জীৱন্মৃত

78

ড° ৰীতা মণি বৰা

অকণমান আগতে প্ৰেছৰ পৰা সুজাতা চলিহালৈ ফোন কৰিছিল -” মেডাম, আপোনাৰ কিতাপখনৰ কাম প্ৰায় শেষ। কিন্তু ফৰ্মা মিলাই চাওঁতে এটা পৃষ্ঠা খালী থাকি গৈছে। সেয়ে আপুনি কাৰোবাক উৎসৰ্গা কৰোঁ বুলি ভাবিলে সেইটো পৃষ্ঠা মিলি যাব।”

ঠিক আছে, মই চিন্তা কৰি দি আছোঁ – বুলি তেওঁ ফোন কাটিছিল।

সুজাতা চলিহা প্ৰতিষ্ঠিত আৰু জনপ্ৰিয় লেখিকা। সুজাতা চলিহাৰ নামত পাব্লিকেচন হাউচৰ সদায় লাভ। সেয়া তেওঁৰ জনপ্ৰিয়তাৰ মাপকাঠি। ইতিমধ্যে তেওঁৰ বহুত গল্প সংকলন আৰু উপন্যাস প্ৰকাশ হৈছে, সেইবোৰ তাৎক্ষণিক ভাৱে পুনৰ মুদ্ৰণ কৰিব লগা হৈছে আৰু সমান্তৰাল ভাৱে সুজাতা চলিহাৰ নাম, যশ আৰু অৰ্থ উপচি পৰিছে। কিন্তু এইখিনি প্ৰতিষ্ঠা আৰু সাফল্য বৰ সহজ বাটেৰে অহা নাছিল। তাৰ কাৰণে তেওঁ এৰি আহিছিল তেওঁৰ আকাংক্ষাৰ এখন সুন্দৰ, সৰু আৰু সুখৰ সংসাৰ। বহুত দেৰিকৈহে তেওঁ অনুভৱ কৰিছিল -জীৱনে যি বিচাৰে তাৰ সকলো পোৱা সম্ভৱ নহয়।এই গভীৰ আৰু নিৰ্মম সত্য প্ৰত্যেক মানুহেই এসময়ত উপলব্ধি কৰিবলগা হয়।

কথাবোৰ কেনেকৈ আৰম্ভ হৈছিল? সুজাতা আৰু ল’ৰাটোৰ বাবে মানুহজনৰ সময় কমি আহিছিল। সুজাতাৰ কথা সহ্য কৰিব নোৱাৰা হৈ আহিছিল। সুজাতা অকলশৰীয়া হৈ গৈছিল -নিৰুপায় হৈ নিজৰ সময় নিজৰ মতে সজাই লৈছিল।

অকণমান পানীত সৰহকৈ গাখীৰ দি,ইলাচী চাহ একাপ খোৱাটো সুজাতাৰ এক বিলাস। মানুহজন, ল’ৰাটোক ভাগে ভাগে উলিয়ায় পঠিয়াই,কাম কৰা মানুহগৰাকীক বিদায় দি সুজাতা আজৰি হৈ অকণমান বহে – হাতত ধোঁৱা উৰি থকা প্ৰিয় চাহকাপ। সংগী দৈনিক বাতৰি কাকতখন অথবা কিতাপ এখন। দ্ৰয়িং ৰুমৰ চোফাখনত বহি বহি তাই এইসময়তে এই বিলাস উদ্‌যাপন কৰে। চোফাখনত বহি থাকি ৰাস্তাৰ মানুহ অহা-যোৱা দেখি থাকি। ডাঙৰ ঘৰটোত অকলে থাকিলেও অকলশৰীয়া যেন নালাগে।

 পৰম আয়াসেৰে চাহৰ কাপত প্ৰথম চুমুকটো দিওঁতেই তাইৰ চকু গ’ল- চিংগল চোফাখনৰ পাছৰ বাওঁফালৰ খুঁটাটোৰ তলত এক ঘূৰণীয়া আকৃতিৰ কাৰুকাৰ্য — যেন কোনোবাই সযত্নে আঁকিছে এক সুন্দৰ আল্পনা। চকু থূপ খুৱাই তাই ভালকৈ চালে — ধৰিব নোৱাৰিলে। তাইৰ অকণমান খঙো উঠিল – অলপ আগতে কাম কৰা মানুহজনীয়ে ঘৰ সাৰি মচি থৈ গৈছে,অথচ চোফাৰ তলত কি থাকি গ’ল সেইবোৰ।কি যে পালমৰা কাম!

 কাপটো থৈ তাই হাউলি চালেগৈ — ঘুণগুৰি সেইবোৰ। পাছৰ খুঁটাটোৰ ফালে বৃত্তাকাৰে পৰি আছে —

তাইৰ মনত পৰিল — ছয়মাহ মানৰ আগতে মানুহজনীয়ে কৈছিল — “বাইদেউ,চোফাৰ তলত ঘুণগুৰি ওলাইছে । এইযোৰ সলাবৰ হ’ল আৰু।”

তাই শুনিলে আৰু শলাগি থ’লে তেতিয়া।

নহ’লে আৰু কি কৰিব? ক’ব নেকি–” কেৱল চোফাতে নহয়,ঘৰখনৰ ভিতৰে বাহিৰে সকলোতে ঘুণে ধৰিছে, বহুত দিনৰ আগতেই ঘুণে ছাটি ধৰিছে তাইৰ সংসাৰ।” নোৱাৰি ক’ব– এইবোৰ কথা এনেকৈ ক’লে তাইক মানুহে পাগল বুলি ক’ব। ইমান সুন্দৰ সংসাৰ তাইৰ! সুন্দৰ,ৰুচিশীল স্বামী,মেধাৱী সন্তান, সুন্দৰ ঘৰ-বাৰী,দামী গাড়ী! কি নাই তাইৰ?

তাইৰ কি নাই – সেইটো কথা অনুভৱ কৰিবলৈ সুজাতাৰ বহুত দিন লাগিছিল। আৰু এদিন বৰ নিৰ্মম ভাৱে তাই অনুভৱ কৰিছিল সেই অমোঘ সত্য – পত্নী হিচাপে তাইৰ সন্মান নাই, স্বামীৰ মনত তাইৰ বাবে ভালপোৱা নাই।

সেই সুন্দৰ আৰু ৰুচিশীল মানুহজনে সুজাতাক ফাঁকি দিছিল। সুজাতাই সহ্য কৰিছিল সেই অসন্মানৰ , সেই ভালপোৱাহীন দিনবোৰ। কেতিয়াবা শান্ত ভাৱে বুজাবলৈ চেষ্টা কৰিছিল। কিন্তু মানুহটোৱে একো কথাকেই গ্ৰাহ্য কৰা নাছিল।সুজাতাই ঘূৰাই আনিবলৈ চেষ্টা কৰিছিল – ঋভুৰ জীৱনৰ কথা আছে। নিজৰ কষ্ট আওকাণ কৰিলেও মাজে মাজে সুজাতাৰ বৰ দুখ লাগিছিল — এটা মানুহৰ লগত আছোঁ,কাষত আছোঁ,চকুৰ সমুখত আছোঁ। তথাপি মাজত এক দীৰ্ঘ দূৰত্ব।এই দূৰত্ব বুজাব নোৱাৰি, ক’ব নোৱাৰি। সহ্যও কৰিব নোৱাৰি।অনুভৱহে কৰিব পাৰি। মই তো এনেকুৱা এজনক বিচৰা নাছিলোঁ যি মোৰ যাতনা নেদেখিব অথবা দেখিও নিশ্চুপ হৈ থাকিব। মানুহজনক ক’বলৈ মন যায় –

তুমি থকাৰ পাছতো যদি এই জীৱন অতীষ্ঠ লাগে, জীয়াই থকাৰ স্পৃহা নাইকীয়া হয়,  তেনেহলে তুমি থাকি কি লাভ?

কিন্তু এদিন সুজাতাই বুজিছিল –তাইৰ সকলো চেষ্টা নিস্ফল হৈছে । শেষত সুজাতাই তেওঁক বুজাই দিছিল – নাৰীক ভঙা খুব সহজ কিন্তু জোৰা লগাবলৈ কঠিন। কাৰণ নাৰী আনৰ দ্বাৰা ভাগে অথচ আনে জোৰা দিব নোৱাৰে। ভগা চিঙা টুকুৰা গোটাই নাৰীয়ে নিজেই নিজৰ পুননিৰ্মাণ কৰে। নিজৰ মতে বাচে। ভগাৰ আগতে নাৰীয়ে মন প্ৰাণ দি চেষ্টা কৰে তেওঁক যেন ভঙা নহয়, কিন্তু সেই চেষ্টাৰ ফল শূন্য হ’লে নাৰীয়ে নিজেই নিজক আঁতৰাই আনে। আনিবলৈ বাধ্য হয়।

তাইও আঁতৰি আহিছিল। ল’ৰাটোৰ হাতত ধৰি একবস্ত্ৰে ওলাই আহি তাই বান্ধৱী ৰশ্মিৰ গুৱাহাটীৰ ভাৰাঘৰত উঠিছিলহি। মাক দেউতাকে ঘৰত থাকিবলৈ কৈছিল কিন্তু স্বাভিমানী সুজাতাই দেখুৱাব খুজিছিল তাইৰ কি নাই কি আছে? ভালপাই তাই যিটো মানুহৰ লগত সংসাৰ গঢ়িছিল – সেইটো মানুহৰ বাবে তাইৰ একো নাথাকিব পাৰে – কিন্তু পৃথিৱীয়ে দেখিব লাগিব সুজাতাৰ ভিতৰত কিবা আছে। ডিভোৰ্চ হৈ গৈছিল। মানুহজনে যেন সকাহ পাইছিল। সুজাতাই মাত্ৰ কৈ থৈ আহিছিল –এই চহৰে মোক সকলো দিলে, তোমাৰ পদূলিৰ বকুল, চোতালৰ তগৰ, ফুলৰ বাবে মায়া, তোমাৰ স্মৃতি – সকলো দিলে। কেৱল তোমাক নিদিলে। তথাপি মোৰ আক্ষেপ নাই। মানুহ মূল্যবান হৈ থকা ভাল। মূল্য হেৰুৱালে আতঁৰিব লাগে। প্ৰেমতকৈ আত্ম সন্মান ডাঙৰ।

ৰশ্মিৰ সহায়ত তাই প্ৰাইভেট স্কুলত চাকৰি আৰম্ভ কৰিলে – উপযুক্ততা তাইৰ নথকা নহয়। বি এড আছিল। ইংৰাজীত অনাৰ্চ। আৰু আটাইতকৈ ডাঙৰ কথা- অসমীয়াত তাইৰ অনায়াস দখল। সংসাৰ সজোৱাত ব্যস্ত হৈ থাকি পাহৰি যোৱা সাহিত্য চৰ্চাৰ অভ্যাসটো এইবাৰ চেলেঞ্জ হিচাপে ল’লে। এখন এখনকৈ সুজাতা চলিহাৰ বহুত গল্প আৰু উপন্যাস প্ৰকাশ হ’ল। এসময়ত সুজাতাৰ নাম অসমৰ জনপ্ৰিয় লেখিকাৰ  ভিতৰত অগ্ৰগণ্য হৈ গ’ল।

সুজাতা চলিহাৰ প্ৰত্যেকখন কিতাপ তেওঁ প্ৰিয় মানুহৰ নামত উৎসৰ্গা কৰি আহিছে। মাক,দেউতাক, আইতাক ,ৰশ্মি, তেওঁৰ সন্তান ঋভু , সহপাঠী বন্ধু সহকৰ্মী বহুত মানুহৰে কাষত তেওঁ কৃতজ্ঞ। সেই কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ সুজাতাই এইটো উপায় লৈছে। কিন্তু এইখন কিতাপ আত্মজৈৱনিক উপন্যাসৰ দৰে। এই জীৱনৰ সুখ দুখ আশা বেদনা অপমান অভিমান আৰু প্ৰতিষ্ঠাৰ সংগ্ৰামক তেওঁ তুলি ধৰিছে। কিতাপখন কাকো উৎসৰ্গা কৰাৰ কথা ভবা নাছিল। আজি এতিয়া প্ৰকাশকৰ ফোনটো পাইহে ভাবিছে -কাক উৎসৰ্গা কৰিলে তেওঁৰ কৃতজ্ঞতাবোধ প্ৰকাশ কৰা সম্পূৰ্ণ হ’ব? তেওঁ ভাবি থাকিল- জীৱন্ত এজন পুৰুষৰ বিবাহিতা স্ত্ৰী হৈও নিজকে পৃথিৱীৰ নিসংগতম মানুহ বুলি আৱিষ্কাৰ কৰাৰ যাতনা তেওঁ পাই আহিছে, সেই যাতনা পাৰ হৈ আহিছে।    এই নতুন জীৱনৰ  প্ৰতিষ্ঠা,পৰিচয়ৰ মূলতে সেই এটা মানুহ – নহ’লে আজি সুজাতা স্বামী সন্তানৰ আলপৈচান ধৰা, সংসাৰ চম্ভালি থকা এগৰাকী  গৃহিণী হৈয়ে থাকিলহেঁতেন। সেই কথা অস্বীকাৰ কৰিব নোৱাৰি। সিমান অকৃতজ্ঞ তেওঁ নহয়। কিন্তু মানুহটোতো সুজাতা চলিহাৰ বাবে মৃত।

বহুত দেৰিৰ পাছত সুজাতা বৰুৱাই কাগজ কলম গোটাই ল’লে আৰু অকণো বিচলিত নোহোৱাকৈ লিখিলে — ” মোৰ এইখন গ্ৰন্থ স্বৰ্গীয় দীপক বৰুৱাৰ নামত উৎসৰ্গা কৰিলোঁ।”

You might also like

Comments are closed, but trackbacks and pingbacks are open.