পম্পী ভূঞা বৰুৱা
বিদ্যালয়ৰ অস্থায়ী গেটখন খুলি দিয়াৰ লগে লগে ছাত্ৰ-ছাত্ৰীসকল খৰখেদাকৈ ভিতৰলৈ সোমাই আহিল। উদ্দেশ্য, কোনে শিক্ষা সেতুখন আগতে পাৰ হʼব পাৰে।”চাৰ মই আগতে আহিছোঁ।” এটা নিয়মিত শ্লʼগান। সেউজীয়া ঘূৰণীয়া আঁচডালে সিঁহতৰ মুখখন ঘেৰ দিয়ালৈ চকু টিপিয়াই থকা মুহূৰ্তত সিঁহতৰ ধৈৰ্যৰ বান্ধ চিগে।নেট নথকাৰ দিনটোত বিৰাট হৈ চৈ। ইটোৰ আগত সিটোৱে মুখখন পাতি দিয়াৰ ফলতেই সৃষ্টি হয় যান্ত্ৰিক বিজুতি। এয়া কোনো নতুন ঘটনা নহয়।প্ৰাতঃসভাত উপস্থিত নথকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা অৱশ্যে নগণ্য।হুলস্থুলীয়া পৰিবেশে অনবৰত আৱৰি থকা বিদ্যালয়খনৰ চৌহদটোৰ প্ৰতি সদা সতৰ্ক দৃষ্টি ৰাখে বিদ্যালয় পৰিয়ালে। এইমাত্ৰ যেন এডোখৰ ক্ষত চিহ্ন লৈ অফিচ ৰূমলৈ সোমাই আহিব কোনোবা ছাত্ৰ।পাছে পাছে কৈফিয়ৎ উজাৰিবলৈ আহিব আন এদল ছাত্ৰ ছাত্ৰী। দুটা দলৰ মাজত প্ৰচণ্ড তৰ্কাতৰ্কি।শিক্ষক- শিক্ষয়িত্ৰীৰ বক্তব্যৰ ওপৰত সিঁহতৰ মাত। সহজ-সৰল সৰু মাতৰ কোনো শিক্ষা গুৰুৱে সিঁহতৰ সৈতে যুঁজিব নোৱাৰে।নৱ-প্ৰজন্মৰ একাংশ সঁচাকৈয়ে বৰ উচ্ছৃঙ্খল। ভিতৰুৱা গাঁওসমূহৰ শিক্ষাৰ প্ৰতি অনিহা অভিভাৱকৰ সন্তানে পঢ়ে এই বিদ্যালয়ত।
শ্ৰেণীত সোমোৱাৰ পাছত ছাত্ৰ ছাত্ৰীসকলে স্কুল খটি কৰাৰ খতিয়ান দিয়াৰ ওপৰত ভিত্তি কৰি, সিঁহতৰ পৰিবেশটোৰ এখন ছবি মিচেচ বাৰুতীৰ কল্প জগতত জিলিকি উঠে। পুৱাৰ পৰা গধুলিলৈকে সিঁহতৰ অভিভাৱকৰ অক্লান্ত জীৱন সংগ্ৰাম। খুব কম বয়সতে সংসাৰ ধৰ্ম পালন কৰা এই অভিভাৱকৰ সন্তানো দুই ততোধিক। প্ৰতিজন সন্তানৰ আবদাৰ পূৰাব নোৱাৰা পিতৃ মাতৃসকলৰ মাজত হয় প্ৰায়েই কাজিয়া, মাৰপিট। স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি কোনোবা পত্নীয়ে স্বামীৰ ঘৰ ত্যাগ কৰে।আন এচাম পিতৃ মাতৃয়ে আকৌ ঘৰতে সন্তান এৰি জীৱিকাৰ সন্ধানত গুচি যায় কেৰেলা নাইবা হায়দৰাবাদ। তেওঁলোকৰ সন্তানৰ দায়িত্ব পালন কৰে ককাক আইতাক নাইবা পৰিয়ালৰ অন্য কোনো সদস্যই। পেঞ্চিল, কলম, বহী এইবোৰৰ তাগিদা কৰিব পৰাকৈ ছাত্ৰ ছাত্ৰীসকল পঢ়াৰ প্ৰতি আগ্ৰহী নহয়। প্ৰায় সামগ্ৰী, যেনে — কিতাপ, বহী, সাজ-পোছাক আনকি দুপৰীয়াৰ আহাৰ পৰ্য্যন্ত বিনামূলীয়া হোৱাৰ ফলত সিঁহতৰ পঢ়াশুনালৈ বিশেষ গুৰুত্ব নাই। আচলতে নিজৰ খৰচহীন কোনো বস্তুৰ প্ৰতি মানুহৰ আদৰ নাথাকে। প্ৰাতঃসভাৰ কাৰ্যসূচী শেষ হোৱাৰ পাছতে আৰম্ভ হোৱা পাঠদানত অৱশ্যে এটা শান্তিময় পৰিবেশৰ সূচনা কৰে। কিন্তু এই শান্তি ভঙ্গ হয় প্ৰতিটো পিৰিয়দৰ শেষত বজা বেলটোৰ শব্দত।বেলমৰা শব্দটো শুনাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলৰ মাজত গুৱৰুৱাৰ গৰ্জন উঠে। দীঘল কৰিডৰত অবাধ অহা-যোৱা।
সময়ে সময়ে সাপে মোত সলোৱাৰ দৰে সিঁহতৰ আচৰণ সলনি হয়।পৰীক্ষাৰ শেষত ওলোৱা ফলাফলৰ লগতে বসন্তৰ বতাহ চাটিয়েও সিঁহতক আমনি কৰে।বেগত, পেন্টৰ জেপত সৰু সৰু কাগজৰ টুকুৰা। অফিচ ৰূমত গোচৰ বাঢ়ি যায়। জিৰণিৰ সময়ত বিচাৰ হয়, কেতিয়াবা দুজনৰ মাজত, কেতিয়াবা আকৌ ত্ৰিভুজৰ সদৃশ। কোনোবা সময়ত শ্ৰেণীয়ে শ্ৰেণীয়ে নৱ-নিযুক্ত শিক্ষক সকলে অভিযান চলায়।শাৰী পাতি থিয় হয় ছাত্ৰ সকল। বিশ্ৰামৰ ভঙ্গীত থিয় হোৱা ছাত্ৰসকলৰ জেপৰ পৰা উদ্ধাৰ হয় চিখৰ, গুটখা, চিগনেচাৰ, শুকান বিড়িৰ পাকেট।সৰু সৰু ছাত্ৰসকলৰ এই আচৰণত ক্ষুন্ন হয় শিক্ষক গোট। অভিভাৱকলৈ প্ৰেৰিত হয় অভিযোগ পত্ৰ। পিতৃ -মাতৃ নাইবা অভিভাৱকৰ সন্মুখতে ছাত্ৰসকলৰ শপত গ্ৰহণ। ছাত্ৰসকলে পিতৃ-মাতৃৰ ভৰি চুই প্ৰতিজ্ঞাবদ্ধ হয়। সেই সময়ৰ ওপৰেদি বছৰ বাগৰিলে প্ৰতিজ্ঞাবোৰ পাহৰণিৰ গহ্বৰত সোমাই পৰে। পুনৰ জেপত সোমাই চিখৰ, চিগনেচাৰ। নূন্যতম ভাল ছাত্ৰ-ছাত্ৰীকেইজনৰ আশাতেই শিক্ষক সকলে আগুৱাই নিয়ে নতুন পাঠ।
স্কুললৈ খুব কমকৈ অহা আৰু আহিলেও কমন ৰূমলৈ অভিযুক্ত হৈ অহা এজন ছাত্ৰক প্ৰায়েই লক্ষ্য কৰে মিচেচ বাৰুতীয়ে।সহ শিক্ষকজনৰ ডাঙৰ হুমকিত তাৰ চকুযোৰত কেইটামান নিয়ৰকণা থুপ খাইছে। এইমাত্ৰ যেন টোপাল হৈ সৰিব পকা মজিয়াখনত।লাজত ৰঙা পৰা ছাত্ৰজনৰ মুখখন শুকান ককৰ্শ।চুলিখিনিয়ে বহুদিন তেলৰ মুখ দেখা নাই।শাস্তি মুৰ পাতি লৈ সি কমন ৰূমৰপৰা ওলাই গʼল।আনে লক্ষ্য নকৰিলেও লʼৰাটোৰ চকুত জমা হোৱা নিয়ৰৰ টোপাল কেইটাই মিচেচ বাৰূতীক ঘনে ঘনে আমনি কৰিছে। নিজৰ সন্তানৰ সৈতে তাৰ পৰিবেশ মিলাই কথাবোৰ ভাবি আছে।বাৰাণ্ডাত ইফালে সিফালে কোলাহল কৰি থকা ছাত্ৰ ছাত্ৰীবোৰতকৈ তাৰ চালচলন অলপ বেলেগ।সি যেন কিবা এটা হেৰুৱাৰ বেদনাত ভিতৰি ভিতৰি অস্থিৰ হৈ আছে।তাক এদিন অকলশৰে লগ কৰিবলৈ মিচেচ বাৰূতীয়ে মনতে ঠিক কৰিলে। সেই নিদ্দিষ্ট দিনটোৰ পৰা প্ৰতিদিনে মিচেচ বাৰূতীয়ে ছাত্ৰজনৰ সন্ধানত চকু বাগৰাই, পুৱাৰ প্ৰাতঃসভাত নাইবা সি পঢ়া শ্ৰেণী কোঠাত। নাই সি স্কুল প্ৰায়েই নহা হʼল।লগৰ বন্ধু মহলত সুধিও একো উত্তৰ নাপালে। নিতৌ কাজিয়াৰ সুত্ৰপাত ঘটা বিদ্যালয়খনৰ পিতৃ মাতৃসকলৰ আওকণীয়া মনোভাৱৰ প্ৰভাৱেই বেছি। সন্তান পৰীক্ষাত নবহিলেও অভিভাৱক হিচাপে কোনো গুৰুত্ব নাই। এটা নতুন পৰিবেশ সৃষ্টি কৰিবলৈ সঘনাই শিক্ষকগোটে গুণাগঠা কৰে। দুই এদিন কাৰ্যকৰী হোৱাৰ পাছত আকৌ গতানুগতিক। কোনো নীতি শিক্ষাই ছাত্ৰ ছাত্ৰী সকলৰ মনত ন-সূৰুজৰ সপোন দেখুৱাব পৰা নাই। সপোন দেখিবলৈ বাধ্য কৰাব লাগিব সিঁহতৰ অভিভাৱকক, সিঁহতৰ পৰিবেশক, পিতৃ-মাতৃ নাইবা অঞ্চলটোৰ প্ৰতিজন নাগৰিকক।কৈ থাকিলেও ওৰ নপৰা বিদ্যালয়খনৰ সমস্যা সমূ্হৰ মাজতে মিচেচ বাৰূতীয়ে সেই বিশেষ ছাত্ৰ জনক লৈ চিন্তিত হয়।কি আছে তাৰ মনৰ ভিতৰত?কিয় সি ইমান নিৰ্দয় নিজৰ প্ৰতি।
বিদ্যালয় ছুটীৰ সময়ত মিচেচ বাৰূতীয়ে হৰ্ঠাৎ তাক দোকানৰ সমুখত ৰৈ থকা দেখিলে।অলপো পলম নকৰি তেওঁ তাৰ ওচৰত উপস্থিত হʼল। কোনো কথাৰ পাতনি নেমেলাকৈ মিচেচ বাৰূতীয়ে দোকানীজনলৈ এটা সতৰ্কবাণী আগবঢ়ালে। বিদ্যালয় চলি থকাৰ সময়ত যাতে কোনো ছাত্ৰক দোকানৰ আশে-পাশে ৰৈ থাকিবলৈ নিদিয়ে।লʼৰাটোলৈ তীক্ষ্ণ বাক্যবাণ নিক্ষেপ কৰি তাৰ দুচকুলৈ চালে।ঠিক সেইদিনা অফিচৰূমত দেখাৰ দৰে তাৰ চকুত থুপ খাইছে কেইটামান নিয়ম কণা। এইমাত্ৰ যেন টোপাল হৈ সৰিব দোকানৰ চৌহদত।বিষাদেৰে ভৰি পৰিল মিচেচ বাৰূতীৰ হৃদয়খন। খুউব মৰমেৰে তাৰ মুৰত হাত থৈ তেওঁ জানিব খুজিলে তাৰ অন্তৰত জমা হৈ থকা বেদনাসিক্ত সমস্যাবোৰৰ কথা। এটা দীঘলীয়া হুমুনিয়াহ কাঢ়ি সি মিচেচ বাৰূতীলৈ চালে। বিশ্বাসযোগ্য মানুহ হʼলেহে সি তাৰ মনৰ কথাবোৰ তেওঁক কʼব পাৰিব।সি মিচেচ বাৰূতীৰ পৰা দুদিন সময় লৈ ব্যস্ত ৰাষ্টাটোত হলং হলং কৈ খোজ পেলালে।
এসপ্তাহ পাৰ হʼল।মিচেচ বাৰূতীয়ে এই কেইদিন প্ৰাতঃ সভাৰ স্থলী, দোকানৰ বাৰাণ্ডা, সি বহা শ্ৰেণীকোঠা সকলোতে অনুসন্ধান কৰিলে।নাই, সি নাহিল।অস্থিৰ মনটো ক্ৰমশঃ শান্ত হʼব খোজোতেই মিচেচ বাৰূতীৰ বিশ্বাসক সন্মান জনাই সি তেওঁ ওচৰত ঠিয় হʼল। তাৰ দুচকুত পাহাৰসম দুখ।সি তেওঁৰ উপস্থিতিত খুলি দিব খুজিছে এক বিষাদগ্ৰস্ত অধ্যায়। ছাত্ৰজনৰ অনুৰোধত মিচেচ বাৰূতী দোকানখনৰ কাষৰ সোণাৰু জোপাৰ তলত ৰʼল। ডাঙৰ গছৰ তিনি টুকুৰামান কাঠ গছজোপাৰ তলত পৰি আছিল।বহিব পৰাকৈ সোনাৰু জোপাৰ হালধীয়া ফুলৰ থোপাবোৰত ৰʼদ পৰি জলমলাই আছে। সেইদিনাৰ পৰা চৈধ্য পোন্ধৰ বছৰৰ আগতে পৃথিৱীৰ মুখ দেখা সেই বিশেষ ছাত্ৰজনৰ মুখখন আখৈ ফুটাদি ফুটিছে। তাৰ বয়স পাঁচ বছৰমান হৈছিল চাগৈ।সি দেখা প্ৰতিদিনৰ দৃশ্যবোৰ এখন এখনকৈ তেওঁৰ সমুখত দাঙি ধৰিলে।তাৰ মাক দেউতাক দুয়োজন ইজনে সিজনৰ ওপৰত ৰজা হʼব খোজে। প্ৰতিদিনে দুৰ্বাদল কাজিয়া, সাধাৰণ কথাতে মাৰপিট, কথাৰ কটাকটি। পাঁচ বছৰীয়া ল’ৰাটোৱে নিতৌ প্ৰত্যক্ষ কৰিছিল এই পৰিস্থিতি। প্ৰতিটো নতুন দিনতেই তালৈ কঢ়িয়াই আনিছিল এখন ধূসৰ পৃথিৱী।যʼত ভালদৰে উশাহ লʼবলৈকো কষ্ট হয় তাৰ।
এদিন এই হুলস্থুলীয়া দিনবোৰ নিতাল মাৰিলে, যিদিনা তাৰ মাকে তাক দেউতাকৰ কাষত এৰি, নিজ পিতৃ গৃহলৈ একেবাৰে গুচি আহিছিল। মাতৃৰ উমাল কোলাত মূৰ গুজি শোৱা তাৰ ক্ষুদ্ৰ কলিজাটো ধৰফৰাই উঠিল।দেউতাকে সাবতি আছিল তাৰ অকণমানি দেহ।একলা দুকলাকৈ সি বাঢ়ি অহাৰ সময়তে তাৰ দেউতাকৰ সঙ্গী হৈ দ্বিতীয় এগৰাকী মহিলাই সিঁহতৰ ঘৰত প্ৰবেশ কৰিলে।এয়া তাৰ নতুন মাক। আৰম্ভ হʼল তাৰ অন্য এক যাত্ৰা। পিতৃ মাতৃ দুয়োৰে সান্নিধ্য বিহীন তাৰ অনাগত সময়।বহু বিনিদ্ৰ ৰজনী মাক দেউতাকৰ অজ্ঞাতে পাৰ হʼল তাৰ।সি খাই ভালপোৱা কোমল বইলাৰ, হোটেলৰ মিঠাই, চাইকেলৰ আগত বহি দেউতাকৰ সৈতে ফুৰা সেই সময় অতীতৰ বুকুত যাহ গৈছে। এতিয়া তাৰ ভাতৰ সৈতে মাংসৰ বাতিত আহে মঙহৰ ঠাইত হাড়ৰ টুকুৰা। চকুৰ পানী নাকৰ পানী একাকাৰ হয়। তাৰ চকুত পানী দেখি দেউতাকৰ ৰগৰ।”মাংসৰ জ্বাল বেছি হʼল ন।”
মুকলি পথাৰ, পুখুৰীৰ পাৰ, আৰ পদুলি, তাৰ পদুলি ঘুৰোতে পাৰ হয় তাৰ শৈশৱ। পিতৃ গৃহলৈ গুচি যোৱা মাকে নিজৰ জীৱন সুৰক্ষিত কৰি দ্বিতীয় বিবাহ কৰিলে।আঁতৰত থাকিলেও তাৰ মাকৰ হাতখন তাৰ মুৰৰ ওপৰত আছিল বুলি সি সাহস পাইছিল। কিন্তু মাক আনৰ হৈ যোৱাৰ দিনা, সি হৈ পৰিল একেবাৰে অকলশৰীয়া, নিঠৰুৱা। তাৰ পঢ়াৰ খৱৰ, খোৱা-বোৱাৰ হিচাপ, সি ভাল পোৱা কামৰ হিচাপ ৰাখিবলৈ নাই তাৰ কোনো আত্মীয়। বুকুত সাৱটি মৰম কৰা তাৰ পিতৃ মাতৃ দুয়োজনেই নিজৰ সংসাৰ লৈ ব্যস্ত হৈ পৰিল।কলিজাত খোদিত হোৱা শূণ্যতাৰ ঘাঁ ডোখৰ দিনে দিনে বাঢ়ি আহিল।চিখৰ,গুটকা, চিগনেচাৰ, শুকান বিড়িবোৰ তাৰ আপোন হৈ পৰে। বছৰ বাগৰাৰ সময়তে দেউতাকৰ কোলা শুৱনি কৰে নতুন মাকৰ প্ৰথম সন্তানে। তাৰ উপস্থিতিত বিৰক্ত হয় তাৰ দেউতাক। অসন্তুষ্টি প্ৰস্ফুটিত দেউতাকৰ মুখখন দেখিলে তাৰ মনটো অস্থিৰ হৈ পৰে। প্ৰচণ্ড খঙ উঠে তাৰ মাকজনীলৈ।কি অধিকাৰত তাক এই পৃথিৱীলৈ কঢ়িয়াই আনিছিল।
অশান্ত হৃদয়খন শাঁত পেলাবলৈ সি ট্ৰেইনৰ চিৰিত বহি ৰয় বহু সময়। ট্ৰেইনখন আহক, তাৰ গাৰ ওপৰেদি চলি যাওঁক। কিন্তু সি নিজক শেষ কৰিব পৰাকৈ সাহসী নহয়।এক অজান আশংকাত তাৰ অন্তৰাত্মা কঁপি উঠে। তেনে সময়তে সি দেখা পায় অন্য এখন ৰঙীন জগত। সন্ধ্যা পৰত ৰেল লাইনৰ কাষৰ জুপুৰিত কিছু লোকৰ সমাগম হয়। এই সমাগমত সিওঁ চামিল হয়। ভাল লাগে তাৰ। মনটো পাতল পাতল লাগে।কপাঁহ যেন হৈ পৰে তাৰ গধুৰ মনটো। কোনোবা দিনা তাৰ মুখত গীতৰ কলি। এনেদৰে তাৰ বয়স বাঢ়ি তেৰ, চৈধ্য হয়। স্কুল যাবলৈ মন নাযায়।গʼলেও সি সদায় অভিযুক্ত হয়। মাক-দেউতাকৰ কথা কৈ তাক ইতিকিং কৰিলে সি সহিব নোৱাৰে।বহু সংঘাটে ভৰপূৰ তাৰ জীৱন।সমনীয়াৰ তাচ্ছিল্যসূচক মন্তব্যত সি পুনৰ আহত হয়। উভতি যুঁজে সি।ফলত সৃষ্টি হয় কন্দল। দুই একৰ মুখত পৰে তাৰ নিশকতীয়া ঘোচা। মুখেৰে ওলায় অশ্লীল কথন। অৱশেষত সিয়েই দোষী সাব্যস্ত হয়। শাৰীৰিক মানসিক বহু শাস্তি তাৰ দেহ মনেৰে সৰকি যায়।মিচেচ বাৰূতীক কথাবোৰ কৈ কৈ লʼৰাটো ভাগৰি পৰিল। সোণাৰু জোপাৰ তলৰ কাঠৰ টুকুৰাটোতে আলমোকোটা খাই সি বহি পৰে।বাটৰুৱাই দেখিছে যদিও তাৰ সেইবোৰলৈ ভ্ৰুক্ষেপ নাই। দুহাতেৰে তাৰ মুখখন ঢাকি সি উচুপিছে। উচুপনিবোৰ কান্দোন হৈ ওলাইছে। প্ৰতিজন মানুহৰ গৰিহণাৰ পাত্ৰ এই লʼৰাজনৰ বুকুত ইমান যন্ত্ৰণা, ইমান ক্ষোভ। কেইবছৰমান আগতে অন্য এজন ছাত্ৰক ধমক দি মিছেছ বাৰূতী অনুশোচনাত দগ্ধ হৈছিল। কাৰণ এই ছাত্ৰ জনৰ সন্মুখতে তাৰ দেউতাকক কোনোবাই মৰিয়াই মৰিয়াই হত্যা কৰিছিল। তাৰ মাকৰ মুখেৰে শুনা কথাষাৰে মিচেচ বাৰূতীক লʼৰাটোৰ দুখৰ সমভাগী হʼবলৈ বাধ্য কৰিছিল। এই কণ কণ ছাত্ৰ-ছাত্ৰীৰ জীৱন বোৰতো ইমান সংঘাত থাকিব পাৰে, বাহ্যিক দৃষ্টিত সহজে ধৰা নপৰে। এই সমস্যা, সংঘাতবোৰ তেতিয়াহে দূৰ হʼব, যেতিয়া সেই সমাজ খন সমগ্ৰ শিক্ষাৰে শিক্ষিত হ’ব।লʼৰা ছোৱালীবোৰে উপযুক্ত বয়সত বিয়া কৰাব।হুক হুককৈ কান্দি থকা লʼৰাটোৰ মুৰত মিচেচ বাৰূতীয়ে হাতখন বুলাই দিলে।মুহূত্বৰ বাবে তাৰ মুখখন খুউব কৰুণ হৈ পৰিল। তাৰ এই ছবিখনে বাৰূতীৰ হৃদয়খন আকৌ এবাৰ চুই গʼল। মিচেচ বাৰূতীয়ে ভাবিলে বিদ্যালয়ৰ খেলপথাৰত এখন সজাগতা সভা অনুষ্ঠিত কৰিব। এই সভালৈ আমন্ত্ৰিত হʼব বিদ্যালয়ত পঢ়ি থকা প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক, প্ৰাক্তন শিক্ষিত ছাত্ৰ আৰু অঞ্চলটোৰ একাংশ শিক্ষিত জনতা।সভাত গৃহীত কৰা হʼব এখন সংবিধান।যʼত স্বাক্ষৰিত হʼব নীতিশিক্ষাৰ এখন চুক্তিপত্ৰ আৰু প্ৰতিজন শুভাকাংক্ষীৰ দ্বাৰাই পৰিচালিত হʼব বিদ্যালয়ত পঢ়ি থকা অঞ্চলটোৰ ছাত্ৰ সমাজ।
ক্ৰমান্বয়ে ৰʼদৰ জিলিঙনিয়ে সোনাৰু ফুলবোৰ এৰি গুচি গৈছে। বিদ্যালয়ৰ সমূহ পৰিয়াল ঘৰাঘৰি গʼল। মিচেচ বাৰূতীয়ে তালৈ আগবঢ়ায় দিলে এখন প্ৰতিশ্ৰুতিৰ হাত। সেইখন হাতৰ ওপৰত তাৰ হাত থৈ সি বহাৰ পৰা উঠি আহিল। বিদ্যালয়লৈ প্ৰতিদিনে অহাৰ কথা দি সি দীঘল বাটটোত হলং হলং কৈ খোজ পেলালে। ইমান সময়ে লʼৰাজনৰ জীৱন কাহিনী শুনি মিচেচ বাৰূতী এটা সিদ্ধান্তত উপনীত হʼল। ক্ষন্তেক পাছতেই তেওঁ এখন উপন্যাস আৰম্ভ কৰিব, নাম ৰাখিব “অবিৰত”।
Comments are closed, but trackbacks and pingbacks are open.