মনস্বিনী মৃত্তিকা

193

মধুমিতা বৰুৱা শইকীয়া

” ….. এনিথিং কেন হেপেণ্ড উইথ য়ে কাপ অফ কফি.. ……

কথাষাৰ এতিয়া কমন টিপ্পনী,কিবা এটা নতুন কোৱা।পেনপেনীয়া কথাবোৰেৰে কৰা প্ৰেম এতিয়া আউটডেটেদ্। আমাৰ বাবে অশোভনীয়ও গৌতম……” কিছু ৰক্ষতাৰে ওলাল মৃত্তিকাৰ মাতষাৰ। তাই কবনোৱাৰাকৈয়ে কিয় জানো ৰুক্ষহৈ পৰে কেতিয়াবা!!

……..মৃত্তিকাৰ নামটো মৃত্তিকা যদিও তাই কিন্তু মুঠেই মাটিৰ মানুহ নহয়। লৌহ মানৱীৰ দৰে কঠিন আৱেষ্টনীৰ ভিতৰত তাই সোমোৱাই থৈ দিয়ে তাইক আৰু তাইৰ আবেগৰ পৃথিৱীখনক। কবলৈ গ’লে তাই কোনোদিনে ফুল তৰা গানৰ পৃথিৱীৰ বাসিন্দা নাছিল।এতিয়াতো মৃত্তিকাৰ পৃথিৱীত এইবোৰৰ কোনো অস্তিত্বই নাই। অৱশ্যে তাই যে তীব্ৰ অনুভৱী আৰু ভাবিব নোৱাৰাকৈ স্পৰ্শকাতৰ ,সেয়া তাই কাকো জানিবলৈ নিদিয়ে। জীৱন পৰিক্ৰমাৰ তিতা মিঠা সোৱাদৰ প্ৰতি এতিয়া তাইৰ তিলমানো ভ্ৰুক্ষেপ নাই। আচলতে তাই নিজকে এটা বৰ্মৰ ভিতৰত নিক্ষেপ কৰিছে। জীৱনৰ ওপৰত তাইৰ কোনো খেদ অথবা অভিমান নাই। প্ৰাপ্তি অপ্ৰাপ্তিৰ হিচাব কেতিয়াও তাই কৰা নাই।

কিন্তু জীৱনৰ সৰ্বোত্তম অনুভৱ প্ৰেমৰ ওপৰত তাইৰ অগাধ প্ৰীতি আছে। কিন্তু লতাৰ দৰে বগোৱা প্ৰেমত বিশ্বাসী নহয়।তাইৰ মতে প্ৰেম প্ৰাৰ্থনা আৰু পোহৰৰ ৰামধেনু।প্ৰেম বিশ্বাস,সন্মান আৰু আস্থাৰ ইমাৰত। প্ৰেম মানে শৰীৰ নহয়।প্ৰেম মানে আত্মবিলোপন।জীৱনৰ সকলোতকৈ ডাঙৰ বৈভৱ।এখন মৰমগধুৰ কান্ধ।

মৃত্তিকা লেহুকা নহয়। মৃত্তিকাৰ ধাৰণা যুক্তিৰ ওপৰত। প্ৰেম মানেই ৰূপৰ বৰ্ণনাত ফুলি উঠা,নাৰ্চিছাচৰ অনুভূতি নহয়,প্ৰেম পুৰুঠ জীৱন দৰ্শন,যাৰ গাত ভেজা দি গঢ় লয় এটা জীয়া সমন্ধ।

পাতনি ঠিক নহয় যদিও এয়া মৃত্তিকাৰ জীৱন দৰ্শন। জীৱনৰ এচোৱা পাৰ কৰি অহা মৃত্তিকাৰ অভিজ্ঞতাৰ ভাণ্ডাৰ এতিয়া পৰিপুষ্ট। সহজ সৰলকৈ কবলৈ গ’লে ,এয়াই যে সময় আৰু বয়সৰ মননশীল আত্মবিশ্লেষণত মৃত্তিকাৰ আচলতে মানুহ চিনিবলৈ আৰু বাকী নাই মৃত্তিকাৰ।

সৰহ সংখ্যকেই লাড়ুৰ ওপৰৰ পৰুৱাৰ লানিৰ এটা মাথো পৰুৱা।সময় নষ্ট কৰি বিনোদিনী ৰাধাহৈ প্ৰেমৰ পাঠ আওৰাবলৈ মৃত্তিকা অহা নাই। জীৱন মানে বাস্তৱৰ লগত সহাৱস্থান, প্ৰেম আৰু পখিলাৰ নাচোনেই জীৱনৰ প্ৰকৃত ৰঙ।নহয়। সপোনৰ ভৰত জীৱন নচলে। তাই কবি সাহিত্যিকো নহয়।

“………কোৱা,কি কৰিলা? ঘৰত কৈছা নে আমাৰ কথা” ? মৃত্তিকাই আকৌ সুধিলে গৌতমক।

“নহয় মানে মৃত্তিকা মোক অলপ সময় দিয়া”

সময়???

আমাৰ দুইটাৰে আধা বয়স হ’ল।তোমাৰো এখন সংসাৰ দুৰ্ভাগ্যক্ৰমে ভাঙিছে ,মোৰো এওঁ ঢুকুৱাৰো প্ৰায় দুবছৰ হৈ গ’ল। এতিয়া কিহৰ সময় আৰু প্ৰস্তুতিৰ আনুষ্ঠানিক কথাবতৰা?

গৌতম অপ্ৰস্তুত হৈছে। মৃত্তিকা চিধা কথাৰ মানুহ।কথাৰ উত্তৰ তাইও চিধাকৈ দিয়ে,আনৰ পৰাও চিধা উত্তৰ বিচাৰে।বিশেষকৈ গৌতমৰ পৰা। মানুহ অধ্যয়নৰ কিঞ্চিত হলেও জ্ঞান আছে মৃত্তিকাৰ। মৃত্তিকাৰ স্বামী অস্হিৰ উশৃংখল আছিল যদিও বৰ খোলা আৰু আপোনভোলা মানুহ আছিল। কিন্তু তাইক স্বাধীনতা আৰু ভৰপুৰ বিশ্বাস দিছিল। দিছিল সন্মান আৰু সঁচা মৰম। মাত্ৰ মদটোপাৰ বাবেই কেতিয়াবা পাহৰি গৈছিল আত্মসংযম আৰু আত্মপৰিচয়ৰ মৰ্য্যদা। হয়তো সিহঁতৰ সতি সন্ততি নথকাৰো এটা দুখে তেওঁক কিছুপৰিমাণে আহত কৰিছিল।

অথচ কোনোদিনে এটা শব্দৰেও মৃত্তিকাক এষাৰ কোৱা নাছিল। বৰঞ্চ মৃত্তিকাক বুজাইছিলহে যে জীৱনে সদায় উজাৰি।দিব লাগিব বুলিতো কথা নাই । মৃত্তিকাক মৰ্য্যদা দিছিল, সন্মান দিছিল।কিন্তু মদখালে মানুহজন সলনি হৈ গৈছিল। আচলতে মদে তেওঁক খাইছিল আৰু তেওঁ মৃত্তিকাক খাইছিল।

অধিক মদ্যপান আৰু মাতলামিৰ উপদ্ৰপবোৰৰ বাবেই মানুহটো এসময়ত মৃত্তিকাৰ বাবে অসহনীয় হৈ পৰিছিল।মদৰ নিচা লাগিলেই তেওঁ বেলেগ পৃথিৱীৰ বাসিন্দা হৈ পৰে। ঠিক যেন ড: জেকিল এণ্ড মি:হাইডৰ অন্য এক সংস্কৰণ আছিল তেওঁ। মৃত্তিকাৰ জীৱন নৰক যেন হৈ পৰিছিল এটা সময়ত।

লাহে লাহে মদ তেওঁৰ জীৱনৰ পৰিসমাপ্তিৰ এটা কাৰক হৈ উঠিল। চিৰচিছত আক্ৰান্ত হৈও যেতিয়া তেওঁ মনে মনে মদ খাবলৈ ললে,মৃত্যুৰ আহিবলৈ এবছৰেই নালাগিল। ৰৈ গ’ল মৃত্তিকা এটা প্ৰস্তৰ মূৰ্তিৰ দৰে সেই প্ৰকাণ্ড হাউলীটোত।কলৈ যাব তাই?

অকলশৰীয়া জীৱন পৰিক্ৰমাৰৰ পাছত তাই যেন জীৱনৰ আচল অৰ্থ শিকিলে।জীৱন এক জটিল পাঠ। আধাবয়সতো ক’ত কিমান প্ৰেমৰ প্ৰস্তাৱ আহিলযে মৃত্তিকাৰ নিজকে চলাই নিবলৈ বৰ কষ্ট হ’ল। অকলে থকাৰ ধাৰসুজিব লগা হ’ল নিজৰেই ওচৰত।কোনোদিনে পাছে ভাঙি নপৰিল মৃত্তিকা। অতি সুন্দৰকৈ নিৰুদ্ধেগভাৱেনিজকে চম্ভালি লৈছিল মৃত্তিকাই।তাইতকৈও কম বয়সত মানুহ বিধবা হয়। জীৱন যাপন কৰিবলৈ নিজকে সাজু কৰে পুনৰ।এয়াই জীৱন যুজঁ, কোনো সাৰিব নোৱাৰে।

স্বভাৱতে মৃত্তিকা বাস্তৱবাদী। অযুক্তিকৰ আবেগ মৃত্তিকাৰ অপচন্দৰ কথা।মৃত্তিকাৰ মতে আপোনজনৰ প্ৰস্থানে জীৱনটোক মোহাৰি থৈ যায় যদিও ,চিন্নমূল কৰি থৈ নাযায়।সেয়া লাগিলে মৃত্যুৱে হওক বা বিচ্ছেদৰ ধুমুহাই হওক।জীৱনৰ প্ৰতিও কৰনীয় থাকে। স্মৃতিয়ে জুৰুলা কৰিলেও বাস্তৱৰ মেৰঘৰত স্মৃতি এটা কাৰক হব নোৱাৰে। মৃত্তিকাই তেনেদৰেই ভাবে।আন্তৰিক শুভভাৱৰ বাহিৰে,আনৰ অনৰ্থক সহানুভূতি তাইক নালাগে।গৌতমক তাইৰ ভাল লাগে।প্ৰেমৰ পখীৰাজ হিচাবে নহয় যদিও গৌতমৰ মাজত মৃত্তিকাই প্ৰেমৰ প্ৰত্যয় বিচাৰি পাইছে।

সহজ সৰল ল’ৰা গৌতম।বৰ্তমান তাইৰ এজন প্ৰিয় বন্ধু।লাহে লাহে এই বন্ধুত্ব এটা নামনোহোৱা মধুৰ সম্পৰ্ক হৈ উঠিছে।

…. গৌতমৰ সংসাৰ খন ভাঙিল ,কিন্তু এই ভাঙোনত মৃত্তিকাৰ তিলমাত্ৰও অৰিহণা নাই। সেয়া গৌতমৰ নিজৰ সিদ্ধান্ত। সেই সিদ্ধান্তৰ বহুত পাছতহে সিহঁতৰ মাজত বুজাবুজি এটা হৈছে, সেয়া অপৰিপক্ক প্ৰেমৰ হুতাহ নহয়।সিহঁতৰ বয়সে সেই অনুভৱৰ জন্ম নিদিয়ে।জীৱন জীৱৰ দুয়োকে এখন কান্ধ লাগে,সিমানেই। নিংসগতাক আকোৱালি লৈ সুদীৰ্ঘ জীৱন যাপন কৰাটো দু:সহ।এই কথাটো তে দুয়ো এক। হয়তো এয়াও একপ্ৰকাৰ প্ৰেমেই।নাজানে মৃত্তিকাই।কিন্তু গৌতমৰ সাহচৰ্য্যত তাইৰ বৰণহীন হৈ পৰা জগতত যেন ফুলতি বসন্ত নামিছে।লাগিলে অবতৰতে হওক।বসন্ত সদায়েই ৰঙীন।ৰঙ কাক নালাগে।বিধবা বোলা শব্দটো এতিয়া শাওপাত হৈ থকা নাই। নৱজীৱনৰ নতুন অধ্যায়ৰ নাম লৈছে জীৱনৰ এই দুৰ্যোগে।

…..কফি কাপ চেঁচা হৈ গৈছে। মোবাইল টো টিপি বহি আছে নিৰুদ্ধেগ গৌতম।যেন মৃত্তিকাই বকাবকি কৰিবই,সি শুনিবই নিৰ্বিকাৰ হৈ।মৃত্তিকাৰ এই ব্ৰজনিনাদ যেন ধমকবোৰ আলেঙে আলেঙে উপভোগ কৰে গৌতমে।মেৰপাশে বিধস্ত কৰা জীৱনৰ বেয়া দিনবোৰ পাহৰিবলৈ লৈছে গৌতমে।প্ৰাপ্তি তাৰ জীৱনৰ পৰা যোৱাৰ পাছত মৰুময় হৈ পৰা জীৱনত মৃত্তিকা যেন পলসুৱা মাটি হৈ পৰিছে।জীৱন বোধৰ মন্ত্ৰত উব্বৰ্ৰা হৈছে,মৃতপ্ৰায় হবলৈ যোৱা গৌতমৰ মন পথাৰখন।প্ৰাপ্তি ভাল ছোৱালী, মাত্ৰ দুৰ্ঘোৰ সন্দেহী আৰু প্ৰতিশোধ পৰায়ণ। নৰক কৰি পেলাইছিল তাৰ জীৱন।দোষ নকৰিও সদায় কাৰবন্দী হৈ থাকিব নোৱাৰি।পাছত গম পাইছিল, প্ৰাপ্তি তাইৰ প্ৰাত্তন প্ৰেমিকৰ লগত মচগুল।এইবাৰ প্ৰাপ্তিক ক্ষমা কৰি গৌতম সহনশীল স্বামী ন’হল। বলি হ’ল মাথো সিহঁতৰ জীয়ৰী মৌমন।অৱশ্যে তাইও এতিয়া পৰিপক্ক আৰু আধুনিক ধ্যানধাৰণাৰে পৰিপুষ্ট। অসমৰ বাহিৰত থাকে তাই।প্ৰাপ্তিৰ আৰু গৌতমৰ লগত মৌমনৰ একেবাৰে সহজ সম্পৰ্ক।প্ৰাপ্তিৰ নতুন স্বামীৰ লগত মৌমনৰ বন্ধুত্বসূলভ সম্পৰ্ক। অৱশ্যে আনুষ্ঠানিক এই বন্ধুভাৱ।গৌতমক এতিয়াও মৌমনক সামৰি ৰাখিছে মাকৰ অনুপস্থিতিত।সদায় ফোন কৰি আবদাৰ তাইৰ । প্লিজ মুভ অন দেতা।মৃত্তিকা আন্টি ইজ ইয়ৰ ৰাইট চইচ। মুকলি মন আছে তেওঁৰ।তুমি সুখী হব পাৰিবা।মইতো আছোৱেই।গৌতম জী উঠিছে এনেদৰে।সময়ে শিকোৱা পৰিপক্ক জীয়ৰী আৰু জীৱনবাদী মৃত্তিকা নামৰ দুজনী নাৰীয়ে তাক জগাই তুলিছে। এৰা জীৱনটো সদায় আৰম্ভ কৰিবৰ বাবে। জীৱনৰ আৰম্ভণিৰ বাবে মন লাগে।ক্ষণ নহয়।

যেনেকৈ হলেও প্ৰাপ্তি আগবাঢ়িছে। তেনে গৌতমও আগবাঢ়িব। আগবাঢ়ি যোৱাইতো জীৱন।জীৱন জানো ৰৈ যায়?

ঘড়ী টোলৈ চালে মৃত্তিকাই।সম্পূৰ্ণ বিশমিনিট আগত এপাক কফি লৈ নীৰৱে বহি আছে গৌতম।

ধৈৰ্য্যৰ বান্ধ খুলি গ’ল মৃত্তিকাৰ।বকিবলৈ ধৰিলে তাই,মই প্ৰেমৰ ভিক্ষাৰী নহয় এনেদৰে হাত পাতি বহি থাকিবলৈ।আশ্ৰয়ৰ ভিক্ষাৰীও নহয়।কি বুলি ভাবিছা,ইমান সস্তীয়া নেকি মৃত্তিকা?

এই খোলামেলাকৈ কথা কোৱা মৃত্তিকাৰ প্ৰতি এটা সন্মান আছে গৌতমৰ। মৃত্তিকাৰ প্ৰতি থকা এই সন্মান এতিয়া বাসন্তী ৰঙীন প্ৰেমহৈ পোখা মেলিছে।

অথচ অল্পভাষী গৌতম।মৃত্তিকাৰ দৰে মুখৰ কৰিব নোৱাৰে সময়।

সময়খিনি মুখৰ কৰিব নোৱাৰিলেও জীৱনটো মুখৰ কৰিব লাগিব।এয়া হাই টাইম।মৃত্তিকা ইজ ৰাইট।

বহাৰ পৰা উঠিবলৈ লোৱা মৃত্তিকাক হাতত ধৰি বহুৱাই দিলে গৌতমে। কিপ চাইলেন্স মিটু। মিটু বুলি কওঁতেই লাজুকীলতা হৈ পৰিল প্ৰৌঢ় মহিলা হবলৈ গৈ থকা মৃত্তিকা। লাজৰ জিলমিল আভা লুকুৱাই অস্পষ্ট কৈ ক’লে,বহিছো কোৱা।

গৌতমে কফি কাপ পেলাই দিলে।নতুনকৈ দুকাপ কফি অৰ্ডাৰ কৰিলে। চকীখন চপাই আনি মৃত্তিকাৰ কাণত কোৱাদি ক’লে,…তোমাক বিয়া কৰাবলৈ,মোৰ ঘৰখনৰ মতামততকৈ মোৰ ছোৱালীৰ মতামত জৰুৰী আছিল মিটু।তাই মোক নতুনকৈ জীৱন আৰম্ভ কৰিবলৈ তাগিদা দি আছে। মনটো এতিয়াহে মুকলি হৈছে মিটু।কাকো দুখত পেলাই সুখী হব নুখুজো আমি।এইবোৰ কথা মই জানা তোমাৰ পৰাই শিকিছো।এতিয়া শুনা ,শুভকাম শীঘ্ৰে হব লাগে।গৌতমে হাঁহি মাৰি সুধিলে, ..মিটু কথাবোৰ কব জানিছোনে বাৰু মই ?

নিজকে প্ৰেকটিকেল বুলি কোৱা মৃত্তিকাৰ ওঁঠযুৰি কঁপি উঠিছে, অতীত আৰু বৰ্তমানৰ দোমোজাত। অৱশ্যে স্মৃতিক হৰুৱাই সদায় বাস্তৱে।তাই সহজ হবলৈ চেষ্টা কৰিলে।কি এই মৃত্তিকাৰ মন!! তাই টিপ্পনীটো পুৰণি হ’ল বুলি কৈছিল যদিও তাই নিজৰ মন্তব্যটো সলনি কৰি পেলালে।

“………….আই ৱাজ ৰং গৌতম, ইয়েছ এনিথিং কেন হেপেন উইথ এ কাপ অফ কফি……” মিঠা হাঁহি এটা মাৰি সপ্ৰতিভ মৃত্তিকাই গৌতমৰ চকুত চকু থ’লে।এমুখ বিজুলীৰ হাঁহিত প্ৰবাহিত হ’ল যেন জীৱনৰ বিদ্যুৎ।

ফোনঃ  ৯১০১৩৪৯৫২৯

You might also like

Comments are closed, but trackbacks and pingbacks are open.