গল্পঃ নিয়ম ভঙাৰ সপোন

66

মণি গোস্বামী

-” হেৰৌ, এই ভৰ দুপৰীয়াখন পুখুৰীৰ পাৰত জুপুকা মাৰি কি কৰি আছ?” মাধবীলতাই ফুটচাই সনা হাতদুখনৰে মুখৰ ওপৰত পৰি থকা চুলিকেইডাল আঁতৰাই খুড়ীশাহুৱেকৰ ফালে চাই  পুনৰ কাঁহৰ কাঁহীখন গাৰ সমস্তযোৰে মাজিব লাগিল।খুড়ীশাহু  নিৰ্মালিৰ এনে লাগিল কাঁহীখনৰ মাজডোখৰতে ফুটচাই আৰু জাবৰ টুকুৰাৰ ঘহনিত প্ৰকাণ্ড গাত এটাৰহে সৃষ্টি হব।

-“তইনো আজি ইমানকৈ কাঁহীখনৰ ওপৰত কিয় অত্যাচাৰ আৰম্ভ কৰিছ”! কাহৰ কাহীখনে কিনো জগৰ লগালে?”

এইবাৰ মাধৱীলতাই মাত লগালে –

–“পুটুকণে খোৱা মাছৰকাঁহীখনৰ অকটা অকটা গোন্ধটোত মোৰ ওকালি আহিব খোজে।মানুহজন সিফলীয়া হোৱাৰে পৰা মাছ মাংসৰ গোন্ধটো দেখোন  সহ্য কৰিব নোৱাৰা হ’লোঁ।”

নিৰ্মালিৰ বুকুৱেদি এটি তপত হুমুনিয়াহ ওলাই আহিল!ডগ্‌ ডগীয়া ব্ৰাহ্মণৰ বিধৱা বোৱাৰী!চাটকৈ মনত পৰি গ’ল

ন-কইনাতে ভাত সাঁজ বাঢ়ি দিওতে মাধৱীলতাই কৈছিল -“ভঁজামাছৰ ফুৰ্‌ ফুৰীয়া গোন্ধটো মোৰ বৰ ভাল লাগে খুড়ীমা”। আপোনাৰ হাতৰ শেৱালি ফুলেৰে ৰন্ধা পোনামাছৰ খাৰখনৰ জুটি চাগে কেতিয়াও পাহৰিব নোৱাৰিম।

নিৰ্মালিৰ মনটো বৰ গধুৰ হৈ আহিল।সমাজৰ কঠোৰ নিয়মবোৰ বাৰু কোনে  বান্ধিলে।কেতিয়াবা মনটো বিদ্ৰোহী উঠে।কিন্তু মনৰ ক্ষোভ মনতে বুজনি দিশাম কাটিব লগীয়া হয়।

মাধৱীলতাই ষোল্ল বছৰ বয়সতে জগলীয়াৰ পাৰৰ আমৰংগা গাঁৱৰ  জগত মৌজাদাৰৰ পৰিয়ালৰ নুমলীয়া পো অচ্যুতানন্দলৈ বিয়া হৈ আহিছিল।

বছৰটো নুঘুৰোঁতেই তাই অচ্যুতানন্দৰ সন্তানৰ মাতৃত্বৰ সোৱাদ লৈছিল। ঘৰখনত আনন্দমুখৰ পৰিবেশ ।শাহুৱেকে মৰমতে মাধৱীলতাৰ ল’ৰা সন্তানটিৰ নাম ৰাখিলে “পুটুকণ”।

লাহে লাহে পুটুকণ আঠু জুৰিব পৰা হ’ল।এদিন থিয় দঙা দিলে,ঠুনক ঠানাককৈ মাতো ফুটিল।কিন্তু নিয়তিৰ চাগে এইকণ সুখ সহ্য নহ’ল। অচুত্যানন্দ  সামান্য অসুখতে ঢুকাই থাকিল। তেতিয়া পুটুকণৰ বয়স মাত্ৰ দুবছৰ।মাধৱীলতাৰ মুৰত সৰগ ভাঙি পৰিল।

ব্ৰাক্ষণ বিধৱা নাৰী এগৰাকীৰ  তেতিয়াৰ দিনত সমাজৰ কঠোৰ নিয়ম নীতিৰে  জীৱনটো আগুৱাই নিবলৈ কিমানযে দূৰ্বিসহ হৈ পৰে তাক জানো কোনোবাই উপলব্ধি কৰিব পাৰিব! খুড়ীশাহুৱেকৰ মনলৈ বহু কথাই অগা দেৱা কৰিবলৈ ধৰিলে।তেওঁ মাধলীলতাক নিজ সন্তানৰ দৰে  চাইছিল ।  লাহে লাহে পৰিয়ালৰ জনসংখ্যা কমি আহিল। শাহুৱেকো এদিন সিফলীয়া হ’ল।

মাধৱীলতাই গাঁৱৰ বিয়া সবাহবোৰত প্ৰায়ে নোযোৱাকৈ থাকে ।কেতিয়াবা আকৌ এৰাব নোৱাৰা আত্মীয় সম্বধবোৰৰ দুই একৰ ঘৰলৈ গ’লেও পাকঘৰৰ এচুটকত অকলশৰীয়াকৈ  বহি খোৱা মুঠি কোনোমতে পেটত সুমুৱাই ঘৰলৈ খৰধৰকৈ উভতি আহে।

 খুড়ীশাহুৱেকে মাধৱীলতাৰ ক্ষেত্ৰত  আনে নেদেখাকৈ নিয়মবোৰ কিছু শিঠিল কৰি দিলে।সময় দণ্ডবোৰ এনেদৰে আগবাঢ়ি গৈ থাকিল।

এইকেইদিন জগত মৌজাদাৰৰ পদূলি উদুলি- মূদুলি।নিৰ্মালি খুড়ীৰ বৰ জীয়ৰীৰ আকাশীতৰাৰ  বিয়া। বিয়ালৈ মাত্ৰ কেইদিনমানহে বাকী।অঙহী  বঙহীৰে ঘৰখন ভৰি পৰিল।

মাধৱীলতাৰ মনত বৰ  উৎসাহ।  নহ’বনো কিয় একমাত্ৰ ভতিজীৰজনীৰ  বিয়া ।কিন্তু বিয়াৰ পৰম্পৰাবোৰত তাই এখনি নিষিদ্ধ নদী। এমাহ আগৰপৰা বিয়াৰ সান্দহ খুণ্ডা আখৈ ভজা ,আদি পৰ্ববোৰ আৰম্ভ হৈ গ’ল। তাই আলেঙে আলেঙে  সকলো চাই থাকিল।

আজি মাধৱীলতাৰ মৰমৰ ভতিজীজনীৰ  জোৰণ। ঘৰখনৰ প্ৰতিগৰাকীৰ গাত ত’ত নাইকীয়া।ইতিমধ্যে জোৰণ আহি পালেহি। খুড়ীশাহুৱেকে একপ্ৰকাৰ তাইক  টানি নিয়াদি নি ৰভাতলী পোৱালেহি। কিয় জানো চিনাকী অনেকৰ চাৱনিবোৰে মাধৱীলতাৰ  বুকুত খুণ্ডিয়ালে। দিনটো কেনেকৈ পাৰ হ’ল গমেই নাপালে ।

অৱশেষত বহু আকাংক্ষিত আকাশীতৰাৰ বিয়াৰ দিনটো আহি পালে। মাধৱীলতাক খুড়ীশাহুৱেকে কাণে কাণে ৰঙীন কাপোৰ এসাজ পিন্ধিবলৈ দিহা দিলে।চুবৰীয়া,সম্বন্ধীয়া সকলোৰে ৰভাতলি ভৰি পৰিল।

ৰাতিপুৱাৰে পৰা বিয়াঘৰত গাঁৱৰ  তিৰোতাজাকে জাউৰীয়ে জাউৰীয়ে বিয়া নাম গাইছে। সময়ৰ দণ্ডবোৰ পল পলকৈ আগবাঢ়ি গৈ আছে। মাধৱীলতাৰ বুকুৰ ধিপ্‌ ধিপনিটো যেন বাঢ়ি গৈছে।

ৰান্ধনীশালৰ  পৰা  মাছ ,মাংসৰ ব্যঞ্জনৰ  গোন্ধটো  আহি মাধৱীলতাৰ নাকত লাগিল।  কিয় জানো আজি দেখোন তাইৰ ভোকটো উজাই আহিল!

চেহ! মহাপাপে  চুব তাইক।

আজিকালি তাইৰ দেখোন নিষিদ্ধ বস্তুবিলাকৰ প্ৰতিহে  হুটাহটো বেছি হৈছে। ইতিমধ্যে  বিয়াঘৰত পানীতোলাৰ সময় হ’ল। সকলোৱে বিয়াগীত জুৰি ওচৰৰে নদীৰ ঘাটলৈ পানী তুলিবলৈ গ’ল।  খুড়ীশাহুৱেকৰ জোৰত এইবাৰো তাই পানীতোলালৈ যাবলৈ সাজু হ’ল। চোতালৰ পৰা কলহটো তুলি ল’বলৈ হাউলিবলৈ  ধৰোতেই   তুমি নালাগে কলহ ল’বলৈ  বুলি  দূৰ সম্পৰ্কীয় জেঠাশাহুৱেকজনীয়ে চিঞৰি উঠিল ।মাধৱীলতাই  কলহটো তাতে এৰি কিছুসময়ৰ বাবে নিজৰ কোঠালৈ আহিল।বিচনাখনত গাটো পেলাদি  হুকহুকাই কান্দি  কান্দি মনটো শাঁত পেলালে।তাইৰ দেখোন উৎসাহ ,উদ্দীপনা   নিমিষতে সকলো নাইকীয়া হ’ল ।খুড়ীশাহুৱেক  নিৰ্মলাই হাজাৰ ব্যস্ততাৰ মাজতো আলেঙে আলেঙে মাধৱীলতাক লক্ষ্য কৰি আছিল।। তেওঁ এপাকত আহি  তাইক  শান্তনা বাণী শুনালে, কিবা খালেনে শুধিলে। লাহে লাহে বিয়াঘৰ নিজম পৰিল পুৱতি নিশা আকাশীতৰাই এবুকু নতুনত্বৰ আশাৰে শহুৰৰ ঘৰলৈ মেলানি মাগিলে।

এদিন দুদিনকৈ আলহী অতিথিবোৰ ঘৰা ঘৰি গ’লগৈ।

মাধৱলতাৰ টোপনি অহা নাছিল  চাওঁতে চাওঁতে পুটুকণ আঠ  বছৰীয়া হ’ল।।আজিকালি তাইৰ এৰি  অহা দিনবোৰলৈ বৰকৈয়ে মনত পৰে।হঠাৎ কাৰোবাৰ খোজৰ শব্দত দুৱাৰৰ ফালে চকু গল!কাণি মুনি পোহৰত খুড়ীশাহুৱেকে খুপি খুপি  হাতত বাতি এটা লৈ তাইৰ ওচৰ পালেহি।” মাধৱীলতাই বিচনাৰ পৰা খপ জপকৈ নামি খুড়ীয়েকৰ ওচৰ চাপতে বাতিটোৰ পৰা ফুৰফুৰীয়া গোন্ধটো নাকত লাগিল ।মাধৱীলতা চক  খাই উঠি থৰ্‌থৰ কৈ কঁপিবলৈ  ধৰিলে।।

‘একো নহয় খাই ল’।ইফালে সিফালে চাই খুড়ীয়েকে তাই ক’লে।

মাধৱীলতাৰ অন্তৰখনে হাহাকাৰ কৰি উঠিল।খুড়ীয়েকক সাবটি  ধৰি দুগালেদি দুধাৰি অশ্ৰু বৈ গ’ল।খুড়ীয়েকে তাইক বুজনি দিলে।তেওঁ সন্তৰ্পনে দুৱাৰখন জপাই তাৰ পৰা আঁতৰ হ’ল।

নিৰ্মলাখুড়ীৰ  ঘৰৰ আঁতৰত থকা একমাত্ৰ পুত্ৰ অলকেশ ।সি মেট্ৰিকৰ ডেওনা পাৰ হোৱাৰ পাছত দূৰদৰ্শী খুড়াশহুৰজনে ভৱিষ্যতৰ সুৰক্ষাত চহৰলৈ পঠায়াইছিল। পঢ়া শুনাৰ তাড়নাত অলকেশৰ  ঘৰলৈ অহা যোৱাও পাতল আছিল।এইবাৰ  পিছে বিয়ালৈ বুলি দিনচেৰেক থকাকৈ আহিল।   বিয়াঘৰত  আলেঙে আলেঙে সি সকলো লক্ষ্য কৰি আছিল। বুজা নুবুজা বয়সেৰে পৰা দেখি অহা বৌৱেক মাধৱীলতাৰ প্ৰতি তাৰ মনত এক অনুকম্পা জাগি উঠিছিল। বৌৱেক মাধৱীলতা তাৰ অতিকে আপোন।তেওঁৰ সজল চকুহালে  তাক মাজে -সময়ে বৰকৈ আমনি কৰে।

ইতিমধ্যে আকাশীলতাৰ বিয়া হৈ যোৱা  এপষেক হ’ল।আজি  আকাশীলতাৰ শহুৰৰ ফালৰ বংশ-পৰিয়াল লোকসকলক নিমন্ত্ৰণ কৰিছে। বিয়াখনত লাগি ভাগি দিয়া আত্মীয়-স্বজন ,গাঁৱৰ দুই এজনক   মাতিছে।ৰান্ধনিশালত তৰহে তৰহে  ৰন্ধাৰ আয়োজন চলিছে।অলকেশে মাজে মাজে ৰন্ধা বঢ়া তদাৰক কৰি আছে। তাৰ এনে লাগিছে আজিযেন  সি মাজে মাজে অস্থিৰ অনুভৱ কৰিছে।

পুৰুষসকলৰ খোৱা বোৱা হ’লত ।মহিলাসকল একেশাৰীতে পাত পাৰি ল’লে।মাধৱীলতাই হাইশালৰ  কাষতে পাত পাৰি ল’লে।এপাকত  খুড়ীশাহুৱেক নিৰ্মলাই তাইক জোৰ কৰি সিহঁতৰ লগতে একাষৰীয়াকৈ  পীৰা পাৰি দিলে।

যথাসময়ত তিৰোতাবোৰে বিয়নি মেল পাতি বিভিন্ন ব্যঞ্জনৰ জুটি লৈছে।মাধৱীলতাই মুখেৰে একো নোকোৱাকৈয়ে ভাতৰ গৰাহ মুখলৈ নিলে।এনেতে অলকেশে ঔটেঙাৰে ৰন্ধা  মাছৰজোল এফালৰ পৰা বিলাই যাব ধৰিলে। সি মাধৱীলতাৰ পাতত মাছৰ জোলকণ ঢালি দি কেনিও নোচোৱাকৈ ক’লে-  সময় সলনি হ’ল ।এতিয়া  সাতাম পুৰুষীয়া নিয়মবোৰ কিছু  শিঠিল কৰিবলৈ  মনবান্ধিব লাগিব।  আমিও নিজক সলনি কৰাৰ সময় আহি পৰিছে। খোৱা এৰি সকলোৱে অবাকহৈ গ’ল।নিৰ্মলা খুড়ী তবধ মানিলে ইমানদিনে মনৰ মাজত  গুজৰি গুমূৰি থকা কথাটো ল’ৰাটোৱে টিলিকতে সমাধান কৰিলে!বুকুখন তেওঁৰ পাতল পাতল লাগিল।

ৰাতি নিৰ্মলাই পুতেকৰ কোঠালৈ সোমায়ে তাৰ কাষত বহি দুই -এটা কথা  শোধাত লাগিল।

-“বেয়া নাপাবা মা।নিয়ম ভঙাৰ সপোন এটাই জনা হোৱাৰে পৰা মোক অহৰহ খেদি ফুৰিছিল।

নিজৰেই ৰূপ এটা পুতেকৰ মাজত দেখি নিৰ্মলাই আৰু ৰ’ব নোৱাৰিলে। আলফুলে মুৰত হাত বুলাই অলকেশক বুকুৰ মাজত সাবটি ধৰিলে।

অৰ্থহীন প্ৰাচীনতাৰ অন্ধকাৰ ভেদি এচমকা পোহৰ যেন নিৰ্মলাৰ চাৰিওফালে ছিটিকি পৰিল।

You might also like

Comments are closed, but trackbacks and pingbacks are open.