গল্প : আদ্যা- দ্য প্ৰাইমেল এনাৰ্জী 

6

ৰাগিণী আলম্যান

শৰীৰৰ সমস্ত শক্তি একত্ৰিত কৰি তাই মন্দিৰৰ ঘণ্টাটো বজাই বজাই এসময়ত মাটিত ঢলি পৰিল।

মাজৰাতি মন্দিৰৰ ঘণ্টা বজা শুনি ওচৰতে থকা পূজাৰীজন দৌৰী অহাদি আহি মন্দিৰ পালে। মাটিত পৰি থকা ছোৱালীজনী দেখি প্ৰথমে পূজাৰীজন হতচকিত হৈ পৰিল। দেৱী দুৰ্গাক স্মৰি পূজাৰীজনে ছোৱালীজনীক কোলাত তুলি কাষতে থকা পাটিখনত শুৱাই দিলে। দেৱী দুৰ্গাৰ চৰণৰ অমৃতজল তাইৰ গালে মুখে চতিয়াই দিলে। হাতৰ আচলুত অলপ পানী লৈ তাইৰ শেতা পৰা ওঁঠযুৰিত লগাই দিলে। দেৱীৰ অমৃতজলৰ ধাৰায়ে শৰীৰৰ ক্লান্তি দূৰ কৰাত তাই লাহেকৈ চকু মেলিলে।

পূজাৰীজনে তাইক ইমান ৰাতি কʼৰ পৰা আহিল সোধাত একো উত্তৰ নিদি দেৱীৰ প্ৰতিমাৰ ফালে বহি লৈ পদুম পাহি যেন চকু কেইটাৰে ট ট কৈ চাই শান্ত হৈ বহি থাকিল। যেন দেৱীৰ লগত মৌন ওঁঠেৰে বহু কথাই পাতি পেলালে।

কিমানপৰ তেনেকৈ বহি আছিল তাই নাজানে। পূজাৰীজনেও বহুপৰ তাইৰ উত্তৰলৈ বাট চাই কোনো উত্তৰ নোপোৱাত পুনৰ একেটা প্ৰশ্নকেই সুধিলে। পূজাৰীজনৰ মাত শুনি তাই ভাগৰুৱা দেহাটোত অলপ শক্তি জুগুতাই কʼলে- “বৰদেউতা মোক এই মন্দিৰতে থাকিব দিব নে? কৃপা কৰি মানা নকৰিব।”

: আই, তুমি ইয়াত কেনেকৈ থাকিবা। এইটো দেৱী দুৰ্গাৰ মন্দিৰ। মন্দিৰটোৰ চাৰিওফাল খোলা।

পাহাৰীয়া ঠাই। এই ঠাই টুকুৰাত ৰাতি হিংস্ৰ জন্তুৰ অবাধ বিচৰণ থলী হৈ পৰে।

: ম‌ই পাৰিম বৰদেউতা। দেৱী মায়ে মোক ৰক্ষা কৰিব।

: কিন্তু আই, তুমি ইমান ৰাতি এই পাহাৰীয়া অঞ্চলত কেনেকৈ আহিলা? তোমাৰ ঘৰ কʼত?

এইবাৰো তাই নিমাত হৈ দেৱী মালৈ চাই থাকিল। কিছু সময় মন্দিৰটোত মৌনতাই বিৰাজ কৰিলে। বতাহৰ সো সোৱনিৰ শব্দ, জিলিৰ মাত আৰু চাকিৰ পোহৰে পৰিৱেশটো গম্ভীৰ কৰি তোলাৰ ক্ষণতে পূজাৰী জনেই পুনৰ কʼলে- “এই পাহাৰত ৰাতি হʼলে ম‌ই আৰু দেৱী মাহে বাস কৰোঁ। দিনত দুই এজন ভক্ত আহে। দেৱী মালৈ যি প্ৰসাদ আনে তাৰে মোৰ পেটটোক পালন কৰোঁ। পাহাৰৰ দাঁতিত এখন গাঁও আছে। পুৱা হʼলেই তুমি তালৈ যাবাগৈ।”

তাইৰ মৌনতা ভাঙিব নোৱাৰি পূজাৰীজনৰ যেন খং এটা উঠি আহিছিল। খং উঠিবৰে কথা। ৰাতি দুটা বজাত টোপনিৰ পৰা উঠি আহি যদি এনে পৰিস্থিতিৰ সন্মুখীন হৈ সোধা প্ৰশ্নৰো উত্তৰ নাপায় তেন্তে খং উঠাটো স্বাভাৱিক।

পূজাৰীজন বহাৰ পৰা উঠি যাব ওলোৱাত তাই পূজাৰীজনৰ ভৰিত সজোৰে সাৱটি ধৰিলে আৰু কʼলে- “বৰদেউতা মোক ইয়াতে থাকিব দিয়ক। মোক তললৈ যাব নকʼব বৰদেউতা। অনুগ্ৰহ কৰি মোক ইয়াতেই আত্মগোপন কৰিবলৈ আশ্ৰয় প্ৰদান কৰক।”

: তোমাৰ পৰিচয় অবিহনে ম‌ই এই পবিত্ৰ দেৱী মন্দিৰত তোমাক থাকিবলৈ অনুমতি দিব নোৱাৰোঁ।

: মই সকলো কʼম। মোক অলপ সময় দিয়ক বৰদেউতা।

পূজাৰীজনে তাইৰ কৰুণ মুখলৈ এপলক চাই দেৱী মাক প্ৰণাম জনাই ছোৱালীজনীক ৰাতিটোৰ বাবে মন্দিৰতে থাকিবলৈ ব্যৱস্থা কৰি দি নিজৰ সৰু পঁজা ঘৰটোলৈ আৰাম কৰিবলৈ বুলি গুচি যায়।

পুনৰ মন্দিৰৰ ঘণ্টাৰ শব্দত পূজাৰীজনৰ চকু খোল খালে। ৰাতি টোপনি নোহোৱাৰ বাবে কেতিয়ানো সূৰ্য উদয় হৈ ছয় বাজিল গমকে নাপালে। পুৱাৰ স্নান আদি নিত্য কৰ্ম কৰি মন্দিৰ আহি পাই মানে দেখিলে ছোৱালীজনীয়ে দেৱী মাৰ মন্দিৰটো সাৰি মছি নিত্য পূজা কৰিব পৰাকৈ ফুল, ফল আদি সকলো জোগাৰ কৰি থৈছে। আৰু তাই ভিজা কাপোৰেৰেই দেৱীৰ সন্মুখত ধ্যান মুদ্ৰাত বহি মন্ত্ৰ জাপ কৰি আছে। পূজাৰীজনেও তাইৰ ধ্যানত বাধা নিদি দেৱী দুৰ্গাৰ নিত্য পূজাভাগ সমাপন কৰি ছোৱালীজনীৰ ধ্যান শেষ হোৱালৈ অপেক্ষা কৰিলে।

: বৰদেউতা, মোক ক্ষমা কৰিব। আপোনাৰ অনুমতি অবিহনেই মই দেৱী মাৰ স্নান আদি কৰ্ম সমাপন কৰিলোঁ।

পূজাৰীজনে তাইৰ কথা আওকাণ কৰি কʼলে-”আই, তুমি সৌ গাঁওখনলৈ যোৱাগৈ। এই মন্দিৰত তোমাৰ প্ৰকৃত পৰিচয় অবিহনে মই আৰু তোমাক এক মুহূৰ্ত‌ও থাকিব দিব নোৱাৰোঁ।”

কিছু সময় দেৱী মালৈ নিস্পলক ভাৱে চাই তাই কʼলে- “মই আদ্যা। এইখন অসমৰে ছোৱালী যদিও বাৰাণসীৰ কাশীতহে ডাঙৰ দীঘল হৈছিলোঁ। কাশীৰ আশ্ৰম এখনত মই গুৰুৰ ছত্ৰছায়াত ইমানদিনে জীৱন অতিবাহিত কৰি আছিলোঁ।”

কাশীৰ নাম শুনি পূজাৰীজনৰ তাইৰ প্ৰতি উৎসুকতা বাঢ়ি যোৱাত সুধিলে- “মানে? মই বুজা নাই । তোমাৰ জীৱনটোত এনে কি ঘটিল যে তুমি অসমৰ এই দুৰ্গম অঞ্চলত আহি নিজকে আত্মগোপন কৰি ৰাখিব বিচাৰিছা?”

:বৰদেউতা মই সকলো কʼম। কিন্তু কালিৰে পৰা একোৱে খোৱা নাই কিবা অলপ খাই ল‌ও নেকি!

ছোৱালীজনীৰ কথা শুনি পূজাৰীজনে ভাবিলে – হয়টো, কালি ৰাতিৰে পৰাটো তাইক মানে আদ্যাক একোৱেই খাব দিয়া নাই। পূজাৰীজনে লৰালৰিকৈ তেখেতে থকা ঘৰটোলৈ গৈ অলপ খোৱা খাদ্য লৈ আহিলে আৰু মন্দিৰৰ কাষতে থকা বেলগছডালৰ তলতে পাটি এখন পাৰি দুয়ো বহি লʼলে।

তাই পৰম তৃপ্তিৰে সকলোখিনি খাই পূজাৰীজনক কʼলে- “বৰদেউতা আপুনি জানেনে এই বেলপাতৰ সৃষ্টি কেনেকৈ হৈছিল?

পূজাৰীজনে জানিও নজনাৰ ভাও ধৰি কʼলে- “বুঢ়া হৈছোঁ নহয় আই, পাহৰিছোঁ। কিন্তু বেলপাতৰ লগত তোমাৰ জীৱনৰ কি সম্বন্ধ?”

:বেলপাতৰ লগত মোৰ জীৱনটোৰো এটা এৰাব নোৱাৰা সম্বন্ধ আছে। তাৰ বাবে ম‌ই আপোনাক বেলপাতৰ সৃষ্টিৰ কথা কʼব লাগিব।

এদিনাখন ভগৱান বিষ্ণুয়ে লক্ষ্মী দেৱীৰ আগত শিৱ প্ৰভুৰ মহিমা বৰ্ণনা কৰি দেৱীক শিৱ পূজা কৰিবলৈ কৈছিল। দেৱী লক্ষ্মীয়ে শিৱক নিতৌ এশ পদুম ফুলেৰে এবছৰলৈ পূজা কৰিব বুলি সংকল্প লৈছিল। শিৱ প্ৰভুৱেও ভক্তিৰ পৰীক্ষা লোৱাৰ মানসেৰে এদিনাখন দুটা পদুম লুকুৱাই থৈছিল। পূজা কৰি থাকোঁতে যেতিয়া দুটা পদুম কম ওলাইছিল তেতিয়া লক্ষ্মীদেৱীয়ে কেনেকৈ আৰু দুটা পদুম আনি পূজা সমাপন কৰিব পাৰে তাকেই ভাবিব ধৰিছিল। তেতিয়া লক্ষ্মীদেৱীৰ মনত পৰিছিল যে বিষ্ণুৱে দেৱীৰ স্তনযুগলক পদুম বুলি কৈছিল। দেৱী লক্ষ্মীয়ে লগেলগেই নিজৰ বাওঁ স্তন নিজ হাতেৰে কাটি শিৱলিংগত অৰ্পণ কৰিছিল আৰু সোঁ স্তনটো কাটিব ল‌ওতেই লক্ষ্মীদেৱীৰ সন্মুখত শিৱ প্ৰভুৱে দেখা দিছিল আৰু লক্ষ্মীদেৱীক সোঁ স্তন নাকাটিবলৈ অনুৰোধ জনায় দেৱীৰ ভক্তিত প্ৰসন্ন হোৱা বুলি কৈছিল আৰু দেৱীৰ ত্যাগ এনেই নাযায় বুলি কৈ লিংগত অৰ্পণ কৰা বাওঁ স্তনটোক পৃথিৱীৰ বুকুত অৰ্পণ কৰিছিল আৰু তাৰ পৰা শ্ৰীফল মানে বেলপাতৰ জন্ম হৈছিল।

কাশীত শিৱ বাবাই বাস কৰে। গতিকে শিৱ বাবাকেই নিজৰ পৰম আৰাধ্য দেৱতা হিচাপে জ্ঞান কৰি ময়ো সদায় এশ আঠটা বেলপাতেৰে শিৱ বাবাক পূজা কৰিছিলোঁ। কিন্তু দেৱী লক্ষ্মীৰ দৰে নিজৰ পৰম আৰাধ্যৰ কৃপা পাবলৈ ম‌ই কোনো ত্যাগ কৰিব নোৱাৰিলোঁ। জীৱনৰ বাইশ বছৰ গৰকা দিনটোতে ম‌ই আশ্ৰমৰ ওচৰৰে এজন লʼৰাৰ সৈতে প্ৰেমত পৰিলোঁ। যৌৱনৰূপী অসুৰটোৰ হাতত ম‌ই পৰাস্ত হৈ আশ্ৰমৰ সকলো নিয়ম উলংঘন কৰি এদিন আশ্ৰম এৰি লʼৰাজনৰ হাতত ধৰি অসম পালোঁহি।

প্ৰথম এমাহ সকলো ভালেই গʼল। তাৰ পাছত মানুহজনৰ মন সলনি হʼব ধৰিলে। ভালপোৱাবোৰ ক্ৰমান্বয়ে শেষ হʼব ধৰিলে। লাহে লাহে সম্পৰ্কবোৰ দূৰ্বল হৈ আহিল। সৰু সৰু কথাত মাৰধৰ কৰিব লʼলে। শাহু মাৰ কথামতেই মোৰ পৰা শাৰীৰিক ভাৱেও দূৰত থাকিব লʼলে। দিনত শাহু মাৰ অত্যাচাৰ আৰু দুভাগ ৰাতি মানুহজনৰ অত্যাচাৰত মই তিলতিলকৈ মৰিব ধৰিলোঁ। মোক কৰা অত্যাচাৰৰ কাৰণ মই একো বুজি পোৱা নাছিলোঁ।

সেইদিনা বেলিটো ডুবিছিলহে মাত্ৰ। তেনে সময়তে দুজন অচিনাকি মানুহ আমাৰ ঘৰলৈ আহিছিল। মা আৰু মানুহজনে সিহঁত দুয়োৰে লগত কথা পাতি আছিল। মই তেওঁলোকৰ বাবে চাহ লৈ আহোঁতে শুনিলোঁ যে মোৰ দৰ-দাম চলিছে। মোৰ আৰু বুজিবলৈ বাকী নাথাকিল যে যি প্ৰেম বিচাৰি মই কাশীৰ আশ্ৰম এৰি অসমলৈ আহিছিলোঁ সেই প্ৰেমৰ আধাৰেই প্ৰৱঞ্চনাৰে ভৰা আছিল। মই সকলো কথা বুজি পায় ঘৰৰ পৰা পলাব খোজোতেই মোক সিহঁতে ধৰি খুব মাৰপিত কৰিছিল। গৰম লোহাৰে মোৰ স্তনত চৰম আঘাত কৰিছিল। মই কেনেকৈ জীয়াই আছিলোঁ কʼব নোৱাৰোঁ।

কেইদিন ধৰি অচেতন হৈ আছিলোঁ মই নাজানিছিলোঁ। যেতিয়া হুচ আহিছিল তেতিয়া চকুত কাপোৰ বন্ধা আছিল। বুকুৰ পুৰি যোৱা অংশত অসম্ভৱ বিষ অনুভৱ কৰিছিলোঁ আৰু তলপেটৰ নিম্নাংশৰ পৰা বিষপানী অহৰহে বৈ আছিল। হয়তো অচেতন অৱস্থাতেই মোৰ শৰীৰৰ খলা বমাবোৰ সিহঁতে জুখি চাইছিল। সিহঁতৰ মাত কথাবোৰ কাণত পৰি আছিল। অনুমান হৈছিল মোক সিহঁতে ঘৰৰ পৰা দূৰৈত লৈ আহিছে। দুই এদিনতে মোক নাগালেণ্ডৰ এটা নাৰী সৰবৰাহকাৰী দলৰ হাতত বিক্ৰী কৰিব।

মই আত্ম অনুশোচনাত বাৰুকৈয়ে দহিছিলোঁ। কিয় মই গুৰুক অৱমাননা কৰি, পৰম আৰাধ্য শিৱ বাবাক অৱজ্ঞা কৰি কি পোৱাৰ আশাত সকলো এৰি গুচি আহিছিলোঁ। বাৰে বাৰে মৃত্যু কামনা কৰি ভগৱানক স্মৰণ কৰিছিলোঁ। তেনেকৈয়ে চাৰি- পাঁচ দিন পাৰ হৈ গৈছিল।

এদিন সিহঁতৰে এজনে মোক খাব দি যাওতে হাতৰ ৰছীডাল বান্ধোতে খেলিমেলি কৰিলে। মই কোনো এটা মুহূৰ্তত হাতৰ ৰছীডাল খুলি পেলালোঁ। চকুৰ কাপোৰখনো খুলি দিলোঁ। দেখিলোঁ এখন অটব্য অৰণ্যৰ মাজৰ এটা তৰ্জা বেৰৰ ঘৰত মোক ৰখা হৈছিল। মই ৰাতিৰ এন্ধাৰৰ সুযোগ লৈ তাৰ পৰা পলাই আহিলোঁ। মোৰ পাপৰ কৰ্মফল শেষ হোৱা নাছিল। যদিওবা মোৰ মৃত্যু কামনা কৰিছিলোঁ তথাপি মনটোৱে ভাবিছিল যে এবাৰ কাশীত গৈ গুৰুক ক্ষমা নোখোজিলে মৰিলেও যেন শান্তি নহʼব।

অৰণ্যৰ মাজত নিজকে জীয়াই ৰাখিবলৈ কঠোৰ সংগ্ৰাম কৰিব লগা হৈছিল। ইফালে মোক বিচাৰি সিহঁতে চাৰিওফালে ঘুৰি ফুৰিছিল। মই শিলৰ গুহা এটাৰ মাজত আশ্ৰয় লৈছিলোঁ। গুহাটোৰ কাষতে এডাল বেলগছ আছিল। বেলৰ পাত পিহি পিহি মোৰ স্তনৰ পুৰি যোৱা অংশত লগাইছিলোঁ। ভোক নিবাৰণ কৰিবলৈ বেল খাইছিলোঁ। এনেকৈ কেইবাদিনো থকাৰ পাছত ম‌ই থকা ঠাইৰ পৰা পূব দিশে ভাহি অহা সন্ধিয়াৰ আৰতিৰ মন্দিৰৰ ঘণ্টাৰ শব্দৰ দিশে আগবাঢ়িছিলোঁ।

শৰীৰ কমযোৰ আছিল যদিও মনত অদম্য সাহস আছিল। গুৰুৰ ওচৰত ক্ষমা খোজাৰ মনৰ প্ৰৱল ইচ্ছাটোক সাৰথি কৰি ম‌ই মন্দিৰৰ দিশে আগবাঢ়ি আহি থাকোঁতে মোক লৈ অনা মানুহ এজনক বাটতেই লগ পাইছিলোঁ। মানুহজনৰ পৰা নিজকে বচাবলৈ এটা প্ৰকাণ্ড শিল হাতত ওঠাই প্ৰচণ্ড জোৰে তাৰ মূৰৰ ওপৰত আঘাত কৰিছিলোঁ। তাক তাতেই এৰি থৈ মই শৰীৰৰ শেষ শক্তিখিনিৰে যিমান পাৰে দৌৰিবলৈ ধৰিছিলোঁ।

বৰদেউতা, ৰাতিৰ এন্ধাৰ ফালি মই এইখিনি আহি পালোঁ। অপবিত্ৰ দেহাৰে মন্দিৰত সোমোৱাৰ বাবে মোক ক্ষমা কৰিব কিন্তু মোৰ হাতত যে একো উপায় নাছিল।

:আই, তোমাৰ সংঘৰ্ষ ভৰা জীৱনৰ কথা শুনিলোঁ। যদিহে কʼব খোজা তেন্তে তুমি অসমত জন্ম গ্ৰহণ কৰি কাশী কেনেকৈ পাইছিলা জনাবা নেকি?

: বৰদেউতা, তেতিয়া মই বহুত সৰু আছিলোঁ। চাগে মোৰ তিনি বছৰ মানহে বয়স হৈছিল। মোৰ একো মনত নাই। গুৰুৱে কৈছিল মোৰ হেনো মা- দেউতাক ভোগদৈ নৈৰ পানীয়ে উটুৱাই লৈ গৈছিল। মই গছৰ ডাল এটাত কেনেকৈ লাগি থাকিলোঁ নাজানোঁ। সেই গছৰ ডালৰ পৰা মোক হেনো গাঁৱৰে মন্দিৰৰ পূজাৰী এজনে উদ্ধাৰ কৰিছিল। তাৰ পাছত মোক পূজাৰীজনে কাশীৰ গুৰুৰ আশ্ৰমত থৈ আহিছিল।

: মই ঠিকেই ধৰিছিলোঁ। তুমিয়েই সেই ছোৱালীজনী হʼবা যাক মই ভোগদৈৰ বুকুৰ পৰা উদ্ধাৰ কৰিছিলোঁ। তুমিয়েই সেই মহান শক্তি যিগৰাকীয়ে এই দেৱী দুৰ্গা মন্দিৰৰ প্ৰধান সেৱিকা। তোমাৰ জন্মৰ আগতেই মোক গুৰুৱে তোমাৰ কথা কৈছিল। এই মন্দিৰৰ কথা কৈছিল। ভোগদৈৰ পৰা তোমাক উদ্ধাৰ কৰাৰ বাবে আদেশ পাইছিলোঁ। সেয়ে মই মহান শক্তিক বিচাৰি ভোগদৈৰ বাঢ়নী পানীত নামি পৰিছিলোঁ। এই কথাৰ যদি প্ৰমাণ লাগে ম‌ই দিব পাৰোঁ।

:মই গুৰুক অৱমাননা কৰি পাপ কাম কৰিছোঁ। যাৰ কৰ্মফল মই আজি ভুগি আছোঁ। ইমান পাপ কৰ্ম কৰিও জানো মই মন্দিৰৰ সেৱিকা হʼব পাৰিম? আৰু মোৰ দৰে অধম এগৰাকীক কেনেকৈ মহান শক্তিৰ লগত তুলনা কৰিছে!

:তোমাৰ জন্ম মহান উদ্দেশ্য সফল কৰাৰ বাবে হৈছে। তুমি শক্তি স্বৰূপা দেৱী দুৰ্গা মাৰে অংশ। আচলতে সকলো নাৰীয়েই দেৱী স্বৰূপা। সকলো নাৰীৰ শৰীৰত দেৱী লক্ষ্মীও বাস কৰে আৰু দেৱী দুৰ্গাও বাস কৰে। তোমাৰ জীৱনত আজিলৈ যি ঘাত-প্ৰতিঘাত হʼল সেয়া নিয়তিৰ লিখন আছিল।

তুমি পৃথিৱীৰ কল্যাণৰ বাবে জন্ম গ্ৰহণ কৰিছা। তুমি এই মন্দিৰত থাকিয়েই সমাজৰ কল্যাণৰ বাবে কাম কৰিব লাগিব। দিশ পাহৰি যোৱা মানুহক পুনৰ জীৱন জীয়াবলৈ অনুপ্ৰাণিত কৰিব লাগিব। আধ্যাত্মিকতাৰ পথেৰে আগুৱাই গৈ মানুহক শুদ্ধ পথ দেখুৱাব লাগিব। তুমিয়েই যে সেই মহান শক্তি যাৰ দ্বাৰা বহু মানুহৰ লগতে জীৱ-জন্তুৰো উদ্ধাৰ হʼব এয়া নিশ্চিত। এই কথাৰ প্ৰমাণ লাগে যদি তোমাৰ বুকুৰ মধ্যস্থানত থকা ত্ৰিশূল আকৃতিৰ জন্মতে লৈ অহা দাগটোলৈ মনত পেলোৱা। তোমাৰ বাবেই এই মন্দিৰত ম‌ই অতদিনে অপেক্ষা কৰি আছিলোঁ।

পূজাৰীজনৰ কথাবোৰ শুনি তাই আচহুৱা যেন অনুভৱ কৰিলেও সকলো কথাই সঁচা বুলি মানি লʼবলৈ বাধ্য। কিয়নো বুকুৰ মধ্যস্থানত থকা ত্ৰিশূল আকৃতিৰ জন্মৰ দাগটো মিছা নাছিল। গুৰু আশ্ৰমত থকা দিনকেইটাত তাই বহু কথাই শিকিছে। ভগৱানক পূজা কৰাৰ পদ্ধতিৰ পৰা ধ্যান, মন্ত্ৰ জাপ, তন্ত্ৰ সাধনা আদি সকলো। কিন্তু মানুহ চিনি পোৱাৰ সুক্ষ্ম দৃষ্টিকণ তাই সহজে শিকিব নোৱাৰিলে। যাৰ বাবে জীৱনত এটা ভুল সিদ্ধান্ত লৈ দূ্ৰ্বিসহ দুখ আৰু যাতনা ভোগ কৰিব লগা হʼল।

সৃষ্টি আৰু শক্তিৰ আধাৰেই হৈছে নাৰী। আদ্যাৰ মনতো সাহস আছে। শক্তি আছে। জীৱনটো নতুনকৈ সজোৱাৰ অদম্য ইচ্ছা আছে। সেই ইচ্ছাকেই প্ৰাধান্য দি তাই বহাৰ পৰা উঠিল। তাই মনতে সংকল্প লʼলে যে এতিয়াৰে পৰা তাইৰ সকলো কৰ্ম আৰু জীৱনটো আনৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰিব।

ইতিমধ্যে পৃথিৱীৰ মাজলৈ আন্ধাৰ নামিছিল। তাই হাত ভৰি কেইটা ধুই মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰিলে আৰু দেৱী দুৰ্গাৰ সন্মুখত প্ৰণাম জনাই নিজকে দেৱীৰ চৰণত সমৰ্পণ কৰি সন্ধিয়াৰ আৰতি গাব ধৰিলে-

“সর্ব মঙ্গল মঙ্গল্যে শিবে সর্বার্থসাধিকে

শৰণ্যে ত্র্যম্বকে গৌৰী নাৰায়ণী নমোহস্তুতে।”

ফোন‌ – ৯৭০৭০ ৭৬১৯০

You might also like

Comments are closed, but trackbacks and pingbacks are open.