ৰশ্মিৰেখা বৰা
ককাক মাত লগোৱা মানুহৰ অভাৱ এনেও নাছিল, আজি দুদিনমানৰপৰা আৰু বেছি হৈছে। যেনিয়ে যায় তেনিয়ে মানুহে মাতে।
:অ’ ককা দেখোন,
এজনে দেখাৰ লগে লগে সকলোকে চিঞৰে-
:ঐ ককা আহিছে আমাৰ দোকানলৈ।
দিয়া-লোৱাত ব্যস্ত থকা সকলো মানুহে ঘূৰি চায় ককালৈ। বস্তু কিনাৰ সমানে সমানে ককাৰ সৈতে সকলোৰে হাঁহি ধেমালি চলি থাকে।
টেম্পোত বহি থাকোঁতেও কোনোবাই কৈ উঠে, ‘অ, এয়া ককা নহয়নে?’ ৰাস্তাইদি খোজ কাঢ়ি গৈ থাকোঁতেও একোজনে চিঞৰে, ‘অ ককা, এপাক সোমাই যাওক।’
কথা পাতি ককাই বেয়া নাপায়, সেইবুলি কামৰ সময়ত কোনোবাই আমনি কৰি থাকিলেও ভাল নাপায়। হ’ল বুলিয়েই বস্তু এটা কিনিবলৈ যাওঁতেও, ‘অ’ ককা, বিহু এফাঁকি গাই দিয়ক’ বুলিলেই গাই দিব নোৱাৰি নহয়। ককাৰ পৰা কথাৰ আসৈ নাপাই কোনোৱে তিতকাৰি মাৰে, -‘এ ককা এতিয়া চেলিব্ৰিটি হ’ল দেই।’
কৌটিকলীয়া মাতষাৰেৰে ককাই উষ্মাৰে কৈ উঠে- ‘এৰা, খেতি-খোলা এৰি বাটৰ ধূলি লেখা ধদুৱাহঁত, কি হৈছোঁ বুলিলিহঁত হেঁ? ব’লচোন, কেইটাই পথাৰৰ আলি দিব জান চাওঁ।’
আলিমূৰৰপৰা খোজকাঢ়ি ঘৰলৈ আহি থাকোঁতে বাৰীত কোনোবা এজনক কাম কৰি থকা দেখিলে দিহা দি আহে, ‘ নিৰোৱা বনখিনি সৌ জাতিলাওজোপাৰ গুৰিলৈ চপাই দিয়া হে।’
ৰাতিপুৱা শুই উঠাৰ পৰাই ককাৰ এশ এবুৰি কাম। পুৱা দুৱাৰ খুলিয়েই নঙলা মুখলৈ গৈ আগফালৰ ঘাঁহনিডৰা চাবগৈ। ঘাঁহকেইডালৰ এডালো যেন ইফাল সিফাল হ’বলৈ নিদিব। বাৰিষা গৰুকেইটাই কি খাব সেই চিন্তা প্ৰথম ককাৰ বাবে। তাৰ পিছতে চায় পিছফালৰ পথাৰখন। কোনে হাল কোৰ লৈ পথাৰত উপস্থিত হৈছেহি, সেয়া খবৰ লয়। মহেন আহিলে তাক হিচাপ দিব লাগিবতো, তাতকৈ আগতে কোন কোন আহি পথাৰ পালেহি, সেই খবৰ নিদিলে নহ’ব নহয়। তাৰ পৰা আহি গোহালিলৈ যাব, গোহালিত গৰুকেইটাৰ আউল মৰাৰ আগতে ভাৰ পাচিযোৰ সাজু কৰি লয়, গোবৰখিনি গোটাবলৈ।
মহেন আহি পালে খুব আগ্ৰহেৰে সি নাঙলটো নমাই ৰঙাই আৰু মঙলাক খেদি নিয়া চাই থাকে। ডেকাকালত তেওঁৰ দৰে কৰ্মী মানুহ গোটেই গাঁৱতে নাছিল। ধান, পাচলি, মস্যৰে ভৰপূৰ ঘৰখনত একোৰে অভাৱ নাছিল, বস্তুৰেহে যে ঘৰখন উভৈনদী হৈ আছিল, তেনে নহয়, মানুহ, মাত-কথা, আদৰ-যত্ন, একো কম নাছিল। তিনিটা ল’ৰা আৰু দুজনী ছোৱালীৰে ভৰপূৰ সংসাৰ, ঘৰধৰা পত্নীৰে গাঁৱৰ ভিতৰতে জাকত-জিলিকা ঘৰ আছিল। ককাই হেনো জেঠমহীয়া চাবলৈ গৈছিল আইতাক। ৰ’দ বৰষুণ ব্যৱহাৰ কৰিব নজনা মানুহে ঘৰ ধৰি খাব নোৱাৰে বোলে। টুকুৰিয়াই টুকুৰিয়াই চাই আইতাক বিয়া পাতিছিল। বৰ লক্ষী তিৰোতা আছিল আইতা। ককাই হালবোৱা মাটি ৰুই আইতাই সেউজীয়া কৰিছিল, ককাই যত্ন লৈ সোণোৱালী কৰি সোণগুটিৰে উপচাই পেলোৱা পথাৰত আইতাই কাচি চলাইছিল আৰু সেই সোনগুটি ভাৰবান্ধি ককাই ঘৰলৈ আনিছিল। পুখুৰীত মাছ গোটেই বছৰেই থাকিছিল। পথাৰৰ কাম নথকা সময়খিনি লাগনি গছেৰে ভৰি থকা বাৰীখন শাক-পাচলিৰে জিলিকাইছিল। ধনমইনা, দৌকণ, বাপুটি, তৰা আৰু জোনালী, কেউটাকে বাৰীৰ তামোল-পাণ, শাক-পাচলি বিক্ৰী কৰিয়েই কলেজলৈকে পঢ়ুৱালে। সকলো চাকৰিয়াল এতিয়া। তৰা আৰু জোনালীও। প্ৰত্যেকৰে ভৰা সংসাৰ। অৱস্থাপন্ন ঘৰ দুৱাৰ। চাকৰিৰ ঠাইতে পৰিয়াল সহিত তিনিও পুত্ৰ থাকে। এনে নহয় যে ঘৰখনলৈ পিঠি দিলে। প্ৰত্যেকে খবৰ লয় সাধ্য অনুসৰি। মাহেকে পষেকে ককাৰ ঘৰৰ পদূলিত গাড়ী এখন ৰয়হিয়েই।
ক’বলৈ গ’লে এটা সম্পূৰ্ণ সফল জীৱন পৰিক্ৰমা ককাৰ।
এক কথাত ক’বলৈ গ’লে ককা এতিয়া আজৰি। আইতাও সকলো দায়িত্ব সম্পন্ন কৰি সধবা সাজেৰে পৰম সৌভাগ্যৱতী হৈ সিপুৰীলৈ গ’ল।
আজি কিছুদিনৰ আগতে নাতিনী জিমলিয়ে ককাকৰ ঘৰলৈ আহি ককাকৰ লগত কৰা হাঁহি ধেমালিবোৰৰ ৰীল বনোৱাৰ পৰাই ককা বিখ্যাত হৈ পৰিছে। সেই ৰীলটোৰ কথা এটা নিউজ চেনেলতো ওলাইছে। ককা এনেয়েও ৰঙিয়াল মানুহজন। নাতিহঁতক যেতিয়াই পায়, সিহঁতৰ লগত হাঁহি ধেমালিৰে সময়বোৰ সৰস কৰি তোলে। ককাকৰ পিছে পিছে ঘূৰি গোটেইকেইটাই বৰশী বোৱা, বাৰীৰ ৰবাব টেঙা ছিঙি আনি কলপাতত কাটি লৈ জলকীয়া নিমখ সানি ধাননিৰ মাজত বহি খোৱা, ফৰ্মূঠি মাৰি আম পৰা, লিচু গছত উঠাৰ পৰা আৰম্ভ কৰি পথাৰত মৈত উঠা, চালনীৰে মাছ ধৰা, মৰণাৰ খেৰত বাগৰা এই সকলোবোৰৰ আনন্দ লয়। তাত মাকহঁতৰ বাধা যে নাহে, সেয়া নহয়, ধমকি দি কয়, এনেকৈ হ’লে ককাৰ ঘৰলৈ আহিবলৈ নাপাবা আৰু, ক্ষন্তেকলৈ ৰ’লেও মাকহঁতে মনোযোগ আঁতৰালেই আকৌ গৈ ককাকক আব্দাৰ জুৰে,- ‘ককা, ব’লানা, গৰু আনোগৈ, সন্ধিয়া লাগিল।’
সহজ সৰল ককাৰ নাতি-নাতিনীহঁতৰ সৈতে কৰা নিভাঁজ ৰসিকতাবোৰে মানুহৰ মনত ঘৰ কৰি বহিল। বাটে ঘাটে সেয়ে ককাক মাত-বোল কৰা মানুহৰ সংখ্যাও বাঢ়িল।
দিনটো পথাৰ সমাৰ, নামঘৰ, ওচৰ-চুবুৰীয়াৰ খবৰ খাতি লোৱা, দোকান-পোহাৰলৈ যোৱা, গৰু-গাইৰ আউল মৰা এইবোৰত ব্যস্ত থাকি সন্ধিয়া ঘৰ সোমায়। গোঁসাইঘৰত চাকি লগায়, ঠিক আইতাই লগোৱাৰ দৰে, আইতা থকালৈকে আইতাই লগাইছিল। ৰূমে ৰূমে সোমাই খিৰিকীবোৰ বন্ধ কৰে। লাইটবোৰ জ্বলায়।
‘মই কৰিম নহয়, ‘
হৰিয়ে কোৱা কথাবোৰ আনসময়ত মানি লোৱাৰ দৰে এইসময়ত ককাই মানি নলয়, সিও অহাৰ দিন ধৰি দেখি আহিছে, এই কামটো ককাই সদায় কৰে। গতিকে এবাৰ তেনেকৈ কৈ অনুমতি বিচাৰে। দুনাই আমনি নকৰে।
সন্ধিয়া বাহলৈ ঘূৰি যোৱা চৰাইবোৰৰ দৰেই ককা সোমাই পৰে ঘৰত। কোঠালিৰ খিৰিকীবোৰ জপাই দিনটো লগ পোৱা মানুহবোৰ, হাঁহি-ধেমালি, মাত-কথাবোৰৰপৰা নিলগত, বুকুত সাঁচি ৰখা কথাবোৰ নিজৰ সৈতে পাতিবলৈ মনৰ খিৰিকীবোৰ খুলি লয়।
সময়ৰ সৈতে বাস্তৱৰ পৰা স্মৃতি হোৱা আৱেগ-অনুভূতিবোৰৰ সৈতে সময় কটাই চলচলীয়া চকুৰে ককাই সময়ৰ বুকুত অতীতত বিচৰণ কৰে। এইখিনি ককাই নিভৃতত সাঁচি ৰাখে কোনেও নেদেখাকৈ।
সেইসময়ত মোবাইলৰ ৰীলত চলি থাকে ককাৰ নাতি-নাতিনী, জী-জোঁৱাই, পো-বোৱাৰীৰ সৈতে ব্যস্ত ৰঙীয়াল ছবিখন।
কিছুমান শূন্যতা কোনেও পূৰাব নোৱাৰে। কোনেও বুজিবও নোৱাৰে। সেইখিনি একান্ত নিজৰ।
লাইট জ্বলাই জ্বলাই কোঠাই কোঠাই সোমাই প্ৰতিখন বিচনা, চকী-টেবুল চুই চায়, ৰূমৰ আৱহাৱাত উৰি ফুৰা ছাঁয়াবোৰ, কথা-বতৰাবোৰ, হাঁহি-ধেমালিবোৰত এফালৰ পৰা অনুভূতিৰ পৰশ বুলাই যায়। পূব দিশৰ ৰূমটোত ৰুকচনৰ হতুৱাই ঘৰৰ কঠাল এজোপা ফলাই বনোৱাই দিয়া টেবুলখনতে ধনমণিয়ে পঢ়িছিল। ডাঙৰ হৈ অহাৰ লগে লগে বাপুটিয়ে কাজিয়া কৰিবলৈ লৈছিল সেইখিন টেবুল তাক লাগে বুলি। উপায় হিচাপে একে টেবুল এখন তালৈকো বনোৱাই দিছিল। সি পশ্চিমফালৰ কোঠাটোত পঢ়িছিল। দৌকণ আৰু তৰাই পঢ়িছিল তাৰ ওচৰৰ কোঠালিটোত। জোনালী পঢ়িব পৰা হোৱাৰ পৰা ডাঙৰ ককায়েকৰ লগতে পঢ়িবলৈ লৈছিল। ধনমণি পঢ়াত ভাল আছিল। তাৰ পদাংক অনুসৰণ কৰিয়েই বাকীকেইটায়ো ভালদৰে পঢ়া -শুনা কৰিবলৈ লৈছিল। দৌকণে অলপ অমূৰি কৰিছিল, ককায়ো লাই দিছিল অলপ। সন্ধিয়া তাৰ পঢ়া টেবুলৰ কাষেৰে গৈ তাকে শুনাই ককাই কয়, –
-যাওঁ পাই দুলালৰ ঘৰৰপৰাই পাক এটা মাৰি আঁহো। গুৰৰ সৈতে চাহকণ কি ধুনীয়া খাবলৈ। আজি মিঠৈয়ো বনাইছে বোলে।
-দেতা, মোকো নিবি নি?
আইতাই ধমক দিয়ে।
-পঢ়।
এটা শব্দই যথেষ্ট।
ককাক অকলে পালে আইতাই কয়,
-ল’ৰাটোক কিহলে নষ্ট কৰিছে হয়?
-পঢ়ি পঢ়ি চবেই চাহাব হৈ গুচি গ’লে কাৰ লগত থাকিবি? এটা ঘৰত থাকক মাটি-বাৰীবোৰ চাবলৈ।
-নালাগে, তাৰ কপালত যি লিখিব লাগে, বিধাতাই লিখিলে, আপুনি ভাবি লাভ নাই।
হে হে বুলি হাঁহি এটা মাৰি ককা আঁতৰি যায়।
সময় বাগৰিল, সংসাৰলৈ পৰিৱৰ্তন আহি থাকিল। সকলোৰে নিজৰ নিজৰ সংসাৰ হ’ল। সকলো চাকৰিয়াল হৈ সংস্থাপিত হ’ল। দৌকণে পঢ়া শেষ কৰি দুদিনমান ঘৰতে আছিল। ককাই চেষ্টা কৰিছিল, কিজানি খেতি বাতিত মন দিয়েই। বোকা গছকি স্কুললৈ অহা-যোৱা কৰি আহৰণ কৰা শিক্ষাই বোকাৰ পৰা আঁতৰাই নিয়া ধনমইনা আৰু বাপুকণৰ নিচিনাকৈ দৌকণকো খেতিৰ পৰা আঁতৰি থকাৰ উপায় বিচৰাত লগালে। ডাঙৰ জোঁৱায়েকৰ চেষ্টাত সিও কিছুদিন পিছত বাগিছাৰ চাকৰি এটা পালে।
ককাৰ বাবে সকলোবিলাক একেদৰেই আপোন হৈ থাকিল। সন্তানকেইটাৰ দৰে বাৰীখন আৰু খেতিৰ মাটিখিনিও তেওঁৰ মৰমৰ হৈ থাকিল। মাত্ৰ এতিয়া খেতিৰ বাবে আনৰ ওপৰত ভৰষা বেছিকৈ কৰিব লগীয়াত পৰিল, নিজে চোৱা-চিতাহে কৰে, কামবোৰ লোকেই কৰে বেছিকৈ। নিজলৈ সামান্য ভাগ এটা ৰাখি আধিয়াৰকে বাকীবোৰ দি দিয়ে।
আইতায়ো এৰি যোৱাৰ পিছত অলপদিনলৈ স্তব্ধ হৈ পৰিছিল ককাৰ জীৱন। একান্তমনে কেৱল বিদেহ আত্মাৰ গতি লগোৱাত ব্যস্ত থাকিল কাজলৈকে। কাজৰ পৰা আজৰি হৈ ককাই গম পালে, পথাৰলৈ যাবলৈ লৈ চাহ এবাতি খাই যাবলৈ মন গলেও চাহবাতি নিজে যোগাৰ কৰিব লাগিব। দিনটোৰ কাম কাজবিলাক নিশ্চিন্তকৈ আগৰ দৰে কৰি যাব নোৱাৰে, গাৰ জোৰো যেন আইতাৰ অনুপস্থিতিত আধা কমি গ’ল। ধনমণি, বাপুটি, দৌকণ, জোনালী, তৰা , সকলোৱেই নিজৰ নিজৰ ঘৰলৈ লগ ধৰিলে, ককা নাযায়। দুদিনমান পাল পাতি পাতি এটা এটাকৈ থাকিল, এদিন সিহঁতৰ নেৰানেপেৰা বুজনিত সাজু হ’ল, যাবৰ দিনা ব্ৰহ্মপুৱাতে উঠি চোতাল ঘৰ সাৰি উঠি গৰুহালক দিনটোলৈ খুৱাবলৈ ঘাঁহ কাটিলে। মহেনক দঢ়াই দঢ়াই গৰুকেইটাক সময়মতে দানা-পানী দিবলৈ বুজালে, ৰাতিপুৱা ওলাই গৈ ওচৰ চুবুৰীয়া সকলোকে মাত লগালে, যাবলৈ বুলি সাজু হওঁতেই জগতৰ ভাগিনীয়েক ওলালহি। দুদিন পিছত তাৰ ঘৰত নাম এভাগ গোৱাব লাগে। তালৈকে ককাক নিমন্ত্ৰণ দিবলৈ আহিছিল।
সেইদিনা যোৱা নহ’ল ককাৰ।
নামষাৰ এৰি ককা যাব নোৱাৰে।
নোযোৱাৰ কাৰণ তেনকৈয়ে ইটো-সিটোকৈ ওলায়েই থাকিল।
এদিন হৰি আহিল ককাৰ লগত থাকিবলৈ। দৌকণে লৈ আহিল তাক। কেবাদিনো দেউতাকক নিবলৈ আহি ঘূৰি যোৱাৰ পিছত এদিন তাক আনি থৈ গ’লহি।
সন্ধিয়াৰ নীৰৱতা ভাঙি ফোনটো বাজি উঠে। নিজৰ পৃথিৱীখনৰ সৈতে সংযুক্ত থাকিয়েই ককাই ফোনটো ধৰেগৈ।
:ককা…
নাতিনী ৰিয়াৰ মাতটোৱে চকুৰ কোণত আহি সৰি পৰোঁ পৰোঁকৈ থকা চকুলোৰ টোপালটো তললৈ নিগৰাই দিয়ে।
ইটো সিটোকৈ ফোনবোৰ আহি থাকে। সকলোৱে খবৰ লয়। তাৰ পিছত তেওঁ পাকঘৰত সোমায়। লাইটটো জ্বলাই হৰিয়ে যোগাৰ কৰি থোৱা বস্তুখিনিৰে ৰন্ধা আৰম্ভ কৰে।
এসময়ত ঘৰটোৰ ভিতৰত সবাতোকৈ বেছি গমগমাই থকা ঠাই আছিল এই পাকঘৰটোৱেই। পকী কৰি পেলোৱাৰ আগতে এচুকত থকা জুইশালখনক কেন্দ্ৰ কৰিয়েই যেন গোটেই ঘৰখন চলিছিল। পকী হোৱাৰ পিছত জুহালৰ হালধীয়া জুইকুৰাৰ ঠাই গেছৰ ষ্টভৰ নীলা জুইকুৰাই লোৱাৰ দৰে সময়ৰ সৈতে পৰিৱেশটো সলনি হৈছিল, ধনমণিহঁত ডাঙৰ হৈছিল। কচু, ঢেঁকীয়াৰ সলনি পনীৰ, বেচন ফ্ৰাই, বাৰীৰ চুকৰ পুখুৰীটোৰ মাছকেইটাৰ ঠাই ল’ৰাহঁতে বজাৰৰপৰা অনা সিহঁতৰ পচন্দৰ মাছে লৈছিল, কিন্তু জুইকুৰাৰ উত্তাপ একেদৰেই থাকিল। পাকঘৰটো ঘৰখনৰ প্ৰাণকেন্দ্ৰ হৈয়ে থাকিল।
বিহু-সক্ৰান্তিকে ধৰি বাৰটা মাহত অহা তেৰটা উপলক্ষ্যত মাকৰ হাতৰ এসাঁজ খাবলৈ সকলো একগোট হয়েই। কোনো আলহী ঘৰখনৰ পৰা চাহ অকণ মুখত নিদিয়াকৈ যাবলৈ নাপায়।
মানুহে ককাক প্ৰায় কয় আজিকালি,
:অকলে অকলে থাকি কি ভাল পায় ককা, ল’ৰাহঁতৰ ইমান ডাঙৰ ডাঙৰ ঘৰ গাড়ী, বহি বহি খাবহে লাগে।
কিন্তু তেওঁ গুচি গ’লে যে এই জুইকুৰাও নুমাই যাব।
সেইটো হ’বলৈ ককাই কোন সতে দিয়ে?
ঘৰখনৰ প্ৰতিটো চুক কোণ, বাৰীৰ প্ৰতি চপৰা মাটিত মিহলি হৈ থকা প্ৰাণটো তেওঁ এৰি কেনেকৈ যায়? সোণৰ কফিনত ভৰাই থলেও প্ৰাণহীন শৰীৰ অৰ্থহীন।
ভাত বাঢ়িবলৈ হৰিলৈ বাট চাই থাকি ককাৰ আজি দুদিনমানৰপৰা আমনি লগা হৈছেগৈ। কেতিয়াবা তালৈ ঢাকি থৈ তেওঁ শুই থাকেগৈ। ইকাণ সিকাণকৈ আহি কাণত পৰিছেহি, সি হেনো সন্ধিয়া ৰমলাৰ ঘৰত বহি থাকেগৈ।
আনকালৰ দৰেই ককা শুলেগৈ।
পিছৰাতি শোৱা কোঠাৰ দুৱাৰত টুকুৰিওৱাৰ শব্দত ককাই সাৰ পালে।
দুৱাৰ খুলিয়েই সন্মুখত হৰিক দেখি তাক সুধিলে,
: কি হ’ল?
সি ককাৰ পৰা বিদায় লবলৈ আহিছে বুলি শুনি তেওঁ থতমত খাই সুধিলে-
:ভাঙি পাতি কচোন , কি হ’ল কথাটো?
সি ৰমলাৰ মাজুজনীৰ সৈতে মনৰ মিল হোৱাৰ কথা স্বীকাৰ কৰিলে, পিছে ককাক এৰি থৈ যাব লাগিব বুলিহে চিন্তা তাৰ।
:এৰি থৈ কিয় যাবি?
:ঘৰলৈ নিলেওনো তাইক থমগৈ ক’ত ভাবিছোঁ। দাদা-নবৌৱে ঘৰৰ ভাগ দিয়াৰ মতলবতেই নাই। বাচত উঠি দিম আলিমূৰতে, কি হয় হ’ব আৰু। আপুনি চিন্তা নকৰিব, খবৰ দিম ভালে কুশলে থাকোঁ যদি, আপোনাক এৰি যাবলৈ বেয়া লাগিছে, উপায় নাই, তাইকো মাকে গুণীনৰ পুতেকলৈ দিম বুলি কথা দি দিলে।
তেতিয়াহে ককাই উৰহী গছৰ ওৰটো বিচাৰি পালে।
:অ, তই এতিয়া ছোৱালী পলুৱাই আনিবলৈ যাৱ?
: মানে…
সি মূৰটো খজুৱাই খজুৱাই ক’লে-
:তাই মানে আহিলেই।
চুচুক চামাককৈ হাতত সৰু বেগ এটা লৈ কাপোৰ মেৰিওৱা পুতলাজনীৰ দৰে ছোৱালী এজনী এখোজ দুখোজকৈ আগবাঢ়ি আহিল।
ককাই অলপ সময় চাই থাকিল। অলপ ভাবি ক’লে-
:যি কৰিলি কৰিলি, ৰমলাৰ সৈতে মই কথা হম, তহঁত কলৈকো যাব নালাগে, ইয়াতে থাক দুইটা।
লাহে লাহে পোহৰ হৈ আহিছিল, সোনকালে উঠাৰ অভ্যাসটো ককাৰ এনেও আছিল। দুইটাকে ভিতৰত এৰি ককা বাহিৰলৈ আহিল। চোতাললৈ নামিবলৈ লওঁতেই পানীপতাত পৰি থকা পচি যোৱা বুলি ভাবি পেলাবলৈ থোৱা ফুলৰ ডালকেইটাত চকু পৰিল। তাত অকণি অকণি মৰমলগা কুঁহিপাত কেইটামানে সজাল ধৰি উঠিছিল।
ফুলপুলিটোলৈ চাই থাকোঁতেই পিছফালৰ পৰা মিহি মাত এটা শুনিলে-
:বৰদেউতা, চাহ কৰিমনেকি?… মানে বাহিৰৰ চৌকাতে কৰিম।
:নালাগে, গেছটো জ্বলাগৈ।
এবাৰ ঘূৰি চাই নিৰ্দেশনা দি ককাই আকৌ ক্ৰমান্বয়ে বাঢ়ি অহা পোহৰত চৌপাশটো নিৰীক্ষণ কৰাত লাগিল।
কি কৰোঁ কি নকৰোঁকৈ চম্পাৱতী থিয় হৈ থাকিল ঠাইতে।
কথাটো মন কৰি ককাই কিবা এটা ভাবি হৰিক চিঞৰিলে।
হৰি উধাতু খাই দৌৰি আহিল কি হ’ল বুলি। তালৈ চাই ককাই ক’লে,
:বোৱাৰীক দেখুৱাই মেলি দেগৈ। তাই নতুন ছোৱালীজনীয়ে আও ভাও নাপাব নহ’লে। এবাৰ চিনি জানি ললেহে তাই চৰু চমজি লব পাৰে। যা, দেখুৱাই দেগৈ ক’ত কি আছে।
:মানে…
পাকঘৰৰ যা-যোগাৰ হৰিয়ে কৰিলেও ৰন্ধা-বঢ়া ককাই নিজে কৰি আহিছিল। গতিকে সিও কথাষাৰ বুজিবলৈ সময় ললে।
ককাই বুজি পালে তাৰ অৱস্থাটো।
-আজিৰ পৰা বোৱাৰীক চমজালো ঘৰ। যা, ভাবিব নালাগে, পাকঘৰৰ দায়িত্ব আজিৰ পৰা তাইৰ।
চম্পাৱতীয়ে হৰিৰ মুখলৈ চালে। তাইৰ মুখত বুজা নুবুজাৰ মাজেৰে কুমলীয়া ধুনীয়া গজালিটোৰ দৰেই হাঁহি এটা। হৰিয়ে আকৌ এবাৰ কথাষাৰ যেন ভালকৈ বুজি লব খুজিলে।
:মানে তাই বাহিৰৰ চৌকাটোতে …
:পাকঘৰলৈ নে, তাই গেছ জ্বলাব নাজানে নেকি?
:জানে…
তাৰ মনত তেতিয়াও সংশয়।
:যা তেনে।
ধমকিৰ সুৰত কোৱা সেই দুটা শব্দ তাৰ কাৰণে কোনো আকাশবাণীৰ কম নাছিল। সৰুতে ঘাট-মাউৰা হোৱা নিঠৰুৱা হৰিয়ে ককায়েকৰ পৰা কোনোদিনে তেনেকৈ মৰমৰ ধমকি খোৱা নাছিল।
চম্পাৱতী আৰু হৰি, দুইটাই চকুৱে চকুৱে চাই পৰিস্থিতিটো বুজিবলৈ যেন চেষ্টা কৰিলে।
লাহেকৈ ভিতৰলৈ যাবলৈ যো জা কৰোঁতেই ককাই আকৌ ক’লে-
:তহঁত আৰু ক’লৈকো যাব নালাগে। ইয়াতে থাকিবি।
::আপুনি থকালৈকে থাকিম বাৰু।
হৰিয়ে ক’লে। ইমান আদৰ নেওঁচা দি ককাক এৰি যাব নোৱাৰি। মনতে ঠিৰাং কৰিলে, ইয়াতে থাকিয়েই বেলেগ ব্যৱস্থা এটা চিন্তা কৰি থব লাগিব ভৱিষ্যতৰ বাবে।
:কি মই থকালৈকে?
ককাই মাতটো ডাঙৰ কৰি সোধা কথাটোৰ উত্তৰ দিবলৈ সি কিছুসময় ললে। ঘৰত থাকিবলৈ দিয়া বুলি ক’লে বহুত কথা থাকে। সি এতিয়া অকলশৰীয়া নহয়। চম্পাৱতীক নিজৰ কৰি লম বুলি ভবাৰ পৰাই সি স্থায়ী ঠিকনাৰ কথা ভাবিবলৈ লৈছিল। ভাড়াঘৰত থকা আৰু কাৰোবাৰ ঘৰত আশ্ৰয় লোৱা একে কথা নহয়। এতিয়া ককাই ৰাখি থলেও ককাৰ অবৰ্তমানত সি আকৌ নিঠৰুৱা হ’ব। অলপ ভাবি কওঁ নকওঁকৈ ক’লে-
:পিছত দাদাহঁতে জানো থাকিবলৈ দিব?
:অ’, সেইটো কথা, মই নাথাকিলেও পাৰিবি। মই আজিয়েই ধনমণিক কম। আমাৰ বোৱাৰীয়েই কৰি দিব পাৰিব কোৰ্টৰ কামবোৰ। শুনিছ, মই লেখা-পঢ়া দি থৈ যাম, তই বাৰী-ঘৰবোৰ নিজৰ কৰি ৰাখিবি।
তাৰমানে সিহঁতৰ ঠিকনাবিহীন জীৱনক নিজৰ এটা ঠিকনা দিছে ককাই… মৰমৰ তুলাচালনীত আপোন-পৰৰ হিচাপ নিকাচৰবোৰ একাষৰীয়া হৈছে। ক্ৰমান্বয়ে উজ্জ্বল হৈ আহিবলৈ ধৰা দিনটোৱে অনাগত সুখময় দিনৰ ইংগিত দি দুয়োটাৰ মুখত এচেৰেঙা ৰ’দালি হাঁহি সিঁচি দিলে।
ভিতৰমুখী হোৱা হৰি আৰু চম্পাৱতীলৈ ক্ষন্তেক চাই থাকি ককাই ঘূৰি আকৌ এবাৰ পচিবলৈ ধৰা ডালটোৰ পৰা ওলাই অহা কুঁহিপাতকেইটালৈ চালে, মনটো পুৱাটোৰ দৰেই সতেজ হৈ পৰিল, ডালকেইটা মাটিত গুজি দিওঁ বুলি তুলি লৈ মনতে আওঁৰালে,
‘ পাকঘৰৰ জুইকুৰা নুনুমায়…’
ফোনঃ ৭০০২৪-৮৯৫৭১
Comments are closed, but trackbacks and pingbacks are open.