প্ৰীতি বৰা
শেহৰাতিৰ মুষলধাৰ বৰষুণজাকত মোৰ প্ৰিয় সখাৰ নিস্প্ৰাণ শৰীৰটো প্ৰকাণ্ড এচটা শিলৰ দৰে ধৰিত্ৰীৰ বুকুত উন্মুক্ত হৈ পৰি আছে। মই প্ৰস্তৰ মূৰ্তিৰ দৰে কাষতে ৰৈ চাই ৰৈছো কেৱল। মোৰ সমস্ত প্ৰাৰ্থনা আৰু মিনতিয়েও সখাৰ শৰীৰত প্ৰাণ সঞ্চাৰ কৰিব নোৱাৰিলে। মোৰ সখাৰ ইতিমধ্যে মৃত্যু হৈছে। সম্পূৰ্ণ চৌবিশটা ঘণ্টা মৃত্যুৰ সৈতে যুঁজি প্ৰাণ ত্যাগ কৰিলে সখাই। লগৰ হাতীপালৰ সৈতে ক্ষত – বিক্ষত শৰীৰটো চোঁচৰাই কোনো মতে আহি এই স্থান পাইছিলহি সি। কিমান যে যাতনাত পিষ্ট হৈ মোৰ সখাই শৰীৰটো ত্যাগ কৰিব লগীয়া হ’ল সেয়া নেদেখিলে বিশ্বাস কৰা নাযায়। স্তব্ধ হৈ ৰৈছে অৰণ্যৰ উশাহছাটি। কেউ দিশে কেৱল নিস্তব্ধতা। মোৰ সখা গংগাধৰে আজি প্ৰাণ আহুতি দিলে। খাদ্যৰ সন্ধানত এন্ধাৰত জননাঞ্চললৈ ওলাই গৈ অতি কৰুণ মৃত্যুক সাৱতিব লগীয় হ’ল সি। মোৰেই ভাই – ভনীয়ে অতি নিৰ্মম ভাৱে হত্যা কৰিলে সখাক। ইমান নৃশংস এই হত্যাকাণ্ড! এই বিশালাকায় জীৱটো হত্যা কৰোঁতে তেওঁলোকৰ আত্মাই এবাৰলৈও এনে কাণ্ড সংঘটিত কৰাৰ পৰা বিৰত থাকিবলৈ নকলেনে ? মোৰ দুচকুৰ কোণত জিলিকি উঠিছে অশ্ৰুমুক্তা দুধাৰি । উফ্ !! বিচিত্ৰ এই জীৱ শ্ৰেষ্ঠ মানুহ। বিশ্ববাসীৰ আগত নিজকে জীৱ শ্ৰেষ্ঠ বুলি সদম্ভে পৰিচয় দি ফুৰা এইজাক নৰাধমে নিজৰ কৃতকৰ্মৰ বাবে ভোগ কৰিবনে শাস্তি কাহানিবা ?
সৌপাল সখাৰ আত্মীয়। সিহঁতেও সখাৰ মৃত্যুক মানি লব পৰা নাই। এই শোক বৰ তীব্ৰতৰ। মোৰ এচোৱা কঠিন সময়ত সিহঁতেইটো মোক উদ্ধাৰ কৰি আজিৰ এই মুহূৰ্তলৈকে সাহস আৰু সাহচৰ্য যোগাই আহিছে। কেনেদৰে সান্ত্বনা দিও সিহঁতক ? মোৰ যে আজি সমবেদনা জনাবলৈও ভাষা নাই। জানো এনে ঘটনা আজিৰ তাৰিখত সুলভ। সখাৰ দ্যুতিহীন মুখমণ্ডলত অন্তিমবাৰৰ বাবে মনোমতীয়ে তাইৰ দীঘল শুঁৰডালেৰে আলফুলে গুঁজি দিছে এটা চুমা। মহুৱাৰ দুচকুৰে আবেগৰ সূঁতি এটা তপত চকুলো হৈ বৈ আহি তাইৰ বক্ষ চুইছেহি। জাকটোৰ আটাইতকৈ সৰু ৰংদৈৰ পিচলা শৰীৰটোত আজি তাৰ নেগুৰডাল বৰ বাধ্য হৈ ৰৈ আছে। দূৰৈত ৰৈ থকা গোলোক, চম্পা, শশীপ্ৰভাহতঁৰ চকুৰে অহৰ্নিশে বৈ আছে অশ্ৰুৰ বন্যা। সখাক বিদায় জনাবলৈকে যেন এই সকলোবোৰ আয়োজন আজি। মনোমতী নামৰ মাখুন্দীজনীৰ অতিকৈ চেনেহৰ আছিল গংগাধৰ। অনেক দিন দুয়ো দুয়োৰে নিবিড় সান্নিধ্য উপভোগ কৰি নৈৰ পাৰে পাৰে ঘূৰি ফুৰা চিনাকি ছবিখনে আজি মনৰ মাজত বৰকৈ খুন্দিয়াই ফুৰিছে। এই শোক পাতলিব নে কাহানিবা তাইৰ? মহুৱা, ৰংদৈ, মনোমতী, চম্পা, গংগাধৰ, শশীপ্ৰভা, গোলোক , কনচেং এই আটাইবোৰেই যে সিহঁতক মই দি লোৱা নাম। কেনে পাশান হৃদয় এই মানুহৰূপী নৰপিশাচবোৰৰ? এন্ধাৰৰ সুযোগত এটা নিৰ্বোধ প্ৰাণীক চিকাৰ কৰি কেনেধৰনৰ বীৰত্ব প্ৰদৰ্শন এয়া?
যেতিয়া মোক মোৰ আপোনসকলেই চিৰকালৰ বাবে ত্যাগ কৰিলে তেতিয়াই মই এই নতুন বন্ধুবোৰৰ সৈতে এইখন পৃথিৱীৰ বাসিন্দা হৈ পৰিছিলো। জন্মৰ পৰাই আই-পিতাইৰ আৰু ওচৰ-চুবুৰীয়াৰ অকথ্য গালি, শাও-পাতে মোৰ কুমলীয়া অন্তৰখন বিষাক্ত কৰি তুলিছিল। চুবুৰীয়াৰ সমনীয়া ল’ৰা-ছোৱালীবোৰৰ মাকহতেঁ সিহঁতৰ সন্তানবোৰক মোৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ এক প্ৰকাৰ বাধ্য কৰাইছিল। ঘৰৰ পদুলিত মোক কৰা অকথ্য ইতিকিং সূচক মন্তব্যই মোৰ কাণৰ পৰ্দাত স্পৰ্শ কৰি ক্ষিপ্ৰতাৰে গৈ বুকুত খোপনি পুতি ৰৈছিল। মোক লৈ সমালোচনাৰ অন্ত নাছিল কাহানিও। তেওঁলোকৰ ভদ্ৰ ভাষাত মই এটা ‘কিন্নৰ’। উস্ কি যন্ত্ৰনা! একেই তেজ মঙহেৰে গঠিত, একেখন পৃথিৱীৰ বাসিন্দা হৈও কিয় ইমান ভেদা-ভেদ ? কিয় মোৰ নিচিনা মানুহবোৰৰ বাবে সমাজত এই প্ৰাচীৰ? তেওঁলোকৰ মানসিক অৱস্থাটোলৈ মাজে মাজে মোৰ পুতৌ উপজিছিল। আৰু মোৰ আপোন পিতৃ যাৰ ঔৰসত মই উপজিছিলো তেওঁটো সেইখিনি লোকৰ পৰা পৃথক নাছিল । কিন্তু, মোৰ আই তেওঁৰ প্ৰতি মই চিৰ কৃতজ্ঞ। আইৰ সৰল চকুযোৰিৰ সিপাৰে থকা মৌন কণ্ঠত মোৰ প্ৰতি আছিল সীমাহীন ভালপোৱা। মোৰ জন্মদাত্ৰী আয়ে মোৰ কুমলীয়া অন্তৰত বলি থকা ধুমুহাজাকৰ উমান ইতিমধ্যে পাইছিল। প্ৰবল ঘ্ৰীণা উপজে এইচাম মানুহৰূপী দুঠেঙীয়া প্ৰাণীবোৰৰ ওপৰত। মোক এই সমাজখনে দিয়া মানসিক আঘাতবোৰ আয়ে প্ৰতিবাদ কৰি ভাগৰি পৰিছিল। চুবুৰীৰ কনক খুড়া, মহীকান্ত পেহা, ৰজনী পেহী, মইনা খুড়া আৰু কতবোৰৰ লগত যে একোখন যুঁজ দিব লগা হৈছিল আয়ে । কিন্তু, মাৰ যুক্তিৰ কোনো মূল্য নাছিল তেওঁলোকৰ সন্মুখত । সকলো সহিছিলো মাৰ মুখলৈ চায় । শৈশৱৰ পৰাই মোৰ কোনো বন্ধু- বান্ধৱও নাছিল। হঠাৎ এদিন বাৰবছৰ বয়সতে বিদ্যালয়লৈ যোৱাও বন্ধ কৰি দিছিলোঁ। সমনীয়াৰ পিতৃ-মাতৃৰ ঠাট্টা, তিতকাৰি , ইতিকিংৰ ধাৰাল শব্দই মোৰ আত্মসন্মানত আঘাত সানিছিল। চিৰাচিৰ কৰিছিল মোৰ শৰীৰ আৰু মন। সিহঁতৰ তীক্ষ্ণ শব্দবোৰে কঁঠালৰ ডিল এটাত বাঁহৰ শাল সোমোৱাদি মোৰ বুকু ভেদি তচনচ কৰি পেলাইছিল। দুঃস্বপ্নই বাহ বান্ধিছিল মূৰত। দুবাৰকৈ আপোনঘাতী হোৱাৰ প্ৰয়াস মোৰ বিফল হৈছিল কেৱল আইৰ বাবে।
ফাগুন মাহ। আকাশত কৃষ্ণা দ্বাদশীৰ জোনটো শেঁতা হৈ পৰিছিল। ফেৰফেৰীয়া উতনুৱা বতাহ এজাক মিহিকৈ বলি আছিল। জোনৰ অনুজ্জ্বল পোহৰে ওখ ওখ তামোল গছৰ ফাঁকেৰে জুমা জুমি কৰি মোৰ খিৰিকিৰ কাঁচত এখন ঐন্দ্ৰজালিক চানেকিৰ সৃষ্টি কৰিছিল। ঠিক তেনে এটা দিনতেই আয়ে অন্তিমবাৰলৈ মাজনিশা আহি মোৰ কোঠাৰ দুৱাৰত টুকুৰীয়াইছিল। আইৰ কণ্ঠত উৎকণ্ঠা আৰু চেপা উত্তেজনা মিহলি ওলোৱা শব্দবোৰক প্ৰথম অৱস্থাত মই বিশ্বাসেই কৰিব পৰা নাছিলো। সুৰটো আছিল চকুলোৰ ছিটিকণিৰে সেমেকা। সেই নিশাই মই স্বগৃহ ত্যাগ কৰিছিলো চিৰকালৰ বাবে। এক কথাত ক’বলৈ গ’লে মোক বিনা দোষত নিৰ্বাসন দিয়া হৈছিল। বহুদূৰ খোজ কাঢ়ি পিয়াহত আতুৰ হৈ অন্ঠ-কণ্ঠ শুকাই গৈছিল মোৰ। পানী এচলুৰ সন্ধানত পাহাৰৰ দাঁতি কাষেৰে বৈ যোৱা সৰু নিৰ্জন নৈখনৰ পাৰত উপস্থিত হোৱাৰ সময়ত গংগাধৰৰ সৈতে প্ৰথমবাৰ মুখামুখি হওঁ। সেই ক্ষণৰ ছবি আজি মোৰ দুচকুৰ পতাত পুনৰ ভাহি উঠিছে। গজৰাজক নিচেই কাষতে দেখি ভয় আৰু আসন্ন বিপদৰ সম্ভাৱনাত মোৰ বুকু দুৰু দুৰু কৈ কঁপি উঠিছিল সিদিনা। কিন্তু, তেনে কোনো পৰিস্থিতিৰ উদ্ভৱ নহ’ল। বৰং ডেকা গজৰাজৰ বন্ধুত্ব সুলভ দৃষ্টিত মই মুগ্ধ হৈছিলো। সেই মুহূৰ্ততে আমাৰ মাজত আজীৱন বন্ধুত্বৰ সম্পৰ্কটো স্থাপন হৈছিল।
নৈখনৰ হেলনীয়াখিনিৰ কেঁকুৰিটোতে সিহঁতে মুক্ত মনেৰে গা ধুই আছিল। শুঁৰেৰে ইটোৱে সিটোৰ গাত পানী চতিয়াই ৰং ধেমালি কৰি সময় পাৰ কৰিছিল । পাৰৰ এচটা শিলৰ ওপৰত বহি মই সমগ্ৰ দৃশ্যটো উপভোগ কৰি আছিলো। পানীৰ জুঁৱলিটোতে গংগাধৰক আন লগৰীয়া হাতীপালৰ সৈতে প্ৰায়ে প্ৰতিদিনাই লগ পোৱা হ’লো। শীৰ্ণ একা- বেঁকা নদীখনৰ পাৰৰ প্ৰাচীন শিলবোৰলৈ মোৰ মমতা জাগিছিল। কিমান সাধুকথাৰে সিহঁতৰ বুকুখন ক্ৰমান্বয়ে ভৰি পৰিছে , যি সময়ৰ সাক্ষৰ বহন কৰি আজিও শিলবোৰ মূৰ তুলি ঠিয় দি আছে একেখিনি ভূমিখণ্ডত। নিশা বিচিত্ৰ চৰাই চিৰিকটিৰ কোমল কোৰ্হাল, ৰূপোৱালী ডাৱৰৰ আঁৰে আঁৰে ভুমুকিয়াই থকা জোনবাইটো আৰু কুলু কুলু কৈ বৈ যোৱা প্ৰাচীন নৈখন নিৰ্জনতাত লীন যোৱা পৰত হাবিখন অন্য এখন সপোনপুৰিলৈ পৰিণত হৈ পৰে। ধন্য হও প্ৰকৃতিৰ উদাৰতা দেখি।
মানুহৰ সমাজৰ পৰা বিছিন্ন হৈ মই নিজক ন কৈ গঢ়িছিলো। আইৰ স্নেহ স্পৰ্শৰ বাবে কত ৰাতি উজাগৰে কটালো। সখাহতঁৰ অকৃত্ৰিম স্নেহ আৰু সাহচৰ্যত মোৰ বুকুৰ আঘাত কিছু পৰিমানে পাতলিছিল। সাপ, বেং, বনৰৌ, কেৰ্কেটুৱাকে আদি কৰি অলেখ বনৰীয়া জীৱ-জন্তুৰ সৈতে মোৰ মিতিৰালি আৰম্ভ হ’ল। ধলপুৱাতে অলেখ চৰায়ে আহি মোৰ দুচকুৰ চিকুণ টোপনিক বাধা প্ৰদান কৰাটো যেন এক প্ৰকাৰ নিত্য নৈমিত্তিক ঘটনা হৈ পৰিল । সিহঁতলৈ চাই চাই মোৰ তেতিয়া বহু সময় পাৰ হৈ যায়। কিছুমান সৰু সৰু চৰাই বৰ খৰকৈ ইটো ডালৰ পৰা সিটো ডাললৈ জঁপিয়াই ফুৰে। মানুহৰ নিষ্ঠুৰতাৰ ওচৰত অসহায় হৈ পৰা প্ৰকৃতিৰ বাবে কিবা এটা কৰাৰ বাসনা বুকুত জীয়ন দি মই সামগ্ৰিক ভাৱে পৃথিৱীৰ পোহৰখিনি দুহাতত আঁজলি পাতি লওঁতে তীব্ৰ উল্লাসত চৰাইজাক উৰি যায়। ঠিক সেই সময়তে মোৰ প্ৰাণ সখা গংগাধৰে দীঘল শুঁৰডালেৰে মোৰ পিঠিত আলফুলে আহি পুৱাৰ অভিবাদন জনায় । শেলুৱৈ ধৰা গধুলিবোৰত নৈৰ পাৰে পাৰে আইৰ আচলৰ সুবাস বিচাৰি অনেক দিন ঘূৰি ফুৰোতে গংগাধৰে জানো মোক নিৰাপত্তা প্ৰদান কৰা নাছিল? এৰি অহা দিনবোৰ সুঁৱৰি মাজৰাতি ঘূমটি ভাঙি যোৱাৰ পৰত মোৰ কাষত অতন্দ্ৰ প্ৰহৰীৰ দৰে গংগাধৰেই জানো ৰৈ মোক সংগ দিয়া নাছিল নে ? সখাৰ তপত নিৰ্যাস লাগি থকা মোৰ দুহাতৰ তলুৱাৰ উত্তাপক জানো বিদায় দিয়াটো সহজ ? সখাৰ স্মৃতিয়ে মোক ওৰেটো জীৱন দহিব। কি স’তে মুখামুখি হওঁ সখাৰ আত্মীয়ৰ সৈতে? কাক কওঁ সখা যে নিৰপৰাধী আছিল। অ মই বাৰে বাৰে দোহাৰিম এই কথা। মুখমণ্ডলত লোহাৰ চোকা অস্ত্ৰৰে উপৰ্যুপুৰি হানি খুচি গংগাধৰক অনেক অত্যাচাৰ কৰা হৈছিল। পেটৰ তাড়নাত ওলাই যোৱা হাতীপাল কাৰ শত্ৰু আছিল ? মৃত হাতীটোৰ বাবে কোনেও এধাৰি চকুলো নুটুকে। বৰং হাতীটোৰ মৃত্যুৰ উৎসৱে প্ৰাধান্য পাব দূৰদৰ্শনৰ পৰ্দাত। মৃত হাতীটোৰ প্ৰতিচ্ছবি দূৰদৰ্শনৰ পৰ্দাত বাৰে বাৰে প্ৰদৰ্শন কৰি আসুৰিক তৃপ্তি লভিব এচামে । কিন্তু, সেই নিষ্ঠুৰ হত্যাকাৰীজনক কৰায়ত্তৰ বাবে ভূলতো কোনেও এবাৰলৈও মাত মতাৰ প্ৰয়াস নকৰে। এয়াই স্বাভাৱিক। কিন্তু, হাত সাৱতি বহি থাকিলে জানো সখাৰ হত্যাকাণ্ডৰ ন্যায্য দাবী পোৱা যাব? গংগাধৰৰ বাবে আছে নে দেশৰ ন্যায়পালিকাৰ ওচৰত উচিত ন্যায়? দোষীক কৰায়ত্ত কৰি উচিত শাস্তি বিহা হব নে? বনাঞ্চলসমূহৰ ধ্বংস প্ৰাপ্তি, ন ন কাৰখানা স্থাপনৰ বাবে প্ৰতিদিনে মানুহে জীৱ-জন্তুৰ বাসস্থানসমূহকেই লক্ষ্য কৰি লৈছে যাৰ ফলত জীৱকুলৰ ৰক্ষণাবেক্ষণ আৰু নিৰাপত্তা দিনে দিনে কমি আহিছে। এয়া কেনে অন্যায় জীৱ শ্ৰেষ্ঠ মানুহৰ? আৰু হয়তো কিছু বেলিৰ পিছতে বিভিন্ন চেনেলৰ পৰা অহা সাংবাদিকসকলেৰে এই ঠাই ভৰি উঠিব। সিহঁতৰ স্বাৰ্থপৰ উদ্দেশ্য কোনোপধ্যে আজি মই সফল হ’বলৈ নিদিওঁ। শৈশৱত মোৰ সৈতে হোৱা অন্যায়বোৰৰ মই তেতিয়া সজোৰে প্ৰতিবাদ কৰিব পৰা নাছিলো। তথাকথিত এইখন সমাজৰ অমানুসিক অত্যাচাৰৰ তেতিয়া মই প্ৰতিবাদ কৰিবলৈ অসমৰ্থ আছিলো। কিন্তু, আজি মই পণ লৈছো মোৰ সখাৰ হত্যাকাৰীক কৰায়ত্ত নকৰালৈকে মই শান্ত নহওঁ। নাই নাই আৰু পলম কৰা উচিত নহ’ব। গংগাধৰক মই ন্যায় দিম। মই মোৰ ফালৰ পৰা যুঁজৰ বাবে এই মুহূৰ্তৰ পৰা সাজু হ’লো।
ফোনঃ ৯১০১৫-৪১২৩৩
Comments are closed, but trackbacks and pingbacks are open.