ড° ৰীতা মণি বৰা
কি অপূৰ্ব দৃষ্টিনন্দন দৃশ্য! চকুৰে মণিব পৰালৈকে ফুল আৰু ফুল — যেন ডাঠ গুলপীয়া ৰঙৰ এখন সাগৰ— ৫২ ইঞ্চিৰ টিভি স্ক্ৰীনত ওপঙি ফুৰিছে সেই সাগৰ –বেক গ্ৰাউণ্ডত সাংবাদিকৰ সবিশেষ বিৱৰণ — “হয়, জামুগুৰিহাটৰ এখন পথাৰৰ ইমূৰ- সিমূৰ জুৰি ফুলি উঠিছে এই অপূৰ্ব সুন্দৰ ফুল — নাম পানী সেউতী, স্থানীয় নাম খাৰ গছ।যদিও সৌন্দৰ্যত এই ফুল অনন্য — কিন্তু খেতিৰ মাটিত পানী সেউতী সদায় অপকাৰী। আন অৰ্থত ই অপতৃণ। দেখাত ধুনীয়া, ছাটি ধৰি ফুলি কিন্তু পয়মাল ঘটায়।”
পানী সেউতী — পানী সেউতী — শব্দটো ক’ৰবাত শুনা শুনা লাগিছে — মগজুত জোৰ দিলোঁ — হয়, মনত পৰিছে, আজিৰ পৰা প্ৰায় আঠত্ৰিশ বছৰৰ আগতে এই শব্দটো মই শুনিছিলোঁ। পানীসেউতী নামটো শুনিয়েই মই হাঁহে পানীত বুৰ মাৰি কোনোবা খন ওলোৱাগৈৰ দৰে ময়ো স্মৃতিৰ নদীত বুৰ মাৰি একেবাৰে মোৰ কৈশোৰৰ সময়বোৰৰ মাজত ওলালোগৈ। শব্দটো ভবানী পেহীৰ মুখত প্ৰায়ে শুনিছিলোঁ– যেতিয়াই তেওঁ বোৱাৰীয়েকৰ কথা খঙেৰে কয় — তেতিয়াই এই শব্দটো উচ্চাৰণ কৰে। ফুলৰ নাম বুলিও জনা নাছিলোঁ — সেই সময়ত মোৰ বয়স কম, সেইটো বয়সত ডাঙৰে কথা পাতি থাকোতে সৰু ল’ৰা ছোৱালীক ওচৰত বহি থাকিবলৈ নিদিয়ে। কিন্তু ভবানী পেহীৰ কথা -বতৰাৰ বিশেষ ভংগী এটা আছে — শুনিলে শুনি থাকিব পাৰি, আৰু সেইটো কাৰণতে ভবানী পেহী আমাৰ ঘৰলৈ আহিলে মাৰ লগত চাহ-তামোল খোৱাৰ সময়ত মই কিবা এটা অজুহাতত কাষৰে-পাজৰে থাকি তেওঁৰ কথাৰ ৰস লওঁ। সকলো কথাৰে অৰ্থ অৱশ্যেই নাপাওঁ।
ভবানী পেহী আচলতে আমাৰ একো নহয়, আমাৰ ঘৰৰ পৰা উজনিৰ ফালে তেওঁৰ গাঁও — নতুন মেলেং কৈৱৰ্ত গাঁও। ভবানী পেহীয়ে মাছৰ পোহাৰ কৰে। আমাৰ সৰু কালত চাৰিআলি তিনিআলিত মাছৰ বজাৰ নবহেই। ঘৰে ঘৰে মতা মানুহ বা ভবানী পেহীৰ দৰে বহুত তিৰোতা মানুহে মাছ বিক্ৰী কৰেহি। দেউতা কৰ্মসূত্ৰে ডিব্ৰুগড়ত – শনিবাৰে আহি সোমবাৰে যায়গৈ। সেইকেইটা দিনত মাছ মাংসৰ যোগাৰ থাকে, কিন্তু সপ্তাহৰ বাকী কেইটাদিনত আমাৰ মাছৰ যোগাৰ দিওঁতা ভবানী পেহী অথবা বাখৰ বৰ্তা । ঘৰৰ হালোৱা কেইজনকো মোমাই বুলি ক’বলৈ শিকোৱা মায়ে পোহাৰী হ’লেও শ্ৰীমতী ভবানী দাসক পেহী বুলিবলৈ কঠোৰ নিৰ্দেশ দিছিল। মাহী জেঠাই এই কাৰণেই নহয়– তেওঁ দেউতাক মাতিছিল ‘কোৱাইদ’ বুলি। গতিকে দেউতাকৰ ভনীয়েক পেহী।প্ৰায়েই ৰাতিপুৱা আঠটা চাৰে আঠটামান বজাত ভবানী পেহীয়ে মাছ লৈ পায়হি। মুৰত কাপোৰৰ বেৰীয়াত খাপ খুৱাই লোৱা মজলীয়া পাচি এটাত মাছ, কলপাতত ভাগ কৰা থাকে, খোজৰ সমানে তেওঁ টাকুৰীত সূঁতা কাটি আহি থাকিব পাৰে –আৰু সমানে বাটে-পথে লগ পোৱা মানুহৰ লগতো কথা পাতি আহে। দেখি আচৰিত লাগে। সেই সময়ত তেওঁ আমাৰ ঘৰত নবহে– নামঘৰৰ কাষৰ দীঘলী বাটেৰে পোনাই বৰখেলীয়ালৈ যায়গৈ। তাতো দুঘৰ মান ‘নিজৰ’ মানুহ আছে। উভতি আহিহে আমাৰ ঘৰত সোমাই পইচা, ধান বা চাউল — কিবা এটা নিয়ে।
যিদিনা আবেলি আহে, সেইদিনা বহুত দেৰি বহাকৈ আহে। আৰু সেই দিনাই মোৰ কাপোৰৰ পুতলাৰ নতুন কাপোৰ পিন্ধাবৰ হয়, মুৰত খুব খজুৱতি হয় , নহ’লে পেটটো চিকুট মাৰি মাৰি ধৰে। আচলতে এইবোৰ মোৰ নিজৰ অজুহাত — মাৰ ওচৰত থকাৰ। মানে ভবানী পেহী আৰু মাৰ কথা শুনাৰ।সেইবোৰ দিনতে শুনিছিলোঁ — ভবানী পেহীৰ ল’ৰা অৰুণে মেট্ৰিক পাছ কৰি চাকৰিত সোমাইছে। মাৰ আগত বৰ ফূৰ্তিৰে ভবানী পেহীয়ে কৈছিল –” শুনিছা বীনান ব’ ,ই অৰুণ মেলেকটাৰীত সোমাল। মেটিকটো পাছ কৰিলে যেতিয়া হ’ব।ক’ৰ আৰু কলেজত পঢ়িবলৈ ধনগাল পাব? তুমি কোৱাইদ’ক খবৰটো দিবা।” মাৰ নাম বীণা, খৰকৈ কয় বাবে ভবানী পেহীৰ মুখত পৰি সেইটো বীনান ব’ হয়গৈ।আমাৰ বীনান ব’ লোকৰ সুখত সুখী হোৱা মানুহ, কাজেই দেউতাইও খবৰটো ঠিকেই পায় আৰু দেওবাৰে ভবানী পেহীৰ হাতত ভাল খবৰটোৰ কাৰণে কেইটামান টকাৰ লগতে মিঠাইৰ টোপোলা এটাও তেওঁ ঘৰলৈ যায়। পেহীৰ লগত এনেকুৱাই আমাৰ ঘৰৰ সম্পৰ্ক।
ভবানী পেহীয়ে ল’ৰাক পঢ়ুৱাবলৈ বহুত কষ্ট কৰিবলগীয়া হ’ল। মাছ পোহাৰৰ পৰা গৈ লোকৰ ঘৰত ৰোৱা তোলা, ধান দোৱা, ধান জৰা — এইবোৰ কামো কৰে। ভবানী পেহীৰ মানুহজনৰ নাম গাগল,বৰকৈ কাম বন নকৰে। কেতিয়াবা জালখন লৈ ওলাই যায় — সেই সময়ত মেলেঙত মাছৰ উভৈনদী।যি মাছ পুঠি পায় নিজে পোহাৰ নকৰে। কলপাত কেইখিলা কাটি দিয়েই আজৰি। বান্দৰ বিড়িত ৰেল ইঞ্জিনৰ দৰে ঘনে ঘনে ধোঁৱা উৰুৱা, নহ’লে পিৰালিত বহি বহি বাটৰ মানুহ চাই সময় কটোৱা সোৰোপা ধোদ মানুহটোৰ কথা ক’বলৈ হ’লে ভবানী পেহীয়ে ‘ উচান হোৱাটো’ বুলিয়েই কয়।সেইটো উচান হোৱা সচাকৈয়ে মাঘ বিহু এটাৰ দুদিন পাছতে কাঁহ জ্বৰ হৈ ঢুকাল। ল’ৰা আহিল, সকাম নিকাম পাতি গ’লগৈ।ভবানী পেহী অকলশৰীয়া হ’ল। ইতিমধ্যে ল’ৰাই মাকলৈ সৰহীয়া টকা পইচা পঠাব পৰা হ’ল — ঘৰ দুৱাৰবোৰ তাৰ কথা মতে মানুহ লগাই ভবানী পেহীয়ে ভালকৈ বনালে ঋ।ভবানী পেহীয়ে মাছৰ পোহাৰো এৰি দিলে– পুতেকে বেয়া পায়। কিন্তু অন্তৰৰ টানত মাহেকে পষেকে আমাৰ ঘৰলৈ আহিয়েই থাকিল।তেনেকুৱা দিনতে ভবানী পেহীয়ে ল’ৰাৰ বিয়া পতাৰ সপোন দেখিবলৈ ল’লে । কথাই প্ৰতি মাক কয় — বুইছা বীনান ব’ , ই অৰুণলৈ এলাপেচা ছোৱালী নহ’ব। কেনেকুৱা লাহোদাং মোৰ ল’ৰা দেখিছাই। মই ধুনীয়া, ওখ পাখ ছোৱালী এজনী চাব লাগিব — ল’ৰা ছোৱালীহাল একেলগে ওলাই গ’লে দহে শলাগিব লাগে, তেহে।” মায়ে শলাগি থয়।
হঠাতে এদিন উধাতু খাই ভবানী পেহী আমাৰ ঘৰ ওলাইছিলহি। মায়ে বহিবলৈ দিয়া পীৰাখন চোঁচোৰাই তেওঁ মাৰ একেবাৰে কাষলৈ আহি চাদৰৰ আগটো মেলি ফটো এখন আগবঢ়ায় দিছিল — ময়ো ওচৰতে আছিলোঁ — ডিঙি মেলি চাইছিলো — এখন গোল মুখৰ ধুনীয়া ছোৱালী এজনী — ক’লা-বগা ফটো — মেখেলা চাদৰ পিন্ধি আছে –দুয়োখন হাতেৰে বৰ আলফুলে এডাল লতাফুল সাৱটি ফুলত গাল এখন লগাই হাঁহি থকা এখন অপূৰ্ব সুন্দৰ মুখ — বুকুৰ বাওঁফালে পৰি আছে শকত আৰু দীঘল বেণী এডাল।
“বৰ ধুনীয়া ছোৱালী ভবানী, অৰুণৰ লগত মিলিব”– মায়ে খোলা মনেৰে মন্তব্য দিছিল।
— ভাইটোৱে দেখুৱাইছে, জাঁজী মুখৰ ছোৱালী। তাকেই, তালৈ চিঠি দিয়াওঁ, আহক, কথা বতৰা পাতকহি। হ’লে এইবছৰতে বিয়াখন পাতি পেলাম আৰু।”
আনন্দত উপচি উঠা মাতেৰে ভবানী পেহীয়ে কৈছিল মাক।
ভবানী পেহীয়ে কোৱাৰ দৰেই কামবোৰ হ’ল, ছুটি লৈ অৰুণ আহিল। ছোৱালী তাৰ পছন্দ -গতিকে আঘোণত বিয়াৰ দিন চিঙি সি উভতি গ’ল।
পুতেকৰ বিয়াৰ এমাহমান আগৰ পৰা ভবানী পেহী আমাৰ ঘৰলৈ অহা নাছিল। অকলশৰীয়া মানুহ — সকলো যা – যোগাৰ নিজেই কৰিব লাগে। বিয়া হৈ গ’ল, তাৰো এমাহ মানলৈ তেওঁৰ দেখাদেখি নাই।মায়ে কৈ থাকে –“বোৱাৰীয়েকক পাই ভবানী ঘৰৰ পৰা নোলোৱাই হ’ল আৰু। হওক তেও, তাই লগ এটাকে পাইছে।”
আহিল — প্ৰায় দুমাহ পাছত ভবানী পেহী আহিল। কিন্তু অকণমান যেন মনমৰা। মই চাপি কুচি আহিলোঁ। খবৰ বাতৰি লোৱাৰ পাছত মায়ে ভবানী পেহীৰ কপালৰ ক’লা ক’লা দাগ কেইটালৈ চাই সুধিলে –” ক’ত খুন্দিয়ালি হেৰৌ। নে বোৱাৰীয়েৰৰ ৰূপৰ চমকত তোৰ চকু দুটা গ’ল?” মাৰ ধেমালিতো তেওঁ নাহাঁহিলে – মুখখন গোমোঠা কৰি ক’লে — ” কিহৰ ৰূপৰ চমক বীনান ব’ , তেনেই পানী সেউতী। উৰি আহি জুৰি বহিল বুইছা। মোৰ ল’ৰাটোক মোহিনী বান মাৰিলে। যিটো ল’ৰাই মোৰ চাদৰত ধৰি ফুৰে, এতিয়া ভালকৈ কথা এষাৰো পাতিবলৈ সময় নাই। অকল ৰুমটোতে সোমাই থাকে।”
— সেইটো বাৰু বুজিলোঁ, কিন্তু তোৰ কপালত কি হ’ল?
চকু নমাই তেওঁ সৰু সৰুকৈ ক’লে — ” পৰহি দুইটা সাজি কাছি মাকৰ ঘৰলৈ যোৱা দেখি মোৰ কি হ’ল জানোঁ — পকী খুঁটাত মুৰটো মাৰি দিলোঁ — কৈয়েই তেওঁ কপালখনত হাত ফুৰালে।
মায়ে সান্ত্বনা দিলে -” সেইটোনো কি কথা, তাৰ ছুটি শেষ হ’ব হ’ল, যোৱাৰ আগতে এবাৰ শহুৰেকৰ ঘৰলৈ গৈছে আৰু। সেইবোৰ কথাত হিংসা নকৰিবি। লোকৰ ছোৱালীজনীক নিজৰ বুলি ল’ব নোৱাৰিলে এদিন ল’ৰাকো হেৰুৱাবি ,বোৱাৰীয়েৰকো হেৰুৱাবি।”
অলপ সময় দৰক লাগি সেইদিনা ভবানী পেহী গৈছিল গৈ।
অৰুণ চাকৰিলৈ যোৱাৰ পাছত ভবানী পেহী অহাটো সেৰেঙা হ’ল। দুমাহ,তিনিমাহ কেতিয়াবা ছমাহো তেওঁ নাহে। মায়ে কৈ থাকে –” এইজনীৰ গা চা বেয়া নেকি? নহা হ’ল দেখোন।” সিমানেই।
সেইবাৰ প্ৰায় আঠমাহৰ পাছত ভবানী পেহী আমাৰ ঘৰলৈ আহিছিল। ইতিমধ্যে মই প্ৰায় ডাঙৰ ছোৱালী হৈ উঠিছোঁ , গতিকে পুতলা,ওকণি,পেট চিকুটাৰ অজুহাত উলিয়াব নলগা হৈছে গৈ। বহুত দিনৰ পিছত দেখিলোঁ — স্বাস্থ্য প্ৰায় একেই। কিন্তু চকুৰ গুৰি ক’লা পৰি আহিছে, আৰু কপালত এটুকুৰা ঘাঁ। কেঁচা ঘাঁ– কালি বা পৰহি দুখ পোৱা– দেখিলেই ক’ব পাৰি। নতুনকৈ চিলাই শিকিছোঁ– হাতত ফুল তুলি থকা ৰুমালখন বেজী সূঁতাৰ সৈতে লৈ মই ওচৰতে বহি কাণ পাত থাকিলোঁ। মাৰ লগত কথাৰ অন্ত নাই–অৰুণ ঘৰলৈ আহিছে, কিমান কি আনিছে হিচাপ নাই। মই শুনি আছোঁ। এপাকত মায়ে ভবানী পেহীৰ কপাললৈ আঙুলিয়াই জোকালে– ” এইবাৰ কিহত মাৰিলি? আৰু তোৰ চকুৰ গুৰি ইমান ক’লা পৰি আছে যে? টোপনি খতি নেকি?”
তেওঁ যেন লাজ কৰিছে। মাৰ ফৰ্মুতি জেগাত লাগিছে– গম পালোঁ।
-‘ এ কিনো ক’বা বীনান ব’ , সঁচাকৈ টোপনি খতি। তুমি জানাই, দিনটো ঘৰৰ সকলো কাম ময়ে কৰোঁ। পানী সেউতীৰ গা গধুৰ, বাপ সুৱাগী ছোৱালী, মোৰ ঘৰতো তেনেকৈ থাকে। ময়ো ফেৰ নধৰোঁ। কিন্তু কালি যে ই আহিল — তেতিয়াৰ পৰা দেখোন লচপচ লচপচ। মাটিত যেন ভৰি নিদিবই। মোৰ হাতৰ কাম কাঢ়ি নি তাক দেখুৱাই দেখুৱাই —। মনে মনে খঙ উঠি আছিলেই। ৰাতি শুবলৈ লৈছোঁ – মোৰ ভাত ঘুমতি আহো আহো আৰু — তেনেকুৱাতে কি হাঁহি শুনিবা তাইৰ। কথাৰ গুণ্গুণনি – অন্তই নাই। যিকন সময়ত তাইৰ মুখখন ৰোৱা যেন পাওঁ,তেতিয়াই মোৰ টোপনিতো ধৰিব খোজে, আকৌ গুণগুণনি, আকৌ খিটখিটনি। দহবাৰ মান এনেকুৱা হ’ল নবৌ, একেবাৰে অসহনি লাগিল, এপাকত উঠি গৈ পাছ বাৰান্দাৰ খুঁটাটোতে —“
মোৰ হাঁহি উঠি গ’ল। টোপনি যাব নোৱাৰিয়েইনো খুঁটাত মুৰ মাৰেনে?
মায়ে মোলৈ এবাৰ কেৰাহিকৈ চাই সৰুকৈ কোৱা শুনিলোঁ –” নতুনকৈ বিয়া হোৱা মানুহ , ইমান দিনৰ মুৰত ঘৰলৈ আহিছে, কথা পাতিছে যেনিবা মন খুলি। তোৰনো সেইবোৰলৈ মন দিবলৈ কি দৰকাৰ? নিজৰ সময়বোৰ মনত পেলাবিচোন।”
হুমুনিয়াহ কাঢ়ি ভবানী পেহীয়ে কোৱা শুনিলো সদায় কোৱা সেইটো কথা –” যিয়েই নোকোৱা নব’ , তাই পানী সেউতী, দেখাত ধুনীয়া হ’লে কি হ’ব? মোৰ পৰা ল’ৰাটোক কাঢ়ি নিলে যেনহে লাগিছে। ঘৰখনত পয়মাল ঘটাবলৈহে তাইক মই আলহ- উদহকৈ আনিছিলোনে কিবা?
হয়, স্কুললৈ অহা-যোৱা কৰোঁতে ভবানী পেহীৰ বোৱাৰীয়েকক দেখিছোঁ — বৰ সুন্দৰ–জোন যেন মুখ, উধনীয়া খোপাত লোৱা ওৰণিখনেৰে উজলি থাকে। আগফালৰ চোতালত ৰৈ থকা ধুনীয়া মানুহজনীৰ মুখৰ পোহৰে চোতাল পাৰ হৈ যেন পদূলিটোকো পোহৰাই তোলে। নদী কাষৰীয়া দ’ ঠাইৰ মানুহ ভবানী পেহীয়ে ভাল উপমা বিচাৰি পাইছিল — পানী সেউতী, অপূৰ্ব সুন্দৰ অথচ পথাৰৰ পয়মাল।
বহুত দেৰি ডুবি থাকিলোঁ অতীতত। এটা শব্দই মোক বহুত পিছলৈ লৈ গ’ল। সেই ভবানী পেহী এতিয়া নাই, মায়ো ঢুকোৱা আজি দহবছৰ হৈ গ’ল। কেনেকৈ যে পাৰ হৈ যায় সময়। এনেকৈয়ে কেতিয়াবা সৰু সৰু কথাৰ মাজেদি গৈ গৈ আপোন মানুহৰ ওচৰত ৰৈ থাকিবগৈ পাৰি।এই পৰিভ্ৰমণ বিষাদময় অথচ কি সুখকৰ!
বুকুৰ অতলৰ পৰা ওলাই অহা হুমুনিয়াহ এটা পাকঘূৰণি খাই বতাহত মিলি গ’ল। সেই মধুৰ অথচ বিষন্ন পৃথিৱীৰ পৰা মই ঘূৰি আহিলোঁ বৰ্তমানলৈ। টিভিৰ স্ক্ৰীনত তেতিয়া পৰৱৰ্তী অনুষ্ঠান চলি আছে।
Comments are closed, but trackbacks and pingbacks are open.