মৌচুমী শৰ্মা বৰকাকতী
“মেঘবৰ্ণ, মেঘবৰ্ণ চোৱাহিচোন এবাৰ ইমান ধুনীয়া কৰিছে আকাশখন। “
আহিন মাহৰ জোনাক নিশা আকাশ চোৱাৰ এক মাদকতা আছে। সলনি হৈছে বতৰটো অলপ অলপকৈ কুৱঁলি পৰিবলৈ আৰম্ভ কৰিছে।পদুলিৰ মুৰৰ শেৱালি আৰু ৰজনীগন্ধাৰ সুবাস আহি তাইৰ নাকত লাগিলহি ।উশাহটো যিমান পাৰি সিমান দীঘলকৈ ল’বলৈ চেষ্টা কৰে তাই।সুকোমল গোন্ধটো তাই যেন নিজৰ শৰীৰৰ প্রতিডাল শিৰে শিৰে প্রৱাহিত কৰি দিব। নিজৰ বাৰাণ্ডাৰ আৰামী চকীখনতে বহি নিমিশাই সিটো ৰুমত নিজৰ লেপটপটো লৈ একান্তমনে কাম কৰি থকা মেঘবৰ্ণক বাহিৰলৈ মাতে।
দুবাৰ মাত দিয়াৰ পাছতো তাই মেঘবৰ্ণৰ পৰা কোনো সহাঁৰি নাপাই নিমিশাই নিজৰ চকুকেইটা মুদি সময়খিনি অকলেই উপভোগ কৰিব বিচাৰিলে। নিমিশাৰ বাবে মেঘবৰ্ণৰ এই উদাসীনতা কোনো নতুন কথা নহয়। বিয়া হোৱা দিন ধৰি মেঘবৰ্ণৰ এই স্বভাৱৰ লগত পৰিচয় তাইৰ। সম্পূর্ণ বিপৰীত মেঘবৰ্ণ তাইৰ পৰা। তাইৰ সপোনৰ পৃথিবীৰ পৰা সম্পূর্ণ বিপৰীতে মেঘবৰ্ণৰ আছে এখন বাস্তব পৃথিবী। যিখনৰ পৃথিবীৰ সপোন মেঘবৰ্ণই দেখে। সেই সপোনৰ পম খেদিয়েই মেঘবৰ্ণই ৰাতিক দিন কৰি কষ্ট কৰে। আচৰিত হৈ পৰে নিমিশা মেঘবৰ্ণ সচাঁকৈ তেজ মঙহৰ সমষ্টি নে?? নে কিবা এক নিজীৰ্ব প্রাণী। ৰাতিপুৱা চকু মেলাৰ পৰা কেৱল কাম আৰু কাম।
অশান্তি পাইছিল প্রথম অৱস্থাত মেঘবৰ্ণৰ স্বভাৱ দেখি। ভাৱি পোৱা নাছিল মেঘবৰ্ণৰ হৃদয়খন প্রকৃততে কেনেকুৱা ?? সমগ্র সমাজখনৰ বিৰোধিতা কৰিব পৰাকৈ সাহসী মানুহটোলৈ তাই বিয়া হৈছিল। কিন্তু বিয়া হোৱা দিন ধৰি তাই মেঘবৰ্ণৰ বেলেগ এটা ৰূপহে দেখা পাইছিল।
নিজৰ ভাবসাগৰৰ পৰা ওলাই নিমিশাই নিজৰ চকুদুটা মেলি ভিতৰৰ পৰা কিবা শব্দ আহিছে নি শুনিবলৈ কাণখন থিয় কৰি ৰয়। মেঘবৰ্ণৰ কম্পিউটাৰৰ পৰা অহা টক, টক শব্দৰ বাদে আন একো শব্দ নুশুনি পুনৰ নিশ্চিন্ত হৈ নিমিশাই নিজৰ চকু দুটা মুদি ভাললগা সময়খিনি উপভোগ কৰিবলৈ লয়।
এনেকুৱাই শৰৎ কালৰ এটা ৰাতি আছিল তাই আৰু অৰ্ণিবাণৰ সাত বছৰৰ প্রেমৰ পাছত সকলো বাধা আঁতৰাই নিয়ৰৰ দলিচা গছকি সম্পূর্ণ নীতি নিয়মেৰে অৰ্ণিবাণ শৰ্মাৰ ঘৰত প্রবেশ কৰিছিল। পূৰ্ণতা লাভ কৰিছিল সিহঁতৰ প্রেমে। সুখী হৈ পৰিছিল দুয়ো। লগতে পৰিয়ালৰ লোকসকলো। ব্রাহ্মণ সম্প্রদায়ৰ লোকসকলৰ মাজত বিবাহৰ ক্ষেত্রত বহুত নীতি নিয়ম মানি চলা হয়। বিষেশকৈ দৰা আৰু কইনাৰ ৰাহি যোৰা, গণ, গোএ আদিৰ মিলোৱা হয়। দৰা আৰু কইনাৰ ৰাহি যোৰাৰ মিল থকাটো অতিকৈ আৱশ্যক। কিন্তু প্রেম কৰাৰ সময়ত এই সকলোবোৰ মিলাই প্রেম কৰিবটো নোৱাৰি। অৰ্ণিবাণ আৰু নিমিশাৰো সেইটোৱেই হ’ল। একে জাতিৰ হোৱাৰ পাছতো সিহঁতৰ ৰাহি যোৰা একেবাৰে নহাত পৰিয়ালৰ বিশেষকৈ অৰ্ণিবাণ মাকৰ বিয়াখনক লৈ বহুত আপত্তি আছিল। শেষত সকলোৰে বুজনি আৰু বহুত দান দক্ষিণাৰ অন্তত সিহঁতৰ বিয়াখনত সন্মতি প্রদান কৰে। আহিনৰ মাজভাগতে নিমিশাই অৰ্ণিবাণৰ পত্নী ৰূপে ঘৰখনত প্রবেশ কৰে। ঘৰ প্রবেশৰ পাছত নতুন কইনা হিচাপে ইঘৰ সিঘৰ ফুৰা,পৰিয়ালৰ নতুন সদস্যসকলৰ লগত মিলামিচা, নতুন ঘৰত নিজৰ হাতৰ পৰশ পেলোৱা আদিত এটা বছৰ কেনেকৈনো চকুৰ পচাৰতে বাগৰি গ’ল নিমিশাই আৰু অৰ্ণিবাণে তলকিবই নোৱাৰিলে। তাৰোপৰি অৰ্ণিবাণৰ মৰমত নিমিশাই সময়বোৰ কিদৰে পাৰ হৈ যায় বুজিবই নোৱাৰে। তেনে সময়তে নতুন সদস্যৰ আগমনৰ খবৰে ঘৰখন উৎসৱমুখৰ হৈ পৰে। সুখী হয় সিহঁতে। তিনিমাহত সোমাইছিল নিমিশা। অৰ্ণিবাণৰ যত্ন, মৰম, সৰু সৰু সহায়বোৰে জীপাল কৰি তুলিছিল তাইক। কিন্তু” বিধিৰ বিধান কোনে খণ্ডাব”। অফিচলৈ বুলি হাঁহি মুখে ওলাই যোৱা অৰ্ণিবাণ এটা সপ্তাহে মেডিকেলৰ আই. চি. ইউত জীৱন মৰণেৰে যুঁজ দি বগা কাপোৰেৰে ঢাক খাই ঘৰখনত প্রবেশ কৰে । বিয়পি পৰে খবৰটো দ্রুতবেগী ট্রাকৰ খুন্দাত বাইক আৰোহী অৰ্ণিবাণ শৰ্মাৰ মৃত্যুৰ খবৰ।
মুৰৰ ওপৰৰ আকাশখন নাইকিয়া হৈ পৰে নিমিশাৰ। বোবা হৈ পৰে তাই। তিনিমাহৰ গৰ্ভৰ শিশুটো লৈ তাই যেন মন খুলি কান্দিবও নোৱাৰে। শেষ চিন সিহঁতৰ প্রেমৰ। কোনো প্রকাৰে হেৰুৱাব নিবিচাৰে তাই।
পুনৰবাৰ দূৰৈৰ পৰা ওফৰি আহে কথাবোৰ ৰাহি যোৰা নহাকৈ বিয়া কৰাইছিল নহয় সেইবাবে এনেকুৱা হ’ল।
ইচ , ইচ, গজগজকৈ ডেকা মানুহটো কেনেকৈ নাইকিয়া হৈ গ’ল দেখিলানে???
তাইৰ কাণত পৰে কথাবোৰ চিঞৰি চিঞৰি কান্দিবলৈ মন যায় তাইৰ কিন্তু নোৱাৰে। চেপি ৰাখে কান্দোনটো তাই। নিজৰ পেটটো চুই চাই তাই। মাকৰ হাতৰ পৰশত সহাঁৰি দিব পৰাকৈ সময় হোৱা নাই আগন্তুকৰ কিন্তু নিমিশাই এটা সাৰথি পায়। নিমিশাৰ একমাত্র আশা ভৰশাৰ থল।
আজৰি হয় তাই সেইদৰেই অৰ্ণিবাণৰ নিয়মৰ কামবোৰৰ পৰা। কিন্তু তাইক আচৰিত কৰি ইমান দিনে মৰমেৰে আৱৰি ৰখা ঘৰখনৰ মানুহবোৰৰ তাইক লৈ ব্যবহাৰ অলপ অলপকৈ পৰিবৰ্তন হবলৈ আৰম্ভ কৰে। সকলোৱে পাকে প্রকাৰে অৰ্ণিবাণৰ আকস্মিক মৃত্যুৰ বাবে তাইকেই দোষী বুলি যেন মানি লয়। ঘৰখনৰ মানুহবোৰৰ ব্যবহাৰত ভাগি পৰে তাই।
ডক্টৰে বাৰে বাৰে তাইক নিজৰ সন্তানৰ কথা চিন্তা কৰিবলৈ পৰামৰ্শ দিয়ে। প্রয়োজনকৈ কম হৈছিল বেবীটোৰ ওজন। কিন্তু নিমিশাৰ যেন সকলো কথা ভৱাৰ শক্তি নাইকিয়া হৈ পৰিল। তাইৰ অৱস্থা দেখি নিমিশাৰ মাক দেউতাকে তাইক ঘৰলৈ লৈ যাব বিচাৰে। অৰ্ণিবাণৰ ঘৰৰ মানুহবোৰ যেন এই সময়লৈকে ৰৈ আছিল তাইৰ এনে লাগিল। অৰ্ণিবাণৰ সামগ্রী কেইটামান লৈ তাই সেই ঘৰখন এৰি যি আহিল পুনৰ ওভটি যোৱাৰ বাটটো তেওঁলোকে নিজেই বন্ধ কৰি দিলে।
আহিছিল অৰ্ণিবাণৰ ঘৰৰ মানুহ অকণমানি ছোৱালীজনীৰ জন্মৰ দুমাহৰ পাছত । কিন্তু নাতিনীক চাবলৈ নহয়। নিমিশা আৰু মেঘবৰ্ণৰ মাজৰ সম্পৰ্কৰ বিষয়ে জানিবলৈ। তেওঁলোকে নিজৰ ঘৰৰ বোৱাৰীক ঘৰৰ মান সন্মানৰ লগত খেলিবলৈ নিদিয়ে সেইটো জনাবলৈ। লগতে নতুনকৈ বিয়া হোৱাৰ কথা ভাৱিলে যে অৰ্ণিবাণৰ সকলো সা সম্পত্তিৰ ওপৰত থকা অধিকাৰ যে হেৰুৱাব সেইটো জনাবলৈ নাপাহৰিলে।
নিমিশাই কিবা কোৱাৰ আগতেই মেঘবৰ্ণই তেওঁলোকৰ সকলো কথা মানি লয়। আচৰিত হৈ পৰে তাই সেই সময়ত। কি কয় মেঘবৰ্ণই তাইতো কথাবোৰ তেনেদৰে ভৱা নাছিল কেতিয়াও।
মেঘবৰ্ণ ,মাক দেউতাকে তাইক ঘৰলৈ লৈ অনা ভগ্ন শৰীৰ আৰু মনৰ মানুহগৰাকীক সুখী কৰিবলৈ যিমান পাৰে সিমান চেষ্টা কৰা মানুহজন।নতুনকৈ আহিছিল সি ঠাইখনলৈ। নিমিশাৰ দেউতাকৰ লগত কম সময়তে আপোন হৈ পৰে। সেই সুত্রেই সি নিমিশাৰো ওচৰ চাপি আহে। সৰুতেই মাক দেউতাকক হেৰুৱা ল’ৰা সি। জীৱনটো কেৱল জীয়াই থাকিবলৈ যুঁজ কৰিছে। যুঁজত জয়ী হৈ নিজক প্রতিষ্ঠাও কৰিছে। কিন্তু কম বয়সতে জীয়াই থকাৰ যুঁজত নমা মেঘবৰ্ণই হেৰুৱাই পেলাইছে হৃদয়ৰ কোমলতাবোৰ। বৰষুণ, কুৱলী , শৰৎ এইবোৰৰ প্রতিও কোনো কোমলতা নাই। আছে মাত্র স্মৃতি দুখ, কষ্টৰ । নৈৰ পাৰৰ মামাকৰ ঘৰখন অলপ বৰষুণতে পানীয়বুৰাই পেলায়। এসাজ খাই আনসাজৰ বাবে চিন্তা কৰা ঘৰখনত মেঘবৰ্ণৰ কিতাপবোৰ দেখিলে মামীয়েকৰ খংটো দুগুণে চৰে । ঠান্ডাৰ দিনত গৰম কাপোৰ এখনৰ অভাৱ কি বস্তু কেৱল সি উপলব্ধি কৰিব পাৰে। সেইবাবে বুজা হোৱাৰে পৰা কেৱল পঢ়া শুনা কৰা আৰু চাকৰিটো পোৱাৰ দিন ধৰি নিজৰ অভাৱ বোৰ পূৰণৰ বাবে কেৱল কাম।
সেই গোমোঠা যেন মানুহজনেই অৰ্ণিবাণৰ অনুপস্থিতিত তাইৰ সাহস হৈছিল। ওজন কম থকা সময়তকৈ আগতে পৃথিৱীলৈ অহা তাইৰ আৰু অৰ্ণিবাণৰ সন্তানৰ জীৱনৰ বাবে যিমান পাৰে সিমান যুঁজ দিছিল মেডিকেলৰ বাহিৰত । কেৱল সেই মানুহজনৰ সহায়ৰ বাবেই বৰ্তমান সময়ত সিহঁতৰ ভালপোৱাৰ চিন “আশা ” সম্পূর্ণৰূপে সুস্থ। হাঁহিব পৰা হৈছে লাহে লাহে তাই। মেঘবৰ্ণৰ লগত থকা সময়খিনি তাই আনকি নিমিশাৰ ওচৰলৈও আহিব নিবিচাৰে।
আৰু মেঘবৰ্ণ ,আশা অহাৰ দিন ধৰি যেন কোমল হৈ আহিছে তাৰো বুকুখন। আশাৰ লগতে যেন সিওঁ ক্রমান্বয়ে নতুনকৈ হাঁহিবলৈ শিকিছে।
চেচাঁ বতাহজাকে কোবাই যায় নিমিশাক। হয়তো পাছ ৰাতিলৈকে বৰষুণ দিব পাৰে। আকাশ খনলৈ চাই ভাৱে। ঘুৰি আহে নিমিশা নিজৰ স্মৃতিৰ পৰা।
ভিতৰৰ পৰা আহি থকা কমপিউটাৰৰ টক, টক শব্দবোৰ শুনিবলৈ নাপাই তাই ভিতৰলৈ সোমাই আহে। মেঘবৰ্ণ নিজৰ বহা ঠাইত নাই। তাই ঘড়ীটোলৈ চালে ১১টা বাজি ৩০ মিনিট গ’ল। ইমান সময় হৈ গ’ল বুলি তাই ভৱাই নাছিল। শুবলৈ গ’ল মেঘবৰ্ণ।
দুৱাৰখন বন্ধ কৰি তাইও নিজৰ ৰুমলৈ বুলি খোজ লয়। তাই আৰু মেঘবৰ্ণৰ বিয়া হৈ গ’ল যদিও বৰ্তমান সময়লৈকে সিহঁতৰ মাজত পতি পত্নীৰ দৰে এটা সম্পৰ্কৰ গঢ় লৈ উঠা নাই। সিহঁতৰ সম্পৰ্কটো কেৱল আশাক লৈয়ে গতি কৰি আছে। বুজি পায় মেঘবৰ্ণই নিমিশাৰ বাবে যে অৰ্ণিবাণক পাহৰি যোৱাটো সম্ভৱ নহয়। সি মাএ নিমিশাৰ হৃদয়ত নিজৰ বাবে অকণমান স্থানৰ বাবে অপেক্ষা কৰিব। তাই বুজি পায় মেঘবৰ্ণৰ মনৰ কথাবোৰ। লাহে লাহে তাইৰো মেঘবৰ্ণৰ প্রতি কিবা টান এটা অনুভৱ কৰিবলৈ লৈছে।
আচৰিত হৈ পৰে নিমিশা মেঘবৰ্ণই সৰু সৰুকৈ গাই থকা নিচুকনি গীত শুনি। আশা হয়তো মাজতে উঠিছিল কিন্তু তাই গম নাপালে। মেঘবৰ্ণৰ বুকুৰ মাজত সোমাই নিচিন্ত মনে শুই থকা আশাক দেখি বুকু ভৰি পৰে তাইৰ।
নিজৰ মনতে অৰ্ণিবাণক উদ্দেশ্য কৰি কয় তাই “অৰ্ণিবাণ চোৱা আমাৰ আশা কিমান সুখী তোমাৰ বুকুত শুবলৈ নাপালেও তোমাৰ দৰেই বহল বুকুৰ মানুহ এজনক দেউতা হিচাপে পাইছে।”
নিমিশা কাষ চাপি যায়। নিমিশাক অহা দেখি মেঘবৰ্ণ বিচনাৰ পৰা উঠিবলৈ চেষ্টা কৰে। মেঘবৰ্ণ একো নহয় তুমি আজি আশাৰ লগতে শুৱা । মই বিচনাৰ এইটো কাষত শুম । আশাক মাজত লৈ টোপনি যাবলৈ চেষ্টা কৰে মেঘবৰ্ণ আৰু নিমিশাই।
আহিম আহিমকৈ গুজৰি গুমৰি থকা বৰষুণ জাকৰ শব্দ বিচনাৰ পৰাই শুনিবলৈ পায় নিমিশাই। বহুত দিনৰ পাছত নিমিশাৰ বুকুখন প্রশান্তিৰে ভৰি পৰে।
টোপনিত সপোন দেখে তাই আশাই দেউতা দেউতা বুলি মেঘবৰ্ণৰ ওচৰলৈ দৌৰি গৈছে অৰ্ণিবাণে দুৰৈৰ পৰা সেই দৃশ্য চাই কেৱল হাঁহি আছে। আশা অৰ্ণিবাণৰ সপোনৰ নাম, কল্পনাৰ এক ছবি। সেই ছবিত ৰং সানিছে মেঘবৰ্ণই। তাই আৰু অৰ্ণিবাণৰ সপোনক বাস্তব কৰিবলৈ চেষ্টা কৰিছে প্রতি পল। সুখী হৈ পৰিছে সিহঁত সেইদৰেই।
ফোন ৮৬৩৮৬০১৪২৪
Comments are closed, but trackbacks and pingbacks are open.