অস্তৰাগ

11

কল্পনা শৰ্মা

এতিয়া ডাঙৰকৈ সজা দুমহলীয়া ঘৰটোৰ কাষতে কিন্তু ঠিক বাটৰ পৰা মানুহে নেদেখাকৈ সেই পুৰণি ঘৰটোৰ অৱস্থান।নল-ইকৰাৰ ওপৰত এঠালতীয়া মাটিৰে লেপন দি চূণতেলৰ ৰং দিয়া ঘৰটোৰ কাঠৰ দুৱাৰ- খিৰিকীবোৰ যে এসময়ত নীলা ৰঙৰ আছিল এতিয়া ভালকৈ মন কৰিলেহে ধৰিব পাৰি।

সেই ঘৰটোত থকা মানুহখিনি এতিয়া নতুন দুমহলীয়া ঘৰটোৰ বাসিন্দা হোৱাত সেই ঘৰটো এতিয়া ঠিক এটা অদৰকাৰী অথচ কিবা বাধ্যবাধকতাৰ বাবেই পেলাই দিব নোৱাৰা বস্তুৰ দৰেহে হ’ল। অৱশ্যে ঘৰটোত আগৰ বৰ দৰকাৰী অথচ এতিয়া মূল্যহীন  হৈ পৰা কিছুমান বস্তু ঠিক সাচি নহয় দ’মাই হে ৰখা হৈছে। সেই হিচাপে ঘৰটো কোনো ভঁৰাল বা আধুনিক ভাবে ষ্ট’ৰ ৰূম বুলিও ক’ব পৰা নাযায়। নতুন দুমহলীয়া ঘৰটোৰ বাকী মানুহ খিনিৰ ঘৰটোৰ প্ৰতি যিমান ঔদাস্য, এগৰাকী মানুহৰ কিন্তু ঘৰটোৰ প্ৰতি সিমানেই মৰম, সিমানেই আকৰ্ষণ।নহ’বনো কিয়, ঘৰটো সাজোতে দুখনমান বেৰতো তেওঁ নিজ হাতে লেপিছিল।

মানুহহালে কিমান যে হেঁপাহেৰে সাজিছিল সেইঘৰটো। চোতালৰ আগত তুলসী, বাগান- বিলাস, গোলাপ, পাতবাহাৰ,খৰিকাজাই, কাজি নেমু,নিম আৰু একেবাৰে পদুলিৰ ওচৰত আমলখি,বকুল আৰু বেলগছ এজোপাকৈ- মানুহজনে মানে নন্দ মাষ্টৰে নিজ হাতেই ৰুইছিল।

ক’লৈ জানো যাওতে চহৰত দেখি আহিছিল তেওঁ ঘৰৰ সমুখত নামলিখা ফলি এখন লগোৱা, হয়তো তেওঁৰো মন গৈছিল তেনেদৰে এখন ফলি লগাবলৈ। নিজ হাতে নন্দেশ্বৰ শৰ্মাই এখন ফলিও সাজিছিল। মানুহজনীয়ে কৈছিল,”নাম যদি লিখে আপোনাৰ নামেই লিখিব লাগিব কিন্তু, ৰাইজেও জানিব অমুক মাষ্টৰৰ ঘৰ বুলি”- হ’লবুলি নিজৰ মানুহজনৰ নামটো মুখত ল’ব পাৰি জানো!

“বাআআৰু ঠিক আছে” বুলি কিচকিচকৈ ক’লা ৰঙৰ ওপৰত বগা ৰঙেৰে বকুলফুলীয়া আখৰেৰে তেওঁ লিখিছিল “নন্দৰ কানন”।

মানুহজনীয়ে লাজ লাজকৈ কৈছিল, “এতিয়া ইয়াৰে সকলো মানুহে মোকহে জোকাব, কিনো নাম লিখিলে বাৰু এইটো! “

: “ইইহ থোৱা, ইয়াত কেইজনে জানে হে তোমাৰ আচল নাম কি, কোনোবাই মাতে বগী কইনা,কোনোবাই বৰগাঁৱনী, কোনোবাই আকৌ বাপুৰ মাক। মইহে জানো মোৰ কাননবালা জনীৰ নামটো।”

বগী কইনা কাননবালাৰ গালে মুখে কোনোবাই যেন সেন্দুৰে ফাকুগুৰীয়ে এমুঠিহে সানি দিয়ে।

মৰমীয়াল মানুহজন, দুজনীকৈ কাণ সমনীয়া নন্দেকৰ লগতে বৰবাপু সৰুবাপুৱে মানুহজনীৰ বুকু জুৰাই পোহৰাই ৰাখিছিল ঘৰখন। নিজৰ আচল নামটো পাহৰিও মানুহজনী আন দহজনীয়ে ঈৰ্ষা কৰিব পৰাকৈ সুখী আছিল সেই দিন বোৰত, সেই ঘৰখনত।

এতিয়াও এই নতুন চকচকীয়া মহলহেন ঘৰটোত তেওঁৰ আনে দেখাত বেলেগ একো দুখ নাই, মাথোন দহবছৰ মানৰ আগেয়ে মানুহজন নোহোৱা হৈ গ’ল আৰু অনবৰতে হেচা মাৰি ধৰি ৰাখিব পৰাকৈ সহস্র স্মৃতি মানুহজনীৰ সহচৰ হ’ল।

পুৰণি ঘৰটোতেই আয়েক পিতায়েক নোহোৱা নন্দেক দুজনীক নিজে সমষ্ট দায়িত্ব লৈ, এজনীক নিজৰ হাতৰ খাৰু আৰু আনজনীক নিজৰ ডিঙিৰ জোনবিৰি পিন্ধাই উপযুক্ত পাত্রৰ হাতত অৰ্পন কৰিছিল।বৰবাপু-সুৰুবাপু পঢ়ি শুনি নিজৰ ভৰিত ঠিয় দি মানুহে জনা কমলেশ্বৰ-বিমলেশ্বৰ হৈছে সেই মাটি লেপা বেৰৰ ঘৰটোতেই।

সম্বলনো কি আছিল নন্দ মাষ্টৰৰ, গাৱঁৰ পাঠশালাৰ মাষ্টৰী চাকৰিটো আৰু অলপ খেতিৰ মাটি।দৰমহানো কেইটা টকা পাইছিল সেই দিনত। সেইখিনিৰেই পৰিয়ালটো চলাৰ উপৰিও নন্দেশ্বৰ মাষ্টৰে বহু ল’ৰা-ছোৱালীক সহায়ো কৰিছিল৷ পাঁচ ছয় মাইল দূৰৈৰ বৃত্তি পৰীক্ষা দিব লগীয়া চোকা ল’ৰা-ছোৱালীক এটা টকাৰো মাননী নোলোৱাকৈ ৰ’দ বৰষুণলৈ নাচাই খোজ কাঢ়ি গৈও অংক শিকাই, বিজ্ঞানৰ সালোক সংশ্লেষণ,আহ্নিক গতি বাৰ্ষিক গতিৰ পাঠ খৰচি মাৰি বুজাই যেতিয়া তেওঁ চকা পাতত বহাৰ পৰত ঘৰ চাপিছিল, মানুহজনীয়ে তেওঁৰ ভৰি ধুবলৈ গৰমপানী যতনাই প্ৰায়েই কৈছিল, “হ’ল বুলিনো ভৰি দুখনক কিমান কষ্ট দিয়ে হয়! চাইকেল এখন লওঁকহে।”

:”ল’ম ৰ’বাহে চাইকেল, খোজ কঢ়াৰ সমান ভাল কচৰৎ একো নাই। তেজৰ চলাচল ভাল হয়, হাড় বিলাকো মজবুত হৈ থাকে হেনো খোজ কাঢ়িলে।”

খোজ কাঢ়িলে হাড় মজবুত হয় নে নহয় মানুহজনীয়ে নুবুজে কিন্তু চাইকেল এখন ল’ব পৰাকৈ যে তেওঁলোক আৰ্থিক ভাৱে মজবুত নহয় সেইটো ভালকৈয়ে বুজে। লাগে বুলিলেই নগদ ধন ভাঙি ঘপকৈ চাইকেল এখন কিনি আনিবৰ সম্বল মাষ্টৰৰ নাই।

বৰবাপু সৰুবাপু অলপ বুজন হোৱাৰে পৰা টাউনৰ কলেজত পঢ়িবলৈ যোৱা সময়লৈ প্ৰায়েই কৈছিল, “দেউতাইনো অইন স্কুলৰ ল’ৰা-ছোৱালীক ইমান বাটকুৰি বাই কিয় পঢ়ুৱাবলৈ যায় বুজি নাপাও।যাবও খোজ কাঢ়ি ইফালে এটকাও ফিজ নলয়,কি লাভ পাই জানো তাৰেপৰা। “

কিন্তু সিহঁতৰ দৰে লাভৰ অংক দেউতাকে কৰা নাছিল। মাত্র কোনোবা ভাল ল’ৰা- ছোৱালীয়ে সুবিধা পোৱা নাই বুলি শুনিলে ৰৈ থাকিব নোৱাৰিছিল।মানুহজনীৰো সেই কথাত কোনো আপত্তি নাছিল। মাত্র বহুদুৰ খোজ কাঢ়ি যেতিয়া ভাগৰি-জুগৰি মানুহজন ঘৰ চাপে তেওঁ নিজেও উশাহ ল’বলৈ কষ্ট অনুভৱ কৰিছিল।

:”এইবাৰ দৰমহা পালে চাইকেল এখন লওক বুজিছে। ইমান কষ্ট কৰি খোজ কাঢ়ি ফুৰাটো বৰ সহজ কথা নহয়।

:” হুমম, চাইকেল বাৰু চলাম, কিন্তু তাৰ পাছত মাহটো চলিব নালাগিব হবলা”।

:”মোৰ হাতত হাঁহকণী আৰু পাৰ বিকি পোৱা কেইটকামান জমা আছেতো।সেইখিনিৰ লগতে আৰু অলপ মিলালে..”

যি হ’লেও মানুহজনৰ ওপৰত কথা ক’বলৈ সংকোচ হয় কাননবালাৰ। তথাপি সদায়েই কুটুৰি থকাত শেষত যেনিবা মানুহজনে চাইকেলখন ল’লে। আৰু তাৰ পিছৰে পৰা মানুহজনৰ কাপোৰ -কানি, অলপকৈ ৰংটো পাতলীয়া হৈ পৰা ক’লা ফিটা লগোৱা এইচ.এম.টি. হাতঘড়ীটো,দোৱাত-কলম আদি বস্তু বোৰ,পঢ়শুনা কৰা মেজখন ঠিক-ঠাক  কৰি থোৱাৰ দৰেই মানুহজন স্কুলৰ পৰা আহি পাই গা ধুবলৈ যোৱাৰ লগে-লগেই হাতত নিমজ হৈ পৰা পুৰণি ফঁটা কপাহী চাদৰৰ টুকুৰা এটা লৈ চাইকেল খনৰ ধূলি জোকাৰিবলৈ আৰম্ভ কৰাটোৱো এটা লেখৰ কাম হ’ল মানুহজনীৰ বাবে।

নন্দমাষ্টৰে অৱশ্যে বহুদিন কৈছিল, “হৌৰা কি নো তুমি মোৰ বস্তুবোৰৰ লগত ইমানকৈ লাগি থাকাহে। মোৰ বস্তু খিনি মই চম্ভালি ৰাখিব নাজানোঁ নে নোৱাৰোঁ বুলি ভাবা তুমি।বৰ একে চাইকেল চাফা কৰি দিয়ে মোক… “

আচলতে মানুহজনে নাজানে বা নোৱাৰে বুলি নহয়, কিবা এক দায়িত্ব নে মৰম নে কৰ্তব্যবোধৰ বাবেহে কৰি ভাল পাই তেওঁ এই কামখিনি, মানুহজনে বাধা দিলেও কৰি যায় সদায়। দেউতাকে দিব খুজিলেও কলেজীয়া পুতেকহঁতক “বেয়া কৰিব” বুলিয়েই চাইকেলখন চলাবলৈ দিবলৈ টান পায় তেওঁ।

মাষ্টৰে বোলে, “চলাওক দিয়াহে।চাইকেলখন বেয়া হ’বলৈ তাত ইঞ্জিন লগোৱা নাইতো। খুব বেছি চেইন পৰিব, উঠাই ল’ব।তুমিও যে আৰু, বৰ আঁকোৰগোজ হে কিবা। “

এৰা, আঁকোৰগোজেইতো। নিজৰ হাতৰ কাণৰ অলংকাৰো নন্দেকহঁতক খুলি দিয়া মানুহজনী কিন্তু মানুহজনৰ যিকোনো বস্তুৰ ক্ষেত্রত আঁকোৰগোজৰ দৰেই আবেগিক আছিল।

মানুহজন নোহোৱা হৈ যোৱাৰ পিছতো সেই আৱেগ কিন্তু তিলৰ মানো কমি নগৈ বৰং বাঢ়িছিলহে। মানুহজন নাথাকিলেও পুৰণি ঘৰৰ বাৰাণ্ডাৰ কাষতেই থৈ দিয়া, কোনোৱেই ব্যৱহাৰ নকৰা চাইকেল খনৰো ধূলি জোকাৰিবলৈ এৰা নাছিল তেওঁ। কিবা এক অজানা মায়া, যেন চাইকেলখনৰ হেণ্ডেলত, পেডেলত সদায় অনুভৱ কৰিছিল মানুহজনৰ স্পৰ্শ। অথচ ঘৰৰ আনবোৰ মানুহৰ বাবে চাইকেলখন এতিয়া ঢেকীটো, খুণ্ডনাটো, তেওঁৰ উঘা-চেৰেকি বোৰ, বিচনী বা কোৰখনৰ দৰেই অলাগতিয়াল বস্তু।

বৰবাপু সৰুবাপু দুয়োৰে এতিয়া অফিচলৈ অহা যোৱা কৰিবলৈ দুখন মটৰ চাইকেল। বৰবাপুৱেতো ল’ৰাটো জন্ম হোৱাৰ পিছত চাৰিচকীয়াও এখন ল’লে বোলে ল’ৰা-তিৰোতাক লৈ বাইকত ফুৰাটো অসুবিধা। মানুহজনীয়ে বেয়া নাপায়, ভালেই পায়। মাটিলেপা ঘৰত থাকি দুয়োটা এইখিনি যে হৈছে। আৰু তেওঁকোতো মাজে সময়ে গাড়ীত বহুৱাই পুতেক বোৱাৰীয়েকে চকুৰ ডাক্টৰ, আৰ্থাৰাইটিজৰ বাবে হাড়ৰ ডাক্টৰৰ চেকআপলৈ হওক বা অইন কৰবালৈয়ে হওক নিনিয়াকৈ নাথাকে।

কিন্তু বেয়া পায় তেতিয়া, যেতিয়া সিহঁতে পুৰণি ঘৰটো ভাঙি তাত নতুনকৈ এটা ঘৰ সজাৰ কথা কয়। : ” ভাঙি কি কৰিবি, নতুন ঘৰ সাজিবি। খেতিৰ মাটি দুচকল আছিল, কেঞাক বিকিলি।তাত সিহঁতে মিল বহুৱালে। এতিয়া সেই মিলত কাম কৰা বঙালক তহঁতে ঘৰ সাজি ভাড়াঘৰ দিবি আৰু দুদিন পাছত সেই মানুহে আহি তহঁতৰ ভেটিৰ মাটিও কিনি লৈ তহঁতকে ভাড়াঘৰ দিব, গম পাবি।”

:”হ’বদে, একো নকৰোঁ” বুলি মাকৰ কথাত সিহঁতে তাপ মাৰি ৰয়।

তাৰ কিছুদিনৰ পিছত আকৌ সৰুবাপুৱে অইন এটা প্ৰস্তাৱ লৈ আহে মাকৰ কাষলৈ।

:” মা, এইযে কাম কৰা হৰ, সি চাইকেলখন নিব খুজিছে।দি দিম দে। এনেওতো ইমান পুৰণি হৈছে, লোহা টিঙৰ বেপাৰীয়েও নিনিব সেইখন।” বুলি সি যেতিয়া হাঁহে, মাকৰ তেতিয়া নিজৰে সন্দেহ হয়, কলেজত পঢ়াৰ সময়তো “চাইকেলখনৰ হেণ্ডেলডাল দেউতাৰ হাত খনৰ দৰে গোন্ধাই” বুলি নাক উজাই শুঙি চোৱা ল’ৰাটো ইয়েইনে বুলি। কিমাননো দিন হ’ল! খুব বেছি পোন্ধৰ বছৰ আৰু সিহঁতৰ চিন্তা বোৰ, কথাবোৰ ইমান সলনি হৈ গ’ল!

:”ক’তো নিব নোৱাৰ, কাকো দিবও নোৱাৰ আৰু বিকিবও নোৱাৰ মই জীয়াই থকালৈ।মই মৰিলে মোক উলিয়াই নি কিছুদেৰি দেউতাৰৰ চাইকেলখনৰ কাষতে থ’বি। তাৰ পাছত মোকে চাইকেলখনকে যি কৰ কৰিবি তহঁতে” বুলি কৈ কৈ মানুহজনীয়ে ফোপাই উঠে।

:” কি যে আননেচেচাৰী ইম’শ্চন বোৰ মানে। মামৰে খাই পৰি থকাতকৈ নিয়ে নিয়ক কোনোবাই, দুদিন কাম কৰি দিব বুলিও কৈছে আনকি, একো নুবুজে মানে।” বুলি ভোৰভোৰাই সি আঁতৰি যায়।

ঠিকেই, মানুহজনীয়ে নুবুজে।আৰু নুবুজে বাবেই সেইদিনাই পুৰণি ঘৰটোত দ’মাই থোৱা লাম-লাকুট সোপাৰ মাজৰ পৰা আগতে ঘৰটোৰ দুৱাৰত লগাবলৈ ব্যৱহাৰ কৰা পুৰণি শিকলি এডাল আৰু তলা এটি বিচাৰি উলিয়াই আনি ঘৰটো বাৰান্দাৰ একাষে আগতে তাঁতশালখন যুটিবলৈ পোতা পুৰণি খুটা এটাত মেৰিয়াই মেৰিয়াই তলা মাৰি বান্ধি পেলাই চাইকেলখনক।

পুতেকহঁতৰ কৰ্মব্যস্ত দিনবোৰত দুপৰবেলাৰ পাছত যেতিয়া ডাঙৰ বোৱাৰীয়েকে কেঁচুৱাকনৰ লগত বিচনাত এবাগৰ মাৰে, মানুহজনীয়ে হাতত সাৰে ভৰিত সাৰি চিৰি বগাই নামি আহি চাইকেলখনৰ কাষ পায়।দুপৰৰ বেলিটোৱে সেইখিনি সময়ত চোতালৰ দূৱৰিখিনিতে গা ঘেলাই আবেলিৰ ফালে বাগৰ সলাই। আগতেতো মানুহজনীয়ে এই সময়খিনিত নঙলা খুলি চোতাললৈ সোমাই অহা চাইকেলৰ টিলিঙাৰ শব্দটিলৈ অপেক্ষা কৰিছিল। এইখিনি সময় চাইকেলখনৰ কাষত ৰৈ থাকিও তেওঁ অনুভব কৰিব পাৰে মানুহজনৰ অস্তিত্ব। বাপুহঁতে পাহৰিলেও তেওঁ কিন্তু এতিয়াও ঠিকেই অনুভব কৰে চাইকেলখনৰ হেণ্ডেলডালত মানুহজনৰ হাতৰ গোন্ধ।

:”চা মা, এনেই তোৰ ইমানকৈ বিষৰ প্ৰব্লেম। তাতে আকৌ অকলে অকলে চিৰি নামি গৈ পুৰণি ঘৰটোৰ বাৰাণ্ডাত ঠিয় হৈ থাকিবলৈ কি দৰকাৰ তোৰ ক।কেতিয়াবা পৰি-হৰি কিবা অথন্তৰ ঘটিলে কি হ’ব ভাবচোন বাৰু! “

… আৰু অথন্তৰ নোহোৱাকৈ নাথাকে। বৰষুণীয়া দিন এটিত তেনেদৰে গৈ পুৰণি ঘৰৰ পিচল বাৰান্দাত উঠিবলৈ লওতেই পিচলি পৰি কেৱল বিচনা আৰু হুইল চেয়াৰেই সহায় হৈ পৰে মানুহজনীৰ।

ঘটনাটোৰ পাছত প্ৰথমতে অলপ খং কৰিছিল যদিও পুতেকহঁতক বা বোৱাৰীয়েক কোনেও অলপো অবহেলা  নকৰে তেওঁক। সিহঁতে বৰ আদৰ যতনেৰেই ৰাখে যদিও তেওঁৰ হে যেন দিন বোৰ শেষ নোহোৱা হৈ পৰে। ঘৰটোৰ ভিতৰতে চকালগা চকীখন থেলি ফুৰে যদিও চটফটাই থাকে মনে মনে এবাৰ ভৰি দুখনেৰে মাটি গচকি গৈ চাইকেলখনৰ কাষত ঠিয় হ’বলৈ। বৰ যেন অসহায় হৈ পৰে সেইখিনি সময়ত তেওঁ।

:”মা, সৰুৱে নতুন গাড়ী এখন লোৱাৰ কথা ভাবিছে। ভাবিছোঁ দুয়ো লগ লাগি পুৰণি ঘৰটোৰ কাষৰ ঠাইখিনিতে বহলকৈ এটা গেৰেজ বনাই ল’ম।” মানিলেও নামানিলেও যিকোনো কাম কৰাৰ আগতে মাকক জনোৱাটো যেন দায়িত্ব পুতেকহঁতৰ।

:” হ’ব দে। দুয়ো এতিয়া অফিচাৰ হলি,মোতকৈ জ্ঞান-বুধিৰে বহু ওপৰত। যি ভাল দেখ কৰ।কিন্তু মই জীয়াই থকালৈ পুৰণি ঘৰটোত..! “

:”একো নকৰো-একো নকৰো,তই সেইবোৰ চিন্তা নকৰিবি।কালিলৈ ইটা-বালিখিনি পুৰণি ঘৰটোৰ বাৰান্দাতে পেলাম বুলি ভাবিছোঁ। তই চাইকেলখনত বান্ধি থোৱা তলাটোৰ চাবিপাত দিবিচোন। মিস্ত্রিয়ে সেইখন তাত থাকিলে কাম কৰাত অসুবিধা পাব পাৰে। “

:”অঃ, সেইটোহে মোৰ মনত নপৰা হ’ল। কথাবোৰ বৰকৈ পাহৰা হ’লো নহয় আজিকালি। ক’ত জানো থ’লো চাবিটো।”

নাই মানুহজনীৰ মনত নপৰে চাবিপাতৰ কথা। ইফালে মানুহজনীৰ চকুৰ আঁৰত পুৰণি ঘৰটোৰ কাষতেই ইটা-বালিৰ এটা দ’মৰ সৃষ্টি হয়। পুৰণি হৈ সালোক ঢোলোক হৈ পৰা ঘৰটোৰ পিৰালিৰ খুটা, খহি উৱলি যোৱা ইকৰা খাগৰিৰ ওপৰত মাটি লেপা বেৰ, মামৰ লাগি ৰঙচুৱা বৰণ লোৱা টিনৰ চালি তৰপে তৰপে খুলি হামকুৰি খাই পৰি ৰৈছিল দ’মবোৰৰ ওচৰতে আৰু এটি নতুন দ’ম হৈ। আৰু চাইকেলখন বান্ধি থোৱা তাঁতৰ খুটাটো…সোঁৱে-বাঁৱে দুটা বলিষ্ঠ গোৰ মৰাত হালি পৰা খুটাটো একে টানে উঘালি পেলাই মিস্ত্রিৰ লগত অহা পালোৱান যেন যোগালিজনে।

স্বচক্ষে নেদেখিলেও মানুহজনীয়ে হুৰহুৰ- হাৰহাৰ ধুম-ধাম শব্দ বোৰ শুনি শুনি কিবা যেন অনুমান কৰি পেলাই। ‘আস্, চাইকেলখন আছেতো ঠিক ঠাইত’, চটফটাই উঠে মাটিত এৰি দিয়া জীয়া মাছএটিৰ দৰে। তাৰ পাছত নিজকে প্ৰবোধ দিয়াৰ দৰে মনে মনে ভাবি লয়, ‘থাকিব থাকিব। চাবি নোহোৱাকৈ চাইকেলখননো কেনেকৈ লৰচৰ হ’ব তাৰ পৰা, কিন্তু ধুলি বালিবোৰ! উঃ, কিমান দিন যে হ’ল চাইকেলখন চাফা নকৰা। আজি বাপুহঁত আহিলে কোনোবাটোক কৈ কালিলৈ নিশ্চয় চাফা কৰাব লাগিব চাইকেলখন। লাগিলে তাৰপৰা নি পুৰণি ঘৰটোতে সুমুৱাই থোৱাব লাগিব। ‘

বাহিৰত মিস্ত্রিয়ে কামকৰা কৰ্কশ শব্দ বোৰ যিমানেই শুনে সিমানেই অস্থিৰতা বাঢ়ি আহে মানুহজনীৰ। উঃ-আঃ কৈ থাকিলেও ক’বনো কাক। বোৱাৰীয়েক জনীও কেঁচুৱাকনৰ লগতেই ব্যস্ত।

 খিৰিকীৰে দেখাপোৱা এখিনিমান আকাশ, তাতেই তেওঁ অনুমান কৰে বেলি কিমান হ’ল। কিমান দিনযে হ’ল, এইখিনি সময়ত চাইকেলখন এবাৰ ওচৰৰ পৰা দেখা নোপোৱা, চুই নোচোৱা।আঃ, সময়ৰ লগত মানুহ ইমানো অসহায় হৈ পৰিব পাৰেনে। ল’ৰা-বোৱাৰী-নাতিৰে আগুৰি থাকিও এক অসহনীয় শূন্যতাৰ বোজা প্ৰতিটো পলকতে অনুভব কৰে তেওঁ আজিকালি।

‘নিজে যিদৰে নাথাকিলেও বৰবাপুক কৈ চাইকেলখন ভিতৰত থোৱাব লাগিব যেনেতেনে। ধূলি মাকতিৰে চাগৈ কি অৱস্থা হৈছে! লাগিলে তাক চাবিপাত… ‘ চটফটাই থাকি থাকি বেলি লহিয়াবৰ পৰত শুই পৰে মানুহজনী।

সন্ধ্যা বেলা বাপুহঁত আহি পোৱাত হুলস্থুল লাগে ঘৰখনত।খা-খবৰ কৰাত অঙহী বঙহী সকলো আহি গোট খায়।

:মানুহজনী যে ভাল আছিল, একেবাৰে নিকা মনৰ। সেই কাৰণে বৰ একো কষ্ট নাপালে।

:তাকেহে,কেইজনেনো এনেকুৱা মৰণ সাধি আহে। নিজে গমেই নাপালে কেতিয়ানো গুচি গ’ল।”

অজস্র কথাৰ টুকুৰা চিটিকি ফুৰে ঘৰখনত।

শুই থকাৰ ভাজতে কেতিয়া জানো মানুহজনী….

:”মতা মানুহ যে, কান্দিব নোৱাৰে সেইকাৰণে। সিহঁতেহে বুজিছে দেহি, কিমান দুখ!! ” বৰবাপু-সৰুবাপুক চাই মানুহে কয়।

কিন্তু সিহঁতৰ পেহীয়েক  দুজনী, বয়সত বৰ এটা সৰু ডাঙৰ নহ’লেও বৌৱেক নহৈ যেন আপোন মাককহে হেৰুৱাইছে; দুয়োজনীয়েই কাজ-কৰ্মৰ দিনকেইটা সেইখন ঘৰতেই বৌৱেকৰ কোঠাটোতেই মজিয়াত বিচনা পাৰি থাকিল।

:”ঐ,সেইটো চা বৌৰ যে ৰঙা গোলাপ অঁকা টিনৰ বাকচটো,ৰংটো অলপ পাতলিলেও এতিয়াও ইমান ধুনীয়াহৈ আছে।”

:”বৌ মানুহজনীয়েই তেনেকুৱা অ’, পুৰণি বস্তুকো যি যতনেৰে মচি-কচি ৰাখে, থাকিবই ভালে। দাদাৰ চাইকেলখননো কম মৰমেৰে ৰাখিছিলনে।জানো ইহঁতে কি কৰিলে সেইখন!মই হ’লে অহাৰে পৰা এবাৰো দেখা নাই।”

:”ইহ, বাপুহঁতৰনো ক’ত এতিয়া চাইকেলখনৰ কথা ভবা  সময় আছে হেৰ’।ঐ, বৌৰ বাকচটতো কি আছে চাওচোন আহ।”

এইকেইদিন মনে মগজে কেৱল বৌৱেকজনী ঘুৰি ফুৰা নন্দেকদুজনী উঠি গৈ টিনৰ বাকচটো থোৱা চাপৰ মেজখনৰ কাষতে বহি পৰে।

:”ঐ, চা। এইটা দাদাৰ  কলমটো এবাৰ যে মই চিয়াঁহী ভৰাই দিবলৈ গৈ গোটেই টেবুলখন নীলা কৰি পেলাইছিলো..

:”মনত আছে মোৰ। এইযোৰ দাদাৰ চচমা..

:”চচমাযোৰ বান্ধিথোৱা ৰুমালখনো দাদাৰে আছিল, বৌৱে তাঁতত বোৱা..

:”দাদাই বিয়াত দৰাহৈ পিন্ধি যোৱা চেলেং-চোলা, চা জাপে জাপে কেনেকৈ ফিচিকিছে…

:”দাদাই যে সেই ঘৰটোৰ নাম লিখিছিল, বৌৱে ৰং উৱলি যোৱা ফলিখনো কাগজেৰে বান্ধি ৰাখিছিল চাচোন বাৰু! “

দুয়োজনীয়ে চকুপানী মোহাৰি নাক উজাই আকৌ লিৰিকি বিদাৰি চাই থাকে বাকচৰ বস্তুবোৰ, যেন ককায়েক-বৌৱেক দুয়োৰে সাক্ষাৎহে পাইছে তাত।

:”ঐ, চা। বৌৰ ৰূপৰ আঙঠিটো আৰু থুৰীয়াজোৰ.. হুমম, বৌজনী আমাৰ আই আছিল অ’। বাকীবোৰ বস্তুটো আমাকেই দি দিছিল… ” ফেকুৰি উঠে সৰুজনী।

:”হয় অ’। ঐ এই ফটাকানিৰে বান্ধিথোৱা ৰঙা চিন দিয়া চাবিপাত চিনি পাইছ?” ডাঙৰজনীয়ে চকুপানী মোহাৰি কয়।

:”কিয় নাপাম বাৰু, আমাৰ পুৰণি ঘৰটোত যে শিকলিলগাই দুৱাৰত তলা লগাইছিল, সেই তলাটোৰ চাবি আকৌ।তলাটোতো নাই, কিন্তু চাবিপাত ইয়াত বা কিয় এনেকৈ ৰাখিছিল বৌৱে! “

বাপুহঁতে বুঢ়ী মাকে কৰবাত থৈ পাহৰা বুলি ভবা চাবিপাত পেহীয়েকহঁতে বিচাৰি পাইছিল যদিও তলাটোৱে শিকলি পিন্ধি চাইকেলখনত ওলমি তেতিয়া ক’ত আছিল গৈ কোনেও জনা নাছিল৷….

(সমাপ্ত)

ফোন- ৭৮৯৬৩৯৩২৩০

You might also like

Comments are closed, but trackbacks and pingbacks are open.