৰ, গামোচা, ৰুমাল এইবোৰ বৈ লোৱাৰ লগতে নতুন ঘৰখনত সজাবলৈ টেবুুুুলত পৰা কাপোৰ, গাৰু কভাৰ এইবোৰো তাই নিজহাতে তৈয়াৰ কৰিছিল৷ শোৱনি কোঠাটো সজাবলৈ বেৰত আঁৰিব পৰা কেইবাটাও ডিজাইন এম্ব্ৰইডাৰী কৰি কাপোৰত তুলি থৈছিল৷

এল পি স্কুলতে পঢ়া সামৰা অনুপমাই ইংৰাজী আখৰ নিচিনিছিল৷ বিয়াৰ পিছতে মিতিৰ ফুৰিবলৈ যাওঁতে ক’ৰবাত দেখি ভাললগা বাবে পৰেশক কুটুৰি পাতল হালধীয়া কাপোৰ এখনত লিখোৱাই লৈছিল ‘Home Sweet Home’ আৰু সেউজীয়া ৰঙা সূতাৰে লতাফুল তুলি মিহি এম্ব্ৰইডাৰী কৰি ফ্ৰেমত বন্ধোৱাইছিল৷ আৰু সেইখন ড্ৰয়িংৰূমৰ এনে এটা ঠাইত খিলিৰে ওলোমাই থৈছিল, যাতে তাত সোমাওঁতে প্ৰথমে তালৈকে চকু যায়৷ চকু গৈছিল সকলোৰে আৰু যিয়েই দেখিছিল, সিয়েই শলাগিছিল অনুপমাৰ হাতৰ কামক৷

“চোৱাহিচোন মা, মই কি আনিছোঁ৷ এইটো কামতে আজি দিনটো লাগিম বুলিয়েই পুৱাতে গ’লোঁ৷” হঠাতে আকাশৰ চিঞৰত চক্‌ খাই উঠিল তাই৷ অচেতন-অৱচেতন অৱস্থাৰ পৰা ঘূৰি আহিবলৈ এক মুহূৰ্ত মাত্ৰ সময় ল’লে৷ কিন্তু গোটেই পিছবেলাটো চৰম উৎকণ্ঠাৰে তাৰ বাবেই অপেক্ষা কৰি থকাৰ পাছতো অনুপমাৰ উঠি যাবলৈ মন নগ’ল৷ বিছনাত পৰিয়েই থাকিল তেনেকৈয়ে৷ দুচকু মুদি দিলে পুনৰ৷ যেন অতীত বিচৰণ কৰিয়েই বুকুৰ পোৰণি মাৰিব!

“ৱাও দাদা! কি সাংঘাতিক বনাই পেলালি এইখন!” উৰ্মিমালাৰ উল্লাসিত চিঞৰত তাই চকু মেলিলে৷

“বৰ ধুনীয়া হৈছে৷ যা, মাৰক দেখুৱাই আহগৈ৷ আবেলিৰে পৰা ৰোহঘৰত সোমাই আছে এইকেইখনৰ বিৰহত৷” পৰেশৰ কথাও কাণত পৰিল তাইৰ৷ কি বস্তুৰ কথা পাতিছে সিহঁতে? কথা পাতি পাতিয়েই আটাইকেইটা তাইৰ শোৱনীকোঠালৈ সোমাই অহাৰ উমান পাই একান্ত অনিচ্ছাৰে বিছনাত উঠি বহিল অনুপমা৷ দেখিলে, হাঁহিৰে উজ্জ্বল আকাশৰ হাতত এখন প্ৰকাণ্ড ফ্ৰেম কৰা ফ’টো৷ ফ্ৰেমত সজোৱা আছে তাইৰ আৰু পৰেশৰ বিয়াৰ পাছত তোলা যুগ্ম ফ’টো এখন৷ আৰু সেই ফ’টোখনৰ চাৰিওপিনে তাইৰ হেঁপাহৰ কেওখন এম্ব্ৰইডাৰী কৰা কাপোৰ৷

“বুইছ’ দাদা, মায়ে আবেলিৰে পৰা হাল্লা লগাই আছিল৷ গধূলিৰ চাহ নিজেতো নাখালেই, আনকি আমাকো নিদিলে৷” উৰ্মিমালাৰ কণ্ঠত অভিযোগৰ সুৰ৷

সি ব্যস্ত হৈ মাকৰ কাষলৈ আহি বিছনাত আলফুলে ফটোখন থ’লে৷ তাৰপাছত মজিয়াত বহি অনুপমাৰ আঁঠুত থুতৰিটো থৈ মৰমেৰে তাইলৈ চাই ক’লে, “তুমিওযে মা! ইমান সুন্দৰকৈ যতনোৱা এই বস্তুবোৰ মই নষ্ট কৰিব পাৰিম বুলি কেনেকৈ ভাবিব পাৰিলা? নতুন ঘৰটোততো খিলি, আঠা এইবোৰ লগাব নোৱাৰিম পাছত, সেয়ে এইখিনি একেলগে ফ্ৰেমিং কৰি দিলোঁ৷ আলহী বহা নতুন কোঠাটো সুন্দৰকৈ সজাব নালাগিব নেকি? আৰু তোমাৰ এই বস্তুবোৰতকৈ সুন্দৰ আৰু জানো কিবা আছে!”

কথাখিনি কৈ থাকোঁতে উজলি উঠা পুতেকৰ কোমল মুখখনলৈ চাই অনুপমাৰ আবেগ উথলি আহিল৷ সেই আবেগে তাইৰ বুকুত হেঁচি থকা গধুৰ শিলকেইটা যেন তৎমুহূৰ্ততে দুখন পাখিলৈ ৰূপান্তৰিত কৰি পেলালে৷ মাকৰ ভৰি উঠা দুচকু সাৰি নগ’ল উৰ্মিমালাৰ চকুৰ পৰা৷ লৰালৰিকৈ মাকৰ কাষ চাপি তায়ো ককায়েকৰ দৰে মজিয়াত বহি ৰ’ল৷ আলফুলে আকাশ আৰু উৰ্মিমালাক কাষলৈ চপাই ল’লে অনুপমাই৷ উৰণীয়া ল’ৰা-ছোৱালী এহালৰ উৰণীয়া মাক হৈ তাঁহাতৰ সমানে সমানে তায়ো উৰিবলৈ সাজু হ’ল মনে মনে৷

ফোন – ৯৯৫৭৭-২৩৫৫৫

You might also like

Comments are closed, but trackbacks and pingbacks are open.