গল্প : ন-হন্যতে

30

যোগানন্দ মহন্ত  

“শ্বিলঙৰে গধূলি

সপোন চহৰৰ

মৰমী শৰতৰ

সোঁৱৰণি সোণালী

শ্বিলঙৰে গধূলি…”   (ডঃ ভূপেন হাজৰিকা)

 গুৱাহাটীৰ পৰা গৈ নংপো পাৰ হোৱাৰ পাছতে গাড়ীখনৰ মিউজিক্ চিষ্টেমত মই ড: ভূপেন হাজৰিকাৰ গানটো বজাই লৈছিলোঁ ! শ্বিলং…! মই যেন নিজেই নাজানো শ্বিলং আচলতে এখন ঠাই…নে প্ৰেমৰ এটা ধুনীয়া পাহাৰী-কবিতা…! প্ৰকৃতিৰো যে থাকে ইমান সুন্দৰ সাজোন-কাচোন…! শ্বিলং বুলি ক’লেই যেন মোৰ মনৰ কোনোবা একোণত ‘ক্ৰিচেন থিমাম যিমানেই ৰঙা মোৰ সোঁৱৰণিও সিমানেই ৰঙা’ বুলি গোৱা ভূপেন-দাৰ এই গীতটিও মনলৈ উজাই আহি এখন ফুলনি পাতে। ভাল-লগাবোৰ এজাক ধুনীয়া বৰষুণ হৈও মনৰ চোতালত মৰমতে বৰ সাৱধানেৰে টোপ টোপকৈহে সৰি ধেমালিৰে সাউৎকৈ আঁতৰি লৰো মাৰে… ! শ্বিলঙৰ পাহাৰবোৰ  ডাৱৰে আৱৰি ধৰাৰ দৰেই শ্বিলঙৰ অহা-যোৱা বাটত মোৰ মনটোক এই একা-বেঁকা বাটটোৱে কেনেবাকৈ অকণমান অকলশৰে পালেই আনন্দৰ অনুভৱ অলপ সৰহকৈ যাচিবলৈও মৰমতে বৰ অথালি-পথালি এখনো কৰি আগুৰি ধৰে…! মাজে-সময়ে হঠাতে হুৰমুৰকৈ ক’ৰবাৰ পৰা নভবাকৈয়ে আহি ওলোৱা ঘন কুঁৱলীখিনিয়েও মনৰ দুঃখবোৰো চাগৈ ঢাকোন মাৰি নিলগাই ধৰি ৰাখি সুখবোৰক অকলে নিৰলে উমলিবলৈ আবুৰো অকণ কৰি দিয়ে…!  মই চলাই অহা মোৰ মাৰুতি ৰিট্জ গাড়ীখনৰ এই মডেলটোৰ প্ৰডাক্সন কোম্পানীয়ে ইতিমধ্যে কোন কেতিয়াবাই বন্ধ কৰি দিছে…। কিন্তু আকাশৰ বগা-ডাৱৰে মোৰ গাড়ীখনৰ শুভ্ৰ ৰংটোৰ সৈতে এতিয়াও সুখৰ সুন্দৰ  সমীকৰণ এটা পতা দেখিলে মোৰ মনলৈ নতুন এটা উচাহৰ ঢল আজিও বাগৰি বাগৰি আহে…! নিজৰ পত্নীজনীক পুৰণি কৰিবলৈ মন নোযোৱাৰ নিচিনা মন এটা মোৰ গাড়ীখনৰ বাবেও চাগৈ মই সদায় কঢ়িয়াই লৈ ফুৰিছোঁ। সেয়েহে গাড়ীখন মোৰ অনুভৱত আজিও কিবা এক নতুন নতুন …। যেন সুকণ্ঠী গায়িকা অনিমা ভট্টাচাৰ্য্যই গোৱা সেই  …’আজি মোৰ তোমাক দেখোন নতুন নতুন লাগিছে…’ গানৰ কলিটোৱেহে আহি মোৰ অনুভৱত দলিচা পাৰি বহে…! অৱশ্যে  মই  ভালকৈয়ে বুজি পাওঁ যে মানুহৰ হৃদয়ৰো কিছুমান ‘মডেল’ ক’ব নোৱৰাকৈয়ে কেতিয়াবা কিবাকিবি কাৰণত সলনি হয়..বা নিজে নিজেও নিজৰ হৃদয়ৰ মডেল মানুহে সলনি কৰিবলৈ বাধ্য হয়…! প্ৰেমৰ ঘনত্ব জুখি চাবলৈকো লেক্টোমিটাৰৰ নিচিনা কোনো হৃদয়-মিটাৰ বা আবেগ-মিটাৰ বজাৰত আজিলৈকে ওলোৱাৰ কথাও মই শুনা নাই…! ত্ৰিকোণোমিতিয়েও প্ৰেমৰ উচ্চতা জুখি চাব নোৱাৰে, নোৱাৰে দুখন হৃদয়ৰ মাজৰ দূৰত্বখিনিও জুখি উলিয়াব…। গতিকে প্ৰেমিক প্ৰেমিকাই পতা প্ৰেমৰ শাস্ত্ৰ-সন্মত কথা-বতৰাবোৰতো ‘চাইন্ থিতা’  ‘কচ্ থিতা’ ‘পাৰপেন্দিকুলাৰ’ ‘হাইপ’টেনিচ্’ জাতীয় শব্দ বা কথাবোৰেও সমূলি ঠাই নাপায়…!  এই অসংলগ্ন কথাবোৰকে ভাবি ভাবি শ্বিলঙৰ ৰাস্তাত গাড়ীখন অকলে অকলে চলাই যাবলৈ মোৰ কিবা এটা বৰ ভালো লাগে…। শ্বিলঙৰ পাহাৰৰ পৰা জিৰি-জিৰি, কুলু-কুলুকৈ নাচি-বাগি নমা অসংখ্য সৰু-বৰ নিজৰা, জলপ্ৰপাতৰ দৰে মোৰ মনলৈও বিভিন্ন  কথাবোৰৰ এটা সোঁত নামি আহি আহি যেন হৃদয় ভৰাই তোলে…! গুৱাহাটীৰ পৰা যোৱা একাবেঁকা পথটোৱে নংপো পাৰ হোৱাৰ পাছতে মেঘৰ আলয় অভিমুখী যাত্ৰীবোৰৰ মনলৈ অনা শ্বিলং শ্বিলং অনুভৱখিনিৰ লগতে যেন মনবোৰ সেউজীয়াৰ পৰা ক্ৰমাত আৰু ঘন-সেউজীয়া কৰে…। মনবোৰলৈ মেঘৰ  কোমল আবেশ আনে…!

উত্তৰ পূব পাৰ্বত্য বিশ্ববিদ্যালয়ত  সহপাঠী অনিন্দ্যই চাকৰিটো পাওঁতেই সি মোক তাহানিতেই কৈ থৈছিল…’মন গ’লেই তই দুদিনমান সৰহকৈ থকাকৈয়ে শ্বিলঙলৈ মাজে-সময়ে গুচি আহিবি । এতিয়া শ্বিলংখন অকল মোৰে নহয়…মোৰ লগতে শ্বিলংখন তোৰো একদম নিজৰেই হ’ল…!

অনিন্দ্যৰ সৈতেই প্ৰথম শ্বিলঙলৈ অহা দিনটো মোৰ আজিও মনত আছে। ক্লাছ-টুৱেলভৰ ছাত্ৰ আছিলোঁ দুয়োটাই…! এম.ইউ. এন(MUN) …অৰ্থাৎ মডেল ইউনাইটেড্ নেশ্বনৰ এটা অনুষ্ঠানত অংশ ল’বলৈ আহিছিলোঁ আমি …। অনিন্দ্যৰ সৈতে পতা কথা-বতৰাবোৰৰ মাজত সেইদিনবোৰত ইউনাইটেড্ নেশ্বন, ইউনাটেড্ ষ্টেটচ্,  ইউনাইটেড্ কিংদম, সুন্দৰী লেডী ডায়েনাৰ কথাও ওলাইছিল। লেডী ডায়েনাৰ কাৰ-ক্ৰেশ্ব্, পেৰিচ, প্ৰেম আদি কথাবোৰৰ সৰু সৰু আলোচনা চলিছিল যদিও কথাবোৰৰ আলোচনাত আমাৰ সেই বয়সতো কিবা এক সম্ভ্ৰমেই লুকাই আছিল মনটোৰ ভিতৰত…! ঠিক এনেকুৱা সম্ভ্ৰমখিনিকেই বুকুত বান্ধি, লৈ ফুৰি ফুৰি দিনবোৰ অতিবাহিত কৰিয়েই এদিন ছাত্ৰ-জীৱনৰ অন্ত পেলাই দুয়োটাই দুফালে দুখন শিক্ষানুষ্ঠানত শিক্ষকতাৰ দৰে গুৰু-গহীন দায়িত্বৰে অন্য এক জীৱনৰ পাতনি মেলিব পৰাও হৈছিলোঁ! মই ৰৈ গৈছিলোঁ অসমৰ এখন মহাবিদ্যালয়ত…যিখন পৰৱৰ্তী সময়ত গৈ বিশ্ববিদ্যালয় হৈছিল আৰু অনিন্দ্য গৈ পাইছিল শ্বিলঙৰ বিশ্ববিদ্যালয়খন। প্ৰেমৰ ক্ষেত্ৰখনত বিচৰণৰ বাবে বুকুত অপাৰ সংযম তেতিয়াও বৰ্তিয়েই আছিল। হৃদয়ত প্ৰেম আছিল…কিন্তু পেৰিচ বা কোনোবা সাগৰৰ পাৰত গৈ বিলাই দিব পৰাকৈ প্ৰেম ইমান সৰহীয়াও নাছিল…নিজেও চাগৈ বৰ সাহসী নাছিলোঁ…। শিক্ষক  হিচাপে প্ৰথম দৃষ্টিতে কলেজখনৰ শ্ৰেণী-কোঠাবোৰো অধিক কিবা সংযত সংযত যেন বোধ হৈছিল মোৰ…! বোধকৰো দৃষ্টি প্ৰক্ষেপণৰ স্থান সলনিয়েও কেতিয়াবা কিবাকিবিক অলপ বেলেগ কিবাকিবি যেন কৰে। ইমান বছৰে পঢ়ি অহা সেই একেই ধৰনৰ সেই একেই  আৰ্হিৰ শ্ৰেণীকোঠাবোৰত নিজেই পঢ়াবলৈ যাওঁতে দেখা পৰিবেশে যেন নিজৰ মনটোত সম্পূৰ্ণ এক ভিন্ন ৰূপত আহি ধৰা দিছিলহি !  ছাত্ৰ-জীৱনত নিজে শাসিত যেন বোধ হোৱা শ্ৰেণীকোঠাৰ পৰিবেশটো শাসক শিক্ষকৰ বাবে এখন বেলেগ অনুভৱৰ ৰাজ্য আছিল । তাৰ ঠিক সমানেই মই শিক্ষক হিচাপে পদাৰ্পণ কৰা এখন বেলেগ ৰাজ্য আছিল মহাবিদ্যালয়খনৰ ‘টিচাৰ্ছ কমন-ৰূম’ অথবা শিক্ষকৰ জিৰণি-কোঠাৰ পৰিবেশটো। শ্ৰেণীকোঠাত পাঠদান সামৰি আহি একেলগে অবিদ্যায়তনিক আৰু বিদ্যায়তনিক কথাৰ মহলামৰা ভিন্ন বয়সৰ শিক্ষক-সকল, শিক্ষয়িত্ৰী-সকল যেন ডবা-খেলৰ অন্তত একেটা বাকচত একাকাৰ হৈ পৰি জিৰণি লোৱা ‘কিং-কুইন-বিচপ’ আছিল ! যেন কাৰো মাজত কোনেও একো বিশেষ ব্যৱধানেই ৰাখিবলৈ কেতিয়াও সন্মতেই নাছিল ! কথাৰ মাজতো যেন কিবা-কিবিবোৰত উলঙ্ঘন হ’বপৰা ধৰণৰ সীমাৰেখাবোৰো আগতীয়াকৈয়ে মাজে-সময়ে কোনোবাই মচিয়েই থৈ লৈছিল…! প্ৰেমৰ নিচিনা অতি ‘ডেলিকেট্’ কথাবোৰৰ আলোচনাও হৈছিল…কিন্তু কিছু মৃদু মৃদু ভাৱ আৰু মাৰ্জিত ভাষাৰে…একদম অতিমাত্ৰা-সংসদীয় অভিধাৰে…! মনলৈ এটা ভাৱ আহিছিল… ‘প্ৰেম বোলা পৰিঘটনাটোৰ উজ্জীৱন যদি সঁচাকৈয়ে আমাৰ হৃদয়-ৰাজ্যত  হয়…তেন্তে সেই হৃদয়-ৰাজ্য বা দেশখনৰ শাসন-প্ৰশাসনৰ বাবেও অদৃশ্যমান সংসদ বা সদনজাতীয় কিবা এখনো নিশ্চয়কৈ অন্তৰৰ কোনোবা কোণত বৰ্তি থাকেই থাকে… ! সেইখন সদনো অৱশ্যেই  পখিলা পাখিৰ মৃদু-পৱন আৰু মৌ-মাখিৰ মধুগুঞ্জণেৰে গুঞ্জৰিত সদন ! ধুনীয়া-মৰমলগা ছোৱালীবোৰেই চাগৈ যুগে যগে  সেইখন সদনৰ ট্ৰেজাৰি-বেঞ্চত বহে…!”

ধুনীয়া ছোৱালীৰ সংজ্ঞাৰে সংজ্ঞায়িত  পংখী নামৰ এজনী বেচ্ ধুনীয়া ছোৱালী মোৰ জীৱনলৈ আহি এদিন মোৰ জীৱন-সঙ্গিনীও হ’ল… । কবিৰ ভাষাত ‘তাইৰ পাৰভঙা যৌৱনৰ নৃত্যৰতা দেহ-বল্লৰীয়ে’ হৃদয় হেনো আন বহুতৰেই কঁপাইছিল…! আজিও হয়তো কঁপায়…! এজনী ছোৱালীৰ বুকুৰ যৌৱনৰ প্ৰাচুৰ্যই কেতিয়াবা আন বহুতৰে জীৱনৰ বাটত প্ৰেমৰ দৰে চীৰিয়াছ কথা-বতৰাবোৰ নিজৰ ৰুচি অভিৰুচিমতে  ভাবিবলৈ কেৱল অৱকাশ নিদিয়াই নহয়…হয়তো  চাঁট মাৰি ধৰা কিবা এক বিদ্যুত্-ক্ষিপ্ৰ চমকে  গৈ হৃদয়কো খুন্দিয়াই খুন্দিয়াই অৱস-অলস অনুভৱেৰে কিবা এক অৰ্থত বিকলো কৰে…!  নিশাৰ ৰাজপথত সমুখৰ পৰা অহা বাহনৰ জেনন বা হেল’জেন হে’ডলাইটৰ পোহৰত দূৰলৈ একোকে অনুমান কৰিব নোৱৰা…নমনা পোহৰ-আন্ধাৰখিনিৰ দৰে কেতিয়াবা এগৰাকী নাৰীৰ উচ্ছল যৌৱনৰ জেনন-হে’লজেনেও এখন হৃদয়ৰ সঠিক অনুমান কৰিবলৈ অকণমানো সুযোগৰ অৱকাশ নিদিয়াকৈ বহুতকে আন্ধাৰ কৰি ধৰে…! পংখীক যেতিয়া মই লগ পাইছিলোঁ…তেতিয়া ময়ো পংখীৰ সিপাৰে আচলতে আৰু একোকে দেখা নোপোৱা হৈছিলোঁ…চকুৰে নমনা হৈছিলোঁ…! মই নিজৰেই গতি স্তব্ধ কৰি চাগৈ মোৰ নিজৰ জীৱন আৰু আদৰ্শৰ বাট বুলি ইমানদিনে ভবা প্ৰেমৰ সেই নিজৰ ভগা মথাউৰিটোৰে কোনোবা এডোখৰত উপায়হীন হৈ বাওঁ-কাষত ৰৈয়েই দিছিলোঁ…! হয়তো অপেক্ষাই কৰিছিলোঁ। প্ৰেম বুলি ভবা যৌৱনৰ ধুমুহাৰ সময়ত এনেকুৱা অপেক্ষাৰো চাগৈ অন্য এটা নাম কাৰোবাৰ বাবে কেতিয়াবা সঁহাৰি হৈয়েই ধৰা দিয়ে…! যৌৱনত কাৰোবালৈ কৰা কিছুমান অপেক্ষায়ো হেনো অকণমানকৈ হ’লেও প্ৰেম উন্মেষৰে সংকেত দিয়ে…হৃদয় সমৰ্পণৰ বাবে সাজু হৈ থকাৰ কথাই চাগৈ বুজায়…!

পংখীক যে মোৰ ভাল লাগিছিল…আৰু সেয়া প্ৰথমে কেনেকৈ ভাল লাগিছিল মই বহুতদিনলৈ বিচাৰিয়েই উলিয়াব পৰা নাছিলোঁ…নে বিচাৰিয়েই চোৱা নাছিলোঁ নাজানো…! তেতিয়ালৈ ‘কাৰণবোৰ’ বিচাৰি চলাথ কৰি চাগৈ একো লাভো নাছিল। হামখুৰি খাই পৰাৰ পাছত আকৌ কাৰণৰ বিশ্লেষণ কৰিয়েই বা লাভ ক’ত…! কোনোবাই কৈছিল…’নভবাকৈ হ’লেও যদি দ-পানীত পৰিলাই…তেন্তে তুমি প্ৰথমে চোৱাঁ সাঁতুৰিব পাৰিছানে নাই…! পৰি যোৱাৰ কাৰণ বিশ্লেষণৰ কথা তেতিয়া ভাবিবলৈ যোৱাটো মুৰ্খামি মাত্ৰ…!’ অন্য কোনোবাই  হাঁহি হাঁহি  কৈছিল…’ হয় হয়…কলেজ-বিশ্ববিদ্যালয়ত কলিজাৰো কেম্পাচ্ ৰিক্ৰুইটমেণ্ট/প্লেচমেণ্ট হয়…এয়া আজিৰ কথা নহয়, আগতেও হয়…!’

গুৱাহাটীৰ সন্দিকৈ কলেজক লৈ লিখা গল্প-উপন্যাস-কবিতা ময়ো পঢ়িছোঁ। নবীন বৰুৱাদেৱে লিখা অসমীয়া ভাষাৰ প্ৰথমখন কেম্পাচ উপন্যাস ‘কটন কলেজ’ , অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ ‘নাহৰৰ নিৰিবিলি ছাঁ’ আৰু প্ৰণৱ শৰ্মাৰ ‘মেডিকেল কলেজ’, হিৰণ্য কাশ্যপৰ ‘সীমান্ত’ কোন কাহানিবাই পঢ়ি ময়ো শেষ কৰিছোঁ ! কিন্তু মই মোৰ নিজৰ জীৱনৰো কেম্পাচ-উপন্যাস এখন নিজেই সৃষ্টি কৰিম বুলি ভাবি অসম তথা চহৰখনৰ ঐতিহ্যমণ্ডিত মহাবিদ্যালয়ৰ বিশাল চৌহদটোৰ পদুম-ফুলা পুখুৰীটোৰ পাৰৰ জোনাকৰ ছাঁত ৰৈ জোনাকী পৰুৱাবোৰ চাই চাই, গণি গণি আপোনপাহৰা হোৱা পৰত এই কথাবোৰ কেতিয়াও ভবা নাছিলোঁ। ভাল অৱশ্যেই লাগিছিল। ভাল পাবলৈও চাগৈ মই ইয়াতেই আৰম্ভ কৰিছিলোঁ। ভালপোৱা আৰু প্ৰেম সম্পূৰ্ণ  একে কেতিয়াও নিশ্চয় নহয়…! ভালপোৱা, ভাললগা আদিবোৰ চাগৈ প্ৰেমৰে প্ৰথম অংকুৰিত বীজহে মাত্ৰ…! ভবিষ্যত্ প্ৰেমৰ নজনা নুবুজা কল্পনাৰে হৃদয়ত হেনো প্ৰথমে এই ভালপোৱাৰে অংকুৰণ হয়…! সেয়াই চাগৈ প্ৰেমৰো ভ্ৰুণ ! এই ভালপোৱাই গৈ সময়ত এক জনা-নজনা, বুজা-নুবুজা এক প্ৰেমলৈ উত্তৰণ হয়…! ভাল-লগা ভালপোৱাবোৰৰ প্ৰাপ্ত-বয়স্ক বা পৰিপূৰ্ণ  অৱস্থাই চাগৈ প্ৰেম…! এদিন অনিন্দ্যয়ো কৈছিল…’বুজিছ… প্ৰেম হ’ল মৰম স্নেহ বা ভালপোৱাতকৈও কিছু বেছি আবেগকেন্দ্ৰিক, মানবিক  অনুভূতি, অনুৰাগ, ভাললগা, ভক্তি আৰু প্ৰীতি জাতীয় উপাদানৰ সমিলমিলৰ এক শক্তিশালী বহিঃপ্ৰকাশ।’

পত্নী পংখীৰ কথাবোৰ কোৱাৰ লগতে চাগৈ মই নয়নাৰ কথাও অলপ কৈ ল’বই লাগিব…! কলেজত নয়না মোৰে সহকৰ্মী  আছিল। তাইৰ দেহৰ ৰংটো অকণমানো উজ্জ্বল নাছিল। কিন্তু এটা সুস্থ দেহত এটা ধুনীয়া মন কঢ়িয়াই লৈ ফুৰিছিল নয়নাই। অকল ধুনীয়া মন এটাৰ বাবেই মানুহক ধুনীয়া দেখিব পৰা মানুহেইবা এইখন পৃথিৱীত কিমান আছে ! মই নিজেও জানো তেনেকুৱা  সাংঘাতিক মানৱতাবাদী…মানৱদৰদী হ’ব পাৰিছোঁ…! নাই পৰা…! কিন্তু নয়নাৰ এই শাৰীৰিক অৱয়বটোৰ যেনিবা এটাই সুবিধা আছিল যে কোনোবা পুৰুষে নয়নাৰ কাষত ঘণ্টাৰ পাছত ঘণ্টা কথা-পাতি পাৰ কৰিলেও  ৰাতি সপোনত নয়নাৰ মুখখন বা দেহাৰ ভাঁজবোৰৰ কোনোবা এটা অংশ কোনোবা পুৰুষে দেখিব বুলি সেই পুৰুষসকলে নিজেও নাভাবে বা তেওঁলোকৰ কোনো এগৰাকী পত্নীয়েও কেতিয়াও কোনো কাৰণত ঈৰ্ষা বা শংকাত ভোগাৰ সামান্যতমো ভয়  নাথাকে…। নয়নাৰ কথা ভাবিলেই মোৰ সদায় আমাৰ  ‘ওলোম-ককা’জনলৈ মনত পৰে ।  …তাহানি আমাৰ ঘৰখনলৈ আমি ‘ওলোম ককা’ বুলিয়েই জনা এজন বৰ ধৰ্মপৰায়ণ ককা প্ৰায়েই আহিছিল…। ‘ওলোম-ককা’…ওখ আৰু গাৰ অনুজ্জল ৰংটোৰ সৈতে তেনেই শীৰ্ণ চেহেৰাৰ আছিল। কাণেৰেও বৰ কমকৈহে শুনিছিল। এই ককাজনৰ সমানে সমানেই যেন ককাজনৰ চাইকেলখনৰো চেহেৰা সেই একেই জীৰ্ণ-শীৰ্ণ আছিল। চাইকেলখনৰ বাজিবলৈ নাছিল বে’লটো, ৰখাবলৈ নাছিল ষ্টেণ্ড্-ডাল …।  ‘ওলোম-ককা’ৰ সেইটো চেহেৰাৰ সেই বিশেষ চাইকেলখন কোনোবাই লৈ যোৱাৰ অকণমানো ভয় নাছিলেই বাবে চাইকেলখনতো নাছিলে লক্ বা তলাটোও।  মই জানো, নয়নাৰ নিজৰো শৰীৰ, চেহেৰা আদি এইবোৰ কথালৈ কেতিয়াও কোনো ভ্ৰুক্ষেপেই নাছিল। কাৰোবাৰ হৃদয়ৰ কাষত অকণমান বিশ্ৰাম লওঁ বুলি ভাবি ৰ’বলৈ চাগৈ নিজেও ‘ষ্টেণ্ড্’ এডালৰ প্ৰয়োজনীয়তা কেতিয়াও অনুভৱ কৰা নাছিল! আঁউজি দিয়াৰ সাহ বা ইচ্ছা বহুতৰে নাথাকে। শৰীৰ এটাত থকা ভৰপূৰ যৌৱনো চাগৈ কাৰোবাৰ বাবে বিলাসিতাও ! ইফালে পংখীৰ লগত মোৰ নামটো কিবাকিবি প্ৰকাৰে লাহে লাহে অধিক  সংযুক্ত হোৱাৰ পাছত, কেৱল পংখীৰ যৌৱনৰ ৰূপ-সৌন্দৰ্যৰ তীব্ৰতাৰ প্ৰভাৱতে মই মানুহটো আনৰ চকুত পংখীৰ বাদে এইবোৰ বা এনেজাতীয় অন্য নাৰী সংক্ৰান্তীয় চৰ্চাৰ আওঁতাত ভুলক্ৰমেও একেবাৰেই  নপৰোঁ বুলিয়েই যেন সকলোৱে ধাৰণা এটা কঢ়িয়াই লৈ ফুৰিছিলে…! হয়তো ভাবিছিল পংখীৰ দৰে ইমান ধুনীয়া ছোৱালী এজনীৰ লাইফ-জেকেট্ হৃদয়ত পিন্ধি লোৱাৰ পাছত নয়নাৰ নিচিনা সৰু জান-জুৰি নালাগে…সাগৰতো চাগৈ মই ডুবিম বুলি কোনেও আশংকা কৰা নাছিল। তথাপি কিন্তু নয়নাৰ মাজত মই সদায়েই মনেৰে কিবা এটা কুৰুকি কুৰুকি বিচাৰি ফুৰিছিলোঁ আৰু নয়নাৰ মাজত বিশেষ  কিবা এটা থকাৰ অনুভৱ কৰিছিলোঁ…। যেন  নয়নাই গম নোপোৱাকৈয়ে মোৰ মনৰ মাজত সৰু কিবা এটা জুৰি বৈহে আছিলে।

পংখী মোৰ ছাত্ৰী আছিল। পংখীক মই কলেজত পঢ়াবলৈ বুলি তিনিটা বছৰো সম্পূৰ্ণকৈ পোৱা নাছিলোঁ। কিন্তু ক’ব নোৱৰাকৈয়ে ভিতৰি ভিতৰি পংখীৰ লগত  কিবা এটা সম্পৰ্ক গঢ়ি উঠা যেন লগাৰ পাছত মই নিজেই গম পাইছিলোঁ  এই সম্পৰ্কটোৰ মাজত অসম্পূৰ্ণ বুলিবলৈ দেখোন বাকী আৰু একোৱেই নৰৈছিলগৈ…! বাৰিষাৰ বানে ধোৱা হৃদয় যেন পলসুৱা হৈছিল…পলসেৰে পূৰ্ণও হৈছিল। মোৰে সহকৰ্মী অধ্যাপিকায়ো নিসংকোচে ক’ব পৰা হৈছিল…’ …যাওক যাওক, মাৰ্চত ডিগ্ৰি-ফাইনেল পৰীক্ষাবোৰ হ’বই দেখোন…! ৰিজাল্টৰ পাছত যদি বাহিৰৰ কোনোবা ইউনিভাৰ্চিটিত পি.জি. কৰিবলৈ গুচি যায়…চকুৰো আঁতৰ বহুত দূৰলৈকে আৰু বহুত দিনলৈকে হ’ব…!’ –মই মাত্ৰ হাঁহি এটা মাৰি সঁহাৰি দিছিলোঁ। লৰা-লৰিকৈ ক্লাছলৈ গৈছিলোঁ। জনাবোৰে তেতিয়া  বেচ্ মুকলিকৈয়ে আৰু ভালকৈয়ে জানে…যে সেইটো পিৰিয়ডত মোৰ পংখীহঁতৰ ক্লাছটোৱেই ল’বলগীয়া থাকে…।  কিছুমান ছোৱালীৰ দেহ, ৰূপ, সৌন্দৰ্যত এনেকুৱা পূৰ্ণতা আৰু উজ্জ্বলতা থাকে যে…কলেজৰ ইমানবোৰ ছোৱালীৰ মাজত মিলি গৈ লুকাই থাকোঁ বুলিলেও কোনোপধ্যেই  লুকাই যাব নোৱাৰে…! পংখীও লুকাব পৰা নাছিল…তাই হেৰাব পৰাৰ কোনো উপায় নাছিল…। যেনেকৈ আকাশত ইমানবোৰ তৰাই আগুৰি থাকিলেও জোনবাইটোৰ লুকাই থাকিবলৈ কোনো উপায় নাথাকে…!

পংখীৰ লগত মোৰ সম্পৰ্কটো কেনেকৈ  আগবাঢ়িছিল, কেনেকৈ মোক মোৰ সহকৰ্মী শিক্ষক-শিক্ষয়িত্ৰীয়ে পংখীৰ নাম সাঙুৰি জোকাব পৰা হৈছিল, ডিপাৰ্টমেণ্টৰ হে’ড্  ডঃ অপৰ্ণা মেমৰ দৰে ধুনীয়া আৰু  শ্ৰদ্ধেয়া এগৰাকী মানুহেও কলেজৰ মেগাজিনখনৰ ইংলিচ্ চেক্সনটোৰ দায়িত্ব মোক দিয়াৰ পাছত লগত পংখীক ল’বলৈ কেনেকৈ জোৰ দি ক’ব পৰা হৈছিল, মই কথাবোৰ  ধৰিবই পৰা নাছিলোঁ।

পংখীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰাই সময়ত যেতিয়া পি.জি. শেষ কৰি ঘৰলৈকে গুচি আহিলে…তাৰ পাছত নতুনকৈ আমাৰ বেলেগ একো আৰম্ভ কৰিবলগা নাইবা বেলেগ কাৰো একো বিশেষ ভাবিব লগা নাছিল…বিলম্বৰো একো কথা নাছিল…। পংখীয়ে দূৰৈত চাকৰি পালেও কৰিবলৈ যাবলৈ একেবাৰে  বিচৰা নাছিল। পংখী আৰু মোৰ বাবে অপেক্ষাৰ তালিকাত একমাত্ৰ কাৰ্যসূচীটোৱেই যেন আছিল…কেৱল আমাৰ বিয়াখন…। বিয়াখন হৈছিল।  বিয়াৰ পাছলৈকে হোমৰ জুইকুৰা জ্বলি থকা নাছিল যদিও পংখীয়ে জুইকুৰাৰ সেই একেটা উত্তাপকে সাবটি লৈ থাকিবলৈহে যেন বৰ ভাল পাইছিল। ঘনকৈ উশাহ লোৱা সময়বোৰৰ মাজতে চাগৈ আমি একপ্ৰকাৰ ডুবি আছিলোঁ..!  পংখীয়েও যেন তাকেই বিচাৰিছিল…! পংখীলৈ চাকৰিৰ কিবাকিবি খবৰ আকৌ আহিছিল…। দূৰৈৰ চাকৰিৰ প্ৰসঙ্গত পংখী সাংঘাতিক  নাৰাজ হৈছিল…! দূৰলৈ কোনোপধ্যে নাযায়  যুগ্ম-জীৱনৰ ইমান মায়াসনা সময়বোৰ এৰি…! মোক বুজাইছিল …’বিবাহোত্তৰ সময়খিনিত কৌমাৰ্য সামৰি জীৱনে কল্পনাৰে দেৱলোকত বিচৰণ কৰা অনুভৱেৰে কেৱল কামনা আৰু বাসনাকে হৃদয়েৰে আৰাধনা কৰে…। দেহ আৰু মনেও কেৱল তৃপ্ত আৰু তৃপ্ত হ’বলৈহে বিচাৰে…। তুমি মোক বাৰে বাৰে  আঁতৰাই পঠিয়াবলৈ চেষ্টা নকৰিবা…!’ –পংখীৰ কথাবোৰ শুনিছিলোঁ…! পংখীৰ দেহ-মন তৃপ্ত হোৱা দিন এটা এই সময়খিনিৰ মাজত কিন্তু আহিল যেন মোৰ একেবাৰেই লগা নাছিল…! দিনবোৰ গৈ গৈ সপ্তাহ-মাহৰ বহুখিনি বাগৰিছিল ! মই লাহে লাহে মোৰ নিজকে যেন ক’ৰবাত ভালকৈ বুজনি দিবলৈ গৈও বিফল  হৈছিলোঁ…! সম্ভ্ৰম যেন উফৰি যাওঁ…যাওঁ… । পংখীক কিন্তু মই ভাল পায়েই আছিলোঁ…! ইয়াৰ মাজতে এদিন  নয়নাৰ লগত কলেজৰ কেণ্টিনত বহি চাহ খাইছিলোঁ। এয়া কোনো পূৰ্ব-পৰিকল্পিত বা আকাঙ্ক্ষাৰ সময় নাছিল। আমি বহা দুজনীয়া-টেবুলখনৰ কাষতে আকাশ-দেখা এখন খোলা খিৰিকী আছিল। নয়নাৰ সমুখত খিৰিকীখনৰ কাষত বহি মোৰ কিবা এক সাংঘাতিক সকাহ আৰু মুকলি অনুভৱ সেইদিনা যেন  বহুতদিনৰ পাছত মোৰ মনটোলৈ হুৰহুৰাই সোমাই আহিছিল…। নিজৰ উশাহবোৰ নিজৰ অনুভৱেৰেই কিবা এটা স্বাভাৱিক আৰু বৰ সুন্দৰ জোখ-মাখৰ কিবা এক আমেজ-ভৰা যেন  লাগিছিল…। সেইদিনা প্ৰথমবাৰৰ বাবে মোৰ মন গৈছিল যেন কলেজৰ পৰা ঘৰলৈ নগৈ মই অলপ সময় সেই তাহানিৰ ‘ওলোম-ককা’ৰ জৰাজীৰ্ণ চাইকেলখন চলাই মুকলি বতাহখিনি লৈ কোনোবা এটা মথাউৰিৰে বহুত দূৰলৈকে নিৰ্ভয়ে গৈ ফুৰি আহিবলৈ ভাল পাম…! কাৰণ মই জানিছিলোঁ…মোৰ মন গ’লেও মই নয়নাৰ সৈতে মথাউৰিত খোজ-কাঢ়ি ঘূৰি ফুৰিব নোৱাৰোঁ। পংখীৰ লাইফ-জেকেট পিন্ধা মানুহ নয়নাৰ লগত ফুৰিলে মানুহেই বা ভাবিব কি…!

নভবাকৈয়ে এদিন হঠাতে এটা খবৰ আহিছিল। প্ৰথমে খবৰটো মোলৈ  অনিন্দ্যই পঠিয়াইছিল। শ্বিলঙত মোৰ আগ্ৰহী বিষয় এটাৰে এখন  ৰাষ্ট্ৰীয় পৰ্যায়ৰ চেমিনাৰ্ আয়োজনৰ সবিশেষ সি খবৰটোৰে মোক জনাইছিল…। অনিন্দ্যক মই আমাৰ বিয়াৰ পাছত তেনেকৈ বৰকৈ লগেই পোৱা নাছিলোঁ। বহুদিন দুয়োটাই কোনো আড্ডা দিয়াৰো সুযোগ পোৱা নাছিলোঁ। গতিকে শ্বিলঙলৈ যাম বুলিয়েই ঠিক কৰিছিলোঁ। পংখীও সেইকেইদিনতে গুৱাহাটীলৈ যোৱাৰ কাৰণ এটা ওলায়েই আছিল। ইউনিভাৰ্ছিটি হোষ্টেলৰ কিবা এলোমেনাই মীট্ ! গতিকে কথাবোৰো সকলোফালে কিবা এটা মিলিও গৈছিল। নিজৰ গাড়ীখন লৈয়ে শ্বিলঙলৈ যাম বুলি ঠিক কৰিছিলোঁ। দীঘলীয়া যাত্ৰাটোৰ আগদিনা ৰাতি অলপ ভাল টোপনিৰ কথা মনতে ভাবি চাগৈ মই আশা এটাও সংগোপনে কৰি আছিলোঁ…! পংখীয়ে চাগৈ তেনেকুৱা কথা ভুলতো একেবাৰেই ভবা নাছিল…! জানিছিলোঁ নভাবাটোৱেই স্বাভাবিক…! …পুৱতি নিশাৰ টোপনিও চিলিমিলকৈ  অকণমান সময়হে হৈছিল। মই নিজকে সৈমান কৰিছিলোঁ…! নিজকে বুজাইছিলোঁ…! আজিকালি ৰাতিটো অকল মোৰে  নহয়…অংশীদাৰিত্ব…অধিকাৰ আদি কথাবোৰ বিয়াৰ পাছত ইমান সহজে উলাই কৰি দিবও নোৱাৰি। এটা ৰাতিৰ দুটা শৰীৰ আৰু দুটা মন পৰস্পৰ নিৰ্ভৰশীল যদিও…বুজা নুবুজাৰো থাকে অগা-ডেৱা…! মানি লৈছিলোঁ…! পুৱাও সোনকালেই ওলাইছিলোঁ…। পংখীক গুৱাহাটীৰ মাহীয়েকজনীৰ ঘৰত নমাই মই আবেলি অকলে আৰম্ভ কৰিছিলোঁ মোৰ  শ্বিলং-যাত্ৰা… ! বহুত দিনৰ পাছত মোৰ গাড়ীখনে শ্বিলং পাহাৰলৈ বগাই ভালপোৱাৰ দৰে মোৰ মনটোৱেও যেন বগাই বগাই গৈ থাকি কিবা এটা বৰ ভাল পাইছিল…! অনিন্দ্য মোৰ সহপাঠী , ভাল বিশ্বস্ত বন্ধু ! মনৰ কথা ক’ব পাৰি। ক’ব পাৰি নয়নাৰ কথা, বৰ্ণনা কৰিব পাৰি পংখী আৰু মোৰ আনে নুবুজা কাহিনীবোৰৰো সৰু-ডাঙৰ সকলো কথা…! গমেই পোৱা নাছিলোঁ বৰাপানী কেতিয়ানো কেনেকৈ পাৰ হ’লোঁ। সন্ধিয়াৰ আগতেই গৈ মই অনিন্দ্য থকা ঠাইৰ শ্বিলংখনেই পালোঁগৈ।

অনিন্দ্যই মোলৈকে বাট চাই আছিল। আচলতে তাৰ একেবাৰে নিজৰ বা ঘৰৰ পৰিয়ালৰ কোনোবা আহিব বুলি বাট চাবলৈ কোনোৱেই নাছিল। ক’ভিডে মাক দেউতাক দুইজনকে প্ৰায় একেলগেই লৈ গৈছিল আৰু একমাত্ৰ সন্তান অনিন্দ্য অকলশৰীয়া হৈছিল। সি তাৰ নিজৰ বিয়া-বাৰু পাতি লগ-ভাগ আদি গোটোৱা সম্পৰ্কে একো কথাই নকৈছিল…আনে কিবা ক’লেও উৰুৱাই দিছিল…। কিন্তু আনৰ পাৰিবাৰিক সকলো কথা সমস্যাই যেন সি বৰ ভালকৈ বুজি পাইছিল…। অধ্যয়নো সি যথেষ্ট কৰিছিল। সন্ধিয়াৰ প্ৰায় আগে আগেই মই গৈ তাৰ কোৱাৰ্টাৰ পায়েই মনটো বৰ ভাল লাগি গৈছিল। লগতে দিনটোৰ দীঘলীয়া যাত্ৰাৰ শেষত স্বস্তি আৰু বৰ সকাহ অনুভৱ হৈছিল। ঠাণ্ডা বেছিকৈ  লাগি আহি আছিল। গৰমপানীৰে লৰা-লৰিকৈ মুখ আৰু হাত-ভৰি ধুই  ফ্ৰেছ্ হৈ দুয়োটা ভালকৈ দুখন বিচনাত বহি লৈছিলোঁ। বিভিন্ন  প্ৰসঙ্গৰ কথা পাতিবলৈ আৰম্ভ কৰিছিলোঁ। মাজতে মাত্ৰ ডিনাৰ্ বুলি প্ৰসঙ্গ সলনিৰ অকণমান ব্ৰে’ক্। ডিনাৰ্ শেষ কৰিও আকৌ সেই কথাকে পাতিছিলোঁ…। এইবোৰ কথাৰ মাজত যেনিবা আগৰদৰে এইবাৰ  ইউ.এন, ইউ.কে, লেডী ডায়েনা আৰু পেৰিচ অৱশ্যেই নাছিল…!

অনিন্দ্যৰ সমুখত কোনোবাই মুখখন মেলিলেই সি ভিতৰলৈকে সকলো দেখা পোৱা যেন মানুহ। গতিকে মই কৈছিলোঁ.. মোৰ আৰু পংখীৰ প্ৰায় সকলোবোৰ কথা।  আমাৰ সকলোফালেই থকা পৰিপূৰ্ণতাখিনিৰ কথা…সন্তুষ্টিৰ কথা…। পংখীৰ সৌন্দৰ্যৰ লগত অকণো তুলনাই কৰিব নোৱৰা অথচ ভাললগা মোৰ সহকৰ্মী নয়নাৰ কিছু কথাও…! নয়নাৰ কাষত ৰৈ মোৰ জিৰণি ল’বলৈ বিচৰা সেই মনটোৰো কিছু গোপন নিষিদ্ধ অথচ বুজি নোপোৱা যেন কথাও। অনিন্দ্যই বৰ ধৈৰ্যৰে কথাবোৰ শুনিছিলে। কথাবোৰ পাতি থাকোঁতেই ৰাতি প্ৰায় এক বাজি গৈছিল। শ্বিলঙত  ৰাতি এক বজা মানেই… সমস্ত শ্বিলং শীতৰ ঘন কুঁৱলীৰ মাজত গভীৰ নিদ্ৰাত…নীৰৱ…নিস্তব্ধ হৈ থকা …। হঠাতে মোৰ ফোনটো বাজি উঠিছিল…! পংখীৰ ফোন…! অভিমান…অভিযোগ…অনুযোগ…! পংখীৰ হেনো টোপনি অহা নাছিল…!  অহা নাছিল মানে…টোপনি নাহেই বুলি মোক একপ্ৰকাৰ জনাবলৈহে ফোনটো কৰিছিল…! পাছদিনা শ্বিলঙত কনফাৰেঞ্চ শেষ কৰি যিমান দেৰি হ’লেও গুৱাহাটীলৈ উভতি মাহীয়েকৰ ঘৰ পাবলৈকে মোক  কৈয়েই  আছিল…! বাৰে বাৰে যে কিমানবাৰ সেই একেটা কথাকে  কৈয়েই আছিল …’বুজিছা…মাহীহঁতৰ এইটো বৰ ডাঙৰ গেষ্ট ৰূম, এখন কিংচাইজৰ বিছনা আৰু তাত মাত্ৰ অকলে মই…! টোপনি আহে নেকি এনেকৈ ! মোৰ টোপনি নাহে…!’

মাজৰাতি এক বজাত অহা পংখীৰ ফোনটোৱে আমাৰ কথাবোৰ অনিন্দ্যৰ সমুখত বোধকৰো আৰু অলপ স্পষ্টকৈ মুকলি কৰিয়েই দিলে। ময়ো কথাখিনি আৰু অলপ বহলাই ক’লোঁ। অনিন্দ্যই কথাবোৰ বুজি পালে।  সি ক’লে…

‘তহঁত দুয়োটা জনা-বুজা আৰু আজিৰ শিক্ষা ব্যৱস্থাত সৰ্বোচ্চ শিক্ষাৰে শিক্ষিত দম্পতী…। তোক মই একো বুজোৱাৰ বা বহলাই কোৱাৰ দৰকাৰ নাই…। পংখীয়ে তোক বহুত ভাল পায়…! তই তাইৰ একেবাৰে কাষতে অনবৰতে থকাটো তাই বিচাৰে…! কিছুমানৰ এই clinginess বা কাষতে পোৱাৰ আসক্তিটো যথেষ্ট বেছি হয়…। আচলতে  ..Clinginess refers to a tendency to stay close to someone, often for emotional support or protection…etc.

অত্যধিক আঁকোৱালি  বা অত্যধিক আসক্তিৰ অৰ্থই হ’ল কাৰোবাৰ ওচৰত থকাৰ অতি-প্ৰৱণতা,  অতি-আৱেগিক সমৰ্থন বা সুৰক্ষাৰ বাবে অকলে থাকিবলৈ অনিচ্ছা। অত্যধিক মনোযোগ বিচৰা, বিচ্ছিন্ন হোৱাৰ উদ্বেগ, বা কোনো ব্যক্তি উপস্থিত নথকা সময়ত নিৰাপত্তাহীনতা অনুভৱ কৰা আদি বিভিন্ন ধৰণেও ইয়াৰ প্ৰকাশ হ’ব পাৰে…। কেতিয়াবা দুয়োজনৰে এই সমতাখিনি ৰক্ষাৰ ক্ষেত্ৰত বিফল হোৱা যায় বা অনুভূতিবোৰ বেলেঞ্চ নহয়…!  মোৰ নিজৰ দেউতাও এই সমস্যাত ভুগিছিল। দেউতাই লিখি যোৱা অপ্ৰকাশিত আত্মজীৱনীৰ ডায়েৰীৰ পাত মই দেউতাৰ মৃত্যুৰ পাছত মেলি চাই এই কথাবোৰৰ কিছু গম পাইছিলোঁ। সেয়া দেউতাৰ কলেজীয়া দিনৰে কথা। দেউতাৰ প্ৰেমত পৰিছিল দেউতাতকৈ জুনিয়ৰ একেই ইংৰাজী বিভাগৰ সহপাঠী এগৰাকী…! সেই তেখেতৰো অত্যধিক clinginess ৰ সমস্যাৰ বাবেই  দেউতা অসমৰ পৰা গৈ কলিকতাৰ যাদৱপুৰ বিশ্ববিদ্যালয় পাইছিলগৈ…! ভাবিছিল কিছুদিন আঁতৰি ভালদৰে পঢ়াশুনা কৰি সময়ত উভতি আহি আকৌ অসম পাবহি…! কিন্তু বাস্তৱত সেয়া নহ’ল। তাত গৈ চিনাকি হৈছিল তেতিয়া একেখন কলেজত পঢ়ি থকা এগৰাকী নিৰ্জু সহপাঠী-ছাত্ৰী…অৰ্থাৎ মোৰ মাৰ লগত। মোৰ মাক তই আগতেও দেখিছ…লগ পাইছ…! তেতিয়া পঢ়িথকা দিনৰ মা-জনীক তই তোৰ আজিৰ নয়নাৰ লগত বহুখিনিতে তুলনা কৰিব পাৰ। …আৰু যাক দেউতাই অসমত এৰি গৈছিল…তেওঁ তোৰ পংখীৰে যেন এক পূৰ্ব সংস্কৰণ ….!  দেখাত খুবেই সাংঘাতিক এগৰাকী সুন্দৰ নাৰী ! …আৰু তেওঁ কোন আছিল জান…?

: কোন ?

: .মিচ্ অপৰ্ণা…অৰ্থাৎ ড: অপৰ্ণা সেন…!  তহঁতৰ ডিপাৰ্টমেণ্টৰ হে’ড্….! ষাঠিৰ দুৱাৰডলিত থকা মে’ডামক মন কৰিছই চাগৈ আজিও যেন সেই একে অপৰূপাই…! মে’ডামৰ বিয়া কিন্তু নহ’ল…! দোষী চাগৈ মোৰ দেউতাই…!

: অনিন্দ্য …তই কি কৈছ এইবোৰ…!

: হয়…মই ঠিকেই কৈছোঁ । অকণমান ৰচোন বাৰু তই…।’

মোক ৰ’বলৈ কৈ অনিন্দ্যই দুকাপ গৰম গৰম কফি আনিছিল। ঠাণ্ডাও যথেষ্ট বাঢ়ি আহিছিল। বাহিৰত বৰষুণৰ শব্দ…। অনিন্দ্যই আৰম্ভ কৰিছিল…

” তই জানই শ্বিলঙত চেৰী ফুলবোৰ নৱেম্বৰত ফুলে…। তেতিয়া শ্বিলঙত চেৰী উৎসৱ পাতে…!  বৰষুণ আৰু শীতৰ প্ৰকোপ থাকিলে চেৰী ফুলবোৰ নুফুলে। তহঁতৰ জীৱনটো এতিয়ালৈকে কেৱল ভালপোৱাৰ বৰষুণ  আৰু শীতৰ কুঁৱলীৰ দৰে ভালপোৱাৰ ঘন উশাহেহে সময়বোৰ আগুৰি ধৰি আছে…।  মই দেখাত তহঁতৰ কোনো সমস্যা …প্ৰত্যাহ্বান নাই…বা তই বা পংখীয়ে কোনো প্ৰত্যাহ্বান ল’বও বিচৰা নাই…জীৱন সলনি কৰিব বিচৰা নাই…। গতিকে তহঁতৰ জীৱনতো চেৰী ফুলবোৰ ফুলাৰ আচলতে সুবিধা এটাই পোৱা নাই । বৰ্ষা আৰু শীতৰ মাজৰ এই ট্ৰেনজিচন্ পিৰিয়ডত  শ্বিলঙত চেৰীফুলবোৰ ফুলাৰ দৰে এটা ট্ৰেনজিচন পিৰিয়ড্ তহঁতে তহঁতৰ জীৱনৰ মাজলৈ আহিবলৈ দিবলৈ বিচৰা নাই …।  তই আৰু পংখী দুয়োটাই সুস্থ-সবল দেহ আৰু মনৰ অধিকাৰী দুটা মানুহ …। পংখী আৰু তোৰ ঘৰখনত অভাৱ বুলি কিবা এটা আগতেও নাছিল…আৰু আজিও নিশ্চিয়কৈ নাই…। তই নিজে কলেজত অধ্যাপনা কৰ, তোৰ নিজৰো এটা ভাল আৰ্থিক আৰু সন্মানীয় সামাজিক  স্থিতি আছে…। ভাল এটা মানসিকতা আছে। লগতে আকৌ তোৰ ব্যস্ততাও যথেষ্ট আছে …! তাৰ বিপৰীতে পংখীৰ হাতত অফুৰন্ত সময়, শক্তি, ৰূপ, সৌন্দৰ্য, মান, অভিমান আৰু অপেক্ষাৰ আমনি আছে…। তহঁত দুইটা একেই মনৰ মানুহ যদিও কিন্তু তহঁত দুইটাৰে মানসিক অৱস্থিতিৰ ‘লেভেল্’ এই সময়ত একদম ১০০% একেই উচ্চতাৰ নিশ্চয় নহয়…। তহঁত দুইটাৰে মাজত তহঁতৰ নিজৰে এই পৰম আকাঙ্ক্ষিত বিবাহিত জীৱনৰ দৈনন্দিন  মৰম-অনুশীলন বা সম্পৰ্কটোত সুন্দৰ ৰোমাঞ্চখিনিৰ অনুভৱ তোৰ বাবেও আছে, পংখীৰ বাবেও আছে …। কিন্তু পংখীৰ মনৰ ভিতৰত এই ৰোমাঞ্চখিনিয়েই  উত্তেজনাৰ এটা এটা স্ফুলিঙ্গ সদৃশ হৈ এতিয়াও অলপ বেছিয়েই জীৱন্ত হৈ আছে…আৰু সেয়া হয়তো থাকিবও…। বোধকৰো একদম সেইখিনিতে তই পংখীৰ মন আৰু ইচ্ছা আনিচ্ছাৰ সৈতে সমতা ৰক্ষা কৰাত অলপ হ’লেও ব্যৰ্থ নহ’লেও সাংঘাতিক সফল হোৱা নাই…আৰু তই কোৱাৰ দৰেই নয়নাৰ সৈতে কেণ্টিনত বহি চাহকাপ খাওঁতে বা নয়নাৰ সামান্য সান্নিধ্যতো তোৰ মনলৈ এক স্বস্তিৰ নিজৰা ক’ব নোৱৰাকৈয়ে বৈ আহে….। কলেজীয়া দিনত মাক লগ পোৱাৰ পাছত হয়তো দেউতাৰ মনলৈও কিবা এটা স্বস্তি এনেকৈ বৈ আহিছিল আৰু অপৰ্ণা মেমৰ প্ৰতি এটা ডাঙৰ অন্যায় হৈ গৈছিল…। এতিয়া এয়া তহঁত দুয়োটাই কথাবতৰা পাতি একান্ত ব্যক্তিগত বিচাৰ বিবেচনাৰে ভাবি ল’বি এবাৰ…পংখীয়ে এতিয়াই মাতৃত্ব বিচাৰে…নে অন্য কিবা ব্যস্ততা বিচাৰে…! অন্য কিবা বুলি কওঁতে মই  পংখীৰ বিদ্যায়তনিক ব্যস্ততাৰ পৰা আৰম্ভ কৰি চাকৰি বা মনে ভাল পোৱা অন্য যিকোনো ব্যস্ততাৰ কথাও কৈছোঁ। পংখীয়ে হয়তো বুজা নাই,…কিন্তু মোৰ অনুভৱত এয়া পংখীৰ বাবে এতিয়া এক অতি বিশেষ প্ৰয়োজন …! এটা ট্ৰেনজিচন পিৰিয়ড…অৰ্থাৎ ৰূপান্তৰৰ সময় এটা প্ৰকৃতি বা মানুহ সকলোৰে আচলতে থাকিব লাগেই…থাকেই…!

” ৰূপান্তৰেহে মাথোঁ

জগত ধুনীয়া কৰে

 এয়ে মোৰ

গায়ত্ৰী-মন্ত্ৰ ৷” তোৰ বা মোৰ কথা নহয়… মহান মনীষীৰে কথা দেখোন এয়া…!

কথাখিনি এবাৰ  তই নিজেও ভাবি চাবিচোন। কেতিয়াবা মই এই ‘জগত’ শব্দটোৰ ঠাইত ‘জীৱন’ শব্দটো মিলায়ো ভাবি চাওঁ…’ৰূপান্তৰেহে মাথোঁ জীৱন ধুনীয়া কৰে…!’  তহঁতৰ জীৱনতো  আচলতে এটা ৰূপান্তৰেই লাগে…!

ৱাল্ ক্লকটোলৈ চকু যোৱাত অনিন্দ্যই কথাবোৰ সামৰিবই বিচাৰিলে…। নিশা প্ৰায় দুই বাজিবৰ হৈছিল। মোৰ ফোনটো আকৌ বাজিছিল। ম’বাইল্ স্ক্ৰীণত পংখীৰ নামটো  জিলিকি উঠিছিল। মই অনিন্দ্যক কৈছিলোঁ…

‘অনিন্দ্য …বেয়া নাপাবি…! কালিলৈ কনফাৰেঞ্চ সোনকালে শেষ হ’লেও নহ’লেও মই গুৱাহাটীলৈ উভতিয়ে যামগৈ বুলি ভাবিছোঁ । বিয়াৰ পাছত পংখীক আচলতে ময়ো আজি প্ৰথমবাৰৰ বাবে ইমান দূৰত…ইমান  অকলে অকলে এৰি থৈ আহিছোঁ…। কথাবোৰ পাতি, কথাবোৰ ভাবি মোৰো আজি কিবা এটা বৰ বেয়া লাগিছে। কিছুমান  অনুভৱেৰে কাৰোবাক সঠিককৈ বুজিবলৈ, সম্পৰ্কটোৰ সামগ্ৰিক অংশীদাৰিত্বৰ দায়িত্বখিনি বুজি উঠিবলৈও কিজানি এটা দূৰত্বত অলপ সময়ৰ বাবে হ’লেও  অৱস্থান কৰাও কেতিয়াবা নিতান্তই প্ৰয়োজন হৈ উঠে…। আজি যেন মোৰো উপলব্ধি হৈছে তই কোৱা সেই ৰূপান্তৰৰ কথাবোৰেই… । তোক ধন্যবাদ বন্ধু …।’

অনিন্দ্যই বেছি পোহৰৰ লাইটতো নুমুৱাই দিছিল…আৰু মই পংখীৰ ফোনটো ৰিচিভ্ কৰি থাকিয়েই ডাঠ ব্লেংকেটখন ডিঙিৰ ওচৰলৈকে পাৰো মানে টানি লৈ বিচনাত দীঘল দি দিছিলোঁ…। এজনী সৰু ছোৱালীৰ দৰে পংখীলৈ মোৰ যেন নতুনকৈ মৰম লাগিছিল। দাম্পত্য-জীৱনৰ কিবা এটি নিচুকনিৰে পংখীক  অকণমানি শিশু এটিৰ দৰে মৰমেৰে কাষতে শুৱাই থৈ মোৰ গোটেই ৰাতি সাৰে থাকিবলৈ  মন গৈছিল। নিচুকনিয়ে শিশু-মন ওমলাই, ভৰাই তোলাৰ দৰে চাগৈ দাম্পত্য-জীৱনতো নিচুকনিয়ে হৃদয় ভৰাই তোলে, হৃদয় কোমলায় দিয়ে…! ….ড: অপৰ্ণা মেডামৰ অন্তৰতো চাগৈ প্ৰেমৰ এটা নীৰৱ সুঁতি বৈ আছিল…য’ত আৰু অন্য কোনোৱে আহি কেতিয়াও দখল দিব নোৱাৰিলে…! প্ৰেম এনেকৈ নীৰৱেও বৈ থাকে…বৈ বৈ জীয়াই থাকে…! নীৰৱতা মানেই যে  নিঃশেষ নহয়…! প্ৰেম হেৰাই নাযায়…নাইকিয়া হৈ নাযায়…! It does not die…! ন-হন্যতে…! মাত্ৰ হৃদয়ৰ কোঠালিৰ নামবোৰ বেলেগ বেলেগ হয়…মৈত্ৰেয়ী দেৱী…মিৰ্চা…নয়না..অপৰ্ণা...পংখী ইত্যাদি ইত্যাদি …! কিন্তু প্ৰেম ন-হন্যতে…! ন-হন্যতে…!

মোৰ টোপনি আহিছিল। এটা সপোন দেখিছিলোঁ…! শ্বিলং-পিকৰ পৰা অনিন্দ্য  আৰু নয়না হাতত ধৰা-ধৰি কৰি দুয়োটা একেলগে নামি আহিছিল…!  দুয়োটাই এবাৰ উভতি চাইছিল…! ড: অপৰ্ণা মেমে হাতখন জোকাৰি জোকাৰি দুয়োকে শুভেচ্ছা জনাইছিল…! ডাৱৰ আৰু কুঁৱলীৰ মাজত মিলনৰ এক যাত্ৰাপথেৰে আগুৱাই গৈ দু্য়োটা নেদেখা হৈ গৈছিল…।

You might also like

Comments are closed, but trackbacks and pingbacks are open.