গল্প : কলিজাত বকুলৰ সুৱাস

99

প্ৰীতিৰেখা দাস

চট্.. চট্.. চট্… কিহবাৰ শব্দত বনলতা দেৱীৰ টোপনি ভাগি গল । তেওঁ ৱাল ঘড়ীটোলৈ চালে । পুৱা সাত বাজিছে । বিছনাতে বহি তেওঁ অনুমান কৰিব চেষ্টা কৰিলে শব্দটো আচলতে ক’ৰ পৰা আহিছে । টেবুলত থকা চশমাযোৰ পিন্ধি তেওঁ খিৰিকী খন খুলি দিলে । পুৱাৰ ৰ’দৰ উজ্জল পোহৰত বনলতা দেৱীয়ে দেখিলে তেওঁৰ পদুলিত থকা বকুল ফুল জোপা দুজন মিস্ত্ৰীয়ে কুঠাৰেৰে কাটিবলৈ আৰম্ভ কৰিছে । কাষত থিয় হৈ তেওঁৰ একমাত্ৰ পুত্ৰ নিলয়ে মিস্ত্ৰী দুজনক কিবা নিৰ্দেশ দি আছে ।

বুকুখন ধৰফৰাই উঠিল বনলতা দেৱীৰ । অকণো পলম নকৰি খৰ খোজেৰে তেওঁ ছিৰিৰে তললৈ নামি গল । “বাবা এইয়া কি হৈছে? তুমি বকুল জোপা কিয় কাটিব দিছা ? ” বনলতা দেৱীৰ কাতৰ চিঞঁৰত নিলয়ৰ লগতে মিস্ত্ৰী দুজনেই উভতি চালে । কথাটো বুজিব পাৰি নিলয়ে মাকক কান্ধত ধৰি লৈ আহিল পদুলিৰ পৰা ।

ড্ৰয়িং ৰুমৰ চোফাত বহুৱাই দি কলে, “মা মই আমাৰ সমুখৰ ঠাই খিনি শ্বপিং মল এটা ভাড়া দিম বুলি ভাবিছো । তেওঁলোকে এই সপ্তাহৰ পৰায়ে কাম আৰম্ভ কৰিব । তাৰ কাৰণে বকুল জোপা কাটিব লাগিব । আৰু টাউনৰ মাজত থকা ঘৰ এটাত ইমান ডাঙৰ চোতাল এখন থকাৰ প্ৰয়োজন নাই। আৰু আজিকালি উৎসৱ পাৰ্বনও নিজৰ চোতালত কোনে পাতে ?ইমান ঝামেলা ।

তাতকৈ বিবাহ ভৱন বোৰ আছেয়ে দেখোন। ভাবিলো ঠাইখিনি এনেই থকাতকৈ শ্বপিং মলটোকে ভাড়া দিম ।” -“কিন্তু বাবা তাৰ বাবে তই বকুল জোপা কেনেকৈ কাটিব পাৰ?” ঠুকা ঠুকি হৈ পৰে বনলতা দেৱীৰ মাত । মাকৰ চল চলিয়া চকু হালিলৈ এক মূহুৰ্ত চাই নিলয়ে কৈ উঠে, -“সৰু ছোৱালীৰ দৰে কি যে কৰা ন মা ?

সাধাৰণ বকুল গছ এজোপাৰ কাৰণে এনেকৈ দুঃখ কৰিব লাগেনে তুমি ?” -“বাবা …” কাতৰ কণ্ঠেৰে মাতে বনলতা দেৱীয়ে ৷ -“মা প্লিজ এনেকুৱা নকৰিবা ।মই জানো বকুল জোপাৰ স’তে তোমাৰ বহুত স্মৃতি জড়িত হৈ আছে । গছ জোপা চোতাল খনৰ মাজতে আছে, নাকাটিলে নহয় । আৰু জানা মলটোক ভাড়া দিলে এটা বৃহৎ পৰিমাণৰ টকা ঘৰলৈ আহিব । তুমি জানায়ে দেখোন ঘৰখনত কিমান খৰছ ।

দুদিন পাছত বাবলুক দামী স্কুল এখনত নাম লগাই দিব লাগিব । তাৰ এটা সুন্দৰ ভবিষ্যতৰ কথা আছে । তাক ডাঙৰ মানুহ কৰিব লাগিব । মোৰ এই চাকৰিটোৰে ইমান সোপা জোৰা মাৰিব নোৱাৰো । তুমি অবুজন নহ’বা মা । মোক মোৰ কাম কৰিবলৈ দিয়া ।” উছাৎ মাৰি মাকৰ কাষৰ পৰা নিলয় আঁতৰি গল । পিছে পিছে ঘৈনীয়েক পল্লবী । মাত্ৰ আইতাকৰ ফালে চাই ৰৈ গল চাৰি বছৰীয়া বাবলু ।

সৰু মনটোৰে যেন সি কিবা বুজি পালে । লাহে লাহে আইতাকৰ কাষ চাপি আহিল সি, আৰু সৰু আঙুলি কেইটাৰে আইতাকৰ চকুপানী খিনি মচি দিলে, আৰু ক’লে “আইতা বকুল জোপা তোমাৰ বৰ মৰমৰ আছিল নেকি? মোক ডাঙৰ মানুহ কৰাৰ বাবে দেউতাই গছ জোপা কাটিলে নেকি ? মই ডাঙৰ মানুহ নহও আইতা । মই সদায় সৰু হৈ থাকিম। তুমি নাকান্দিবা আইতা । মই এতিয়ায়ে দেউতাক ক’মগৈ তোমাৰ গছজোপা নাকটিবলৈ”। বাবুলু দৌৰি গ’ল বাহিৰলৈ । সৰ সৰাই বৈ আহিল চকুপানী বনলতা দেৱীৰ চকুৰে।

এখোজ দুখোজ কৈ আহি নিজৰ কোঠাত সোমাল । ভাগৰুৱা মানুহৰ দৰে বহি পৰিল বিছনা খনত । এনে লাগিল যেন ৰক্তাক্ত হৈ পৰিছে বুকুৰ ভিতৰখন । গছ জোপাত পৰা প্ৰতিটো কুঠাৰৰ ঘাপ যেন তেওঁৰ বুকুত হে পৰিছে । মৰমৰ?? হয়, বহুত মৰমৰ এই বকুল জোপা বনলতা দেবীৰ । এই বকুল জোপাৰ তলেৰে এদিন মুৰত দীঘল ওৰণি এখন লৈ কইনা হৈ এই ঘৰ খনলৈ আহিছিল তেওঁ । গোটেই ৰাতি বকুলৰ সুৱাসেৰে ভৰি আছিল সিহঁতৰ শোৱনি কোঠাটো । বকুলৰ মিঠা সুৱাস বুকুত লৈয়ে তাই বোৱাৰী জীৱনৰ পাতনি মেলিছিল। আবেলি আবেলি তাই বকুল জোপাৰ তলত থিয় হৈয়ে গিৰিয়েকলৈ বাট চাই থাকিছিল ।

কামৰ পৰা উলটি আহি তাইৰ হাতত মোনাটো দি বকুলৰ তলতে চকি এখন পাৰি বহি তেওঁ দেহৰ ভাগৰ জিৰাইছিল । আবেলিৰ জলপান খাই দুয়ো কিমান যে কথা পাতিছিল! হাঁহিছিল ! অভিমান কৰিছিল ! ভবিষ্যতৰ সপোন দেখিছিল। সিহতৰ সেই মৰম ভালপোৱাৰ নীৰৱ সাক্ষী হৈ ৰৈছিল এই বকুল জোপা । এদিন দুয়োৰে মাজলৈ কণমানি ‘নিলয়’ আহিল । দিনবোৰ বেছি মৌ মিঠা হৈ পৰিল ।

দেউতাকৰ হাতত ধৰি নিলয়ৰ থুপুক থাপাক খোজ এই বকুলৰ তলতে । সৌৱা, নিলয় গছ জোপাৰ চাৰিও ফালে দৌৰি ফুৰিছে ! পিছে পিছে ভাতৰ কাহীখন লৈ মাক ! নিলয়ে সদায়ে খৰাহী এটাত সৰু সৰু বগা বগা বকুল ফুলবোৰ বুটলি লৈ মাকক দিয়ে । আজৰি সময়ত মাক আৰু নিলয়ে ফুলৰ মালা গাঁঠে আৰু এদিন হঠাতে সামান্য অসুখত ভুগি মানুহজন গুছি গল সিহঁতক অকলে এৰি কোনো অজান দেশলৈ ।

বকুল ফুলৰ মালা এডাল পিন্ধিয়ে ফটো হৈ থকা মানুহজনে সিহঁতলৈ মাথো চাই থাকিল নীৰৱে । মানুহজনৰ মৃত্যুত কিমান অসহায় হৈ পৰিল বনলতা ! তথাপি সাহস হেৰুওৱা নাছিল একমাত্ৰ পুত্ৰৰ কথা ভাৱি । নিজক সবল কৰি তেওঁ চাকৰি এটাত আবেদন কৰিছিল । পাইছিল ঘৰৰ কাষতে হাইস্কুল এখনত বিজ্ঞানৰ শিক্ষয়ত্ৰী হিচাপে নিযুক্তি পাইছিল তেওঁ । অকণো কষ্ট নোপোৱাকৈ তেওঁ নিলয়ক ডাঙৰ কৰিছিল ।

ভালদৰে পঢ়া শুনা কৰি নিলয়ে এদিন চাকৰিত যোগদান কৰিছিল আৰু চাকৰিৰ এবছৰ পিছতে কলেজত একেলগে পঢ়া নিলয়ৰ প্ৰেমিকা পল্লৱীক বিয়া পাতিছিল । সিহঁতৰ এটি পুত্ৰ সন্তান জন্ম পায়। ‘বাবলু’ ।সকলো ঠিকেই আছে। নিলয় যেতিয়া নিজৰ পত্নী পুত্ৰৰ সৈতে ব্যস্ত হৈ থাকে অকলশৰীয়া বনলতা বকুল জোপাৰ তললৈ গুছি আহে । ঘণ্টা ধৰি বহি থাকে বকুলৰ তলত । বনলতাৰ এনে লাগে যেন বকুল জোপাৰ তলত আজিও গিৰিয়েক জিৰাই আছে । তাইক দেখি কাষতে বহে তেওঁ ।

তাইৰ বুকুৰ হুমুনিয়াহ বোৰ শুনে তেওঁ । যেন অদৃশ্য হাতেৰে তাইৰ চকুপানী মছি দিয়ে । চুলিত হাত বুলাই মৰম কৰি দিয়ে । বনলতাই অনুভৱ কৰে গিৰিয়েকৰ সান্নিধ্য । মৌনতাৰে যেন দুয়ো তাহানিৰ দৰে বহু কথা পাতে । মনটো বহুত পাতল লাগি যায় বনলতাৰ । অকলশৰীয়া নহয় তাই । তাইৰ সুখ দুখৰ সহচৰ এই বকুল জোপাইটো তাইক সংগ দি আহিছে সুদীৰ্ঘ কাল । আৰু আজিৰ পৰা তাইৰ গোটেই জীৱনৰ অলেখ স্মৃতি সাৱটি ৰখা তাইৰ মৰমৰ বকুল গছ জোপা নাথাকিব ।

কাটি চিঙি দলিয়াই পেলোৱা হব তাৰ ঠাল ঠেঙুলি। শূণ্য হৈ পৰিব এই ঠাইখিনি । তাৰ ঠাইত গঢ়ি উঠিব এটা বিৰাট শ্বপিং মল । কেনেকৈ সহিব বাৰু বুকুৰ এই হেৰুওৱাৰ যন্ত্ৰণা । কণমানি নতিয়েকে বুজাৰ দৰে এবাৰ যদি নিজৰ পুত্ৰই বুজিলেহেতেন মাকৰ বুকুৰ যন্ত্ৰণা খিনি । কিয় বাৰু আজিকালি সন্তানে মাক দেউতাকৰ মনৰ কথা বুজি ও নুবুজা হৈ গৈছে (?) কিয় বাৰু সকলো সিদ্ধান্ত অকলে লয় (!) কিয় ভাবে বয়স হৈ আহিলে মাক দেউতাকৰ সিদ্ধান্ত লোৱাৰ ক্ষমতাও কমি যায় বুলি ।

এবাৰ… এবাৰ যদি নিলয়ে কলে হেঁতেন মাকক, “মা গছ জোপা কাটিলে তোমাৰ বেয়া লাগে যদি সেইখিনি ঠাই এৰি যিখিনি ঠাই হয় সেইখিনিকে ভাড়া দিম দিয়া । পইচা কমকৈ পাম; কিন্তু মা, তোমাৰ মুখৰ হাঁহিটো যে সদায়ে দেখিবলৈ পাম ।” তাতকৈ আৰু কি লাগিলহেতেন তেওঁক এই জীৱনটোত ।এটা বিকট শব্দত বনলতা দেৱী চক খাই উঠিল । ভাৱনাৰ সাগৰৰ পৰা হামখুৰি খাই বাস্তৱত পৰিল ।

ভাগৰুৱা খোজেৰে বনলতা দেবী পুনৰ খিৰিকী খনৰ কাষলৈ উঠি গল । খিৰিকীৰে তললৈ চাই দেখিলে চোতালত দীঘল দি পৰি আছে এইমাত্ৰ উভালি পেলোৱা তাইৰ মৰমৰ বকুল জোপা । বুকু খনত এটা তীব্ৰ বিষ অনুভৱ কৰিলে তেওঁ । উশাহ লব নোৱাৰা হৈ পৰিল । যেন স্তব্ধ হৈ পৰিল হৃদপিণ্ড । চকুৰে নেদেখা হৈ পৰিল । যেন সকলো ফালে এন্ধাৰ । আৰু হঠাতে থাঁচ কৈ মজিয়াত বাগৰি পৰিল বনলতা দেৱী । অলপ আগতে চোতালত বাগৰি পৰা বকুল জোপাৰ দৰে ।

ফোনঃ ৮১০৫২৫২৩৫০

You might also like

Comments are closed, but trackbacks and pingbacks are open.