মণি গোস্বামী
বাগৰ সলাওঁতে ৰঞ্জুৰ বুকু ভেদি অস্ফুট গেঙনি এটা ওলাই আহিল। আওপুৰনি চালপিৰাখনেও সমানে কেৰ্মেৰাই উঠিল।।মদাহী ভায়েকটোৱে সেইসোপা গিলি আহি ফলা বাহঁচটাৰে তাইৰ পিঠিত বাবৰি ফুল বাঁচিলে।উহ! কি যন্ত্ৰনা।টিনৰ চালিখনৰ মাটিলেপা সৰু ঘৰটোৰ যি কেইপদ লাম লাকোটু বাচন বৰ্তন আছিল সোপাকে সি বাহিৰত দলিয়ালে। তাতে মাতষাৰ দিওঁতে তাইক এনে অৱস্থা কৰিলে।বিষ জ্বৰত তাইৰ টোপনি নাহিল। মাক থকা হ’লে আজি তাইৰ এই অৱস্থা নহলহেতেন। বাপেকৰ কথা মনত পৰিলে তাইৰ টিঙিচকে খংটো উক দি উঠে।মাকক কমখন অত্যাচাৰ কৰিছিলনে?।গধূলি হ’লে সিহঁঁতৰ ঘৰত দৈনন্দিন নাটকখনৰ আখৰা চলে। সেই গেলাসোপা টেটুলৈকে গিলি আহি সৰু সুৰু কথাতে মাকৰ ওপৰত সংসাৰৰ সমস্ত দোষ জাপি দি মদাহী বাপেকৰ চৰ কিল আৰম্ভ হৈ যায়।ভয়তে তাই কেতিয়াবা চালপিৰাৰ তলত সোমায়।ভায়েকেও চাগে এইবোৰ দেখি শুনি বিপথে গ’ল।মাকৰ বহুত ইচ্ছা আছিল সিহঁত দুটাক কিছু পাঠ্যপুঠিৰ জ্ঞান দিয়া।দুয়োটাকে বস্তিৰ প্ৰাথমিক বিদ্যালয়খনলৈ পঠাইছিলোঁ। পঢ়াশালিৰ সদা হাঁহি মুখীয়া মাষ্টৰণীজনীক ৰঞ্জুৰ বৰ ভাল লাগিছিল। কেতিয়াবা তাই মাষ্টৰণীৰ সৈতে দুই এটা কথা পাতিছিল।মাষ্টৰণীয়ে তাইক পঢ়াশালিলৈ সদায়ে আহি থাকিবলৈ কৈছিল।কিয় জানো ৰঞ্জুৰ এনে লাগিছিল মাষ্টৰণীৰ লগত যেন তাইৰ আত্মিক সম্পৰ্ক এটি গঢ়ি উঠিছে।
বেছ কিছুদিন মাষ্টৰণী বিদ্যালয়খনলৈ অহা নাই।ৰঞ্জু কিছু চিন্তিত হ’ল। তেওঁৰ চাগে কিবা ডাঙৰ অসুখ হ’ল।তাইৰ মনটো কিবাখন লাগি গ’ল। কেনেবাকৈ খবৰ এটা ল’ব পৰা হ’লে! সিদিনা বতৰটো ডাৱৰীয়া।ৰঞ্জুৰ বিদ্যালয়খনলৈ যাবলৈ মন নাছিল। ।পিছে মাকৰ খেচ খেচনিত পুথি পাজি লৈ ওলাল।পঢ়াশালিখনত খোজকেইটা দিয়ে ৰঞ্জুৰ অনুভৱ হ’ল আজি দেখোন পৰিবেশ দেখোন ওলোটাহে ।সকলোৱে জুম বান্ধি কিবা আলোচনাত ব্যস্ত।কিবা অঘটন ঘটিছে নিশ্চয়! অজান আশংকাত ভিতৰি ভিতৰি কপি উঠিল তাই। তাই জুমটোৰ ওচৰ চাপি গ’ল।কিন্তু যি আষাৰ কথা শুনিলে ৰঞ্জুৰ মুৰ্চা যোৱা অৱস্থা।মাষ্টৰণীৰ মৃত শৰীৰ ৰেল লাইনত পৰি আছিল।কেনেকৈ কি হ’ল কোনোৱে সঠিক খবৰ দিব নোৱাৰিলে।বহুদিনলৈ ৰঞ্জুৰ মনত মাষ্টৰণীৰ মুখখন ভাঁহি থাকিল।অন্তৰত তাই বহুত আঘাত পালে। ইমান নিৰীহ মানুহজনীৰো শতৰু থাকেনে? তাইৰ আৰু বিদ্যালয়লৈ যাবলৈ মন নোযোৱা হ’ল।লাহে লাহে মাকৰ দেহা পৰি আহিল।কিমাননো আৰু ইটা বালি চিমেণ্টৰ সৈতে খেলা কৰিব।দিনৰ দিনটো নুৰ চালাম ঠিকাদাৰৰ তলত যোগালিবোৰৰ সৈতে মাকেও কাম কৰে। মুৰত চিমেণ্ট বালিৰ মচলাৰ টাগৰি দাঙি দৈনন্দিন দুশ তিনিশ মজুৰিৰে কেনেকৈ চাৰিজনীয়া সংসাৰখন চলাব! মদাহী মানুহটোৱে সেইকেইটাও আজুৰি নিব খোজে। সংসাৰ সাগৰৰ চাকনৈয়াত কক বকাই চম্পা এদিন ভাগৰি পৰিল। মাকৰ নিটোল দেহাটো ৰূঢ় সময়ে তচ নচ কৰি দিলে।ঈশ্বৰে বাৰু আমাৰ দুখবোৰ কিয় নেদেখে? মাকৰ মুখখন তাইৰ চকুৰ আগত ভাঁহি উঠিল।
ৰেল লাইনৰ সমীপৰ বস্তি অঞ্চলৰ ঘড়ী দোকানী মতিলালৰ ৰূপহী জীয়েকজনীয়ে আছিল ৰঞ্জুৰ মাক। দেখিবলৈ এপাহ যেন সতেজ ফুলি থকা গোলাপ ।গাৰ ৰংটোও গাখীৰত সেন্দুৰ মিহলোৱাৰ দৰে। লোকে কয় বোকাত পদুম ফুল জন্মিছে।মতিলালৰ পাচটা সন্তানৰ চম্পা তিনি নম্বৰ। অৱশ্যে মতিলাল দোকানীৰ ঘৈনীয়েকো হেনো দেখিবলৈ সাইলাখ অপেশ্বৰী নিচিনাই আছিল।পাচটা সন্তানৰে ভৰা সংসাৰখন টানোতে মতিবাবুৰ গালি শপনি খাই খাই ঘৈনীয়েকৰ চাগে বিতৃষ্ণা উপজিল।এদিন তাই নুমলীয়া পো দুটি লৈ বিহাৰী ফেৰীয়ালাজনৰ সৈতে পলাই গ’ল।মতিবাবুৰ মুৰত সৰগ ভাঙি পৰিল। তথাপি জীয়েক চম্পাই ঘৰখন চম্ভালি ল’লে।লাহে লাহে ভায়েক কেইজনে সৰু সুৰাকৈ খুটি খাব পৰা হ’ল।বাপেকৰ চিন্তা এতিয়া চম্পাকলৈ।এদিন বাপেকটোৱে তাইতকৈ দহ বছৰে ডাঙৰ ৰতনৰ হাতত তাইৰ মনৰ বতৰা নোলোকৈয়ে গটাই দিলে।প্ৰথম অৱস্থাত ৰতনৰ গতি গোত্ৰ তাইৰ পচণ্ড হৈছিল। সি ৰামলালৰ গুদামত কাম কৰিছিল।কিন্তু দিন যোৱাৰ লগে লগে তাৰ স্বভাৱৰ পৰিবৰ্তনে চম্পাক মানসিক ভাবে ভাঙি পেলালে। এদিন ৰামলালৰ গুদামৰ কামৰ পৰাও সি খেদা খালে।দিন যোৱাৰ লগে লগে সংসাৰৰ গোটেই বোজাটো চম্পাৰ মুৰত পৰিল।
বহু নিশা ৰঞ্জু আৰু ৰুবুলক বুকুত সাৱতি চম্পাই অনাহাৰে অনিদ্ৰাই পাৰ কৰিছে।মানুহজনৰ সংসাৰৰ প্ৰতি কোনো দায়িত্ব নাই।দিনৰ দিনটো অলৌ তলৌকৈ ঘুৰি সন্ধিয়া হ’লে ৰামবাবুৰ গুদামৰ পিছফালে থকা চালিয়াখনত সেইজাক মদাহীৰ লগত আদ্দা মাৰিব আৰু ঘৰলৈ আহিয়ে তাইৰ ওপৰত বৰ মতা ওলাব। মাকৰ কথাবোৰ মনত পৰি ৰঞ্জুৰ বুকুৰ পৰা তপত হুমূনিয়াহ এটি ওলাই আহিল।
চেহ! আজি কি হ’ল বহু চেষ্টা কৰিও চকুলৈ টোপনি আনিব পৰা নাই দেখোন।কথাবোৰ সামৰি সুতুৰি তাই বিচনাত ইকাটি সিকাটি কৰি থাকিল।কাষৰ চালিয়াখনৰ পৰা আজিও দুপ দাপ শব্দ।মকিবুলে চাগে আজিও ঘৈনীয়েকৰ পিঠিত ঔ কিল বহালে। হঠাৎ কাৰোবাৰ খিল খিল হাঁহিৰ সৈতে কেইটামান অশ্লীল শব্দ ভাঁহি আহি তাইৰ কাণত বাজিল। এয়া বস্তিৰ সিটো মুৰত থকা তাইৰ চিনাকী অভিসাৰিকাজনীৰ মাত।শব্দ কেইটা তাইৰ কাণত তহৰ থহৰকৈ বিন্ধিলে।
এইবোৰ পাহাৰৰ দাঁতিৰ বস্তিটোৰ নৈমিত্তিক ঘটনা। লাহে লাহে টিপ চাকিটোৰ শলিতাডাল নুমাই থাকিল চাগে তেল শেষ হ’ল।ৰঞ্জুৰ আৰু শোৱা নহ’ল।ইতিমধ্যে কুকুৰাই ডাক দিলেই।
ৰাতিপুৱালত খৰধৰকৈ শেতেলিৰ পৰা নামিব ধৰোতে ৰঞ্জুৰ মুৰটো ঘুৰাই আকৌ শেতেলিত পৰিল।এৰা! আজি আৰু গা টঙাব নোৱাৰিব।কামলৈ যাবওঁ পৰা নাযাব!বৰুৱানী বাইদেউৰ বৰ কষ্ট হব দেখোন !ইফালে বাইদেউৰ বোৱাৰী সৰু বাইদেউও ভনীয়েকৰ বিয়াৰ বাবে বজাৰ সমাৰ ,পাৰ্লাৰৰ বাবে বৰ ব্যস্ত। তাইক কথাবোৰে আমনি দি থাকিল।
–চেহ!বৰ বেয়া কথা হ’ল।
ৰঞ্জুই বহু সময় বিচনাখনত বাগৰি থাকি কোনোমতে চালপিৰাখনৰ পৰা উঠি বস্তিৰ একমাত্ৰ কুৱাটোৰ পাৰলৈ গ’ল। ঢলফাট দিয়াৰ পৰাই পানীটুপিৰ কাৰণে বস্তিৰ সকলোৱে শাৰী পাতে ।আজি তাই শাৰীটোৰ একেবাৰে শেষত ঠিয় হ’ল।সচৰাচৰ দেখি থকাৰ দৰে আজিও সেই একেই পৰিবেশ। পানীটুপিৰ বাবে চিঞৰ বাখৰ।ৰাজাবাবুই মস্ত পেটটো উলিয়াই দাঁত মাজি মাজি ৰৌচানাৰাক ঢকা এটা মাৰি তাৰ বাাল্টিটো পাতি দিলে।তাতেই লাগিল নহয় লেঠাখন। ৰৌচানাৰাই কালৈকো কেৰেপ নকৰে তাই খঙৰ ভমকত তাৰ পানী বাল্টিটোকে কুৱাটোৰ পাৰত ঢালি দিলে।ৰাজাবাবুৰ দপদপনিত বস্তিৰ মানুহখিনিৰ শান্তি নাইকীয়া হ’ল।ৰঞ্জুৰ দেখোন মুৰটো আচন্দ্ৰাই কৰিব ধৰিলে।খালী কলহটো লৈ তাই ঘৰলৈ উভতি আহিল।।দুদিনলৈ তাই গা টঙাবয়ে নোৱাৰিলে।তৃতীয় দিনা বোৱাৰী পুৱাতে উঠি কোনোমতে ফিকা চাহ এটুপি গিলি বৰুৱানী বাইদেউৰ পদূলিত সোমাল।গেৰেজৰ কাষত পানীপোতাত থোৱা বাঢ়নীটাৰ হাতত লৈ তাই চোতালত আক কেইটা দিছিলহে মাথোন।দুৱাৰখন খুলি ছেণ্ডেলজোৰ চোচোৰাই বৰুৱানী বাইদেউৱে বাৰাণ্ডাৰ পৰাই চিঞৰিলে -“কাইলৈৰ পৰা তই আৰু কামত আহিব নালাগে।বেলেগ এজনী ঠিক কৰিছো”।
ৰঞ্জু মূক হৈ নিমগছ জোপাৰ ফালে কৰুণ দৃষ্টিৰে চাই ৰল। যন্ত্ৰনাত বুকুৰ বিষটো পুনৰ উক দি উঠিল।
ফোন – ৯৮৫৪০৪৪১৪১
Comments are closed, but trackbacks and pingbacks are open.