ফেৰেঙণি

ৰিজু বৰা

দুৱাৰৰ মৃদুকৈ টুকুৰিয়ালেও উচপ খাই উঠা সময় সেইটো। সেমেকা শীতৰ দিনত চম্পাহাটীৰ দৰে মফচলীয়া চহৰখনত নিশা এঘাৰ বাজিছে যেতিয়া দোভাগ ৰাতি বুলিয়েই ক’ব লাগিব । মণিকা দত্ত উচপ খাইয়েই  সাৰ পাইছিল। কিয় —কেনেকৈ সাৰ পালে, কি শব্দ হ’ল, ক’ৰ পৰা আহিল গমিবলৈ অকণমান সময় লাগিবতো— সেইখিনিও নাপালে। এইবাৰ চেপা চেপা মাত শুনিলে— মণি ! মণি !

এপাত চেণ্ডেল কোনোমতে চোঁচৰাই চোঁচৰাই দুৱাৰৰ হেণ্ডেলত হাত দিছিল — খপজপনিত আন এপাত বিচাৰি নাপালে । জ্যোতিষ বাবুৰ শৰীৰৰ অৱস্থা হঠাতে ইমান বেয়ালৈ গ’ল নে ? এই বয়সত আঁঠুৰ আঘাত যেতিয়া অলপ দীঘলীয়াকৈ ভুগিব লাগিব বাৰু, কিন্তু গধূলি আন কিবা বিশেষ একো দেখা নাছিলচোন ।

— কি হ’ল বৌদি? মণিকা দত্তই আধামেলা দুৱাৰখনৰ ফাঁকেৰেই বৃদ্ধাগৰাকীক সুধিছিল। গোটেইখন খুলিলে এগালমান অশুভ সংবাদ দুমদুপাল মাৰি ভিতৰলৈ সোমাই আহে যদি!

— সি আহিছে । — বৃদ্ধাগৰাকীয়ে ফুচফুচাই কৈছিল ।

— ঠিকেই আছে তেন্তে, এতিয়া শুবলৈ কওক । পুৱা হ’লেহে বাকী কথা ।

বাক্যকেইটা কৈ শেষ হোৱাৰ পৰত মণিকাৰ উৎকণ্ঠাবোৰ জামৰিছিল, বুকুখনৰ ধপধপনিখিনি মাৰ যাবলৈ আৰু কিছু পৰ হয়তো ।

—লগত তায়ো আহিছে !

বৃদ্ধাগৰাকীয়ে মণিকাৰ হাতত ধৰিছিল, কাণৰ কাষত কোৱাৰ দৰে কৈছিল, প্ৰায় অস্পষ্ট ।

— কোন ?

— কোন আৰু! সেইজনী!

— অহ্‌ ! বঢ়িয়া । শুবলৈ দিয়ক, আপুনিও শোৱকগৈ ।

জ্যোতিষ লাহিড়ীৰ পৰিবাৰে নিজক বুজনি দিব পৰা নাই, মণিকাৰ হাতদুখন জোৰেৰে ধৰিয়েই আছিল — কি হ’ব এতিয়া ?

— আহ্‌ হা । ক’লোৱেই দেখোন — ৰাতি পুৱাওকচোন । মিছাতে আপুনিও জাৰত কঁপি থাকিব নালাগে । চোতালৰ এইকণ নিয়ৰতে শাড়ীখন তিতি গ’ল । যাওকচোন বৌদি ।

আশালতা লাহিড়ীয়ে চোতালখন পাৰ নোহোৱালৈকে মণিকাই দুৱাৰখন জপোৱা নাছিল, বিছনাত বাগৰ দিওঁ বুলি ভাবিলে — পিছে  চাদৰ এখন জপটিয়াই ড্ৰয়িংৰুমৰ চোফাখনত বহি থাকিল । মণিকা দত্তই যেন ধৰিয়েই লৈছিল আশালতা বৌদিৰ টোপনি নাহিব,  দুৱাৰৰ খিলি নলগোৱাই ভাল। ধৰফৰাই আহি ওলায় যদি আকৌ !

সি আহিব বুলি মণিকা প্ৰায় খাটাং আছিল । সিদিনাযে তাই স্কুলৰ পৰা বাহিৰে বাহিৰে গৈ আবিৰলৈ টেলিগ্ৰাম পঠিয়াইছিল, বৌদিক আজি ক’ম কাইলৈ ক’ম বুলি থাকি গ’ল  — থাকি গ’ল মানে এসপ্তাহৰ বেছিয়েই হ’ল ।

কথাটো পাড়াত ঘুনুক-ঘানাককৈ ওলাইছিল । সেইযে শুনিলে — তাৰ দুদিন পিছতে দুটামান ঘটনা ঘটি গ’ল, তাৰ পিছত আবিৰক মাতি পঠোৱাৰ কাৰণ বিচাৰিবলৈ মণিকা দত্তৰ অসুবিধা নহ’ল ।

বহুত দূৰ, কোহিমাৰ পৰা শিয়ালদহলৈ তিনিদিন —তাৰ পৰা লোকেল ট্ৰেইনত চম্পাহাটীলৈ মোটামুটিকৈ আধাদিন। গতিকে আবিৰ ঘনাই ঘৰলৈ আহিব নোৱাৰে— যোৱা দুবছৰে নহাকৈ থকাৰ যুক্তি আছে। যুক্তিবোৰ অৱশ্যে তাৰ, কথাবোৰহে মানুহৰ— মানে ওচৰ চুবুৰীয়া, প্ৰতিৱেশীসকলৰ। মণিকা দত্ত স্কুললৈ যায়, বাটত মানুহক লগ পায় —জ্যোতিষ বাবুৰ ঘৰৰ ভাড়াতীয়া বুলি মানুহে তেখেতৰ স্বাস্থ্যৰ খবৰ লয়, লগতে তেওঁলোকে শুনি থকা কথাবোৰো তাইক জনায়। মণিকাই পিছে বৌদিক সেই বিষয়ে একো নোসোধে ।

জীয়েক থাকে মাদ্ৰাজত, দেউতাকৰ চকুৰ অপাৰেশ্যন কৰাবলৈ দুসপ্তাহৰ ছুটি লৈ আহিছিল। চকুত ছানি পৰিছিল, বৰ বেছি জটিল নাছিল যদিও বয়স হৈছে, আনুষংগিক আন আন বেমাৰবোৰ আছে— সিমানখিনিৰ বাবে জীয়েকৰ বাহিৰে সহজতে আহিব পৰা আন কোনো নাছিল । দুজন পুত্ৰৰ আনজন জাৰ্কাতত— দূৰৈত— ছুটি, ভিছা ইত্যাদিৰ অসুবিধাও বহুত ।

জীয়ৰী জয়াৰ  স’তে জ্যোতিষ বাবুয়ে বৰ আনন্দেৰে সময় কটালে। জয়াৰ আগৰ কি চেহেৰা, আৰু এতিয়া ?  ইডলি আৰু তেতেলীৰ চম্ভৰ বাঙালী ছোৱালীৰ গাত লাগিবনে বাৰু! মাকে ভোৰভোৰাই পাকঘৰ চম্ভালিলে। ভাপত দিয়া পান্তুৱা ইলিচ, থুপথুপিয়া কচুৰ লতি, সৰিয়হ দিয়া কুমলীয়া লাওৰ আগ, সৰহকৈ পিঁয়াজ দিয়া ভকুৱা মাছৰ জোল, পটল পোস্ত, দৈ দিয়া মিছামাছ—এইবোৰ ব্যঞ্জনৰ বাবে আয়োজনৰ কচৰৎ কম নেকি! মণিকা স্কুললৈ যাওঁতে বৌদি পাকঘৰত, উভতি আহোঁতেও পাকঘৰত । তিনি দিনৰ দিনাখন ডাক্তৰে জ্যোতিষ বাবুৰ চকুৰ বেন্ডেজ খুলোঁতে জীয়েকে কৈছিল— দেউতা ! ঘপহকৈ চকু নেমেলিবা!

 জ্যোতিষ লাহিড়ীয়ে লাহে লাহে চকু মেলিছিল— জীয়েকৰ গাল-মুখ চুই চাইছিল— উচুপি উচুপি কপালত চুমা খাইছিল, আশালতাই পৰ্দাৰ আঁৰত এসোঁতা কান্দিছিল।

সিদিনাখন শুক্তো ৰন্ধাৰ কথা আছিল— শনিবাৰ বুলি নাৰান্ধিলে।

— ভালেই হ’ল । শুক্তোৰ তৰকাৰী কিবা তিতা তিতা লাগে।

— খাবি মা । মাৰে ৰন্ধা সোৱাদবোৰ পাহৰিলে কেনেকৈ হ’ব ?

ভাতৰ লগত শুকানকৈ পটল পোস্ত সানি সানি দেউতাকে কৈছিল ।

জীয়েকক আগুৱাই থ’বলৈ যাবই— হাজাৰবাৰ বাৰণ কৰিলেও নুশুনে। যোৱাৰ পাঁচদিন আগতেই  জ্যোতিষবাবুৱে বিজনক মতোৱাই আনি কৈছিল— পুৱা ছয় বজাত ট্ৰেইন, এঘণ্টা  আগতেই ওলাব লাগিব। টোপনি কেঁচাই থাকিল, সাৰ নাপালোঁ— এইবোৰ কথা যেন শুনিবলৈ নাপাওঁ।

আগদিনাখন ৰাতি বিজনক আকৌ এবাৰ সোঁৱৰাই দিছিল, কাইলৈ পিন্ধিবলগীয়া পাঞ্জাৱী চোলাটো আনি বিছনাৰ কাষৰ টিপয়খনত থওঁতে জীয়েকে কৈছিল— হ’ব দেউতা! মই পাৰিম নহয় ।

অকলে তাই ক’ত পাৰিব! আশালতাক ধুতী এখন দিবলৈ কৈ জয়াক জ্যোতিষ বাবুয়ে কৈছিল, অলপ মাতটো লাগি ধৰিছিল— ৰচোন, চহৰখন আগতকৈ সলনি হ’ল নহয়। মই আগুৱাই থ’ম দে।

সাৰ নোপোৱা কথাষাৰ তেওঁ শুনিবলগীয়া হৈছিল, বিজনে গালি খাইছিল— কোনোমতে আধা ঘণ্টা সময়হে পালে। ৰিক্সাৰ পৰা নামি তিনিটাকৈ ৰেলৰ আলি পাৰ হ’ব লাগে । এটা বেগ হাতত লৈ জয়া বেগাবেগিকৈ আগবাঢ়িল, এটা বেগ লৈ বিজন প্ৰায় দৌৰি দৌৰি গৈছিল।

—নালাগে দেউতা!— তথাপিও জ্যোতিষ বাবু পিছে পিছে গৈছিল । দ্বিতীয়টো আলিত উজুতি খালে, মুখ পেলাই বাগৰি গ’ল। বিজনে আনটো বেগ জয়াৰ হাতত দি জ্যোতিষ বাবুৰ কাষলৈ দৌৰিছিল। জয়া প্লেটফৰ্মত উঠিছিল, ট্ৰেইনখন তেতিয়ালৈ প্ৰায় সোমাওঁ সোমাওঁ।

কপালত দুটাকৈ চিলাই, তিনিটাকৈ বেণ্ডেজ, বাওঁ ভৰিত আঁঠুৰ পৰা গোৰোহালৈ সম্পূৰ্ণ প্লাষ্টাৰ, ঘৰ পাওঁতে ভৰ দুপৰীয়া। বিজন লগতেই আছিল, এম্বুলেঞ্চত আশালতাই গাৰ চাদৰখনেৰে জ্যোতিষ বাবুক বিচি আছিল।  পিছ দিনাখন মণিকাই এখন ইনলেণ্ড লেটাৰ, এখন এয়াৰ মেইল লেটাৰ আনি দিছিল, গধূলি আশালতাই  ‘কল্যানীয়াসু, ‘প্ৰীতিভাজনেষু’’— এনেকৈ আৰম্ভ কৰি দুখন চিঠি লিখিছিল। মাদ্ৰাজৰ পোষ্টেল কোডটো ঠিকেই আছিল — জাৰ্কাতাৰ ঠিকনাটোৱেই সম্পূৰ্ণ নাছিল। মণিকাইহে পুৰণি ডায়েৰি খুচৰি খুচৰি উলিয়াইছিল, ডাকঘৰৰ পৰা স্কুল গৈ পাওঁতে প্ৰথম ক্লাছটো তাই মিছ কৰিছিল ।

— আবিৰক খবৰ নিদিয়ে ? — চিঠি দুখন হাতত লৈ তাই বৌদিক সুধিছিল ।

—নালাগে, থাকক । অতদিনে সময় নাপালে, এতিয়া আহি নতুন অঘটন নঘটালেও হ’ব ।

দুয়ো দুয়োৰে চকুলৈ চাইছিল । প্ৰথমে যেন সংগোপনে, তাৰ পিছত স্পষ্টকৈ। আচলতে জয়া অহাৰ দুদিন আগতেই আবিৰৰ পৰা চিঠি এখন আহিছিল । ভুল কৰিলোঁ, ক্ষমা খুজিছোঁ— মাকলৈ লিখা দীঘলীয়া চিঠিখনৰ সাৰাংশটো শেষৰ দুশাৰীত  লিখিছিল— সি হয়তো ভুল কৰিছে, পিছে ছোৱালীজনীক যেন তেওঁলোকে জগৰীয়া নকৰে। মাক-দেউতাকে অনুমতি  দিলে সি তাইক লৈ আহিব খোজে ।

বিছনাখনৰ শিতানত বাঢ়ৈৰ সুন্দৰ হাতৰ কাম— দুটা মুখামুখিকৈ থকা ৰাজহাঁহৰ অনুপম নক্সা । আঁঠুৰ তলত গাৰু এটা ঢিলাকৈ সুমুৱাই জ্যোতিষ বাবুৱে শিতানত আউজি লৈছিল । ৰাতি ওখকৈ দুটা গাৰু পাতি আশালতাই শুৱাই দিছিল, বে’ড পেনটো বিছনাৰ তলতে ৰাখিছিল। পিছদিনাখন শিতানত আঁউজীয়েই খোৱা-বোৱা কৰিলে। এসময়ত ফুটবল খেলা মানুহ, কম ধাতুৰতো নহয়। গধূলি মণিকা আহোঁতে অনুতাপ, অনুযোগ মিশ্ৰিত কথাৰ সুৰ — মণি ! দেখিলি অৱস্থা । তোৰ বৌদিয়েৰৰ আদৰ-সোহাগ পাবলৈ বাকী আছে চাগে’।

ডেকা বয়সত নিউ স্পোটিং ক্লাৱৰ হৈ ফুটবল খেলিছিল, লেফট্‌ উইং পজিশ্যনত । চেণ্টাৰ ফৰোৰ্ৱাড বিশ্বক চকু পাৰি দেখিব নোৱাৰে, সেয়েহে বাওঁপিনে বলটো নি থাকে, নি থাকে — কৰ্ণাৰ নাপায়গৈ, তাৰ আগতেই মাজলৈ ঘূৰি দিয়ে। বিশ্বক বল পাছ নকৰোঁ বুলি নকৰে। ৰাইট উইঙৰ অমলে বল পালেতো কথাই নাই, চিধাই তেওঁলৈহে পাছ। দৰ্শকে তেওঁক হেড মিষ্ট্ৰি, হেড মিষ্ট্ৰি বুলি চিঞৰে। হেড কৰি যিমান গোল দিলে— চেণ্টাৰ ফৰোৱাৰ্ড নাপাত্তা। টীমত তাৰ পজিশ্যন থাকিব নে নাই, সেইটোৰহে টনাটনি হৈছিল— পিছলৈ তেওঁ বৰ ধেমেলীয়াকৈ পুৰণি কথাবোৰ ক’লে। মণিকাই শুনি যায় । সেইযে পাঁচ বছৰ আগতে ঘৰটো ভাড়ালৈ ল’লে— না ভাড়া বাঢ়ে, না সেই বিষয়ে কথা পাতে। ভাড়াটো দিবলৈ আহিলেও জ্যোতিষ বাবুয়ে বেয়া পায়, চৰু পেলনি যোৱা সমন্ধ নহয় বুলি কেতিয়াবাই পাহৰিলে— আশালতা বৌদিয়েতো নতুন শাড়ী কিনিবলৈ আকৌ টকাকেইটা তাইকে ওভতাই দিয়ে । নতুনকৈ বুদ্ধি এটা কৰিছে  মণিকাই— শাকে-মাছে কিনি আনি পাকঘৰ সুমুৱায়, কেতিয়াবা মাহেকৰ ভাড়াটো অলক্ষিতে জ্যোতিষ বাবুৰ দৰৱৰ টোপোলাটোতে ভৰাই থয়।

আঠমান বজাত আশালতাাই পানী এগিলাচ খাবলৈ দিছিল । গিলাচটো হাতত লৈ হঠাতে থৰ লাগিল, মণিকাই অলপ পৰ গাত ধৰি জোকাৰি চালে, আশালতাই মূৰত তেল অকণ লগাই পিহি  থাকিল—কান্দোনৰ ৰোল উঠাৰ আগতেই মণিকা ধাঁ ধাঁকৈ বাহিৰলৈ ওলাই গ’ল ।

ডাক্তৰ বৰ্ধন আহি পাওঁতে চকু মেলিছিল। প্ৰথমতে বেছ গহীন, তাৰ পিছত ৰসিকতা কৰি ক’লে — এতিয়াও সময় হোৱা নাই দিয়ক। মাইল্ড ষ্ট্ৰোক, মনত কিবা কথা পাগুলি থাকে নেকি ? ঠিকেই আছে, ফুটবল চাবলৈহে যোৱা বাৰণ। ৰেডিঅ’ত ধাৰা বিৱৰণী শুনি থাকিয়েই আনন্দ লওক ।

কোনকেইটা দৰৱ কেতিয়াকৈ খাব লাগিব— এইবোৰ বুজাই, ভোক লাগিছে নেকি বুলি সোধাৰ উত্তৰত জ্যোতিষ বাবুয়ে ‘উ’ বুলি নোকোৱালৈকে মণিকা নগ’ল— পুৱা  অকল ভোটা তৰাটোহে আকাশত ওলমি আছিল, তেতিয়া তাই শুবলৈ গৈছিল। পুৱা স্কুললৈ যোৱাৰ আগতে এবাৰ খবৰ লৈছিল— সাৰ-সুৰ ঠিকেই আছে, কথাবোৰহে অসংলগ্ন— একপ্ৰকাৰ আবোল-তাবোল। প্ৰথম তিনিটা ক্লাছৰ বাবে সময় নাপালে, পিছবেলা মণিকাই আবিৰলৈ টেলিগ্ৰাম কৰিছিল— ফাদাৰ চিৰিয়াছ, কাম ছুন ।

তৃতীয় দিনা মোটামুটিকৈ আগৰ অৱস্থালৈ আহিল। মণিকাই ধেমালীৰ ছলতে ক’লে— আবিৰ ইমানদিনে ঘৰলৈ অহা নাই, নগা বোৱাৰী নানিলেহে হয় আৰু !

আশালতা শংকিত হৈছিল, আশ্বস্তও হৈছিল আবিৰক খবৰ নিদিলে বুলি ।

আহিছে! সেই আবিৰ আহি পাইছে। পুৱাৰে পৰা সি পাকঘৰত থমথমকৈ বহি আছিল, বহু সময়। গু-মূতৰ লেদেনা ওকটিবলৈকে আহৰি পোৱা নাই— তাতে এতিয়া ইহঁতহাল! আশালতাৰ টিঙিছকৈ খং উঠিল— হুদুটোৰ দৰে বহি আছ’ যে! দেউতাৰক দেখা কৰি নাহ’কিয় !

— আবিৰ ! সময় পালি আহিবলৈ ! মাৰে খবৰ পঠিয়ালে হ’বলা ।

আবিৰে দেউতাকৰ ভৰি চুই সেৱা কৰিছিল । দৰৱৰ প্ৰেচক্ৰিপশ্যনখন মনযোগেৰে পঢ়িছিল, দুবাৰমান উচপিচাই দেউতাকৰ কাষতে বিছনাত বহিছিল । আধাঘণ্টা পিছত চাহ-জলপান লৈ আশালতা সোমাই আহিছিল, আবিৰ আনটো কোঠালীলৈ সোমাই গৈছিল ।

মণিকা তালৈ আগতেই আহিছিল । গাভৰু এগৰাকীয়ে শাড়ী এখন পিন্ধিবলৈ চেষ্টা কৰি আছিল।  হাত-বাহুবোৰ আটিল — ঘূৰণীয়া জলমলাই  থকা মুখখনে কোঠালীৰ পোহৰখিনিক খেদি পঠিয়াইছিল । পোহৰে পোহৰক খেদে জানো ! এৰা ! এইৰ পোহৰে খেদে কিজানি । ব্লাউজটো অলপ টান লৈছে, কান্ধৰ পৰা বাহুলৈ নানামেহে নানামে, শাড়ীখনৰ খোঁচনিটো এবাৰ মাজডোখৰ পাইছে, এবাৰ একাষৰীয়া হৈ আছে — মণিকাই ঠিক-ঠাক কৰি দি সুধিছিল — কি নাম তোমাৰ ?

— ইৰা, ইৰাৱতী ।

আবিৰ সোমাই আহিছিল, নামটো সিয়েই কৈ দিলে । সাজ-সজ্জাৰ এই  পৰ্বত আবিৰক দেখি মণিকা অপ্ৰস্তুত হ’ল, দুগাল তেজে ফুটোফুটো কৰা মানুহগৰাকী লাজত আৰু বেছিকৈ ৰঙা পৰিল। মণিকাই মনতে পাগুলি থ’লে —সঁচাকৈয়ে মানুহগৰাকীৰনো কি জগৰ  ? ইহে দেখোন কাণ্ডজ্ঞান বেছি খালে ।

ঠিক চাপৰ নহয় কিজানি —আবিৰক মণিকাই প্ৰথম দেখিছে, লেং লেংকৈ ওখ আবিৰৰ তুলনাত পিছে মানুহগৰাকীক বেছি চাপৰ যেন লাগে । সোণৰ চেইনত ক্ৰছ এটা ওলমি আছিল — ঠিক বুকুৰ ওপৰতে পৰে ।  ক্ৰছটো শাড়ীখনৰে ঢাকি দি মণিকাই কৈছিল

— ধুনীয়া নাম । পিছে মই নামাতালৈকে নোলাবা । বাহিৰলৈ যাবলৈ হ’লে সিটো কোঠালীৰে যাবা, বাবুয়ে যেন গম নাপায় তুমি আহিছা বুলি ।

দুপৰীয়া জ্যোতিষবাবুৰ দৰৱবোৰ লিৰিকি-বিদাৰি থাকি মণিকাই ক’লে— আবিৰ আহিছে বোলে । লগত কইনা-চইনা অনা নাইতো ?

— সি এটা কুলাঙ্গাৰ । এনেকুৱা কাণ্ড কৰিবও পাৰে ।

নাই, সময় হোৱা নাই । আৰু প্ৰস্তুতি লাগিব — সুযোগটো এতিয়াও ট্ৰাফিক চিগনেলৰ দৰে হালধীয়া আৰু ৰঙা লাইটৰ মাজতে অগা-ডেৱা কৰি আছে, সেউজীয়া নহয় হে নহয় । গহীন গহীন খোজ দি মণিকা ওলাই গৈছিল ।

গধূলিলৈ — “মোৰ এটা কথা মনলৈ আহিছে বাবু ।”

এনেকৈ কথা মনলৈ অহাটো চোকা ল’ৰা-ছোৱালীৰ লক্ষণ । জ্যোতিষ বাবু অংকত চোকা আছিল, তেওঁৰ মতে শতকৰা বিৰান্নবই ভাগ তীক্ষ্ন বুদ্ধিৰ ল’ৰা-ছোৱালীৰ মনলৈ কথাবোৰ আহে । মণিকাক ৰঙা ফিতাৰে দুডালকৈ বেণী গোঠা ছোৱালী যেন লাগিল, হাতত থকা হ’লে টফি এটা দিয়েই দিলেহেঁতেন । আগ্ৰহেৰে সুধিলে — কি কথানো ?

—আবিৰে যদি সঁচাকৈয়ে কইনা তাৰে পৰাই  আনে, তেন্তে কাৰনো কি ক্ষতি । জাতি-অজাতি এইবোৰনো কি কথা ! মানুহে আপোনাক মহান বুলিহে ক’ব ।

হঠাতে সাংঘাতিক নিৰৱতা, জ্যোতিষ বাবুয়ে মণিকালৈ ঘোপাকৈ চালে । সাউৎকৈ লেকেচীয়া এচাৰিডাললৈ মনত পৰিল । হাতখন পাতকচোন তাই , চতপ চপতকৈ দুকোবমান !

— “মই জানো, আপুনি বাহিৰেহে টান — ভিতৰখন তেনেই সোপসোপীয়া।” পৰিস্থিতিটো তেনেকৈ ৰাখিয়েই মণিকাই কৈছিল ।আহাচোন — তাই সিটো কোঠালীৰ পিনে চাই ডাঙৰকৈ মাতিলে —

— “এয়া ন-কইনা ইৰাৱতী । বাবাক সেৱা কৰা ইৰা ।”

ইৰাই ভৰি দুখন চুই সেৱা কৰিছিল । কোনোবাই সেৱা কৰিব খুজিলে অভ্যাসবশতঃ —‘হ’ব ! হ’ব !’  বুলি কোৱা যায়েই । সিদিনা জ্যোতিষ বাবুয়ে একো নক’লে, সোঁ-ভৰিখন যিমানখিনি কোঁচালে, সেইখিনিত চাগে’ চাৰিবাৰমান  ‘হ’ব’ বুলি ক’লে, প্লাষ্টাৰ কৰা ভৰিখনৰ আঙুলিকিটাও লৰচৰ কৰালে । চকুদুটা কোঁচালে, মুখখন সিফালে ঘূৰাব খুজিলে — শিতানত আঁউজী আছিল, নোৱাৰিলে । আবিৰ সোমাই আহিল, ইৰাক ক’লে — বাবাক প্ৰণাম কৰিলা ?

ওৰণিখনেৰে মুখখন প্ৰায় গোটেই ঢকা, যিখিনি দেখা পোৱা যায় সেইখিনিৰে প্ৰথম দেখাজনে কোনোমতেহে এটা অৱয়ব কল্পনা কৰি ল’ব পাৰে । জ্যোতিষ বাবুয়ে চকুৰ পতা লৰচৰ কৰিলে, চকুৰ মণি দুটা বাওঁফালে ঘূৰাই  ন-কইনাক চালে । আকৌ এবাৰ জ্যোতিষ বাবুৰ ভৰি চুই  ইৰা কাষতে থিয় দি থাকিল । ৰাতি বৌদিয়ে ভাত বহাই থাকোঁতে মণিকা আহিছিল । পৰিস্থিতি আগতকৈ কিছু সহজ যেন লাগিল, মিচিকিয়াই সুধিছিল — বোৱাৰী কেনে দেখিলে ?

— “কুলাঙ্গাৰ !” – মণিকাই আপত্তি জনাই কিবা এটা ক’বলৈ ধৰিছিল, জ্যোতিষ বাবুৱে খকমকাই কথাটো পোন কৰিছিল — নহয় মানে তাৰ কথা কৈছোঁ, আবিৰৰ কথা। চাচোন বাৰু ! এতিয়ালৈকে দহবাৰ ছোৱালীজনীক ক’লে— প্ৰণাম কৰিলা ! প্ৰণাম কৰিলা । কুলাঙ্গাৰ! তালুৰ পৰা তলুৱালৈ গেলিছে সি ।

মণিকাই হাঁহিলে । জ্যোতিষ বাবুৰো খুক্‌ কৈ হাঁহি উঠি গ’ল —  নাম আকৌ ইৰাৱতী ? মিচিক মাচাক কৰি থাকিয়েই কৈছিল — মণি ! মই মহান হ’লো দে !

লাহিড়ীৰ ঘৰলৈ পৰদেশৰ বোৱাৰী আহিছে, পিছ দিনা কথাটো ৰাষ্ট্ৰ হোৱাৰ আগতেই সিদ্ধান্ত — বিয়া পাতি কইনা বৰণ কৰিব লাগে, বুধবাৰৰ দিনটো ঠিক কৰা হ’ল । সোমবাৰে মঙ্গলাচৰণ, মঙ্গলবাৰে আইবুড়ো ভাত । ছোৱালী উলিয়াই দিয়াৰ আগদিনা পৰিয়ালৰ সকলোৱে লগে-ভাগে এসাঁজ খাব । জ্যোতিষ বাবুয়ে চলচলীয়া চকুৰে ইৰাৰ মূৰত হাত ফুৰাই আৰ্শীৱাদ দিছিল — এইজনী জীয়ৰীকে কাইলৈ উলিয়াই দিব যে ।

বুধবাৰে বেণ্ডপাৰ্টিয়ে হুলস্থূল কৰি ‘কাস্মীৰ কি কলি’ বাৰে বাৰে বজাই সকলোৰে কাণ ঘোলা কৰিলে । চেঙেলীয়া ল’ৰাকেইজÎন সেইটো গানত নাচি ভাল পায়, আন একো বজাবলৈ নিদিয়ে । দধি মঙ্গল, শুভ দৃষ্টি, সাত পাকত বন্ধা — এইবোৰ ৰভাতলিত ।

 বিজ্ঞানৰ অথবা সামগ্ৰিক ভাবে সমগ্ৰ পৃথিৱীৰে প্ৰত্যেকটা সূত্ৰ-সমীকৰণৰ এটা হ’লেও ব্যতিক্ৰম থাকে— সৃষ্টিকৰ্তাই হয়তো শাসনৰ বাঘজৰীডাল নিজৰ নিয়ন্ত্ৰনত ৰাখিবলৈকে ব্যতিক্ৰমৰ সৃষ্টি কৰিলে। বিছনাতে বহি কন্যা সম্প্ৰদান কৰাৰ পিছত জ্যোতিষ বাবুয়ে নেদেখাজনলৈ যোৰ কৰা হাতদুখন কপালত থৈছিল —  মণিকাই তেওঁৰ ডিঙিত সাৱটি ধৰিছিল ।

বৌভাতৰ দিনা মণিকাই ইৰাক ঠাকুৰঘৰৰ নিয়মবোৰ শিকাইছিল —  এই ফটোখনত ধূপ-চাকি দিবা ।

পিছদিনা মণিকাই দুডাল ধূপ নতুনকৈ জ্বলাই ধূপদানিৰ ফুটাত সুমুৱাই দেখুৱাইছিল— চাকি নজ্বলালেও হ’ব বাৰু ।

 হাতে-কামে নেদেখুৱাই উপায় নাছিল । অলপ আগতে যিখনহে ঘটি গ’ল ! মণিকা আহি পোৱাৰ আগতে ইৰাই ফটোখনৰ ভৰি দুখন অঁকা ঠাইখিনিত ধূপকাঠিবোৰ খুচি দিছিল —সেই অংশ ক’লা – কজলা বৰণীয়া হ’ল ।  ধূনা দিবলৈ লওঁতে পাকঘৰৰ চৌকাৰ জ্বলি থকা খৰি এডাল উলিয়াই মজিয়াত ধেমেহকৈ কোবাই দিছিল, এৰাই যোৱা ৰঙা ৰঙা অঙঠাবোৰ হাতৰ তলুৱাত পিং পং বলৰ দৰে দলিয়াই দলিয়াই লৈ যাওঁতে ওচৰৰ দিদি আৰু মাসীমাসকল ঢপলিয়াই আহিছিল চাবলৈ ।

এসপ্তাহ পিছত আবিৰ কোহিমালৈ উভতি গ’ল — ইৰা থাকিল । বে’ড পেন দিয়া আৰু চাফা কৰা কামটোৰ পৰা আশালতাই অব্যাহতি পাইছিল । প্ৰথম দুদিন জ্যোতিষ বাবুৰ অলপ লাজ লাগিছিল, এইবোৰ কাম ছোৱালীজনীয়ে কৰিবলগীয়া হৈছে বুলি পিছত এদিন মণিকাৰ ওচৰত দুখো কৰিছিল ।

তাইৰ শৰীৰৰ গঢ় চাই আশালতাই প্ৰথম দিনাই কথাটো ধৰিব পাৰিছিল, তিনিমাহ পিছতে ল’ৰা এটা জন্ম পালে। জয়াৰ ফালৰ পৰা নাতি-নাতিনী দুয়োটাই আছে,  বৰ পুত্ৰ নিঃসন্তান । হিচাপত লাহিড়ী বংশত থাৰ্ড জেনেৰেশ্যনৰ প্ৰথম সন্তান, তাতে আকৌ নাতি । জ্যোতিষ বাবু  পাৰিলেতো নিজেই  গ’লহেঁতেন, উপায় নাই বাবেহে বিজনক পঠিয়ালে । ৰায়চকৰ পৰা এক খাং গঙ্গাৰ  ইলিচ লৈ সি গধূলি ঘৰ সোমাইছিল । আশালতাই সিদিনা ঘোষ বাড়ীৰ পৰা ৰসগোল্লা অনোৱাই তৎ পোৱা নাছিল ।

ল’ৰাটোৱে আঁঠু কাঢ়িব পৰা এমাহ পিছত অন্নপ্ৰাশন —আগ দিনা আবিৰ আহিছিল, মাত্ৰ দুদিন থাকিল । জ্যোতিষ বাবু লাখুটি এডালেৰে খোজ কাঢ়িব পাৰে এতিয়া, সোণৰ চেইনডাল গঢ়ি হ’ল নে নাই চাবলৈ কৰ্মকাৰৰ দোকানলৈ মণিকাক দুবাৰকৈ পঠাইছিল । দ্বিতীয়বাৰ তাই পলম কৰা দেখি খুপিজুপি চোতাল পাইছিলহি ।

ওচৰৰ বেনাৰ্জীয়ে অন্নপ্ৰাশনৰ দিনাখন খবৰ ল’ব পৰা নাছিল । জ্যোতিষ বাবুয়ে বোৱাৰীক মাতি দিয়াৰ পৰত বাতৰি কাকতখন হাতত লৈ তেওঁ ক’লে — আবিৰৰ খবৰ খাতি পাই আছে কিজানি !

বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাতে টুৱেনছাং আৰু কোহিমাত বোমা বিস্ফোৰণৰ বাতৰি —

— এওঁলোকে ভাৰতীয় শাসনৰ স’তে কিয় মিলিব নোখোজে বাৰু ! অশান্তিবোৰো এতিয়াৰ নেকি ! প্ৰধানমন্ত্ৰী নেহেৰুৰ কোহিমা ভ্ৰমণৰ সময়ত পাঁচ হাজাৰ মানুহে শাৰী পাতি থিয় দিলে — তেওঁলৈ পিঠি দি । কমখন অপমান নে ?

চাহ জলপান লৈ ইৰা সোমাই আহিছিল । বেনাৰ্জী কাকুক নমস্কাৰ জনাই ভিতৰলৈ যাওঁতে কিবা কথা মনত পৰিল নেকি — আকৌ উভতি আহিল ।

— কাকু! এষষ্ঠী আৰু পয়ষষ্ঠী চনৰ ভাৰত পাকিস্থানৰ যুদ্ধৰ সময়ত কিন্তু  নগা বিদ্ৰোহীসকলে ভাৰতৰ বিৰুদ্ধে এটা গুলিও ফুটোৱা নাছিল । নেহেৰুৰ তেৱন্ন চনৰ পৰা এতিয়া আঁঠষষ্ঠী — আৰু কোনোবা আহিল জানো ? শান্তিৰ বাৰে সদিচ্ছাও লাগিব — নহয়নে?

আবিৰে চিঠি লিখি জনাইছিল — সি ভালে আছে । পিছে নগালেণ্ডৰ পৰিস্থিতি আকৌ উত্তপ্ত হৈছে । তাৰ অফিচৰ কাষতে সিদিনা এটা ডাঙৰ এম্বুছ হৈছে ।

ইফালে নক্সালবাড়ীৰ ঘটনাই  বঙ্গদেশো উত্তপ্ত কৰি ৰাখিছে । প্ৰথমতে মাটিৰ দখলদাৰীক লৈ উচ্ছেদিত কৃষকৰ সাধাৰণ বিদ্ৰোহ  বুলিয়েই ধৰা হৈছিল । নক্সালবাড়ীত ভূমিৰ দখলদাৰীয়ে এজন চাওঁতালী কৃষকক হত্যা কৰাৰ প্ৰতিহিংসাত থানাৰ চাব্‌ ইঞ্চপেক্টৰজনেও প্ৰান হেৰুৱাবলগীয়া ঘটনাৰ লগতে চাৰু মজুমদাৰৰ ৰাজনৈতিক মতাদৰ্শ যোগ হৈ লাহে লাহে ভয়ঙ্কৰ ৰূপ লৈছে ।

পাপলুৰ মাত ফুটিছে । আবিৰৰ বাল্যবন্ধু সুধীৰ আহিছিল — এতিয়া বাড়ুইপুৰ থানাৰ অ’চি — বিয়াখনো নাপালে, অন্নপ্ৰাশনও নাপালে । কালি ঘৰলৈ আহি আজি যাবলৈ ওলালেই, খৰধৰকৈ চাই যাওঁ বুলি সোমাইছে । পাপলুৰ লগত অলপ খেলি চিঞৰি চিঞৰি কৈ গ’ল — বৌদি ! আপোনাক পিছত লগ পাম । আজি অলপ দৌৰাদৌৰি আছে । পাপলু পিছে পিছে ওলাই গৈছিল — ইৰা ওলাই আহি তাৰ হাতত থাপ মাৰি ধৰিছিল, সুধীৰৰ গাড়ীখন তেতিয়ালৈ ধূলিত প্ৰায় অস্পষ্ট ।

এতিয়া প্ৰায়বোৰ মানুহেই চিনাকি । লোকেল ট্ৰেইনৰ বাহিৰে চম্পাৱতীৰ পৰা যোৱা দূৰণিবটীয়া ট্ৰেইনবোৰ পুৱাৰ ভাগত, অহা ট্ৰেইনবোৰ ৰাতিৰ ফালে । ইয়াত এৰাতি থাকি ল’লে ট্ৰেইন ধৰাৰ বেছ  সুবিধা —আবিৰৰ বন্ধু-বান্ধৱ, দূৰৈৰ আত্মীয়-স্বজন আহিয়েই থাকে । জ্যোতিষ বাবুৰ সময় কটাবলৈ অকণো অসুবিধা নহয় — সিংহভাগ অৱশ্যে পাপলুৰ লগতে।

দেওবাৰে মানুহ এহাল আহিছিল, আবিৰৰ বন্ধু যদিও জ্যোতিষ বাবুয়ে মনত পেলাব নোৱাৰিলে । ইৰাই কিন্তু আলহী আপ্যায়নত অকণো হেলা নকৰিলে । তেওঁলোক দুদিন থাকিলে, মানুহগৰাকী তাইৰ লগতে শুলে ।

— কোন আছিলনো ? — তেওঁলোক যোৱাৰ পিছত জ্যোতিষ বাবুয়ে এনেই এবাৰ সুধিলে ।

— জানো । আবিৰৰ লগৰেই হ’ব কিজানি ।

দুৰ্বল ভাৱ এটাই বাহ লৈছে, ডাক্তৰ বৰ্ধনে চাই গৈছিল । তেওঁ আশালতাক অভয় দিছিল — অলপ আইৰণ কমিছে, জীয়ন মাছ খুৱাবচোন ।

ইৰা নিজেই  বজাৰলৈ গৈ শ’ল মাছ আনিছিল । জ্যোতিষ বাবুয়ে শ’ল মাছ ইমান পছন্দ নকৰে, ইৰাই ৰন্ধা জোলখনো অলপ ঢেংঢেঙীয়া যেন পালে ।

— বুইছা । এই মস্ত  চাইজৰ চিতল মাছৰ কলঠি !

জ্যোতিষ বাবুয়ে আঙুলিকিটা মেলি দেখুৱাইছিল — বিয়াৰ দুবছৰ পিছত বৰ্ধমানত পোষ্ট  মাষ্টৰ হৈ  থাকোঁতে পুতুক-পুতুক ঘৰলৈ আহোঁ বুলি বদনাম এটা আছিল । আশালতাতো হয়েই বাৰু — কিন্তু নিউ মাৰ্কেটৰ সিদ্ধেশ্বৰী হোটেলত সৰিয়হ বটাৰে চিতল কলঠি দুপিছ উদৰস্ত কৰা কামটোৱে বেছিকৈ টানিছিল বুইছা ।

জ্যোতিষ বাবুয়ে নিজৰ আঙুলিকেইটা মেলি দেখুৱাওঁতে ইৰাৰ হাত দুখনলৈ চকু পৰিল । তাইৰ হাত দুখন বেছ মজবুত — আঙুলিকেইটা শকত, ভোটোহা ।

“আমাৰ বাড়ী, তোমাৰ বাড়ী, নক্সালবাড়ী নক্সালবাড়ী”

 বিদ্ৰোহ চাৰিওপিনে বিয়পিছে । প্ৰেছিডেঞ্চি কলেজৰ ছাত্ৰই ক্লাছতে শ্লোগান দিছে । মাও জে দঙৰ প্ৰতিকৃতি কলেজৰ দেৱালে দেৱালে — ‘চীনৰ চেয়াৰমেন  আমাৰো চেয়াৰমেন’।

লাল বজাৰৰ পুলিচ হেড কোৱাৰ্টাৰত গৰম পৰিৱেশ । এফালে মচি অঁতাবই নাপালে, আজি আকৌ আমেৰিকা বিৰোধী শ্লোগান —

                আমাৰ নাম তোমাৰ নাম

                ভিয়েতনাম ভিয়েতনাম”

 ‘পুজাত লাগিব নতুন জোতা’ — দুদিনৰ পৰা পাপলুয়ে চিঞৰি চিঞৰি গাই থাকে । নৱমী পূজাৰ দিনা মানুহবোৰে পাড়াই পাড়াই  ঘূৰি পূজা চালে । এই পাড়াৰ পেণ্ডেলত কমিটিৰ মানুহখিনিৰ বাহিৰে স্থানীয় এজনো নাই, এখন পূজাকনো কিমান চাব আৰু !

জেঠত মানুহহাল যে আহিছিল, তাৰে মানুহগৰাকী আহি এৰাতি থাকি গ’ল । পূজা বুলি পাপলুৰ বাবে মুখেৰে পিঁ পিঁকৈ বজাব পৰা খেলনা এটা, আশালতা আৰু ইৰালৈ দুটাকৈ সৰু সৰু সেন্দূৰৰ টেমা । অৱশ্যে জ্যোতিষ বাবুৰ গাৰ জোখটো ঠিক মনত পেলাব নোৱাৰিলে — গড়বড়ৰ ভয়তে একো অনা নহ’ল, কালী পূজাত আহিলে আনিব ।

জোখটো আন্দাজতো ল’ব পাৰিলহেঁতেন, বেজাৰ লাগিল — ৰাতি শোওঁতে জ্যোতিষ বাবুয়ে আশালতাক কৈছিল —   তাইৰ নিজেইচোন সেন্দূৰ নলয়, ইফালে আকৌ আনক উপহাৰ ! খা ভাত সুখেৰে !

— শুনিব! মনে মনে থাককচোন !

ৰাতি ভাত নাই — ভোগৰ খিচিড়ি খাই থাকোঁতে কথাই কথাই ওলাইছিল — ঘৰ ডেবড়াত, গিৰীয়েক আবিৰৰ কলেজৰ দিনৰ চিনাকি, ইয়াৰ পৰা তিনিটামান ষ্টেছনৰ দূৰ । তেওঁ দুদিনমান থাকিব, তাইহে যাব লাগিব ।

আশালতাই কৈছিল — বিজয়া দশমীৰ দিনটো থাকি যোৱা ।

উপায় নাই, পুৱাতে নৱদ্বীপলৈ যাব —মোমায়েকৰ হেনো এই যাওঁ এই যাওঁ অৱস্থা, কাহিলি পুৱাতে ওলাই গ’ল — তিনিমান বজাত ।

— ওঁহো, কিবা এটা গোলমাল আছেহে — সন্দেহ আৰু অবিশ্বাসৰ সুৰত জ্যোতিষ বাবুয়ে আশালতাক কৈছিল,  মূৰ জোকাৰি নিজেই নিজক হয়ভৰ দিছিল ।

— ছোৱালীজনী কিবা গণ্ডগোলীয়া যেন হে লাগে । গিৰিয়েকৰ লগত এখুন্দা লাগি আহিছে যেন পাওঁ, মাজ ৰাতি ইয়াৰ পৰা কোনখন ট্ৰেইন যায় হে ? অৱশ্যে পাখৰীজনীৰ যিহে ৰেহ-ৰূপ গিৰিয়েক হয় বা নহয় তাকো সন্দেহ ।

— ডাক্তৰে বেছি চিন্তা কৰিবলৈ হাক দিয়া নাইনে ? হ’ব আৰু !

সুধীৰৰ মূৰ গৰম । লাল বজাৰৰ পৰা কাঢ়া নিৰ্দেশ — সৰ্ব বল প্ৰয়োগ কৰি হ’লেও ধৰা ।

এৰা ! সায়নী নামৰ ছোৱালী এজনীয়ে নাকনি কাননি কৰি ৰাখিছে । নামটোহে এতিয়ালৈকে গম পাইছে — কাৰ লগ লাগিল, কেনেকৈ কৰিলে, সেইবোৰ এতিয়াও চালুকীয়া তদন্তৰ পৰ্যায়তে আছে । বিদ্ৰোহৰ নামত ছেগাছোৰোকাকৈ ধনু-কাঁড় লৈ খেদি অহা, সৰু সুৰা হাতবোমা দলিওৱালৈকে ঠিকেই আছিল, এতিয়াতো পোনে পোনে পুলিচৰ গাড়ীত এম্বুছ । বাড়ুইপুৰৰ ঘটনাৰ পেৰ্টাণ ধৰিবই নোৱাৰি — ইমান মেথডিকেল ! গুলি-বাৰুদত যেন বেছ হাত পকাই থৈছে ! এইয়া দেখোন গেৰিলা যুদ্ধ !

 সমীকৰণ মিলাবকে পৰা নাই । সুধীৰ দমি গৈছিল, তল মূৰ কৰিছিল । প্ৰচণ্ড বিৰক্তি আৰু ক্ষোভেৰে হেড কোৰ্ৱাটাৰৰ পৰা ওলাই আহিছিল — বৰমূৰীয়া হ’ল বুলি ইমান কথা শুনাব লাগে নে ! সি চেষ্টাৰ ত্ৰুটিতো কৰা নাই ।

ৰাতিপুৱাৰে পৰা অথালিয়ে -পথালিয়ে বৰষুণ । বাটত কেইবাডালো গছ বাগৰিছে । সুধীৰ চম্পাৱতী থানালৈ কিবা কেছ সংক্ৰান্তীয় কামত ৰাতিয়েই আহিছিল । মঙ্গল চাওঁতাল ধৰা পৰিছে যদিও চাৰু মজুমদাৰ এতিয়াও আণ্ডাৰগ্ৰাউণ্ড । সায়নীৰ একো সম্ভেদ পোৱা নাই যদিও,  কাকদ্বীপৰ ঘৰ চাৰ্চ কৰোঁতে কিছু  নথি পত্ৰ পোৱা গৈছে, নাম লিখা ডায়েৰিও পাইছে — অদ্ভুত কিছুমান নাম, সাংকেতিক যেন লাগে ।

সুধীৰে মাকক মাত লগাই জ্যোতিষ বাবুৰ ঘৰত এবাৰ সোমাই যাব। টোপনি ক্ষতিত চকু ৰঙা পৰিছে ।  ইউনিফৰ্ম তিতা বাবে ক’তো নবহিলে ।

— ন-কইনা গুচি আইতাহে হ’বগৈ দেখোন । বৌদিক এবাৰ দেখা কৰাই নিদিয়ে নেকি ?

ইৰাই ওলাই আহোঁতে সময় ল’লে, পাপলুক জ্যোতিষ বাবুৰ ওচৰ পোৱাই সুধীৰক নমস্কাৰ জনালে। পিন্ধনত বাহিৰলৈ ওলাই যোৱাৰ সাজ । এই সময়ত?

— ক’ৰবালৈ ওলাই যোৱা নেকি বৌমা?

তাই উত্তৰ নিদিলে । সুধীৰ থিয় হৈয়েই আছিল, কেছ ডায়েৰী কৰাৰ পিছত সাক্ষীবাদীৰ চহী বিচাৰোঁতে যিটো সুৰত কোৱা যায়, ঠিক তেনেকুৱা ধৰণৰ কথাৰ সুৰ —

— বৌদি বুলিয়েই মাতিম । পিছে আপোনাৰ আচল নামটো?

নিৰ্লিপ্ত, নিৰ্বিকাৰ ভাবে বাহিৰলৈ চাই ইৰাই কৈছিল — ৰিমেল, ৰিমেল চ’ফিমি

সুধীৰে বাহিৰলৈ খোজ দিয়াৰ আগতেই ইৰাই দুৱাৰডলিত খোজ পেলাইছিল।। দুৱাৰমুখত মহিলা কনিষ্টবল এগাৰাকী থিয় দি আছিল, হাতত লৈ থকা হেণ্ডকাফযোৰলৈ চাই সুধীৰে তেওঁক কৈছিল — নালাগে ।

ঘোপমৰা ডাৱৰীয়া ৰাতি ছাঁৎ ছাঁৎকৈ বিজুলি মাৰিলে লগে লগে যে সষ্টম হৈ যোৱা যায় —গিৰগিৰকৈ প্ৰচণ্ড শব্দ এই হ’ব, এই হ’ব । হয়, অকণমান পিছত হয় । পিছে, সন্ত্ৰষ্ট হ’বলৈ সেইকণ সময় যথেষ্ট । জ্যোতিষ বাবুয়ে পাপলুৰ হাতখন টানকৈ ধৰিছিল । তাৰ পিছতেই যেন ভয়াবহ শব্দ হ’ল —সোঁ-হাতেৰে লাখুটিডাল ধৰিবলৈ লৈছিল, হাতখন বৰকৈ কঁপিলে — চকীত ভেজা দি থোৱা লাঠিডাল পৰি গ’ল ।

জীপত উঠাৰ সময়ত ড্ৰাইভাৰে সুধীৰক কৈছিল —গোবিন্দপল্লীহৈ ঘূৰি যাব লাগিব —ইফালৰ বাট বন্ধ, গছ এজোপা পৰিছে ।

মনতে মিলাই থকা সমীকৰণৰ উত্তৰটো ওলাওঁ ওলাওঁ হৈছে — জ্যোতিষ লাহিড়ীৰ ঘৰলৈ এগৰাকী সন্দেহজনক মহিলাৰ গোপন আহ-যাহ, আৰু কাকদ্বীপৰ ডায়েৰীৰ পাতত এটা অচিনাকি অদ্ভুত নাম — ৰিমেল! এই আটাইকেইটা ভেৰিয়েবল লগ লাগি এটা ধ্ৰুৱক ৰাশিৰ পিনে আগুৱাইছিল — সায়নী ।

সুধীৰ মনতে উৎফুল্ল হৈ উঠিছিল । ড্ৰাইভাৰে মনোসংযোগত ব্যাঘাত জন্মালে, অলপ মেজাজেৰে সুধীৰে কৈছিল — যিফালে ভাল দেখা, মন যায় — সিফালেই ব’লা । মাত্ৰ গৈ থাকা, নৰ’বা ।

ইৰা আৰু মহিলা কনিষ্টবলগৰাকী জীপৰ পিছফালে বহিছিল । ইৰাৱতীৰ দৃশ্যপটৰ পৰা জ্যোতিষ লাহিড়ীৰ ঘৰটো, বহল চোতালখন লাহে লাহে দূৰলৈ আঁতৰি গ’ল — ৰিমেল চ’ফিমিৰ মানসপটত তীব্ৰগতিত আগবাঢ়ি আহিল — ওখ ওখ নগা পাহাৰ, কুঁৱলিৰে ঢাক খাই  থকা গীৰ্জাঘৰ, কেৰেলুৱাৰ দৰে অকোৱা-পকোৱা আলিবাট, খবলা-খবল পাহাৰত বিক্ষিপ্ত জুম খেতি, উৱাদিহ নোপোৱা দুৰ্গম হাবি, ভাৰতীয় সেনাৰ শামুকীয়া গতিৰ কনভয়, বাৰুদৰ ধোঁৱা, ৰ’দত চিকমিকাই থকা ৰাইফলৰ বেয়নেট, অ’ত ত’ত পৰি থকা শ-বোৰ আৰু সেইবোৰত লাগি থকা তেজ — গাড়ীখন যিমানেই আগবাঢ়িল, কালাৰ ডপলাৰৰ দৰে তেজৰ ৰংবোৰ সিমানেই স্পষ্ট হৈ আহিল — ৰঙা, আৰু বেছি ৰঙা।

ইয়াৰ পৰা অলপ দূৰ গৈয়েই যে পোৱা যায় প্ৰকাণ্ড বৰগছজোপা — চাৰিওফালে ৰ’দে পিটপিটাই ফুৰে, অথচ গছজোপাৰ সেউজীয়াখিনি গৰকিব নোৱাৰাকৈ সেইখিনি ঠাই বৰ জয়াল । ঘাই গছজোপাৰ গুৰিত ঘূৰণীয়া, চেপেটা, ডাঙৰ, মজলীয়া, সৰু আকৃতিৰ শিলবোৰ যে আছে, সেইবোৰ আগৰে পৰাই আছিল নে কোনোবাই থাপিছিল গম পাবলৈ উপায় নাই । সেইবোৰত এতিয়া মানুহে সভক্তিৰে সেন্দুৰ বুলাই থৈছে — সেউজীয়াৰ মাজত কেৱল সেইখিনিহে আন বৰণৰ হ’ল ।

বহু পুৰণি গছ, ডালবোৰৰ স্তম্ভমূলে মাটিলৈ আগুৱাই আহি খামুচি ধৰিছে । সেই ডালবোৰৰ একো নহ’ল । এডালৰ শিপাই মাটি পোৱাগৈ নাছিল । ধুমুহাত সেইডাল বাগৰি পৰিছিল —

ঠিক ফেৰেঙণিৰ পৰা!

You might also like

Comments are closed, but trackbacks and pingbacks are open.