মাটিৰ সৰগ

প্রতিভা ভাগৱতী

চিপ্ চিপ্ চিপ্ চিপ্৷ ওৰেটো ৰাতি বৰষুণৰ ৰাগী৷
সিহঁতৰ সপোন, সিহঁতৰ সুৰ এই বৰষুণ৷ সিহঁতৰ জীৱনৰ গান বাজে বৰষুণৰ ৰাগীত৷ সৌ সিদিনালৈকে সিহঁতৰ চেঁতাৰত কিন্তু বজা নাছিল বৰষুণৰ সুৰ৷ কিন্তু যোৱা ৰাতিৰ পৰা বৰষুণৰ লাজ লগা চাৱনি চেঁতাৰত যেন বৈ পৰিছে৷ ৰদৰ ফিৰিঙতিয়ে অনিচ্ছা সত্ত্বেও দাহ কৰা সিহঁতৰ সপোনৰ সৰগখন সিহঁতে আজিৰ পৰা বুকুৰ মাজত বান্ধিবলৈ সাজু হৈছে৷

যোৱা বছৰো সিহঁতে সেইখন সৰগত সপোন ৰচিছিল৷ সৰগী সপোনৰ ভঁৰালত লখিমীয়ে ৰংমনে জিৰাইছিল৷ আজি সময় পাৰ গৈ গৈছে৷ দুর্গা, বাণী, মাইচেনাহঁতৰ হাতৰ ৰং একেই আছে এতিয়াও৷ কার্তিক, বেণু, মতিন, চিৰাজহঁতৰো ভৰি, হাতৰ ৰং সলনি হোৱা নাই যদিও ৰাতিৰ পৰাই সিহঁতে হাত–ভৰিবোৰ লিৰিকি–বিদাৰি চাইছে৷ অহা কাইলৈৰপৰা কিছুদিনলৈ হাতৰ ধাৰ বাঢ়িব৷

আজি ছমাহে ৰদৰ চিঠি পঢ়ি পঢ়ি সৰগৰ বুকু শুকাই গৈছিল৷ শুকান বুকুৰ ফাট মেলা ৰেখাবোৰে কার্তিক, বেণু, মতিন, চিৰাজহঁতৰ বিষাদ–যন্ত্রণা ববাইছিল৷ চকুলোৰে সিহঁতে বাট কাটিছিল৷ সিহঁতৰ সৰগ সিহঁতৰ আই৷ আইৰ এই দুৰৱস্থা আজি৷ কান্দিলেও যেন সৰগী আইৰ বুকুৰে লোতক নাবাগৰে৷ কার্তিকে আলফুলে দাঙি লোৱা গোল, খহটা শুকান মাটিৰ চপৰাটো বৰ কঠিন আছিল৷ শিল হেন হূদয়ৰ দৰে কঠিন চপৰাটো কার্তিকে আলফুলে নমাই থৈছিল৷ আৰু তাৰ পাছত আইৰ দুৰৱস্থা দেখি আকাশৰ পিনে চাই কার্তিকে দুই হাত যুৰি প্রার্থনা কৰিছিল।

হে বৰুণ দেৱতা৷ তোমাৰ উমাল স্পর্শৰে এবাৰ চুই দিয়া সৰগী আইক৷ এবাৰলৈ হলেও আইৰ পৰাণ জুৰাই যোৱাকৈ এটি গীত গোৱা৷ এবাৰলৈ হলেও মাদল বজোৱা৷ আইয়ে গীত গাব তোমাৰ সিক্ত বাঁহীৰ সুৰত৷

নাজানো বৰুণ দেৱতাই হাঁহিছিল নে কান্দিছিল আইৰ দুৰৱস্থা দেখি৷ কার্তিকে কিন্তু যন্ত্রণাত ছটফটাইছিল৷ তাতকৈ বেছি ছটফটাইছিল তৃষ্ণাতুৰ আয়ে৷ কার্তিক উভতি আহিছিল বিষণ্ণ মনেৰে৷ আৰু আই পৰিত্যক্তা হৈ পৰি ৰৈছিল একাশৰীয়াকৈ৷

শনখেৰৰ চালিৰ তলত শুই আছিল কার্তিক৷ দুর্গাও তাৰ কাষতে শুইছে৷ নিশা ভাত দুটামান খাই তামোল এখন পকতিয়াই সিহঁত দুটাৰ কিমান যে কথা আৰম্ভ হয়৷ দুয়োৰে হাতেৰে বিচনীৰ সলনা–সলনি বা–বোৱাই কথাৰ মহলা মাৰি মাৰি টোপনি যাবলৈ চেষ্টা কৰে৷ গৰমে দহিছে৷ শৰীৰৰ পৰা নিগৰি অহা লুণীয়া পানীয়ে শেতেলি তিয়াইছে৷ মাজৰাতি কাষৰ বাঁহৰ জাৰণিৰ পৰা অহা শৰীৰ শাঁত পেলোৱা বতাহ ছাটিয়ে দুয়োকে নিদ্রামগ্ণ কৰি তুলিছে৷ গভীৰ প্রশান্তিত দুয়ো নিদ্রা গৈছে৷ গভীৰ নিদ্রা৷

শেহৰাতি ডাঙৰকৈ কিবা এটা শব্দত কার্তিক সাৰ পাইছে৷ সি দুর্গাক সুধিছে৷
: সেয়া কিহৰ শব্দ অ দুর্গা
: সেয়া মাদলৰ শব্দ আকৌ৷
: তই সঁচাকৈয়ে কৈছনে দুর্গা
: মই সঁচাকৈয়ে কৈছোঁ৷

কার্তিকে শেতেলিৰ পৰা নামি খিৰিকীখন খুলি দিয়ে৷ বিনা আমন্ত্রণত এজাক বতাহে কোঠাত ভুমুকি মাৰেহি৷ দিনৰ ভাগত আকাশে বান্ধি ৰখা কপাহ কোমল বগা মেঘবোৰৰ দেখা দেখি নাই৷ সন্ধিয়াৰ আকাশত টিপ্ টপ্ কৰি থকা তৰাবোৰো লুকাল৷ ৰামধেনুভিৰীয়া হৈ ওলমি থকা জোনটো এতিয়া চোন আকাশত নাই৷ আকাশে গোমোঠা মাৰি অভিমান কৰিছে৷ কার্তিকৰ ওঁঠৰ ফাঁকেৰে মিহিকৈ হাঁহিৰ ৰেশ এটা বিয়পিছে৷ পিছফালৰ পৰা দুর্গাই তাৰ পিঠিত দিয়া হাতৰ চেঁচা পৰশত কার্তিকৰ সম্বিৎ ঘূৰি আহিছে৷

: শুবলৈ যাওঁ বল কার্তিক৷

দুর্গাৰ চকুতো সি একেই সুখ দেখিছে৷ পিঠিৰ পৰা দুর্গাৰ হাতখন নমাই সি শেতেলিলৈ বাট লওঁতেই চাৎকৈ বিজুলীৰ ৰেখাডাল আহি দুয়োৰে চকুতে ধৰা দিলেহি৷ কার্তিকে খিৰিকীখন জপাই দিলে৷ দুয়ো পুনৰ শেতেলিলৈ আহিল৷

শব্দটো আকৌ এবাৰ হল৷ কার্তিকে ভালকৈ কাণ উনালে৷ হয়, সেয়া সঁচাকৈয়ে আকাশে মাদল বজাইছে৷ বেৰৰ ফাঁকেৰে বিজুলীৰ ৰেখাৰ পোহৰ ঘনে ঘনে সোমাইছে৷ কার্তিকে দুর্গাক সাৱটি ধৰিছে৷ কার্তিকৰ দুবাহুৰ আলিংগনত দুর্গাৰ ঘন ঘন উশাহ বৈছে৷ আনকি ঘন ঘন উশাহ বৈছে কার্তিকৰোঁ৷ এখন আকাশে সিহঁতক দিব পৰা সুখবোৰক দুয়ো জয় কৰিছে৷
পিৰালিত সৰু সৰুকৈ শব্দ শুনিছে সিহঁতে৷

চিপ্ চিপ্ চিপ্ চিপ্৷

সিহঁতৰ আলিংগনৰ শিহৰণে পৰাণ শাঁত পেলাইছে৷ যেনেকৈ চিপ্ চিপ্ চিপ্ চিপ্ নামৰ গানটোৱে আইৰ বুকুৰ দহনত ক্রিয়া কৰিছে৷

শব্দবোৰ লাহে লাহে বাঢ়ি গৈছে৷ মেলা চকুতে সিহঁতে যেন কিছুমান শব্দৰ সপোন দেখিছে৷ খচ্ খচ্ বোকা–পানীৰ শব্দ, বেথাৰামে সাজি থোৱা টকৌপাতৰ জাপিটোৰ সৈতে যুঁৱলিত উঠি আইৰ বুকুত নৃত্যৰত হোৱাৰ শব্দ৷

কিমান যে হেঁপাহ সিহঁতৰ সৰগখনক লৈ৷ কোনে কিমান ধুনীয়াকৈ সেউজীয়া সপোন সানি সৰগ সজাব পাৰে তাকে লৈ গুণাগাঁথা৷ কার্তিকৰ কান্ধত নাঙলৰ ভাৰ৷ গোহালিৰ বলধৰ তন্দ্রালুস দুচকুত নিদ্রাৰ ছছা৷ তথাপি যেন সিহঁত যাবই আইৰ বুকুত খোজ কািিবলৈ৷ সিহঁতৰ দায়িত্ব পালন কৰিবলৈ৷

কার্তিকহঁতৰ প্রচেষ্টাতে পুনৰ জনম লয় আইয়ে৷ কেঁচা টোপনিৰ ওৰণি গুচাই ৰদৰ পিয়াহ পলুৱাই আইয়ে৷ আই সিহঁতৰ বাবে কি সেয়া সকলোৱে জানে৷

আই সিহঁতৰ বাবে ভোকৰ ভাত৷
আই সিহঁতৰ সুৰৰ মুর্চ্ছনা৷
আই সিহঁতৰ জীৱনৰ ভৰসা৷

কার্তিকৰ গীতত আইয়ে ঘটঘটকৈ পানী পিব ধৰে৷ কলাই–বগাইৰ খোজত আইয়ে যেন শামুকৰ খোলা হৈ পৰা দেহটো জীপাল কৰে৷

কার্তিকৰ কণ্ঠ শুকাইছে৷ শীতল পানী গলাধাৰণ কৰি সি পুনৰ কলাই–বগাইৰ লগত সমানে খোজ মিলাইছে৷ সৌৱা মতিন, চিৰাজহঁতেও কার্তিকৰ দৰে আইক নতুন জীৱন দিয়াৰ প্রয়াস কৰিছে৷

সাকাৰ সপোন এটাক কেন্দ্র কৰি নাঙল চলি আছে৷ তাৰ মাজতে কাষৰ মাটিডৰা চহাই থকা চিৰাজক কার্তিকে চিঞৰিছে

এইবাৰ ভঁৰালটো ভৰিব যেন পাওঁ অ চিৰাজ৷
চিৰাজে আকৌ কার্তিকক প্রত্যুত্তৰ দি কৈছে
আল্লাই বা কি ভাবি থৈছে৷

পথাৰত দুয়োটা ফৈদৰ তামাম কথা–বতৰা চলে৷ হিন্দু কি মুছলমান কি ইটো যেন সিটোৰ পৰিপূৰক৷ সিহঁতে বাস কৰা অঞ্চলটো এখন হাবিহে আছিল৷ মান সেনাই অসমীয়া মানুহক চলোৱা অত্যাচাৰ সহ্য কৰিব নোৱাৰি কার্তিক, চিৰাজহঁতৰ উপৰিপুৰুষ কোনোবা ঠাইৰ পৰা পলাই আহিছিল৷ তেতিয়াৰ পৰাই মানুহবোৰে এই গাঁওখন পাতি মিলিজুলি থাকিবলৈ লৈছিল৷ সেই যে কার্তিক বা চিৰাজহঁতৰ উপৰি পুৰুষৰ মিলাপ্রীতি আজিও বর্তি আছে৷

দুর্গা, ফুলেশ্বৰী, নাজমা, লুটফাহঁতে ভুঁই ৰুইছে৷ সিহঁতৰ হাঁহিত নতুনকৈ জীৱন পোৱা সৰগখনে খিলখিলাই হাঁহিছে৷ সিহঁতৰ বুকুত গজি উঠা চিৰন্তন সেউজ সপোনটোৱে একলা–দুকলাকৈ বাঢ়ি আহিব ধৰিছে৷

বগা চাদৰ এখন মেৰিয়াই আহিনে ভুমুকি মাৰিছে৷ বগা আৱৰণৰ মাজেৰে পুৱাবোৰে উমলিবলৈ আৰম্ভ কৰিছে৷ কার্তিকৰ নাকত মলমলাই যোৱা গাখীৰতি গোন্ধ এটাই আমনি কৰিছেহি৷ সি বুজিছে এয়া শুভকামনাৰ সময় সমাগত৷ ৰাস্তাৰ পৰাই সি সৰগলৈ ডিঙি মেলিছে৷ ইমান ধুনীয়া৷ দূৰৰ পৰাই সেউজী সপোন এটাই লিহিৰিপতীয়া আঙুলিৰে হালি–জালি নচা দেখা পাইছে সি৷ তাৰ মনলৈ গভীৰ প্রশান্তি নামি আহিছে৷ চিৰাজে জী উঠিব ধৰা সপোনটোক মনতে আদৰিছে।

কীট–পতংগ, অপায়–মংগল দূৰ কৰিবা আল্লা৷

কার্তিক আৰু দুর্গাই সৰগৰ ভৰুণ দেহত হাত ফুৰাইছে৷ ঔ টেঙাৰ বাকলিত চাকি লাইছে৷ বাঁহৰ খুঁটা দুটা পুতি পাঁচহাত ওপৰত শাৰী শাৰীকৈ আৰু পাঁচ গছি মাটিৰ চাকি লাইছে৷

যাহ চুহসাহ৷ কাকতি ফৰিঙৰ জাক৷ নাহিবি যাহ৷ যাহ গান্ধীপোক যাহ৷ এয়া আমাৰ সপোনৰ ভাত৷ যাহ যাহ৷

সৰগৰ তৃষ্ণা পূৰণ হৈছে৷ কার্তিক, চিৰাজহঁত নিষ্চিন্তমনে টোপনি গৈছে৷ সিহঁতৰ চকুৰ পতাত সৰগৰ সোণালী সপোনে অগা–দেৱা কৰিছে৷ সেই সপোনৰ মাজতে সিহঁতৰ চকুত দোলা দি গৈছে আন এটা সপোনে৷

কার্তিকে চিঞৰ এটা মাৰি শেতেলিত বহি পৰিছে৷ সি দুই হাত যুৰি ঈশ্বৰক স্মৰণ কৰিছে
প্রভু এনে সপোন নেদেখুৱাবা৷ এয়া যেন কেতিয়াও বাস্তৱ নহওক৷

দুর্গাই কার্তিকৰ ঘর্মাক্ত শৰীৰটো চুই চাইছে৷ এগিলাচ পানী তাই কার্তিকলৈ আগববাই দিছে৷ আকণ্ঠ তৃষ্ণা পূৰণ কৰি পুনৰ কার্তিক শুই পৰিছে৷

নিতৌ একেটা সপোনে দোলা দি গৈছে কার্তিকক৷ সি দুর্গাক একো কব পৰা নাই৷ চিৰাজহঁতৰ লগত কথাবোৰ আলোচনা কৰিছে৷ চিৰাজে তাক অভয়বাণী দিছে৷ সেয়া সপোনহে৷ বাস্তৱ নহয়৷ এই গাঁও দুশ বছৰ পুৰণি গাঁও৷ এই গাঁও সিহতৰ গাঁও৷ এই মাটি সিহঁতৰ মাটি৷ তাহানিৰে পৰা এই মাটিতেই সিহঁতে সৰগ ৰচিছে৷

সিহঁতৰ গাঁওখন হিন্দু আৰু মুছলমান মানুহৰ সমষ্টি৷ মানুহবোৰ ভিন্ন ধৰণৰ হলেও মনবোৰ ভিন্ন নহয়৷ কার্তিক আৰু চিৰাজহঁতৰ ঘৰ ওচৰা–ওচৰি৷ দুর্গা আৰু লুৎফা দুয়োজনী সখী সিহঁতৰ মাজত পিঠা–পনা, দাহলৰ বাতিৰ আদান–প্রদান প্রায়েহ চলি থাকে৷ সিহঁতৰ মনবোৰ চিৰসেউজীয়া৷ জ্যোতিস্মান৷ মতিনকাহৰ ছোৱালীজনীয়ে মেট্ৰিক দিবৰ সময়ত ফর্মফিলাপৰ পহচা নাছিল৷ সেহদিনা কার্তিকৰ ঘৰলৈ মতিনকাহ দৌৰি আহিছিল৷

আজি ছোৱালীজনীৰ ফর্মফিলাপ কৰিবলৈ মোৰ হাতত এটা টকাও নাহ৷

চিন্তা নকৰিবি মতিনকাই৷ কেইটকানো লাগিব চৰকাৰী স্কুলত৷ ময়ে দিম দে৷

কার্তিক ভিতৰলৈ সোমাই যায়৷ বহাগ বিহুলৈ দুর্গাক মন পছন্দৰ মিচিং কাপোৰ এযোৰ কিনি দিম বুলি এটকা–দুটকাকৈ গোটোৱা সাঁচতীয়া টকাকেহটা হাঁহি হাঁহি মতিনকাহৰ হাতত তুলি দিয়ে৷ সেহ সময়ত মতিনকাহৰ মুখত বিৰিঙি উঠা সন্তুষ্টিৰ হাঁহিটোৱে কার্তিক আৰু দুর্গাৰ ঘৰৰ পৰিৱেশটো জীপাল কৰি তোলে৷ সিহঁতৰ মুখতো হাঁহিৰ ৰেশ এটাহ ছানি ধৰে৷

এনেকৈয়ে গাঁওখনৰ মানুহবোৰ সুখী হৈ থকাৰ মাজতে এদিন সিহঁতৰ মনবোৰত বিষাদৰ ছাঁ বিয়পি পৰিল৷ সিহঁতে দেখিছে এইকেইদিন টিভিৰ বাতৰিত উৰাই–ঘূৰাই একেটা বাতৰিকে দেখুৱাই আছে৷ ওপৰৱালাই বাংলাদেশী উচ্ছেদ অভিযান আৰম্ভ কৰিছে৷ জে চি বি, হাতী ব্যৱহাৰ কৰি ঘৰ–বাৰী খাস্তাং কৰিছে৷ মানুহবোৰে যে ইমান চকুৰ পানী টুকিছে৷ থাকিবলৈ ঠাই নাই৷ কলৈ যাব সিহঁত৷ বাৰে বাৰে কথাবোৰ মনলৈ আহি থকাৰ বাবেই নেকি সি নিতৌ সেইবোৰকে সপোনত দেখিবলৈ লৈছে৷

জিঘাংসাৰ বলি হোৱা নিৰীহ মানুহবোৰে বুকু কঁপাইছে৷ তাৰ মাজতে এদল হাতী নাতিদূৰৈৰ পাহাৰখনৰ কাষৰ ৰাস্তাটোৰে আহি আছে৷ সিহঁতৰ চাৱনি মাতাল৷ কার্তিকহঁতৰ চিন্তা বাঢ়িছে কিজানি সিহঁতৰ সৰগী সোণালী সপোনটো ঘৰ আহি পোৱাৰ আগতেই চূৰমাৰ হৈ যায়৷

সৌৱা চিৰাজ, মতিনহঁতৰ হাতে হাতে জুই, ফটকা৷ নিশাৰ গভীৰতা নেওচি ফটকাৰ শব্দ আৰু চিৰাজহঁতৰ চিঞৰে কোর্হাল ববাইছে৷ কার্তিকো গৈছে৷ মাতাল হাতীৰ দলটোৱে এফালৰ পৰা সকলো সৰগী সপোন মোহাৰি পেলাইছে৷ ওৰে ৰাতি সৰগৰ ৰখীয়া হৈ গাঁৱৰ মানুহবোৰে উজাগৰী সময় কটাইছে৷

আন এটা কোলাহল বহু দূৰলৈকে শিপাইছে৷ সেয়া দুর্গা, লুটফাহঁতৰ চিঞৰ৷ ৰাতিৰ ভিতৰতে সিহঁতক কোনোবাই ঘৰৰ পৰাই ওলাই যাবলৈ নির্দেশ দিছে৷ মতা মানুহ নাইকিয়া ঘৰৰ পৰা সিহঁত ওলাই যাবলৈ বাধ্য হোৱা নাই৷ হুঁচিয়াৰ বাণী জাৰি কৰিছে সিহঁতলৈ পিছদিনাৰ ভিতৰত এই ঘৰবোৰ, গাঁওখন, এই মাটি সকলোৱে এৰিব লাগিব৷ এফালে কার্তিকহঁতৰ উজাগৰী নিশা আনফালে দুর্গাহঁতৰ উজাগৰী নিশা৷ দুয়োফালে নিষ্ফল সপোনে যেন গজালিহে মেলিব এতিয়া৷

কুঁৱলীৰ আচ্ছাদন ফালি কার্তিকহঁত পুৱতি নিশা ঘৰ সোমাইছেহি৷ পিৰালিতে দুর্গাই বহি উচুপি আছে৷ কার্তিকে কাষতে বহি সুধিছে দুর্গাক উচুপনিৰ কাৰণ৷ দুর্গাই কৈছে

কিনো কম দুখৰ কথা৷ সিহঁত যোৱা ৰাতি আহিছিল৷ গাঁৱৰ মানুহবোৰক ধমকি দিছে৷ গাঁওখন এৰি আমাক গুচি যাবলৈ কৈছে৷ আমি বোলে বহিৰাগত৷ আমি ভগনীয়া৷ আমি বাংলাদেশী৷ অনেক দোষ, অনেক উপাধি জাপি দিছে আমাৰ ওপৰত৷ আমি ইয়াৰ মানুহ নহয়৷ আন ঠাইৰ পৰা আহি গাঁও পাতি বাস কৰা মানুহহে আমি৷

: কোন সিহঁত
: নাজানো৷

গাঁৱত মানুহবোৰ গোট খাইছে৷ চিৰাজহঁতে কথাবোৰ আলোচনা কৰিছে৷ গাঁওবুুাই সকলোকে আশ্বাস দিছে৷ আজি দুর্গাহঁতে ধান দাবলৈ যোৱাৰ কথাও আছিল৷ সাৰপোৱা বেলিটোৰ হাঁহিটোহে আজি কাৰো চকুত পৰা নাই৷

এখিনি জিঘাংসু মানুহৰ দপ্দপনিয়ে সিহঁতৰ চেতন হৰিছে৷ বাহী গা ধুবলৈও সিহঁতৰ সময় হোৱা নাই৷ চিৰাজে কৈছে-

আহিবলৈ দে সিহঁতক৷ হানি–খুঁচি মাৰিম৷
কার্তিকে বাধা দি কৈছে

এনে নকৰিবি চিৰাজ৷ সিহঁত যদি সঁচাকৈয়ে আমাৰ শত্রু হয় তেন্তে বিপদ হব৷ প্রতাপী সিহঁত৷ সিহঁতৰ শক্তি আছে৷ জাপ জাপ টকা আছে৷ টকাই সিহঁতক অন্ধপ্রেমিক আৰু বলী কৰি ৰাখিছে৷ আমাৰ হাতত টকা নাই৷ নাই সিহঁতৰ বন্দুক–বাৰুদৰ দৰে শক্তিমান অস্ত্র৷ সকলোতকৈ ডাঙৰ কথা সিহঁতৰ দৰে হাত দীঘল মানুহৰ সৈতে আমাৰ একাত্মতা নাই৷

দুশ বছৰীয়া সৰগ সেইখন৷ কেইটা প্রজন্ম গল কেইটা আহিল৷ যেনিয়েই চোৱা যায় তেনিয়েই সেউজীয়া পৰশ৷ নাই কি গাঁওখনত৷ আৰৱৰ খেজুৰৰ গছৰ পৰা আৰম্ভ কৰি বিধে–বিধে ফুল–ফলৰ গছ৷ বিহু, ঈদ পালন কৰি সকলোৱে একতাৰ এনাজৰী মজবুত কৰি ৰখা গাঁও সেইখন৷ মছজিদ, নামঘৰ সকলো আছে৷ কার্তিকহঁতে বিহুত হুঁচৰি গালে মতিন, চিৰাজহঁতেও সহযোগ কৰে৷ আনকি হুঁচৰি দলক সেৱা জনাই ৰাইজৰ আশীর্বাদ বুটলে৷ আকৌ কার্তিকহঁতে ঈদৰ দিনা চিৰাজ, মতিনহঁতৰ ঘৰত পাক এটা মাৰি ঈদৰ শুভেচ্ছা জনাবলৈ ভুলতো নাপাহৰে৷ মৰম আছে সিহঁতৰ মাজত৷ নাই ধর্মীয় বা জাতিগত ভেদাভেদ৷ বিপদত পৰিলেই চিঞৰ এটা মাৰিলেই ছেকেণ্ডতে খবৰ লোৱা মানুহৰ আকাল–বিহীন সৰগ সেইখন৷

আৰু আজি৷ হঠাৎ যোৱা ৰাতিৰ ঘটনাটোৱে ব্যতিব্যস্ত কৰি তুলিছে সিহঁতক৷ মাতাল হাতীৰ উপদ্রৱত আগনিশা চকু মুদ নোখোৱা ৰাতি পাৰ কৰি দূৰৈত কেঁচা আলিৰে শাৰী শাৰীকৈ অহা কেইখনমান গাডী মতিনৰ চকুত পৰিছে৷ মতিনে কার্তিকক কৈছে-

: তহঁতৰ কাৰোবাৰ বিয়া–বাৰু পর্ব আছে নেকি অ কার্তিক
: কিয় সুধিলি মতিনকাই নাইতো বিয়া–বাৰু এইকেইদিনত৷
: সৌৱা চাচোন৷ শাৰী শাৰীকৈ কেইবাখনো গাডী আহিছে৷

দুর্গা, লুৎফাহঁতৰ হাত, ভৰি কঁপিছে৷ সিহঁতৰ মনে প্রশ্ন কৰিছে সেয়া যেন যোৱা কালি অহা মানুহজাক৷ সেনাৰ জোতাৰ দৰে গিৰিপ গাৰাপ শব্দ কৰি মানুহজাক সিহঁতৰ ওচৰত গপচত ৰয়হি৷

দুর্গা আকৌ কঁপিবলৈ ধৰিছে৷ কার্তিকে তাইৰ হাতত খামুচি ধৰি আছে৷

ভয় নাখাবি দুর্গা৷ আমি আছেছা নহয়৷ সিহঁতে একো নকৰে৷

তাই গাৰ চাদৰখনেৰে সর্বশৰীৰ ঢাকে৷ কি অসহ্য চাৱনি সিহঁতৰ৷

তহঁতক যোৱা কালিয়েই ৱার্ণিং দিছিলোঁ৷ এই ঘৰ, এই মাটি, এই গাঁও এতিয়া তহঁতৰ নহয়৷ ইয়াত মেজমেল পাতি সময় নষ্ট কৰি থাকিলে তহঁতৰ ঘৰ তহঁতে ঘূৰাই নাপাৱ৷

কার্তিক, চিৰাজহঁতৰ চকু লিছে৷ সিহঁতৰ চকুৰে যেন একুৰা অগ্ণিহে বৰষিছে৷ বেলিয়ে আহি মূৰৰ ওপৰ পাইছেহি৷ ৰদৰ জিলিঙনিত সৰগৰ হালধীয়া সোণ পুৰি উবল হোৱাৰ দৰে জলমলাই উঠা লখিমী কার্তিকহঁতে দূৰৰ পৰাই দেখিছে৷ কিন্তু সিটোপাৰে কেঁচা আলিয়েদি জাক জাককৈ এজাক মানুহ আহি সোণখিনিত জুই লগাইছেহি৷ কার্তিকহঁতে হায়ৈ বিয়ৈ কৰিছে৷

: নুপুৰিবিহঁতত ঔ আমাৰ লখিমীক৷ সেইখন আমাৰ সোণৰ সৰগ৷ লাগিলে আমাকে মাৰহঁত৷
দুর্গা, লুৎফাহঁতে খঙেৰে কৈছে সিহঁতক

: ঐ লাজ নাইকিয়াহঁত৷ তহঁতক যোৱা কালিয়েই কৈছিলোঁ আমি এই মাটি এৰি নিদিওঁ বুলি৷ তহঁতে শুনা নাই নেকি

: তহঁতে কলেই আমি মানি লম এই ঠাই এতিয়াৰ পৰা আমাৰ৷ ইয়াত আমাৰ ৰাজত্ব চলিব৷ এয়া ওপৰৱালাৰ নির্দেশ৷

: বাদ দে তহঁতৰ ওপৰৱালাৰ নির্দেশ৷ আমি তহঁতক কোনো কাৰণতে আমাৰ সৰগ এৰি দিব নোৱাৰোঁ৷ আমি পূর্বৰে পৰাই এই ঠাইত বাস কৰি আহিছোঁ।

: তহঁতৰ গাঁও বুলি কৈছে যে প্রমাণ দে দেখুৱা মাটিৰ কাগজ–পাতি৷

কৰ পৰা প্রমাণ দিব কার্তিকহঁতে এই মাটি যে সিহঁতৰ৷ সিহঁতৰ আজোককাকহঁতে মানৰ আক্রমণৰ পৰা পলাই সাৰিবলৈহে হাবি–বন চাফা কৰি এই ঠাইত বাহৰ পাতিছিলহি৷ এতিয়া কি হব সিহঁতৰ৷ কলৈ যাব সিহঁত।

প্রতাৰণাৰ নদীখনে বৰ বেয়াকৈ আক্রমণ কৰিছে সিহঁতক৷ ইমান ভাবুকি, ইমান প্রতাৰণা৷ আজি সৰগৰ সোণখিনি পুৰি থাকোঁতে সিহঁতৰ বুকুখনো পুৰিছিল৷

বাক–বিতণ্ডা বহু দূৰ পালেগৈ৷ শাৰী শাৰী জে চি বি আহিল, জাক জাক হাতী আহিল৷ এফালৰ পৰা মহতিয়াই নিলে সিহঁতৰ ঘৰ–বাৰী৷ খন্তেকতে চূৰমাৰ হৈ পৰিল সিহঁতৰ জীৱনৰ অমূল্য সম্পদ৷

কার্তিক, দুর্গা, চিৰাজহঁতে চিঞৰি চিঞৰি প্রতিবাদ কৰিছে৷ সিহঁতৰ প্রতিবাদত গছৰ সৰাপাতেও যেন চকুলো টুকিছে৷ প্রলোভনকাৰীয়ে আকৌ চিঞৰি চিঞৰি কৈছে তহঁত বাংলাদেশী৷ তহঁতৰ ইয়াত প্রৱেশ নিষেধ৷ এই গাঁৱত এটা চিমেণ্ঢ ফেক্টৰী হব৷ সৌৱা দেখিছ পথাৰখন তাত কেইবাটাও ইটা ভাটা আৰু শিলৰ কুঁৱেৰী গিি উঠিব৷ এয়া ওপৰাৱালৰ নির্দেশ৷
কার্তিকে চিঞৰ–বাখৰ কৰে৷ সি অধৈর্য হৈ সিহঁতক কটু কথা শুনায়৷

নাই নহব৷ ইয়াত একোকে হবলৈ নিদিওঁ৷ এই ঠাইৰ ডাঙৰ ডাঙৰ গছবোৰ আমাৰ প্রাণ৷ আমি ইহঁতক উশাহৰ পৰা বঞ্চিত কৰিবলৈ নিদিওঁ৷ এইখন আমাৰ সৰগ৷

সৰগ তহঁতৰ সৰগ বাদ দে তহঁতৰ সৰগৰ অলীক সপোন দেখিবলৈ৷ এতিয়া কত থাকিবি তাৰ চিন্তা কৰ৷

কার্তিকৰ হাতেৰে এটা থাচ্কৈ পূর্ণহতীয়া চৰ সিহঁতৰ মাজৰে কোনোবা এটাৰ গালত পৰিল৷ অলপ পাছতে দুর্গা, চিৰাজহঁতে দেখিলে এসোঁতা তেজৰ নৈ৷ একেখন দেশতে থাকি, একে বায়ু, পানী সেৱন কৰি সিহঁতৰ মতে কার্তিক, চিৰাজহঁত হেনো এতিয়া বাংলাদেশীহে৷ কার্তিকৰ ভৰিত গুলী লাগিছে৷ তাক চিৰাজে ডাংকোলাকৈ দাঙি লৈছে৷ গাঁৱৰ মানুহবোৰে একগোট হৈ সিহঁতৰ সৰগক শেষবাৰৰ বাবে এবাৰ দর্শন কৰিছে৷ চিৰাজে সকলোকে নির্দেশ দিছে।

বলহঁত মোৰ লগত৷ ইয়াত আৰু থাকিব নোৱাৰিম আমি৷ ইয়াত এতিয়া চৰাইৰ কাকলি, মানুহৰ গুণগুণনিৰ সলনি বিষাক্ত ধোঁৱাৰ কুণ্ডলীহে দেখিবি৷ মোৰ মোমাইৰ গাঁৱলৈকে যাওঁ বলহঁত৷ তহঁতকো আমাৰ লগতে মোমাইৰ গাঁৱৰ মানুহে আদৰি লব৷ তাত অন্ততঃ আমি বাংলাদেশী বুলি খেদা নাখাওঁ কেতিয়াও৷ গাঁওখনত বহুখিনি মাটি এনেই পৰি আছে৷ আমি মিলিজুলি নতুনকৈ এখন মাটিৰ সৰগ গঢ়িম৷

কার্তিক, দুর্গা, চিৰাজ, মতিনহঁতৰ চকুত সপোন গজিছে নতুনকৈ মাটিৰ সৰগ গগাৰ৷ যত কোনো বিভেদ নোহোৱাকৈ সকলোৱে মিলিজুলি বাস কৰিব৷ এটি নতুন ৰক্তিম পুৱাৰ উন্মেষ ঘটিব৷

কার্তিকৰ ভৰিত গুলী লাগিছে৷ তাক চিৰাজে ডাংকোলাকৈ দাঙি লৈছে৷ গাঁৱৰ মানুহবোৰ একগোট হৈ সিহঁতৰ সৰগক শেষবাৰৰ বাবে এবাৰ দর্শন কৰিছে৷ চিৰাজে সকলোকে নির্দেশ দিছে।

বল মোৰ লগত৷ ইয়াত আৰু থাকিব নোৱাৰিম আমি৷ ইয়াত এতিয়া চৰাইৰ কাকলি, মানুহৰ গুণগুণনিৰ সলনি বিষাক্ত ধোঁৱাৰ কুণ্ডলীহে দেখিবি৷ মোৰ মোমাইৰ গাঁৱলৈকে যাওঁ বল৷ তহঁতকো আমাৰ লগতে মোমাইৰ গাঁৱৰ মানুহে আদৰি লব৷ তাত অন্ততঃ আমি খিলঞ্জীয়া বুলি খেদা নাখাওঁ কেতিয়াও৷ গাঁওখনত বহুখিনি মাটি এনেই পৰি আছে৷ আমি মিলিজুলি নতুনকৈ এখন মাটিৰ সৰগ গঢ়িম৷

কার্তিক, দুর্গা, চিৰাজ, মতিনহঁতৰ চকুত সপোন গজিছে নতুনকৈ মাটিৰ সৰগ গগাৰ৷ যত কোনো বিভেদ নোহোৱাকৈ সকলোৱে মিলিজুলি বাস কৰিব৷ এটি নতুন ৰক্তিম পুৱাৰ উন্মেষ ঘটিব৷

ফোনঃ ৯১০১৮৩৭২১২

You might also like

Comments are closed, but trackbacks and pingbacks are open.