প্রজ্ঞানভ বৰা
নিশা প্ৰায় ১১ বজাৰ পৰিবেশ।গোটেই পৰিবেশটো কুঁৱলীয়ে আৱৰি আছে।আঘোণ মাহৰ ঠেঁটুৱৈ লগা জাৰ।দক্ষিণ আকাশত জোনৰ পোহৰে কুঁৱলীৰ মাজৰে আহি জেগাখিনি অলপকৈ দৃশ্যমান কৰি ৰাখিছে।পৰিৱেশটো একেবাৰেই নিজম।দুৰ দুৰণিলৈ মানুহৰ ঘৰ নাই।কেৱল মাত্ৰ ৰে’ল আলিৰ নিচেই কাষতে থকা সৰু ৰে’ল গেটৰ (Gate house) ঘৰটো।
দুয়োফালৰ বৃহৎ ধাননী পথাৰৰ মাজৰ এটা নিজম ৰে’ল আলি।দিনটোত কেতিয়াবা এখন নাইবা দুখন ৰে’ল অহা যোৱা কৰা পথ সেইটো। আঘোণৰ সোণোৱালী ধাননীৰ মাজেৰে নিশাৰ কুঁৱলী ফালি এখন ৰে’লগাড়ী তীব্ৰ বেগেৰে পাৰ হৈ যায়।আৰু লাহে লাহে এজন ল’ৰাই ৰে’লগেটখনৰ মেচিন পকাই গেটখন উঠাই আছে। চাৰিওফালে ঘোপমৰা আন্ধাৰ….। ৰে’ল গেটৰ সেই ঘৰটোৰ ভিতৰৰ এখন গ্লাছৰ খিৰিকীৰে এযোৰ অলস চকু পৰিদৃশ্যমান হৈ উঠে।অনুমানিক সেই চকুহাল এজনী ছোৱালীৰ।খুউব উন্মাদনাৰে সেই চকুহালে সেই ৰে’লগেট তুলি থকা ল’ৰাজনলৈ চাই আছে।।
(ভৰুণ আঘোণ)
সেন্দুৰী।তাইৰ কণ্ঠত গানৰ এটা মৃদু গুণগুণনি।ৰে’লগেটৰ সেই সৰু ঘৰটোৰ কণমানি চোতাল খনত থকা ৰছীডালত তাই কাপোৰ মেলিছে।পুৱাৰ কোমল ৰ’দ চেৰেঙা তাইৰ এই মাত্ৰ ধুই অহা ভিজা চুলিখিনিত পৰি মুকুতা মনিৰ দৰে জিলিকি উঠিছে।আঘোণৰ পথাৰৰ বাতে পোৱালি মেলাৰ দৰে মনবোৰো হয় মুক্ত বিহংগ।হঠাৎ,বিস্মৃতিৰ অনন্ত গৰ্ভত জোৰেৰে লুপ্ত কৰি ৰাখিব বিচৰা পৰহি ঘটি যোৱা ঘটনাটোৱে তাইৰ মনটো অস্থিৰ কৰি তুলিলে।পাখিমেলা অতীত যেন সাৰ পাই উঠে সংগোপনে।তাই ভাবুক হৈ সৰু বাৰণ্ডাৰ ষ্টেপটোত বহি পৰিল।
“এইয়া চাহ”– ভিতৰৰ পৰা আহি সূৰুযে মাত লগোৱাত তাই খৰধৰকৈ উঠি চাহকাপ হাতত ল’লে।
সূৰুয ভিতৰলৈ সোমাই গ’ল।হাতত মোনা এখন লৈ তাৰ মটৰ চাইকেল খনেৰে গাঁওৰ সিটোমুৰে ধনশিৰী নৈৰ পাৰত বহা মঙলবৰীয়া বজাৰলৈ বুলি ওলাই গ’ল।আজি দিনটোত সি বজাৰ নকৰিলে সপ্তাহটো লঘুনে থাকিব লাগিব।সেইবাবে তাৰ যাৱতীয় কামবোৰ কৰি আজিৰ দিনটোত সি আজৰি হৈ থাকে। সি ইচ্ছা কৰিয়েই যাওঁতে সেন্দুৰীক মাত নলগালে।হয়টো তাৰ আৰু দুদিনমান লাগিব তাইৰ সৈতে সহজ হ’বলৈ।কিন্তু তাৰ মনত অলেখ অশাবাদ কঢ়িয়াই সেন্দুৰী আহিছে তাৰ অকলশৰীয়া উৰুখা পজাত ৰং বিলাবলৈ,শুকান বাঁহৰ বিৰীয়াত সোনগুটিৰ লহৰ তুলি।…..এইয়া যেন সূৰুযৰ কাৰণে হেঁপাহৰ,প্ৰাপ্তিৰ আঘোণ।।
সূৰুয।তাৰ মাত্ৰ চাৰি মাহ হৈছে এই চাকৰিটোত জইন কৰা।মাষ্টাৰছ্ সম্পূৰ্ণ কৰি সি ৰৈ থাকিবলৈ নাপালে।আৰ্থিক আৰু শাৰীৰিক ভাবে অক্ষম মাক-দেউতাকৰ দায়িত্ব লোৱাটো জৰুৰী হৈ পৰিল।ৰে’লৱে চাকৰিত যোগ দিলে।। Gateman।।…কিন্তু সি নিজৰ সপোন এতিয়াও জীয়াই ৰাখিছে।প্ৰশাসনিক পৰীক্ষাৰ বাবে সি সময় পালেই প্ৰস্তুতি চলাই।অস্তাচলৰ হেঙুলি বেলিৰ কিৰণ বিলাই কেতিয়ানো সন্ধ্যা নামিল…।সি বহুত দিনৰ পিছত সৰু ৰুমটোৰ এটা কোণত যোগাৰ কৰি লোৱা সৰু টেবুল খনত পঢ়িবলৈ বহিল।সেন্দুৰীয়ে ৰুমটোত থকা একমাত্ৰ বিছনা খনত বহি আছে।তাই অহাৰ পিছত সূৰুযে এইকেইদিন তলতে বিছনা চাদৰ এখন পাৰি শুইছে।মাজৰাতি প্ৰচণ্ড শীতে তাক ভালকৈয়ে কোবাই যায়।পাছলৈ ভবা নাই,এইকেইদিন সি এনেকৈয়ে চলাইছে।
আজি সি বজাৰৰ পৰা আনি দিয়া আহল বহল চুৱেটাৰটো সেন্দুৰীয়ে লিৰিকি বিদাৰি চুই চাইছে।মাজে মাজে তাই আঁৰহৈ তালৈ চাইছে।তাইৰ কিবা এটা মৰম লাগিল।তাই তাক পানী এগিলাছ দিবলৈ তাৰ পঢ়াৰ ওচৰলৈ গ’ল।সি তাইৰ চকুলৈ মূৰতুলি চালে।আজিহে যেন সি তাইক ভালকৈ দেখিছে।প্ৰথম দিনা দেখাতকৈ তাইৰ চকুযোৰ ক্ৰমাৎ উজ্জ্বল হৈছে। মুখত ক্লান্তিৰ ৰেখ নাই।হয়তো এতিয়া তাই জীৱন জীয়াৰ অৰ্থ বিচাৰি পাইছে।সি তাইক তেনেদৰে চাই থকা দেখি তাই হঠাৎ উচুপি উঠিল।তাইৰ মনৰ বেদনাখিনি এতিয়াও বাহিৰ হোৱা নাই।হ’বনো বা কেনেকৈ সকলো ঠিকে থকা হলে আজিৰ দিনটোত তাই ন-কইনাৰ ওৰণিৰে হোমৰ গুৰিত বহিল হেতেন।ঘৰ,স্বজন সকলো এৰি আজি তাই সম্পূৰ্ণ অকলশৰীয়া।ঘৰৰ মানুহৰ বাবে তাই এতিয়া মৃতক।তাই উছুপি উঠিল।দুদিন আগলৈকে অচিন সূৰুয আজি তাইৰ মৌলিক অধিকাৰ প্ৰদান কৰোঁতা..তাইৰ দাতা।তাই তাক জোৰেৰে সাৱটি ধৰিলে।তাৰ বাহু তিয়াই ফেকুৰি থাকিল।।
(দৈৱকীৰ বিলাপ)
বাহিৰত নিয়ৰে,জোনাকে এটা মায়াময় পৰিবেশ ৰচনা কৰিছে। গাঁওৰ নাট্যমন্দিৰত ৰাসৰ আখৰা।এইফালে সেন্দুৰীৰ ঘৰত বিয়াৰ আয়োজন।উদুলী মুদুলি পৰিৱেশ।এইকেইদিন ঘৰত চূণ-তেল দিওঁতে ইফাল সিফাল হৈ থকা বস্তুবোৰ ঠিক কৰি সেন্দুৰীয়ে নিজৰ ৰুমটো নতুনকৈ সজাইছে।হঠাৎ বাহিৰত তাই দেউতাকৰ মাত শুনিলে।এই অলপ সময় আগত তাই দেউতাকৰ হাতত চাহ এক কেটলী বাকী ৰাসৰ আখৰালৈ বুলি দি পথাইছিল।ওচৰৰে বাপুকনে আজি পুৱাই আহি চাহ মিঠাইৰ দাবী জনালে।ভাৱৰীয়া ল’ৰাহঁতৰ পৰা বিয়া বুলি আশীৰ্বাদ এশাৰী ও ল’ব।বাহিৰত অলপ হুলস্থুলিয়া পৰিবেশ এটাৰ সূচনা হৈছে। তাই কথাৰ ভু লবলৈ নৌপাওঁতেই দেউতাক আহি তাইৰ ৰুমৰ ওচৰত উপস্থিত হ’ল।পাচে পাচে মাক আৰু সৰু ভনীয়েকো উধাটো খাই আহিল।
“মাজনী তই সকলো শেষ কৰিলি”– দেউতাকৰ চকু চলচলিয়া।
“জোঁৱাইৰ দেউতাকৰ এইয়া ফোন আহিছে।হ’ব লগা জোঁৱাইৰ দেহত এইছড্ ৰোগ ধৰা পৰিছে।তেওঁলোকে এই বেমাৰৰ বাবে তোকেই সন্দেহ কৰিছে।।”দেউতাকে কথা শেষ নহওঁতেই মজিয়াত বহি পৰিল।অজলা দেউতাকে একো বুজি পোৱা নাছিল যদিও দৰা ঘৰৰ পৰা ৰোগৰ ব্যাপকতাৰ কথা বিতং কৈ বুজাই ক’লে।তেওঁলোকেও হয়তো নাজনে এই ভাইৰাছ প্ৰবেশেৰ পথ কেৱল এটাই নহয়।ড্ৰাগছ, এইচ.আই.ভি এইকথাবোৰে সিহঁতৰ নিচিনা সাধাৰন মানুহক গৈ ঢুকি পোৱা নাই।তেঁওলোকে হয়তো নাজানে ইয়াৰ প্ৰতিকাৰৰ কথা।এতিয়াও ড্ৰাগছ সেৱন, চিগাৰেটৰ ধোঁৱা…এই সমূহ বিষয় কেৱল Masculinity ফুটাই তোলাৰ অৰ্থতে চিনেমা,উপন্যাসত বিভিন্ন চৰিত্ৰৰে দাঙি ধৰা হয়।সেন্দুৰীৰ মূৰত যেন সৰগ ভাগি পৰিল।অবুজ মাক দেউতাকক তাই কেনেদৰে বুজাব।।
যোৱা দুদিনৰ পৰা তাইৰ মৰমৰ জানটোৰ অসুখ।সাধাৰণ জ্বৰ-পানীলগা কিন্তু সি অলপ খিনাইছে,এইদৰেইটো ভাবি আছিল। কালি তাই তাক ফোনত বুজালতহে সি ডাক্তৰৰ ওচৰলৈ যাবলৈ মান্তি হৈছিল।আজি পুৱা উঠিয়েই তাৰ খবৰ লোৱা,দিনটো কামৰ ব্যস্ততাত তাই নিজকে সময় দিব পৰা নাই….।তাই প্ৰচণ্ড শক্তিৰে দৰ্জাখন টানি নিজকে ৰূমটোৰ ভিতৰত আৱদ্ধ কৰি ললে।তাই যেন নিজকে এতিয়াই শেষ কৰি দিব।।তাই বুজি উঠিছিল তাইৰ মৰমৰ প্ৰেমিক,যি তাইক সপোনৰ কোঁৱৰ হৈ নিবলৈ আহিম বুলি কথা দিছিল সি আজি নিজৰ দোষ ধাকিবলৈ তাইক ব্যৱহাৰ কৰিছে।
এপাকত তাই জোৰেৰে দৰ্জাখন খুলি বাহিৰলৈ দৌৰিলে।একো তত্ ধৰিব নোৱাৰা মাক দেউতাকো তাইৰ পিছে পিছে দৌৰবলৈ ধৰিলে।বাৰিৰ পিছফালে থকা ভলুকা বাঁহজোপাৰ কাষৰ পথাৰৰ আলিয়েদি তাই কেৱল মাথোঁ দৌৰিছে। নিয়ৰ সিক্ত পকা ধানৰ পাতে তাইৰ উদঙীয়া কলাফুলত ৰঙচুৱা আচুৰ বহাইছে।মাক-দেউতাক আৰু চুবুৰীয়াৰ চিঞৰে তাইক ঢুকি নোপোৱা দূৰত্বত আহি পালেহি।কেৱলমাত্ৰ তাই শুনা পালে যোৱাবাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা পোৱা ৰমেনৰ বচনত চিঞৰি চিঞৰি দৈৱকীৰ বিলাপ।হয়তো কংসই দৈৱকীৰ আন এটা সন্তান কাঢ়ি লৈছে।।
(চহৰৰ আঘোণ/নিয়ন লাইটৰ পোহৰ ইত্যাদি)
খোজবোৰ যেন স্থবিৰ হৈ পৰিব।এক বিশাদময় অস্থিৰতাই তাইক আগুৰি ধৰিছে।এচপৰা বিশাল ডাৱৰে তাই আপোন কৰি ল’ব বিছৰা ৰঙীন নিয়ন লাইটৰ পৃথিৱীখন যেন আবৰি ধৰি ৰাখিছে।কোনো নাৰীয়েই ইচ্ছা কৰি এই এঙাৰ বৰণৰ ধূসৰ ৰাস্তাত খোজ দিব নিবিচাৰে।তাইও আজি বাধ্যত পৰি আহিছে এই পথৰ ঠিকনা বিচাৰি। তাই ভাল কলেজত পঢ়িবলৈ চহৰলৈ বুলি ওলাই আহিছিল।যোৱা দুই বছৰে দেউতাকে তাইলৈ পইচাপাতি ঠিকেই পথাই আছিল।কিন্তু দেউতাকে কেৱল ধান খেতিৰ টকা কেইটাৰে তাইক পঢ়াবলৈ আগৰ দৰে সমৰ্থবান নোহোৱা হ’ল।তাইৰ পিছত এজনী ভনীয়েকো আছে।কিন্তু এনে নহয় যে তাইৰ সকলো সমস্যা সমাধানৰ পথ কেৱল মাত্ৰ এইটোৱেই।কিন্তু কুৰি বছৰীয়া তাইৰ বাবে উচিত অনুচিত বিচাৰৰ ক্ষমতা হয়তো কম আছিল। তাইৰ লগতে গাঁওৰ পৰা ওলাই অহা সমনীয়া কেইজনিৰ লাইফষ্টাইল আৰু তাৰ আঁৰৰ শকত ধনলাভৰ কাহিনী শুনি সংকটত থকা তাইকো প্ৰাক্-ঐতিহাসিক কালৰে পৰা চলি অহা এই বৃত্তিয়ে আকৰ্ষিত কৰিছিল।
অন্তৰালৰ বেশ্যা এজনীয়ো তেজ মঙহৰেই মানুহ,কিন্তু বিভিন্ন পৰিৱেশত পৰি এই বৃত্তি ল’বলৈ বাধ্য হয়।মানুহে এই কথা মানি লবলৈ এতিয়াও প্ৰস্তুত হ’ব পৰা মানসিকতা গঢ়ি উঠা নাই।এই কণ্টকময়তাৰ মাজতো কিছুমান নাৰীয়ে সময়ৰ সোঁতত চাপ ৰাখি যায়।তাই নিজকে পাৰ্যমনে বুজাই বঢ়াই আহিছে।আজি প্ৰথম দিন।…..তাই নোৱাৰিলে।বেশ্যালয়ৰ আন্ধাৰ কোঠৰীৰ মূল মানুহ গৰাকীৰ লগত আলোচনা কৰিয়েই তাই উভতিল।তাইৰ বাবে এই কাম নহ’ব। মানসিক অন্তৰ্দন্দত ভুগি তাই থকা ৰুমলৈ ঘূৰি আহি থাকোঁতে বেশ্যালয়ৰ কাষৰ এটা সৰু নিষিদ্ধ গলিত প্ৰায় অচেতন অৱস্থাত এজন ল’ৰা পৰি থকা দেখা পালে।কাষতে তাৰ বাইক খন।ল’ৰাজন সম্ভান্ত ঘৰৰ যেন লাগিল।তাই নিজেই জুৰুলা,আকৌ বাটৰ কচু নঘঁহো ভাবিলেও তাইৰ বিবেকে নকলে।মুখেৰে কিবা কিবি কব খোজে ল’ৰা জনক তাই বহুৱাই তাইৰ বেগত থকা পানীবটলৰ পৰা অলপ পানী চকুৱে মুখে ছটিয়াই দিলে।সেইয়াই চিনাকি।পাছলৈ দুয়োৰে গভীৰ ভালপোৱা।তাইৰ মৰমৰ জানতু।তাক লগ পোৱাৰ পৰা তাইৰ জীৱনটোৱে নতুন গতি পালে।কিন্তু কেতিয়াও সোধা ন’হল সেই নিষিদ্ধ গলিত তাই কেনেকৈ? আৰু সি কেনেকৈ!! এনে প্ৰশ্নৰ সুচিবায়ুগ্ৰস্ততাৰ পৰা তাহঁতি আঁতৰি আছিল।কিন্তু তাই পিছত শুনিবলৈ পাইছিল সি নিয়মীয়াকৈ ড্ৰাগছ লোৱাৰ কথা।বন্ধুৰ লগ লাগি তীক্ষ্ণ বেজীৰে নিজৰ সিৰা খুচি খুচি তৃপ্ত হোৱাৰ কথা।হয়তো তেতিয়াই তাৰ শৰীৰত এইচ.আই. ভি. ভাইৰাছে বসতি লৈছিল…অজানিতে মনে মনে।
সি তাইক বুজাইছিল,সি নিবিচাৰিলেও এতিয়া ড্ৰগছে তাক বিচাৰে। সি ল’বলৈ বাধ্য হৈ গৈছিল।সাধাৰণ মানুহে কল্পনাৰে সেই জগতখনৰ ছবিও আঁকিব নোৱাৰে।তথাপিও তাই তাক বুজাইছিল বাৰম্বাৰ।কিন্তু সি তাইক এইবোৰ ঘৰত নকবলৈ শপত লোৱাইছিল,বিয়াৰ পিছত ঠিক হোৱাৰ প্ৰতিশ্ৰুতিৰে।।
(সূৰুয মিলন)
…..তাই ৰিনিকি ৰিনিকি ৰে’লৰ উকি শুনা পালে।পথাৰৰ ইটো মূৰে বাপুকনৰ পথাৰৰ কাষেদি ৰেল আলিটো।খেতি ভাল নোহোৱাৰ বাবে বহুদিন মাটিখিনি পৰি আছে।বহু মানুহে নতুনকৈ ৰে’ল আলিটো সেইফালেদি যোৱাৰ পিছৰে পৰা খেতি কৰা প্ৰায় বাদেই দিছে।অভিযোগ,আগৰ দৰে খেতি ভাল নহয়।পানী যোৱা ৰাস্তা বন্ধ হ’ল আৰু ভিভিন্ন কাৰণ।তাই ৰে’লৰ উকি অনুসৰণ কৰি দৌৰি থাকিল।সত্যজিৎ ৰায়ৰ ‘পথেৰে পাচালি’ ত আপু আৰু দুৰ্গাই কহুৱাৰ মাজেৰে ৰে’লগাড়ী চাবলৈ দৌৰি যোৱা আইকনিক দৃশ্যটোৰ দৰেই।কিন্তু সেন্দুৰীৰ উদেশ্য বেলেগ।
তাইক দুভৰিৰ ভাগৰে তলাব পৰা নাই।তাই যেন সমষ্ট শক্তি উজাৰি আজি দৌৰি থাকিব।দৌৰি দৌৰিয়েই উলিয়াই দিব সমষ্ট ক্ষোভ,বিষাদ আৰু যন্ত্ৰণা।ঘৰ খনৰ আশা,গাঁওখন-সমাজখন…..বিয়া বুলি কাইলৈ পুঁৱাতে আহিব লগা মাহীয়েকহঁতক তাই কি বুলি বুজনি দি পতিয়ন নিয়াব যে তাই ইয়াৰ বাবে জগৰীয়া নহয়।
তাৰোপৰি এইবাৰ প্ৰশ্ন উঠিব তাইৰ সতিত্বৰ ওপৰত। উফফ্ তাই আৰু এইবোৰৰ বুজা ল’ব নোৱাৰে।তাই ভনীয়েক জনিৰ বাবেও আসোঁৱাহমোক্ত নিদৰ্শন হ’ব নোৱাৰিলে…।তাই সকলো ধৈৰ্য্যৰ বান্ধ পথাৰৰ কেকুৰিতে সোলকাই আহিছে। দৌৰি দৌৰি তাই ৰে’লৰ আলীৰ মাজত ঠিয় হৈ ৰ’ল।তাই যেন স্থিতপ্ৰজ্ঞ নিজকে শেষ কৰাৰ বাবে।সন্ধ্যা ভগাৰ ঠিক তেনে সময়তেই সূৰুযে ৰে’ল অহাৰ আগেয়ে গেটখন পেলাবলৈ বুলি যাওঁতেই কানি মুনিকৈ কিবা এটা আলিৰ মাজত ৰৈ থকা দেখা পাই তাৰ আৰু বুজিবলৈ বাকী নথাকিল।ৰে’লখন আহি পোৱাৰ সময় হৈ গৈছে। সি অপ্ৰাণ চেষ্টাৰে দৌৰি তাইক আঁতৰাই দুয়োটা ৰে’লআলীৰ ওখ গৰাটোৰ পৰা বাগৰি পথাৰত পৰে। তাই তাৰ দুবাহুৰ পৰা ওলাই যাবলৈ অপ্ৰাণ চেষ্টা কৰিছিল। কিন্তু সূৰুযে অচিনাকি তাইজনীক আলিংগনৰ উত্তাপেৰে জোৰেৰে সাৱটি আছিল। ৰে’লখন ইতিমধ্যে পাৰ হৈ গৈছিল।।
Comments are closed, but trackbacks and pingbacks are open.