এৰাবাটে ৰিঙিয়াই মাতে

58

মালা দিহিঙীয়া হাজৰিকা

সঁচাই চুলিত ৰূপালী ৰং ধৰিছে জুম্ফাৰ।

এহ্ আজিকালি চুলি পকানো কি ! তথাপিও!

তাই এতিয়াও আইনাখনৰ আগত থিয় দি আছে।

কিমান দিন যে হ’ল হেনা নলগোৱা চুলিকোছাত! অথচ এটা সময় আছিল। যেতিয়া আগদিনাই কাঢ়াকৈ চাহ বনাই তাতে কফি এপেকট দি হেনা গুলি থৈছিল। পুৱাই উঠি মিহি দীঘল চুলিকোছা ভাগ ভাগ কৰি হেনা লগাই ঋষিমুনিৰ দৰে খোপা বান্ধি দৌৰি ঢাপৰি মাকৰ লগত ঘৰৰ কাম বন সোপা কৰি থাকোঁতেই কেতিয়ানো সময় পাৰ হৈ গৈছিল খবৰেই নাছিল। তাৰপিছত চুলি ধুই আধাতিতা চুলিৰেই কলেজলৈ গৈছিল। কি যে দিন আছিল সেইবোৰ !

কলেজৰ কথা মনত পৰিয়েই তাইৰ ওঁঠৰ কোণেৰে হাঁহি এটি বাগৰি গ’ল।

স্বস্তিৰ হাঁহি, সুখানুভূতিৰ হাঁহি ।

তাইৰ সেমেকা চুলিৰ হেনা হেনা সুবাসৰ কথাৰেই অলপ চিঠি লিখিছিল নে সি! লগৰ কেইজনীয়ে জোকাইছিল , ” ইনো তোৰ সেমেকা চুলিৰ সুবাস ক’ত ল’লে অ?”। তাই হাঁহে। ক’তনো সুবাস ল’বলৈ পাব ! সেই যে ক্লাছৰূমত সুযোগ পালেই তাইৰ নিচেই কাষতে বহেহি ! সেইকণেই আৰু। নহ’লে কেতিয়াবা তাইৰ ককায়েক জুমনে কয়, “ৰাহুল যাচোন তই জুম্ফাক থৈ আহ। মোৰ দেৰি হ’ব “। সি যেন ৰৈ হে থাকে জুমনৰ দেৰি হোৱালৈ। পিছত সেইটো ৰাহুলৰ বুকুত তাই ঘৰ কৰাৰ কথা গম পাই কিমান যে সুখী হৈছিল জুমন ! কলেজৰ জি এচৰ ভনীয়েক আৰু এ জি এচৰ গাৰ্লফ্ৰেণ্ড আছিল জুম্ফা । উফ্ ! সেইবোৰ দিনৰ কথা মনত পৰিলে আজিও হাজাৰ ব্যস্ততাৰ মাজতো ওঁঠত হাঁহি বিৰিঙে জুম্ফাৰ। এখিনি ভাললগাই তাইক বুৰাই ৰাখে ।

ৰাহুলৰো বাৰু একেই অনুভৱ হয়নে !

“হয় হয়। ৰাহুলৰো হয়” ! তাই নিজকে কয়।

মানুহে কয় সুখী হ’বলৈ কাৰণ নালাগে ।কিয় নালাগে ! মানুহক সুখী হ’বলৈ কাৰণ লাগে। মানুহক জী উঠিবলৈ স্মৃতি লাগে। পাৰ হৈ যোৱা এখিনি সমৃদ্ধ সময়ে মানুহক জীপাল কৰি ৰাখিব পাৰে । যেনেকৈ আজি তাই জীপাল হৈ পৰিছে!

হাঁহি হাঁহিয়েই তাই তাইৰ পৰা অলপ আঁতৰত বহি ম’বাইলত মূৰ গুজি থকা ৰাহুললৈ চালে। সিও ঠিক একে সময়তে মূৰ তুলি চালে যদিও তাইৰ ওঁঠৰ হাঁহিটো দেখিও যেন নেদেখাৰ ভাও ধৰিলে।

এইখিনিতে ,

ঠিক এইখিনিতে বুকুখনত বিষ এটা উঠে জুম্ফাৰ। এনেকৈয়ে সলনি হৈ যায় নেকি সময়!

এনেকৈয়ে সলনি হৈ যায় মানুহ আৰু মানুহৰ সম্পৰ্ক! হঠাতে যেন তাইৰ হাঁহিটো এচকলা ডাৱৰৰ আঁৰত হেৰাই যোৱা জোনটোৰ দৰেই হেৰাই গ’ল। আৰু লগে লগে কিতাপৰ টেবুলত বহি পেঞ্চিল এডাল জোঙা কৰি থকা জীয়েক আদ্ৰীক ধমক মাৰি ক’লে,

: পঢ়াৰ সময়ত কি পিৰিক পাৰাকখন কৰি আছা ? লিখা সোনকালে ।মোৰ আৰু কাম বন নাই নেকি যে তোমাক মন কৰি থাকিম !

আদ্ৰীয়ে কিবা এষাৰ ক’বলৈ লৈ দেউতাকলৈ চালে। তাৰপিছত কি জানো পাতিলে বাপেক জীয়েকে চকুৰ চাৱনিতে। তাই তলমূৰ কৰি কিবা এটা আঁকি থাকিল। জুম্ফাই ওচৰলৈ গৈ চালে, আদ্ৰীয়ে গ্ৰাফ পেপাৰ এখনত সময় আৰু দূৰত্বৰ জোখ উলিয়াই আছে। অহ্ , তাৰমানে ৰাহুলে আদ্ৰীক পঢ়াই আছে ! তথাপি তাই জীয়েকৰ বহীখনলৈ আঙুলিয়াই , ” এইবোৰ ইমান ডাঠ কিয়? কওঁ নহয় পেঞ্চিল নঘঁহাবা। এটা কথা এশবাৰ ক’ব লাগে ” বুলি ভোৰভোৰাই আঁতৰি আহিল।

তাই আঁৰ চকুৰে দুইটালৈ চালে। আদ্ৰীয়ে দেউতাকক হাত জোকাৰি কঁপাল থুপাই কিবা কৈছে ইংগিতেৰে। তাইৰ মুখত আৰ্শ্চয স্পষ্ট ।কিন্তু ৰাহুল! এটা স্নিগ্ধ হাঁহিৰে সি জীয়েকক বহী খনলৈ আঙুলিয়াই নিজৰ কাম কৰিবলৈ ক’লে। জুম্ফা কোঠাটোৰ পৰা ওলাই আহিল। কি হৈছে জানো তাইৰ ! কথা নাই বতৰা নাই এনেই বিৰক্ত হৈ আছে। অকাৰণতে আদ্ৰীক খং কৰিছে।

আচলতে তাই ওৰহৰ খং ভগা ঢাৰিত জৰাৰ দৰে কামহে কৰিছে। মনৰ ভিতৰত গুজৰি গুমৰি থকা কথাবোৰে তাইক যেন অস্থিৰ কৰি তুলিছে ।

সিদিনা বহুদিনৰ মূৰত তাই লগৰ ল’ৰা ছোৱালী কেইটামানে জোৰ দি মতাত লগ কৰিবলৈ গৈছিল। ৰাহুল আৰু আদ্ৰীয়েই জোৰ দিছিল তাইক যাবলৈ। লৈ গৈছিল ৰাহুলে তাইক। তাই গৈছিলোঁ । কিন্তু তাৰপৰা আহিয়েই যেন তাইৰ সুখৰ পৃথিৱীখনত ক’ৰবাত কিবা এটা অথন্তৰ ঘটিছে! কিন্তু কিয়!

তাই ম’বাইলটো লৈ আহি বিছনাত বাগৰ দি লগৰবোৰৰ লগত কটোৱা দিনটোৰ ফটোবোৰ উলিয়াই ল’লে। তাইৰ লগৰ ল’ৰা ছোৱালীবোৰ এতিয়াও কি ধুনীয়া হৈ আছে ! নিজকে ইমান ধুনীয়াকৈ ৰাখিছে ঠিক ৰাহুলৰ দৰেই। তাই যেন সিহঁতজাকৰ মাজত অতি নিস্প্ৰভ। ৰাহুলে তাইকো প্ৰায়েই কয়, ” অকণ ধুনীয়াজনী হৈ থাকিবাচোন জুম । কিয় এনেকৈ থাকা ।অকণ সাজি কাছি ইফালে সিফালে ওলাই যাবা। বজাৰ সমাৰ কৰিবা। মন ভাললগা কিবা এটা কৰিবা” ।কিন্তু তাইৰহে সেই এঙাৰমূৰীয়া চিন্তা। তাই ওলোটাই কয়, ” থোৱা পাই, মোৰ সেইখন কৰি থাকিবলৈ সময় নাই।বজাৰ সমাৰ তুমি কৰাই দেখোন। আৰু বাকী তুমি, আদ্ৰী আৰু এই ঘৰ দুখনেই মোৰ সৰ্বস্ব। তাতকৈ বেছি মোক একোৱেই নালাগে”।

ৰাহুলৰ চিন্তা বেলেগ। তাৰ মতে জীৱন এটাই সেয়ে তাক উপভোগ কৰিব লাগে। মানুহ মাত্ৰেই দায়িত্ব আৰু কৰ্তব্যৰ সমষ্টি ।সেইবুলি দায়িত্ব আৰু কৰ্তব্যৰ নামত নিজক উবুৰিয়াই দিয়াৰ কি প্ৰয়োজন। জীয়াই থাকিলেহে দায়িত্ব কৰ্তব্য পালন কৰিব পাৰি। আৰু তাকে কৰিবলৈ যাওঁতে নিজক ভালকৈ ৰখাইতো আটাইতকৈ প্ৰয়োজনীয় কথা। কিমান যে তৰ্কা তৰ্কি এই লৈ দুইটাৰে মাজত। তথাপি জুম্ফাৰ যেন নিজলৈ চাবলৈ সময় নাই। কোনেও তাইক নকয়, শহুৰ শাহুক সন্তুষ্ট কৰ, গিৰিয়েৰক সন্তুষ্ট কৰ বুলি।ঘৰখনে কেতিয়াও তাইক তাইৰ জীৱনৰ ওপৰত হেতা ওপৰা লগোৱা নাই। জোখতকৈ অলপ বেছিকৈয়ে ভাল ৰাহুল আৰু ৰাহুলৰ মাক দেউতাক ।সেই অনুপাতে আদ্ৰীও একেবাৰে আমনি এথানি নোহোৱা সন্তান। তাৰপিছতো তাই কি লৈ ব্যস্ত হৈ থাকে তাইহে জানে!

কিন্তু এতিয়া !

এতিয়া সেই লগৰ ল’ৰা ছোৱালীবোৰক দেখি আহিহে ক’ৰবাত ছন্দপতন ঘটিছে। তাই যেন বহুদিনৰ,বহুবছৰৰ মূৰত আইনাখন চাইছে! আৰু সেই আইনাখনত নিজক চোৱাৰ পিছৰ পৰাই যেন তাইৰ সুখৰ সপ্তস্বৰে কোনোবা দুটামান সুৰ হেৰুৱাই পেলাইছে !

ৰূপালী ৰং ধৰা চুলি। চকুৰ কোণত বয়সৰ আঁচোৰ। হাতত গৰম তেলৰ চিটিকণিৰ দাগ। বুঢ়া আঙুলিৰ পেটত পাচলি কটাৰ কটা দাগ। ভৰিৰ নখত আধা এৰা নেইলপেইণ্ট। ফটা অযত্নপালিত গোৰোহা ।আস্ ! এইজনী তায়েই নে! এসময়ত যাৰ দুয়োখন হাত আৰু ভৰিৰ নখ দেখি লগৰ কেইজনীয়ে ঈৰ্ষা কৰিছিল। তাইৰ মিহি দীঘল চুলিকোছা কাটিম বুলিলেও লগৰবোৰে দবিয়াই উঠিছিল। তাইৰ সযত্নে পিন্ধা কাপোৰ, কান্ধত ওলোমাই লোৱা বেগ, চেণ্ডেলৰ চখ দেখি ককায়েক জুমনে প্ৰায়েই দেউতাকক কৈছিল ” পিতা, দিয়া দিয়া, মোক এযোৰ জোতা দিলে তাইক তিনযোৰ দিয়া। এনেও এদিন লোকৰ ঘৰলৈ যাবগৈয়ে। তেতিয়াতো তুমি সব মোকেই দিবা ন”। তাই কয়, ” নিলাজ, সদায় কি তই পিতাৰ খাই থাকিবি?”। দেউতাকে হাঁহে। জুমনে আনকি বিয়াৰ আগত ৰাহুলকো কৈছিল, “চাকৰিৰ বাহিৰেও অন্য উপাৰ্জন লাগিব তোক বোপা ৰাহুল। ৰাইজৰ বেগ ,চেণ্ডেল, নেইলপেণ্ট কিনোতেই তোৰ তলি উদং হ’ব নহ’লে”। তাই ককায়েকক খেদি যায়। ৰাহুলে অলপ দূৰত বহি কয়, ” মই কিডনী বিকি হ’লেও আনি দিম জুম। তুমি চিন্তাই নকৰিবা”। সেইজনী চৌখিন জুম্ফা ক’ত গ’ল এতিয়া !

কি নাই তাইৰ!

কি দিয়া নাই তাইক ৰাহুলে !

দিব লাগিছেনে ? ৰাহুলৰ সমস্তবোৰচোন তাইৰেই।

কিন্তু তাই এতিয়া অনুভৱ কৰিছে। কেৱল থাকিলেই নহ’ব।সেই থকাবোৰে নিজকে কেনেকৈ তুলি ধৰিছে সেইটোও এটা ডাঙৰ কথা। প্ৰেজেণ্টেচন বুলিওতো কিবা এটা থাকে!

জুম্ফাই নিজক তুলি ধৰিছিল। অৱশ্যে বিয়াৰ পিছতে জুনিয়ৰ কলেজখনলৈ জোৰ কৰি পঠিয়াইছিল ৰাহুল আৰু মাক বাপেকে। তাইৰো ভাল লাগিছিল। নেট, শ্লেট কৰাৰ কথাও ভাবিছিল তাই। ৰাহুল আটাইতকৈ বেছি সুখী হৈছিল তাইৰ সিদ্ধান্তত । কিন্তু হঠাতে সিহঁতৰ মাজলৈ আদ্ৰী আহিছিল। এইয়াওতো সুখৰেই অন্য এক আকৰ আছিল। সাতমাহলৈ তাই কলেজ অহা যোৱা কৰিছিল। ৰাহুলৰ অনুপস্থিতিত শহুৰেকেও তাইক কলেজলৈ অনা নিয়া কৰিছিল। ঘৰখনত যেন এজাক মৃদু মলয়াইহে ঘৰ কৰি বহিছিল। কিন্তু আদ্ৰীৰ জন্মৰ পিছতেই সলনি হৈ গৈছিল কথাবোৰ। আদ্ৰীক লৈ হোৱা ব্যস্ততাই জুম্ফাক যেন মূৰ তুলিবলৈ দিয়া নাছিল। অথচ ব্যস্ততা একোৱেই নাছিল। শাহুৱেকে প্ৰতিটো খোজতে সংগ দিয়াৰ পিছতো জুম্ফা কেৱল ঘৰ, শাহু শহুৰ, ৰাহুল আৰু আদ্ৰীৰেই হৈ ৰৈ গ’ল আজিও।

কিয় এনে হয় !

ছোৱালীবোৰৰ বুকুলৈ ক’ৰপৰা আহে এই নিজক পাহৰি পেলোৱাৰ শক্তি ।

কিয় ছোৱালীবোৰে নিজেই নিজক বান্ধি লয় এনেকৈ ।ঠিক তাইৰ দৰে!

বান্ধিয়েইতো লৈছে তাই ! এনেকৈয়েতো সুখী তাই । তেনেহলে এতিয়া লগৰ ছোৱালীবোৰ লগ পাই অহাৰ পিছত তাইৰ এই সুখী মনটোৰ এই ছন্দপতন কিয়!

তাৰমানে তাই সুখী নাছিল। তাৰমানে তায়ো সুখী হোৱাৰ অভিনয় কৰিছিল আন হাজাৰ জনী নাৰীৰ দৰেই !

ঠিকেই ! তাই আচলতে নিজৰ মাজত আদৰ্শ বোৱাৰী, আদৰ্শ পত্নী, আদৰ্শ মাতৃৰ চৰিত্ৰকেইটাৰ ভৰ কঢ়িয়াই জুম্ফাক পাহৰি পেলাইছিল। ৰাহুলে ঠিকেইতো কৈছিল, “তুমি সদায়েই তোমাৰ দৰে থাকিবা জুম” ।কিন্তু মাকে যে কৈছিল ,” সেইখন ঘৰ,সেইকেইটা মানুহ এতিয়া তোৰ। তেওঁলোক আৰু তেওঁলোকৰ ঘৰখন এতিয়া তই কেনেকৈ বান্ধি ৰাখ’ সেইটো তোৰ কথা।তই যাতে মোৰ আদৰ্শ জীয়াই ৰাখ “। সেয়ে মাকৰ আদৰ্শ জী হ’বলৈ যাওঁতে তাই যে নিজক ক’ৰবাত হেৰুৱাই থৈ আহিল পাহৰিয়েই গ’ল।

কিয় হ’ব লাগে আদৰ্শ !

কাৰোবাক ভাল পাবলৈ,ভালপোৱাৰে বান্ধি ৰাখিবলৈ নিজক হেৰুৱাই পেলাব লাগিবই বুলিতো কথা নাই।

জুম্ফা কোঠাৰ পৰা ওলাই আহিল। শাহুৱেকে পাকঘৰত খুটুং খাটাঙকৈ কিবা কৰি আছে। আনদিনা তাই তেওঁৰ হাতৰ পৰা কামবোৰ কাঢ়ি লয়।তাইৰ এনে লাগে যেন তাইৰ ঠাইত শাহুৱেকে কামকেইটা কৰিলে কিবা বৰ ডাঙৰ অপৰাধহে কৰা হ’ব তাইৰ। কিন্তু আজি যেন তাইৰ ভৰি দুখনে নতুনকৈ মাটিত খোজ দিবলৈ শিকিছে। তাই ভূমুকিয়াই শাহুৱেকক চালে। মুখত তেওঁৰ এটি গীতৰ কলি। ক’তা! তেওঁৰ মুখততো ক’তো তিলমানো অসন্তুষ্টি নাই! এইবাৰ তাই শহুৰেকৰ কোঠাৰ ফালে আগুৱাই গ’ল। তেওঁ আদ্ৰীৰ লগত বহি “পড়োচন” চাই আছে। সেইখন দুয়োৰে বৰকৈ প্ৰিয়। মাজে মাজে দুয়ো হাঁহিত ফাটি পৰিছে।

জুম্ফাই সজল চকুহাল মোহাৰি ককাক নাতিনীয়েকলৈ চালে। তাৰ পিছত এখোজ দুখোজকৈ আগুৱাই গৈ ভালেপৰ মুকলি আকাশৰ তলত থিয় দি থাকিল। তেতিয়ালৈ আদ্ৰী বিছনাত পৰিছে বোধহয়।শাহুৱেকে শেষৰখন তামোল খাই অতাইছে। ক’ব নোৱাৰাকৈয়ে তাইৰ দুধাৰি চকুলো বাগৰি আহিল।

তেনেতে ৰাহুল আহি জুম্ফাৰ নিচেই কাষতে ৰ’লহি। তাই যেন তালৈকে বাট চাই আছিল। জুম্ফাই লাহেকৈ তাৰ কান্ধতে মূৰটো দি শুই দিলে। সি জানে, জুম্ফাই তাক এতিয়া একো নকয়। তাইৰ মাজত যে এখন দ্বন্দ চলি আছে তাৰ উমান সি ইতিমধ্যে পাইছেই। কাৰণ সৰুৰে পৰা একেলগে পঢ়া লগৰ কেইজনীৰ লগত যেন মিলি যাব পৰা নাছিল জুম্ফাই সেই কথা সি মন কৰিছিল। সিহঁতে তাইক বাৰে বাৰে কৈছিল “তই মানুহজনী একদম চইচ নোহোৱা হৈ গ’লি যে “। তাইৰ প্ৰিয় বান্ধৱীয়েও ধেমালিতে ক’লে, ” ৰাহুলদা কিন্তু এতিয়াও দুই তিনিবাৰ বিয়া পাতিব পৰা হৈ আছে দেই। তোক এতিয়া ৰাহুলদাৰ বায়েক বুলিহে ক’ব”। অস্বস্তিত সিও পৰিছিল সেই ধেমালিত কাৰণ সেই মুহূৰ্তত সি জুম্ফাৰ হাঁহিটো দেখিছিল। যেন মৰা জোনৰ শেঁতা হাঁহি। সি তাইক এহাতে ওচৰলৈ টানি লৈছিল। সদায়েইতো বিচাৰে সি জুম্ফা ধুনীয়াকৈ থাকক। কিন্তু তাইহে ! তথাপি তাৰ আপত্তি নাই। যেনেকৈ থাকি তাই ভাল পাই তেনেকৈ থকাতো তাৰ আপত্তি নাই।

সি তাইৰ আউল বাউল চুলি কেইডাল কাণৰ কাষলৈ ঠেলি দিলে। তাই আৰু অকণ তাৰ কাষ চাপি গ’ল। জুম্ফাৰ মাজে মাজে ৰূপালী ৰং ধৰা চুলিত মুখ গুজি সি ক’লে, “কিমান সময় যে পাৰ হৈ গ’ল তোমাৰ চুলিৰ হেনা হেনা গোন্ধটো নোপোৱা !” সি যেন এই দিওঁ এই দিওঁ কৈ থকা বৰষুণমুখৰ আকশখনহে ফুটাই দিলে ! তাইৰ শৰীৰটো বাঁহপতীয়া কঁপনিৰে কঁপি উঠিল । ৰাহুলৰো চকুহাল ভৰি আহিল।

আচলতে প্ৰতিজনী নাৰীয়েই সুন্দৰ হৈ থাকিবলৈ বিচাৰে।মাত্ৰ কিবা নহয় কিবা কাৰণত সেই সুন্দৰতা ফুটাই তুলিব নোৱাৰে। ৰাহুলে তাইক নিজৰ দৰে থাকিবলৈ কোৱা কথাষাৰতেই আছিল সকলো। অথচ তাইহে ! নহ’লেনো তাইৰ ক’ত কি অভাৱ আছিল ! কোনেও তাইক নিজক অসুখী কৰি আনক সুখী কৰাৰ কথাও কোৱা নাছিল। তথাকথিত বোৱাৰী, পত্নী ,মাতৃ হৈ তাইহে বাহ্ বাহ্ ল’ব খুজিছিল। ঘৰখনৰ প্ৰতিজন সদস্যই নিজেই নিজৰ কাম কৰি ল’ব বিচৰাৰ পিছতো ৰাহুলৰ কাপোৰ ইস্ত্ৰী কৰাৰ পৰা শহুৰেক শাহুৱেকেৰ ঔষধ কেইটা হাতত তুলি দিয়ালৈকে দায়িত্ববোৰ তাইহে আঁজুৰি লৈছিল…।

তাই ৰাহুললৈ চালে। সি তাইক জোৰকৈ ,আৰু জোৰকৈ বুকুৰ মাজত সাবটি ল’লে। মাতৃৰ পিছতে প্ৰিয়তম পুৰুষৰ স্নেহাস্পৰ্শতকৈ স্বস্তি জানো আৰু ক’ৰবাত থাকে ! ৰাতি বাঢ়ি আহিল। আকাশত ডাৱৰৰ আঁৰে আঁৰে তেতিয়াও জোনজনীয়ে খেলি আছিল। ৰাহুলে থিয় হৈ তাইৰ হাতখন মুঠিয়াই ধৰি ক’লে, ” ব’লা ভিতৰলৈ যাওঁ “। তাই তালৈ চাই হাঁহি হাঁহি হাতদুখন কেঁচুৱাই দাঙি ল’বলৈ কোৱাৰ দৰে দাঙি দিলে। ঠিক বিয়াৰ পিছৰ আৰু আদ্ৰীৰ জন্মৰ আগৰ দিনবোৰৰ দৰেই…।

ফোন – ৯৯৫৪৪১৯৮৭১

You might also like

Comments are closed, but trackbacks and pingbacks are open.